এখন কিতাপ আৰু কিছু অনুভৱ (অনামিকা বৰুৱা)

লিখিব নাজানো কিন্তু পঢ়ি ভাল পাওঁ৷ যি পাওঁ তাকে পঢ়োঁ৷ গল্প, উপন্যাস, কবিতা……৷ উপন্যাস মোৰ প্ৰিয়৷ আজিলৈ যিমান কিতাপ পঢ়িছোঁ তাৰ ভিতৰত উপন্যাসৰ সংখ্যাই সৰহ৷ পঢ়ি ভাল লগা উপন্যাসবোৰে বহুদিনলৈ মনটো আলোড়িত কৰি থাকে৷ মন্ত্ৰমুগ্ধৰ দৰে বাৰে বাৰে চুই চাওঁ প্ৰিয় কিতাপবোৰ৷ ভাল লাগে৷ কিবা এক বুজাব নোৱাৰা অন্য ধৰণৰ সুখানুভূতিয়ে চৌপাশ আবৰি ৰাখে৷ মনৰ মাজত যেন অহৰহ বাজি থাকে মন্দিৰৰ ঘণ্টা ধ্বনি! শুকাই যাব খোজা মনটো জীপাল হৈ উঠে অজানিতে৷ দৈনন্দিনৰ অৰ্থহীন ব্যস্ততাই আনি দিয়া স্থবিৰতা কেনিবাইদি পলাই ফাট মাৰে৷ জীৱনলৈ পুনৰ সজীৱতা উভতি আহে৷ ন-উদ্যমেৰে সমস্যা, হতাশা, যুঁজ-বাগৰৰ মুখামুখি হোৱাৰ সাহস পাওঁ৷ বিগত ভালেমান দিন এক অদ্ভুত অস্থিৰতাৰ মাজত কটাইছিলোঁ৷ কোনোপধ্যে কিছুমান সমস্যাৰ সমাধান উলিয়াব পৰা নাছিলোঁ৷ ভাগি গৈছিল মনটো৷ এনে লাগিছিল যেন ইয়াতেই শেষ হৈ যাব সকলো৷ তাৰ মাজতে সিদিনা অন্যমনস্কভাৱে কিতাপৰ মাজৰ পৰা টানি উলিয়াই আনিছিলোঁ ধ্ৰুৱজ্যোতি বৰাৰ “অৰ্থ”৷ মই সাধাৰণতে কিতাপ এখন পঢ়িবলৈ ল’লে শেষ পৃষ্ঠাটোত চকু ফুৰাওঁ৷ তাৰ পাছত পাতনিটো পঢ়োঁ৷ তাৰ পাছতহে মূল কিতাপখন পঢ়িবলৈ আৰম্ভ কৰোঁ৷ কিন্তু “অৰ্থ”খন প্ৰথম পৃষ্ঠাৰ পৰাই পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ সেই যে পঢ়িবলৈ আৰম্ভ কৰিলোঁ, তাৰ পাছত কিতাপখন পঢ়ি শেষ নকৰালৈকে শান্তি পোৱা নাছিলোঁ৷ কিতাপখনে চুম্বকৰ দৰে বাৰে বাৰে টানিছিল মোক৷ আবেলি অফিচৰ পৰা আহি চাহকাপ খায়ে খৰধৰকৈ মেলি লৈছিলোঁ “অৰ্থ”৷ তিনিশ চৈধ্য পৃ্ষ্ঠাৰ উপন্যাসখন তিনি দিনত পঢ়ি শেষ কৰিলোঁ৷ অৱশ্যে নিশাহে পঢ়িবলৈ পাইছিলোঁ৷ নহ’লে চাগে একে বহাতে শেষ কৰিবলৈ মন গ’লহেঁতেন! দুটা ভাগত বিভক্ত উপন্যাখন লেখকে ইমান দক্ষতাৰে এডাল সূতাত গাঁঠি পেলাইছে যে দ্বিতীয় খণ্ডটো পঢ়িবলৈ আৰম্ভ কৰিলে কোনোপধ্যে ধৰিব নোৱাৰি যে দ্বিতীয়ৰ মাজত প্ৰথম খণ্ডটোৱে পুনৰ সাৰ পাই উঠিব৷ আৰু য’ৰ পৰা আৰম্ভণি তালৈকে আকৌ উভতি আহিব৷ জীৱন কি? জীৱনৰ অম্বেষণ কি? ঈশ্বৰ কি? ধৰ্ম কি? মানুহৰ অস্তিত্ব কি? মূল্য কি? মানুহ নিজেই এটা অন্তহীন সাঁথৰ৷ মানুহৰ বুকুতেই বাজে দুৰ্য্যোগৰ দামামা৷ বিপ্লৱৰ হুংকাৰ৷ প্ৰগতিৰ সাধনা৷ উন্নতিৰ প্ৰাৰ্থনা৷ মৃত্যুয়েই কি শেষ? প্ৰেমৰ আৱৰণেই বাকী! চিনাকি সুহুৰি নে অচিনাকি যন্ত্ৰণা? কোমল অথচ বেদনা গধুৰ আবেশত ডুবি থাকে বুকু৷ নিৰ্মমতা-নিৰ্দয়তা ঠেলি পাহি মেলে জীৱনৰ অংকুৰে৷ ভয়-সন্ত্ৰাসৰ ঠাই লয় প্ৰাণৰ আকুতিয়ে৷ পাষাণ হৃদয় কঁপি উঠে মমতাৰ ভৰত৷ ধ্বংসাৱশেষৰ বুকুতে জীৱনে পাতনি মেলে নতুনকৈ৷ কাহিনীটো ঠিক এনেধৰণৰ……

এজন ল’ৰা, নাম শ্ৰীমান৷ প্ৰায়ে সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ফুৰিবলৈ যায়৷ সিদিনাও গৈছিল৷ কিন্তু সিদিনা সকলোৰে অলক্ষিতে এটা ঘটনা ঘটিছিল৷ শ্ৰীমানৰ চকুৰ আগতে এটা হত্যাকাণ্ড সংঘটিত হৈছিল৷ মানুহ এটাক মাৰি বালি নিবলৈ খন্দা অন্ধকাৰ গাঁত এটাত পেলাই থৈ গৈছিল হত্যাকাৰীহঁতে৷ হত্যাকাৰীকেইটা আঁতৰি যোৱাৰ পাছত কৌতুহ’লত ৰ’ব নোৱাৰি শ্ৰীমানে মৰা মানুহটোক বিচাৰি গৈছিল৷ কিজানিবা জীয়াই আছেই তাৰে আশাত৷ লাইটাৰৰ পোহৰত শ্ৰীমানৰ চকুৰ আগত ভাঁহি উঠিছিল এখন বীভৎস মেল খাই থকা মুখ৷ চকুদুটা ট’ ট’কৈ জিলিকি থকা৷ হালধীয়া দাঁতবোৰ চিকমিকাই আছিল৷ ভয়ত অণ্ঠ-কণ্ঠ শুকাই গৈছিল শ্ৰীমানৰ৷ পৰি-ধৰি পলাইছিল সেই ঠাইৰ পৰা৷ মৰা মানুহটোৰ মুখখনে অকলশৰীয়া মুহূৰ্তবোৰত খেদি ফুৰিছিল শ্ৰীমানক৷ অনবৰতে শ্ৰীমানৰ এনে লাগিছিল যেন মৰা মানুহটোৱে ভূত হৈ তাক খেদি ফুৰিছে৷ সি মৰা মানুহটোৰ শুংসূত্ৰ উলিয়াবলৈ যৎপৰোনাস্তি চেষ্টা চলালে৷ ডাক্তৰী পঢ়ি থকা ভায়েকৰো সহায় ল’লে৷

সমান্তৰালভাৱে তাৰ এনে লাগিছিল যেন সেই মানুহটোক হত্যা কৰা হত্যাকাৰীহঁতে কিবাকৈ গম পাইছিল শ্ৰীমানৰ কথা৷ সি সিহঁতৰ হত্যাকাণ্ডৰ একমাত্ৰ সাক্ষী, সেয়ে তাকো সিহঁতে মাৰি পেলাব৷ অহৰহ ভয়ৰ কুণ্ডলী এটাৰ মাজত লেটা পোকৰ দৰে সোমাই আছিল শ্ৰীমান৷ তাৰ মাজতে তাৰ বন্ধু অবিনাশে তাক চাকৰিত সুমুৱাই দিলে৷ নতুনকৈ ওলাব লগা বাতৰি কাকত এখনৰ সাংবাদিক৷ দুদিনমান অফিচো কৰিলে৷ মাজতে এদিন তাৰ অন্য এক বন্ধু ৰমেন আহি ওলাল৷ ৰমেনে তাক ব্যৱসায় কৰাৰ প্ৰস্তাৱ দিলে৷ তাহাঁতৰ পাণবজাৰত থকা দোকানখনৰ মাটিখিনিত এখন মাৰ্কেট বনাব৷ তাত থকা ভাড়াতীয়া দুজনে বিছ বছৰ ধৰি শ্ৰীমানহঁতক ঠগি আহিছে৷ সেই দুজনে কিবা তুৰি-মুৰি কৰিলে তাক চম্ভালাৰ দ্বায়িত্ব ৰমেনৰ৷ ৰমেনৰ কথা শুনি শ্ৰীমানৰ মাক-দেউতাকে ভাড়াতীয়া পৰিয়াল দুটাৰ পৰা ৰেহাই পোৱাৰ আশাত ৰমেনক সমৰ্থন কৰিলে৷ ৰমেনে শ্ৰীমানক অঞ্জুদাৰ ওচৰলৈ লৈ গ’ল৷ অঞ্জুদাৰ সাহচৰ্যত শ্ৰীমানহঁতৰ মাৰ্কেটৰ কাম দুৰ্বাৰ গতিত চলিল৷ সময়বোৰ সলনি হৈছিল৷ আণ্ডাৰ গ্ৰাউণ্ড আৰু মুকলিত থকাসকলৰ মাজত অঁৰিয়া-অঁৰি লাগিছিল৷ যেয়ে যাক যেনেকৈ পাৰে মাৰি লাচ গুম কৰি দিছিল৷ এনেধৰণৰ কথা কাণত পৰিলেই পুৰণি ভয়টোৱে শ্ৰীমানক কাতৰ কৰি তুলিছিল৷ তাৰ মাজতে অঞ্জুদাৰ গাত গুলি লাগিল৷ অঞ্জুদা ভালহৈ ঘৰলৈ অহাৰ পাছত শ্ৰীমানে বেছিভাগ সময় অঞ্জুদাৰ ঘৰত অঞ্জুদাৰ লগত কটাইছিল৷ অকস্মাৎ এদিন গুলি খাইছিল ৰমেনে৷ গুলিয়ে তাৰ উৰু ভেদ কৰি দিছিল৷ তাক গুলিওৱা ল’ৰাহঁতৰ পম খেদিছিল অঞ্জুদাহঁতে৷ ঘন অৰণ্যত এটা পৰিত্যক্ত ঘৰত ল’ৰা-ধপৰা দৌৰা-দৌৰি কৰি এটাক গুলিয়াইছিল অঞ্জুদাৰ ল’ৰাহঁতে৷ আৰু অন্য এটাক ধৰি পেলাইছিল৷ বাকীবোৰ অন্ধকাৰৰ সুযোগলৈ পলাই সাৰিছিল৷ ধৰা পৰা ল’ৰাটোক লৈ গৈছিল ঘন অৰণ্যলৈ৷ নিশাৰ আন্ধাৰত জোনে দীঘল দীঘল গছৰ পাতৰ মাজত লুকা-ভাকু খেলাৰ মাজতে শ্ৰীমানে দেখিছিল সেই একেই দৃশ্য৷ এটা ল’ৰাৰ হাত দুখন পিছফাললৈ টানকৈ বন্ধা৷ ভৰি দুটাও বন্ধা৷ মুখত মাতিব নোৱাৰাকৈ কাপোৰ এখন সোমোৱাই থোৱা আছে৷ তাৰ পৰা বাকীবোৰৰ শুংসূত্ৰ উলিয়াবলৈ যত্ন কৰিছে ল’ৰাহঁতে৷ সি মুখ খুলিবলৈ ৰাজী হোৱা নাই৷ পলাবৰ যত্ন কৰিছে, পৰা নাই৷ সিহঁতক এৰি দিবলৈ কাকুতি কৰিব খুজিছে, পৰা নাই৷ অৱশেষত আগ্নেয়াস্ত্ৰৰ ধাতৱ ধ্বনিয়ে বুকু বিন্ধি নিছে ল’ৰাটোৰ৷ একে সময়তে চৌদিশ বিদীৰ্ণ কৰি হিতাহিত জ্ঞান হেৰুৱায় সৰা পাতৰ ওপৰতে ঢলি পৰিছে শ্ৰীমান……

হিমায়লৈ ট্ৰেকিং কৰিবলৈ আহিছে আমেৰিকাৰ দল এটা৷ লগতে আহিছিল অকলশৰীয়া ছোৱালী এজনী৷ মুখখন আছিল তাইৰ নিষ্প্ৰাণ কিন্তু ক’লা চকুহাল আছিল জীৱন্ত৷ চকুৰ পানীৰ এখন তৰল পৰ্দাই আৱৰি থকা এহাল চিকমিকাই থকা চকু৷ প্ৰায় আঠ হাজাৰ ফুট উচ্চতাৰ বেছ কেম্পলৈ সি লৈ গৈছিল বিদেশী দলটোক৷ তাৰ পৰা চৈধ্য হাজাৰ ফুটলৈকে ট্ৰেকিঙৰ বাট৷ সাতজনীয়া দলটোত আছে দুটা ভৰতীয় ল’ৰা৷ এজনৰ বান্ধৱীজনী ভাৰতীয়, আনজনৰ মেম৷ আনহাল চাহাব-মেম৷ গোটটোৰ সপ্তমগৰাকী হ’ল এই ছোৱালীজনী৷ যাত্ৰাপথত গাইডৰ দৰে সি গাই গৈছিল হিমালয়ৰ অপৰূপ ৰূপৰ বৰ্ণনা৷ শিৱালিক পৰ্বতমালাৰ মনোমোহা ৰূপে মন মুহি নিছিল সকলোৰে৷ সি কৈ গৈছিল টেথীজ সাগৰৰ কথা, হিমালয়ৰ উৎপত্তিৰ কথা৷ বেছ কেম্প পোৱাৰ পাছত ট্ৰেকিঙলৈ নগ’ল ছোৱালীজনী৷ সি যত্ন লৈছিল তাইৰ৷ লাহে লাহে বিষণ্ণতা দূৰ হৈছিল ছোৱালীজনীৰ৷ তাৰ মায়া জাগিছিল তাইলৈ৷ দৰদ আৰু অনুকম্পাৰ সৃষ্টি হৈছিল তাৰ মনত৷ সি তাইক গাঁও ফুৰাবলৈ নিছিল৷ প্ৰথম নিশা ওৰে ৰাতি কথা পাতিছিল দুয়োটাই৷ সি মেলি দিছিল তাৰ পুৰণি ইতিহাস৷ …… সংজ্ঞা হেৰুৱাৰ পাছত স্মৃতিশক্তি লোপ পাইছিল তাৰ৷ অঞ্জুদাই দেউতাক আৰু গুৱাহাটীৰ ডাক্তৰৰ লগত পৰামৰ্শ কৰি তাক দিল্লীলৈ পঠিয়াই দিছিল৷ লগত গৈছিল ৰমেন৷ ভায়েক আৰু আন এজন ল’ৰাও গৈছিল৷ তাৰ চিকিৎসালয়ত থাকি চিকিৎসা কৰাৰ পাছত তিনিটা শোৱনি কোঠা থকা সুদৃশ্য ফ্লেট এটাত উঠিছিলগৈ সিহঁত৷ সেইটো অঞ্জুদাৰ ফ্লেট আছিল৷ মিলিটেৰী ডাক্তৰে অপাৰেচন কৰাৰ পাছতো ৰমেনৰ কিছু সমস্যা আছিল৷ তাৰ হাড় জোৰা লাগিছিল যদিও অকণমান বেঁকা হৈ থাকিল৷ তাৰ চিকিৎসাৰ লগে লগে ৰমেনৰ চিকিৎসাও চলি থাকিল৷ কাউন্সেলৰৰ চিকিৎসা আৰু ৰমেনৰ সান্নিধ্য-হাঁহি ফুচুৰিয়ে তাক ভাল কৰি তুলিছিল৷ ভালকৈ খোজ কাঢ়িব পৰা হোৱাৰ পাছত ৰমেনে জামা মছজিদৰ আগত থকা ধুনীয়া ভিখাৰীটোক বিচাৰি উলিয়াই তাৰ দামী বিদেশী ক্ৰাটছযোৰ দান দিছিল৷ ৰমেন প্ৰেকটিকেল ল’ৰা আছিল৷ সি কৈছিল ‘চা, মৃত্যুক দুইধৰণে ল’ব পাৰ৷ তোৰ ধৰণে, চিৰিয়াছলি৷ তেনেদৰে ল’লে মনত কষ্ট পাবি, কিন্তু শেষ ফল একেই৷ নহ’লে মোৰ দৰে পাতলভাৱে৷ সহজভাৱে ল’ব পাৰ৷ যিটো বেছি স্বাভাৱিক৷ এনেদৰে তই মৃত্যু আৰু মৃত্যুভয় দুইটাকেই জয় কৰিব পাৰিবি৷ বুজিছ’৷

অঞ্জুদাৰ দিল্লীত এটা ট্ৰেভেল এজেন্সী আছিল৷ সেইটো চলাইছিল পাঞ্জাবী এটাই৷ কিন্তু পাঞ্জাবীটোৱে সুবিধা পাই ট্ৰেভেল এজেন্সীটো লুটি-পুতি খালে৷ ৰমেনে অঞ্জুদাৰ কথা মতে তাক চিধা কৰিবলৈ যোৱাত ঘটনাৰ পাকচক্ৰত পৰি সিও এজেন্সীটোৰ সৈতে সাঙোৰ খাই পৰিল৷ দিল্লীৰ পৰা গৈ সিহঁত ধৰমশালা পালেগৈ৷ তাৰ পৰা পালেগৈ মেকলডগঞ্জ৷ তালৈ গৈ ট্ৰেভেল এজেন্সী উদ্ধাৰ অভিযানত লাগিয়েই সি হিমালয়ৰ মায়াত বন্দী হ’ল৷ ৰমেনক কৈ সি মেকলডগঞ্জতে থাকিবলৈ ল’লে৷ তেতিয়াৰে পৰা সি ট্ৰেভেল এজেন্সীৰ অফিচ চোৱা-মেলা কৰে পেমা আৰু গ্যাটশ্বকলৈ৷ ছোৱালীজনীয়ে দলিয়াই পেলাইছিল বিষন্নতাৰ চাদৰ৷ বান্ধোন ছিঙি বৈ গৈছিল চকুলোৰ সাগৰ৷ মনটো মুকলি হৈ পৰিছিল৷ ধৰ্ম, দৰ্শন, বুদ্ধ, ভিক্ষু, ভিক্ষুণীবোৰৰ কথা আলোচনা কৰিছিল তাই৷ সি তাইক লৈ ফুৰাইছিল ধৌলাধাৰ পৰ্বতৰ নগ্ন অথচ সুন্দৰ দৃশ্যৰাজীৰ মাজে মাজে৷ তাইৰ ইচ্ছানুযায়ী বৌদ্ধ বিহাৰলৈকো লৈ গৈছিল৷ প্ৰেমত পৰিছিল সি৷ ইপিনে আণ্ডাৰ গ্ৰাউণ্ড আৰু অভাৰ গ্ৰাউণ্ডৰ মাজৰ যুঁজখন ভয়ংকৰ হৈ উঠিছিল৷ অঞ্জুদাৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছিল৷ নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈকে সেই কণমানিটোক মাকৰ বুকুৰ পৰা কাঢ়ি নি নামভৰ্তি কৰি দিছিল চিমলাৰ এখন আন্তৰ্জাতিক স্কুলত৷ তাক তাতে থৈ অঞ্জুদাই সপত্নীক দিল্লীতে স্থায়ীকৈ থকাৰ পৰিকল্পনা কৰিছিল৷ মেকলডগঞ্জত তাই বৌদ্ধ দৰ্শনৰ ক্লাচত নামভৰ্তি কৰিছিল৷ আবেলিৰ সময়খিনি কটাবৰ বাবে টংখা পেইণ্টিঙৰ ক’ৰ্ছ লৈছিল৷ সি থকা ঠাইতে তায়ো কোঠা এটা লৈছিল৷ সি চিমলালৈ যোৱাৰ আগদিনা সি সপোন ৰচিছিল তাইৰ সৈতে একাত্ম হৈ৷ দহদিনৰ বাবে চিমলালৈ গৈ ঘূৰি অহাৰ পাছত তালৈ ৰৈ আছিল অসহনীয় বিস্ময় এটাই৷ ওৰে বাটে সি তাইৰ কথাৰে সুখৰ আনন্দৰ জাল এখন বৈ আহিছিল৷ কিন্তু মেকলডগঞ্জ পোৱাৰ পাছত পেমাই তাক দিছিল তাই ভিক্ষুণী হোৱাৰ খবৰটো৷ তাই হেনো তাক খুব ভাল পাইছিল৷ তাৰ প্ৰতি থকা ভালপোৱাবোৰক এক বেলেগ মাত্ৰা, এক বেলেগ অৰ্থ প্ৰদান কৰিবলৈকে তাই ভিক্ষুণী হোৱাৰ সিদ্ধান্ত লৈছিল৷ খবৰটো শুনি ঢলি পৰিছিল সি৷ কেইবাদিনৰ ঘোৰ তন্দ্ৰাৰ পাছত সি উপলব্ধি কৰিছিল জীৱনৰ নতুন অৰ্থ৷ সি ৰমেনক কৈছিল-“আমি উভতি যাওঁ ব’ল ……অসমলৈ”৷

আৰম্ভণিৰে পৰা অন্তলৈকে এক অদ্ভুত অনুভূতিয়ে মনটোক দ্ৰবীভূত কৰি ৰাখে৷ প্ৰথম পৃষ্ঠাতেই লিখকে সযতনে আঁকি দিছে ৰহস্যময় তাৰজাল৷ বৰ্ণনাৰ সুৰে সুৰে মস্তিষ্কই অবলীলাক্ৰমে আঁকি যায় চৰিত্ৰটোৰ সৈতে পৰিবেশৰ এক অপাৰ্থিব ছবি৷ বেঙুনীয়া আকাশত ওলমি ৰোৱা সেউজীয়া ডাৱৰ৷ সূৰ্যটো ছাইৰঙী৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ বালি পাপৰৰ দৰে মুৰমুৰীয়া৷ শ্ৰীমানৰ ভয়ে তাক খেদি ফুৰে অহৰহ৷ ক্ৰমশঃ তাৰ ভয়টো বিয়পি পৰে মগজুৰ চুকে-কোণে, কিতাপৰ পাতে পাতে৷ ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থাকে সেউজীয়া মুখখন৷ বাটত, ঘৰত, অন্ধকাৰত, নিৰ্জন মুহূৰ্তবোৰত কোনোবাই তাক অনুসৰণ কৰে৷ ভয়ত সি কঁপি উঠে৷ উপন্যাসিকৰ বচাবচা শব্দ চয়নে অনায়াসে মস্তিষ্কত আঁকি দিয়ে আংগিক চিত্ৰবোৰ৷ জীৱন্ত হৈ উঠে সকলোবোৰ৷ হিমালয়ৰ, শিৱালিক পৰ্বতৰ, ধৌলাধাৰ পৰ্বতমালাৰ অপূৰ্ব প্ৰাকৃতিক দৃশ্যই চমক লগাই বুকুৰ কোনোবা এচুকত৷ মনটো উদ্বাউল হৈ উঠে পৰিবেশৰ স’তে একাত্ম হ’বলৈ৷ বৌদ্ধ ভিক্ষুৰ শান্ত-সৌম্য, সংযমী প্ৰতিকৃতিয়ে প্ৰশান্তি কঢ়িয়াই আনে মনলৈ৷ বেদনাৰ নীলা সাজ পৰিহীতা ভিক্ষুণী, কুঁৱাৰ দৰে তাইৰ গভীৰ নীলা চকু, হাতত নীলা জপমালা৷ তাৰ চকুত ভাঁহিছিল নীলা ব্ৰহ্মপুত্ৰৰ পানী, নীলা আকাশৰ তলত নীলা পাল তৰা নাওবোৰত নীলা নীলা নাৱৰীয়া৷ চৌদিশে যেন শান্তিৰ সমদল!
শান্তি নামিছিল মোৰ মনলৈ৷ শূন্য হৈ পৰিছিল সময়৷ বুদ্ধই শিক্ষা দিছিল মনক নিয়ন্ত্ৰণ কৰিবলৈ৷ মানুহৰ সকলো ভাল-বেয়া, সৎ-অসৎ, ন্যায়-অন্যায়, কামনা-বাসনাৰ উৎস হ’ল মন৷ প্ৰেম-ভালপোৱা, এই অনুভূতিবোৰৰো জন্ম মনৰ মাজতেই৷ আৰু দুখ? ৰামপ্ৰসাদজীয়ে কয় যে মনৰ বাসনা, দৈহিক সুখানুভূতি, সম্বন্ধৰ বান্ধোন আৰু লালসাৰ পৰা জন্ম হয় দুখ আৰু ভয়ৰ৷ আৰু প্ৰেম? প্ৰেম ভালপোৱাৰ স্থান ক’ত? নৈৰ্বত্তিক প্ৰেম আনন্দৰ আৰু মানৱীয় প্ৰেম দুখৰ উৎস নেকি? নে কাৰোবাৰ প্ৰতি ভালপোৱা, সান্নিধ্যৰ তৃষ্ণা এইবোৰ লালসাৰে অন্য এক নাম? দুখক জয় কৰা, ভয়ক জয় কৰা, মনক নিয়ন্ত্ৰণ কৰা, কৰ্মত প্ৰবৃত্ত হোৱা৷ এয়া ৰিন’পচেৰ বিধান৷ কিন্তু ধৰ্ম আৰু সংঘৰ পথ—জীৱনৰ পৰা এক ধৰণৰ পলায়ন নহয়নে? এইবোৰৰ অৰ্থ বিচাৰি পোৱা নাছিল ল’ৰাটোৱে৷ ৰমেনে কৈছিল সকলোৱে নিজৰ নিজৰ ধৰণে অৰ্থ বিচাৰি ল’ব লাগিব—জীৱনৰ হওক বা প্ৰেমৰ৷

ছপাশালৰ ভূতে নোপোৱা হ’লে উপন্যাসখন আৰু উপভোগ্য হ’লহেঁতেন৷
(যেনে: – শ্ৰীমান= শ্ৰীমন্ত, পৃ. ৯; এবৰ্ছন=অবৰ্ছন, পৃ.১০৬; উমাল ৰ’দ=উমান ৰ’দ, পৃ.১৪৮; জামা মছজিদ=জুমা মছজিদ, পৃ.১৮৪; মেকল’লৈ=মেকলডগঞ্জলৈ, পৃ.২৪৪৷ ) উল্লেখযোগ্যযে ৩৫, ৩৭, ৩৯ আৰু ৪৪নং ভাগ দুটা লিখিছে তৃতীয় পুৰুষতে, কিন্তু পৰোক্ষ কথোপকথনত৷ লেখকৰ মতে তেওঁ তৃতীয় পুৰুষৰ এই বিশেষ কথনভংগীৰ কৌশল আয়ত্ত কৰিছে সাহিত্যৰ ন’বেল বঁটা বিজয়ী চীনা লেখক গাঁওঝিংগঝিয়ানৰ ‘চ’ল মাউণ্টেইনছ’ নামৰ উপন্যাসৰ পৰা৷ বিশেষ কিছুমান পৰিস্থিতিৰ বাবে এই লিখন পদ্ধতি অধিক অৰ্থবহ আৰু বাঙ্ময় হোৱা যেন লাগে বুলি ভাবে৷ দৰাচলতে অৰ্থহীনৰ মাজত অৰ্থ বিচৰাটোৱে জীৱন চাগে! জীৱন এনেদৰেই আগবাঢ়ে ভগ্নাৱশেষৰ মাজেৰে……..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments