এজন “গ্ৰন্থাহ’লিক”ৰ আত্মকথা – অন্তৰংগ তালুকদাৰ

মানুহ কেতিয়াবা কিতাপ পঢ়ি বিৰক্ত হ’ব পাৰে নে? কেতিয়াবা জানো আপোনাৰ বা মোৰ নিচিনা এজন গ্ৰন্থপ্ৰেমীৰ মূৰত, এবাৰলৈও এইটো চিন্তা আহিছে নেকি যে দিনে দিনে বাঢ়ি অহা ইলেক্ট্ৰনিক্সৰ দানৱৰ কঠিন আঁজোৰত অন্ধ হৈ মানুহে কেতিয়াবা কিতাপৰ মায়াৱী মোহৰ পৰা নিজকে দূৰলৈ লৈ যাব নেকি?

Any book that helps a child to form a habit of reading, to make reading one of his deep and continuing needs, is good for him.
–Maya Angelou

এয়া কোনো বিখ্যাত ব্যক্তিৰ কিতাপ লৈ কোৱা কোনো মহান বাণী নহয়, কিন্তুু যেতিয়াই আমি Internetত বিচাৰিম “Famous quotes about Books”, এই কথাখিনি আমি পাম৷ চাবলৈ গ’লে এয়া কি ডাঙৰ কথা, কিন্তুু যদি আমি (যিয়ে এই লিখনিটো নিজৰ স্বাভাৱিক তাৰনাৰে পঢ়িছে!) এবাৰ হ’লেও ভাবো, যে আমি এতিয়া কিতাপ পঢ়ি ভাল কিয় পাওঁ? কিয় হাজাৰ সমস্যাৰ মাজতো আমি কিতাপৰ মাজতেই সমাধান বিচাৰিব খোজো? কিয় বাৰে বাৰে কিতাপে তাৰ মোহিনী বাণেৰে আমাক বাৰে বাৰে টানি নিয়ে নিজৰ বাহুবন্ধনত? উত্তৰত আমি নিজকে এটা কথাৰেই বুজনি দিম, আমাৰ মন ঘূৰি যাব সৰুকালৰ সেই দিনটোলৈ, যিদিনা অজানিতে আমি হাতত তুলি লৈছিলো, (অথবা আমাৰ হাতত তুলি দিছিল!) এখন কিতাপ৷ নাই মই কোৱা নাই এখন কিতাপ পঢ়িয়েই আমি কিতাপৰ প্ৰেমত পৰিলো, বা লগে লগে বেলেগ কিতাপ আজুৰি আনি পঢ়া আৰম্ভ কৰিছিলো! নিশ্চয় আমাৰ হাতত পৰা প্ৰথমখন কিতাপৰ অৱস্থা হৈছিল সেই বাঘিণীজনীয়ে নিজৰ শ্বাৱকক চিকাৰ শিকাবলৈ লৈ অনা ভেলেঙীজনীৰ দৰেই! শিশু হাতৰ কবলত পৰি হয়তো ফালি চিৰাচিৰ হৈছিল অসহায় কিতাপখন! কিন্তুু সিদিনায়েই হয়তো এটি মনে বুজি উঠিছিল যে কিতাপ বুলিও এটা বস্তু আছে৷ এইবোৰ পঢ়িব পৰা বয়স হোৱাৰ বহুত আগৰ কথা, তেতিয়া পঢ়াৰ মাদকতা উপভোগ কৰাৰ বয়স ক’ত? কিন্তুু যেতিয়াৰ পৰা মনৰ উকা কাগজত এটি দুটিকৈ আখৰৰ চাপ বহিল, যেতিয়াৰ পৰা মনে বুজি উঠিছিল যে কেৱল “নতুন পাঠ”য়েই কিতাপ নহয়, কিতাপৰ হাতীপটিৰ এটা এটা ঠেঙে কঢ়িয়াই আনে কিমান অযুত সম্ভাৱনা, সিদিনাখনৰ পৰায়েই প্ৰেমৰ এটি নতুন সোৱাদ মনত আহিছিল, কিতাপ প্ৰেম; যাৰ মূলতেই আছে এনে এখন কিতাপ, যিয়ে এটি শিশুৰ মনত গঢ়ি তুলিছিল কিতাপ পঢ়াৰ এটা অভ্যাস (“Habit of reading”), প্ৰেৰণাৰ কঠিয়া ৰুইছিল শিশুটিৰ মূৰত, যাতে কিতাপ পঢ়াটো তাৰ বাবে এক “হবি” হৈ নাথাকি হৈ পৰে এক দৈনন্দিন প্ৰয়োজন, (“reading one of his deep and continuing needs”)৷ তেনে এখন কিতাপেই যথেষ্ট, শিশু এজনক মানুহৰূপে গঢ়িবলৈ, এজন নতুন কিতাপপ্ৰেমীৰ সৃষ্টি কৰিবলৈ৷

মই এই লিখনিটোৰ যোগেৰে কোনো তেনেকুৱা কিতাপৰ কথা কব খোজা নাই, ক’ব খোজা নাই কেনেকুৱা কিতাপ এটি শিশুৰ মনঃস্বস্ত্বৰ বিকাশৰ কাৰণে দৰকাৰী৷ মই আচলতে কিতাপক ধন্যবাদ দিব খোজো, I want to thank each and every book I have ever read৷ বৰ্তমানৰ ই-দুনীয়াত ব্যস্ত বহুতেই হয়তো পাইছে এখন ফ’টো, “If dogs could talk, I would never need any human friends ”৷ কিন্তুু কথা নোকোৱাকৈয়েই কিতাপে আজি হাজাৰ হাজাৰ বছৰ ধৰি তাকেই কৰি থকা নাই নে? মিছৰৰ পেপিৰাচৰ বুকুৰ পৰা আজিৰ Kindleলৈ, এৰিষ্টটলৰ মগজৰ সূধামৃতৰ পৰা হোমেন বৰগোঁহাঞিলৈকে, কিতাপে আমাক কি দিয়া নাই? গ্ৰন্থমেলাৰ বিপনীৰ পৰা কিনি অনা দামী বিলাতী কিতাপেই হওক বা কোনো বাৰিষাৰ দিনৰ ঠাণ্ডা সহিব নোৱাৰি কম দামতে কোনো বৃদ্ধৰ দোকানৰ পৰা সাবটি অনা পূৰণি “ছেকেণ্ড হেণ্ড” কিতাপেই হওক, কিতাপ এখন খুলি নাকত লগাই পোৱা ফুৰ্ফুৰীয়া গোন্ধৰ মজা আপুনি এজন Bibilophileক সুধক, তেওঁ আপোনাক ক’ব তেওঁৰ বাবে কি, তেওঁ ক’ব আপোনাক যে বাৰিষাৰ প্ৰথম বৰষাৰ প্ৰেমে তেওঁক সিমান বলিয়া নকৰে, যিমান বলিয়া কৰে তেওঁক এটা চিন্তায়ে, “এই বতৰত কোনখন কিতাপ পঢ়িবলৈ ভাল হ’ব?” কিতাপ পঢ়াৰ নিচা আপুনি তেতিয়ালৈকে উপভোগ কৰা নাই, যেতিয়ালৈকে এখন কিতাপ পঢ়ি আপুনি বিনিদ্ৰ ৰাতি কটোৱা নাই, যেতিয়ালৈকে আপুনি একে বহাতে এখন কিতাপ শেষ কৰি দিয়া নাই৷ এৰা, কিতাপ প্ৰেম কি ক’ম? অকল কি বিপৰীত লিংগৰ লগত ৰাতি ৰাতি কথা পতাতোৱেই প্ৰেম? কিতাপৰ জেউতিৰ লগত কন্দা মানুহজনক সোধক প্ৰেম কি, বাপুকণৰ লগত ফৰ্মুটিয়াই আম পাৰি খোৱাজনক সোধক আচল জুতি কি, ভৱেন্দ্ৰনাথ শইকীয়াৰ লগত তেওঁৰ দেহান্তৰ ১৫ বছৰ পাছতো একেলগে থাকি “সন্ধ্যাৰাগ”, “অস্তৰাগ”ৰ জুতি লোৱাজনক সুধিলে জানিব জীৱনৰ দুখ কি অথবা মোক সোধক ভৃংগেশ্বৰ শৰ্মাৰ লগত একেলগে বহি মই কেনেকৈ জানিলো নিজৰ দুৰৱস্থাক কেনেকৈ বনাব পাৰি নিজৰ হাঁহিৰ কাৰণ; এয়া সকলো কিতাপৰ মৰম, কিতাপৰ দয়া৷ নিজৰ ক্ষন্তেকীয়া দুখৰ উকা কাগজেৰে কেনেকৈ পাল তৰা নাওঁ সাঁজি ভহাই দিব পাৰি সুখৰ সমুদ্ৰলৈ, মোক, আপোনাক, অনেকক শিকাইছে কেৱল কিতাপে৷ এৰা, কোনে কয় আমাৰ জীৱন মাত্ৰ এটা, এখন এখন কিতাপৰ বোকোচাত উঠি হ’ব পাৰো মই চিন্দবাদ দ্য চেইলৰ, কেতিয়াবা হ’ব পাৰো কেপ্তেইন নিম’, নটিলাছত উঠি ঘূৰিব পাৰো কুৰিহেজাৰ লিগ৷ ব্যস্ত আৰু নিৰস জীৱনত কিতাপে আমাক এটা নতুন জীৱন যে দিয়ে, সেয়া আমি নুই কৰিব পাৰিম নে? কিতাপ আমাৰ জীৱনত এনেকুৱা এটা অপৰিহাৰ্য অংগ হৈ পৰিছে, যে কিতাপ নোহোৱা হ’লে আমাৰ কি প্ৰভাৱ পৰিব, আমি তাকো ভাবিব নোৱাৰো৷

বহুতে কয় আজিকালি কিতাপৰ নতুন প্ৰতিদ্বন্দ্বী ওলাইছে, যান্ত্ৰিকতা৷ দিনে দিনে বাঢ়ি অহা টেকন’লজীৰ হাতোৰা হেনো এতিয়া কিতাপৰ সকলোতকৈ ডাঙৰ শত্ৰু৷ কিন্তুু আপোনাৰ মোৰ দৰে কোনোবাই ভাবিব পাৰে নে যে এতিয়া কিতাপৰ যুগ শেষ হ’ল, এতিয়া সকলো ডিজিটেল? সঁচাকৈয়ে ভাবিব পাৰি নে কিতাপৰ ঠাইত এতিয়া ই-বুক আহিব? বহুতে কয়, মানুহক এতিয়া কিতাপ নালাগে, সহজলভ্য ই-বুক সকলোৰে কাম্য৷ কিন্তুু সঁচাকেয়ে “কিন্দলে”মানুহক কিতাপৰ পৰা দুৰত নিব পাৰিব নে? Is it really replaceable? যদি সঁচাকৈয়ে লাগে “ই-বুক” কিতাপৰ প্ৰতিদ্বন্দ্বী, আহি চাই যাওক গ্ৰন্থমেলাৰ ভীৰ৷ হওঁক সেয়া “চেলফী”প্ৰেমীৰ ভীৰ, কিন্তুু মানুহৰ গ্ৰন্থমেলাৰ কাৰণে আৱেদন আছে যে! মই কওঁ, নতুন প্ৰযুক্তি আহিছে, তাক আঁকোৱালি নল’ম নে? আমিতো পুৰণি যুগৰ গীৰ্জা ঘৰ নহয় যে সঁচা কোৱাৰ বাবে গেলিলিওক বন্দী বনাম! “কিন্দল” আহিছে, আহক, আমি কি কিতাপ পঢ়া বাদ দিম? নে আমিও “ই-বুক” নপঢ়ো বুলি নপঢ়া অঁকৰা হৈ থাকিম?

কিতাপ মানে কি কেৱল পকাবন্ধা এটা Structure? মাথো কি ছপা আখৰেৰে মুকুতা গাঁঠি উকা কাগজত সপোন ৰচাবোৰেই কিতাপ? নহয়৷ আমাৰ চৌদিশৰ জগত, নিজৰ মা- দেউতা, আনকি নিজৰ জীৱন, সকলোবোৰেই এখন কিতাপ৷ আচলতে য’ৰ পৰা আমি শিক্ষা ল’ব পাৰো, যাৰ ডেউকাত ভেঁজা দি আমি এখন মনে বিচৰা জগতত বিচৰণ কৰিব পাৰো, যাৰ সহায়ত We can escape to a new reality, সকলোবোৰেই এখন এখন কিতাপ৷ ইয়াতে ডিজিটেলৰ কথা নাহে৷ আৰু সঁচাকৈয়ে ভাবে নে কিতাপৰ কিবা স্থায়ী সংজ্ঞা আছে? অতীতৰ পেপিৰাছ এতিয়া কিতাপ, তেনেহলে কিয় এতিয়াৰ “ই-বুক” ভৱিষ্যতৰ কিতাপ হ’ব নোৱাৰে? জ্ঞানপিপাষু ৰ কাৰণে কিতাপৰ Physical State প্ৰাসংগিক নে? কেতিয়াও নহয়৷ কিতাপ ভাল পোৱা প্ৰতিজন মানুহক মাথো পঢ়িব পৰা এক সাধন লাগে, লাগিলে তেওঁ থাকক হাতীগাঁৱৰ পৰা সন্ধিয়া অহা ভৰি থকা ৩ নম্বৰ চিটীবাছত থাকক, অথবা দোভাগ ৰাতিৰ অন্ধকাৰত, য’ত টৰ্চ জ্বলাই পঢ়াতো কোনো আপত্তি নাই৷ কিতাপৰ কাৰণে মানুহৰ প্ৰেম যিমানেই আছে, সিমানেই আছে শ্ৰদ্ধাও, যিয়ে কিতাপৰ কাৰণে থকা তেওঁৰ প্ৰেমক কেতিয়াও মৰহি যাব নিদিয়ে৷ যেতিয়ালৈকে মানুহৰ জ্ঞান অৰ্জনৰ পিপাষা থাকিব, তেতিয়ালৈকে কিতাপৰ অস্তিত্ব কেতিয়াও নোহোৱা হ’ব নোৱাৰে, লাগিলে মানুহৰ কাৰণে কিতাপৰ সংজ্ঞা যিয়েই নহওক, “ই-বুক” অথবা পকাবন্ধা ………
ইমান খিনি কথা ক’লো প্ৰযুক্তিৰ সপক্ষে, তথাপিও কিয় জানো মোৰ এতিয়াও মন যায় এটি শিশুক চাবলে, যাৰ হাতত থাকিব এখন পকাবন্ধা কিতাপ, য’ত লিখা থাকিব তাৰ ককাদেউতা অথবা মাকৰ, তাৰ জন্মদিন উপলক্ষে লিখা শুভেচ্ছাবাণী, আৰু সি আপোনমনে পঢ়ি যাব “এতিয়া মোৰো কাপোৰ-কানি ক’লা হ’ল আৰু ………”

(হোমেন বৰগোঁহাঞি ছাৰলৈ অলেখ কৃতজ্ঞতাৰে, মোৰ কিতাপ প্ৰেমক এটি নতুন দৃষ্টিৰে চাবলৈ শিকোৱাৰ বাবে৷ )■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments