সম্পাদকীয় -(উৎপলা কৌৰ)

কলীয়া ডাৱৰ আৰু ঝিলিৰ মাতে গভীৰ আৰু জয়াল কৰি তোলা বৰ্ষণমুখৰ চুটি ৰাতিবোৰ দীঘল হৈ কুঁৱলীৰ সাঁজ পিন্ধালৈকে বুকুত যে কেনে সুন্দৰ সময় কিছু সাৱটি ল’য় সেই কথা নুবুজিছিলো৷ শেৱালিৰ সুবাসৰ মধুৰতা, নীল আকাশত শুভ্ৰ ডাৱৰৰ লুকা-ভাকু, গলিত ৰূপৰ দৰে জোনাকেও সেয়া যে শৰত শিশুমনে বুজিব পৰা নাছিল। এটা বছৰৰ পৰা আন এটা বছৰলৈ কেৱল এটাই অপেক্ষা আছিল– “দুৰ্গা পূজা”ৰ । পুতলা, সাপ বেলুন, পেঁপা, প্লাষ্টিকৰ চচমা, জেলেপী আৰু পঠা মাংসৰে ভৰা দিনকেইটা! বেলবৰণৰ দিনাৰ পৰা যে দশমীলৈ দিনকেইটা ইমান সোনকালে শেষ হৈ যায়। দশমীৰ দিনা ঘৰৰ আগেৰে অঞ্চলটোৰ পূজা দুখনৰ প্ৰতিমা ভাসনিৰ বাবে নিওঁতে দেখি শোকে খুন্দা মাৰি ধৰিছিল। আজিকালি দুৰ্গা পূজাই নতুন ৰূপ পালে। শেৱালিত, কঁহুৱা বা দুবৰিত নিয়ৰকণাতকৈ শ্বপিং মলৰ “ষ্টক ক্লিয়েৰেন্স ছেল আৰু অফাৰ”এ, পূজামণ্ডপৰ কৌতুহল বিজ্ঞাপনে আৰু বাতৰি কাকত/আলোচনীত পূজাৰ বৰ্ধিত কলেৱৰৰ বিজ্ঞাপনে শৰতৰ খবৰ আগতীয়াকৈ দিয়ে। পূজাৰ জাক-জমকতা, বৈদ্যুতিক চমকেৰে বিভিন্ন পূজা মণ্ডপৰ মাজত হোৱা প্ৰতিযোগিতাই আধ্যত্মিকতাক পিছ পেলোৱাৰ উপক্ৰম কৰিছে। বহুজাতিক কোম্পানীয়ে আমাক টোপ দি দৌৰাইছে, আমি টোপৰ পাছে পাছে দৌৰিছো, দৌৰোতে দিনচেৰেক আগলৈকে সাহাৰ্য শিবিৰত অনাহাৰে, অনিদ্ৰাই বানে গ্ৰাস কৰা আপোন ঘৰখনলৈ মনত পেলাই কঢ়া হুমুনিয়াহকেইটাক তল পেলাইছো অথবা আওকাণ কৰিছো।

ছাত্ৰীজীৱনত দেখা এটা ঘটনাই এতিয়াও বিবেকত দংশন কৰে। নৱম শ্ৰেণীমানত পঢ়ি থাকোতে আমাৰ গাঁৱৰ ডাঙৰ বৰগছ এডালৰ তলত নতুনকৈ দোকান এখন বহিল। কুকিচ, বৈয়ামত থোৱা বিস্কুট, ডালমুট, চাধা, কমলা টেঙাৰ মৰ্টন পোৱা, পৰিপাটিকৈ মাটিৰে ইকৰাৰ বেৰ লেপি সজা ঘৰ এটা। আগফালে দোকান। ভিতৰতে দোকানীজনো থাকে ৰাতি। দোকানীজনক সকলোৱে “বেজ বুঢ়া” বুলি মতা হ’ল; বেজালি কৰিছিল বোলে! এদিন দেখিলো গছডালৰ তলত দহ বছৰমান বয়সৰ ছোৱালী এজনীয়ে মুঢ়া পাৰি পঢ়ি আছে। ছোৱালীজনী অনাথ আৰু “বেজবুঢ়া”ই তাইক তুলি লৈছিল। তাৰ দুবছৰৰ পাছত গুৱাহাটীত পঢ়িবলৈ আহি বন্ধত ঘৰলৈ ঘূৰি যাওঁতে দোকানখন নেদেখিলোঁ। মাক সোধাত কথা সলাই থ’লে। পাছত ওচৰৰ বান্ধৱীৰ পৰা গম পালো ছোৱালীজনী ঢুকাল। তাই ঢুকুৱাৰ পাছত বেজ বুঢ়া গাঁও এৰি পলাল। ছোৱালীজনী ষষ্ঠমানত পঢ়ি থাকোঁতে অন্তঃসত্বা হৈছিল, দেউতাকৰূপী পাষণ্ডজনে মনে মনে গাঁৱলীয়া ঔষধেৰে তাইৰ গৰ্ভপাত কৰিবলৈ চেষ্টা কৰিছিল।

মা দুৰ্গাই শক্তি, দুৰ্গতিনাশিনী, পুৰুষে বলে নোৱাৰা দানৱ দমনকাৰী সেই আদ্যশক্তি,হিন্দুৰ উপাস্য দেৱী।

বাতৰিকাকতৰ মাজৰ পৃষ্ঠাৰ ক্ষুদ্ৰ স্থান এটুকুৰাই যেতিয়া “যৌতুকৰ বাবে নাৰীক অগ্নিদগ্ধ কৰা, শালীনতা হানি কৰা অথবা নাৰীৰ জীৱনলৈ অন্যধৰণেৰে  ভাবুকি অনা ” আদি অমানবীয় বাতৰিবোৰ কঢ়িয়াই আনে তেতিয়াই এই শক্তি পূজা অৰ্থ আৰু আমাৰ সমাজখনৰ পাৰ্থক্যটো ভাবিবলৈ বাধ্য হওঁ।

জন্মৰে পৰা, (নহয় জন্মৰ আগৰে পৰা) আমাৰ দেশত কন্যা শিশু বৈষম্যৰ বলি হয়। সুস্থ সবল শিশুয়েই আচলতে সমাজ এখনৰ আৰ্থ-সামাজিক অৱস্থাৰ মাপকাঠি। সমাজত একৰ পৰা পাঁচবছৰীয়া শিশুৰ মৃত্যুৰ হাৰে বহু কথাই নিৰ্ণয় কৰে। ভাৰত এনেকুৱা এখন দেশ য’ত উল্লেখিত বয়স সীমাৰ ভিতৰৰ শিশুৰ মৃত্যুৰ হাৰ ল’ৰা শিশুৰ তুলনাত ছোৱালীৰ সংখ্যা বহু বেছি। এই সংখ্যা উচ্চবিত্ত সমাজতকৈ নিম্নবিত্ত শ্ৰেণীৰ মাজত আকৌ বেছি। বহু কঠোৰ আইন প্ৰণয়ন কৰাৰ পাছতো যৌতুকৰ নিচিনা কুপ্ৰথা বিলুপ্ত হোৱা নাই, সেয়ে নিম্ন বা মধ্যবিত্ত শ্ৰেণীৰ কন্যাশিশুবোৰক বহু পৰিয়ালে বোজাস্বৰূপ জ্ঞান কৰে আৰু প্ৰতিটো ক্ষেত্ৰতে পৰিয়ালৰ ল’ৰা শিশুৰ তুলনাত বৈষম্যৰ বলি হয়। প্ৰাপ্তবয়স্ক নৌহওঁতে বিয়া দিয়া কোমল বয়সীয়া অযত্নপালিত ছোৱালীবোৰ সন্তান জন্ম দিবলৈ গৈ অকালতে বাৰ্ধক্যক আকোঁৱালি লয় অথবা মৃত্যুমুখত পৰে। নিজৰ পৰিয়ালতে, আপোনজনৰ হাততে যৌন নিৰ্যাতনৰ বলি হৈ গোটেই জীৱন এটা ৰুগীয়া মন কঢ়িয়াই ফুৰা ছোৱালীবোৰৰ কথা কোৱাই নাযায়। নাৰীৰ কল্যাণৰ অৰ্থে বহু আইন প্ৰবৰ্তন কৰা হৈছে যদিও যাক এই আইনসমূহৰ বেছি প্ৰয়োজন তেওঁলোক আইন সম্পৰ্কে সজাগ নহয়, অথচ যাক প্ৰয়োজন নাই সেইসকলে নিজৰ স্বাৰ্থত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ ফলত আইনসমূহ প্ৰণয়নৰ উদ্দেশ্য পূৰণ হোৱা নাই। শিক্ষা আৰু সজাগতাৰ অভাৱেই ইয়াৰ মূল কাৰণ। আকৌ কঠোৰতম হিচাপে প্ৰনয়ণ কৰা আইন কুব্যৱহাৰৰ ফলত পুনৰ শিথিল কৰিবলৈ ন্যায়পালিকা বাধ্য হৈছে। বহুক্ষেত্ৰত আইন কঠোৰ যদিও ন্যায়পালিকাৰ মুৰব্বীজনৰ সেই পুৰণিকলীয়া মানসিকতা হেঙাৰ হৈ থিয় দিছে।

“তিনি তালাক”, বহুগামী আৰু “নিকাহ হালালা”ই মুছলিম নাৰীৰ মৰ্যাদা অৱদমনৰ কাৰণ, বেআইনী আৰু অসাংবিধানিক বুলি দাবী জনাই একাংশ ইছলামধৰ্মী মহিলাই উচ্চতম ন্যায়ালয়ত কৰা আবেদন গৃহীত হোৱাৰ উপৰিও এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সঁহাৰি জনাই প্ৰশংসনীয় পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে । সকলো ধৰ্মৰ সকলো “পাৰ্চনেল ল'” বিলোপ কৰি সমগ্ৰ নাৰীৰ বাবে এক আইন প্ৰৱৰ্তন কৰিবলৈ “ল’ কমিছন অব ইণ্ডিয়া”ই গণভোটৰ আয়োজন কৰিছে।  বিষয়টো অত্যন্ত স্পৰ্শকাতৰ যদিও সফল হ’লে ভাৰতীয় নাৰীৰ বাবে এক নতুন যুগৰ সূচনা হ’ব।

কিন্তু আইনে কি কৰি দিব পাৰিব যদিহে আমাৰ মানসিকতাৰ সলনি নহয়? নিৰ্ভয়াকাণ্ডৰ পাছতো নাৰীজনিত অপৰাধ কমক চাৰি বাঢ়িছেহে। বিয়া দিয়াৰ পাছত ছোৱালী এজনীৰ ঘৰ কোনখন? মাকৰ ঘৰখন নহয়, সামান্য মতবিৰোধ হ’লে স্বামীৰ ঘৰখনো নিজৰ নহয়। অথচ আইনে পৈতৃকসম্পত্তিত ছোৱালীক সমঅধিকাৰ দিছে। স্বাৱলম্বী নহ’লে স্বামী পৰিত্যক্তা নাৰীৰ আমাৰ সমাজত কোনো “ঘৰ” নাই। বাতৰি কাকতৰ সৰু সৰু সেই বাতৰিবোৰে কি সূচায় ? অসমৰ বিভিন্ন থানাত নিতৌ ৰেজিষ্টাৰ হোৱা যৌতুকৰ গোচৰবোৰে কি সূচায়? তাৰে অৰ্ধেক ( উচ্চতম ন্যায়ালয়ে কোৱাৰ দৰে Legal Terrorism) মিছা বুলি ধৰিলেও বাকী অৰ্ধেক? মৃত্যুবোৰ? সমগ্ৰ ভাৰতৰ কথা ক’বলৈ নাযাওঁ, অসম এতিয়াও যৌতুকমুক্ত হৈ আছেনে ?

এই লেখাটো পঢ়ি থকা সকলো নাৰীকে ওপৰত কোৱা সমস্যাসমূহৰ পৰা মুক্ত বুলি ধৰিছো৷ কিন্তু এই এমুঠিমান নাৰীয়ে সমগ্ৰ সমাজক প্ৰতিনিধিত্ব নকৰে। নিজকে সজাগ, শিক্ষিত আৰু মুক্ত মনৰ বুলি ভাবি আগবাঢ়ো আহক। আমাৰ কন্যা-ভগ্নী-মাতৃৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰো। কন্যাশিশুটিৰ মুখত মা দুৰ্গাক বিচাৰি লওঁ। অন্যথা শক্তি পূজা এক প্ৰহসন হৈয়ে থাকিব।

sign-utpala

আলোকচিত্ৰ: পিনাক পি মহন্ত

Subscribe
Notify of
6 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

সুন্দৰ সম্পাদকীয় !!! লগতে সংকলনটোও সৰ্বাংগ সুন্দৰ হৈছে ৷ লাহে লাহে পঢিব লাগিব !

অগ্নিভ
4 years ago

সুন্দৰ সম্পাদকীয় !!! লগতে সংকলনটোও সৰ্বাংগ সুন্দৰ হৈছে ৷ লাহে লাহে পঢিব লাগিব !

Madhurima
4 years ago

বৰ ধুনীয়াকৈ লিখিলে বা

ৰাতানা
4 years ago

অতি সুন্দৰ সম্পাদকীয়।

উজ্জ্বল দিপ্লু
4 years ago

সুন্দৰ আৰু সাৱলীল সম্পাদকীয় বাইদেউ ৷

গায়ত্ৰী গোস্বামী
2 years ago

সাৱলীল ভাষাৰে নগ্ন বাস্তৱৰ ছবি এখন তুলি ধৰিলে । নাৰী শক্তি জাগ্ৰত হোৱাৰ কামনা কৰিলো ।