ডিশ্ৰুৰ জীৱন গাথা: এক ইলেক্ট্ৰা কমপ্লেক্স -(শান্তিছায়া শইকীয়া )

ডিশ্ৰুৰ জীৱন গাথা: এক ইলেক্ট্ৰা কমপ্লেক্স
-শান্তিছায়া শইকীয়া
 
ডিশ্ৰু’-ডিমাচা-কছাৰীসকলৰ অতি জনপ্ৰিয় কাহিনী গীত। অসমীয়া ভাষাৰ ফুলকোঁৱৰৰ গীত, মণিকোৱঁৰৰ গীত, বেউলা-লখিন্দৰৰ গীত, বদন বৰফুকনৰ গীত আদিৰ দৰে ডিশ্ৰুও এক জনপ্ৰিয় কাহিনীগীত। কছাৰী ৰজা হৰিৰামৰ কন্যা ডিশ্ৰু। এই কন্যা সন্তানটিৰ জন্ম কাহিনীক কেন্দ্ৰ কৰিয়েই পৰৱৰ্তী কালত বৈচিত্ৰপূৰ্ণ কাহিনী গীতটো ৰচিত হৈছে। এই কাহিনী গীতৰ প্ৰতিপাদ্য বিষয় বিশ্লেষণ কৰিলে দেখা যায় যে গ্ৰীক ট্ৰেজেদী ছফক্লিছৰ “ঈদিপাছ’ নাটকৰ বিষয়বস্তুৰ বিপৰীতধৰ্মী কাহিনীৰে ডিশ্ৰুৰ জীৱন-গাথা ৰচিত হৈছে। উল্লেখ্য যে ছফক্লিছ বা ইউৰিপাইডিছ আদিৰ দৰে উচ্চমানৰ লেখকৰ দ্বাৰা লিখিত ডিশ্ৰু লিখিত কাব্যগ্ৰন্থ বা নাটক নহয়। ই কোনো অনাখৰী ডিমাচা সম্প্ৰদায়ৰ কাব্য শিল্পীৰ মুখেদি নিসৃত হোৱা মধুৰতম লোককথাৰ কল্পনা; কালক্ৰমত মুখ বাগৰি ডিমাচাসকলৰ লোক জীৱনৰ অংগ হৈ পৰা কাহিনী গীত। মাতৃগৰ্ভত স্থিতি লোৱাৰে পৰাই ডিশ্ৰুৰ জীৱনৰ কাহিনীভাগ আৰম্ভ হৈছে।
“ক্লাদি গুণীৰাউ ক্লাদি
সিক মাইনাংসা মাইয়া
য়াওফাকৰ গুণীবা নাইহাডি।”
অর্থাৎ “শুনক জ্যোতিষীসকল, মোৰ ল’ৰা হ’বনে ছোৱালী হ’ব? হাতখন চাই কওক।”
সন্তানসম্ভৱা ৰাণীৰ ঔত্সুক্যৰ প্ৰত্যুত্তৰত জ্যোতিষীসকলে কয়, “হ’বলগীয়া হ’বই। যদি ছোৱালী জন্ম হয় ৰাজ্য ধ্বংস হ’ব আৰু যদি ল’ৰা জন্ম হয় ৰজাৰ মুকুট পিন্ধিব।” – একেই ছোৱালীৰ প্ৰতি অৱহেলা।
সন্তানসম্ভৱা ৰাণীক ধাত্ৰী আদিৰে পৰিচৰ্যাৰ সু-বন্দোবস্ত কৰি হৰিৰামে ডিৰাৰাত হাতী চিকাৰলৈ যাবলৈ প্ৰস্তুত হৈ যাবৰ সময়ত অতি গুৰুত্বপূৰ্ণ বিধান দি যিষাৰ কথা কৈ গ’ল সি আজিৰ এই বিজ্ঞান সভ্যতাৰ দিনতো পুৰুষপ্ৰধান সমাজ ব্যৱস্থাতো সংঘটিত হৈ আছে। আজিৰ বৈজ্ঞানিক উদ্ভাৱনে গৰ্ভস্থ সন্তান ল’ৰা হ’বনে ছোৱালী হ’ব ঠাৱৰ কৰি গৰ্ভজাত কন্যা সন্তানক ভ্ৰূণতে হত্যা কৰাৰ যি মানসিকতা প্ৰতীয়মান হয় সেই একে মানসিকতাৰে জনশ্ৰুতিৰ মাজতো অনুভৱ কৰিব পৰাকৈ হৰিৰামে চিকাৰলৈ যাবৰ সময়ত কৈ গ’ল যে তেওঁৰ পত্নীয়ে যদি ল’ৰা সন্তান প্ৰসৱ কৰে তেন্তে সোণৰ পালেঙত শুৱাব, ঘোঁৰাৰ পিঠিত উঠাব, যদি তাৰ বিপৰীতে কন্যা সন্তান জন্ম দিয়ে তেন্তে তাইক মাৰি গাঁত খান্দি পুতি পেলাব। প্ৰসংগক্ৰমে সাধু-মহন্ত জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী মনত পেলাই দি হৰিৰাম চিকাৰলৈ গ’লগৈ। নাৰীৰ প্ৰতি অৱহেলাৰ লগতে ৰাজ্য হেৰুৱাই ৰজা সৰ্বস্বান্ত হোৱাৰ আশংকাত ভৱিষ্যত দৰ্শনৰ ভয়াবহ ইংগিত এই দুয়োটা দিশেই অনুভৱ কৰা যায় এই কাহিনী কাব্যখনত।
হৰিৰামৰ চিকাৰ কাৰ্য পূৰ্ণগতিত চলি থাকিল। ইফালে পত্নীয়েও দুৰ্ভাগ্যবশতঃ এটি কন্যা সন্তানৰ জন্ম দিলে। সোণৰ দৰে উজ্বল, পদুম ফুলৰ দৰে কুমলীয়া, মৃণালকান্তিৰ সৌন্দৰ্যৰে প্ৰস্ফুটিত কন্যা শিশুটিক ৰজাৰ নিদেৰ্শমতে ৰাণীয়ে মাৰি গাঁত খান্দি পুতি থ’ব নোৱাৰিলে। হাজাৰ হ’লেও ৰাণীও নাৰী। চিৰন্তন মাতৃ সত্তাৰে উদ্বেলিত হৃদয়। সেয়ে মন্ত্ৰী চাৰিজনক মাতি আনি ৰাণীয়ে ক’লে –
“নাই পাইডি,
মন্ত্ৰীৰাও থ্ৰীৰাই
বোখেলা লামটি লাযাব?
মাসাইংজিক নানা গাজাউসে হাজাইবা।”
মন্ত্ৰীসকলেও ‘কপালত আছে কাৰণে ছোৱালী পাইছে, তাইক বুকুত সাৱটি লওক’ বুলি কন্যা সন্তানটি তুলিবলৈ উত্সাহিত কৰিলে। সেয়ে হৰিৰামৰ অগোচৰে ৰাণীয়ে সন্তানটি তুলি তালি ডাঙৰ-দীঘল কৰিলে আৰু নাম ৰাখিলে ডিশ্ৰু। ডিশ্ৰু চৈধ্য বছৰীয়া এজনী ধুনীয়া পাটগাভৰু হ’ল। ইতিমধ্যে ৰজা হৰিৰামো চিকাৰৰ পৰা ঘূৰি আহি ৰাজ্য পালেহি। ডিশ্ৰুৰ জীৱনৰ বৈচিত্ৰপূৰ্ণ ঘটনাই নতুন মোৰ ললে। ছফক্লিছৰ “ঈদিপাছত বণিৰ্ত ঈদিপাছ কমপ্লেক্স”ৰ বিপৰীত সংঘাত ইলেক্ট্ৰা কমপ্লেক্সে কাহিনীৰ গতিধাৰাক বেছি হৃদয়গ্ৰাহী আৰু কাৰুণ্যৰে ভৰা কৰি তুলিলে। ঈদিপাছ বা মাতৃয়ে কোনো দোষ নকৰাকৈয়ে দৈৱ-দুবিৰ্পাকত ঈদিপাছে মাতৃৰ পাণিত্ব গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু পৰিণতিত মাতৃৰ আত্মহননৰ দৰে শোকাবহ ঘটনাৰো সাক্ষী হ’বলগীয়া হৈছিল। একেদৰেই ডিশ্ৰুৰো জীৱনগাথা চালিত হবলৈ ধৰিলে। ঘটনাক্ৰমে হৰিৰামেও কন্যা সন্তান ডিশ্ৰুৰ পাণিত্ব গ্ৰহণ কৰিবলৈ উদ্বাউল হৈ পৰাৰ পৰিণতি স্বৰূপেই ডিশ্ৰু দিগন্ত বিস্তৃত কোনো এক নিৰল প্ৰান্তত হেৰাই যাবলগীয়া হ’ল। হৰিৰামেও জ্যোতিষীৰ কথাৰ প্ৰতিফলনত ৰাজ্য হেৰুৱাবলগীয়া হ’ল। গ্ৰীক ট্ৰেজেদীৰ ‘নিয়তি কেন বাধ্যতে’ৰ প্ৰতিফলন ঘটিল হৰিৰামৰ জীৱনত। কাহিনীটোত যদিও হৰিৰাম ট্ৰেজিক নায়ক ৰূপে পৰিগণিত হ’ল আৰু ডিশ্ৰু নায়িকা বিনাদোষে দ্বন্দ্ব ভোগ কৰিবলগীয়া হৈ জনজীৱনৰ পৰা সহানুভূতি লাভ কৰিবলৈ সক্ষম হৈ বনফুলৰ দৰে লোক-কাহিনীত সুবাসিত হৈ থাকি গ’ল।
চৈধ্য বছৰীয়া চিকাৰ জীৱন সামৰি ঘূৰি আহি ডিশ্ৰুৰ পাৰ বাগৰা ৰূপ-যৌৱনৰ প্ৰাচুৰ্য দেখি বিচলিত হ’ল ৰজা হৰিৰাম। কামনাৰ আতিশয্যত হৰিৰাম উদ্বাউল হ’ল। হৰিৰাম ধাত্ৰী তথা ৰাণীৰ কোনো কথাতে পতিয়ন নগ’ল যে ডিশ্ৰু তেওঁৰেই সন্তান। ৰাজপৰিষদ তথা কাৰো বুজনিতে পতিয়ন নগৈ হৰিৰামে ডিশ্ৰুক পত্নীৰূপে পাবলৈ ব্যাকুল হৈ পৰিল। ৰাণীয়ে বাধা আৰোপ কৰাৰ বাবে ৰাণীয়েই হেঙাৰ বুলি ভাবি ডিশ্ৰুৱে নজনাকৈ অজ্ঞাতসাৰে ৰাণীকো হত্যা কৰিলে। ৰাণীয়ে বুজাইছিল “নিজহাতে ৰোৱা বেঙেনা বা জলকীয়া পুলি ডালে পাতে কোবাই খায়নে” বুলি। নিজ সন্তানক পত্নী ৰূপে পাবলৈ লালায়িত হোৱাটো পাপ বুলি বুজালে যদিও কোনো কথাকেই মানিবলৈ হৰিৰাম মান্তি নহল। ডিশ্ৰুৱেও
“শুনা মহামতি পিতা মোৰ
ঘৰৰ চাকৰণী হৈয়ো থাকিম
তথাপি তোমাৰ তিৰোতা নহওঁ”
—– বুলি প্ৰতিবাদ কৰিছিল। দীৰ্ঘদিন প্ৰতীক্ষাৰ পাছতো মাতৃক বনৰ পৰা অহা নেদেখি অজান আশংকাত ডিশ্ৰুৱে দেউতাকলৈ ভয় কৰি কাৰেঙৰ পৰা বাহিৰ ওলাল। মন্ত্ৰী তথা প্ৰজাসকলেও ডিশ্ৰুক অনুসৰণ কৰি ৰাজ্য এৰিলে। নাখাই নবৈ ডিশ্ৰু শোকত ভাগি পৰিল। বাটত ডিশ্ৰুৱে দেউতাকৰ কলবাৰী, কুঁহিয়াৰ বাৰীক অভিশাপ দি দি অজান পথত অগ্ৰসৰ হ’ল। সন্মুখত পাহাৰীয়া দুৰ্গম পথ দেখি ডিশ্ৰু ভীতিগ্ৰস্ত হৈ দিশহাৰা হৈ পৰিল।
কাহিনীয়ে নতুন পৰিক্ৰমা গ্ৰহণ কৰিলেহেঁতেন যদিহে মন্ত্ৰী-কটকী সকলোৱে ৰাজনৈতিক কু-চক্ৰান্ত নকৰিলেহেঁতেন। ডিশ্ৰু বা হৰিৰাম ট্ৰেজিক নায়ক-নায়িকা হ’ব নালাগিলহেঁতেন। ইতিমধ্যে হৰিৰামে নিজৰ ভুল বুজিব পাৰি ডিশ্ৰুক ঘূৰাই আনিবলৈ কটকী পঠাইছিল। কিন্তু কটকীসকলে ভাবিলে যে যদি ডিশ্ৰু ঘুৰি নাহে তেন্তে সিহঁতেই ৰাজ্যৰ গৰাকী হ’ব পাৰিব। সেয়ে ডিশ্ৰুৰ অতি মৰমৰ তাঁতশালখনো সিহঁতেই ভাঙি-ছিঙি মষিমূৰ কৰি পেলাই ডিশ্ৰু ঘুৰি নহাৰ সু-বন্দোবস্ত কৰি পেলালে। ডিশ্ৰুৱে পিতাকৰ প্ৰতি বিদ্ৰোহী হৈ বংশৰ পৰম্পৰা সুঁৱৰি ডিমাচা ছোৱালী জন্ম হ’লে তেওঁলোকৰ হাত-ভৰি শকত হ’লেও মুখবোৰ দীঘলনেজীয়া বান্দৰৰ দৰে হওঁক বুলি মনৰ ক্ষোভ উজাৰিলে। অচিন পথত বাট বুলি গিডিংপুৰ কছাৰী ৰাজ্যৰ ৰাজধানী পাৰহৈ পৰ্বত-পাহাৰ পাৰহৈ আহোম ৰাজ্য পালেহি। শোণিতপুৰৰ সোণেৰে নিমিৰ্ত নদীৰ পাৰে পাৰে আম গছ, কঠাল গছেৰে শুৱনি বৰনদীৰে সমৃদ্ধিশালী অসম পাৰ হৈ নদীৰ পাৰে পাৰে, নাৰিকল গছেৰে সুসজ্জিত মণিপুৰত প্ৰৱেশ কৰিলেগৈ। পথক্লান্তিয়ে ডিশ্ৰুক নিৰাশাবাদী কৰি তুলিলে। প্ৰাকৃতিক সৌন্দৰ্যৰ মনোৰম অসম, মণিপুৰ কতো ডিশ্ৰু থাকিব নোখোজে। তাই আবেগপ্ৰৱণ হৈ কৈ গ’ল –
“ডংবাণী বুমুজাং আং ডয়া … গিফিননাং”
অৰ্থাৎ,
“থকাৰ নামতো মই নাথাকোঁ
উটি যাম নদীতে উটি যাম
খোৱাৰ নামতো নাখাওঁ
উৰি যাম পছোৱাত উৰি যাম”
পিতৃ ৰাজ্যক অভিশপ্ত কৰি ডিশ্ৰু কালৰ সোঁতত হেৰাই গ’ল। হৰিৰামেও পত্নী-সন্তান সকলো হেৰুৱাই সৰ্বস্বান্ত হ’ল। ডিশ্ৰুৰ জীৱন বিপন্ন হোৱাৰ মূলত আছে ভাগ্যৰ লিখন আৰু ইলেক্ট্ৰা কমপ্লেক্সৰ প্ৰতিফলন। এই দুয়োটা দিশৰ পৰাই ডিশ্ৰু এক বাস্তৱ পৰিঘটনা। ভাৰতীয় আৰু পশ্চিমীয়া দুয়োটা আদৰ্শৰ সংমিশ্ৰণত গঢ়ি উঠা এক কাব্যিক সৌন্দৰ্যসম্পন্ন মনোৰম কাহিনী গীত। উচ্চমানৰ বিষয়বস্তু, কাব্যিকতা, নাটকীয় শ্লেষ, নাট্যোত্কণ্ঠাৰে (প্ৰকৃতাৰ্থত অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ ফুলনীখনত) ডিশ্ৰু এপাহ সুগন্ধি ফুলৰ স্থিতিৰে মহিমামণ্ডিত হৈ আছে।
(নগেন নাৰ্জাৰীৰ গ্ৰন্থৰ পৰা কাহিনীভাগ লোৱা হৈছে)
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক