এখন অৰণ্য, এজন অভিভাৱক

পথটোত হেনো বাৰিষা কালত নাও চলে! আমাৰ গাড়ীখনো আগবাঢ়ি গৈছিল সেই খলা বমা পথটোৰে। দুয়োকাষে মাজে মাজে চাহ বাগিছা আৰু কিছুমান ঘৰ। বাট পথত যোৱাবেলি হৈ যোৱা বাৰিষাৰ বানপানীৰ চিন স্পষ্ট। আমাৰ লক্ষ্যস্থান আছিল তিনিচুকীয়া চহৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ আঁতৰত অৱস্থিত গুঁইজান ঘাট, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰবেশদ্বাৰ গুঁইজান। গড়কাপ্তানি বিভাগে জোৰা টাপলি মাৰি নিৰ্মাণ কৰা পথটোৰে গৈ অৱশেষত আমি উপস্থিত হৈছিলো মূল লক্ষ্যস্থান– বনশ্ৰী ইক’ কেম্পত। আগতেই খবৰ দি ৰখা সেই ইক’ কেম্পৰে স্বত্বাধিকাৰীগৰাকী আগবাঢ়ি আহিল আমাৰ লগত পৰিচয় হ’বলৈ। আমাৰ মূল উদ্দেশ্যও আছিল এই ব্যক্তিগৰাকীক লগ ধৰাটোৱেই। তিনিচুকীয়াৰ পৰা গুঁইজানলৈ এই সমষ্ট পথছোৱা স্থানীয় সংবাদদাতা কৃষ্ণ উপাধ্যায় আৰু সীমান্ত চেতিয়াৰ মুখেৰে শুনি গৈ আছিলো এই ব্যক্তিগৰাকীৰ কথা। ডিব্ৰু-ছৈখোৱা উদ্যানৰ প্ৰতিডাল গছ, প্ৰতিটো কোণ হেনো তেখেতৰ নখদৰ্পনত। স্বাভাৱিকতে উত্সুক হৈ পৰিছিলো ব্যক্তিগৰাকীক লগ ধৰিবলৈ।
জয়নাল আবেদিন ওৰফে ‘বেণু দা’। প্ৰকৃতিপ্ৰেমীসকলৰ মাজত হয়তো নতুনকৈ চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই। কিন্তু এতিয়াও হয়তো বহুতে নাজানে এই ব্যক্তিগৰাকীৰ পৰিচয়, কাম কাজ ইত্যাদি। আমি সাহিত্য ডট অৰ্গৰ হৈ গৈছিলো তেখেতৰ বিষয়ে জানিবলৈ, ডিব্ৰু-ছৈখোৱাৰ সামগ্ৰিক ৰেহৰূপৰ অলপ আভাস ল’বলৈ, তেখেতৰ কাম কাজৰ বিষয়ে অলপ কথা বতৰা পাতিবলৈ। কিয় তেওঁ প্ৰকৃতিৰ লগত ইমান নিবিড়ভাবে জড়িত অথবা দেশ বিদেশৰ প্ৰকৃতিপ্ৰেমীসকলৰ মাজত ‘বেণুদা’ কিয় ইমান জনপ্ৰিয়, সেই কথাকে বুজিবলৈ আমি মুখামুখি হৈছিলো এই গৰাকী ব্যক্তিৰ সৈতে। উল্লেখযোগ্য যে জয়নাল আবেদিন অসমত ইক’ টুৰিজিমৰো বাটকটীয়া আছিল।
১৯৬৪ চনত গুঁইজানতে জন্মগ্ৰহণ কৰা জয়নাল আবেদিন। কৰ্মজীৱনৰ আৰম্ভণিতে এগৰাকী চিকাৰী হিচাবেহে জনাজাত আছিল কিন্তু জীৱনত ঘটা বিভিন্ন অভিজ্ঞতাবোৰে তেওঁক পাছলৈ চিনাকি কৰাই দিছিল এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে। মাথোঁ হাইস্কুলীয়া শিক্ষাৰে শিক্ষিত জয়নাল আবেদিন বৰ্তমান ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এগৰাকী বিশেষজ্ঞ, লগতে আন্তঃৰাষ্ট্ৰীয় পক্ষীবিদসকলৰ মাজতো এটি জনপ্ৰিয় নাম ।
আমি আৰম্ভণিতেই সুধিছিলো ‘চিকাৰী বেণুদা’, প্ৰকৃতিপ্ৰেমীলৈ কেনেদৰে ৰূপান্তৰিত হৈছিল?” বেণু দাই কৈ গৈছিল নিজৰ জীৱনৰ কথা “মোৰ শিক্ষা একেবাৰেই কম, মাথো মেট্ৰিক পাছ। কলেজত নাম ভৰ্তি কৰিলো। কিন্তু পাছত কাঠৰ কুণ্ডা চুৰ কৰিবলৈ শিকিলোঁ। সেইখিনি সময়ত মোৰ অনুভৱ আছিল পঢ়া শুনা কৰি চাকৰি কৰিও পইচা ঘটিব পাৰি, পঢ়া শুনা নকৰাকৈও এনেদৰে নীতি বহিৰ্ভূতভাৱে কাম কৰিও পইছা ঘটিব পাৰি। পঢ়া শুনাৰ কি প্ৰয়োজন? দেউতা আছিল বনবিভাগৰ ঠিকাদাৰ, সেই সূত্ৰে ডিব্ৰু ছৈখোৱা বনাঞ্চলত সোমোৱাৰ সুযোগ পাইছিলো। এই কাঠৰ কুণ্ডাৰ অবৈধ ব্যৱসায়টোত আমাক তেতিয়া বনবিভাগৰ বিষয়া সকলেই উত্সাহ যোগাইছিল, কিছু ধনৰ দাবীত। গতিকে তেওঁলোকৰ উত্সাহতে চলাই গৈছিলো সেই কাম কাজ। পাছত আলফাৰ পৰা এই ক্ষেত্ৰত অহা নিৰ্দেশতহে আমি এই কামটো বন্ধ কৰি দিলো। তাৰ পাছত জীৱিকাৰ বাবে প্ৰায় ছবছৰ ড্ৰাইভাৰ হিচাবে গাড়ী চলালো। তেতিয়াই এগৰাকী সেনাবিষয়াৰ নিৰ্দেশ মতে এজনী ম’হ মাৰিবলগীয়া হ’ল কিন্তু দুৰ্ভাগ্যশতঃ ম’হজনী গাভিনী আছিল । এই ঘটনাটোৱে মোৰ জীৱনত বহুত প্ৰভাৱ পেলালে। ঘটনাটোৱে বনবিভাগত অলপ হুলস্থূলো লগালে। তাৰ পাছতে এই অঞ্চলৰ ৰেঞ্জ বিষয়া নাৰায়ন শৰ্মাৰ সংস্পৰ্শলৈ আহিলো। তেখেতৰ সহায়তই বন বিভাগৰ অফিচতে বিভিন্ন সৰু সুৰা কামত নিজকে নিয়োজিত কৰি ৰাখোঁ”- কৈ গৈছিল বেণু দায়ে মুক্তভাবে সকলো কথা, নিজৰ জীৱনৰ কিছুমান ঋণাত্মক কাহিনী ।
“তাৰ পাছতে নাৰায়ন শৰ্মাৰ সহযোগত আমি এটা প্ৰকৃতি সংগঠনৰ আৰম্ভ কৰোঁ ‘ডিব্ৰু-ছৈখোৱা ওৱাইল্ডালাইফ কনজাৰ্ভেচন ছোচাইটি’ নামেৰে। এই ছোচাইটিৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাবে কাম কাজ আৰম্ভ কৰোঁ। তাৰ পাছতে পক্ষী নিৰীক্ষণটো এক প্ৰিয় বিষয় হৈ পৰে। প্ৰথমাৱস্থাত পক্ষী নিৰীক্ষণৰ প্ৰতি সিমান হাবিয়াস নাছিল, কিন্তু পাছলৈ ইয়াৰ গুৰুত্ব বুজি উঠিছিলো। বৰ্তমানলৈ প্ৰায় ছয় শতাধিক প্ৰজাতিৰ চৰাই নিৰীক্ষণ কৰিছো। কেৱল ডিব্ৰু-ছৈখোৱা অঞ্চলতে পাঁচ শতাধিক চৰাই নিৰীক্ষণ কৰিছো”।
চৰাই নিৰীক্ষণ হয়তো আমাৰ বহুতৰ বাবেই এক আচহুৱা বস্তু, কিন্তু প্ৰকৃতিপ্ৰেমী পক্ষীবিশেষজ্ঞ সকলৰ বাবে ই সবাতোকৈ প্ৰিয় বিষয়। জয়নাল আবেদিনো বৰ্তমান এজন বিশিষ্ট পক্ষীবিশেষজ্ঞ। দেশ-বিদেশৰ বহু পক্ষী বিশেষজ্ঞক নিজৰ অভিজ্ঞতা আৰু জ্ঞানেৰে তথ্য যোগাই আহিছে। প্ৰসংগ অলপ সলনি কৰি আমি সুধিছিলো বৰ্তমানৰ অসমত গঢ় লৈ উঠা ইক’ পৰ্যটন ধাৰণাটোৰ কথা, যিটো অসমত পোনপ্ৰথমে আৰম্ভ কৰিছিল জয়নাল আবেদিনে।
“১৯৯৯ চনত বনশ্ৰী নামেৰে পেছাদাৰী ৰূপত সেৱা আৰম্ভ কৰি ইক’ টুৰিজম প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ পৰোঁ। দহজনীয়া এটা দলক ডিব্ৰু-ছৈখোৱা ভ্ৰমন কৰোৱাৰ বাবদ আমি ২৫০০ টকা লাভ কৰিছিলো। সেয়াই আছিল আমাৰ এনেদৰে লাভ কৰা প্ৰথম আয়। তাৰ পাছতে তিনিটা কটেজ সাজিলো পৰ্যটকসকলৰ থকাৰ সুবিধাৰ বাবে। কিন্তু বানে সকলো উটুৱাই লৈ গ’ল তথাপিও হাৰ নামানিলো। পুনৰ আৰম্ভ কৰিলো কটেজ সজাৰ কাম। গাঁৱৰ মানুহ খিনিও আচৰিত হ’ল, সৰু সৰু খেৰৰ কটেজবোৰ দেখি। তেওঁলোকৰ ভাব হ’ল এনেকুৱা ঘৰতো মানুহ থাকিবলৈ আহিবনে? কাৰণ আজিৰ পৰা চৈধ্য বছৰৰ আগতে এই ধাৰণাটোৱেই নতুন আছিল। কিন্তু মানুহ আহিল। মানুহ ইমানেই বেছি আহিবলৈ ধৰিলে যে আমি ৱেইটিং লিষ্ট পৰ্যন্ত লগাই দিবলগীয়া হ’ল। অসমত ইক’পৰ্যটন পোনপ্ৰথমে ময়েই আৰম্ভ কৰিছিলো বুলি ডাঁঠি ক’ব পাৰো”।
ইতিমধ্যে এজাক নৈপৰীয়া বতাহে জোকাৰি গৈছিল পৰিবেশটো। লগত কঢ়িয়াই আনিছিল ধূলি বালি। এপাক চাৰিওফালে পুনৰ চকু ফুৰালো, কেইবাগৰাকী বনুৱাই মনোযোগেৰে নিজৰ কামত ব্যস্ত হৈ আছে, কেইটিমান নতুন কটেজ সজাৰ কামত। পুনৰ সুধিলো “আপুনি এই বনুৱা সকলক কেনেদৰে কামবোৰত জড়িত কৰি ৰাখিছে?”
“এই সকলোবোৰ বনুৱা যে দেখিছে প্ৰকৃততে আটাইবোৰ অভাৱৰ তাড়নাত বনত চোৰাংকৈ গছ কটা অথবা চোৰাং চিকাৰ কৰা লোক। সিহঁতকে মই ইয়াত কামত লগাই দিছো। কাম অনুপাতে টকা পইছা দিয়া হয়। মোৰ এটা ধাৰণা আছিল, এই মানুহখিনিক যদি মই মোৰ কামত লগাই দিব পাৰো তেন্তে হাবিখনো  সুৰক্ষিত হব । মোৰ ইয়াত বৰ্তমান প্ৰায় ষাঠীজন তেনে চোৰাংকাৰবাৰ কৰা লোক বনুৱা হিচাবে কাম কৰি আছে। এতিয়া আপুনি ভাবকচোন এই ষাঠীজন লোকে যদি এদিন জংঘললৈ নাযায় তেন্তে এশ বিশ জোপা গছ বাচি যায়। লগতে প্ৰকৃতি ৰক্ষাৰ বিভিন্ন উপায় আৰু প্ৰকৃতিৰ হানি বিঘিনি নঘটোৱাকৈ ইয়াৰ দ্বাৰা কেনেদৰে উপাৰ্জন কৰিব পাৰি তাকো  বুজাও মই এইসকল লোকক । হাবিখন পৰ্যটকক দেখাই যদি উপাৰ্জন কৰিব পাৰি, তেন্তে ইয়াক নষ্ট কৰি কি লাভ?”। প্ৰকৃতি ৰক্ষাৰ এই অভিনৱ পদক্ষেপটোৰ কথা শুনি আমি আপ্লুত হৈছিলো।
“ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কাজিৰঙাৰ দৰে জনপ্ৰিয় কৰি তুলিব নোৱাৰিনে?” যথেষ্ট উত্সাহেৰে তেখেতে ক’লে “ইয়ালৈ বৰ্তমান বহু লোক আহিবলৈ আৰম্ভ কৰিছে। সাধাৰণতে অসম তথা অসমৰ বাহিৰত কাজিৰঙা – মানস আদি ৰাষ্ট্ৰীয় উদ্যানৰ চৰ্চা বেছিকৈ হয়, ডিব্ৰু-ছৈখোৱা বাদ পৰি যায়। কেৱল ডিব্ৰু-ছৈখোৱাই নহয়, ওৰাং নামেৰীৰ চৰ্চাও খুউব কমেই হোৱা দেখা যায়। ডিব্ৰু ছৈখোৱা পৰিবেশতন্ত্ৰৰ ফালৰপৰা খুবেই চহকী এক অঞ্চল। এই অঞ্চলক জনপ্ৰিয় কৰাৰ বাবে পদক্ষেপো আমিয়েই ল’ব লাগিব”।
হয়, আমিও অনুভৱ কৰিছিলো এই কথা, বাৰুকৈয়ে। অসমৰ ভিতৰতে এখন জৈৱ বৈচিত্ৰতাৰে ভৰপুৰ এখন ৰাষ্ট্ৰীয় উদ্যানলৈ চৰকাৰ-ৰাইজৰ যেন অলপ আওকনীয়া মনোভাৱ। অথচ চৰাইৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পক্ষীবিদসকলৰ মাজতে এখন জনপ্ৰিয় উদ্যান হ’ল ডিব্ৰু ছৈখোৱা। ‘বেণু দা’ক সুধিছিলো ডিব্ৰু-ছৈখোৱাৰ পৰ্যটন সম্ভাৱনীয়তা আৰু ইয়াত চলি থকা গৱেষণা সমূহৰ কথা।
“ডিব্ৰু-ছৈখোৱা হৈছে বাৰিষাৰ উদ্যান, ঠিক সুন্দৰবনৰ দৰে, কিন্তু সুন্দৰবনতকৈ অধিক মনোমোহা। কিন্তু পৰ্যটনৰ বিকাশাৰ বাবে বনবিভাগ অথবা পৰ্যটন বিভাগৰ সম্যক জ্ঞানৰ অভাৱ। ৫০২ বিধ প্ৰজাতিৰ চৰাইৰ বাসস্থলী ডিব্ৰু-ছৈখোৱা এখন চিৰ সেউজ উদ্যান। ইয়ালৈ বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন পক্ষীবিদ সকল প্ৰায়েই আহে বিভিন্ন গৱেষণাৰ কাম কাজত। তাৰোপৰি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰো গৱেষক সকলৰ গৱেষণা স্থলী হ’ল ডিব্ৰু-ছৈখোৱা। এইখন  এখন ‘ইউনিক’(unique) উদ্যান। কিন্তু সঠিক উপস্থাপনৰ অভাৱ, চৰকাৰী সংৰক্ষণ আৰু আঁচনিৰ অভাৱে এই উদ্যানখনক এক গতিমাত্ৰা প্ৰদান কৰাত বাধাৰ সৃষ্টি কৰিছে”।
অসমৰ বিভিন্ন বন্যপ্ৰেমী সংগঠন সমূহৰ এইক্ষেত্ৰত কিবা ভূমিকা আছেনে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত অতি ক্ষোভেৰে তেওঁ ক’লে, “বহুতো প্ৰখ্যাত সংগঠনৰ ভূমিকা এই ক্ষেত্ৰত শূণ্য। বাহিৰৰ পৰা অহা বিয়োগম পৰিমাণৰ ধনেৰে কিছুমান সংগঠনে আঁভুৱা ভাৰি আছে। গুৱাহাটীৰ পৰা উচ্চশিক্ষিত এচাম লোকক উদ্যানলৈ আনি তেওঁলোকৰ মাজতে সজাগতা সভা পতাৰ কিবা যুক্তি আছেনে? তাতোকৈ অশিক্ষিত লোকসকলৰ মাজত পৰিবেশ সজাগতা অনাটো জৰুৰী নহয়নে? ডিব্ৰু-ছৈখোৱাৰ উন্নয়নৰ বাবে কোনো দল আগবাঢ়ি আহিলে তেওঁলোকক মই মোৰ কটেজ বিনামূলীয়াকৈ দিবলৈও সাজু আছো”।
“সততে শুনা যায় বনৰ ভিতৰত সাধাৰণ লোকৰ বসতি স্থাপন সম্পৰ্কে। আপোনাৰ মতামত?” “বনাঞ্চলৰ ভিতৰত দুখন গাঁও আছে লাইকা আৰু দধিয়া , সেইকেইখন বহুদিনৰ আগৰ পৰাই আছে। চৰকাৰেও ডিব্ৰু-ছৈখোৱাক বায়স্ফেয়াৰ ৰিজাৰ্ভ, ৰাষ্ট্ৰীয় উদ্যান আদি ঘোষণা কৰাৰ সময়ত গাঁওবাসীক পুনৰ সংস্থাপন নোপোৱা পৰ্যন্ত, চৰকাৰী সা সুবিধা দি থকাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেয়া কাৰ্যকৰী নহ’ল। মাথোঁ ভোটকেইটা লৈ আঁভুৱা ভৰা ৰাজনীতি চলাই গৈছে। তেওঁলোকৰ জীৱনধাৰণৰ প্ৰণালীও মাজে মাজে দুৰ্বিষহ হৈ পৰে। বহু লোক ওলাই আহে, কিন্তু বহু লোক নিজৰ ঠাইখন এৰি গুচি যাবলৈ আগ্ৰহী নহয়। গাঁৱৰ লোকসকলক লৈয়ে পৰিবেশ সংৰক্ষণৰ সজাগতা আনিব নিশ্চয় পাৰি। কিন্তু তেওঁলোকৰ মাজতো এতিয়া পৰিবেশ সজাগতা এটা আহিছে, বিশেষকৈ নতুন চামৰ মাজত। যেতিয়ালৈকে বনবিভাগে স্থানীয় লোকসকলৰ লগত এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশ গঢ়ি তুলিবলৈ আগবাঢ়ি নাহে তেতিয়ালৈকে উন্নয়ন মিছা। বনবিভাগৰ লোকসকলেই চোৰাং কাম কাজবোৰত নিজেই জড়িত হৈ থাকে”। যথেষ্ট উষ্মা মিহলি সুৰেৰে কথাখিনি ক’লে তেওঁ।
আৰু যেন বহু কথাই ক’বলৈ বাকী আছিল এইগৰাকী প্ৰকৃতিপ্ৰেমীৰ। আমিও যিমান পাৰো বিভিন্ন কথা জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলো। ডিব্ৰু-ছৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হ’ল হয়, কিন্তু এতিয়াও যেন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। কিন্তু তাৰ মাজতে যেন এইগৰাকী ব্যক্তিয়ে ডিব্ৰু-ছৈখোৱাৰ এগৰাকী অভিভাৱক হিচাপে অনানুষ্ঠানিকভাৱে দায়িত্ব পালন কৰি আছে। প্ৰকৃতিক ভাল পাবলৈ অথবা এগৰাকী বিশিষ্ট প্ৰকৃতবিদ হিচাপে পৰিচয় লভিবলৈ কোনো উচ্চ শিক্ষাৰ প্ৰয়োজন নাই। প্ৰকৃতিক অন্তৰেৰে ভাল পাবলৈ জানিলে সেই পৰিচয় নিজে নিজে লভিব পাৰি। এগৰাকী মেট্ৰিক পাছ ব্যক্তিয়ে জৈৱ বৈচিত্ৰতাৰ অফুৰন্ত জ্ঞান নিজে নিজে অৰ্জন কৰি বৰ্তমান ডিব্ৰু-ছৈখোৱাৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পক্ষীবিদ হিচাবে খ্যাতি আৰ্জিছে। অনুপ্ৰেৰণাৰ মাপকাঠি হয়তো এই উদাহৰণৰেই জুখিব পাৰি।
এবাৰ চকু ফুৰাইছিলো দূৰণিলৈ। এজাক চৰাই নদীখনৰ ওপৰেৰে দেও দি দি উৰি গৈছিল। নদীৰ সিপাৰে সেউজীয়া ৰংটোৱে যেন হাত বাউলী মাতিছিল। মনে মনে প্ৰতিশ্ৰুতি দিছিল- আহিম এদিন আকৌ, হাতত অফুৰন্ত সময় লৈ। ডুব যাম ডিব্ৰু-ছৈখোৱাৰ সেউজীয়াবোৰৰ মাজত!

সাহিত্য ডট অৰ্গৰ হৈ প্ৰতিবেদন যুগুতালে : দেৱব্ৰত গগৈ আৰু হিমজ্যোতি তালুকদাৰে

বিশেষ কৃতজ্ঞতা :জামালুদ্দিন আহমেদ, সদস্য, অসমীয়াত কথা বতৰা, শিৱসাগৰ ; কৃষ্ণ উপাধ্যায়, স্থানীয় সংবাদদাতা ; সীমান্ত চেতিয়া, স্থানীয় সংবাদদাতা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!