সম্পাদকীয় – আগষ্ট, ২০১৫

সাধুকথাৰ বুকুতে হেনো চুটিগল্পৰ বীজ ৰোপণ হৈছিল সৌ তাহানিতে৷ ফৰিংফুটা জোনাকত সাধুকথাই যি মায়াজালৰ সৃষ্টি কৰিছিল তাত লৌকিক-অলৌকিক ঘটনাবোৰ জীৱন্ত হৈ উঠিছিল৷ গছ-লতা-তৰা-ফুলে হাঁহে-নাচে-কথা কয়, বাঘ-সিংহ-হাতী-ঘোঁৰাৰ পৰা আদি কৰি কোনোবা দূৰ বিদেশৰ ৰজা-মহাৰজা, পাত্ৰ-মন্ত্ৰী আমাৰ মাজৰে একোজন হৈ পৰে৷ সুখ-দুখ, হাঁহি-কান্দোন, জয়-পৰাজয়ৰ বৰ্ণনাই মানুহৰ কল্পনাপ্ৰৱণ মনটোক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে সময়ৰ অনুক্ৰমত আমাৰ চাৰিওফালে ঘটি থকা সৰু-বৰ ঘটনাৰাজিয়ে মানুহৰ মনত নতুন নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে সেই আশাই মানুহক ভাবিবলৈ বাধ্য কৰায়৷ যাৰ ফলশ্ৰুতিত সাহিত্যিকৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠে মানুহৰ আভ্যন্তৰীণ জগতৰ চিন্তাশীল মানসিকতা৷ সেই মানসিকতাত প্ৰতিফলিত হয় সময়ে দাবী কৰা সমাজৰ বিভিন্ন ঘটনাৱলী৷ অভিজ্ঞতাই শিকাই যোৱা জীৱনৰ পৰা সৰু-বৰ বিভিন্ন প্লট সংগ্ৰহ কৰি কবি, ঔপন্যাসিকৰ দৰে গল্পকাৰজনেও গল্প লিখে৷ বাস্তৱ জীৱনৰ বিভিন্ন চিত্ৰ কম পৰিসৰৰ মাজেদি এনেভাৱে উপস্থাপন কৰা হয় য’ত প্ৰতিফলিত হয় মানৱ জীৱনৰ একো একোটা দিশ, একো একোটা অধ্যায়৷ হঠাৎ আৰম্ভ হৈ অসমাপ্ত পৰিসমাপ্তিৰে পাঠকৰ মনত অতৃপ্তিৰ বাসনা জগাই উৎসুকতাৰে পূৰ্ণ মনটোত অলেখ প্ৰশ্নৰ বুৰবুৰণি তুলিব পৰাতেই গল্পকাৰ এজনৰ সাৰ্থকতা।

আধুনিক যুগৰ জীৱন-চেতনাক সজ্ঞান আৰু সুকৌশলেৰে প্ৰয়োগ কৰা এবিধ অভিনৱ সাহিত্য শৈলী হৈছে চুটিগল্প৷ চুটিগল্প স্বকীয় বৈশিষ্টপূৰ্ণ এবিধ সাহিত্য কৰ্ম৷ নিজস্ব ধৰ্মৰে চুটিগল্প উনবিংশ শতিকাৰ সৃষ্টি৷ উনবিংশ শতিকাত  হোৱা বৌদ্ধিক জাগৰণৰ ফলশ্ৰুতিত আলোচনীৰ পাতত জন্ম হোৱা চুটিগল্পই পাশ্চাত্যৰ লগতে বিশ্বৰ বিভিন্ন কোণত ভুমুকি মাৰে৷ প্ৰথমাৰ্ধত ফ্ৰান্স আৰু ৰাছিয়াত পোনতে ইয়াৰ জন্ম৷ সমসাময়িকভাৱে আমেৰিকা, ইংলেণ্ড আৰু জাৰ্মানীতো চুটিগল্পই বিকাশ লাভ কৰে৷ অধিকাংশ সমালোচকে আধুনিক চুটিগল্পৰ বাটকটীয়া হিচাপে প্ৰথমে ফ্ৰান্সৰ অঁৰে দ্যা বালজাকলৈ (১৭৯৯-১৮৫০) আঙুলিয়ায়৷ বালজাকৰ পাছতে ভিক্তৰ হিউগোৱে,প্ৰছপে মেৰিম, পুস্তভ ফ্ল’বেয়াৰ আদি ফৰাচী লিখকে চুটিগল্পক বিকাশৰ পথত আগুৱাই নিয়ে৷ ফ্ল’বেয়াৰ আৰু এমিল জোলাৰ সুযোগ্য উত্তৰাধিকাৰী গী দ্য মোপাছাঁৰ হাতত আধুনিক চুটিগল্পই পূৰ্ণ বিকাশ লাভ কৰিলে৷ ৰাছিয়াত আধুনিক চুটিগল্পৰ শুভাৰম্ভ হয় কবি নাট্যকাৰ আলেকজেণ্ডাৰ পুস্কিনৰ হাতত৷ তেওঁৰ পিছত নিকোলাই গ’গ’ল, টুৰ্গেনিভ, টলষ্টয়, এণ্টন চেকভ, মেক্সিম গৰ্কীৰ হাতত চুটিগল্পই স্বতন্ত্ৰ শিল্প হিচাপে পৰিপূৰ্ণতা লাভ কৰে৷ হেনৰিখ হাইনে, ডব্লিউ ষ্টৰ্ম, ছুডাৰমেন, ষ্টেফান জ্বাইগ আৰু টমাছ মেন আদি লেখকৰ হাতত জাৰ্মান চুটিগল্প ‘আধুনিকতাৰ বাণী মূৰ্তি’ হৈ উজলি উঠিল৷ ৱাছিংটন আৰভিঙৰ চৌত্ৰিশটা গল্পৰ সংকলন ‘The Sketch Book’ৰে আমেৰিকান চুটিগল্পৰ জয় যাত্ৰা আৰম্ভ হয়৷ নেথানিয়েল হৰ্থন, এডগাৰ এলেন পো, অ’ হেনৰি আদি আমেৰিকান লেখকে চুটিগল্পৰ বিকাশত বিশেষ বৰঙণি যোগায়৷ যোছেফ, লৰেন্স, মেন্সফিল্ড,গ্ৰাহাম গ্ৰীণ, উইলিয়াম ছেমছন আদি গল্পকাৰৰ হাতত ইংৰাজী চুটিগল্পই বিশিষ্ট ৰূপ লাভ কৰে৷

পাশ্চাত্যৰ চুটিগল্পৰ অনুসৰণতে ৰূপকথা, সাধুকথাৰ দেশ ভাৰতবৰ্ষত চুটিগল্পৰ জন্ম হয় ঊনবিংশ শতিকাৰ শেষৰ ফালে৷ উড়িয়া সাহিত্যত ফকিৰমোহন সেনাপতি, বঙলা সাহিত্যৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, হিন্দী সাহিত্যত প্ৰেমচান্দৰ হাতত চুটিগল্পৰ জন্ম হয়৷ অসমীয়া সাহিত্যৰ সিংহদুৱাৰ স্বৰূপ ‘জোনাকী’ৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সেউতি’ৰে অসমীয়া চুটিগল্পৰ বাট মুকলি হয়৷ অসমীয়া চুটিগল্পৰ ইতিহাসক সময়ানুক্ৰমে চাৰিটা যুগত ভগাব পাৰি : প্ৰাৰম্ভিক যুগ(জোনাকীৰ পৰা আৰম্ভ কৰি ১৯২৯চনলৈ), আৱাহন যুগ (১৯২৯ চনৰ পৰা ১৯৪০চনলৈ), যুদ্ধোত্তৰ বা ৰামধেনু যুগ (১৯৪০ চনৰ পৰা ১৯৭০চনলৈ) আৰু সাম্প্ৰতিক যুগ (১৯৭০ চনৰ পৰা বৰ্তমান সময়লৈকে )৷

‘ভদৰী’, ‘মিলাৰামৰ আত্মজীৱনী’, ‘পাটমুগী’, ‘কেহোঁকলি’কে প্ৰমুখ্য কৰি বিভিন্ন চুটিগল্পৰ ৰচনা কৰি লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ যি বাট কাটি থৈ গ’ল সেই বাটেদিয়ে প্ৰাৰম্ভিক যুগৰ চু্টিগল্পক শৰৎ চন্দ্ৰ গোস্বামী, নকুল চন্দ্ৰ ভূঞা, লক্ষ্মীনাথ ফুকন, মিত্ৰদেৱ মহন্ত, হলীৰাম ডেকা আদি গল্পকাৰসকলে সমৃদ্ধ কৰে৷ আৱাহন যুগত অসমীয়া চুটিগল্পই ৰূপবস্তু আৰু ভাৱবস্তুৰ বৈচিত্ৰৰে বিস্তাৰ লাভ কৰে৷ নগেন্দ্ৰনাৰায়ণ চৌধুৰী, লক্ষ্মীধৰ শৰ্মা, ৰমা দাশ, বীণা বৰুৱা, ত্ৰৈলোক্য নাথ গোস্বামী, ৰাধিকামোহন গোস্বামী আদি গল্পকাৰসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়ায়৷ নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ ‘ভাগ বাটোৱাৰা’, লক্ষ্মীনাথ ফুকনৰ ‘টাইপিষ্টৰ জীৱন’, লক্ষ্মীনাথ শৰ্মাৰ ‘চিৰাজ’, ‘ব্যৰ্থতাৰ দান’ আদি গল্পত বাস্তৱ সমস্যা, মানুহৰ মনস্তাত্বিক বিশ্লেষণ, সামাজিক চেতনাসম্ভূত আদৰ্শ, সামাজিক দায়বদ্ধতা, ভাষাৰ ব্যঞ্জনাধৰ্মিতা আদিৰে চুটিগল্পৰ বিকাশ আৰু সমৃদ্ধিত অনস্বীকাৰ্য অৱদান আগবঢ়াইছে৷

যুদ্ধোত্তৰ বা ৰামধেনু যুগত পাশ্চাত্যৰ সমাজবাদ, বাস্তৱবাদ, মনস্তাত্ত্বিক, অৱস্থিতিবাদ, অভিব্যক্তিবাদ, অধিবাস্তৱবাদ, চেতনাস্ৰোত আদি ভাৱধাৰাই অসমীয়া চুটিগল্পক বৈচিত্ৰ্যপূৰ্ণ কৰি তোলে৷ চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, যোগেশ দাস, মহিম বৰা, সৌৰভ কুমাৰ চলিহা, ভৱেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঞি, শীলভদ্ৰ, নগেন শইকীয়া, লক্ষ্মীনন্দন বৰা, মামণি ৰয়চম গোস্বামী, নিৰুপমা বৰগোহাঞি, প্ৰবীণা শইকীয়াকে প্ৰমুখ্য কৰি সেই যুগৰ গল্পকাৰসকলৰ গল্পত পাশ্চাত্যৰ এই ভাৱধাৰা সুন্দৰ ৰূপত প্ৰতিফলিত হোৱা দেখা যায়৷ চৈয়দ আব্দুল মালিকৰ ‘হৰিমাষ্টৰৰ দোকান’, যোগেশ দাসৰ ‘পৃথিৱীৰ অসুখ’, মহিম বৰাৰ ‘কাঠনি বাৰীৰ ঘাট’, সৌৰভ কুমাৰ চলিহাৰ ‘অশান্ত ইলেকট্ৰন’, ‘গোলাম’, ‘এহাত ডাবা’, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ‘কলং আজিও বয়’, ‘মাকনৰ গোসাঁই’, ভবেন্দ্ৰনাথ শইকীয়াৰ ‘প্ৰহৰী’, ‘শৃংখল’, হোমেন বৰগোহাঞিৰ ‘ভয়’, ‘হাতী’, নগেন শইকীয়াৰ ‘বন্ধ কোঠাত ধুমুহা’ লক্ষ্মীনন্দন বৰাৰ ‘সখা দামোদৰ’, শীলভদ্ৰৰ ‘মধুপুৰ বহুদূৰ’, মামণি ৰয়চম গোস্বামীৰ ‘সংস্কাৰ’, প্ৰবীণা শইকীয়াৰ ‘অবিনাশী স্বপ্ন’ আদি গল্পই অসমীয়া চুটিগল্পক অনন্য মাত্ৰা প্ৰদান কৰে৷

গল্পৰ বিষয়বস্তু, ভাৱবস্তু, ৰূপবস্তুৰ বিশিষ্টতাৰ ফালৰ পৰা সাম্প্ৰতিক যুগৰ কেইগৰাকীমান সাৰ্থক গল্পকাৰ হৈছে অৰুণ গোস্বামী, অনিল শইকীয়া, অৰূপা পতংগীয়া কলিতা, অভিজিত শৰ্মাবৰুৱা, দেৱব্ৰত দাস, মনোজকুমাৰ গোস্বামী, ইমৰান হুছেইন, ৰংবং তেৰাং, হিৰণ্য কাশ্যপ, য়েচে দৰজে ঠংছি, যমুনা শৰ্মা চৌধুৰী, মণিকুন্তলা ভট্টাচাৰ্য্য, ভৃঙ্গেশ্বৰ শৰ্মা, দিলীপ বৰা, বন্দিতা ফুকন, বসন্ত কুমাৰ ভট্টাচাৰ্য্য, প্ৰহ্লাদ কুমাৰ বৰুৱা, প্ৰভাত গোস্বামী, প্ৰদীপ কুমাৰ গোস্বামী, প্ৰফুল্ল চন্দ্ৰ বৰা, উদয়াদিত্য ভঁৰালীৰ,দুৰ্লভ বুঢ়াগোহাঁই, জ্যোতিষ শিকদাৰ, মৌচুমী কন্দলী, আদি৷ ‘মাছমৰীয়া ছোৱালীৰ লাজ’, ‘কলা’, ‘মাতৃ বিয়োগ’ আদি অৰুণ গোস্বামীৰ সাৰ্থক গল্প৷ অনিল শইকীয়াৰ ‘ফেহুঁজালি’, অৰূপা পতংগীয়া কলিতাৰ ‘শ্বাশ্বত’, ‘নীলকণ্ঠ’, অভিজিত শৰ্মাবৰুৱাৰ ‘কক্ষচ্যুত’, ‘অসুখ’, উদয়াদিত্য ভঁৰালীৰ ‘এক এগুণ এক’, ‘মৰুভূমি এই দৰে আহে’ তেওঁলোকৰ অনুপম সৃষ্টি৷ বিষয়বস্তু, ভাৱবস্তু আৰু ৰূপবস্তু তিনিওটা দিশতে মনোজকুমাৰ গোস্বামীয়ে নতুনত্ব আনিছে৷ গল্পৰ ৰীতিও সম্পূৰ্ণ নতুন আৰু একান্ত মৌলিক, বিষয়বস্তুবোৰো মনোধৰ্মী৷ ‘গুহা’, ‘সেউজীয়া কামিজ’, ‘সমীৰণ বৰুৱা আহি আছে’, ‘এলুমিনিয়ামৰ আঙুলি’ আদি গোস্বামীৰ সাৰ্থক চুটিগল্প৷ ‘অৰ্পিতাৰ এৰাতি’ৰ স্ৰষ্টা দেৱব্ৰত দাসৰ গল্পত টেকনিকৰ অভিনৱত্ব, বুদ্ধিদীপ্ততা আৰু ব্যঞ্জনধৰ্মিতাই অধিক মহিমামণ্ডিত কৰি তুলিছে৷ ‘ঈশ্বৰৰ অনুপস্থিতিত এটা আড্ডা’, ‘ভেলুলেচ’ আদি দাসৰ উল্লেখযোগ্য গল্প৷ প্ৰফুল্ল চন্দ্ৰ বৰাৰ ‘উঁইচিৰিঙাৰ পাখি’, প্ৰভাত গোস্বামীৰ ‘ অংশীদাৰ’, ‘প্ৰতিৰোধ’, প্ৰহ্লাদ কুমাৰ বৰুৱাৰ ‘ দিনৰ পিছত দিন’, ‘দংশন’, বন্দিতা ফুকনৰ ‘বুকুৰ বিষ’, বসন্ত কুমাৰ ভট্টাচাৰ্য্যৰ ‘ লাজ’, ভৃঙ্গেশ্বৰ শৰ্মাৰ ‘এজন বুঢ়া মানুহ’, মৌচুমী কন্দলীৰ ‘লামবাদা নাচৰ শেষত’, ‘তৃতীয়ত্বৰ গল্প’ আদি নতুন শৈলীৰে ৰচিত হোৱা সাম্প্ৰতিক কালৰ চুটিগল্পই অসমীয়া চুটিগল্পৰ ইতিহাসত নতুন যুগৰ সূচনা কৰিছে৷

সময়ৰ অনুক্ৰমত অসমীয়া চুটিগল্পই ক্ৰমবিবৰ্তনৰ মাজেদি আহি আজিৰ সময়ত উপস্থিত হৈছেহি৷ অসমীয়া চুটিগল্পৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰতিটো যুগৰ জাতীয় সমস্যা তথা জাতীয় মনৰ স্বৰূপ প্ৰকাশৰ ক্ষেত্ৰত অসমীয়া চুটিগল্পই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে৷ সাম্প্ৰতিক যুগৰ কঠিন বাস্তৱৰ উপলব্ধি, বেদনা, সংশয়, অৱক্ষয় আদি অসমীয়া চুটিগল্পত গভীৰভাৱে প্ৰতিফলিত হোৱা দেখা যায়৷ আৰু সমস্যা সমাধানৰ অৰ্থে চুটিগল্পই পাঠকক সঠিক উপলব্ধি কৰোৱাত সফলতা লাভ কৰিছে৷ কলাকৌশলৰ সমৃদ্ধি আৰু ভাৱবস্তুৰ গভীৰতাৰে একবিংশ শতিকাৰ অসমীয়া চুটিগল্প অধিক ঐতিহ্য মণ্ডিত হৈ উঠিব বুলি আশা কৰিব পাৰি৷

সম্পাদনা : মৃদুল কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি শৰ্মা, ৰাজীৱ ৰঞ্জন নাথ, মানসী গোস্বামী, মিতালী বৰ্মন, প্ৰীতম বৰুৱা৷

4 thoughts on “সম্পাদকীয় – আগষ্ট, ২০১৫

  • August 17, 2015 at 9:20 am
    Permalink

    বহুত বহুত ভাল লাগিল।

    Reply
  • August 17, 2015 at 4:41 pm
    Permalink

    GREAt Initiative

    Reply
  • October 28, 2016 at 10:42 am
    Permalink

    অতি সুন্দৰ

    Reply
  • May 7, 2019 at 5:43 pm
    Permalink

    অতি মনোৰম লিখনি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!