সম্পাদকীয় -(অচিন্ত বৰঠাকুৰ)

editing-pen
আহিন আৰু কাতি মাহৰ দোমাহীত কঙালী বিহুয়ে অৱস্থান কৰে যদিও সমগ্ৰ ভাৰততেই এইখিনি সময়ক উৎসৱৰ বতৰ বুলি গণ্য কৰা হয়। কেইবাগৰাকীও দেৱ-দেৱীৰ পূজা, দশেৰা, মহৰম, দীপান্বিতা, কাতি বিহু, শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুনানকৰ আবিৰ্ভাৱ তিথি, ৰাস পূৰ্ণিমাকে ধৰি সৰু-বৰ কেইবাটাও ধৰ্মীয় উৎসৱ পাৰ হৈ যায় এই সময়চোৱাত। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় একতা দিৱস, বিশ্ব হস্ত প্ৰক্ষালন দিৱস, ৰাষ্ট্ৰসংঘ দিৱস, বিশ্ব মিতব্যয়ী দিৱস, ৰাষ্ট্ৰীয় একতা দিৱস, ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱস, ন্যায় সেৱা দিৱস, ৰাষ্ট্ৰীয় শিক্ষা দিৱস, শিশু দিৱস, বিশ্ব মধুমেহ দিৱস আদি কেইবাটাও গুৰুত্বপূৰ্ণ দিৱস পালন কৰা হয় এইখিনি সময়ৰ ভিতৰতে। উষ্ম দিন আৰু শীতল নিশাৰ মিশ্ৰিত প্ৰভাৱৰ এই সময়চোৱাত ক্ৰমান্বয়ে চুটি হৈ অহা দিনবিলাকে ইয়াৰ সমান্তৰালভাৱে পুৰঠ কৰি আনে অসমৰ পথাৰসমূহৰ উজ্জীৱিত সম্ভাৱনাক। নিশাৰ বতাহত ক্ৰমান্বয়ে শেৱালিৰ গোন্ধৰ তীব্ৰতা কমি অহাৰ লগে লগে উৎসৱৰ আনন্দ আৰু কঙালৰ দুখৰ মিশ্ৰিত অনুভৱক সামৰি থৈ দাৱনী সাজু হোৱাৰ বতৰ আহি পায়হি।
অবশ্যে, বৰ্তমান সময়ত দাৱনী সাজু হোৱা বুলি কোৱাতকৈ যোগাৰ কৰা বুলিলেহে বেছি শুদ্ধ হ’ব। যোৱা ২০টা বছৰৰ ভিতৰত অসমৰ ৰোৱনী-দাৱনী, ধাননি পথাৰ বা খেতিয়কৰ সংজ্ঞাৰ যি অভূতপূৰ্ব সলনি হৈ পৰিল যে, এতিয়া সেইবিলাক শব্দ মাথোঁ কাৰোবাৰ স্মৃতিপট আৰু কেইখনমান কিতাপৰ পৃষ্ঠাতহে ৰৈছেগৈ বোলাই ভাল। এটা সময় আছিল, যেতিয়া গাঁৱৰ প্ৰতিটো পৰিয়ালে নিজৰ সকলো মৌলিক প্ৰয়োজন, অৰ্থাৎ অন্ন, বস্ত্ৰ আৰু বাসগৃহ নিজেই তৈয়াৰ কৰি ল’ব পাৰিছিল, অকলে কৰিব নোৱাৰাখিনিৰ বাবে চুবুৰীয়াৰ সহযোগিতা পাইছিল। চহৰবিলাকো তেতিয়া যথেষ্ট পৰিমাণে গাঁৱৰ ওপৰত নিৰ্ভৰশীল আছিল। দোকান বা বজাৰৰ পৰা কিনিবলগীয়া বস্তুৰ পৰিমাণ আছিল নিচেই সীমিত। বৰ্তমান সময়ত কিন্তু তাৰ সম্পূৰ্ণ ওলোটা ছবি এখনহে দেখা পোৱা যায়, বজাৰৰ পৰা ক্ৰয় কৰা বস্তু অথবা পেছাদাৰী ভাড়াতীয়া শ্ৰমিকৰ অবিহনে এটা দিনো অতিবাহিত কৰিব নোৱাৰা হৈ আহিছে গাঁও অথবা চহৰৰ পৰিয়ালবিলাক। কৃষিকৰ্মৰ বাবে এতিয়া অধিকসংখ্যক পৰিয়ালেই নিৰ্ভৰ কৰিবলগীয়া হয় ধনৰ বিনিময়ত ভাড়াতীয়া শ্ৰমিকৰ ওপৰত। এনে শ্ৰমিকৰ ভিতৰত সন্দেহজনক অবৈধ প্ৰৱজনকাৰী থকাৰ সম্ভাৱনাও নথকা নহয়। খেতিৰ সময়ত হোৱা এনে ভাড়াতীয়া শ্ৰমিকৰ অভাৱত বৃহৎ পৰিমাণৰ কৃষিভূমি এলাগী হৈ পৰি থকাটো অসমৰ বহুতো ঠাইত এতিয়া অতি পৰিচিত দৃশ্য হৈ পৰিছে। অসম কৃষিপ্ৰধান ৰাজ্য, উপাৰ্জনৰ অন্য দিশত এই ৰাজ্যই এতিয়াও খোজ পেলাবই পৰা নাই বুলিলেও ভুল নহয়। ৰাজ্যত সমবায় বা চৰকাৰী খণ্ডত কোনো সময়ত প্ৰতিষ্ঠা হোৱা উদ্যোগসমূহ এটাৰ পিছত আনটোকৈ বন্ধ হৈ যোৱাৰ খবৰহে শুনিবলৈ পোৱা যায়। সেয়েহে, কৃষিৰ প্ৰতি সৰ্বসাধাৰণ স্তৰৰ লোকৰ এই অনীহাই ৰাজ্যখনৰ জনমূৰি আয়ৰ পৰিমাণ কমাই অনাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ইফালে, পশ্চিম বা দক্ষিণ ভাৰতৰ দৰে কৃষিৰ ক্ষেত্ৰত চৰকাৰে আগবঢ়োৱা বৃহৎ আৰু বহুমুখী পৃষ্ঠপোষকতাৰ কথা কল্পনাও কৰিব নোৱাৰে অসমৰ খেতিয়কে। মাজে-মধ্যে যি দুই-এখন চৰকাৰী কৃষি আঁচনি ঘোষণা কৰা হয়, সেয়া লাভ কৰিবলৈ যাওঁতে ৰঙা ফিটাৰ মেৰপেচ আৰু মধ্যভোগীৰ দপদপনিত সাধাৰণ কৃষকে দূৰৰ পৰাই সেৱাহে জনাব লগা হয়। জাতিটোৰ এনে দুৰ্বল অৱস্থাৰ সুযোগতে ৰাজ্যখনৰ কৃষিভূমিসমূহ আৰু পৰ্যায়ক্ৰমে অৰ্থনৈতিক মেৰুদণ্ডডালেই পুঁজিপতিৰ হাঁতোৰাৰ কৱললৈ গুছি যোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।
 
লোকপিয়লৰ তথ্য অনুসৰি অসমত শিক্ষিতৰ হাৰ ১৯৫১ চনৰ ১৮.৫৩ শতাংশৰ পৰা বৃদ্ধি হৈ ২০১১ চনলৈ হয়গৈ ৭৩.১৮%। প্ৰশ্ন হয়, শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি হোৱাটোৱে কৃষিৰ প্ৰতি অনীহা সৃষ্টি কৰাত অৰিহণা যোগাইছে নেকি। শেহতীয়া তথ্যলৈ চালে দেখা যায় যে শিক্ষিতৰ হাৰত আটাইতকৈ পিছ পৰি থকা ৰাজ্য, বিহাৰ জনমূৰি আয়ৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে অন্তিম স্থানত আৰু শিক্ষিতৰ হাৰৰ তালিকাৰ শিখৰত থকা কেৰালা জনমূৰি আয়ৰ ক্ষেত্ৰত দ্বাদশ স্থানত আছে। অন্যহাতেদি, জনমূৰি আয়ৰ ক্ষেত্ৰত সৰ্ব্বোচ্চ স্থানত থকা গোৱা শিক্ষিতৰ হাৰৰ লেখেৰে আছে দেশৰ ভিতৰত পঞ্চম স্থানত। সমগ্ৰ ভাৰতবৰ্ষতেই সাক্ষৰতাৰ হাৰ প্ৰায় সমানুপাতিকভাৱেই বাঢ়িছে, অথচ উত্তৰ-পূৰ্বাঞ্চলক বাদ দি আন আন ৰাজ্যত কৃষিজনিত উৎপাদনৰ হাৰ কমা নাই, বৰঞ্চ বাঢ়িছেহে। ইয়াৰ উপৰি সেইবিলাক ঠাইত দ্ৰুত ঔদ্যোগীকৰণ আৰু ৰপ্তানি বাণিজ্যৰ প্ৰসাৰে জনমূৰি আয়ক বঢ়াই নিয়াত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে, যিটো হ’বলৈ অসমত ৰাজনৈতিক আৰু সুৰক্ষাজনিত পৰিবেশ এটাৰ সৃষ্টিয়েই হোৱা নাই। স্বাধীনতাৰ সময়ত গড় ভাৰতীয় জনমূৰি আয়তকৈ কিছু অধিক হাৰ লৈ গতি কৰা অসমে ২০১১ বৰ্ষত দুখজনকভাৱে সৰ্বভাৰতীয় হাৰতকৈ ৪০ শতাংশতকৈও অধিক পৰিমাণত পিছ পৰি ৰ’বলগীয়া হৈছেগৈ। ৰাজ্যখনৰ মূলসুঁতিৰ লোকসকলৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণ আৰু বিদেশী ভাষাৰ মাধ্যমেৰে শিক্ষাৰ ধাৰণা জনপ্ৰিয় হৈ অহাৰ লগে লগে ক্ৰমান্বয়ে এলাগী হৈ পৰিছে নেকি থলুৱা কৃষিকৰ্ম আৰু পৰম্পৰাগত আত্মনিৰ্ভৰশীলতাৰ উপায়সমূহ? ধান খেতি আৰু জাতীয় জীৱনৰ বিভিন্ন বিষয়ৰ ওপৰত ৰচনা লিখিবলৈ দিয়া বিদ্যালয়বিলাক এলাগী হৈ অহাৰ সমান্তৰালভাৱে কিয় কমি আহিছে চহা জীৱনৰ জনপ্ৰিয়তা আৰু কৃষিক জীৱিকা হিচাবে ঘোষণা কৰা লোকৰ জনসংখ্যা !! কাৰণসমূহ বিশ্লেষণ কৰাৰ উপৰি দ্ৰুততাৰে তাৰ নিৰাময় কৰাৰ সময় আহি পৰিছে।
প্ৰসঙ্গক্ৰমে উল্লেখনীয় যে, সাক্ষৰতাৰ ক্ষেত্ৰত ভাৰতে ১৯৪৭ চনৰ ১২%ৰ পৰা ২০১১চনত উপনীত হয়গৈ ৭৪.০৪%ত। অবশ্যে, দেশখনে সমসাময়িক আন্তঃৰাষ্ট্ৰীয় পৰিসংখ্যা, ৮৪ শতাংশ অথবা চুবুৰীয়া দেশ চীন (৯৫%), শ্ৰীলংকা (৯২%) অথবা ম্যানমাৰ (৯০%)ৰ পৰিসংখ্যা চুবলৈ এতিয়াও বহুত বাকী। যি কি নহওক, দেশত শিক্ষিত লোকৰ সংখ্যা বঢ়াৰ লগে লগে শিক্ষিত জনপ্ৰতিনিধিৰ সংখ্যাও ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে। ই নিশ্চয়কৈ শুভ লক্ষণ। চলিত অসম বিধানসভাৰ ৭০%কৈও অধিক সদস্য অন্ততঃ স্নাতক ডিগ্ৰীৰে বিভূষিত। ষষ্ঠদশ লোকসভাৰ ৫৪৫জন সদস্যৰ ভিতৰত ৪১ জন ডক্টৰে’ট ডিগ্ৰীধাৰী, ১১২ জন স্নাতকোত্তৰ, ১৩৬ জন স্নাতক সদস্য হোৱাৰ বিপৰীতে প্ৰৱেশিকা পৰ্যায়তকৈ কম শিক্ষাগত অৰ্হতাৰ সাংসদ আছে মাত্ৰ ১৬জন। এইসকলৰ ভিতৰত ১৪৫জন (অৰ্থাৎ ২৮.৩২ শতাংশ) সাংসদৰ মূল জীৱিকা হিচাবে উল্লেখ কৰা হৈছে কৃষিকৰ্মক। ই দেশৰ কৃষকসকলৰ বাবে নিশ্চয় আশাৰ সঞ্চাৰ কৰিব পাৰে। অৱশ্যে, পঞ্চদশ লোকসভাতো শিক্ষিত সাংসদৰ পৰিমাণ আছিল সন্তোষজনক। ২৩জন ডক্টৰে’ট, ১৩৮জন স্নাতকোত্তৰ আৰু ২৪৯ জন স্নাতক সাংসদৰ উপৰি প্ৰধান মন্ত্ৰী আছিল পৃথিৱীৰ কেইবাখনো আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ উচ্চশিক্ষাৰ কেইবাটাও ডিগ্ৰীৰে বিভূষিত। শিক্ষিত সাংসদৰ সংখ্যা প্ৰায় সমানেই হোৱা স্বত্বেও সংসদৰ মজিয়াত অসংসদীয় আচৰণ, অশোভনীয় অঁৰিয়া-অঁৰি, প্ৰতিবাদ আৰু চৰম অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল পঞ্চদশ লোকসভাৰ অধিবেশনসমূহত। প্ৰধান মন্ত্ৰীয়ে হাতত লোৱা আঁচনিসমূহত তেওঁৰ শিক্ষাগত অৰ্হতাৰ দিশটো প্ৰতিফলিত হৈছিল যদিও সেয়া কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰাত তেওঁ সফল হ’ব পৰা নাছিল। আনহাতে, ষাঠি বা সত্তৰৰ দশকৰ সাংসদসকলৰ মাজত উচ্চ শিক্ষিতৰ পৰিমাণ এতিয়াতকৈ যঠেষ্ট কম আছিল যদিও শিক্ষা, অৰ্থনীতি, কৃষি, উদ্যোগ আদি প্ৰায় সকলোবিলাক খণ্ডৰ উন্নয়ন আৰু জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ আছিল যঠেষ্ট সন্তোষজনক। নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ পৰিমাণ আছিল নগন্য। অৰ্থাৎ, দেশ পৰিচালনাৰ বাবে কেৱল শিক্ষাকেই প্ৰয়োজনীয় অৰ্হতা বুলি ভবাটো সদায় শুদ্ধ নহ’বও পাৰে। সভ্যতাৰ বিকাশৰ কাৰণে শিক্ষাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য, কিন্তু ইয়াক শ্ৰম, শান্তি আৰু উন্নয়নৰ সৈত্যে হাতে হাত ধৰাধৰিকৈ আগবঢ়াই নিব নোৱাৰিলে এনে সভ্যতা পঙ্গু আৰু পৰমুখাপেক্ষী হৈ পৰাটো নিশ্চিত।
শিক্ষা বুলিলেই মনলৈ আহে কিশোৰ-কিশোৰী আৰু শিশুসকলৰ কথা। অন্য বছৰৰ দৰেই শিশু দিৱস এইবাৰো পালন কৰা হ’ল। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা অথবা অনাথ আশ্ৰমৰ শিশুক এযোৰ সস্তীয়া কাপোৰ বা এটাকৈ চকলে’ট দিয়া গতানুগতিক পৰম্পৰাৰ অতিৰিক্তভাৱে আন কিবা যুগান্তকাৰী পৰিবৰ্তন ঘটাৰ বাতৰি কাণত নপৰিল। শিশুৰ বাবে এটা দিন নিৰ্দ্দিষ্টকৈ ৰখা আৰু বছৰি নতুন নতুন চৰকাৰী আঁচনি ঘোষণা কৰা দেশ এখনত এতিয়াও আলিয়ে-গলিয়ে, কাৰখানাত অথবা কোনোবা উচ্চবিত্তৰ ঘৰৰ কোণত জীৱন কটাবলগীয়া হোৱা ভোকাতুৰ, নিৰক্ষৰ অথবা শ্ৰমিক শিশু চকুত পৰাটো অতিকে দুৰ্ভাগ্যজনক। শিশুৱেই দেশৰ ভৱিষ্যৎ, দেশৰ প্ৰতিটো শিশুক যেতিয়ালৈকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থকৈ জীৱনৰ পথত আগবঢ়াই নিব পৰা নহয়, তেতিয়ালৈকে দেশৰ আন সমস্যাসমূহ নাশ কৰাটো সম্ভৱ নহ’ব আৰু তেতিয়ালৈকে লাভ কৰা নহ’ব শিশু দিৱস পালনৰ প্ৰকৃত সাৰ্থকতা।
উৎসৱৰ এই বতৰত শেহতীয়াভাৱে সকলো ভাৰতীয়কে কিবা নহয় কিবা প্ৰকাৰে চুই যোৱা আন এটি পৰ্বৰ কথা উল্লেখ নকৰিলে মাহটোৰ দিনপঞ্জীখনেই আধৰুৱা হৈ ৰ’ব, যাৰ নাম হৈছে বিমুদ্ৰীকৰণ বা ডিমনেটাইজেছন (Demonetization)। আশা কৰা যায় যে চৰকাৰৰ দ্বাৰা ঘোষিত, ক’লা ধন আৰু নকল নোটৰ বিৰূদ্ধে চলোৱা এই “চাৰ্জিকেল ষ্ট্ৰাইক”ৰ সুদূৰ প্ৰসাৰী প্ৰভাৱে অসৎ অৰ্থনৈতিক শক্তিসমূহৰ মেৰুদণ্ড ভাঙি পেলোৱাৰ লগতে ভাৰতৰ চৰকাৰী অৰ্থকোষলৈ বৃহৎ উত্থান আনিবলৈ সক্ষম হ’ব। আঁচনিখনৰ নাটকীয় ঘোষণাক দেশজুৰি জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰচাৰ মাধ্যম আৰু চ’ছিয়েল নে’টৱৰ্কিং চাইটসমূহ উঠি-পৰি লগাৰ বিপৰীতে বাস্তৱক্ষেত্ৰত কিন্তু খাটিখোৱা লোকৰ কেইবাদিনীয়া হাৰাশাস্তি আৰু আইনৰ সুৰুঙাৰে বৃহৎ হস্তীসমূহ সুৰক্ষিত স্থানত অৱস্থান কৰাহে দেখিবলৈ পোৱা গৈছে। হঠাৎ ঘোষণা কৰি তৎক্ষণিকভাৱে কাৰ্যকৰী কৰা চৰকাৰৰ এই বিমুদ্ৰীকৰণ আঁচনিৰ ফলত দেশজুৰি হোৱা জনসাধাৰণৰ হাৰাশাস্তিৰ বাবে বিভিন্ন স্থানত ৰাজহুৱা প্ৰতিবাদ প্ৰদৰ্শন হোৱাৰ উপৰি চৰকাৰক জবাবদিহি কৰি বিভিন্ন পক্ষই দেশৰ উচ্চতম ন্যায়ালয়ত কেইবাখনো ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছে। অভিযোগকাৰীৰ মতে, ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক আইন অনুসৰি চৰকাৰে উচ্চ মূল্যমানৰ কোনো এবিধ নোটৰ সকলোবোৰ চিৰিজ একেবাৰতেই নিষিদ্ধ কৰি দিব নোৱাৰে। অবশ্যে, আইনৰ সকলোবোৰ দিশ ফঁহিয়াই নোচোৱাকৈ চৰকাৰে এনে বৃহৎ সিদ্ধান্ত লৈছে বুলি পতিয়ন যাব নোৱাৰি যদিও আন্তঃগাঁথনি সাজু নোহোৱাকৈ হঠাৎ কাৰ্যকৰী কৰিবলৈ লোৱা একো একোটা ডাঙৰ সিদ্ধান্তই জনসাধাৰণক ব্যক্তিগত পৰ্যায়ত মাৰাত্মক বিপদত পেলোৱাৰ উপৰি দেশৰ সুৰক্ষা আৰু প্ৰশাসন যন্ত্ৰলৈ বহুধৰণৰ ভাবুকি মাতি অনাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। অৱশ্যে নিজৰ অধ্যৱসায়ৰ বলত অতি সাধাৰণ পৰ্যায়ৰ পৰা গৈ সফলতাৰ শিখৰত আৰোহণ কৰা একোজন ব্যক্তিয়ে সমাজৰ প্ৰতিটো স্তৰৰ অভিজ্ঞতাৰে পুষ্ট বুলি বিশ্বাস কৰিলে তেনে লোকে লোৱা “ৰিস্ক”ক আস্থাত ল’ব পৰা যায়। যি কি নহওক, অসম চৰকাৰে কেইবাবছৰৰ মূৰত কাতি বিহুৰ দিনটোক বন্ধৰ দিন হিচাবে ঘোষণা কৰাৰ পিছত কাতিৰ শেহলৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ জনসাধাৰণক কিবা প্ৰকাৰে কঙালীৰ সোৱাদ দিবলৈ সক্ষম হোৱাটোৱে এইবছৰৰ কাতি মাহটোক বহুদিনলৈ স্মৰণীয় কৰি ৰাখিব বুলি আশা কৰিব পাৰি।
– অচিন্ত বৰঠাকুৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments