সম্পাদকীয় (অজয় লাল দত্ত)

দোমোজা আৰু দ্বন্দ্বৰ মাজেদি

(ক)

বেছি দিনৰ আগৰ কথা নহয়, হয়তো ডেৰ দশক পুৰণি কথা। ৰাতিপুৱা শুই উঠি প্ৰথমেই ঘৰৰ গোহালিৰ পৰা গৰুকেইটা সমুখৰ পদূলিলৈ উলিয়াই আনি বান্ধিব লাগে। দীঘল পদূলিৰ দুয়োকাষে থকা তামোলৰ গছ কেইজুপিতে গাইজনী বান্ধি গাখীৰ খীৰাবলৈ সুবিধা কৰি দিওঁ। তাৰ কাষতে থকা শেৱালি জোপাৰ তলসৰা শেৱালি ফুল সৰু খৰাহি এটাত আনি বুটলি পাকঘৰত থৈ আহোঁ। তেতিয়ালৈ আকাশবাণী ডিব্ৰুগড়েও মাত লগায়। ৰেডিঅ’টোত ভক্তি-সংগীত বাজি উঠাৰ লগে লগে মায়ে চোতাল সৰা সামৰি গাখীৰ খীৰাবলৈ লয়।
ভঁৰালতলৰ গোহালিৰ একোণে থকা হাঁহ, কুকুৰা কেইটা মেলি দিওঁ। হাঁহ পোৱালি কেইটাৰ বাবে কোৰখন লৈ কেঁচুৰ সন্ধান কৰোঁ, কাউৰীৰ সতে যুঁজ দিওঁ। গোহালিৰ গোবৰ সৰু কোৰখনেৰে চপাই নি লাও, বেঙেনা, শাক আদিত দিব পৰাকৈ কাষৰে গাত এটাত গোটাই থওঁ, মাজে মাজে ফল-ফুলৰ গছৰ গুৰিত সেইবোৰ দিওঁ। তাৰ পাছত হাত-ভৰি ধুই গৰম গাখীৰকণেৰে কাঁহৰ বাতিত “ভজা পিঠাগুৰি” এবাতি খাওঁ। তাৰ পাছত একেবাৰে চাৰে-আঠটাৰ গীতাঞ্জলি, সুগম সংগীতৰ অনুষ্ঠান আৰম্ভ হোৱালৈ পঢ়া-শুনা। তাৰ পাছত ঘৰৰ লাই-জাৱৰিৰে গৰমা-গৰম ভাত, তাৰ পাছত স্কুল। স্কুলৰ পৰা আহি ককাদেউতাৰ ডাঙৰ পুখুৰীটোত ভাত কেইটামান টোপ হিচাপে লৈ বৰশী বাওঁ। নতুনকৈ মেলা জাপানী কাৱৈবোৰ ভাতৰ টোপতে বৰকৈ খোঁটে, তিনি চাৰিজনী তুলি আনি বীৰদৰ্পে ঘৰত ভাজি লৈ, বাৰীৰ লাই-মূলাৰ লগত মামাৰ ঘৰৰ সৰিয়হৰ পকা  তেল মোহাৰি, ভাতকেইটা সোৱাদ লগাই খাওঁ। তাৰ পাছতে লৰ ধৰোঁ খেলা-ধূলাৰ বাবে, সমনীয়াৰ সতে সন্ধিয়াৰ বেলি ডুবা চাওঁ …..
সেয়া ঠিক অতীত নহয়, কিন্তু সময়ৰ গতিত যেন সেই দিনবোৰ হেৰাই গ’ল। এতিয়া হিচাপ কৰোঁ, সেই দিনত ঘৰত খোৱা প্ৰতিটো চাউল, আলু, কচু, লাই-জাৱৰি-শাক-পাত, মাটিমাহ বা ৰহৰ দাইল, মাছ, মাংস সকলো আছিল ঘৰৰ বা প্ৰতিবেশীৰ বাৰীৰ। নিমখ আৰু তেলৰ প্ৰয়োজনো বেছিভাগ সময়ত কল খাৰ আৰু ঘাই ঘৰত পেৰা পকা তেলেৰে পূৰণ হৈছিল। বজাৰ শব্দটোৰ সৈতে চিনাকি হোৱাৰ বিশেষ দৰকাৰ হোৱা নাছিল। বছৰটোৰ বাবে বেছি পৰিমাণৰ মাহ, আলু আদি সংগ্ৰহৰ বাবে আন প্ৰতিবেশী গাঁৱৰ কৃষক গোট খোৱা গ্ৰাম্য সাপ্তাহিক বজাৰখনেই আছিল একমাত্ৰ প্ৰয়োজন।
এক অৰ্থত ক’বলৈ গ’লে নিজৰ মৌলিক খাদ্যৰ প্ৰয়োজনীয়তাখিনি পূৰণৰ বাবে আনৰ মুখলৈ চাব লগা হোৱা নাছিল। ই এক প্ৰকাৰ আত্ম-নিৰ্ভৰশীলতাই নাছিলনে?
আজিৰ তাৰিখত সেই একেখন গাঁৱত পঞ্জাৱৰ চাউল, অন্ধ্ৰপ্ৰদেশৰ বৰফত দিয়া দহা-কাজ পাৰহৈ যোৱা মাছ, জৈৱ-প্ৰযুক্তিৰ ব্ৰইলাৰ, বেঙেনা, বিহাৰৰ আলু-পিঁয়াজ, ঢেকীয়াজুলিৰ শাক-পাত, আমূল তাজাৰ গাখীৰ অবিহনে জীৱন ধাৰণ যেন অসম্ভৱ! আগৰ সময় আছিল উৎপাদন নিৰ্ভৰ, এতিয়া যেন জীৱন মাথো “বজাৰ চালিত”! সেই “বজাৰ মুক্ত” স্ব-নিৰ্ভৰ সমাজখন যেন এতিয়া “মুক্ত বজাৰ”ৰ কেঁকোৰা চেঁপাত ধৰাশায়ী হৈ পৰিছে।
আজি ভাতৰ পাতত বহি চিন্তা কৰিব লগীয়া হৈছে- এই চাউলকঠা কাৰ খেতিৰ, এই আলু কোনে খেতি কৰা, কি সাৰ দিছে, এই বেঙেনা থলুৱা নে জৈৱ-প্ৰযুক্তিৰে মডিফাইড! এই ফুলকবি কি বেজিৰে ৰাতিৰে ভিতৰতে ফুলি উঠিল, এই মাছত কি বেজি দি সতেজ কৰি ৰাখিছে যোৱা এপষেক?  এইবোৰ চিন্তাৰ পোখাই ভাতৰ পাতত দিনে দিনে বঢ়াই আনিছে সুষম খাদ্যৰ অনিশ্চয়তা। চিন্তা হয় দিনে দিনে বাৰু আমি বিপদজনকভাৱে পৰ-নিৰ্ভৰশীল হ’বলৈ আৰম্ভ কৰা নাইনে ?

(খ)

সিদিনা অসমৰ এজন জ্যেষ্ঠ সাংবাদিক আহিছিল, সাগৰ তীৰত একেলগে খোজকাঢ়ি ফুৰোঁতে দাদাজনে ক্ষোভেৰে কৈছিল, “বিশ্বায়ন আৰু কোম্পানীৰ প্ৰভাৱত সলনি হৈছে অসমীয়া জীৱনধাৰা। মূলতঃ চাউল নিৰ্ভৰ অসমীয়াৰ পুৱাৰ জলপানৰ পৰা ৰাতিৰ আহাৰলৈ সকলো ৰূপান্তৰিত হৈছে ঘেঁহু নিৰ্ভৰ জীৱনধাৰালৈ। বিজ্ঞাপন আৰু ষ্ট্ৰেটেজিক মাৰ্কেটিঙৰ ফলত বিস্কুট, মেগী, ৰুটি, পৰঠা, চাওমিন আদি নিৰ্ভৰ জীৱনধাৰালৈ পৰিৱৰ্তিত হৈছে জীৱন। অসমীয়া থলুৱা জলপান, কোমল চাউল, চুঙা চাউল, চিৰা, পিঠা আদি পোৱা এখন হোটেল যদি ক’ৰবাত থাকিলহেঁতেন, তেন্তে সিও এক গৌৰৱৰ বিষয় হ’লহেতেন!” কথাবোৰে চিন্তাৰ পাক সলাইছিল। সঁচাই বিশ্বায়নৰ সতে যেন তাল মিলাই কোম্পানীৰ শ্ৰুতলিপিত গঢ়া হ’ব নীতি, সলনি হ’ব অভ্যাস, সলনি হ’ব জীৱনধাৰা, গ্ৰাস হ’ব সভ্যতা, সংস্কৃতি অথবা পৰম্পৰা….

(গ)

সৰু সৰু কথা! আগতে ঘৰৰ লাই গুটি দিলে গজিছিল, মূলা, ৰঙালাও সকলো। আজি সাধাৰণ গঞাই সোধে, আজিকালি গুটি কিয় নগজে? তাৰ উত্তৰ এনেকুৱাহে- মহাশয়, এতিয়া প্ৰত্যেকবাৰেই আপুনি কিনিব লাগিব বীজ! আগতে কুকুৰাই কণী পাৰিছিল, উমনি দিছিল, এতিয়া কোম্পানীৰ পৰা পোৱালি কিনাৰ বতৰ!  সকলোতে প্ৰযুক্তিৰ প্ৰসাৰ। প্ৰযুক্তিৰ প্ৰসাৰৰ সতেই যেন সাধাৰণ মানুহৰ পৰা শস্য, বীজৰ প্ৰাকৃতিক অধিকাৰ কুক্ষিগত হৈছে কোম্পানীৰ হাতলৈ। আগতে “সমাজবাদী” চিন্তানায়ক সকলে এনেবোৰ কথা প্ৰবন্ধত লিখোঁতে আমি হাঁহিছিলোঁ, কল্পনা-প্ৰসূত বুলি। এতিয়াহে কিন্তু কথাবোৰ নকৈ অনুভৱ কৰিবলৈ লৈছোঁ।
আগতে গুৱাহাটীৰ পাহাৰত থকা ৰাইজে নিজে দেওবাৰে দেওবাৰে শ্ৰমদান কৰিছিল, ৰাজহুৱা কুঁৱা খান্দিছিল। নিজৰাৰ পানী এক ঠাইত জমা কৰি ব্যৱহাৰ কৰিছিল। তলত থকাবোৰে নিজৰ দমকলত পানী পাইছিল। সময়ৰ সতে এতিয়া সেই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ গুৱাহাটীতে খোৱাপানী দুষ্প্ৰাপ্য! জলস্তৰ শুকাল, পৌৰ নিগমতো আকাল; পেয়জলৰ বাবে সতকাই “ব্ৰহ্ম-জল” কোম্পানীৰ টেংকাৰ নিৰ্ভৰ হোৱাৰ বাহিৰে মানুহৰ উপায় নোহোৱা হ’ল। যেতিয়া পানীৰ অধিকাৰ সাধাৰণ মানুহৰ পৰা হস্তগত কৰাৰ নীতিৰে আইন প্ৰণয়ন হৈছিল, তেতিয়াও এচাম প্ৰগতিশীল লেখকে তাৰ ফলত হ’ব পৰা সাধাৰণ মানুহৰ দুৰ্ভোগৰ কথা সকীয়াই দিছিল। তেতিয়াও আমি হাঁহিছিলো, কিন্তু এতিয়া পৰিস্থিতিয়ে অনুভৱবোৰ সলনি কৰিছে!
একেদৰে দেশৰ আন মহানগৰবোৰতো গেছ, বিজুলী আৰু পানী আদি মৌলিক প্ৰয়োজনীয় সামগ্ৰী যোগানৰ কাম ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ ব্যৱস্থা হ’ল। প্ৰাকৃতিক পানী, গেছৰ উৎসবোৰ কোম্পানীক লীজত দি দিয়া হ’ল। এতিয়া মহানগৰবাসীয়ে খোৱাপানীকণৰ বাবেও আকাশলংঘী দাম ভৰিছে। উৎসৰ পৰা যিমান পানী আহিছে, তাতোকৈ দুগুণ পৰিমাণৰ পানীৰ বিলিং কৰিছে জনতাক হেলাৰঙে, কাৰণ মিটাৰিঙো কোম্পানীৰ হাতত। চলি আছে কোম্পানীৰ লোকচান হোৱা বুলি একাউণ্ট দেখুৱাই (ৰাজনৈতিক নেতাৰ লগত মিতিৰালিৰে) গ্ৰাহকৰ পৰা সঘন মূল্যবৃদ্ধিৰে লুট কৰাৰ পদ্ধতি। কিন্তু এনে মৌলিক প্ৰয়োজন পূৰণৰ ঠিকা দিয়া কোম্পানীৰ হিচাপ-নিকাচ পৰীক্ষাৰ বাবে “কেগ”ৰ দৰে সাংবিধানিক সংস্থাকো হেনো অনুমতি নিদিয়াৰ সাহস কোম্পানীবোৰে দেখুৱাবলৈ লৈছে। গেছ আৰু বিজুলীৰ ক্ষেত্ৰতো একেই অৱস্থা।
দেশৰ কুখ্যাত কোম্পানী আইনৰ আঁৰ লৈ অবাধে বৃহৎ বৃহৎ কৰ্পৰেট ঠগবাজী তথা কেলেংকাৰী সংঘটিত হৈছে। ৰাজনৈতিক মহলো কোম্পানীৰ ধন লৈ দেশী-বিদেশী কোম্পানীৰ বহতীয়া হৈ শ্ৰুতলিপিত নীতি বা আইন বনোৱা সংস্থাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। বৰ্তমানৰ শাসন যেন চৰম পুঁজিবাদৰ একনায়কত্ববাদী শাসনলৈ ৰূপান্তৰিত হৈছে, যি আমাৰ সংবিধান প্ৰদত্ত এক “স্বাধীন গণতান্ত্ৰিক সমাজবাদী ৰাষ্ট্ৰ”ৰ ধাৰণাকো কক্ষচ্যুত কৰিছে।
ইও এক নতুন ধৰণৰ পৰাধীনতাই!

(ঘ)

সকলোৰে একোটা সীমা থাকে।
আজিৰ মানুহে ৰাসায়নিক সাৰে দমন কৰা খাদ্যৰ জগতৰ পৰা পুনৰ জৈৱিক সাৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ বাট বিচাৰিবলৈ আৰম্ভ কৰিছে। আনকি আমাৰ গৃহ জিলা ধেমাজিৰ পৰাও ক্ষুদ্ৰ খেতিয়কৰ জৈৱিক চাহ আৰু বাওধান বিদেশলৈ ৰপ্তানিৰ আশাব্যঞ্জক খবৰ আহিছে।
পশ্চিমীয়া সংস্কৃতিৰ মেচিন মে’ড সাজ-পাৰৰ পৃথিৱীতো মানুহে পুনৰ শিপিনীৰ হস্ত-কলাৰ চানেকিক ন-দৃষ্টিৰে চাবলৈ শিকিছে। ইলেকট্ৰিক বাদ্যৰ গীত-সংগীতৰ কোলাহলৰ মাজতো পুনৰ লোক-কলাৰ বাদ্য, সুৰ সংগীতৰ সন্ধানত মানুহ ব্ৰতী হৈছে। বিশ্বৰ জাতি-জনগোষ্ঠী সমূহে নিজৰ নিজৰ আত্ম-পৰিচয় বিচাৰিছে, নিজৰ কলা-সভ্যতা-সংস্কৃতিক সংৰক্ষণ কৰাৰ দিশত দিনে দিনে সচেতন হৈ আহিছে। এইবোৰ অতি যোগাত্মক কথা।
সেইদৰে ঘৰুৱা উৎপাদনক নিজৰ স্বাধীনতা ৰক্ষাৰ একমাত্ৰ চৰ্ত বুলি জ্ঞান কৰা দেশ বা জাতিসমূহে বৃহৎ বহুজাতিক কোম্পানীৰ হাতোৰাৰ সমুখতো শিৰ-নত নকৰি আদৰ্শ দেখুৱাইছে। সাধাৰণ জনতাৰ স্বাৰ্থক আগত ৰাখি দেশক কোম্পানীৰ হাতোৰাৰ পৰা বচাবলৈ ফিডেল কেষ্ট্ৰ’ৱে দেশৰ ষ্টক এক্সচেঞ্জটোকে বন্ধ কৰি জনসাধাৰণৰ বাবে চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ দৰে আদৰ্শবোৰো জিলিকি উঠিছে। ফিডেলৰ আদৰ্শৰ অনুগত তথা খাৰুৱা তেলৰ উৎপাদনেৰে পৃথিৱী কঁপোৱা ভেনেজুৱেলাৰ সদ্যপ্ৰয়াত ৰাষ্ট্ৰপতি হিউগ’ চাভেজে তেনে উদাহৰণ দাঙি ধৰি থৈ গৈছে। আজি আমাৰ দেশকো বিশ্বৰ আগত মূৰ দাঙি ৰ’ব পৰা এনে সাহসী, স্বাধীন তথা মুক্ত চিন্তা কৰিব পৰা ৰাষ্ট্ৰনেতাৰ অতীব প্ৰয়োজন হৈ পৰিছে। অনাগত দিনত ভাৰতীয় শিশুৰ দুচকুৰ লোতক ৰুধিবলৈ ই আমাৰ সমুখত এক ডাঙৰ প্ৰত্যাহ্বান বুলি অনুভৱ কৰিছোঁ।

(ঙ)

সাহিত্য চৰ্চাৰ এই মঞ্চত আগৰ “কাপোৰৰ মোনাধাৰী” ধৰণৰ বুদ্ধিজীৱীৰ ভিৰ নাই। তাৰ বিপৰীতে আধুনিক শিক্ষাৰে শিক্ষিত, দেশ-বিদেশ দেখা, তথ্য-প্ৰযুক্তিৰ প্ৰয়োগেৰে, তথ্যক তথ্যৰে, যুক্তিক যুক্তিৰে কাটিব পৰা এজাক তৰুণ সমবেত হৈছেহি। সেয়া অসমীয়া জাতিৰ বাবে অতিশয় আশাপ্ৰদ কথা।
গতিকে এই মঞ্চ হৈ উঠক “সহজাত প্ৰবৃত্তি-জনিত অনুভূতিৰ গল্প”ৰ উৰ্ধত, মানৱ জীৱনৰ মৌলিক সমস্যাৰাজিক বিশ্বৰ পৰিবৰ্তিত আৰ্থ-সামাজিক-ৰাজনৈতিক পটভূমিত, প্ৰচলিত সমাজ-ব্যৱস্থাৰ মজিয়াত অস্ত্ৰোপচাৰ তথা বিশ্লেষণ কৰাৰ এক মঞ্চ। স্বাধীন তথা মুক্ত চিন্তাৰ ধাৰাত বৈ আহক প্ৰগতিশীল চিন্তাৰ স্ৰোত, যি যুগৰ সতে পৰিৱৰ্তিত সমাজখনক এক সঠিক দিক্-দৰ্শন দিব পাৰিব। যি সাহিত্যৰ প্ৰবাহত ভাষা-সংস্কৃতি-পৰম্পৰাৰ শিপা নিকপকপীয়া হ’ব, আৰু এক জ্ঞান বৃক্ষৰ ৰূপত নতুন দিনৰ ৰ’দালিত অনাগত প্ৰজন্মৰ বাবে “মানসিক খাদ্য” সংশ্লেষিত কৰি ডালে-পাতে ফলে-ফুলে জাতিষ্কাৰ হৈ ৰ’ব।

Subscribe
Notify of
16 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

ঠিক আজিৰ পৰা দুই দশক আগতে মুক্তবজাৰ অৰ্থনীতি আৰু গেট চুক্তিক বিৰোধ কৰি লিখা এটা লেখা পঢ়িছিলো , তাতে পাইছিলো — ” আপোনাৰ পত্নীৰ মাহে মাহে প্ৰয়োজন হোৱা সেই বিশেষ গোপন কাপোৰৰ টুকুৰা কেইটাৰ বাবেও আপুনি কোনোবা বিদেশী কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰিবগৈ লাগিব।” বাক্যটো পঢ়ি সদ্য যৌৱনপ্ৰাপ্ত আমিবোৰে এক আদিম ৰস লৈ তেতিয়া হাঁহিছিলো , কিন্ত এতিয়া সেই শাৰী বাক্যক যেন মাহে মাহে আওৰাও ।
গাঁৱৰ সাদিনীয়া বজাৰবোৰে আমাৰ অসমীয়া সমাজখনৰ ভেঁটিটোক সপ্তাহে সপ্তাহে মজবুত কৰি লৈ আহিছিল আৰু ইয়াৰ বিপৰীতে দৈত্যকায় ৰূপত আৰ্বিভাব হোৱা মুক্ত বজাৰখনে আমাৰ সাতামপুৰুষীয়া সমাজখনক এফালৰ পৰা গিলি আহিছে । একৈশ শতিকাত অসমীয়া সমাজখনৰ বাবে ইয়েই হৈছে চুড়ান্ত ট্ৰেজেদি ।

HomenSaikia (Moscow)
8 years ago

সম্পাদকীয়ৰ প্রথমাংশ মোৰ বাবে নষ্টাজিক। ভোগালী দিনবোৰ অতীত । ই প্রগিতি/পৰিবৰতনৰ নেতিবাচক ফল। প্রায় সমগ্র বিশ্ব মুক্ত বজাৰ মালিকাকানাৰ কবলত।তাৰ কবলত নপৰিবলৈ নিজৰ স্বকীয়তা বজায় ৰাখিব লাগিব। স্বকীয়তা সংৰক্ষণৰ বাবে প্রতিৰোধ ক্ষমতাৰ প্রয়োজন। যাৰ অভাৱ অসমীয়া সমাজত বিদ্যমান।
সামপ্রতিক দশকত একাংশ নতুন পুৰুষৰ সক্ৰীয় অসমীয়া সাহিত্য চৰচা অসমীয়া ভাষা-সাহিত্যৰ বাবে সুখবৰ। সাহিত্য.অৰগ ৰ নাম নিস্বয় লম।

Brajen Pathak
8 years ago

সম্পাদকীয় পঢ়ি বেচ ভাল লাগিল | অতি উত্তম আৰু সময়োপযোগী লেখা | গাওঁৰ বজাৰৰ পৰা বা সপ্তাহিক বজাৰৰ পৰা চুপাৰ মাৰ্কেটলৈ পৰিবৰ্তিত হোৱা পাইছো | সেয়ে পুজিপতিৰেই দিন ভাল হৈ আহিছে যেন দিনে প্ৰতিদিনে |

daradee disha das.
8 years ago

nbo~prjnmor maajore ejon hisaape bohukhini janibo parilu,,,,,,,,,,,,, xokolue kothakhini hridoingom koraa usit.

মৃন্ময় বৰুৱা
8 years ago

সুন্দৰ প্ৰকাশ 🙂
পৰিবৰ্তনৰ লগত খোজ মিলাই ভালখিনি আদৰি আগলৈ যোৱটো ভাল ।
হাৰ্বেল্, গ্ৰীন আদি শব্দবোৰ আজিকালি জনাজাত হবা ধৰিছে 🙂

Dipak Dahal
8 years ago

সময়োপযোগী সম্পাদকীয় পঢ়িভাল লাগিল। নষ্টালজিক অনু্ভৱৰে মনটো ভৰিপৰিল।ত্রিলোজী”খ্যাত আমিশৰ আগন্তুক কিতাপ খন লিখিবলৈ ৱেষ্টলেন্ড পাবলিকেশ্চনৰ সৈতে হোৱা পাচঁ কোটি টকাৰ অনুবন্ধনে(ডিল) প্রমান কৰে যে “ সাহিত্য চৰ্চাৰ এই মঞ্চত আগৰ “কাপোৰৰ মোনাধাৰী” ধৰণৰ বুদ্ধিজীৱীৰ ভিৰ নাই। তাৰ বিপৰীতে আধুনিক শিক্ষাৰে শিক্ষিত, দেশ-বিদেশ দেখা, তথ্য-প্ৰযুক্তিৰ প্ৰয়োগেৰে, তথ্যক তথ্যৰে, যুক্তিক যুক্তিৰে কাটিব পৰা এজাক তৰুণ সমবেত হৈছেহি।”

Anonymous
8 years ago

ভাল সম্পাদকীয় ৷ বিশ্বায়নৰ ফলত নিজৰ বীজৰ ওপৰতো কৃষকৰ অধিকাৰ নাথাকিব, হাইব্ৰিড বীজ প্ৰত্যেক বাৰেই কিনিব লাগিব ৷

পুলক গগৈ
8 years ago

খুব সুন্দৰ লাল ।এক সময়োপযোগী লিখনি ।

DrStuti Ranjeet Konwar
8 years ago

bhaal lagil pohi…..xundar hoise likhani tu….

manorom gogoi
8 years ago

excellent writing…..! axomiya pitha aru jalpanor hotel kholar mor bor mon….ami jadi amar agor khadya abhyasoloi ghuri jabo paro, tente asomor gryamya orthoneetir amum poribortan sombhov hobo…

Pankaj
8 years ago

apuni cotton collegeor SMHt thoka ajoy lal dutta hoine ? bhal lagil lekhatu

শান্তনু কৌশিক বৰুৱা
8 years ago

মননশীল চিন্তা, মনোজ্ঞ উপস্থাপনা| অভিনন্দন !

ত্ৰিদীপ দত্ত
8 years ago

অ’তি উন্নত মানদন্দৰ চিন্তাধাৰা আপোনাৰ অজয় দা ৷৷

Chandan Goswami
8 years ago

oti mononseel rosona..montu otitoloi ubhoti goisil..!anedhoronor aru lekha pai thakim buli asha korilu.

8 years ago

চিন্তন আৰু মননক জোকাৰি গৈছে৷

Raj Kumar Konwar
2 years ago

বৰ ভাল লাগিল পঢ়ি । ধন্যবাদ।