এটি কবিতা – সুব্ৰতা গোস্বামী

-এইটো পঢ়া৷

-হুঁ?

এঙামুৰি ভাঙি তাই বিছনাখনত বহি পৰিল৷ ওচৰতে থকা চচ্মাযোৰ পিন্ধি ল’লে৷ তাইৰ মেলি থকা চুলিবোৰ কঁকাললৈ বৈ পৰে৷ দেখিবলৈ অপৰূপা নহ’লেও তাইৰ কিবা এটা মোহনীয়তা আছে৷ পোহৰে তাইলৈ আগবঢ়াই দিয়া কাগজখন এইবাৰ তাই হাতত তুলি ল’লে৷ পোহৰৰ লগত জোনাকীৰ সম্পৰ্ক বহু বছৰ পুৰণি৷ কেতিয়াবা যদি তাই বন্ধু, কেতিয়াবা প্ৰেয়সী; কেতিয়াবা যদি তাৰ সৈতে কাজিয়া কৰি দুদিনলৈ নমতাকৈ কটাইছে, কেতিয়াবা আকৌ ভাগৰুৱা, চিন্তাক্লিষ্ট পোহৰক তাই আলফুলে নিজৰ মাজত সামৰি লৈছে৷ পোহৰক পোহৰাবলৈ তাই সদায়ে তাৰ জীৱনৰ জোনাকী৷

খুব মন দি তাই পঢ়ি গৈছে৷ প্ৰতিটো শব্দ, শব্দ নহৈ যেন সেয়া আইনাহে… য’ত তাই দেখা পাই পোহৰৰ মনটো৷ তাই বুজাৰ চেষ্টা কৰে তাৰ ভিতৰৰ মানুহটোক৷ মাকে নিজৰ সন্তানক কৰাৰ লেখীয়া তাইও আদৰ কৰে তাৰ প্ৰত্যেকটো সৃষ্টিকে৷ কবিতাবোৰে কথা কয়, যি কথা সি মুখেৰে ক’ব নোৱাৰে কাহানিও৷ তাইৰ বিশ্বাস, পোহৰৰ পোহৰতে যে উজলি উঠে জোনাকী৷

কাগজখিলাৰপৰা মূৰটো তুলি তাই তালৈ চালে এবাৰ৷ ওচৰতে বহি সি তাইৰ চুলিবোৰ হাতেৰে চুই আছিল অতপৰে৷

-কেনে পালা?

-ভাল৷

-কেৱল ভাল? আৰু একো নাই?

-ওহোঁ৷

হঠাৎ মুখ গোমোঠাই বিছনাৰপৰা উঠি গ’ল জোনাকী৷ মেলি থকা চুলিকোছা ৰাবাৰ বেণ্ড এডালেৰে বান্ধি তাই বাথৰুমত সোমাল৷ সি পিছে পিছে আহি আছিল যদিও তাই দৰ্জাখন জোৰকৈ জপোৱা শব্দত সি পিছুৱাই গ’ল৷ তাৰ প্ৰতিটো কবিতাৰে প্ৰথম পাঠক, সমালোচক তাৰ পত্নী জোনাকী৷ কিন্তুু আজি তাইৰ ব্যৱহাৰত তাৰ মনটোও জঁয় পৰি গ’ল৷ হাতত লৈ থকা কবিতাটো সি কিছুপৰ হাততে লৈ থাকিল৷

বাথৰুমৰ দৰ্জা খোলাৰ শব্দত সি এইবাৰ সেইপিনে চালে৷ কবিতাৰ কাগজখিলা টেবুলখনত থৈ সি পাকঘৰত সোমাল৷ তাই গেছত চাহৰ বাবে পানীখিনি বহাই দিছে৷

-কি হ’ল তোমাৰ?

-একো নাই৷

-কিবাটো হৈছে৷ তেনেদৰে জগাই দিয়া বাবে বেয়া পাইছা?

তাই একো নামাতিলে৷ পানীখিনি উতলিব ধৰিছে চচ্ পেনটোৰ৷ চাহপাতৰ ৰঙ পাই পানীখিনিৰ বৰণ সলনি হৈ ৰঙচুৱা হৈ পৰিছে৷ গাখীৰ দিলত আকৌ সলনি হৈ পাতল হৈছে ৰঙটো৷ দুয়ো নিশ্চুপ হৈ ৰৈ আছে৷ মৌনতাৰ অৱসান ঘটাই পোহৰে ক’লে,

-তুমি একো নক’লে মই কেনেকৈ জানিম!

সৰু ল’ৰাৰ দৰেকৈ সি কৈ উঠিল৷
তাই একো নামাতি গেছটো অফ্ কৰি চাহ বাকিব লওঁতেই সি হাঁহাকাৰ কৰি তাইক বাধা দি উঠিল৷

-কি হৈছে নো?

খং উঠিছে জোনাকীৰ সেয়া সি বুজিলে৷
-তুমি চাহত চেনি দিয়া নাই৷
কথাষাৰ কৈয়ে পাকঘৰৰপৰা ওলাই আহিল পোহৰ৷

কিছুপৰ পিছত চাহ লৈ জোনাকী কোঠাত সোমাল৷ বিছনাত আউজি বহি কিতাপ পঢ়িবলৈ বহিছে সি৷

-চাহ৷

একো নামাতি সি কিতাপৰ পাততে চকু দি থাকিল৷
হঠাৎ জানো কি হ’ল, সৰু ছোৱালীৰ লেখীয়া তাই উচুপি উঠিল এইবাৰ৷
অবাক হৈ পোহৰে তাইলৈ চালে৷ কিতাপখন মুহূৰ্ততে জপাই থৈ সি তাইৰ ওচৰত বহি ল’লে৷
মৰমেৰে তাইৰ হাত এখন নিজৰ হাতৰ মাজত লৈ লাহেকৈ সুধিলে,
‘কি হৈছে তোমাৰ? মোৰ ক’ত ভুল হ’ল কোৱাচোন? ’
কিছুপৰ মৌন হৈ থাকি তাই মাত দিলে,
‘কাৰ কথা লিখিছা? কোন তৰালী? ’

দুষ্টালিৰ হাঁহি এটি তাৰ ওঁঠৰ কোণত জিলিকি উঠিল তৎক্ষণাত৷

-হাঁহিছা? নকোৱা কিয়?

-হয় আৰু কোনোবা৷ কিনো কৰিবা জানি?

-কৰিম কিবা৷ কোৱা বুলিছো কোৱা৷ ইছ্! তৰালীৰ পোহৰে পোহৰাব লাগে? কিন্তুু তৰাৰ নিজৰ পোহৰ নাথাকে৷
এইবাৰ সি সশব্দে হাঁহি দিলে৷ চাহৰ কাপত এটা সোহা মাৰি তাইক জোকোৱাৰ লোভকণ সামৰিব নোৱাৰি সি কৈ উঠিল,

‘তুমি কিন্তুু ভাল সমালোচক হ’ব পাৰিবা দেই৷ ভাল এনালাইজ কৰিছা কথাটো৷ ’

তাইৰ খঙ, অভিমানে চুলিৰ আগ পালেহি৷ একো নকৈ তাই বিছনাৰপৰা উঠিব ধৰোতেই সি থাপ্ মাৰি তাইৰ হাত এখনত ধৰিলে আৰু জোৰকৈ বিছনাখনত বহুৱাই দিলে৷

-তুমি কিয় অবুজন হৈছা?

তাইৰ উচুপনি কমি আহিছিল ক্ৰমাৎ৷

-মই বেলেগ কাক লৈ লিখিম কোৱা? এইবোৰ কল্পনাহে!

-মোক লৈ চোন একো নিলিখা৷
তাই থেনথেনাই উঠিল

-ক’ত নিলিখো?

-ক’ত লিখিছা কোৱা?

তাইৰ চকু পানী মচি দি সি ক’লে,
‘তোমাক লৈ বেলেগকৈ কি লিখিম! তুমিয়েতো মোৰ জীৱনৰ জীৱন্ত কবিতা৷ মোক পোহৰাই তোলা মোৰ জীৱনৰ জোনাকী৷ ’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments