সম্পাদকীয়-(দীপজ্যোতি বৰা)

xahityoaorgjune_n

“এজন মানুহ তেতিয়াহে স্বাস্থ্যৱান, যেতিয়া তেওঁ স্বাস্থ্যৰ কাৰণে অলপো চিন্তা কৰাৰ প্ৰয়োজন নহয়।” সৰুতেই কোনোবা এখন কিতাপত পঢ়িবলৈ পাইছিলোঁ এই কথাষাৰ। বৰ্তমান অসমৰ পৰিস্থিতিলৈ লক্ষ্য কৰি সেই একে কথাষাৰ ক’ব পাৰি “এটা জাতিৰ অস্তিত্ব তেতিয়াহে সুৰক্ষিত যেতিয়া ই নিজৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাবলগীয়া নহয়।” সেয়েহে আমি নিশ্চিতভাৱে অনুধাৱন কৰিব পাৰোঁ যে অসমীয়া জাতি আজি এক সংকটৰ গৰাহত। কিন্তু এই সংকট আন সংকটৰ দৰে নহয়। হঠাতে অহা বানপানী বা ভূঁইকঁপৰ দৰে ইয়াক সাধাৰণ দৃষ্টিত অনুধাৱন কৰিব নোৱাৰি। হয়তো সকলো স্তৰৰ মানুহে ইয়াক সম্পূৰ্ণৰূপে বুজি উঠালৈ বহুত পলম হৈ যাব।

সময়ৰ লগে লগে পৰিবৰ্তন অৱশ্যম্ভাৱী। সময়ৰ সোঁতত সমাজ-ব্যৱস্থা, ভাষা-সংস্কৃতি আৰু জনগোষ্ঠীয় গাঁঠনিৰো পৰিবৰ্তন হয়। ঐতিহাসিক ভাবে চালে দেখা যায় যে সাধাৰণতে ই এক ধীৰ গতিত হোৱা প্ৰক্ৰিয়া যদিহে কোনো দুৰ্যোগ বা যুদ্ধ-বিগ্ৰহ নহয়। কিন্তু বৰ্তমান পৃথিৱীৰ সমূহ অঞ্চল আৰু জনগোষ্ঠীসমূহ এক জটিল প্ৰক্ৰিয়াৰ দ্বাৰা সংযুক্ত। গতিকে পৰিবৰ্তন বা সংঘাত সৃষ্টিও নতুন নতুন দিশৰ পৰা হোৱাতো সম্ভৱপৰ।

যি সময়ত অসমীয়াই নিজৰ পৰিচয় বিচাৰি হাবাথুৰি খাব লগা হৈছে সেই সময়ত আমাৰ কৰণীয় কি হ’ব?
প্ৰথম কথা আমি সমস্যাটোৰ গোটেইবোৰ দিশ ভালকৈ পৰ্য্যালোচনা কৰিব লাগিব। এনে কৰিবলৈ যাওঁতে আমি কোনো ধৰণৰ বিদ্বেষ বা পক্ষপাত দুষ্টতাৰ পৰা মুক্ত হ’ব লগিব। বৰ্তমান সময়ত লক্ষ্য কৰা যায় অসমৰ প্ৰায়বোৰ জনগোষ্ঠীয়েই জাতিগত অহমিকাৰ ৰোগত আক্ৰান্ত। সৰুৱেই হওক বা ডাঙৰেই হওক বস্তুনিষ্ঠ অধ্যয়নৰ অভাৱ আৰু আনক সন্মান নিদিয়া মানসিকতাৰ ফলত আনক বৰ্ণবাদ আৰু পক্ষপাত দুষ্টতাৰ দোষাৰোপ কৰা কেইজন নিজেই একে দোষত দোষী।
দ্বিতীয়তে আহে আমি বোৰ ইজনে সিজনৰ ইমান বিদ্বেষী হৈ পৰাৰ কাৰণ কি? ই মূলতে অৰ্থনৈতিক বা আৰ্থ-সামাজিক। উন্নয়নৰ অভাৱত হোৱা হীনমান্যতা আৰু আনক দোষ দিব খোজা মানসিকতাৰ প্ৰতিফলন। এই ঘটনাটো আন বহু ক্ষেত্ৰতো দৃষ্টিগোচৰ হয়। যি কোনো ব্যৱসায় প্ৰতিষ্ঠান বা কোম্পানীৰ হাতত যেতিয়ালৈকে পৰ্য্যাপ্ত পৰিমাণৰ অৰ্থ আহি থাকে তেতিয়ালৈকে বহুবোৰ সৰু-বৰ দোষ আওকাণ কৰা যায়। কিন্তু যেতিয়া আৰ্থিক মন্দাৰ সৃষ্টি হয় তেতিয়াই দোষী বিচৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়। আমি ভালকৈ চকু দিলে দেখিম যে পাৰ্চী সকল বা মাৰোৱাৰী সকল সংখ্যাগত ভাবে অতি তাকৰ। কিন্তু আৰ্থিকভাৱে তেওঁলোক সুদৃঢ় বাবে নিজৰ অস্তিত্ব সুৰক্ষাৰ বাবে আমাৰ দৰে হাবাথুৰি খাব লগা নহয়। যেতিয়া মানুহ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয় আৰু কৰিবলৈ নিজস্ব কাম থাকে তেতিয়া আনক দোষ দিবলৈ বা বৰ বেছি আন্দোলনমূখী চিন্তাত ব্যস্ত হোৱাৰ অৱকাশ নাথাকে। অসমৰ তুলনাত ক্ষুদ্ৰ পৃথিৱীৰ বহু কেইখন উন্নত ৰাষ্ট্ৰলৈ মন কৰিলেই ই পৰিষ্কাৰ হৈ পৰে। এইখিনিতে আমাৰ সামূহিক কৰ্মমূখিতা বা উন্নয়ন ব্যৱস্থাৰ প্ৰশ্ন আহি পৰে। তাৰ লগতে আন বহু আনুষংগিক বিষয়ো আহি পৰে, যি বোৰ একেবাৰতে ইয়াত আলোচনা কৰা সম্ভৱপৰ নহয়।

তৃতীয় বিষয়টো হৈছে আমাৰ বৌদ্ধিক চিন্তা-চৰ্চাৰ পৰিবেশ। আচলতে এই ক্ষেত্ৰত আমাৰ নতুন চাম আগবাঢ়ি আহিব লাগিব। যেতিয়ালৈকে বৌদ্ধিক চিন্ত-চৰ্চাত ‘অসমীয়া’ বুলি পৰিচয় দিব খোজা নৱ-প্ৰজন্মৰ প্ৰতিনিধিসকলে আগভাগ নল’ব তেতিয়ালৈকে আমি বহু পুৰণি কথাৰ চৰ্বিত-চৰ্বণ কৰি থাকিব লাগিব। বৰ্তমান বৌদ্ধিক জগতত বিৰাজ কৰি থকা পুৰণি এচাম হয়তো এক বিশেষ ধ্যান-ধাৰণাৰ সঁজাত নিজেই বন্দী। সেয়েহে পৰিবৰ্তনৰ বহু কথা তেওঁলোকৰ চকুত নপৰে অথবা আওকাণ কৰে। যি সময়ত নতুন চামে গোষ্ঠীবিদ্বেষ আদিৰ পৰা মুক্ত হৈ সকলোকে সমান চকুৰে চোৱাৰ প্ৰয়াস কৰে সেই একে সময়তে তেওঁলোকে ইতিহাস খুচৰি পুৰণি ঘাঁ বহলাবলৈ উচটনি দিব খোজে। ইতিহাস অধ্যয়ন নিশ্চয় প্ৰয়োজন কিন্তু ইয়াৰ নামত পুৰণি বিদ্বেষ প্ৰসাৰ কাৰ নিশ্চয় কাম্য নহয়। সেয়েহে এনে এচাম বুদ্ধিজীৱীৰ পৰা বৌদ্ধিক চিন্তা-চৰ্চাৰ জগতখন দখল কৰি লোৱাটো নতুন চামৰ কাৰণে একান্তই কাম্য।

‘অসমীয়াত্বৰ সংকট’ বিষয়টো বাচি লৈছিলোঁ সাহিত্যৰ কাৰণে। এনে এটা বিষয়ত হয়তো একেবাৰতে সকলো দিশ সামৰি আলোচনা কৰাতো সম্ভৱপৰ নহয়। কিন্তু আমি সকলোৱে ইয়াৰ সঠিক বিশ্লেষণ কৰি সঠিক পদক্ষেপ লৈ ভৱিষ্যত সুৰক্ষিত কৰাটো সময়ৰ আহ্বান।

signature

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments