সম্পাদকীয়- (দেৱপ্ৰতীম-অমিতাভ-অ'দিত্য)

খেল বা ক্ৰীড়াৰ লগত মানুহৰ সম্পৰ্ক কেতিয়াৰ পৰা?     Editorial

এনে এটা প্ৰশ্ন যদি সোধা যায়, তেন্তে তাৰ উত্তৰ নিশ্চয় হ’ব অতীজৰে পৰা। মানৱ সভ্যতা আৰম্ভ হোৱাৰ দিনৰে পৰা মানুহৰ সম্পৰ্ক খেলৰ লগত। সেই কথাৰ প্ৰমাণ অতীতৰ পাত লুটিয়াই চালেই দেখা যায়। লাগিলে সেইয়া সিন্ধু সভ্যতাৰ সৰু সৰু ল’ৰা-ছোৱালীয়ে খেলা পুতলাই হওঁক বা গ্ৰীচ দেশৰ এথেন্সত আৰম্ভ হোৱা অলিম্পিকেই হওঁক খেল আৰু মানুহৰ সম্পৰ্ক এপাহ ফুল আৰু পখিলাৰ মাজৰ সম্পৰ্কৰ দৰে। ক’বলৈ গ’লে এটাক এৰি আনটো প্ৰায় অসম্পূৰ্ণ। কাৰণ মানুহক শাৰীৰিক তথা মানসিক ভাৱে সুস্থ ৰখাৰ আটাইতকৈ সহজ উপায়টো হ’ল খেল। মানুহক অতি সহজে সুস্থ-সৱল কৰি ৰখাৰ যাদুকৰী মন্ত্ৰটো খেলৰ মাজেৰে অতি সহজে লাভ কৰিব পৰাৰ কাৰণেই কিজানি এই সম্পৰ্ক দীৰ্ঘদিনীয়া।
অসমতো পুৰণি দিনৰে পৰাই মানুহে বহু খেলৰ মাজেৰে এই যাদুকৰী মন্ত্ৰ গাই আহিছে। এনে পুৰণি খেলৰ নাম লৈ কিজানি শেষ কৰিব নোৱাৰি। কণী যুঁজ, কড়ি খেল, ম’হ যুঁজ, ঘোৰা দৌৰ, তৰোৱাল খেল, শেন মেলা, কাড় খেল, বুলবুলি চৰাই যুঁজ, মাল যুঁজ, হাউখেল, ঘিলাখেল, ঘিলা, ৰচী টনা, কুকুৰা যুঁজ, বৈঠা বল, সাঁতোৰ-চিলনী, থিয় সাঁতোৰ, খুলিখেল, কুকুৰঠেঙীয়া আদি নানা ধৰণৰ খেলৰ মাজেৰে অসমীয়া মানুহে এই যাদু লাভ কৰি আহিছে। সময়ৰ সোঁতত এনে বহুতো খেল আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। হয়তো নতুন প্ৰজন্মৰ বহুতে এনে পুৰণি খেল কিছুমানৰ বিষয়ে আজিলৈকে শুনাও নাই।
বাল্যকাল আৰু ক্ৰীড়া:
সৰুতে গাঁৱৰ ঘৰলৈ যোৱাটো আছিল এটা অতি আনন্দৰ মূহুৰ্ত্ত। তাৰ আঁৰত আছিল কিছুমান খেল। গাঁৱৰ ঘৰলৈ গ’লেই বাৰীত সোমাই ৰবাব টেঙা গছৰ পৰা পাৰি সেই টেঙাৰে লগৰ ল’ৰাকেইটাৰ লগত ফুটবল খেলাটো আছিল এটা চখ। ঘিলা প্ৰথম গাঁৱতে দেখিছিলোঁ। টাংগুটি খেলাৰ আৰম্ভণিও গাঁৱতেই হৈছিল।
“বলটো কিনি দিয়াৰ পাছৰে পৰা খোৱা, শোৱা, পঢ়া সকলো পাহৰিলে সি। অকল বলটো লৈয়ে ব্যস্ত।”
ৰবাব টেঙাৰ ঠাই যেতিয়া বলে দখল কৰিলে তেতিয়া মা-দেউতাৰ পৰা এনে কথা শুনাত অভ্যস্ত হৈ পৰাটো একো ডাঙৰ কথা নহয়, কাৰণ তেতিয়া খোৱা-শোৱা আদি মূল কথা হৈ থকা নাছিল, হৈ পৰিছিল বলটো। স্কুললৈ সোনকালে যোৱাৰ প্ৰধান কাৰণ আছিল লগৰীয়াৰ লগত খেলা বিভিন্ন খেল, আৰু তাৰ কাৰণে পঢ়া-শুনা যেন আছিল মাথো এক আহিলা।
যদি আমি আজি যুগৰ ল’ৰা-ছোৱালীৰ কথা কওঁ তেন্তে দেখা পাম, সিহঁত যেন আমাৰ বাল্যকালৰ পৰা বহু দুৰৈত। যেতিয়া আমি ফুটবল বা ক্ৰিকেট খেলপথাৰত খেলিছিলোঁ আজিৰ ল’ৰা-ছোৱালীয়ে সেই একেই খেল খেলে কম্পিউটাৰৰ পৰ্দাত। তাৰোপৰি সিহঁতে শুনি পোৱা নাই আমি খেলা বহু খেলৰ নাম।
প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে এনে হোৱাটো স্বাভাৱিক। কিন্তু এই প্ৰযুক্তিয়ে যেন আজিৰ যুগৰ শিশুৰ বাল্যকালৰ সুন্দৰ মূহুৰ্ত্তবোৰ সিহঁতৰ পৰা আঁতৰ কৰিব নোৱাৰে সেইটো ধ্যান ৰখাটোও সমানেই জৰুৰী। কাৰণ পৰ্দাৰ এনে খেলে শিশুক মানসিক ভাৱেহে শক্তিশালী কৰিব, শাৰীৰিক ভাৱে নহয়।
গ্লেমাৰ নে মানদণ্ড?
ভাৰত এখন ক্ৰিকেট বলীয়া দেশ। খেল বুলি ক’লে ভাৰতত বহুতে ক্ৰিকেট বুলিয়েই জানে। ক্ৰিকেটে যেন আন আন খেলসমূহক গ্ৰাস কৰি পেলাইছে। অতীতত ভাৰত হকীত আছিল অপ্ৰতিদ্বন্দী এক শক্তি। ফুটবলটো ভাৰতক সহজতে উলাই কৰিব পৰা বিধৰ নাছিল। কিন্তু সময়ৰ লগে লগে ক্ৰিকেটে সকলো খেলকে সৰু কৰি পেলালে। ক্ৰিকেট ইমানেই জনপ্ৰিয় হৈ পৰিল যে এই খেলবিধৰ খেলুৱৈ কিছুমান হৈ পৰিল বহুতৰ বাবে ভগৱান স্বৰূপ। আন কিছুমান খেলতো যে ভাৰতৰ এটা দল, খেলুৱৈ আছে বহুতে পাহৰি পেলালে। ভাৰতীয় ক্ৰিকেটৰ সৰ্বেসৰ্বা বি.চি.চি.আই. পৃথিৱীৰ এটা অন্যতম ধনী ক্ৰীড়া সংস্থা। এই সংস্থাই ক্ৰিকেটক দেশত জনপ্ৰিয় কৰিবলৈ বহুতো নতুন নতুন আঁচনি হাতত লৈছিল। তাৰেই ফলস্বৰূপে ভাৰতত ক্ৰিকেটৰ এই ৰূপ আমি দেখিবলৈ পাইছো। সেইয়া আমি আই.পি.এল.ৰ সফলতা তথা জনপ্ৰিয়তা দ্বাৰাই গম পাব পাৰি। ভাৰতত খ্যাতি, টকাৰ খেল হৈ পৰিল ক্ৰিকেট। এনে গ্লেমাৰৰ বাবেই বহুতো আকৰ্ষিত হয় এই খেলবিধৰ প্ৰতি।
তেন্তে আন আন খেল সমূহক জনপ্ৰিয় কৰিবলৈ গ্লেমাৰৰ দৰকাৰ নেকি?
এবিধ খেলক জনপ্ৰিয় কৰিবলৈ খেলবিধত গ্লেমাৰ অনাটো আজিৰ দিনত দৰকাৰী বুলিয়েই ক’ব লাগিব। সেই গ্লেমাৰ আমি আই.পি.এল.ত দেখা তথা ফুটবলৰ ইংলীছ প্ৰিমীয়াৰ লীগ নতুবা লা-লীগাত দেখা পাইছো। ব্যৱসায়িক লাভালাভৰ খাতিৰত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান এনে লিগৰ লগত জড়িত হয়, কিন্তু গ্লেমাৰৰ খাতিৰত ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। এনে গ্লেমাৰ আনিবলৈ হকী তথা কাবাডীটো এনে লীগৰ আৰম্ভণি ভাৰতত কৰোৱা হৈছে।
এনে লীগ সমূহে খেলবিধক জনপ্ৰিয় কৰাৰ লগতে দেশৰ বিভিন্ন কোণৰ পৰা প্ৰতিভা বিচৰাত নিশ্চয় সহায় কৰিছে। হকীত ভাৰতীয় শক্তিৰ পুনৰ উত্থানে ইয়াকেই প্ৰমাণ কৰে। শেহতীয়াকৈ এই বছৰৰ পৰা আৰম্ভ হৈছে গুৱাহাটী তথা আন সাতখন মহানগৰীক ফ্ৰেন্সাইছি হিচাপে লৈ ইণ্ডিয়ান ছুপাৰ লীগ বা চমুকৈ আই.এছ.এল.। প্ৰায় ১২০ কোটি জনসংখ্যাৰ ভাৰতে আজিলৈকে ফুটবল বিশ্বকাপলৈ বুলি এটা দল পঠিয়াব নোৱাৰাটোৱে ফুটবল বিশ্বত নিজৰ দুৰ্বলতাৰ কথাকেই উদঙাই তোলে। সেই দুৰ্বলতা দুৰ কৰিবলৈয়ে এই লীগৰ প্ৰয়োজনীয়তা অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে এই লীগত হোৱা দৰ্শকৰ উপস্থিতি ইটালীৰ ছিৰি এ লীগ বা ফ্ৰান্সৰ লীগ  ১-তকৈও বেছি। ক্ৰিকেট বলীয়া দেশ এখনৰ বাবে ই এক নিশ্চয় শুভ সংবাদ।
বক্সিঙত মেৰী কম, বীজেন্দৰ সিঙৰ আদিৰ সফলতা; ছুটিঙত অভিনৱ বিন্দ্ৰা, ৰাজ্যবৰ্ধন সিং ৰাথোড় আদিৰ সফলতা; মল্ল যুঁজত সুশীল কুমাৰ, যোগেস্বৰ দত্ত আদিৰ সফলতাই এই খেল সমূহকো ভাৰতত জনপ্ৰিয় কৰি তুলিছে আৰু বিভিন্ন প্ৰতিযোগিতা সমূহত বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু বহুতো তথ্যৰ মতে এই প্ৰতিযোগী সকলে পোৱা সুবিধা যৎপৰোনস্তি নহয়।
তেন্তে এনে খেল সমূহৰ কাৰণেও আই.পি.এল. বা আই.এছ.এল.ৰ দৰে প্ৰতিযোগীতাৰ দৰকাৰ নেকি?
খেল এবিধক জনপ্ৰিয় কৰিবলৈ গ্লেমাৰৰ দৰকাৰ নিশ্চয় আছে। সেইয়া এই লীগ সমূহৰ জনপ্ৰিয়তাৰ পৰাই গম পাব পাৰি। কিন্তু গ্লেমাৰৰ লগতে খেলুৱৈ সকলক আগবাঢ়ি যাবলৈ সকলো ধৰণৰ সা-সুবিধা আগবঢ়োৱাটোও সমানেই দৰকাৰী। এই বিষয়ত ভাৰত চৰকাৰে উচিত পদক্ষেপ লোৱাটো অত্যন্ত জৰুৰী। কাৰণ গ্লেমাৰে খেলৰ জনপ্ৰিয়তাহে বঢ়াপ পাৰিব, মানদণ্ড নহয়; মানদণ্ডৰ বাবে দৰকাৰ খেলুৱৈসকলৰ পাবলগীয়া প্ৰয়োজনীয় সা-সুবিধা।
 
অ’দিত্য ৰঞ্জন দত্ত
দেৱ প্ৰতীম হাজৰিকা
অমিতাভ মহন্ত
সম্পাদক
সাহিত্য ডট্ অৰ্গ, নবেম্বৰ ২০১৪

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments