অগপৰ ব্যৰ্থতা আৰু বিকল্পৰ সন্ধান (ৰক্তিম শৰ্মা)

অসম গণ পৰিষদ দলটো গঠন হৈছিল বহিৰাগত বহিষ্কাৰৰ দাবীত কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ বিৰুদ্ধে অসমৰ জনগণৰ এক দুৰন্ত জনজাগৰণৰ বোকোচাত উঠি। যি জনজাগৰণে কংগ্ৰেছ দলক উৎখাত কৰি জনগণৰ চৰকাৰ এখন গঠন কৰিছিল। নকলেও এতিয়া আৰু লুকাই থকা নাই যে, দমনকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে জাতীয় অস্তিত্ব ৰক্ষা আৰু সম্পদৰ ওপৰত জাতীয় অধিকাৰৰ দাবীত সংগঠিত অসম আন্দোলনটো মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বৰ হাতত পৰি আপোচ মূলক সুবিধাবাদলৈ ৰূপান্তৰ হৈছিল। উগ্ৰ ৰাষ্ট্ৰবাদী হিন্দুত্ববাদীৰ কুচকাৱাজে অসম আন্দোলনৰ মাজত প্ৰবেশ কৰি বহিৰাগত বহিষ্কাৰ আন্দোলনটো মুছলমান বিৰোধী, জনজাতি বিৰোধী আৰু কমিউনিষ্ট নিধন যজ্ঞলৈ পৰিণত কৰা অভিযোগো উঠিছিল, যাৰ ফল আজিও ভোগ কৰিছে অসমৰ জনগণে। ছবছৰীয়া অসম আন্দোলন যিটো বিশ্বৰ বৃহত্তম জনজাগৰণ বুলি কোৱা যায়, তাৰ ফল একো নহ’লগৈ। অসম চুক্তি ৰূপায়নৰ দাবীত আজিকোপতি আন্দোলন কৰি থাকিব লগা হৈছে অসমৰ জনগণে। অসম গণ পৰিষদে চৰকাৰ গঠন কৰি ক্ষমতাৰ খঁকত কেৱল ব্যস্ত থকাই নহয়, নিজৰ ক্ষমতা ৰক্ষা কৰিবলৈ বাজপেয়ী চৰকাৰৰ ব্লুপ্ৰিন্ট মতে গুপ্তহত্যাৰ সৈতেও জড়িত হৈ হেজাৰ হেজাৰ অসমীয়া যুৱক-যুৱতীক হত্যা কৰোৱালে। নিজৰ গাৰ মলি ঢাকিবলৈ এতিয়া কেৱল সেইসময়ৰ বাজপেয়ী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰিলেও সত্য সদায় সূৰ্যৰ দৰে। যাৰ বাবেই অসমৰ জনগণে পিছত প্ৰত্যাখ্যানেই নকৰিলে একেবাৰে ঠিয় গোৰ সোধাই শক্তিশালী আঞ্চলিকতাবাদী দলটোক ৰাজনৈতিক ক্ষেত্ৰখনতেই অপ্ৰাসংগিক কৰি তুলিলে। ভাজপা দলেও গুপ্তহত্যাৰ সকলো কলংক প্ৰফুল্ল মহন্ত চৰকাৰলৈ জাপি দি নিৰাপদ দূৰত্বত অৱস্থান কৰি ৰাজনৈতিক কৌশলেৰে দলীয় কাম কাজ আগবঢ়াই লৈ গল।
অগপৰ ব্যৰ্থতা আৰু এই শোকাবহ অৱস্থা কেৱল গুপ্তহত্যাৰ পৰিণতিয়েই নহয়। গুপ্তহত্যা এটা তৎকালীন কাৰণ বুলিব পাৰি। অগপই নিজৰ কবৰ খান্দিছিল বহু আগতেই। কাৰণ জনগণে অগপ নামৰ এক সংগ্ৰামী শক্তিকহে ক্ষমতালৈ আনিছিল আৰু আশা কৰিছিল যে বিধানসভাত থাকি দলটোৱে জনগণৰ স্বাৰ্থত সংগ্ৰাম চলাই যাব। কিন্তু প্ৰকৃততে ক্ষমতাই গাত ধৰাত অগপই সংগ্ৰাম কৰাতো দূৰৰে কথা, সামান্যতম সংগ্ৰামী আৰু পৰিৱৰ্তনকামী কাম কাজৰ উদাহৰণ বা চিন্তাও দাঙি ধৰিব নোৱাৰিলে। প্ৰকৃততে কেৱল বিদেশী বহিষ্কাৰৰ কথা কৈ একাংশ মধ্যবিত্তৰ আবেগিক সমৰ্থন কিছুদিনলৈ হয়তো পাব পাৰি কিন্তু তাক সমাধানৰ বাবে যুক্তিপূৰ্ণ ব্যৱস্থা ল’বলৈ কেন্দ্ৰক বাধ্য কৰিব নোৱাৰাটো আৰু জাতিটোৰ সৰ্বসাধাৰণৰ বাবে কোনো অৰ্থনৈতিক পৰিৱৰ্তনৰ কাৰ্যসূচী ল’ব নোৱাৰাটো অগপৰ চূড়ান্ত ৰাজনৈতিক ব্যৰ্থতা। এই ব্যৰ্থতাৰ অন্তনিহিত কাৰণো আছে। সেই অন্তৰ্নিহিত কাৰণ হল দলটোৰ শ্ৰেণী অৱস্থান। কংগ্ৰেছ-বিজেপিৰ দৰে কেৱল মধ্যবিত্ত শ্ৰেণী আৰু বণিক শ্ৰেণীক তৈলমৰ্দন কৰা ৰাজনীতিয়ে সাধাৰণ জনগণক স্পৰ্শ কৰিব নোৱাৰে। এফালে অসমীয়া সৰ্বসাধাৰণ জনগণৰ আশা আকাংক্ষা আনফালে মধ্যবিত্ত সুবিধাবাদ, তাৰ মাজতেই নিজৰ স্পষ্ট স্থিতিৰে জাতীয়তাবাদী শক্তিয়ে নিজৰ বাট পোনাব লাগে।
অসমৰ সমাজখনেই হ’ল ব্যতিক্ৰম। ইয়াত জাতীয়তাবাদ জীয়াই আছে সাধাৰণ কৃষক আৰু নিম্ন মধ্যবিত্তৰ মনত আৰু প্ৰয়োজনত। কৃষি আৰু ভূমি অধিকাৰ আৰু সমস্যাৰ প্ৰশ্ন, বৈধ- অবৈধ প্ৰব্ৰজন আৰু সঠিক ভূমি নীতিৰ অভাৱত ফলত হোৱা জনগাঁথনিগত সমস্যা, ট্ৰাইবেল বেল্ট-ব্লক আৰু সঠিক বন আইনৰ প্ৰয়োগৰ সমস্যা, কৃষিক্ষেত্ৰ মধ্যভোগীৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা, বহিৰাগত পণ্যৰ আগ্ৰাসনৰ সৈতে থলুৱা উৎপাদিত পণ্যৰ সংগ্ৰাম, শ্ৰম আৰু সামাজিক ক্ষেত্ৰতো বহিৰাগত আগ্ৰাসনৰ পৰা থলুৱা খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ প্ৰশ্ন, ক্ষুদ্ৰ কুটিৰ উদ্যোগৰ ওপৰত বহিৰাগত বণিকৰ উদ্যোগৰ আগ্ৰাসন, নিয়োগ ক্ষেত্ৰত থলুৱাৰ অধিকাৰ, থলুৱাৰ বাবে নিয়োগৰ সা সুবিধা বৃদ্ধি কৰা, বাণিজ্যিক ক্ষেত্ৰত বহিৰাগতৰ আগ্ৰাসন আৰু নতুনকৈ বেহা বেপাৰত লগা থলুৱাৰ সৈতে সংঘাত, বানপানী-গৰাখহনীয়া সমস্যাৰ সমাধানৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা, আন্তঃৰাজ্যিক সীমা সমস্যা, সামৰিক বাহিনীৰ আতিশয্যৰ পৰা থলুৱাৰ নিৰাপত্তা লগতে বিদেশী বহিষ্কাৰ সমস্যা আদি এশ এবুৰি সমস্যা যি প্ৰকৃততে জাতীয় জীৱনৰ সৈতে জড়িত তাক অগপ দলৰ চৰকাৰে কেৱল উপেক্ষাই কৰা নাই, বৰং অসমৰ জনগনৰ প্ৰতি চূড়ান্তভাৱে বিশ্বাসঘাতকতা কৰা বুলি অসমৰ জনগণে বিশ্বাস কৰিবলৈ ল’লে।
অসমৰ ৰাজনীতিত এতিয়া পূৰ্ববংগীয় মূলৰ লোকসকলক বাদ দি কেৱল সাম্প্ৰদায়িক দলেহে ৰাজনীতি কৰাৰ চিন্তা কৰিব পাৰে। অপ্ৰিয় হলেও এয়া সত্য। বিদেশী সমস্যাটোৱে তোলপাৰ কৰি থকাৰ পিছতো অগপই নিজাকৈ সেই মানুহখিনিৰ আস্থা ঘুৰাই অনাৰ ইচ্ছ্যুভিত্তিক কোনো চিন্তাই নকৰিলে। গতিকে তেওঁলোক অসমীয়া জাতীয়তাবাদী মঞ্চখনৰ সৈতে চামিল নহ’ল। ফলত গৰিষ্ঠসংখ্যক লোক এতিয়াও কংগ্ৰেছ বা এ আই ইউ ডি এফৰ ভোটবেংকহৈ থাকিলগৈ। জনজাতীয় সংগঠন আৰু সম্প্ৰদায়ৰ ক্ষেত্ৰতো সেই একেই কথা। অগপই বিশ্বাসযোগ্য হব পৰাকৈ জনজাতি সকলৰ মাজত সংগঠন কৰাতো দূৰৰে কথা, বৰং নিজকে জনজাতি বিদ্বেষী সংগঠনলৈ পৰিণত কৰালে। কৌশলহীন ৰাজনীতি আৰু কেৱল আন্দোলনৰ আবেগকে ইচ্ছ্যু হিচাপে লৈ বাৰংবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা অগপৰ মিথ্যাচাৰ জনগণে ধৰা পেলালে।
শিক্ষাখণ্ডৰ বিকাশ, সামাজিক উন্নয়ন, সমাজকল্যাণ কাৰ্যসূচী, দুৰ্নীতি প্ৰতিৰোধ, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰা আদি সামূহিক সমস্যাবোৰতো আছেই। কৰ্মচাৰী সকলক সন্তুষ্ট কৰি ৰখাতো চৰকাৰৰ এটা সমস্যা নহয়, কিন্তু প্ৰত্যাহ্বান হয়েই। ৰাজ্যৰ ৰাজহ-কৰৰ বাহিৰেও অন্য কি উৎস আছে পুঁজি গঠন কৰাৰ তাৰ বিষয়ে একো চিন্তা নকৰাটোও এখন চৰকাৰৰ বাবে সাংঘাতিক ব্যৰ্থতা। বিৰোধী ৰাজনৈতিক দলবোৰৰ প্ৰ’পাগাণ্ডাই এইবোৰ ব্যৰ্থতাক জনগণৰ আগত স্পষ্টভাৱে আৰু আবেগিক ভাবে বিকাশ লাভ কৰিলে। এইবোৰ ব্যৰ্থতাই স্বাভাৱিকতেই ৰাজনীতিত আঞ্চলিক দল অসাৰ বুলি প্ৰতীয়মান কৰালে আৰু ৰাষ্ট্ৰবাদী দলে তাৰ ঠাই অধিকাৰ কৰিলে। অসমৰ জনগণে কিন্তু ভালকৈয়ে বুজি পালে যে ৰাষ্ট্ৰবাদী সৰ্বভাৰতীয় দলৰ পৰা উপৰোক্ত জাতীয় মৌলিক প্ৰশ্নবোৰৰ কোনো সমাধান নাই। কিন্তু কৰ্মচাৰীসকল সকলোতকৈ স্থিতাৱস্থাবাদী। তেওঁলোকে চৰকাৰ এখন সলনি হবলৈ ভয় কৰে কিয়নো কিজানি মাহৰ শেষত দৰমহা কেইটা নাপায়গৈ। তথাপি শেহতীয়াকৈ মোদী প্ৰচাৰে জনগণক আকৃষ্ট কৰিলে, নাই মোমাইতকৈ কণা মোমাই ভাল বুলি ৰাষ্ট্ৰবাদী বিজেপিক সমৰ্থন দিবলৈ উঠিপৰি লাগিল। কিন্তু বিগত ছমাহে ৰাইজক পুনৰবাৰ প্ৰতাৰণা কৰিলে। কাৰণ মোদীৰ অৰ্থনৈতিক নীতিত থলুৱাৰ সমস্যাৰ উপশমৰ একো নাই বৰং অসমীয়া বিদ্বেষী ষড়যন্ত্ৰহে ৰাইজে দেখিবলৈ পালে বা পাই আছে।
চৰকাৰ গঠন কৰিবলৈ মিত্ৰতাৰ ক্ষেত্ৰতো অগপৰ কোনো আদৰ্শগত স্থিতি দেখা নাযায়। যাৰ বাবে অগপৰ প্ৰতি জনগণৰ বিশ্বাস লাহে লাহে টুটি আহিছিল। বিজেপিৰ সৈতে মিত্ৰতাই অগপৰ ধৰ্মনিৰপেক্ষতাত একাংশ লোকে সন্দেহৰ চকুৰে চোৱা দেখা গল। অগপৰ মতাদৰ্শগত শিথিলতা বা স্পষ্টতা নোহোৱাৰ বাবে সংগ্ৰামী শক্তিবোৰে লাহে লাহে অগপৰ পৰা আঁতৰি যোৱা দেখা গল। তৃণমূল পৰ্য্যায়ৰ যিখিনি সত্য নিষ্ঠাৱান জাতীয়তাবাদী লোক অগপ কৰ্মী আছিল তেওঁলোক হতাশ হল আৰু গৰিষ্ঠসংখ্যকে নিষ্ক্ৰিয় হৈ পৰিল। এচামে ঢৌতে গা এৰি দি কেতিয়াবা কংগ্ৰেছ কেতিয়াবা বিজেপি এনেদৰে খেলি থাকিল। এসময়ত মধ্যবিত্ত শ্ৰেণীটোৱে অগপৰ শক্তি আছিল, সেইসকল পিছলৈ ৰাষ্ট্ৰবাদী হৈ জাতীয়তাবাদৰে শ্ৰাদ্ধ কৰাত লাগিল, এচাম অৱশ্যে জাতীয়তাবাদী হৈয়ে থাকিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আবিৰ্ভাৱ সেই নিষ্ক্ৰিয় হৈ থকা হতাশ চামটোৰ বাবে এক বেনাৰ হৈ পৰাৰ সম্ভাৱনা দেখা দিলে। সাধাৰণ কৃষকৰ জাতীয়তাবোধক অখিল গগৈৰ ব্যতিক্ৰমী ভাৱধাৰাই কিছু পৰিমাণে আকৃষ্ট কৰিলে। অতি কম সময়তে অখিল গগৈৰ সংগঠনটো এক শক্তি হৈ পৰাৰ মূলতে কিন্তু সেই উপৰোক্ত জাতীয় প্ৰশ্নবোৰক উৰ্ধত তুলি ধৰি ৰাজনৈতিক ভাৱধাৰাৰ প্ৰচাৰৰ ফল।অখিল গগৈৰ ভাৱধাৰা স্পষ্টকৈ জাতীয়তাবাদী বুলি ক’ব নোৱাৰিলেও সেই ইচ্ছুবোৰে তেওঁক জাতীয় নেতৃত্ব ল’ব পৰাকৈ বাট মোকলাই দিলে, যিটো কাম আজিকোপতি বাওঁপন্থী দলবোৰে কৰিব নোৱাৰিলে।অখিল গগৈৰ কেতবোৰ অস্পষ্টতা স্বত্বেও নদীবান্ধ বিৰোধী আন্দোলনক সঠিক দিক নিৰ্দেশনা দিয়া অখিল গগৈৰ নিৰৱচ্ছিন্ন আপোচ হীন আন্দোলন, ভূমি পট্টাৰ দাবীত আন্দোলনে সাধাৰণ জনতাৰ হৃদয় অধিকাৰ কৰি ল’লে। অখিল গগৈৰ কেতবোৰ চৰিত্ৰ নৈৰাজ্যবাদী বুলি জনগণে ভয় খালেও শেহতীয়াকৈ সংসদীয় ৰাজনীতিত যোগ দিবলৈ যিবোৰ অৰ্থনৈতিক কাৰ্যসূচী অখিল গগৈয়ে ঘোষণা কৰিলে সেই ঘোষণাই সাধাৰণ কৃষক-শ্ৰমিক আৰু নিম্ন মধ্যবিত্তৰ বিপুল সমৰ্থন লাভ কৰা দেখা গৈছে। দিল্লীৰ দৰে বাওঁ গণতান্ত্ৰিক দলবোৰে আপক সমৰ্থন দিয়াৰ দৰে অসমতো অখিল গগৈৰ নেতৃত্বত এক বিকল্প গঠন হব নেকি বুলি জল্পনা কল্পনা এতিয়া চৰম পৰ্যায়ত বুলি ক’ব পাৰি। কিন্তু অখিল গগৈৰ অস্পষ্টতাৰ বাবে বা যিসকল এতিয়াও জাতীয়তাবাদী শিবিৰত বিভক্ত তেওঁলোকে এতিয়াও এক জাতীয়তাবাদী আদৰ্শ ভিত্তিক ৰাজনৈতিক মঞ্চ এখনৰ সপোন দেখে। অগপ দলটো ভাঙি জাতীয়তাবাদীসকলক একত্ৰিত কৰি এক নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক মঞ্চৰ সপোনো বহুতে দেখে। কিন্তু অগপ দলটোৰ কৰ্ম কৰ্তা সকলে জাতীয় অভিৱৰ্তন পাতি ভেকোভাওনা কৰিলেও প্ৰকৃততে জনতাৰ মনৰ বুজ লৈছে যেন ভাব নহয়। পৌৰ নিৰ্বাচনত বঙাইগাঁওত সংখ্যাগৰিষ্ঠ আসন পোৱাটোৱেই যদি সাময়িক সকাহ বুলি ভাবে সেয়া হব দলটোৰ কাৰণে এক অৰ্থহীন সপোন।
যি কি নহওক সদ্যহতে অসমত জনগোষ্ঠীসকলক একত্ৰিত কৰি এক আঞ্চলিক দল গঠিত হোৱাৰ সম্ভাৱনা নাই। কিন্তু অনাগত বিধানসভা নিৰ্বাচনৰ বাবে জনবিৰোধী আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰা কংগ্ৰেছ-বিজেপি-এ আই ইউ ডি এফক উৎখাত কৰিবলৈ বাওঁ-গণতান্ত্ৰিক আৰু সমভাৱাপন্ন জনগোষ্ঠীয় সংগঠনবোৰক একত্ৰিত কৰি কমন মিনিমাম প্ৰগ্ৰাম ভিত্তিত এক ঐক্যবদ্ধ মঞ্চ গঠন কৰাৰ সময় কিন্তু হৈ গৈছে। অখিল গগৈয়ে এই একত্ৰীকৰণ কামটোত আগভাগ ল’ব পাৰিব বুলি অসমৰ জনগণে বিশ্বাস কৰিব লৈছে। যদি সেয়ে হয় তেনেহ’লে অনাগত দিনবোৰত এনেকৈয়ে এক শক্তিশালী আঞ্চলিক দল গঠনৰ বীজ ৰোপণ হব বুলি আশা কৰিব পাৰি। সেয়ে অগপইও নিজকে সংশোধন কৰি এই ঐক্য মঞ্চ সৃষ্টিত সহায় কৰিব লাগে, ছাত্ৰ সংগঠনবোৰৰ নেতৃত্বইও সুবিধাবাদী অৱস্থানৰ পৰা মুক্ত হৈ বিকল্প ৰাজনীতি তৈয়াৰ কৰাত আগভাগ ল’ব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!