ফাগুন

 

এনেকৈয়ে আহে ফাগুন
ধুসৰ চহৰখনত ব্যতিক্ৰমী নিবেদন
পহিলা পুৱাতেই এজাক বৰষুন
দীর্ঘ বিৰতিৰ অন্তত
ভাঁহি আহিল
সেই ছন্দোময় সংগীত
ৰুণজুন…ৰুণজুন….

fagun_b

ফাগুন হেনো প্ৰেমৰ ঋতু
কোনে সমীকৰন কৰি দেখুৱাব
ফাগুনে আনিছে প্ৰেম
নে প্ৰেমে ফাগুন!

সৰাপাতৰ সতে পচোৱাৰ লুকাচুৰি
শিমলু পলাশে মিচিকিয়ালে
আকাশ ৰাঙলী কৰি
বৰষুণৰ উচতনিত উতনুৱা হয়
আকলুৱা মন
ধূলিয়ৰি বাটেৰে সংগোপনে
সোমাই আহে প্ৰেম ফাগুনৰ হাত ধৰি. . .

ঠিকনা হেৰুৱাই
লঠঙা গছত ওৰেদিন বহি থাকিল দুখ

কোনে কাক ঈর্ষা কৰে ফাগুন
সকলোৰে বুকুত আজি একেই অনুৰাগ
প্ৰেমৰ গুণ গুণ ॥

–পৰাগ জ্যোতি শইকীয়া

 

One thought on “ফাগুন

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!