মোৰ ভাৰতীয় মানসিকতা আৰু ইঊৰোপ ভ্রমনৰ এক অভিজ্ঞতা (১)-প্ৰদীপ কুমাৰ

(১)

২০০৯ চনৰ ১৬ মে .. ইটালিৰ মিলান চহৰৰ পৰা জুৰিখ চহৰলৈ বুলি সপৰিয়ালে”ট্রেইনইটালিয়াত” উঠিলোঁ। ৫ টা মান ষ্টেচন পাছত ট্রেইন বদলাব লাগিব।ট্রেইনইটালিয়া আগলৈ নাযায় গতিকে Euro Train ত বাকিচোৱা যাব লাগিব। প্রথমশ্রেনীৰ কোঠা , মুখামুখিকৈ দুখন চকিৰ মাজত এখনকৈ মেজ। বাহিৰত মুষলধাৰে বৰষুণ  পাহাৰৰ বুকু ফালি নামি আহিছে বহু সৰু সৰুকৃত্ৰিম জলপ্ৰপাত। এওঁৰ ফ’নটোৰে দেউতাৰ সৈতে কথা পতাৰ পাছত মেজ খনত থৈ পাহাৰৰ সৌন্দৰ্য উপভোগ কৰি গৈ থাকোঁতে কেতিয়ানো ৫ টা ষ্টেচন পাৰহৈট্রেইনবদলাবৰ হ’ল গমেই নাপালোঁ। আমাৰ ডবাটোৰ সকলো নামি যোৱাৰ পাছত হে গম পালো যে নামিব লাগে  লৰালৰিকৈ নামি গৈ আনখন ট্রেইনধৰিলোগৈ। কিছু সময় পাৰহোৱাৰ পাছত গম পালো যে এওঁৰ ফোনটো আগৰ ট্রেইন খনৰ মেজ খনতে এৰি আহিলো। মনটো বৰ বেয়া লাগিল। ফোনটোতকৈও তাত থকা নম্বৰ বোৰৰ বাবে বেছি চিন্তা লাগিল। কিছুসময়ৰ পাছত আহিল টিকট চেকাৰ জন। চেকাৰ জনক কথাটো কৈ উপায় বিচাৰিলোঁ। অভয় দি কি কৰিব লাগিব বিষদ্ বিবৰণ দিলে। কথা খিনি মনোযোগ দি শুনিলোঁ যদিও ভাৰতীয় মানসিকতাই মানি ল’বলৈ সন্মতিনিদিলে। বৰফ, বৰষুণ , পাহাৰৰ অঁকোৱা পকোৱা ৪ ঘণ্টাৰ বাট; এক ভাৰাক্ৰান্ত মন লৈ জুৰিখ ষ্টেচনত নামি টিকট চেকাৰ জনে কোৱাৰ দৰেই lost and found section ত গৈ ট্ৰেইন টিকট আৰু ফ’ন টোৰ বিষদ বিবৰণ দি অনুৰোধপত্র এখন জমা দি হোটেললৈ আহিলো। অফিচৰ মানুহ জনে কোৱাৰ দৰেই নিৰ্দ্দিষ্ট ৱেব চাইটত গৈ প্রতি দিনা ৰাতিপুৱাই চাই থাকিলোঁ। যদিও আশা নাছিল তথাপিও মনত কিবা এটা লাগি আছিল। ৪ দিনৰ পাছত অবিশ্বাস্য হলেও ভাল খবৰটো আহিল। ৫ম দিনা পুৱাই ৭ বজাত ফ’নটো আনিব’লৈ জুৰিখ ষ্টেচনলৈ ঢাপলিমেলিলোঁ। কিছু ভেৰিফিকেচনৰ পাছত ফ’নটো হাতত পাই নিজকে নিজেই কলো .. হাই মোৰ ভাৰতীয় মানসিকতা । পিছত গম পালো যে সকলো Euro Train ত এই lost and found section টো অতি সুকল্পিতভাৱে পৰিচালিত কৰা হয় , ট্রেইনচাফআ পৰা মানুহ বোৰে যাত্ৰী সকলে যদি কিবা এৰি গৈছে তাক নি lost and found section ত জমা দিব লাগিব। লগতে কোন খন ট্রেইন,কোনটো ডবা, কোনটো চিট আদি সবিশেষ দিব লাগিব। এই সকলো তথ্যlost and found section এ নিৰ্দ্দিষ্ট ৱেব চাইটত গৈ প’ষ্ট কৰিব। একেদৰেই lost and found section ত দিয়া হেৰুওৱাতথ্যৰ ওপৰত নিৰ্ভৰ কৰি সেই বস্তুবোৰ যথাস্থানলৈপ্রেৰণ কৰিব। এই system টিৰ বাবে বহু সময়ত আমাৰ দৰে ভ্ৰমণকাৰী সকলৰ বিশেষ সহায় হয়।

(২)

৯ ফেব্রুৱাৰী২০১২ .. আবেলি প্রায় ৪.৩৫ বজাত স্পেইনৰ ৰাজধানী মাড্ৰিদৰ পৰা ফুটবলৰ সাম্ৰাজ্যবাৰচিল’নালৈইউৰ’ ট্রেইনেৰেশ্রীমতী সহ যাত্রাকৰিলোঁ। প্রায় ৬.৩০ বজাত বাৰচিল’না পাই হোটেললৈ বুলি টেক্সী ল’লো। আগতীয়াকৈ হোটেল বুক কৰা আছিল বাবে বিশেষ চিন্তা কৰা নাছিলোঁ যদিও ল’কেচন টোৰ বিশেষ আইডিয়া নথকাত টেক্সীচলক জনক সোধাৰ কথা ভাবি মাত লগালো। মোৰ ভঙা ভঙাস্পেনিজ শুনি টেক্সীচলক জন প্রায় অবাক হৈ মোক ক’ৰ পৰাস্পেনিজশিকিলোঁ জানিব বিচাৰিলে। মই জনালোঁ যে মই কিছু পৰিমাণেস্পেনিজ, ইটালীয়ান আৰু ভালদৰে পৰ্তুগীজভাষা ক’ব পাৰোঁ। মোৰ মুখত স্পেনিজ শুনি ইমানেই অভিভূত হ’ল যে ১০ মিনিট মানৰ যাত্ৰাতে মোৰ লগত এক আত্মীয়তা গঢ়ি উঠিল। মই হোটেল খনৰ নাম কোৱাত জনালে যে নিৰ্দ্দিষ্ট হোটেল খন চহৰৰ কেন্দ্র বিন্দুৰ পৰা দূৰত সাগৰ তীৰত। কথাষাৰ শুনি শ্রীমতীয়েবোলে আজি পাৰা যদি হোটেল খন বদলাই চহৰৰ মাজত ক’ৰবাত থাকো দিয়া। কথা মতেই কাম। টেক্সীচালক জনক কথাটো কোৱাত আমাক চিন্তা নকৰিবলৈ কৈ এখন ৩ তাৰকা হোটেললৈ লৈ আনিলে। পিছে তাতে লাগিল লেঠা। হোটেল খনত কোঠা আছে কিন্তু আমাক নিদিয়ে। কথাটো বুজিবলৈ কিছু জটিল লাগিল। নিজেই আগবাঢ়ি গৈ হোটেলৰ মেনেজাৰ জনক কথাটো কি জানিব বিচাৰিলোঁ। মেনেজাৰে জনালে যে এনেদৰে টেক্সীচালকে কাষ্টমাৰ আনিলে টেক্সীচালকক এক বুজন কমিচন দিব লাগে। আৰু সেইটোতেওঁলোকৰ হোটেলখনৰ নিয়মৰ বিপৰীত। কথাষাৰ জানিব পাৰি টেক্সীচালকজন, মেনেজাৰ আৰু মই একেলগে কথা পতাৰ বাবে টেক্সীচালকজনক মাতি আনিলোঁ। টেক্সীচালকজনে মোৰ সন্মুখতে মেনেজাৰক জনালে যে মই তেখেতৰ লগত কেটাল’নিয়ান ঠাচতস্পেনিজ ভাষাত কথা পতাৰ বাবে ইমান আনন্দিত যে মোৰ বাবে কোনো কমিচন নলয়। কথাষাৰ শুনি যিমান ভাল লাগিল সিমানেই আচৰিত হ’লো। নিজৰ ভাষাত কথা পতাৰ বাবে ইমানেই আনন্দ পালে য়ে কমিচনেই নালাগে বুলিলে। হোটেলৰ মেনেজাৰ জনেও কথাষাৰ ভাল পাই লগে লগেই অতি আদৰেৰে সকলো সুবিধা কৰি দিলে। ভাষা তথা জাতি প্রেমৰ এক বিৰল উদা্হৰণ! ‘’ আজি কিছু বছৰৰ পৰা কেটাল’নিয়া স্বাধীনৰাষ্ট্ৰৰ বাবে ৰাজনৈতিক বাক্বিতন্দা চলিআছে আৰু ইয়াৰ কেন্দ্র হ’ল বাৰচিল’না চহৰ। অসমৰ উজনি আৰু নামনিত যেনেদৰে অসমীয়া কোৱাত কিছু পাৰ্থক্যআছেঠিক একে দ’ৰেই চেন্ট্রল স্পেইনৰ স্পেনিজ আৰু কেটাল’নিয়ান স্পেনিজ কিছু বেলেগ ঠাঁচত কোৱা হয়। মই যিহেতুপৰ্তুগীজঠাঁচত কওঁ সেয়ে কেটালনিয়ানস্পেনিজৰসৈতে কিছু মিলে। কথাষাৰ মই আগতে নাজানিছিলোঁ যদিও সেইদিনা জানিলোঁ। আমাৰ ভাৰতৰ বংগ, কেৰালা আদি প্রদেশৰ মানুহৰ মাজত এই ভাষা প্রেম দেখা যায় যদিও দুখেৰে ক’ব লাগিব যে আমাৰ অসমীয়া সকলৰ মাজত ই অতিবিৰল।আমাৰ চুবুৰীয়া বাংলাদেশ এই ভাষা প্রেমৰ আন এক উদাহৰণ। বিশ্বৰ য’তেই লগ পালেও তেওঁলোকৰ লগত যদি বাংলা ভাষাত কথা পাতোঁ, সহায় কৰিবলৈ আগবাঢ়ি আহে।মই বহু দেশত এই কথাৰ প্রমাণপাইছোঁ। আমাৰ বেছি ভাগ ভাৰতীয়ই ইংৰাজীত কথা নুশুধি হিন্দীত কলে অশিক্ষিত বুলি ভাবে ..কিমাধিকম !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!