সম্পাদকীয় (মানসী গোস্বামী)

???????????????????
বিভেদ আৰু বিভ্ৰান্তিত অথৰ্ব এই সমাজ। আত্মপ্ৰত্যয়ৰ দীনতাই মানুহক দিকভ্ৰষ্ট কৰি তুলিছে। দৈনন্দিন জীৱনৰ অনিশ্চয়তা, সামাজিক –ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিত ছানি ধৰা হতাশাৰ সুৰুঙাৰে অন্ধবিশ্বাস নামৰ ঘাতকটোৱে ব্যক্তি আৰু সমাজক তিলতিলকৈ মৃত্যুদণ্ড বিহিছে। এক অৰ্থত, বিজ্ঞান, তথ্য প্ৰযুক্তি আৰু শিক্ষাৰ দ্ৰুত প্ৰগতিৰ পাছত অন্ধবিশ্বাসৰ এনে দৌৰাত্ম্য স্বৰূপাৰ্থতে নিঃশেষ হ’ব লাগিছিল। কিন্তু, পৰিতাপৰ কথা এয়ে যে, সেয়া বাস্তৱ জীৱনত হোৱা নাই।
পোনতে ক’ব পাৰি যে বিশ্বাস-লোকবিশ্বাস-অন্ধবিশ্বাস-বিজ্ঞানৰ মাজৰ দ্বন্দ্ব চিৰন্তন আৰু স্বাভাৱিক। সততে প্ৰশ্ন হয়, যুগ যুগ ধৰি পালন কৰি অহা নানানটা বিশ্বাসৰ সঁচাকৈয়ে কোনো ভেটি নাইনে? হয়তো বহুসময়ত কিছু কিছু লোকবিশ্বাসৰ পিছফালে থকা কাৰকৰ বিশ্লেষণ কৰি তাৰ যুক্তিযুক্ততাকো আলোচনা কৰা হয়। উদাহৰণস্বৰূপে, ‘পৱিত্ৰ অৰণ্যানি’ৰ (sacred groves)ধাৰণা বা ৰাজস্থানৰ ‘বিষ্ণই (bishnoi)’ জনগোষ্ঠীয় লোকৰ মাজত বৰ্তি থকা পৰম্পৰাই প্ৰকৃতি তথা বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত যোগাই অহা অৰিহণাৰ কথা অনস্বীকাৰ্য্য। কিন্তু, এনে আলোচনা কৰিবলৈ যাওঁতে আমি মনত ৰাখিবলগীয়া কথাটো হ’ল সংশ্লিষ্ট বিশ্বাসে পৰ্য্যবেক্ষণ তথা বিজ্ঞানসন্মত বিশ্লেষণৰ দৰে প্ৰক্ৰিয়াৰ মাজেৰে পৰিশোধিত হৈ আহিছে নে নাই বা সংক্ষেপে ক’বলৈ হ’লে ই বৈজ্ঞানিক অন্বেষণ প্ৰক্ৰিয়াৰ কষটি শিলত পৰীক্ষিত হয় নে নহয়। কিন্তু, অধিক ক্ষেত্ৰতে লোকবিশ্বাসৰ প্ৰতি মানুহে এনে বিশ্লেষণাত্মক মনোবৃত্তি পোষণ কৰা দেখা নাযায়।
প্ৰকৃত শিক্ষাৰ পোহৰে ভালকৈ ঢুকি নোপোৱা সমাজত লোকবিশ্বাস আৰু প্ৰথাগত ৰীতি-নীতিয়ে কেতিয়ানো অদৃশ্য সীমাৰেখা অতিক্ৰম কৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ৰূপ লয়, সেয়া অনুমান কৰা কঠিন। আৰ্থিক নিঃকিন অৱস্থা, জীৱন যাপনৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক সা-সুবিধাৰ অভাৱ তথা চৌপাশৰ নানা ঘটনা-পৰিঘটনা সম্পৰ্কে উপযুক্ত জ্ঞান আৰু সজাগতাৰ অভাৱে এনে সমাজসমূহত অন্ধবিশ্বাসৰ মন্থন, পোষণ আৰু বৰ্ধনত সাৰ-পানী যোগায়। এনে পৰিস্থিতিৰ অচিলাত ব্যক্তিগত মুনাফা লাভৰ উদ্দেশ্যৰে এচামে, অলৌকিকতা, পৰম্পৰাগত বিশ্বাস আৰু সংস্কাৰৰ নামত ৰাইজৰ মাজৰ আন এচামক “বলিৰ পঠা” সজাই ডাইনী, যখিনীৰ দৰে ধাৰণাৰ বহুল আৰু ব্যাপক প্ৰচাৰ চলায়। আমাৰ ৰাজ্যৰ চুকে-কোণে , প্ৰান্তীয় অঞ্চলবোৰত এনে মাৰাত্মক ঘটনা আজিকালি ভাতৰ স’তে পানী খোৱাৰ দৰে সহজাত হ’বলৈ লৈছে। কিন্তু অনাখৰী সমাজৰ এনে দুৰ্বল সামাজিক-আৰ্থিক প্ৰেক্ষাপটৰ বিপৰীতে তথাকথিত শিক্ষিত, তুলনামূলকভাৱে আধুনিক সমাজতো আমি অন্ধবিশ্বাসৰ প্ৰাদুৰ্ভাৱ দেখা পাওঁ। যাৰ পৰিণতিতে কম্পিউটাৰ বিজ্ঞানত গৱেষণাৰত, ডাঙৰ ডাঙৰ ‘এলগ’ৰিথিম’ লিখিব বা সমাধা কৰিব জনা, ‘প্ৰগামিং’ কৰিব জনা ছাত্ৰ-ছাত্ৰী বা শিক্ষকে, নামজ্বলা জ্যোতিষীয়ে কম্পিউটাৰত কোষ্ঠী বিশ্লেষণ কৰি দিয়া পৰামৰ্শ অনুযায়ী দুই হাতৰ আঙুলিত গ্ৰহ-নক্ষত্ৰৰ গতি নিয়ন্ত্ৰণ কৰিব পৰা তাবিজ, মাদলি, পাথৰ আদি পৰিধান কৰে, পৰিৱেশ বিজ্ঞানীয়ে ফেংচূই বিশেষজ্ঞৰ ব্যাখ্যা মানি উত্তৰৰ বতাহে অপকাৰ কৰিব বুলি ঘৰৰ নক্সা সলায় বা সেই বতাহক পৰিশোধন কৰিবলৈ ঘৰৰ সন্মুখতে অতিশয় দামী “লাফিং বুদ্ধ”ৰ মূৰ্তি স্থাপন কৰে! অৰ্থাৎ মৌলিক বিশ্লেষণৰ অভাৱ আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰ দৈন্যই এইচাম শিক্ষিত লোককো আমি আগেয়ে কৈ অহা তুলনামূলকভাৱে অসুবিধাজনক পৰিৱেশত স্থিত, ভীৰু, নানানটা ভ্ৰান্ত ধাৰণাৰে পৰিবেষ্টিত ৰাইজৰ সমপৰ্য্যায়ৰ কৰি তোলে।
একবিংশ শতিকাৰ দ্বিতীয়টো দশকৰ এই সময়ছোৱালৈ বিজ্ঞানৰ প্ৰগতিৰ দৌৰ যথেষ্ট খৰতকীয়া। নানা প্ৰযুক্তিৰ প্ৰয়োগেৰে মানুহৰ জীৱনযাত্ৰাক সহজ কৰি তোলা হৈছে। গাড়ী ওলাইছে, ন ন কৌশল থকা ইলেকট্ৰনিক গেজেট, দূৰভাষ যন্ত্ৰ, নানাৰকমৰ বৈশিষ্ট্য যুক্ত টেলিভিশ্যন তথা বৈদ্যুতিন গণ-মাধ্যম হৈছে। তেনে একোখন গাড়ী চলাবলৈ লোৱাৰ আগতে মানুহে গাড়ীক সেৱা কৰিছে; নানানটা ম’বাইল যোগাযোগৰ কোম্পানীয়ে পুৱাই গ্ৰাহকলৈ পঠাইছে “এষ্ট্ৰ’সমাধান”; বৈদ্যুতিন সংবাদ মাধ্যমে মাধ্যমে শ্ৰীযন্ত্ৰ, হনুমান চালিচা যন্ত্ৰ, চুম্বকীয় শক্তি আকৰ্ষণ কৰিব পৰা ৰুদ্ৰাক্ষৰ মহিমা প্ৰচাৰ হৈছে। বিজ্ঞানৰ নানা সূত্ৰৰ মিঠাৰসৰ প্ৰলেপ লগাই লোভনীয় কৰি বিক্ৰী কৰা হৈছে অন্ধবিশ্বাসক আৰু সেই বেপাৰেৰে এচাম লোক ধনী হৈ গৈ আছে। লজ্জাজনক কথাটো হ’ল – এনে কামত ভাগ লৈছে এচাম তথাকথিত শিক্ষিত আৰু প্ৰতিষ্ঠিত লোকেও!
২০১৪ চনৰ এই বৰ্ষটোত অসমত ডাইনীৰ সন্দেহত কৰা হত্যা, স্বয়ম্ভু ভগৱান, বাবা, আই, লক্ষ্মী আদিৰ উপদ্ৰৱ তুলনামূলকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হয়। লক্ষণীয়ভাৱে, এনেকুৱা কেবাজনো অলৌকিক ক্ষমতাৰ অধিকাৰীৰ মাহাত্ম্য প্ৰচাৰত আকৌ আগভাগ ল’লে বিজ্ঞানৰ নিত্য নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছোঁ বুলি ফিতাহি মৰা বৈদ্যুতিন সংবাদ মাধ্যমে ! ফলস্বৰূপে জনতাৰ মনত এইবোৰৰ প্ৰতি আস্থা বাঢ়িল, সংবাদ মাধ্যমৰ মজিয়াত বহি বাবাই টেলিফোনযোগে মৰা ফুঁত ৰোগ-ব্যাধি সকলো পলাই-পত্ৰং দিয়া হ’ল। এই ধৰণৰ কথাবোৰ সমাজৰ বাবে সুখকৰ নহয়।
শেহতীয়াকৈ অসমত ব্যাপক হাৰত বৃদ্ধি পোৱা ডাইনী সন্দেহত কৰা হত্যা-হিংসা আৰু নিৰ্যাতনৰ ঘটনাবোৰক অতিশয় সূক্ষ্ম ভাৱে চালি-জাৰি চালে এটা কথা চকুত পৰে; সেয়া হ’ল – এইবোৰৰ বহুলাংশে ব্যক্তিগত আক্ৰোশ আৰু স্বাৰ্থৰ পৰিণতি। ভূমি সংক্ৰান্তীয় বিবাদ আৰু ভূমি লাভৰ চক্ৰান্ত, ব্যক্তিবিশেষৰ প্ৰতি থকা দ্বেষ, ঈৰ্ষা-অসূয়া, ৰাজনৈতিক মুনাফা লাভৰ আশা আদিয়ে এনে ঘটনাবোৰত অনুঘটকৰূপে কাম কৰে। অন্যহাতে, কিছু কিছু ক্ষেত্ৰত তথাকথিত সমাজকল্যাণকাৰী সংগঠনৰ নামত চলা অকল্যাণকৰ কাৰু-কাৰ্য্য, গোপনে আৰু পৰিকল্পিতভাৱে চলোৱা ধৰ্ম-সংক্ৰান্তীয় “প্ৰপাগাণ্ডা” আদিয়েও এইবোৰৰ মাত্ৰা বঢ়োৱাত হাত উজান দিয়ে। অন্যহাতে, ডাইনী কাণ্ড সংঘটিত হোৱা অঞ্চল বা এনে দেৱ-দেৱী লম্ভা ঘটনাবোৰ হোৱা অঞ্চলৰ চৰজমিন তদন্তভিত্তিক অধ্যয়নৰ পৰা ওলাই অহা অন্য এক সত্য হ’ল – এই অঞ্চলবোৰত ৰাইজৰ আৰ্থিক অৱস্থা তেনেই পুতৌলগা। তদুপৰি এক সুস্বাস্থ্যকৰ জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় নিম্নতম সা-সুবিধাৰো তেনেই অভাৱ। আধুনিক চিকিৎসা ব্যৱস্থাসমূহো উপলব্ধ নোহোৱাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় সজাগতাও নাই। ফলস্বৰূপে, নানা অপুষ্টিজনিত ৰোগ, মানসিক সমস্যা আদিৰ সমন্বিত আক্ৰমণে জুৰুলা কৰা ব্যক্তিবিশেষে অস্বাভাৱিক আচৰণ কৰি, সপোনত “আই, দেৱী, শিৱ” ইত্যাদিক দেখা পোৱাটো অসম্ভৱ নহয়। কোৱা বাহুল্য মাত্ৰ নাৰীসকলৰ ৰক্তাল্পতা, পুষ্টিহীনতা আদিৰ পৰিণতিত হোৱা স্ত্ৰী-ৰোগৰ সমস্যাবোৰৰ ক্ষেত্ৰত খুউৱ সহজে এনে অন্ধবিশ্বাসবিলাক গা কৰি উঠে। কিয়নো, আজি পৰ্য্যন্ত, গ্ৰাম্য সমাজতো বাদেই, আধুনিক সমাজতে নাৰীৰ মাহেকীয়া ঋতুস্ৰাৱক এক “নিষিদ্ধ” বিষয় ৰূপে গণ্য কৰি নানা বাধা-নিষেধেৰে সামৰি থোৱা হয়। গতিকে, স্বাভাৱিকতে, এই বিষয়ক জ্ঞানৰ অভাৱে মানুহক ৰোগৰ চিকিৎসাৰ সলনি এনেকুৱা অলৌকিক ক্ৰিয়া-কলাপত বিশ্বাস কৰিবলৈ প্ৰেৰণা যোগায়। কিন্তু, কাৰ্য্য-কাৰণ যিয়েই নহওক, এনে ঘটনাৰ বলি হয় ৰাইজৰ মাজৰে এচাম নিৰীহ লোক। আৰু ইয়েই বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ সামাজিক দুঃস্বপ্ন বুলি বিনাদ্বিধাই কোৱা যায়।
এনে হঠকাৰী পৰিৱেশ আৰু পৰিস্থিতিত সততে সমাজৰ আগত উত্থাপিত হোৱা প্ৰশ্নটো হ’ল – এই বিপদৰ সমাধানৰ বাট কেনি? পোনছাটেই ক’বলৈ গ’লে , এনে পৰিৱেশৰ অৱসান ঘটোৱাৰ উপায় এটাই আৰু সেয়া হ’ল যুক্তিনিৰ্ভৰ, বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বিকাশ। কিন্তু কথাষাৰ কোৱাৰ দৰে কাৰ্য্যত পৰিণত কৰাটো ইমান সহজসাধ্য নহয়। কিয়নো, সততে এনেবোৰ ক্ষেত্ৰত চকুত পৰে, মানুহে সোঁতৰ বিপৰীতে যোৱাৰ সাহস কৰাৰ পৰিৱৰ্তে, “চকু মুদা কুলি”ৰ দৰে হৈ নিজৰ ব্যক্তিগত সা-সুবিধা-নিৰাপত্তা নিশ্চিত কৰি মুক হৈ ৰয়। অন্যহাতে, যদিহে বিষয়টোৰ লগত ধৰ্মৰ দৰে স্পৰ্শকাতৰ কথা একোটা জড়িত হৈ থাকে, তেনে হ’লেতো কথাই নাই ; ধৰ্মীয় আৱেগ অনুভূতিৰ দোহাই দি সকলোৱে নিৰাপদ দূৰত্বত আশ্ৰয় লোৱাটোকে উচিত কথা বুলি গণিতা কৰে। সেইবাবেই, এনে অকল্যাণকৰ পৰিৱেশৰ পৰা ৰক্ষা পাবলৈ হ’লে – উপযুক্ত বিশ্লেষণ কৰিবলৈ শিকাব পৰা, মুক্ত আৰু যুক্তি-আশ্ৰয়ী মানসিকতাক গঢ় দিব পৰা শিক্ষাৰ প্ৰয়োজন সৰ্বাধিক। ব্যক্তি বা সমাজত ঘটি যোৱা বা ঘটি থকা আৰু ঘটিব লগা সকলো কথা-ঘটনাৰ উচিত-অনুচিত, কাৰ্য্য-কাৰণৰ ব্যাখ্যা হ’ব লাগিব বাস্তৱসন্মত; কোনো কল্পনাপ্ৰসূত বা অলৌকিকতা নিৰ্ভৰ নহয়। সুচিন্তিত আৰু সুপৰিকল্পিত পদ্ধতিৰে মানুহৰ মাজত বৈজ্ঞানিক মনোবৃত্তিৰ বিকাশ সাধনৰ বাবে যথোপযুক্ত আঁচনি হাতত ল’ব লাগিব। আনহে নেলাগে, প্ৰয়োজনসাপেক্ষে, শংকৰদেৱৰ দৰে বিজ্ঞানসন্মত পদ্ধতিৰে সমাজ-সংস্কাৰৰ বাট বুলিব পাৰিলেও অনাখৰী সমাজখনৰ কাষ চপাটো সম্ভৱ হ’ব। এই খিনিতেই সমাজৰ নানা স্তৰৰ, নানা ক্ষেত্ৰৰ লোকৰ সমূহীয়া পদক্ষেপৰ প্ৰয়োজনীয়তা আহি পৰে। কিয়নো দৈনন্দিন জীৱনৰ নানা উদাহৰণ, ক্ৰিয়া-কলাপ, কলা আদিৰ মাজেৰে দিয়া শিক্ষাৰেহে এইসকল লোকক প্ৰকৃততে শিক্ষিত কৰি তুলিব পৰা যাব।
অইনপিনে, সমাজৰ এই ঘটনাবোৰ যিহেতু একো একোটা অপৰাধলৈ পৰ্যবসিত হ’বলৈ লৈছে, আইনী বিষয়বোৰকো সেয়ে এনে আলোচনাৰ আওঁতালৈ অনাটো অতিশয় জৰুৰী। যদিওবা, দৃষ্টিভংগীৰ পৰিৱৰ্তন অবিহনে, কেৱল আইন প্ৰয়োগেৰে অন্ধবিশ্বাসক নিৰ্মূল কৰা সম্ভৱ নহয়, তথাপি অন্ধবিশ্বাসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিকোনো লোকে চলোৱা, যিকোনো ধৰণৰ চেষ্টাকে কঠোৰ আইনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাৰ দৰকাৰ। অৱশ্যে, শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত এক দৃঢ় স্থিতি গ্ৰহণ কৰাৰ বাতৰি অতিশয় আশাপ্ৰদ। কেৱল সেয়াই নহয়, অসমতো ‘ডাইনী-কাণ্ড”ৰ কিছু শেহতীয়া ঘটনাৰ ক্ষেত্ৰত ৰাজ্যৰ উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি ল’বৰ বাবে চৰকাৰলৈ নিৰ্দেশ দিয়াৰ উদাহৰণে ধনাত্মক বাৰ্তা বহন কৰিছে। গণ-মাধ্যমসমূহৰ যোগেদি অদ্ভুত, অসম্ভৱ কথা কিছুমানক চালে-বেৰে কোবোৱা বিজ্ঞানৰ সূত্ৰৰ প্ৰয়োগেৰে “অপবিজ্ঞান”ৰ ৰূপ দি বাণিজ্যিকীকৰণ কৰাটোও আইনৰ মেৰ-পেঁচৰ সহায়ত বন্ধ কৰিব পাৰিলেও অনেক অন্ধবিশ্বাসৰ “জনপ্ৰিয়কৰণ”ক বাধা দিব পৰা যাব।
পৰিশেষত ক’বলগীয়া কথাষাৰ হ’ল –ইতিমধ্যেই অন্ধবিশ্বাসৰ জোঁৰ পুৰি সমাজৰ হাত পাইছেহি! গতিকে, ক্ষতস্থান অধিক গভীৰ হোৱাৰ পূৰ্বেই প্ৰতিকাৰ কৰিবলৈ তৎপৰ নহ’লে পাছত সমাজৰ দেহাতো জুয়ে দহিলে কৰিব পৰাকৈ একো নৰ’ব। আশাকৰোঁ, এই বাৰ্তাকে আমি ৰাইজৰ মাজলৈ কঢ়িয়াই নিব পাৰিম।

বিনম্ৰতাৰে,

Sign

মানসী গোস্বামী,

সম্পাদক,

সাহিত্য ডট্‌ অৰ্গ – ডিচেম্বৰ, ২০১৪

(সম্পাদকীয় পৃষ্ঠাত ব্যৱহৃত ছবি প্ৰথিতযশা চিত্ৰ তথা ভাস্কৰ্য্য শিল্পী জ্ঞানেন্দ্ৰ বৰকাকতিৰ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments