এটা উদ্ভিজ বোমাৰ নিঃশব্দ বিস্ফোৰণ- হেমেন্দ্ৰ কুমাৰ বৰি

এটা ডিম্বাকৃতিৰ বোমা ৷ পাখিলগা গছৰ গুটি তামোল বোমা হৈ বিস্ফোৰিত হ’ব অথবা হৈ আছে নিঃশব্দে, ধাৰাবাহিক ভাৱে,সকলোৰে অলক্ষিতে, কাৰো কৰ্ণ কূহৰত আঘাট নকৰাকৈ ৷ মোৰ এই অনুভৱৰ খোৰাক যোগাইছে মোম্বাইৰ টাটা মেম’ৰিয়েল হস্পিটেলৰ হেড এণ্ড নেক অনক’লজি বিভাগৰ সহযোগী অধ্যাপক পঙ্কজ চতুৰ্বেদীৰ এইষাৰ কথাই- “ India is sitting on an arecanut bomb that will continue to cause casualties even if tobacco ban is successful” ৷ ইয়াত যদিও ধপাত সফলতাৰে নিষিদ্ধ হোৱাৰ কথা কোৱা হৈছে; কিন্তু বজাৰত ধপাতজাত দ্ৰব্য এতিয়াও উপলব্ধ আৰু এইবোৰ সেৱনকৰা লোকৰ সংখ্যা আশাকৰা মতে কমা নাই ৷ ধপাতৰ সন্ত্ৰাস মাৰ নাযাওঁতেই প্ৰেক্ষাপটত আবিৰ্ভাৱ তামোলৰ ৷
তামোল হেনো দেৱভোগ্য দ্ৰৱ্য ৷ এবাৰ শ্ৰীকৃষই গোপনে বিজেতাৰ ঘৰলৈ গৈছিল ৷ এই কথাৰ সত্যতা প্ৰমাণ কৰিবৰ বাবে ৰাধা বিজেতাৰ ঘৰ পালেগৈ ৷ ৰাধাৰ আগমনৰ পূববৰ্াভাস পাই শ্ৰীকৃষ্ণই এজোপা গছৰ ৰূপ ধৰিলে আৰু বিজেতাই এজোপা লতা হৈ সেই গছজোপাক আলিঙ্গন কৰি থাকিল ৷ শ্ৰীকৃষ্ণই ৰূপ গ্ৰহণ কৰা গছজোপা আছিল তামোল আৰু বিজেতাই ৰূপলোৱা লতাডাল আছিল পাণ ৷ সেইকাৰণেই তামোল-পাণ বা পাণ-চুপাৰিক দেৱতাৰ প্ৰসাদ হিচাপে গণ্য কৰা হ’ল ৷ কথিত আছে যে এই ভাগ দ্ৰৱ্যৰ মৰ্ত্ত্যলৈ সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকা স্বত্বেও দেৱৰ্ষি নাৰদে হেনো বৈকুণ্ঠৰ পৰা নিজৰ গুহ্যদ্বাৰত ধাৰণ কৰি গুপ্ত পৰিবহন ব্যৱস্থাৰে চোৰাংকৈ পৃথিৱীলৈ আনিলে ৷ পৃথিৱীৰ মানুহৰ ধৈৰ্য্য আৰু সংযমৰ নাটনিয়ে বিপদ সীমা অতিক্রম কৰি থাকে ৷ সেয়ে মাত্ৰাধিক সেৱন কৰি স্বৰ্গীয় সুখ পোৱা ৰাগীয়াল বস্তুবোৰে মানুহৰ বিপদ ঘণ্টা বজাই থাকে ৷ তামোলো তেনে এবিধ ৰাগীয়াল বস্তু ৷ মানুহৰ দুবৰ্বলতাৰ কথা শ্ৰীহৰিৰ অবিদিত নহয়, সেই কাৰণেই ই আছিল এক নিষিদ্ধ ফল ৷ এই নিষিদ্ধ ফল বিধেই এতিয়া পৃথিৱীৰ বহু দেশত মুখশুদ্ধিৰ বাবে বহুল ভাবে প্ৰচলিত এবিধ মুখৰোচক ফল ৷ খ্ৰীষ্টীয় প্ৰথম শতিকাৰ সংস্কৃত সাহিত্যৰ মতে তামোলৰ তেৰ বিধ গুণ আছে ৷ ই জ্বলা,তিতা,মিঠা,লুণীয়া,মছলাৰ দৰে সুগন্ধী, কেহা, বায়ু বিতাড়ক, কৃমিনাশক, কফ হৰ, দুৰ্গন্ধি দোষাপহ (দুৰ্গন্ধ নাশক), মুখৰ সৌন্দৰ্য্য বৰ্দ্ধক, শোধন কাৰক আৰু কামাগ্নিসন্দীপন(উত্তেজনা বা আসক্তি বৃদ্ধি কাৰক) ৷ পৌৰাণিক সাহিত্যৰ উল্লিখিত তথ্যবোৰ যদিওবা কোনো প্ৰতিষ্ঠিত বিজ্ঞানীৰ নহয়, অথবা বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা প্ৰতিষ্ঠিত নহয়, ইয়াত নিবিড় ভাৱে কৰা অধ্যয়ন আৰু সুক্ষ্ম পৰ্য্যবেক্ষণৰ উমান পোৱা যায় ৷ আধুনিক বিজ্ঞানে কৈছে যে ধপাত বা কেফিনত উত্তেজক পদাৰ্থ থকাৰ দৰে তামোলত থকা এৰেক’লিন নামৰ পদাৰ্থ বিধে তামোল খোৱা জনৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰক উত্তেজিত কৰি দেহ আৰু মনৰ স্বাভাৱিক অৱস্থাৰ পৰিবৰ্ত্তন ঘটাই কিছু বেছি সক্রিয়,সহিষ্ণু বা আনন্দ বিভোৰ কৰি তোলে ৷ ই শৰীৰৰ উত্তাপ বঢ়ায় আৰু ঘমাই তোলে৷ তামোল খোৱা মানুহৰ এনেদৰে হোৱা দৈহিক আৰু মানসিক পৰিবৰ্ত্তনৰ মতলীয়া আৱেশে পুনঃ পুনঃ তামোল খাবলৈ প্ৰেৰণা যোগায়,অথৰ্াৎ তামোলখোৱাজনক নিচাই গ্ৰাস কৰে৷ তদুপৰি ই লালটি উৎপাদন কৰি পাচনক্রিয়াত সহায় কৰে ৷
তামোলখোৱা অভ্যাস ভাৰতীয় উপমহাদেশ আৰু ইয়াৰ চুবুৰীয়া দেশবাসীৰ বৈশিষ্ট্য বুলিব পাৰি ৷ ভাৰতৰ সাংস্কৃতিক, সামাজিক, ৰ্ধৰ্মীয় আৰু অৰ্থনৈতিক প্ৰেক্ষাপটত তামোল-পাণৰ গুৰুত্ব অতি গভীৰ ৷ তামোলৰ উৎপাদন যদিও কেইখনমান ৰাজ্যতে সীমাবদ্ধ, সমগ্ৰ দেশজুৰি ইয়াৰ ব্যৱহাৰ আৰু ব্যাপ্তিয়ে বুজন সংখ্যক লোক যে ইয়াৰ ৰাগীত ধৰাশায়ী হৈছে সেই কথাকে সূচায় ৷ তামোল এবিধ চোবাইখোৱা ফল ৷ ইংৰাজীত ইয়াক এৰেকানাট্‌ বা বিটেলনাট বোলে ৷ ইয়াক ‘নাট্‌’ বুলি কোৱা হয় যদিও ইয়াৰ প্ৰকৃত পাৰিভাষিক শব্দ ‘ড্ৰুপ্‌’(Drupe)হে ৷ ইয়াৰ বৈজ্ঞানিক নাম Areca catechu ৷ হিন্দী, মাৰাঠী,উৰ্দু ,গুজৰাটী আৰু বাঙালীত পান বা চুপাৰি, কানাড়াত আডাকে,পুগা, মালায়ালমত এটেক্কা, ঘণ্টা, কামুকা, তামিলত কামুগু, পাক্কু, পুগাম, তেলুগুত তমালপাকু বা নাগবল্লী, সিংহলীত বলাত, আৰবীত তানবোল, ফাৰ্চীত বগেঁ তাবোল বোলা হয় ৷ সংস্কৃতত তামোলৰ বহুতো প্ৰতিশব্দ আছে ৷ সেইবোৰৰ ভিতৰত দীৰ্ঘপাদপ(দীঘল বৃক্ষ), দৃঢ় বল্কল(দৃঢ বাকলিযুক্ত), ঘণ্টা, পুগা, পুগি, সুৰঞ্জনা, তাম্বুল, তন্তুসাৰ(আঁহ সবৰ্বস্ব), বল্কতৰু, চটফট, সুগন্ধিত্ৰিফলা অন্যতম ৷ তামোলৰ এইবোৰ অৰ্থব্যঞ্জক নামে ইয়াৰ আকৃতি প্ৰকৃতিগত গুণ বহন কৰিছে ৷ ইয়াৰ অন্য এটা নাম শ্ৰীবৰ্দ্ধনী ৷ তামোল-পাণৰ লগত চূণ আৰু ধপাত খালে ওঁঠ ৰঙাকৈ ৰঞ্জিত হয় ৷ মন প্ৰফুল্লিত হয় ৷ মুখাবয়বত এক আবেদনযুক্ত লাৱণ্য উদ্ভাসিত হয় ৷ ইয়াক শ্ৰীবৰ্দ্ধনী নাম দিয়াৰ ইয়েই হয়তো অন্যতম কাৰণ ৷ কিন্তু এই শ্ৰীবৰ্দ্ধনীয়েই কালান্তক শ্ৰীহাৰিণীৰ ৰূপ পৰিগ্ৰহ কৰিবও পাৰে ৷
তামোল-পাণ সংস্কৃতিয়ে অসম আৰু ভাৰতৰ সমাজ জীৱন ৰাঙলী আভাৰে ৰঞ্জিত কৰি ৰখাৰ দৰে পৃথিৱীৰ বহু দেশত ই নিজৰ প্ৰভাৱ অক্ষুণ্ণ ৰাখিছে ৷ চাহ-জলপান বা ভাতখোৱাৰ পাছত তামোল-পাণেৰে মুহুদি কৰা, আলহী বা অভ্যাগতক তামোল-পাণেৰে আপ্যায়ন কৰা, বিয়া-সবাহ, সকাম-নিকাম আদি মাঙ্গলিক অনুষ্ঠানলৈ আৰু হালবোৱা সাউৰি, ধানকটা সাউৰি আদিলৈ তামোল-পাণ দি আমন্ত্ৰণ জনোৱা, বটাত গামোচা, নগদ ধন আৰু তামোল-পাণ দি হুঁচৰি দলক সেৱা জনাই মান ধৰা, ৰাজহুৱা দায়-জগৰ লাগিলে দণ্ড স্বৰূপে তামোল-পাণেৰে মাননী দি ক্ষমা ভিক্ষা কৰা বা পৰাচিত হোৱা ইত্যাদি অনেক তামোলকেন্দ্ৰিক পৰম্পৰা অতীজৰে পৰা চলি আহিছে ৷ ডেকা-গাভৰুৰ মনলৈ তামোলে প্ৰেমৰ নিজৰা বোৱাই আনি সেই নিজৰাৰ পানীয়ে তেওঁলোকক জুৰুলি-জুপুৰি কৰাৰো উদাহৰণ আছে ৷ বিহুগীতত সেয়েহে ডেকাই গায়–” কিনো তামোল-পাণ দিলা মোৰ মইনা অতি চেনেহেৰে খালোঁ, সেইনো তামোলখনি খাবৰে পৰা তোমাৰ লগত চিনাকি হ’লোঁ” ৷ ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যত তামোলক ‘পাণ’ বোলে ৷ মিঠাপট্টী বা বাংলাপট্টী পাণত খয়েৰ সানি ভালেকেইবিধ মিঠা আৰু সুগন্ধি দ্ৰব্যৰ লগত চুপাৰি কেইটুকুৰামান দি তৈয়াৰ কৰা পাণ খন ইমান জনপ্ৰিয় যে হিন্দী চিনেমাতো এই জনপ্ৰিয়তাৰ প্ৰতিফলন ঘটিছে-“খাইকে পাণ বানাৰসীৱালা, খোল যায়ে বন্ধ অকলকে তালা (Glass Booth) অৰ্থাৎ পাণখন খোৱাৰ পিছতহে বন্ধ হৈ থকা মগজুৰ তলাটো খোল খাই গ’ল৷ভিয়েটনামত তামোলক প্ৰেম আৰু বিবাহৰ প্ৰতীক বুলি গণ্য কৰা হয়৷অসমীয়াৰ দৰে মালয় সকলেও অতিথিক তামোল-পাণেৰে আপ্যায়ন কৰে৷প্ৰশান্ত মহাসাগৰৰ দক্ষিণ ভাগত থকা আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ দিশত অৱস্থিত পপুৱা নিউগিনীৰ লোক সকলেও অসমীয়াৰ দৰে ওঁঠত সেলেঙী লগাই তামোল খায়৷চীনৰ টাইৱানত তামোল-পাণৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ভ্ৰাম্যমান পথচাৰীক আকৰ্ষিত কৰিবৰ বাবে স্বল্পবসনা সুন্দৰী গাভৰু একোগৰাকীক উজ্জ্বল সুসজ্জিত স্বচ্ছ কাঁচৰ কুঠৰী (Glass Booth)একোটাত থাকি তামোল-পাণ বিক্রী কৰিব দিয়া হয় ৷ এওঁলোকক Betelnut Girls আৰু চীনা ভাষাত Binlang Xi Shi বোলে৷ এওঁলোক ইন্টাৰনেটত ‘বিটেলনাট বিউটী’ বুলি চৰ্চিত ৷ এই ‘তামোল-কুৱঁৰী’ বা ‘তামোল সুন্দৰী’ সকলে ভ্ৰাম্যমান গাড়ী চালক,পথচাৰী সকলক চিগাৰেট, পানীয় আৰু তামোল বিক্রী কৰে ৷ এইব্যৱসায়টোৱে সচেতন মহলত বিতৰ্কৰ সৃষ্টি কৰিছে আৰু দেশখনেও যথোপযুক্ত সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷ নিতৌ পুৰুষৰ দ্বাৰা যৌন আতিশয্যৰ বলি হোৱা আমাৰদেশৰ যুৱতী সকলে টাইৱানৰ দৰে ‘তামোল-কুৱঁৰী’ বা ‘তামোল সুন্দৰী’ ৰ ভূমিকা পালন কৰিলে তেওঁলোকৰ কি দশা হ’ব সেয়া সহজেই অনুমেয় ৷
তামোল এচিয়া,আফ্ৰিকা আৰু ভূমধ্যসাগৰৰ ক্রান্তীয় অঞ্চলত পোৱা যায় ৷ ইয়াৰ উৎপত্তি মালয়েচিয়া অথবা ফিলিপাইনত হোৱা বুলি ভৱা হয় ৷ কিন্তু ইয়াৰ বিস্তৃতি ব্যাপক ৷ চীনৰ হাইনান,য়ুনান,টাইৱান আদি, ভাৰতৰ অসম,পশ্চিম বঙ্গ,কেৰালা আদি, বাংলাদেশ, শ্ৰীলংকা, কম্বোদিয়া, লাওচ, থাইলেণ্ড, ভিয়েটনাম, মালয়েচিয়া, ইণ্ডোনেচিয়া, নিউ গিনী আৰু পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত তামোলৰ খেতি কৰে ৷
ভাৰতত প্ৰধানকৈ দুই প্ৰকাৰৰ প্ৰস্তুত(Processed) তামোল পোৱা যায় ৷ ‘চালি(Chali) আৰু ‘ৰঙাকৈ উখোৱা(Red boiled) তামোল ৷ দক্ষিণ ভাৰতৰ দক্ষিণ কানাড়া আৰু উত্তৰ কানাড়া জিলাত পকা বা বুঢ়া তামোল ৰ’দত শুকোৱাই প্ৰস্তুত কৰা তামোলক ‘চালি’ বোলে, এই চালিৰ পৰাই সুগন্ধী চুপাৰি প্ৰস্তুত কৰে ৷ কুমলীয়া বা পুৰঠ তামোল ৰঙাকৈ উখোৱাই (Red boiled কৰি) খাবৰ বাবে প্ৰস্তুত কৰা হয় ৷ কেঁচা তামোলৰ ৰং সেউজীয়া, পকিলে বা বুঢ়া হ‘লে এই ফলৰ ৰং হালধীয়া বা সুমথিৰা বা মদৰুৱা হয় ৷ ডিম্বাকৃতিৰ এই ফলটোৰ বাকলি আঁহযুক্ত হয় ৷ এখন চোকা কটাৰীৰে এই বাকলি সহজে গুচাব পাৰি ৷ বুঢ়া তামোলৰ বাকলি গুচালে ভিতৰৰ কাঠৰ দৰে গোলাকৃতিৰ গুটিটো ওলাই পৰে, ইয়াৰ ওপৰৰ পাতল আৱৰণটো চোঁচি অসমীয়া নলুৱা বা ডাব কটাৰীৰে সহজে দুফাল, চাৰিফাল বা প্ৰয়োজন অনুসৰি খনিয়াব পাৰি ৷ তামোল বা চুপাৰি কাটিবলৈ ব্যৱহাৰ কৰা কেচিৰ দৰে আহিলা বোৰক হিন্দীত কোৱা হয় চাৰোতা, মালায়ালমত কোৱা হয় পাক্কাভেট্টি আৰু তেলেগুত কোৱা হয় আডাকাট্টেৰা ৷ অসমত খনিওৱা তামোলৰ লগত এখন বা এখিলা পাণত এলেপা চূণ ঘঁহি তাৰ সৈতে এচিকূট ধপাত লৈ চোবাই থাকিলে এক অপূবৰ্ব সোৱাদ পোৱা যায় আৰু ইয়াৰ সুগন্ধিয়ে আনক প্ৰভাৱিত কৰে ৷ তামোল, পাণ, চূণ, ধপাত আৰু জিভাৰ লালটিৰ মিশ্ৰনৰ ফলত উদ্ভৱ হোৱা পিক খিনি সাধাৰণতে পেলাই দিয়া হয় ৷ কুমলীয়া তামোলৰ অঁহীয়া বহিঃত্বকটোৰ টান অংশখিনি কটাৰীৰে গুচাই সাহখিনিৰ লগত লাগি থকা আঁহ পাতলীয়াকৈ ৰাখি তামোল খনিওৱা হয় ৷ এনে তামোল পাণ, চূণ আৰু ধপাতৰ সৈতে খোৱাৰ জুতিও সুকীয়া ৷ ভাৰতৰ ভিন ভিন ৰাজ্যত তামোল খাবৰ কাৰণে প্ৰস্তুত কৰা বা কিওৰিং(Curing) কৰা পদ্ধতি বেলেগ বেলেগ ৷ ত্ৰিপুৰাত খাবৰ কাৰণে কোনো বিশেষ পূৰ্বপ্ৰস্তুতি নকৰাকৈ শুকান তামোল সৰুকৈ টুকুৰা কৰি তাৰ লগত পাণ আৰু চূণ মিলাই খোৱা হয় ৷ অসমত মাৰ্চ এপ্ৰিল মাহত চপোৱা তামোল মাটিত খন্দা গোলাকৃতিৰ গাঁতত পুতি ৰখা হয় আৰু ডিচেম্বৰ মাহত খান্দি উলিওৱাৰ পিছত বিক্রী কৰা হয় ৷ আন এটা পদ্ধতি মতে অপৈণত তামোলবোৰ বাকলি গুচাই ২ ঘণ্টা উতলোৱাৰ পিছত ৰ’দত শুকোৱাই লোৱা হয় ৷ এনেদৰে প্ৰস্তুত কৰা তামোলক ‘চিকানি’ বোলে ৷ মেঘালয়ত পাৰি অনা তামোলবোৰ বোৱতী পানী, পুখুৰী অথবা পানীৰে ভৰা কলহত থৈ ৪-৫ মাহৰ বাবে কিওৰিং কৰা হয় ৷ কলহৰ ক্ষেত্ৰত পানী সলাই থকা হয় ৷ তামোল সংৰক্ষণৰ বাবে অসম আৰু কেৰালাত বহুল ভাবে প্ৰচলিত পদ্ধতি অনুসৰি পাৰি অনা তামোলবোৰ ডাঠ বোকাৰ স্তৰৰ মাজত ৰখা হয় ৷ এনেকৈ উৎপন্ন হোৱা তামোলক বুঢ়াতামোল বোলা হয় ৷ কেৰালাত পানীত ডুবাই ৰাখি ‘কিওৰিং’ কৰা তামোলক ‘নীত্তাদাক’ বোলে ৷ এনেবোৰ তামোলৰ বাকলিত বেক্টেৰীয়া সংক্রমিত হৈ দুৰ্গন্ধযুক্ত হয় ৷ এই দুৰ্গন্ধ চডিয়াম বেঞ্জয়েট,পটাচিয়াম মেটাবাইচালফেট আৰু হাইড্ৰক্লৰিক এচিড প্ৰয়োগ কৰি নাইকিয়া কৰিব পাৰি ৷ তামোলৰ কিওৰিং আৰু সংৰক্ষণৰ ঠাইভেদে বহু কৈৗশল আৰু পদ্ধতি আছে, সেই সকলোবোৰৰ উল্লেখ কৰি ৰচনাখন অনাহক দীঘলীয়া কৰাৰ পৰা বিৰত থাকিলোঁ ৷ কিওৰিং কৰাৰ পিছত তামোলৰ কেহা গুণটো নোহোৱা হয় ৷
কোৱা হয় যে তামোল কুমলীয়াতে বিহৰ কাম কৰে, মধ্যৱৰ্ত্তী অৱস্থাত জুলাপ বা ৰেচক বা কোষ্ঠ পৰিষ্কাৰক আৰু শুকোওৱা বুঢ়া বা পৈনত তামোল হেনো অমৃতৰ লেখীয়া ৷ তামোলৰ বহুবোৰ ঔষধি গুণ আছে ৷ তামোলক শ্ৰীবৰ্দ্ধনী বুলি কোৱাৰ ইয়ো এটা কাৰণ হ’ব পাৰে ৷ আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক চিকিৎসাত তামোলৰ ব্যাপক ব্যৱহাৰ হয় ৷ তামোলে হজম হোৱাত সহায় কৰে, সেয়ে ভাতখোৱাৰ পিছত তামোল খোৱা হয় ৷ তামোল-পাণ খোৱা মানুহৰ দন্তক্ষয় ৰোধ হয় বুলিও বিশ্বাস কৰা হয় ৷ ই বাত,পিত্ত আৰু কফ নাশ কৰে ৷ তামিল ভাষাত তামোলক কামুগু বোলা হয় ৷ কামুগু নাট পাউদাৰে ডায়েৰীয়া নিৰাময় কৰে ৷ ই প্ৰস্ৰাবৰ খেলিমেলি নোহোৱা কৰে বুলি বিশ্বাস ৷ কুমলীয়া কামুগু পাউদাৰ খাই ফিটাপেলু নাশ কৰিব পাৰি ৷ ই কৃমি নাশক ৷ ই মুখ ৰঞ্জক, মুখ ৰোচক, মুখৰ দুৰ্গন্ধ নাশক,সৌন্দৰ্য বৰ্দ্ধক,সহিষ্ণুতা বৰ্দ্ধক আৰু উত্তেজক ৷ তামোল হেনো মহিলাৰ লিউকৰীয়া নামৰ যৌনৰোগবিধ নিৰাময় কৰাৰ এক ভাল প্ৰাকৃতিক উপায় ৷ তামোলৰ গুড়ি, হালধী গুড়ি আৰু চেনি মিহলাই খালে বমি ৰোধ হয় ৷ তামোলৰ পাউদাৰেৰে টুথপেষ্টও তৈয়াৰ কৰা হয় ৷ তামোলৰ কুমলীয়া পাতৰ পৰা উলিওৱা Extractুৰ দ্বাৰা মালিচ কৰা হয় ৷ কামুগু গৰু আৰু ছাগলীৰ দানা হিচাপে বহুল ভাৱে ব্যৱহাৰ হয় ৷ তামোলৰ কাঠ খৰি হিচাপে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ গা-গছ ঘৰ বা ৰভা-পৰলাৰ খুটা হিচাপে ব্যৱহাৰ হয় ৷ তামোলত থকা টেনিন ৰং উদ্যোগত পাটৰ কাপোৰ, কপাহী কাপোৰ, কেনভাছ, চামৰা আদিত ৰং দিবলৈ ব্যৱহাৰ কৰা হয় ৷
উপৰিউক্ত তামোলৰ সকলো ইতিবাচক গুণ বৈজ্ঞানিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় ৷ উদাহৰণ স্বৰূপে তামোলক কফহৰ অথৰ্াৎ কফনাশক বুলি কোৱা হৈছে যদিও মোৰ নিজস্ব অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ যে ই কফবৰ্দ্ধকহে ৷ অত্যধিক তামোল খোৱাৰ ফলত এসময়ত মই দীৰ্ঘদিনীয়া কাহত ভূগিছিলোঁ ৷ বহুত গুণাগঁঠাৰ অন্তত তামোল সম্পূৰ্ণৰূপে বৰ্জন কৰি নিয়মিত প্ৰাণায়াম কৰাৰ ফলত সেই ভয়ংকৰ কাঁহৰ পৰা মুক্তি পালোঁ৷ইয়াৰ কেইটামান ভয়াৱহ নেতিবাচক দিশ আছে৷তামোলৰ কুমলীয়া পাত খালে গৰ্ভপাত হয়৷অত্যাধিক তামোল খোৱা মানুহৰ ডি এন এ নষ্ট হোৱাৰ ফলত কৰ্কট ৰোগ হয় ৷ বিশ্ব স্বাস্থ্য সংস্থাই তামোলক কাৰ্চিন’জেন অথৰ্াৎ কৰ্কট ৰোগৰ কাৰক বুলি সদৰি কৰিছে ৷ মুখ,ডিঙি,মুখগহ্বৰত এই ৰোগ হ’ব পাৰে ৷ তামোল খোৱা মানুহৰ চাবমিউকাছ ফাইব্ৰছিছ হ’ব পাৰে যাৰ ফলত মুখৰ কাঠিন্য বৃদ্ধি হৈ কোৱাৰি লৰচৰ কৰিব নোৱৰা হয়; এই ৰোগ আৰোগ্য নহয় ৷ গুৱাসক্ত লোকৰ হৃৎপিণ্ডৰ ৰোগ, মেটাবলিক চিনড্ৰ’ম আৰু মেদবহুলতাৰ ৰোগ হ’ব পাৰে ৷গুৱাসক্তিৰ সৈতে এৰীথমীয়া আৰু ডায়েবেটিচৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে ৷ নিয়মিত তামোলখোৱা লোকৰ এজমা আৰু উচ্চৰক্তচাপ বৃদ্ধি হোৱাৰ বাৰ্তাও পোৱা গৈছে ৷ বেছি তামোলখোৱা মানুহৰ দাঁতৰ আলুৰ ৰোগ আৰু দন্তক্ষয় হোৱা দেখা যায় ৷ দাঁত ৰঙা পৰি স্থায়ী ভাৱে ক’লা ৰং ধৰা দেখা যায় ৷ তামোলে অন্য ঔষধ আৰু বনৌষধৰ বিপৰীতে কাম কৰিব পাৰে, শৰীৰত বিষক্রিয়া কৰি সেই ঔষধ সমূহক নিষ্প্ৰভ কৰিব পাৰে ৷ অৱশ্যে এই ক্ষেত্ৰত যথোপযুক্ত গৱেষণা এতিয়াও হোৱা নাই ৷ মুঠতে তামোলৰ সৈতে প্ৰাণঘাটী ৰোগৰ এক বৃহৎ পৰিয়ালৰ সৈতে সু সম্পৰ্ক আছে ৷ এই আটাইবিলাক কথা মনলৈ আহিলে এনে লাগে যেন তামোল এটা সাধাৰণ বোমা নহয়, এটা শুপ্ত আনবিক বোমা ৷
পৃথিৱীৰ বহু দেশে ইতিমধ্যে তামোলৰ পৰা হ’ব পৰা বিপদৰ সৈতে মোকাবিলা কৰিবৰ বাবে প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আমেৰিকাৰ Food and Drug Administrationএ তামোল খোৱা আৰু তামোলৰ লগত জড়িত উৎপাদিত সামগ্ৰী সমূহৰ আমদানি আৰু আন্তঃৰাজ্যিক সৰবৰাহৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিছে ৷ বিশ্বৰ ভালেকেইখন দেশে তামোলে সৃষ্টিকৰা সম্ভাব্য বিপদৰ ওপৰত সজাগতাৰ বাবে পদক্ষেপ বৃদ্ধি কৰিছে ৷ টাইৱানত বছৰি তামোল প্ৰতিৰোধ দিৱস পালন কৰিবলৈ লৈছে ৷ তামোল খাই য’তে ত’তে পিক পেলালে তাত জৰিমনা ভৰুৱা হয় ৷ সেই দেশত তামোলৰ খেতিয়ক সকলক বিকপ্ল কৃষিৰ বাবে উদগনি মূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই ২০১২ চনত প্ৰশান্ত মহাসাগৰৰ পশ্চিমাঞ্চলত থকা দেশ সমূহত তামোলৰ ব্যৱহাৰ কমাবৰ বাবে কাৰ্য-আঁচনি(Action Plan) প্ৰস্তুত কৰি উলিয়াইছিল ৷ তামোল উৎপাদনত ভাৰত বিশ্বৰ ভিতৰত প্ৰ্‌থম ৷ প্ৰায় ১০ নিযুত লোক তামোল উদ্যোগৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰি আছে ৷ ভাৰতত উৎপাদিত তামোলৰ অধিকাংশ ভাৰততেই বিক্রী হয়, এই দ্ৰব্যবিধ অন্য দেশলৈ ৰপ্তানি খুব কম হয় ৷ তামোলৰ পৰা উৎপাদিত সামগ্ৰী গুটখা,পাণ-মছলা আদিৰ প্ৰচলন ভাৰতত ভয়াবহ ভাৱে বৃদ্ধি পাইছে ৷ এইবোৰ উৎপাদন কৰা উদ্যোগ সমূহে এইবোৰ মিঠা,সুগন্ধিযুক্ত দ্ৰব্য ধুনীয়াকৈ পেকেজিং কৰি কম দামত বিক্রী কৰে আৰু এইবোৰযে স্বাস্থ্যহানিকাৰক সেইবিষয়ে কোনো statutory warning নিদিয়াকৈ বিক্রী কৰে ৷ ফলস্বৰূপে এক বুজন সংখ্যক বয়ঃসন্ধি প্ৰাপ্ত কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতী পাণ-মছলা,গুটখা আদিত আসক্ত হৈ পৰিছে ৷ এয়া নিঃসন্দেহে আগন্তুক বিপদৰ এক ভয়াবহ আগজাননী ৷
পশ্চিমীয়া দেশ সমূহত মুখ বা মুখ গহ্বৰত হোৱা কৰ্কট ৰোগ এতিয়াও অগতানুগতিক, ভাৰত,বাংলাদেশ,পাকিস্তান,টাইৱান আদি দেশত এই ৰোগৰ প্ৰকোপ বেছি ৷ ইয়াৰ দেখদেখ কাৰণ তামোলৰ মাত্ৰাধিক ব্যৱহাৰ ৷ চৰকাৰে আইন প্ৰণয়ন কৰি তামোলৰ উৎপাদন অথবা তামোলৰ উৎপাদিত সামগ্ৰী সমূহ নিষিদ্ধ ঘোষণা কৰিবৰ হ’ল, তামোল খেতিৰ বিকল্প লাভজনক খেতি কৰিবলৈ খেতিয়কক উদগনি দিবলৈ হ’ল ৷ অসমৰ মানুহে তামোল খাই য’তে ত’তে, বিশেষকৈ ৰাজহুৱা স্থানত পিক পেলাই পৰিবেশ দূষিত আৰু ঘৃণনীয় কৰি অনুশোচনা নকৰাটো আজিৰ দিনৰ আটাইতকৈ চিন্তনীয় বিষয় ৷ ই হৈছে তামোল-পাণ সংস্কৃতিজাত এক বদঅভ্যাস,যাক দুষ্কৃতি বুলিও ক’ব পাৰি ৷ আনহাতে অধ্যাপক পংকজ চতুৰ্বেদীয়ে কোৱাৰ দৰে তামোলক যদি বোমা বুলি ভবা হয় তেন্তে অসমত এতিয়া সীমাহীন মৃত্যুদূত, কাৰণ আপুনি যদি অসমৰ কোনো এক জন-বসতি পূৰ্ণ ঠাইত ঠিয় হৈ সোঁফালে, বাওঁফালে,আগলৈ আৰু পাছলৈ চায়, চতুৰ্দিশতে কমেও এজোপা হলেও তামোল গছ দেখিব ৷ প্ৰতিজোপা তামোলগছতে লাগি আছে ডিম্বাকৃতিৰ বোমা ৷ কেৱল উদ্ধাংৰ্শৰ পৰা ঘন ঘন কৈ ওলোৱা পাতেৰে ডেউকা মেলি থকা উৰণোদ্যত অথবা উৰন্ত চৰাইৰ দৰে লগা গছজোপাত লগা এই বোমাবোৰ নিঃশব্দে মুখ,ডিঙি,মুখগহ্বৰ আদিত বিস্ফোৰিত হৈ আছে অথবা হৈ থাকিব৷ বিষয়টো গুৰুত্ব সহকাৰে ল’বৰ হ’ল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!