একেখন ঘৰতে দুঘৰ মানুহ- ড° মৌচুমী কন্দলী

‘একেখন ঘৰতে আছিলো দুঘৰ মানুহ ……’ (নীলমণি ফুকন)
কবিতা আৰু শিল্প-কলা। একেখন ঘৰৰে দুঘৰ মানুহ। ‘ছবি ৰঙৰ কবিতা, কবিতা শব্দৰ ছবি’ – পিকাছোৱে কৈছিল। কবিতা সবাক শিল্প, কলা নিঃশব্দ কবিতা। ….. ‘সলাওঁ এনেকৈয়ে ইজনে সিজনক …..।’
সংবেদনশীল অন্তঃপ্ৰাণৰ অবাধ-অনায়াস অহা-যোৱা দুয়োঘৰলৈ। সংবেদনাৰ এই অনায়াস যাতায়তে আনি দিয়ে ঋদ্ধ-গভীৰ-সবেগ বোধৰ ব্যপ্তি, নান্দনিক চেতনা আৰু কল্পদৃষ্টিৰ প্ৰসাৰ। আঁৰিষ্ট’টেলৰ পৰা ৰেঁইনে ৱেলেগলৈ, ব্লেকৰ পৰা বোদ্লেয়ৰলৈ, আন্দ্ৰে ব্ৰেটেৰ পৰা পিকাছোলৈ, ৰবীন্দ্ৰনাথৰ পৰা স্বামীনাথনলৈ, নীলমণি ফুকনৰ পৰা হীৰেন ভট্টাচাৰ্যলৈ এনে অজস্ৰজনৰেই আছে দুয়োঘৰলৈ অহা-যোৱা। উৎসুক তথা ৰসিক পাঠ-দৰ্শকৰ বাবে, তাৰে চাৰিজনৰ চিত্ৰকৰৰ কবিতা আৰু এজন কবি সমালোচকৰ বাক্যৰচনাৰ মূল হিন্দীৰ পৰা এয়া অসমীয়া ৰূপান্তৰ কৰি আগবঢ়ালোঁ।

কোন মৰিল:
চিত্ৰশিল্পী: জগদীশ স্বামীনাথন

জুইকুৰা দেখিছেনে আপুনি
পাৰ পাবলৈ কোৰ্হাল কৰি থকা সেই যে দলংখন
তাৰ ঠিক পোনে পোনে
নদীখন যে দেখিছে- সৌৱা কছৰৎবাজী কৰি ৰূদ্ধস্বাসে
ঢপলিয়াইছে
তাৰ পাৰতেই মৰিশালিখন
কোনোবা মৰিলে
আমি নাগাৰা বজাই তেওঁক তুলি আনো জুইক সঁপিবলৈ
কিন্তু অ’ গোঁসাই
কোনো সাৰ-সুৰ নাই নাগাৰাৰ চিঞঁৰটো নাই
মৃত্যুৰ দৰে এই নিজানত
জুইকুৰা জ্বলিল কেনেকৈ!
—————————————————

অ’ফিয়াৰ্ছ:
চিত্ৰশিল্পী: গুলাম মহম্মদ শ্বেইখ

কুকুৰ নথকা এই গলিত আখৰবোৰে ভুকভুকায়
হয়তো কোনোবাই মোৰ খোজ চিনি পায়
তুমিতো বহুবছৰ ধৰি মোৰ পাছ লৈছা
চিনি পালানে
মোক মোৰ গোন্ধক
পথচিহ্নৰ কি সংকেতত তুমি মোলৈ ঢপলিয়াইছা
হাজাৰটা খোজৰ ওপৰত মোৰ খোজ মোৰ খোজৰ ওপৰত
হাজাৰখন গাড়ীৰ খোজ
ছাঁটোক চোলাৰটোৰ স’তে গাঁঠি লওঁ
বতাহ বোৰ সী থওঁ উশাহত
তৰাবোৰৰ স’তে মোৰ কাহানিও মোৰ বন্ধুত্ব নাছিল
বেলিৰ স’তে সদায় কথা কটাকটি
জোনটোৰ ফালে মুখকে কৰা নাই

মই কাৰো নহওঁ কোনো মোৰ নহয়

তেনেহ’লে তোমাৰ স’তে মোৰ এই ফুচফুচনি
আৰম্ভ হ’ল কেনেকৈ!

আন্ধাৰ ৰাতি ওফোন্দ পাতি সৰি নপৰা চকুপানীৰ
টোপাল দুটাত প্ৰথমে দেখিছিলোঁ তোমাক
সেই যে বগৰী কাঁইটে বিন্ধোতে তুমি মোক তেজৰ
সুঁতিটো শোহা মাৰি জিভাত থৈ দিবলৈ কৈছিলা
মাজৰাতি মেজিৰ কাষৰ ছাগলীজনী বেবনিটোক
জগাই দিছিলা, ৰাতিপুৱা নিমজোপাৰ পাতেৰে বগুৱাবাই
প্ৰথমজাক বৰষুণৰ কেঁচু হৈ, পাতবোৰৰ আঁহে আঁহে
কিবা-কিবিবোৰৰ সন্ধান কৰিবলৈ মোৰ জিজ্ঞাসাক
তুমিয়েই হ’বলা হেঁচুকি দিছিলা খপজপাই সাৰ পোৱাকে
নজনা এটা ভাষাৰ নজনা আখৰেৰে নজনাবোৰ লিখিবলৈ
তুমিয়েনে সেইগৰাকী যি মোক জঁপিয়াবলৈ কৈছিলা
সেই পুখুৰীটোলৈ

সাগৰপাৰত ৰৈ থাকোঁতে অৰণ্যত তোমাৰ গানটো
বাদামী সন্ধ্যা সেই গৰুগাড়ীৰ কেৰেছ-কেৰেছৰ স’তে
মিহলি তোমাৰ মাত
হ’ব আৰু বহুত হ’ল মোৰ পিছে পিছে পিছে পিছে
তোমাৰ এই-
চাওঁ আহা এতিয়া মুখখন চাওঁ
————————————————————-
স্বামী, স্বামী, স্বামী স্বামী স্বামী:
চিত্ৰকৰ: হৰিপ্ৰকাশ ত্যাগী
( শিল্পী স্বামীনাথনৰ প্ৰতি)

চিলচিলিয়া ৰ’দত
চৰাইটোৰ ঠেঙত
এৰাল দিয়া পাহাৰটো
পাহাৰটোৰ সিপাৰে আৰু এটা
অদৃশ্য পাহাৰ
মকৰা এটাই লাহে লাহে দাঁত বুলায়

পাহাৰটো-ক্ৰমশঃ সলনি হয় বালিত
জ্বলি-পুৰি মৰা এটা বিড়িৰ নৈৰাজ্যত
ছাইবোৰ সলনি হৈ ৰঙত
বালিবোৰ শূন্যত আঠা লাগি ধৰে
মৌনতাক বিদাৰি বালিবোৰে
চকুত এটা নাদৰ দৰে স্থিৰ
স্বামীক খেপিয়াই
আৰু স্বামীনাথনৰ আঙুলিবোৰৰ জালত পৰা
বিড়িটোৰ অগ্নিমুখে
চকুৰ ‘অন্তৰিক্ষ্যত’ নিনাদে ঔঁ পূৰ্ণমদঃ পূৰ্ণমিদং …….
————————————————————-

সপোন:
শিল্পী: জয় ঝড়োটিয়া

ভাবিছোঁ
যাদু কৰি তোক ৰঙা কৰি পেলাম
ঘোঁৰাটোক সেউজীয়া
লেমটো জ্বলি থাকিব
সি য’লৈকে বাট দেখুৱাই নিয়ে
আমি ত’লৈকে যাম

সৌ পাহাৰটোৰ সিপাৰে
হালধীয়া কুৱেৰী এখন আছে
তাতেই নীলা বেলি এটা গজিছে
সোণালী ধানবোৰ, সেউজীয়া গোলাপ
ৰঙা ৰঙা গছ আৰু
বহুবৰ্ণী সপোন এটা
————————————————

হুছেইনৰ এখন ছবিয়ে হঠাৎ:

কবি: অশোক বাজপেয়ী
(এম এফ হুছেইনৰ উৎসগৃত …..)

হুছেইনৰ ছবিখনৰ ৰঙা চকুৰে পোহৰছাটি
সৌ বাটটোৰে গুচি গ’ল
যি মোৰ ঘৰটোৰ আন্ধাৰখিনিৰ কাষেৰে
পাৰ হৈ গৈছিল

পুখুৰীত শুই থকা শূন্যতাখিনিত
হঠাৎ এটি ঘেঁহুবৰণীয়া হাঁহি

গছবোৰৰ এলানি আন্ধাৰে আকাশখন
ঘেৰি ধৰে

ঘৰটো মোৰ জিলিকি উঠে
বুৰ যায়
ঘন ৰঙা দুটা চকুৰ পৰা
ঢপলিয়াই যোৱা
এছাটি হালধীয়া পোহৰত৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নাথভাই
4 years ago

সাহিত্য ডট অৰ্গৰ মই নতুন পাঠক ৷ বিশেষকৈ মই কবিতা পঢ়ি ভাল পাওঁ