এটি ফুলৰ সাধু (মন জিৎ)

মদাহী বাপেকে পুতেক জীয়েকক কেইবা দিনো নিশা টিভিত টলং পলং ৰহস্যময় যুৱক যুৱতীৰ ভুমিকাত দেখিলে। জীয়েকক বেলেগ কোনোবা ৰহস্যময় যুৱকৰ লগত আৰু পুতেকক আন কোনোবা ৰহস্যময়ী যুৱতীৰ লগত। প্রথমে একো কোৱা নাছিল কাৰণ নিজেও এটুপি ধৰেটো। কিবাকে সিহতৰ বাবে আদর্শহৈ দেখুৱাব লগা হ’লেটো গোলাপী নিছা কন এৰিব লাগিব। আৰু যিটো আমাৰ স্বর্গদেউ গগৈয়ে অসমক আমেৰিকা জাপানৰ লগত ৰিজাবলে এৰি চিৰিয়াছহৈ যোৱাৰ দৰে কথা। সেয়ে কিছুদিন চুপ চাপ থাকিল। পিছে সিহতৰ কোব চাৰিহে গ’ল। এনেই থিকেই আছিল পিছে টেক্স বাঢ়ি সিটুপিৰ দাম উর্দ্ধগামী হোৱাত মুখ নুখুলি নোৱাৰিলে। নহ’লে বিছনা তলত লুকুৱাই ৰখা ফুলটোত হামলা পৰাৰ ভয়। সেয়ে বহু ভাবি চিন্তি ফেছবুকত পুতেক
প্রিন্স কুলাংগাৰে
‘হেপি ফাদাৰচ দে। লাভইউ পাপা’ বুলি আপদেট দিয়া দেখি প্রথমে পুতেকক মাতি আনি বুজালে
: চা বোপাই মোৰনো আৰু কেই দিন। তইটো দেখিছই এই বেয়া অভ্যাসটোৱেই মোক খুলি খুলি খালে। তয়ো তাকেই লোৱাত মই বৰ দুখ পাইছো। তোৰ সমুখত গোটেই জীৱনটো পৰি আছে। এতিয়াই এইবোৰ অভ্যাস! তাতে ৰাস্তাই ঘাটে টি ভিয়ে নিউজে। ইমানেই টিভিত ওলাব মন আছে যদি জানানে পঢ়, আলোচনী পঢ়, জি কে পঢ়। কৌটিল্যৰ দৰে শদিয়াৰ পৰা লিবিয়ালৈকে এফালৰ পৰা চব মুখস্থ কৰি পেলা। এবাৰ হিট হৈ গ’লে কোনোবা নহয় কোনোবা টিভি এংকৰেতোক তুলি ল’বই ল’ব খাটাং । দানা পানীও ফ্রী। কিন্তু কথা হ’ল মদটো পেট্রলৰ দৰে সদায় ভৰোৱা বস্তু নহয় নহয়। লিভাৰে ভাৰ সহিব নোৱাৰি অভাৰহৈ গ’লে চিত্তগুপ্তক তোৰ দায়িত্বভাৰ দি যাব আদবয়সতে। অ অৱশ্যে একেবাৰে এৰিব নোৱাৰিলে ইঞ্জিন অইল ভৰোৱা দি মাহেকট এবাৰ ভৰাবি আৰু, সেইটোত হকা বাধা নকৰো নহয়। মোৰ ল’ৰা ভাল নহয় পাপাৰ কথা নেপেলাই ন? যোৱা পাকঘৰত বুট কেইটামান টিয়াই থৈছিলো পিয়াজ জ্বলকীয়া অকন মিহিকে কাটি লৈ আনাগে দ’ বা।
এই বুলি ঘাটক কে স্মল এটা টানি পুতেকৰ ফাদাৰচ দে স্টেটাচত লাইক কৰি ‘Worlds best papa..luv u muuuuuuuaaaaaaaaaaahhhh’
বুলি কমেন্টোৱা জীয়েক এঞ্জেল জলাঞ্জলিক মাতিলে। পিছে তেখেতৰ াআকৌ বৰ কোব। ৰ’বলেই সময় নাই
: অহ পাপা now i m বহুত Busy, Ten টা মান Friends সতে চাট কৰি আছো। please bore নকৰিবা na।
: আই জলাঞ্জলি ঔ নেট পেক এটা ভৰাই দিম। দুই মিনিট মোৰ কথাকেইটা শুন।
চা আই মোৰনো আৰু কেই দিন। তইটো দেখিছই এই বেয়া অভ্যাসটোৱেই মোক খুলি খুলি খালে। তয়ো তাকেই লোৱাত মই বৰ দুখ পাইছো। তোৰ সমুখত গোটেই জীৱনটো পৰি আছে। তাতে তোক ভাল ল’ৰা এটা চাই বিয়া দিব পাৰিলেই সুখেৰে চকু মুদিব পাৰিম। পিছে তই মাজনিশাৰ মায়াবিনি হৈ ভৰি পাক খুৱাই, টিভিট ঢলঙাসন পলঙাসন কৰি থকা দেখিলে লাজ দুখ সমানেই পাও ঔ। চা চোন গামোছাত ফুল তোলাৰ বয়সত তই ৱাইনচপ নাইবা বাৰত সন্ধিয়া সন্ধিয়া ফুল তুলি ফুৰিছ। পুৱা মন্দিৰত পুজালে বুলি ফুলএপাহ চিঙি ভগৱানক সেৱা কৰি দীঘল দি পৰাৰ সলনি তই সন্ধিয়া পুজাৰ লগত ফুলএটো চিঙি ৰাস্তাত দীঘল দি পৰিছ। কলি যুগৰ ব্রেণ্ড এম্বেচাডৰ মোৰ ঘৰত নেলাগে আই। পাৰ যদি ৰাতি ৰাস্তাত কৰা আসন কেইটা পুৱা ঘৰতে কৰিবি। য়’গা বুলি কয় অসমীয়াত সেইটোক। মানুহেও ভাল বুলিব আৰু তোৰ স্বাস্থ্যপাতি সন্মান সকলো অক্ষুন্ন থাকিব। টিভিত নিশাৰ নায়িকা হ’বলে এৰি কোনোবা ভাল ল’ৰা এটা চাই তাৰ জীৱনৰ নায়িকা হ’বলে চেষ্টা কৰ দেই। মোৰ ছোৱালী ভাল নহয়। Worlds best papaৰ কথা নেপেলাই ন?
: দাদাই যে খাই তাক একো নোকোৱা কিয়।
: কৈছো তাকো কৈছো। সি বাদ দিম কৈছে। আৰু চা আই মদটো ছোৱালীৰ বাবে নহয়েই। ই হৈছে পুংলিংগ, মানে মদৰ Gender male। নহ’লেনো ফুলটো হাফটো কোৱাটাৰটো বুলি কয় নে। তহতৰ বাবে হোৱা হ’লে ফুলজনী হাফ জনী কোৱাটাৰ জনী বুলিয়েই ক’লে হেতেন দেখোন। আগতেও কৈছো ফুলটো নহয় ফুল পাহিহে তহতি ছোৱালী বোৰৰ বাবে। মোৰ ছোৱালী ভাল নহয় কথাবোৰ বুজি পাই ট’। যোৱা চোন ককায়েৰে ইমান দেৰি চাকনাটো আনি পোৱাহি নাই তাক মাতিছো বুলি কোৱাগে । আৰু মাম্মিয়ে চিকেন বনাই আছে সিজিছে যদি তাৰো অলপ লৈ আনিবা দ’।
অলপ পৰ পিছত পুতেকৰ হাতত বুটৰ পিলেট লৈ পাকঘৰ ৰিটার্ণছ। দোৰোল খোৱা জিভাৰে বাপেকক ক’লে
:হেই পপচ,,, ইউ আৰ গ্রেট। তোমাৰ স্পিছটোৱে মোৰ চকু খুলি দিলে। চৰি হা। কালিৰ কোৱাটাৰটোৰ অলপ থাকি গৈছিল চ’ পেলাই দিবলে বেয়া লাগিল সেয়ে মাৰি দিলো। কিন্তু আই প্রমিছ আজিয়েই লাষ্ট আজিৰ পৰা আৰু কেতিয়াও মুখত নিদিও। বটলৰ শপত।
সুবিধা বুজি তেনেতে ভনিয়েকেও ভিতৰৰ পৰা মাত লগালে
: পাপা প্লিজ নেভাৰ মাইন্দ হা। মোৰ মানে স্প্রাইটৰ বটলত কোৱাটাৰজনীৰ অলপ থাকি গৈছিল চ’ এই খিনিয়েই লাষ্ট হা। মোৰ ১০০০ লাইক পোৱা প্রফাইল পিকচাৰৰ প্রমিছ। আজিৰ পৰা আৰু কেতিয়াও হাত নিদিও। এই ব্র বুট দুটা মান দে না মোকো?
বাপেকৰ খাবলে আৰম্ভ নকৰোতেই নিছা ফাটিল। শেষত ক’লে
: এটা কাম কৰিবি কাইলে যদি কিবা কাৰণত প্রমিছ কেইটা ফাটে. অ মানে ভাগে তেন্তে আবেলি ফুল এটা লৈ আহিবি তিনিও একে লগেই চিঙিম। মাথো বাহিৰত খাই জগতক জনাব নেলাগে আৰু আজিৰ পৰা। যি দেখিছি তহতৰ কাৰণে হাফ এটা অকলে চিঙিব পৰা দৰা বা কইনাই চাব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!