সম্পাদকীয় (উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)

                ছাত্ৰী নিৱাসত যেতিয়া সহ-আৱাসী এগৰাকীয়ে মংগোলীয় মুখাৱয়বৰ জনজাতীয় মূলৰ আন এগৰাকী সহ-আৱাসীক তেওঁলোক কি মানুহ বুলি সোধে আৰু উত্তৰত অসমীয়া বুলি শুনি উচপ খাই উঠে (ওহ, অসমীয়া যেন নালাগেই বুলি কয়ো) তেতিয়া ভাবি পোৱা নাছিলোঁ- কাৰ ভুল? সমাজ, অজ্ঞতা প্ৰচলিত ব্যৱস্থা নে অইন কিবা? ইমান সময়ৰ সহাৱস্থান অথচ ইজনে সিজনক ইমানকণো নাজানো! কেতিয়াবা ভাষা, কেতিয়াবা খাদ্যাভাস আৰু কেতিয়াবা সাজ-পোছাকৰ ভিন্নতাকলৈ আমি পাৰ্থক্য বিচাৰ কৰি থাকো৷ অসমীয়া সমাজখন homogenous অথবা সমধৰ্মী নহয়, ভিন্নতা আমাৰ এক বৈশিষ্ট্যই৷ ভাষিক, সাংস্কৃতিক নৃতাত্বিকভাৱে যেন বিভিন্ন গোটৰ সংমিশ্ৰণথলী অসম৷ জনজাতিসমূহ নিজৰ মাজতেই কিমান ভিন্ন!

জনজাতি অথবা ‘ট্ৰাইব’ শব্দটিৰ সংজ্ঞা নিজেই বিতৰ্কৰ আৱৰ্তত৷ নৃতত্ব বিদ্যাৰ মেকমিলান অভিধানমতে যদি আদিম গোট এটিকে জনজাতি বা ‘ট্ৰাইব’ বোলে, প্ৰিটচাৰ্ডে আকৌ আফ্ৰিকাৰ বিশেষ এটি ভাষিক, সাংস্কৃতিক গোটক বুজাবলৈ ‘ট্ৰাইব’ শব্দটি ব্যৱহাৰ কৰিছিল৷ পিছে সুনিৰ্দিষ্ট কোনো সংজ্ঞা নাথাকিলেও সমাজতত্ববিদ ডুবেৰ মতে জনজাতি বুলিলে কিছুমান চৰিত্ৰ একপ্ৰকাৰ সৰ্বসন্মতিক্ৰমে গ্ৰহণযোগ্য, যেনে তেওঁলোক সাধাৰণতে ঠাই এখনৰ আদিম নিৱাসী হয়, তুলনামূলকভাৱে অকলশৰীয়াকৈ (আনগোটৰ পৰা) হাবি বা পাহাৰত বাস কৰে, অৰ্থনীতি আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত তুলনামূলকভাৱে অনুন্নত৷ তদুপৰি তেওঁলোকে তথাকথিত সাংস্কৃতিক মূল্যবোধৰ ক্ষেত্ৰত এক পৃথক স্থিতি গ্ৰহণ কৰা দেখা যায়৷ সমাজ ব্যৱস্থাৰ পিনৰপৰা চাবলৈ গ’লে সম্পূৰ্ণ সমতাবাদী নহ’লেও স্তৰীকৰণ আৰু লিংগ বৈষম্যৰপৰা তুলনামূলকভাৱে মুক্ত সমাজ৷

এইবোৰ বাৰু পুথিগত সংজ্ঞাৰ কথা, পিছে অসম তথা উত্তৰ-পূৰ্বাঞ্চল জনজাতীয় আৰু অজনজাতীয় লোকৰ কেৱল সংস্কৃতিক আৰু ভাষিকেই নহয়, বৰ্ণীয়(racial) মিলনভূমিও৷ তথাপি আমি ইজনে সিজনৰপৰা পৃথক৷ হয়তো পৃথক হৈ থকাৰ সপক্ষেও যুক্তি আছে৷ তেওঁলোকে পৃথক হৈ থাকিব বিচাৰে নে অজনজাতীয় লোক সকলে তেওঁলোকক নিলগাই ৰাখিব বিচাৰে, নে অজনজাতীয় সকলৰ জাত্যাভিমানৰ প্ৰকোপত তেওঁলোকে নিজকে পৃথককৈ ৰাখিব বিচাৰে, গোটেই কথাবোৰেই ইটোৰ স’তে সিটো আওপকীয়াকৈ জড়িত৷ স্বাধীনতাৰ পিছত জনজাতিসমূহে পোৱা ৰাজনৈতিক অধিকাৰেও যেন এই পৃথকীকৰণ প্ৰক্ৰিয়া বাহাল ৰখাত অৰিহণা যোগাইছে৷ এপিনে যদি সংৰক্ষণ ব্যৱস্থা আৰু দেশৰ প্ৰকৃত উন্নতি সম্পৰ্কে ভালদৰে বুজিবলৈ অপাৰগ সাধাৰণ ৰাইজৰ হঠাতেই ইমানবোৰ সা-সুবিধা লাভ কৰা জনজাতীয় লোকসকলৰ প্ৰতি ঈৰ্ষা অথবা নিজকে বঞ্চিত যেন বোধ হোৱা, আনপিনে আকৌ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে জনজাতিসমূহৰ মাজত অহেতুক ক্ষোভ সৃষ্টি কৰিবলৈ সমৰ্থ হোৱা কূটকৌশল সমূহে জুইকুৰা জ্বলাই ৰাখিবলৈ তুঁহগুৰিৰ দৰে কাম কৰি আহিছে৷

অজনজাতীয়লোকৰ মনত অখাদ্য যেন লগা খাদ্য, আচহুৱা যেন লগা ৰীতি-নীতি ইত্যাদিৰ প্ৰতি তুচ্ছ দৃষ্টিপোষণ কৰা মানসিকতা বৰ্জন কৰিব নোৱাৰিলে প্ৰাচীৰখন ক্ৰমাৎ আৰু ওখ হৈ গৈ থাকিব৷ নিজকে উন্নত, সুসভ্য বুলি ভবা তথাকথিত মূলসুঁতিৰ মানুহখিনিৰ সেয়ে এইক্ষেত্ৰত দায়িত্ব অধিক৷ তদুপৰি একেখিনি মানুহেই তথাকথিত মূলসুঁতিৰ ভাৰতীয়ই অসম তথা উত্তৰ-পূৱৰ মানুহৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা বুলি কোৱাৰ আগতে নিজৰ গাতো এবাৰ খুঁটিয়াই চোৱা উচিত৷

সেয়ে তুলনামূলকভাৱে ক্ষুদ্ৰ ৰাজ্যখনত বিভিন্ন জাতি-জনজাতি, জনগোষ্ঠীৰ লোক একেলগে গাখীৰ-পানীৰ দৰে মিলি থকা সম্ভৱ নহলেও ‘চালাদ’ৰদৰে (য’ত আটাইবোৰ উপাদানেই নিজা নিজা স্বকীয়তা বজাই ৰাখিও এটা একক স্বাদ সৃষ্টি কৰে) থাকিবলৈ চেষ্টা কৰাতনো কি আপত্তি?

বিনম্ৰতাৰে,
উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা

 
 

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অঞ্জল বৰা
6 years ago

কম কথাৰে অতি গুৰুত্বপূৰ্ণ বিষয় এটা সম্পাদকে দাঙি ধৰিছে ৷ সাহিত্যৰ এই সংখ্যাটোৱে সম্পাদকৰ আশা আৰু আমাৰ বিশ্বাসক পূৰণ কৰাত নিশ্চয় সহায়ক হ’ব ৷ সম্পাদকলৈ শুভেচ্ছা থাকিল ৷

6 years ago

The social identity of any group has always been sensitive issue and by anthropological aspects every group if got a chance seeks to dominate others which is very much natural . But in current time the importance of finding amicable ways of coexistence and putting them in use is many fold necessary for peace,prosperity and to answer the nagging political questions.The study of our tribal societies can show us the way to lead..congratulations to Editor for bringing out the pertinent issue for discussion.

দেৱব্ৰত গগৈ
6 years ago

সাহিত্য ডট অৰ্গৰ বহুকেইটা খণ্ডৰ সম্পাদকীয়ই প্ৰৱন্ধ ৰূপ পোৱা বুলি শুনা বদনামটো এইবাৰ নোহোৱা হ’ল বুলি অনুভৱ কৰিছো । সম্পাদকলৈ ধন্যবাদ আৰু অভিনন্দন জনালোঁ ।

হেমেন্দ্ৰ কুমাৰ বৰি‍
6 years ago

ভিন্নতাৰ মাজেদিয়েই ঐক্য সাধিত হ্’ব লাগিব ৷আমাৰ মনৰ মাজৰ মানবীয় প্ৰমূল্য,সদিচ্ছা,মানব প্ৰেমৰ মন্ত্ৰই দুর্লঙ্ঘ্য প্ৰাচীৰ ভেদ কৰি পথৰ সন্ধান দিব ৷ আপোনাৰ সুন্দৰ সম্পাদকীয় লেখাৰ বাবে ধন্যবাদ