এৰি অহা সময়….- মুনমী দেৱী

জাঁজী নৈয়ে এৰি অহা সুঁতি এটাৰ পাৰতে আমাৰ গাঁওখন আছিল৷ কেঁচা ৰাস্তা, ৰাতিপুৱাই গৈ গধূলি অহা বাছদুখন, স্কুলৰ গুৰিৰ দোকান কেইখনেৰে আমাৰ গাঁওখন এখন তেনেই সাধাৰণ গাঁও আছিল৷ নৈ পৰীয়া গাঁওখনত মাছ উভৈনদী আছিল৷ উজানত মানুহে হাতেৰেই শ’লমাছ ধৰিছিল৷ মাছ থাকিলেতো বাঁক থাকিবই৷ গেলাবিলত অকলে মাছ ধৰিবলৈ গ’লে বাঁক যে লগে লগে আহে, ধৰিব পাৰিলে বাঁকে যে মানুহক ভৰি দুটা ওপৰলৈ দি পোতে সেই কথাবোৰ আমাক ভয় খুৱাবলৈ যথেষ্ট আছিল৷

আমাৰ পথাৰখনক লৈও যে কিমান কাহিনী৷ খেনচাপৰিৰ ওচৰৰ মাটিকেইচিটা ৰুবলৈ ৰোৱণী জুম পাতি যায়৷ শিয়াল, হেপা, পাওকৰা থকা খেনচাপৰিৰ পৰা ৰাতি হ’লেই কি কি যে মাত নাহে৷ আইতাই কয় তাত হেনো বুকুত চকু থকা ভূত থাকে৷
আকৌ নামঘৰৰ বুঢ়া ডাঙৰীয়া, ৰাতি মানুহ গ’লে নিজে নিজে ৰাস্তাত পৰি দিয়া বাঁহগছ, গৰু পোৱালিক লুকুৱাই থোৱা খেতৰ কিমান যে কথা আছিল৷

কোনোবাই এবাৰ কৈছিল ভূতৰ হেনো ভৰি দুটা ওলোটা হয়৷ মই আমাৰ ঘৰলৈ ৰাতি অহা আলহীৰ ভৰি দুটা সদায় চাইছিলো৷ কিজানি ভূত আহিছে৷ ভণ্টিয়ে ছাঁ পৰিছে নাই চাইছিল৷ ভবেন্দ্ৰনাথ শইকীয়াৰ ৰুণি, বাপু, ভুলুৰ নিচিনাকৈ দেতা আৰু খুৰা দেৰিকৈ ঘৰলে আহিলে ভগৱানৰ নাম ক’বলে দিবলে মন আছিল যদিও খুৰাই পিঠিত ফুল বাচিব বুলি ৰৈ গৈছিলো৷
এতিয়া এই কথাবোৰ ভাবিলে কিবা সাধু কথাৰ নিচিনা লাগে৷ আজিকালি তাৰ ৰাস্তাবোৰ পকা হ’ল৷ আগৰ দুখন বাছৰ ঠাইত মেজিক দিনটোৰ চব সময়তে পোৱা হ’ল৷ নৈখনৰ নামটোহে আছেগৈ আৰু৷ তাৰ ওপৰত ঘৰ দোকানে ভৰি পৰিল৷ ভূতবোৰ চাগে মানুহৰ ভয়তে কেনিবা গুচি গ’ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!