একলম – খনিন্দ্ৰ ভূষণ মহন্ত

দিনটো দৌৰা-দৌৰি কৰিয়ে পাৰ কৰিলো৷ এই New IST, এই Administrative Building৷ ভাগৰ লাগিছিল যদিও নিজৰ দায়িত্বৰ বাবে সেইখিনি অনায়াসেই কৰি গৈছিলো৷ ভাগ্য ভাল ৰ’দ নাছিল৷ জালুকবাৰীত বতাহ এজাক থাকেই৷ তাতে আজি চালনিৰে চলাৰ দৰে দুই-এটোপ বৰষুণ৷ এনে পৰিৱেশত খোজ কঢ়াৰ মাদকতাই সুকীয়া!

উভতিবলৈ চিটি বাছত উঠিছো৷ আহিলেই নহয় বৰষুণজাক৷ হে’ডফোনত প্ৰিয় গানবোৰ বাজি আছিল৷ খিড়িকীখনেৰে চেঁচা চেঁচা বতাহ আৰু মাজে মাজে দুই-এটোপাল বৰষুণে দুগালত চুমা দি আছিল৷ আহ্! কি সুখানুভূতি! ! মানে একদম “ৰোমাণ্টিক“ অনুভৱ৷

দীঘলীপুখুৰী পাৰ হৈ আহিছোঁ মাত্ৰ৷ পদপথত কেইটামান শিশু৷ উদং গা, মূৰত পলিথিন৷ সিহঁতে বাৰু বৰষুণ উপভোগ কৰিছেনে! নে অভ্যস্ত সিহঁত!!

ভঙাগড় পাইছো৷ বাহিৰলৈ চাই বুজিছোঁ, বৰষুণৰ তীব্ৰতা জালুকবাৰীতকৈ অলপ বেছি৷ সদায় দেখি থকা “মুমফলি“ বাদাম আৰু মাকৈ বেচা আইতাৰ বয়সৰ মহিলাকেইগৰাকী আজি নাই৷ এৰা, মুকলি আকাশৰ তলত অস্থায়ীভাৱে নিজৰ সৰু কেৰাহীটো লৈহে তেওঁলোকে বেচে৷ আজি যে বৰষুণ দিছে! !

একেজাক বৰষুণেই৷ ভিন্ন স্থান, ভিন্ন ছবি৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments