সম্পাদকীয় (প্ৰিয়ংকা দাস)

প্ৰাচীন ৰাজহাউলী এটা নীৰৱে থিয় দি ৰৈছে ৰ’দ,বতাহ,বৰষুণৰ আঘাতৰ পিছতো- গাঁওখনৰ ল’ৰা ছোৱালীজাকে সেই গছ লতিকাই আৱৰি ধৰা প্ৰাচীন ৰাজহাউলীৰ চোতালতেই ৰং খেলিছে- ডাঙৰ হৈছে- নিজৰ নিজৰ চোতাল নিজে গঢ়িছে- ৰং দি চিক্‌চিকিয়া কৰিছে- গাঁওখনৰ চিনাকীটো দিবলৈ অথচ ৰাজহাউলীয়ে এতিয়াও প্ৰাচীন প্ৰাচীন গোন্ধ এটা লৈ থিয় হৈ আছে– বতাহে, বৰষুণে!!
………………………………………
কিয় নাজানো, লোকভাষা বিষয়টোক মুখ্য কৰি সম্পাদকীয় লিখিবলৈ বহি বাৰে বাৰে ওপৰৰ ছবিখন মনলৈ আহিছে!

ভাষা- কোনো সুনিৰ্দিষ্ট সংজ্ঞা, ধাৰণা আদিৰ গণ্ডীলৈ নাযাওঁ৷ সৰলভাৱে ক’বলৈ হ’লে, ভাষা যোগাযোগৰ প্ৰাথমিক মাধ্যম৷ অৰ্বাচীন কালৰে পৰা আজিলৈ, ভাষাৰ ক্ৰমবিকাশ হৈছে আৰু হৈ থাকিব৷ ভাষাৰ ৰূপ ভিন্ন৷ ভাষাৰ এই ভিন্ন ৰূপবোৰৰ ভিতৰৰে আমাৰ বোধেৰে আটাইতকৈ সুৰীয়া, ললিত আৰু প্ৰতিজন মানুহৰ হৃদয়ৰ ওচৰ চপা ৰূপটোৱেই লোকভাষা৷ অপৰিমাৰ্জিত, মুখে মুখে বাগৰি অহা ভাষাৰ এই উপাদানটো থলুৱা সমলৰ ৰসেৰে চপচপীয়া৷ ভাষাবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ অধ্যায় লোকভাষা অধ্যয়নৰ পথাৰখনো বিশাল- সেইবোধেৰে আমাৰ জ্ঞান শূন্য৷ ভিতৰলৈ ফঁহিয়াই চালে সাগৰতলিত মণি-মুকুতা দেখাৰ লেখীয়াকৈ লোকভাষা অধ্যয়নৰ পথাৰখনতো অসূৰ্য্যস্পৰ্শা ৰূপত বহুত ৰত্ন মাণিক পোৱা যায়৷ কিন্তু, অপ্ৰিয় হ’লেও ক’ৰবাত যেন অৱহেলাৰ সুৰ এটাই বিন্ধি আছে লোকভাষাক– ঠিক অলপ আগতে কোৱা ৰাজহাউলীৰ সাধুটোৰ দৰে!!

লোকভাষা সম্পৰ্কে নানা মুনিৰ নানা মত৷ কিন্তু প্ৰাথমিক ধাৰণাখিনি প্ৰায় স্পষ্ট৷ লোকভাষা (folk speech), উপভাষা (dialect speech) আৰু মান্যভাষা বা সমাজভাষা বিজ্ঞান (socio-linguistic)– ভাষাবিজ্ঞান অধ্যয়নৰ এই তিনিটা ভাগৰ ভিতৰত লোকভাষাৰ অধ্যয়ন আৰু গৱেষণা চকুতলগাকৈ কম৷ উপভাষা আৰু মান্যভাষা– এই দুয়োটা পৰ্য্যায়তে লোকভাষাৰ সমল বিদ্যমান৷ লোকভাষাৰ আলোচনাৰ আগতে উপভাষা আৰু লোকভাষাৰ সম্পৰ্কটোলৈ আহোঁ৷ যথেষ্ট সংখ্যক লোকৰ মনৰ এটা ভ্ৰান্ত ধাৰণা– উপভাষা আৰু লোকভাষা একেই৷ আনকি কিছুসংখ্যক ভাষাবিদেও লোকভাষা আৰু উপভাষা একাকাৰ কৰি পেলোৱা দেখা যায়৷ উপভাষাৰ লগত লোকভাষাৰ পাৰ্থক্য ৰেখাডাল ক্ষীণ কিন্তু অস্পষ্ট নহয়৷ লোকভাষা মানুহৰ ঘৰুৱা ভাষা, উপভাষা হৈছে সহজভাৱে ক’বলৈ গ’লে আঞ্চলিক ভাষা৷ লোকভাষাই কোনো আঞ্চলিক গণ্ডীক প্ৰতিনিধিত্ব কৰে বুলি একে আষাৰে ক’ব নোৱাৰি, ই মানুহৰ হৃদয়ত বাস কৰে৷ মূলত: অনাখৰী ব্যক্তি সম্প্ৰদায় আৰু বয়োজেষ্ঠ্যসকলৰ মাত-কথাত লোকভাষাৰ সুন্দৰ প্ৰয়োগ পৰিলক্ষিত হয়৷ একেটা অঞ্চলৰ উপভাষাতেই লোকভাষাই বেলেগ ৰূপ ল’ব পাৰে৷ মান্যভাষাৰ বহুল প্ৰচলিত কথিত ৰূপটোতো লোকভাষা সোমাই থাকে৷ লোকভাষা এক অৰ্থত লোকসাহিত্যৰ আটাইতকৈ নিকটতম সম্পদ৷ অঞ্চলভেদে লোকভাষাই ৰূপ সলনি কৰে, ভাষাৰ ভিন্নতাৰ ক্ষেত্ৰত ই এক উৎকৃষ্ট উদাহৰণ৷ ৰীতিবদ্ধহীনতাৰেই বা কোনো বিশেষ ব্যাকৰণিক নিয়ম অবিহনেই লোকভাষাই ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ গতি কৰে৷ সাধুকথা, লোকসাহিত্য, ফকৰা-যোজনা, জতুৱাঠাঁচ আদিৰ জৰিয়তে লোকভাষা চহা জীৱনৰ ছৱিখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেইহিচাপে চহা ৰাইজৰ কাষ চাপিবলৈ লোকভাষাতকৈ অইন কিবা শক্তিশালী ভাষিক মাধ্যম আছে যেন মনে নধৰে৷ অথচ এনেকুৱা এটি বিষয়ৰ প্ৰতি প্ৰায়সংখ্যক ভাষাবিদৰ লগতে সাহিত্য চৰ্চাকাৰীৰ উদাসীনতা সঁচাকৈ ভাবিবলগীয়া কথা৷

বৰ্তমান সময়ৰ ভাষা সম্পৰ্কীয় এটা চিন্তনীয় অভিযোগ (যদিও এইখিনি কথা প্ৰায়ভাগেই জানে আৰু কথাখিনি সদায় শুনি থকা অভিযোগৰ চৰ্বিত চৰ্বণ যেন বোধ হ’ব পাৰে, তথাপি ভাষাৰ এই ক্ষতিকাৰক দিশটো উল্লেখ নকৰাকৈ থাকি গ’লে সম্পাদকীয় প্ৰকাশ হোৱাৰ পিছতো মনে শান্তি নাপাব) – লোকভাষা আৰু উপভাষাক বহুতেই সস্তীয়া মনোৰঞ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰি ইয়াক পণ্য কৰি পেলাইছে৷ প্ৰধানকৈ হাস্যৰস সৃষ্টিত ইয়াৰ ব্যৱহাৰ পণ্যৰ লেখীয়া৷ কিন্তু এই অভিযোগকাৰী ‘আমি’বোৰে এবাৰলৈও ভাবিছোনে, টিভিৰ ৰঙীণ পৰ্দাত কোনো এটা চৰিত্ৰই উজনি/নামনিৰ কোনো অঞ্চলবিশেষৰ বা আমাৰ জনগোষ্ঠীয় লোকভাষাৰ শব্দসম্ভাৰসমূহৰ বিশেষ সুৰ/ঢেক টানি কৰা কিম্ভূত-কিমাকাৰ উচ্চাৰণবোৰ শুনি তাচ্ছিল্যৰ হাঁহিত বাগৰি পৰাবোৰ আমাৰ ভিতৰৰেই কোনোজন নহয়নে? এই যে ঘটনা এটা ঘটি আছে, আমি দেখি আছোঁ, গম পাইছোঁ, ঘটি থকাটো শুদ্ধ নহয় বুলিও জানিছোঁ, মাজে-মধ্যে আলোচনা সমালোচনাৰে থকা সৰকাও কৰিছোঁ- তাৰপিছত আকৌ আমিয়েই সেই সস্তীয়া ৰসাস্বাদনত লিপ্ত হৈছোঁ! এই প্ৰক্ৰিয়াটোৰ মাজত আমি ক’ৰবাত আমাৰ লোকসাহিত্যৰ সম্পদৰাজি, লোকভাষাৰ চহকী শব্দভাণ্ডাৰ কিছুমানক ঠেক গণ্ডীৰ মাজলৈ ঠেলি থকা নাই জানো? অৱশ্যে ইটো কথাও ঠিক যে কিছুসংখ্যক গৱেষণাকাৰীৰ মতে লোকভাষাৰ মৃত্যু নাই, কালৰ গতিত ইয়াৰ ৰেহৰূপ সলনি হ’ব পাৰে৷ সেইবুলি এটা সময়ৰ লোকভাষাৰ সমলবোৰ হেৰাই যাব দিয়া বা কেৱলমাত্ৰ হাঁহিৰ খোৰাকী হিচাপে ব্যৱহাৰ কৰাটো মুঠেও সমীচিন নহয়– অন্ততঃ জন্মগতভাৱেই আমি লোকভাষাৰ ওচৰত ধৰুৱা হিচাপে ইয়াৰ উচিত সংৰক্ষণ আৰু গৱেষণা আমাৰ বাবে জৰুৰী৷ ভাষাগত সম্পদ এটাৰ এই ধৰণৰ বিচাৰ বিবেচনাহীন ক্ষতিয়ে ভৱিষ্যতলৈ আমাক অকৃতজ্ঞৰ ‘টেগ’ এটা পিন্ধাই থৈ নাযাবনে?

লোকভাষাৰ ডাল পাতবোৰে লোকসাহিত্য, লোকগীতৰ কোঁহে কোঁহে সাৰ পানীৰ যোগান ধৰি লোকসংস্কৃতিৰ ক্ষেত্ৰখন সাৰুৱা কৰি ৰাখিছে (এইখিনিতে উনুকিয়াই থোৱা উচিত হ’ব যে সকলো লোকসাহিত্যৰ উপাদান মাত্ৰেই লোকভাষা নহয়)৷ তাহানিতেই গুৰুজনাই তেওঁৰ সৃষ্টিৰাজিত ঠায়ে ঠায়ে লোকভাষাৰ প্ৰয়োগ কৰি থৈ গৈছে৷ মান্যভাষাৰ “তই”, “তুমি” আদিৰ লগত ব্যৱহাৰ হোৱা ক্ৰিয়াবাচক শব্দবোৰে লোকভাষাত আকৌ ৰূপ সলায়৷ উপমা উদাহৰণ আদিৰে লোকভাষাৰ বক্তব্যবোৰ এফালে চিত্ৰধৰ্মী, আকৌ অইন দিশত ই সম্পূৰ্ণ কেঁচাৰূপত (raw) কৃত্ৰিমতাৰ প্ৰলেপৰ পৰা বহু নিলগত৷ লোকভাষাৰ ক্ৰিয়াত সাধাৰণতে কেইটামান কাৰকে ভূমিকা গ্ৰহণ কৰে, লোকব্যুৎপত্তি ইয়াৰ ভিতৰৰ অন্যতম এটা৷ লোকবুৎপত্তিৰ মনোমোহা জগতখনৰ পাতনি ইয়াত মেলিব খোজা নাই, কিন্তু চহা জীৱনত লোকবুৎপত্তিৰ প্ৰয়োগ আৰু প্ৰভাৱ অধ্যয়ন কৰিলে এটা কথা স্পষ্ট ৰূপত প্ৰতিফলিত হয় যে লোকভাষাক জীপাল কৰি ৰখাত লোকবুৎপত্তিসমূহৰ অৱদান নুই কৰিব নোৱাৰি৷

লোকসাহিত্য, লোকগীত বা লোকবুৎপত্তি– সমূহ কথাবোৰ চালি জাৰি চালে ইটোৰ লগত সিটোৰ নিকট সম্পৰ্ক সহজেই অনুমেয়৷ কিন্তু এই আটাইবোৰ লোকসংস্কৃতিৰ সম্পদেই লোকভাষাৰ ওচৰত বিশেষভাৱে দায়বদ্ধ, কাৰণ এই কাৰকবোৰৰ মাজত ভাষিক যোগাযোগৰ মাধ্যম হিচাপে আটাইবোৰ কাৰকেই লোকভাষাৰ বোকোচাত উঠিহে ৰাইজৰ হৃদয়ৰ ওচৰ চাপে৷ গতিকে, এই কথা নক’লেও নিশ্চয় বোধগম্য যে লোকভাষাৰ ওপৰতেই আন আন থলুৱা সম্পদবোৰ পৰোক্ষভাৱে হ’লেও নিৰ্ভৰশীল৷ লোকভাষাত সেয়ে ভাষাগত বিশ্লেষণবোৰতকৈ সমাজগত কাৰকবোৰক অধিক গুৰুত্ব দিয়া হয়৷ কোনো লিখিত বৈয়াকৰণিক ৰীতি নীতি অবিহনে প্ৰচলিত ভাষাৰ এই উপাদানটোৰ প্ৰণালীবদ্ধ অধ্যয়নে ইয়াৰ ধাৰণাসমূহ স্পষ্ট কৰি তোলাত সহায় কৰিব বুলি আমাৰ বিশ্বাস৷ লোকভাষাৰ মান অটুট ৰখা আৰু ইয়াৰ উচিত মূল্যায়ন –  বৌদ্ধিক কথা বতৰাতে সীমাবদ্ধ নাৰাখি জন-জীৱনৰ আঁহে আঁহে এই কথা শিপাই দিব পাৰিব লাগিব–  দিয়াটো প্ৰতিজন ভাষিক লোকৰেই নিজৰ নিজৰ লোকভাষাৰ প্ৰতি দায়বদ্ধতা বুলি ক’লেহে বেছিকৈ শুৱাব চাগৈ!

পৰিৱৰ্ত্তন আৱশ্যম্ভাৱী৷ যুগে যুগে লোকভাষাই নিজৰ পোছাক সলাইছে আৰু ন ন ৰূপত আমাৰ মাজলৈ সাদৰী ৰূপেৰে আহিছে৷ কিন্তু এই পৰিৱৰ্তন যাতে যোগাত্মক ৰূপত হয় তাৰ প্ৰতি লক্ষ্য ৰখাটো ভাষাটোক ভালপোৱা প্ৰতিজনে চকু ৰখাটো অতিকৈ জৰুৰী৷ বৰ্তমান ডিজিটেলাইজেচনৰ যুগ৷ আমাৰ মান, অভিমানৰ সাক্ষী এই লোকভাষাক ডিজিটেল পদ্ধতিত সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য৷ এইক্ষেত্ৰত ইতিমধ্যে বহুজনে স্বেচ্ছামূলকভাৱে নীৰৱে কাম কৰি গৈছে৷ এই প্ৰচেষ্টা যেন সদায় এক বোঁৱতী নৈৰ দৰে বিশাল সমুদ্ৰক লক্ষ্য কৰি বৰ্ধিত ৰূপত লয়লাসে আগবাঢ়ি যায় সেয়াই জনগণৰ কাম্য৷ তেহে লোকভাষাৰ সম্পদেৰে ভাষা জননী সমৃদ্ধশালী ৰূপত জিলিকি থাকিব৷

W.E RICHMOND ৰ এষাৰী উক্তি এইখিনিতে প্ৰণিধানযোগ্য–
“We are NOT here concerned with cultivated speech, that is, the speech patterns of the highly educated, but rather with folk speech, the speech patterns that develop independently of formal schooling and are characteristic of, but by no means entirely limited to, the folder and relatively uneducated group within any regional dialect area.”
 
প্ৰান্তৰত ক’ম, লোকভাষা এটা জাতিৰ ভাষাগত শিপা৷ এই শিপাই এডাল সূঁতাত খামুচি ধৰি ৰাখি আছে জাতিটোৰ ভাষাগত ঐশ্বৰ্য্য আৰু ভিন্নতা৷ আমি নাথাকিলেও লোকভাষাই মালিতা ৰচিব– সময়ৰ, সমাজৰ!

আহকচোন, শিপাডাল আৰু অলপ শক্তিশালী কৰাত হাত উজান দিওঁ!
……………………………
আকৌ উভটিছোঁ ৰাজহাউলীৰ সাধুলৈ…

প্ৰাকৃতিক কাৰণেই হওঁক বা মানৱসৃষ্ট কাৰণেই হওঁক, ৰাজহাউলীয়ে এদিন বৰণ সলালে– তাহানিৰ ৰাজহাউলীৰ চোতালত খেলি ডাঙৰ হোৱা ল’ৰা-ছোৱালীৰ সন্তানে এতিয়া ৰাজহাউলীটো দূৰৈৰ পৰাই চাই ৰয়– আহল বহল চোতালখনে হাতবাউল দি মাতে সিহঁতকো– তালৈ বাট পোনোৱা সৰু সৰু ভৰিকেইখনত আব্দাৰৰ শিকলি বান্ধি মাক দেউতাকে কয়– “তালৈ নাযাবা; মহে কামুৰিব, ডাঁহে খাব৷” — এনেকৈয়ে এদিন ৰাজহাউলী জঁহি খহি যায়– নজহা নপমা ৰাজহাউলীটো সংগ্ৰহালয়ৰ চোতালত বহে– তাৰপৰা এদিন পৰিৱৰ্তন নামৰ ৰেলখনৰ ডবাত উঠি ৰাজহাউলী সংগ্ৰহালয়ৰ চুকলৈ যায়– ৰেলখন চলি থাকে আৰু ৰাজহাউলী অদৃশ্য হৈ গৈ থাকে!
……………………………

এনেকুৱা অকৃতজ্ঞতাৰ সাধু আমি নিবিচাৰো৷ ভৱিষ্যত প্ৰজন্মই এই সাধুটো শুনাৰ পৰিৱৰ্তে এই সাধুটোতে জীয়াই চাওঁক অক্ষতিকাৰক পৰিৱৰ্তনৰ মাজেৰে হ’লেও৷ সেয়াই আমাৰ হেঁপাহ, আমাৰ আশা!!

আন্তৰিকতাৰে,
প্ৰিয়ংকা দাস

One thought on “সম্পাদকীয় (প্ৰিয়ংকা দাস)

  • December 16, 2015 at 12:42 am
    Permalink

    লোকভাষাৰ সঠিক মূল্যায়ণ আৰু পুংখানুপুংখ গৱেষণামূলক চৰ্চা হওক-সেইয়াই আমাৰ প্ৰত্যাশা। লোকভাষা সম্পৰ্কীয় সম্পাদকীয়টোৱে যিবোৰ আনুষঙ্গিক চিত্ৰ পাঠকৰ দৃষ্টিগোচৰ কৰালে সেইসমূহেও চিন্তাশীল ভাষাপ্ৰেমীৰ মনত নব্য চিন্তাৰ উন্মেষ ঘটাব বুলি আশা কৰিছোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!