বৰলাৰ খানাঃ কণী বাদামৰ ভুজিয়া -(জে.পি নাথ)

বৰলাৰ খানাঃ কণী বাদামৰ ভুজিয়া
-জে.পি নাথ

borolar-konibadamar-bhujiya_jp-nath

 

 

 

 

 

 

 

 

উপকৰণঃ
১) কণী আপোনাৰ প্ৰয়োজন অনুসৰি
২) বাদাম কণীৰ অনুপাতে, অৰ্থাৎ দুটা কণীৰ লগত দহ গ্ৰাম বাদাম৷ দোকানত দহ টকাত কিনিবলৈ পোৱা ভজা বাদাম এপেকেট দুটা কণীৰ বাবে হয়৷
৩) পিয়াজ দুটা কণীৰ বাবে মজলীয়া আকাৰৰ দুটা৷
4) অলপ আদা, নহৰু দিব যদি সোৱাদ বেছি কৰিব বুলি ভাবে৷
৫) অকন মিঠাতেল৷ ইয়াত ৰিফাইনে কাম বেয়া কৰিব৷
প্ৰণালীঃ
মিঠাতেল খিনি গৰম কৰি তাত পিয়াজ আৰু আদা নহৰু খিনি ঠিক চাৰি মিনিট ভাজি লওক৷ তাৰ পিছত তাত বাদামখিনি বাকি দিয়ক৷ বাদামখিনি ঠিক সাত মিনিট ভজাৰ পিছত এটা এটাকৈ কণীকেইটা তাত ভাঙি লাহে লাহে ভাজক৷ যদি আপুনি বেছি ভজা কণী ভাল পায় তেন্তে বেছিকৈ ভাজক আৰু কমকৈ ভাজিলেই হয় তেন্তে নমাই থওক৷ নিমখ দিবলৈ নাপাহৰিব কিন্তুু৷
বিঃদ্ৰঃ এই বৰলা ভাজিটো ঢিলাকৈ সিজোৱা ভাতৰ লগত খাবলৈ ভাল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!