সম্পাদকীয় (মৌচুমী বৰি)

অলপ জীৱনমুখী চিন্তা:

প্ৰতিজন মানুহৰ মাজতে ইতিবাচক আৰু নেতিবাচক ধ্যান-ধাৰণা বা চিন্তন ওচৰা-উচৰিকৈ বাস কৰে৷ এজন ইতিবাচক ব্যক্তিয়ে এটা দিনৰ শেষত, এটি সুন্দৰ দিন উপহাৰ দিয়াৰ বাবে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হৈ ৰয় আৰু ন-উদ্যমেৰে নতুন দিনৰ বাবে অপেক্ষা কৰে৷ কিন্তুু এজন নেতিবাচক ব্যক্তিৰ দিনটো শেষ হোৱাৰ লগে লগে মনৰ বেলিও ডুব যায়৷ জীৱনৰ পৰা এটা দিন নাইকিয়া হ’ল বুলি হতাশাত ভোগে৷ প্ৰকৃততে ইতিবাচক বা নেতিবাচক –এই দুয়োটাই আমাৰ মনৰ নিজস্ব দৃষ্টিভংগী (attitude) মাথোঁ৷ উইলিয়াম মেকপীচ থেকাৰে নামৰ এজন চিন্তাবিদৰ এষাৰ উক্তি প্ৰণিধানযোগ্য – “সংসাৰখন এখন দাপোণ, প্ৰতিজন লোকেই ইয়াত নিজৰ নিজৰ মুখখনৰ প্ৰতিফলন দেখিবলৈ পায়৷ ঘোপা চাৱনিৰে চালে সংসাৰেও তোমাক ঘোপা চাৱনিৰে চাব, হাঁহি হাঁহি চালে দেখিবা সংসাৰখন এক ৰঙীয়াল বিশ্বস্ত সংগী”৷

অলপতে হোৱাটচ-এপত এটা সৰু কাহিনী পঢ়িবলৈ পাইছিলোঁ –
এবাৰ এখন আশ্ৰমত শিষ্যই গুৰুক ক’লে – “গুৰুদেৱ, আপোনাৰ এজন ভক্তই আশ্ৰমত উপহাৰস্বৰূপে এজনী গাইগৰু দি গৈছে”৷
গুৰুৱে ক’লে – “ভালেই হৈছে, আমি সকলোৱে গাখীৰ খাবলৈ পাম”৷
এসপ্তাহৰ পিছত শিষ্যই পুনৰ গুৰুক ক’লে – “গুৰুদেৱ, আপোনাৰ ভক্তজনে উপহাৰ দিয়া গাইজনী আজি ঘূৰাই লৈ গ’ল”৷
তেতিয়া গুৰুৱে ক’লে – “ভালেই হৈছে৷ ৰাতিপুৱা উঠিয়েই গোবৰ পেলোৱা জঞ্জালৰ পৰা মুক্তি পালোঁ”৷ কাহিনীটোত গুৰুৱে পৰিবেশ সলনি হোৱাৰ লগে লগে শান্তভাৱে নিজৰ মনৰ স্থিতিও সলনি কৰিছে৷ নিজৰ দৃষ্টিভংগী ইতিবাচক দিশত লৈ যোৱা বাবেই তেওঁৰ মনৰ শান্তি বিঘ্নিত নহ’ল৷
ইতিবাচক চিন্তাৰ অসীম শক্তি আছে৷ এটা ইতিবাচক চিন্তাই একহেজাৰ নেতিবাচক চিন্তাক জয় কৰিব পাৰে৷ ইতিবাচক চিন্তাৰ শক্তিৰে গোটেই বিশ্বতে উদ্ভাসি উঠা বিজ্ঞানী- ষ্টিফেন হকিং, কবি জন কীটছ, সংগীতজ্ঞ বিথোফেন আদি মনিষী সকলৰ প্ৰেৰণাদায়ী জীৱনৰ কথা কিতাপৰ পাতে পাতে আমি পঢ়িবলৈ পাওঁ৷ এই মনিষী সকলৰ জীৱনৰ সাফল্যৰ আঁৰত কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা, অপৰাজেয় ইতিবাচক মন তথা আশাবাদ আৰু প্ৰৱল অনুসন্ধিৎসাৰ সংমিশ্ৰন ঘটিছিল৷
জেক কেনফিল্ডে Chicken Soup For The Soul গ্ৰন্থত লিখিছে – “আশাবাদী চিন্তাই যে কেৱল তোমাক সমৃদ্ধ কৰে সেইয়া নহয়, তোমাৰ শুভচিন্তাই গোটেই বিশ্বতে এক ইতিবাচক তৰংগৰো সৃষ্টি কৰে৷ ” আমি জীৱনত যেতিয়া কিবা এটা পাব বিচাৰোঁ তেতিয়া আমাৰ মনত এক সন্মোহন শক্তি উন্মুক্ত হয় আৰু বিশ্বব্ৰহ্মাণ্ডৰ আকৰ্ষণ সূত্ৰানুযায়ী আমি বিচৰা বস্তুটো আমাৰ নিচেই কাষতে আহি ৰয়হি৷ কিন্তুু যেতিয়া আমি বেয়া হ’ব বুলি আশংকা কৰোঁ, তেতিয়া আমাৰ মনত এক বিকৰ্ষক শক্তিৰ উদ্ৰেক হয় আৰু সেই শক্তিয়ে আমাৰ মনৰ পৰা আটাইতকৈ ভালটো আঁতৰাই পেলায়৷ বিশ্বাস, আস্থা, পৰিশ্ৰম আৰু আশাবাদী মনৰ মিশ্ৰণে অসম্ভৱ বুলি ধৰি লোৱা কথা একোটাকো সম্ভৱ কৰি তোলে৷
সেয়ে আহক ইতিবাচক চিন্তাৰে আমি আমাৰ জীৱনটো আগুৱাই নিওঁ আৰু এখন সুন্দৰ সমাজ গঢ়াত অৰিহণা যোগাওঁ৷

অলপ অন্য প্ৰসঙ্গ:
অসমৰ বান:

অসমত প্ৰতি বছৰে প্ৰলয়ংকৰী বান আৰু সমান্তৰালভাৱে গৰাখহনীয়াই জনজীৱনলৈ সীমাহীন দুখ-দুৰ্গতি আৰু বিপৰ্যয় কঢ়িয়াই আনে৷ বানপানীৰ কবলত বহুলোকৰ প্ৰাণহানি হোৱাৰ উপৰি পশুধন-কৃষিভূমিৰ শইচৰ হানি-বিঘিণি হয়৷ তদুপৰি নিজৰ আজোককাৰ দিনৰপৰা বসবাস কৰি অহা ভেটি-মাটি চকুৰ আগতে নৈত বিলীন হৈ সৰ্বস্বান্ত হোৱা জনৰ মৰ্মন্তুদ কাহিনী আজি অসমৰ চিনাকি আৰু সুলভ দৃশ্য হৈ পৰিছে৷ বানগ্ৰস্ত মানুহক সহায় কৰিবৰ বাবে বিভিন্ন সংগঠনৰ পৰা ধৰি ব্যক্তিগত ভাৱে হ’লেও বহুতো হৃদয়ৱান লোক সাহায্যৰ বাবে আগবাঢ়ি অহা দেখা যায়৷ এই ক্ষেত্ৰত চৰকাৰেও ক্ষন্তেকীয়া চিন্তাৰে মাথোঁ দুৰ্ভগীয়া লোক সকলৰ সাহায্যৰ বাবে আগবাঢ়ি আহে৷ জোৰা-টাপলি মাৰি সমস্যাৰ সমাধান কৰি থয়, স্থায়ী সমাধান নহয়৷ এসময়ত হোৱাং হো নদী চীনৰ দুখৰ কাৰণ আছিল কিন্তুু এতিয়া চীনৰ বাবে সেই হোৱাংহো নদী সমৃদ্ধিৰ কাৰণ হৈ পৰিছে৷ লুইত আৰু ইয়াৰ উপনৈ সমূহৰ জলশক্তিৰ ঋণাত্মক দিশবোৰ ধনাত্মক শক্তিৰে মষিমূৰ কৰি আমাৰ লুইতখনিকো আমি সমৃদ্ধিৰ কাৰক কৰি তুলিব নোৱাৰিমনে? এইক্ষেত্ৰত নিশ্চয় কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে মানৱ জাতিৰ কল্যাণ আৰু প্ৰগতিৰ দিশত জলসম্পদৰ সদ্ব্যহাৰ কৰি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হোৱা উচিত৷

ৰিঅ’ অলিম্পিক ২০১৬:
এইবাৰ ৰিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ মূল বিষয় আছিল “প্ৰদূষণ প্ৰতিৰোধ”৷ইয়াৰ অংশ হিচাপে প্ৰতিগৰাকী এথলিটক একোটাকৈ গছপুলি ৰুবলৈ কোৱা হৈছে৷আশা কৰা হৈছে– কম দিনৰ ভিতৰতে ৰিঅ’ত “এথলিট ফৰেষ্ট” এখন গঢ়ি উঠিব৷নি:সন্দেহে এইয়া এক ইতিবাচক পদক্ষেপ৷অলিম্পিকত আমাৰ ভাৰতৰ পৰা এশজনৰো ওপৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷ ৷ খেলুৱৈ সকলৰ পৰা দেশবাসীয়ে যিমান আশাৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি বাট চাইছিল সেই হিচাপত পদক লাভৰ ক্ষেত্ৰত আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷সেইবাবে বহুজনে খেলুৱৈ সকলক সমালোচনা কৰা দেখা গৈছে ৷ কিছু সংখ্যক লোকৰ মতে ই এক অৰ্থৰ অপচয় হে মাথোঁ৷ কিন্তু অলিম্পিকৰ দৰে পৃথিৱীৰ সৰ্ববৃহৎ খেল মঞ্চত যোগদান কৰি যোগ্য প্ৰতিদ্বন্দিতা আগবঢ়াব পৰাটোও এক বৃহৎ সফলতাই৷প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি লাভ কৰা অভিজ্ঞতাই প্ৰতিজন খেলুৱৈক তেওঁলোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে দেশৰ ক্ৰীড়া ক্ষেত্ৰতো এক যোগাত্মক দিশ সূচনা কৰিব বুলি নিশ্চয় আশা কৰিব পৰা যায়৷শেহতীয়াকৈ দীপা কৰ্মকাৰে জিমনাষ্টিকত শীৰ্ষ চাৰিৰ ভিতৰত নিজক মজুত ৰাখিবলৈ সক্ষম হ’ল, তাৰপিছতেই সাক্ষী মালিকে মহিলা শাখাৰ কুস্তিত ব্ৰঞ্জৰ পদক আৰু পি ভি সিন্ধুই বেডমিন্টনৰ মহিলাশাখাত ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে ভাৰতৰ মহিলা জিমনাষ্টিক,কুস্তি আৰু বেডমিন্টনত এক নতুন দিগন্তৰ সূচনা কৰিলে৷আমি দেশবাসীয়ে তেওঁলোকক লৈ সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ৷বৰ্তমান দেশৰ অন্য এক প্ৰত্যাহবান “কন্যা সন্তান” ৰক্ষাৰ ক্ষেত্ৰত এই তিনিগৰাকী মহিলা খেলুৱৈৰ সফলতাই দেশৰ জনজীৱনত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি৷

সামৰণিত একাষাৰ:-
যোৱা ৫ আগষ্ট,২০১৬ তাৰিখে অসম বাসীক কন্দুৱাই অনন্তধামলৈ গতি কৰা অসমীয়া সাহিত্য জগতৰ মহীৰূহ স্বৰ্গীয় মহিম বৰা দেৱলৈ সাহিত্য ডট অৰ্গৰ ফালৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলোঁ৷
অসমীয়া সাহিত্য জগতৰ বটবৃক্ষস্বৰূপ শ্ৰদ্ধেয় হোমেন বৰগোহাঞি ছাৰে তেওঁৰ আপুৰুগীয়া দুটি লেখা ইউনিকডলৈ ৰূপান্তৰ কৰিবলৈ অনুমতি দিয়া বাবে তেওঁলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷
কৃতজ্ঞতা জনাইছোঁ–
“অসমীয়াত কথা বতৰা গোট”ৰ সন্মানীয় প্ৰশাসকবৃন্দ প্ৰমুখ্যে “সাহিত্য ডট অৰ্গ”ৰ স্থায়ী সম্পাদনা সমিতিৰ সমূহ সদস্যবৃন্দলৈ

ঈশানজ্যোতি বৰা, প্ৰাণজ্যোতি নাথ, সুব্ৰতা গোস্বামী, নৱাকাশ, জয় দ্বীপ, মনোহৰ দত্ত, ৰূপাঙ্কৰ চৌধুৰী, ধ্ৰুৱজ্যোতি শৰ্মা, মল্লিকা কলিতা, শেৱালি দত্ত,অনুপমা বৰগোহাঁই, ভৈৰৱ পাৱে আৰু এই সময়ত নাম মনলৈ নহা শুভাকাংক্ষী সকল….

অসমীয়াত কথা বতৰা গোটৰ সন্মানীয় সদস্যবৃন্দ

সেইসকল লেখকলৈ–যি সকলৰ লেখাৰে আগষ্ট সংখ্যাৰ সাহিত্য ডট অৰ্গ সমৃদ্ধ হ’ল

অজস্ৰ ভুল-ত্ৰুটি আমাৰ অজ্ঞানতা বা সীমাবদ্ধতাৰ বাবে থাকি যাব পাৰে৷ পাঠকে মৰমেৰে আদৰি লৈ সেই সমূহ শুধৰাই ল’ব বুলি আমি আশাবাদী৷

ধন্যবাদ সহকাৰে

মৌচুমী বৰি

সম্পাদক,সাহিত্য ডট অৰ্গ , আগষ্ট সংখ্যা

2 thoughts on “সম্পাদকীয় (মৌচুমী বৰি)

  • August 22, 2016 at 12:15 am
    Permalink

    সাম্প্ৰতিক সময়ৰ প্ৰাসংগিক বিষয় সমূহৰ সাৱলীল বিশ্লেষণ আৰু নিৰ্মোহ মন্তব্যই সম্পাদকীয়টোক এক গুৰুমাত্ৰা প্ৰদান কৰিছে৷ এগৰাকী ইলেক্ট্ৰনিক্সৰ অভিযন্তা হৈয়ো সাহিত্য ডট অৰ্গৰ দৰে এখন আলোচনীৰ সম্পাদনা কৰিব পৰাটো ‘ইতিবাচক চিন্তাৰ অসীম শক্তিৰ ফল’ বুলিব পাৰি৷——আশীৰ্বাদ আৰু শুভকামনা সদায় থাকিব৷

    Reply
  • August 23, 2016 at 3:09 pm
    Permalink

    অসমীয়া কাকতত পঢ়িবলৈ পালো ‘,,,,হাতীৰ নৱজাতকক লৈ,,,,”. ইয়াত নৱজাতক ব্যৱহাৰ কৰা উচিত নে?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!