সম্পাদকীয়- মেঘালী দিহিঙীয়া

কালি কণমানি এজনীক সুধিলো, “গৰু বিহু কি? গৰু বিহুৰ বিষয়ে অলপ কোৱাচোন৷“ কণমানিজনীয়ে বিশেষ সন্তোষজনক উত্তৰ দিব নোৱাৰিলে৷ ওচৰতে কণমানিৰ খুৰাক ৰৈ আছিল, তেখেতেও ক’লে- “বহুদিন ধৰি আমাৰ ঘৰত গৰুৱেই নাই৷ কথাখিনি আচলতে ময়েই পাহৰিছো৷ আকৌ এবাৰ জুকিয়াই চাব লাগিব৷“

এই যে ওপৰৰ ঘটনাটো, চিন্তনীয় নহয়নে? কিন্তু এইক্ষেত্ৰত কণমানিজনীয়েই হওক বা খুৰাকেই হওক, কাকো আমি পোনচাটেই দোষাৰোপ কৰিব নোৱাৰো৷ পৰিৱৰ্তিত সামাজিক পৰিস্থিতি আৰু সাম্প্ৰতিক নগৰমুখী কৰ্মব্যস্ততাত এয়া এক স্বাভাৱিক পৰিঘটনা৷

এই গৰু বিহু সম্বন্ধীয় কথাটো আচলতে এটা উদাহৰণহে মাথো৷ একেখিনি কথাই পিঠা-পনা, পৰম্পৰাগত খাদ্য প্ৰণালী, বোৱন-কাটন, ঊলৰ কাম-কাজ, জনগোষ্ঠীয় নৃত্য শৈলী, পৰম্পৰাগত গীত-মাত, বাদ্য-বাদনা, আ-অলংকাৰ, আচাৰ-ৰীতি, লোকগাঁথা ইত্যাদিৰ ক্ষেত্ৰতো খাপ খোৱা পৰিলক্ষিত হয়৷

ব’হাগ বিহুৱেই হওক বা মাঘ বিহুৱেই হওক, অসমীয়া সংস্কৃতিৰ সৈতে জড়িত পৰম্পৰাগত পিঠা-পনা বা জা-জলপান আদি তৈয়াৰ কৰাটো একো একোটা কলা বা কৌশলৰ ভিতৰত পৰে৷ কিন্তু সময়ৰ লগে লগে এইধৰণৰ পিঠা-জলপান অথবা অন্যান্য পৰম্পৰাগত খাদ্যাভাসৰ ক্ষেত্ৰতো বহুখিনি পৰিৱৰ্তন চকুত পৰিছে৷ আজিৰ নৱপ্ৰজন্মৰ বহুতেই পিঠা-জলপান আদি তৈয়াৰ কৰিব নাজানে বা শিকা নাই৷

এটা সময়ত গাঁৱে ভূঞে ঘৰে ঘৰে তাঁতশাল আছিল৷ আদৰৰ বিহুটিত প্ৰিয়জনক নিজ হাতেৰে বোৱা ভমকাফুলীয়া বিহুৱান এখন দিবলৈ জীয়ৰী বোৱাৰীহঁত তাঁতশালত ব্যস্ত হৈ পৰিছিল৷ গামোচা বা মেখেলা আদিত বেলেগ বেলেগ ধৰণৰ ফুল তুলিব পৰাটো প্ৰায় অঘোষিত প্ৰতিযোগিতাৰ দৰেই আছিল৷ ইঘৰে সিঘৰৰ পৰা ফুলৰ চানেকি সংগ্ৰহ কৰি তাঁতশালত ফুল বাচিছিল৷ এতিয়া সেই তাঁতশালো নাই, বা ফুলৰ চানেকিবোৰো হেৰাই গ’ল৷ নিজৰ আপোনজনক বা ল’ৰা ছোৱালীক জাৰৰ দিনত ঊলৰ চুৱেটাৰ একোটা গুঁঠি দিবলৈ কাৰ ঊলৰ শলা কিমান খৰকৈ চলে সেই প্ৰতিযোগিতাও আমি দেখিবলৈ নোপোৱা হ’লো৷ দুপৰীয়াৰ বিয়নীমেলবোৰত চুৱেটাৰ, মাফলাৰ আদিৰ ডিজাইনৰ আলোচনাই ভাগ নোপোৱা হ’ল৷ গাৰু গিলিপ, টেবুল ক্লথ, ৰুমাল আদিত ফুল তুলি প্ৰিয়জনক হেঁপাহেৰে উপহাৰ যচাৰ প্ৰথাটোও বিলুপ্তিৰ পথত৷

চৰ্চাৰ অভাৱতেই হওক বা পৰিৱেশেই হওক বিভিন্ন জনগোষ্ঠীয় নৃত্য, গীত, বাদ্য আদিৰ পৰিৱেশন কৰিব পৰা লোকৰ সংখ্যা চকুত পৰাকৈ কমি আহিছে৷ এনেকুৱাও পৰিলক্ষিত হৈছে যে নৱপ্ৰজন্মৰ বহুসংখ্যকেই এই বিষয়ক বহু কথাই নাজানে বা নিচিনে৷ অসমৰ প্ৰতিটো সৰু বৰ জনগোষ্ঠী নিজ নিজ স্বকীয়তাৰ পৰিচায়ক সাজপাৰ, আ-অলংকাৰেৰে চহকী৷ চৰ্চাৰ অভাৱ বা পৰিৱেশ যি কাৰণতেই নহওক এইসমূহ যদি কালৰ গৰ্ভত হেৰাই যায় ইতিহাসে আমাক কেতিয়াও ক্ষমা নকৰিব৷ আমাৰ উত্তৰ প্ৰজন্ময়ো হয়তো এই লৈ আমাকেই দূষিব৷ এনে হোৱাটো বা হ’বলৈ গৈ থকাটো সমগ্ৰ অসমীয়া জাতিৰ বাবেই পৰিতাপৰ বিষয়৷ পূৰ্বপ্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হোৱা আচাৰ-ৰীতি তথা পৰম্পৰাবোৰ চৰ্চাৰ অভাৱতেই চাগে আমি এদিন হেৰুৱাই পেলাম৷

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ পৰ্যটন উদ্যোগৰ সমল, ইতিহাস বিজড়িত কীৰ্তিচিহ্ন, শিলালিপি, তাম্ৰলিপি আদিৰ সংৰক্ষণৰ ক্ষেত্ৰতো আমি ইতিমধ্যেই অক্ষমণীয় অৱহেলা কৰি আহিছো, যাৰ বাবে এই সমলসমূহ জহি খহি যাবলৈ ধৰিছে৷ এই অৱহেলা অব্যাহত থাকিলে আমি আমাৰ উত্তৰ প্ৰজন্মৰ হাতত হয়তো স্মৃতিচিহ্নৰ নামত ধ্বংসাৱশেষ কিছুমানহে এৰি থৈ যাম৷

এইধৰণৰ কথাবোৰ আচলতে কিয় হৈছে? অলপ দ কৈ চালি জাৰি চালে আমাৰ সন্মুখত আহি পৰা এই সাংস্কৃতিক সংকটৰ মূল কাৰক হিচাপে পৰিৱৰ্তিত সামাজিক পৰিস্থিতি, চৰ্চাৰ অভাৱ, সমল ব্যক্তিৰ অভাৱ, পৰৱৰ্তী প্ৰজন্মক শিকোৱাৰ অনীহা, প্ৰচাৰ আৰু সংৰক্ষণৰ প্ৰতি যথোচিত গুৰুত্বৰ অভাৱ আৰু অসচেতনতা ইত্যাদি বিষয়সমূহলৈ আঙুলিয়াব পাৰি৷ কিন্তু এই বিষয়ত পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰা বা বোকা ছটিওৱা কামটো একেবাৰেই অনৰ্থক কিম্বা অফলপ্ৰসূ৷ সমাধানৰ পথ আমিয়েই বিচাৰিব লাগিব৷ এইক্ষেত্ৰত চৰকাৰৰ মুখলৈ চাই আমি হাত সাৱতি বহি থাকিলেও নহ’ব৷ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত সামূহিক প্ৰচেষ্টাৰেহে সফলতা লাভ কৰাটো সহজসাধ্য হৈ উঠে৷ জাতিটোৰ ভৱিষ্যৎ ৰক্ষা কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব৷ চৰকাৰৰ লগতে সমূহ ৰাইজ, দল-সংগঠন, সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহ ইত্যাদি সকলোৱেই এইক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব৷ কেৱল কিতাপ কাকত আদিত সংৰক্ষিত তথ্যই আমাক সংস্কৃতিৰ সুৰক্ষা ক্ষেত্ৰত সম্পূৰ্ণ সহায় কৰিব নোৱাৰে৷

ঠায়ে ঠায়ে বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰি ভিন ভিন নৃত্য গীত বাদ্যৰ চৰ্চা আৰু ব্যৱহাৰ সম্পৰ্কে প্ৰচাৰ তথা অভ্যাস কৰিব পৰা যায়৷ দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানৰ মাজতে বিৰতিৰ সময়ছোৱাত ভিন ভিন ব্যৱসায়িক বিজ্ঞাপনসমূহৰ লগতে জনগোষ্ঠীয় নৃত্য বা গীত একোটা প্ৰদৰ্শন কৰিব পৰা যায়৷ চিনেমাহলত চিনেমা প্ৰদৰ্শনৰ আগত ৰাষ্ট্ৰীয় সংগীত গোৱাটো বাধ্যতামূলক কৰাৰ দৰে থলুৱা সংস্কৃতিৰ সৈতে জড়িত কাৰ্যসূচী সংযুক্ত কৰিব পাৰি৷ ভিন ভিন তথ্যসম্বলিত তথ্যচিত্ৰ প্ৰস্তুত কৰোৱা আৰু প্ৰচাৰৰ ব্যৱস্থা হাতত লোৱা যাওক৷ একেদৰে শিক্ষানুষ্ঠান সমূহতো আমি লোকসংস্কৃতিৰ সৈতে জড়িত বিভিন্ন কথা কাৰ্য অন্তৰ্ভুক্ত কৰিব পাৰো৷ বিদ্যালয়ৰ প্ৰাতঃসভাসমূহত নৈমিত্তিক কাৰ্যসূচীৰ লগতে থলুৱা লোকনৃত্য, লোকগীতৰ কাৰ্যসূচীও দিব পৰা যায়৷ সপ্তাহত এদিন বিদ্যালয়ত পৰম্পৰাগত সাজপাৰ পিন্ধি যোৱাৰ প্ৰস্তাৱ দিব পাৰি৷ একেদৰে পাঠ্যক্ৰম সমূহতো সাংস্কৃতিক পাঠদান বা শিক্ষকৰ উপস্থিতি অন্তৰ্ভুক্ত কৰিব পাৰি৷ সংগীত বা নৃত্যকলাৰ বিদ্যালয় বা আন প্ৰশিক্ষণ অনুষ্ঠানসমূহতো জনগোষ্ঠীয় নৃত্য গীত বাদ্যৰ ব্যৱহাৰ বাধ্যতামূলক কৰিব পাৰিলে বহুখিনি সুফল পোৱা যাব যেন লাগে৷ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ সম্পৰ্কে কৰ্মশালা বা আলোচনাচক্ৰ অনুষ্ঠিত কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিব পৰা যায়৷

বিভিন্ন তথ্যসম্বলিত ভিডিঅ’ বা চুটি তথ্যচিত্ৰসমূহ ইউটিউবত প্ৰচাৰ আৰু সংৰক্ষণৰ ব্যৱস্থাইও এইক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব পাৰে৷ বাহিৰৰ দেশসমূহ এইক্ষেত্ৰত চকুত লগাকৈ আগবঢ়া৷ পিয়াঁজৰ বাকলি এৰোৱাৰপৰা হাঁহৰ পাখি গুচোৱালৈকে সূক্ষ্মাতিসূক্ষ্ম কাম বা তথ্যসমূহো ইউটিউবত উপলব্ধ আৰু আমি উপকৃতও৷ সেইদৰে আমাৰ সমাজ সংস্কৃতিৰ সৈতে জড়িত আচাৰ-পৰম্পৰাসমূহো যদি আমি এই ব্যৱস্থাৰে প্ৰচাৰ তথা সংৰক্ষণৰ চিন্তা কৰো, আমাৰ লগতে আমাৰ উত্তৰপ্ৰজন্মও উপকৃত হ’ব৷ পিঠা-জলপান আদি তৈয়াৰ কৰা, বিভিন্ন খাদ্য প্ৰণালী, বোৱন-কাটন, ঊল গোঁঠাৰ কৌশল, ফুলৰ চানেকি, নৃত্যকলা, গীত-বাদ্যৰ সঠিক ব্যৱহাৰ তথা উপস্থাপন, ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ পৰিচয়, সংৰক্ষণ সচেতনতা ইত্যাদি ধৰণৰ সৰু সৰু অথচ অতীব প্ৰয়োজনীয় কথাবোৰ আমি এই ইউটিউব ভিডিঅ’সমূহৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰৰ উপৰি সংৰক্ষণৰ সুব্যৱস্থা হাতত লব পাৰো৷

আশাকৰো শুভ দিন সমাগত৷

ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলো৷ নতুন বছৰ সকলোৰে বাবে সুখকৰ হওক৷

মেঘালী দিহিঙীয়া
সম্পাদক, সাহিত্য ডট অৰ্গ
এপ্ৰিল ২০১৭

5 thoughts on “সম্পাদকীয়- মেঘালী দিহিঙীয়া

  • April 22, 2017 at 1:41 am
    Permalink

    বহাগ মাহৰ প্ৰথম দিনা খনযে গৰু বিহু কোৱা হয় বা গৰু বিহু পালন কৰা হয় , ইয়াৰ তাৎপৰ্য্য ও ব্যাখ্যা হোৱা হলে আৰু ভাল আছিল । আপোনাৰ লিখনি পঢ়ি ভাল লাগে ।

    Reply
  • April 22, 2017 at 3:03 pm
    Permalink

    ভাল লাগিল।সম্পাদকীটো পঢ়িলো।অসমীয়া জাতি জীয়াই থাকিবলৈ হলে অমাৰ পৰম্পৰা কলা কৃষ্টি সমূহ জীয়াই ৰাখিবই লাগিব।

    Reply
  • April 23, 2017 at 11:50 pm
    Permalink

    ভাল লাগিল

    Reply
  • May 1, 2017 at 3:06 pm
    Permalink

    বহুত ভাল লাগিল

    Reply
  • May 7, 2017 at 5:47 pm
    Permalink

    সুন্দৰ উপস্থাপনেৰে সুন্দৰ সম্পাদকীয়
    সুন্দৰ সংকলন

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!