ফচঙৰ প্ৰতিশোধ আৰু ফচঙৰ বিদেশ যাত্ৰা (- মাধুৰীমা ঘৰফলীয়া)

ফচঙৰ প্ৰতিশোধ
লেখক: মাধুৰীমা ঘৰফলীয়া
২৯.০৫.১৪
——————————————————————————————

আই ঐঐঐঐ মৰিলোঁ! বচোৱা বচোৱা বচোৱা..
টুকলুৱে মাটিতে ঠেং কেইটা মেলি পেট পেলাই শুবলৈ লৈছিলহে কোনোবাই মৰণকাতৰ চিঞৰ মৰাত বিৰক্তিৰে মূৰ দাঙি ইফালে সিফালে চালে৷ মূৰটো অলপ মান তল ওপৰ কৰোঁতেই দেখিলে ঘৰৰ এটা চুকত পোৱালী বতা নিগনি এটাই কঁপি কঁপি চিঞৰি আছে৷ বেচেৰাই নিচিঞৰিবই বা কিয় তাৰ সমুখত যে স্বয়ং যম হিচাপে ফচং বহি আছে! দৃশ্যটো দেখি টকলুৱে মুখ বিকটাই দিলে৷ সি কত বাৰ ফচঙক বুজাইছে এই বতা নিগনিবোৰ নামাৰিবলৈ, নাই নুশুনে৷ খাবলৈ মৰা হ’লেও দেখিবলৈ ভাল, নাখায় নহয়৷ বাধা দিলে কয় সেই কনমাণি জীৱটোৰে বোলে তাৰ পেটৰ চুক এটাও নভৰে৷ মাথো খেলিবৰ বাবেহে ধৰে হেনো! এবাৰ ওপৰলৈ দলিয়াই ওপৰতে থাপ মাৰি ধৰিব৷ আকৌ পলাই যাবলৈ সুবিধা দি চাই থাকিব,পোৱালীটো পলাবলৈ চেষ্টা কৰিলেই থাপ মাৰি ধৰিব৷ এনেকৈ দলিয়াই ফৰ্মুটিয়াই কষ্ট দি দি পোৱালীবোৰ মাৰেগৈ৷ একদম নিষ্ঠুৰ উপায়েৰে৷ তাৰ পাছত পোৱালীটো খেলা ঠাইতে পেলাই কেনিবা যায়গৈ৷ কিমান বাৰ যে পোৱালীবোৰৰ মাকে আহি পোৱালীৰ শ লৈ টুকলুৰ আগত কান্দিছেহে ঠিক নাই৷ গিনিপিগ টুকলুক সিহঁতে নিজৰ জাতৰ বুলিয়েই ভাবি নিজৰ দুখবোৰ উজাৰি দিয়ে৷ টুকলুৰ ইচ্ছা থকা স্বত্বেও সিহঁতক অলপো সহায় কৰিব পৰা নাই৷ গতিকে আজি আকৌ তেনে এটা দৃশ্য দেখিবলৈ পাব বুলি ভাবি তাৰ মনটো বিতৃষ্ণাৰে ভৰি পৰিল৷

অলপ সময়ৰ বাবেহে৷ তাৰ পাছৰ দৃশ্যটো দেখি টুকলুৰ চকু ডাঙৰ হৈ গ’ল৷ ডাঙৰ নহ’বনে আৰু এইয়া দেখোন একেবাৰে ভূতৰ মুখত ৰাম নাম! ফচঙে বতা নিগনিৰ পোৱালীটোক নি ভঁৰালৰ গাধৈত তুলি দি ধমকি এটা দি ক’লে- “আজিৰ পৰা যাতে তহঁতক ঘৰৰ ভিতৰত নেদেখোঁ৷ তহঁত ঘৰৰ ভিতৰত পিতপিতাই থাকিলে গিৰিহঁতে মোক জাতত ধৰি গালি পাৰে৷ এলেহুৱা নিষ্কৰ্মা বুলি কয়৷ তহঁতৰ বাবে মই এই অপবাদ কঢ়িয়াই লৈ ফুৰিব নোৱাৰোঁ৷ গতিকে তহঁতৰ বাকী সোপাকো ঘৰৰ ভিতৰত নোসোমাবলৈ কৈ দিবি৷ নহ’লে কথা বিষম হ’ব কিন্তু“৷ পোৱালীটোৱে কোনোমতে গাৰ সন্তুলন ৰাখি মূৰ জোকাৰি জোকাৰি ভঁৰালৰ ভিতৰলৈ সোমাই গ’ল৷ কথা কাণ্ড দেখি টুকলু নিশ্চিত হ’ল বগী বুঢ়ীয়ে ঠিকেই কৈছিল ফচং বৈৰাগী হ’ল!

ফচং বৈৰাগী হোৱা কথাটো বিয়পি পৰা বেছি দিন হোৱা নাই৷ সেই যে কজলাৰ লাথ খাই ফচঙৰ বিদেশ যাত্ৰা বাতিল হৈছিল বগী বুঢ়ীৰ মতে তেতিয়াৰ পৰাই তাৰ জীৱনৰ প্ৰতি মোহ কমি আহিল৷ আগৰ দৰে কাৰো লগত কাজিয়া নকৰে,কাকো আমনি নকৰে আনকি বিশেষ দৰকাৰ নহ’লে কথাও নকয়৷ পখৰাই কেইবাবাৰো তাক বুজাবলৈ চেষ্টা কৰিছিল যি হৈ গ’ল হ’ল আৰু এতিয়া সেইবোৰৰ বাবেই জীৱনটোক এনেকৈ মোহ মায়াহীন কৰি পেলালে কেনেকৈ হ’ব৷ ফচঙে হেনো তেতিয়া ক’লে, “পাখৰু মই সেইবোৰ একোকে ভাবি থকা নাই অ’৷ মোৰ নিজলৈকে লাজ লাগে মই যে কেনে প্ৰকৃতিৰ আছিলোঁ৷ মই চাগৈ কেতিয়াও মনৰ শান্তি ঘুৰাই নাপাম৷ “পখৰাৰ মুখেৰে এই কথা শুনি বগী বুঢ়ী,চাটৰি,জেতুকী সকলোৰে চকু সেমেকি আহিছিল৷ জেতুকীয়েতো কজলাক বেবাই কৈ দিছিল-তই হ’ল বুলিয়ে ইমান জোৰেৰে লাথ নমৰা হলেও হৈছিল৷ বেচেৰাই ইমান আশা কৰিছিল বিদেশলৈ যাম বুলি৷

মুঠতে ফচং সলনি হ’ল৷ যেতিয়াই তেতিয়াই আনক আমনি কৰি থাক ফচঙে আজিকালি যিমান পাৰে আনক সহায় কৰিবলৈ চেষ্টা কৰে৷ কেতিয়াবা বগী বুঢ়ীৰ নাতিবোৰ পানীত চৰি থাকিলে কাউৰী ৰখি থাকে, চাটৰিৰ পোৱালীয়ে পাণৰ গুৰি খুচৰিলে লাহেকৈ আঁতৰাই আনে৷ নহ’লে গিৰিহঁতে সিহঁতক মাৰিবও পাৰেতো! এনেকৈয়ে ফচঙে ঢেৰ সহায় কৰি ফুৰে৷
-ইমান চকীদাৰী কৰাৰ পাছতো আমাৰ জাতিটোৱে বদনাম পাই৷ ভাল নালাগে বুজিছ ফচং৷ তহঁতৰে ভাল খাবলৈ বুলি নিগনি এটা ধৰিলি আৰু তাকে দেখি গিৰিহঁতে মৰমতে মাছ ভাত খাবলৈ দিব৷
বতা নিগনিটোক গাধৈত তুলি চোতালত যোগাসন কৰি থকা ফচঙৰ কাষত বহি পখৰাই বৰ দুখেৰে ক’লে৷ তাৰ কথা শুনি ফচঙে মূৰৰ পাছফালে উঠাই থোৱা পাছঠেংটো নমাই তালৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে৷ ফচঙৰ দৃষ্টি বুজিব পাৰি পখৰাই মুৰটো মাটিত পেলাই ক’বলৈ ধৰিলে, ”আমাৰ এই অঞ্চলত গৰু চোৰ ওলাইছে বুজিছ৷ দুদিনমানৰ আগতে সিচুকৰ কেইবাটাও গৰু চুৰ কৰিলে৷ গৰু চুৰ কৰিলে মানুহে কিন্তু অপবাদ পাইছে আমাৰ জাতিটোৱে! আমি হেনো কেৱল খাবহে জানো! চকীদাৰীৰ নামত ৰাতিটো নেগুৰ পকাই শুই থাকোঁ! দুটামানকটো সিহঁতৰ ঘৰৰ পৰা মৰিয়াই খটিয়াই খেদি পঠালে৷ কিন্তু আমিহে জানো চোৰটো ধৰিবলৈ আমি কিমান চেষ্টা কৰি আছোঁ৷ ৰাতি মেলা চকু মেল খায়ে থাকে তথাপি চোৰে জানো কেনেকৈ চুৰ কৰিব পাৰিছে! একদম শান্তি নোহোৱা হৈছে জান”৷

পখৰাৰ কথা শুনি ফচঙৰ দেহৰ ওপৰেদি যেন বিজুলীৰ দৰে কিবা এটা পাৰ হৈ গ’ল৷ তাৰ চকুযোৰ উজ্জ্বলি উঠিল! হাতোৰাৰ নখবোৰ মাটিত সোমাই গ’ল! কেনেবাকৈ পখৰাৰ ওচৰত ধৰা পৰে বুলি ‘বৰ বেয়া কথা হৈছে পাই পাখৰু, বাৰু তই বহচোন মোৰ কাম এটা আছে’ বুলি কৈ জাপ কেইটামান মাৰি সেইঠাইৰ পৰা আঁতৰি আহি ঘৰৰ মূধচত বহিল গৈ৷ জাপ কেইটা মাৰি আহোঁতে বাটতে বতা নিগনি এটা পাই ধৰি আনিলে আৰু মূধচত আৰামকৈ বহি বতা নিগনিটোক এহাতেৰে ধৰি আনখন হাতেৰে বেটে বল কোবোৱা দি কোবাই দিলে৷
ছিক্স!!
ফচং অট্টহাস্য কৰি উঠিল৷ ইমানদিনে বাট চাই থকা ক্ষণটো তেনেই কাষতেই চোন৷ এনে এক ক্ষণৰ বাবেই সি সকলোৰে কাষত কত অভিনয় কৰিব লগা হ’ল৷ কতবাৰ মুখৰ আগত পাইয়ো নিগনি এৰি দিব লগা হ’ল! ফচঙে বেলিটোৰ ফালে চালে৷ তাৰ পাছত দীঘল দি পৰি কাকূতি কৰিবলৈ ধৰিলে
-পৰভু মই বহুদিন কষ্ট খালোঁ৷ মোৰ বিদেশলৈ যোৱা সপোন, ৰজা হোৱা সপোন যিটো কজলাই পণ্ড কৰিলে সেই কজলাক তুমি নিনিলেও চোৰক লৈ যাবলৈ কোৱা৷ চোৰে তাক নিলে পখৰাৰো ভাত উকলিব৷ মইয়ে এইখন ঘৰৰ প্ৰধান জন্তু হৈ পৰিম৷ পৰভু এইবাৰ মোলৈ চোৱা …তুমি যদি মোলৈ চোৱা মই শপত খাই কৈছোঁ কোনোদিনে নিগনি নামাৰোঁ৷ টুকলুৰ শপত,কেৱল এন্দুৰ মাৰিম আৰু মাছেৰে ভাত খাম!
এদিন দুদিন নহয় ফচঙৰ এই কাকূতি-মিনতি এসপ্তাহলৈকে চলিল৷ কিন্তু তাৰ পাছত এমাহ পাৰ হ’ল৷ চোৰে ফচঙহঁতৰ ঘৰৰ কাষৰে এঘৰৰ গৰু চুৰ কৰি লৈ গ’ল তথাপি সিহঁতৰ গোহালিত নোসোমাল৷ মাজতে পখৰাই আনন্দ মনৰে খবৰ দিলেহি বোলেহি তাৰ বন্ধু এটাই চোৰ এটাক জখম কৰি পঠাইছে৷ কোনোমতেহে চোৰটো পলাল বোলে৷ ফচঙৰ এইবাৰ চোৰ জাতিটোলৈকে খঙ উঠিল৷ হেৰৌ চুৰ কৰিবই যদি নাজান চোৰ কৰিবলৈ আহ কিয় ? আৰু আৰামত খাই বৈ গা ধৰোৱা এই কজলাক নিনি সেই খীণ মিন গৰুবোৰ চুৰ কৰিছে কিয় ? চোৰ হ’লে ফচংহঁতৰ দৰে হ’ব লাগে৷ ভালৰো ভালটোৰ ওপৰত চকু দিব লাগে! নাই এই চোৰবোৰৰ পৰা একো নহ’ব৷ ইহঁতৰ ওপৰত ভৰসা কৰি থাকিব নোৱাৰি৷ সিয়েই কিবা এটা কৰিব লাগিব৷ এনেকৈ সদায় সদায় নিমাখিত হৈ পৰা অভিনয় আৰু সি কৰিব নোৱাৰে৷ কিবা এটা কৰিবই লাগিবই, প্ৰতিশোধ ল’বই লাগিব!

সিদ্ধান্তটো লোৱা পাছৰ দুটা দিন ফচঙে কেৱল ভাবিলে আৰু ভাবিলে৷ পাছৰদিনা তাৰ মুখখন আকৌ উজ্জ্বলি উঠিল৷ সি কোনোমতে এটা দিনলৈ বাট চালে৷

নিৰ্দিষ্ট দিনটোৰ ৰাতি এটা বাজিছে৷ গাঁৱেৰে বিয়া এখনত পেট ভৰাই ভোজ খাই পখৰাই সুখৰ ঘুমটি মাৰিছে৷ মূধচত বহি থকা ফচং লাহেকৈ গোহালিৰ ফালে আগবাঢ়িল৷ তাৰ দুয়োখন হাতোৰাত দুটা ভোট জলকীয়া৷ ফচঙৰ পৰিকল্পনা অনুসৰি সি প্ৰথমে শুই থকা কজলাৰ চকুত জলকীয়া দুটা সানি দিব৷ তাৰ পাছত পোৰণিত ডেডাউৰি পৰা কজলাৰ গালত কেইটামান চৰ শোধাব৷ আৰু লগতে কৈ আহিব ভবিষ্যতে ফচঙৰ কাম-কাজ বা সপোনত বিধি পথালি দিলে ইয়াতকৈ বেয়া পৰিণাম হ’ব!
সৌটো কজলা শুই আছে৷ একদম নিশ্চিন্ত হৈ৷ ঘৃণাত ওলাই আহিব খোজা থুখিনি কোনোমতে গিলি ফচং নিগনি ধৰা খোজেৰে কজলাৰ কাষ চাপি গ’ল৷ কজলাই সাৰ পাব লাগিলে কথা বিষম হ’ব৷ এবাৰতে বিহু দেখি থৈছে আকৌ এবাৰ তাৰ লাথ খোৱাৰ ইচ্ছা ফচঙৰ নাই৷

কজলাই সাৰ নাপালে৷ তাৰ মুখৰ কাষত ৰৈ ফচঙ অকণমান সময় ৰ’ল৷ যোৱা অলপদিনৰ সময়বোৰ ফৰফৰকৈ তাৰ চকুৰ আগত ভাহি আহিবলৈ ধৰিলে৷ লাথত বতাহত ওপঙি পৰা দৃশ্যটোলৈকে! খঙত দাঁত কেইটা কৰচি ভোট জলকীয়া দুটাত নখকেইটা জোৰেৰে ভৰাই কজলাৰ চকুত মাৰিবলৈ লৈছিলহে
মেউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউ
বিকট চিঞৰেৰে ফচং চিঞৰি উঠিল৷ তাৰ চিঞৰ শুনি কজলাহঁতো জাপ মাৰি উঠিল৷ ফচঙে আকৌ এবাৰ টেঁটুফালি চিঞৰিলে
মেউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউ

ইতিমধ্যে পখৰা আৰু তাৰ লগৰবোৰ আহি পাইছিল৷ পলাবলৈ বিচৰা অচিনাকী মানুহ দুটাক সিহঁতে মাটিত বগৰাই পেলালে৷ চিঞৰ বাখৰবোৰ শুনি ঘৰৰ গিৰিহঁতৰ লগতে ওচৰ পাজৰ মানুহবোৰো শোৱাৰ পৰা উঠি আহিল৷ পখৰাৰহঁতৰ কবলৰ পৰা উদ্ধাৰ কৰি মানুহদুটাক লৰালৰিকৈ পঘা দুডালে বান্ধি পেলালে৷ এই কেইটাই যে গৰুচোৰকেইটা সেইটো কাৰো বুজিবলৈ বাকী নাথাকিল৷ সকলোৱে একমুখে পখৰাহঁতৰ বিশেষকৈ পখৰাক প্ৰশংসা কৰিলে৷ পখৰাৰ বুকু ফুলি গ’ল৷ ঘৰৰ গিৰিহঁতজনে আকৌ গোহালিৰ ফালে গৈ অচেতনৰ দৰে পৰি ফচঙক দেখি লৰালৰিকৈ ঘৰৰ ভিতৰৰ পৰা পানী এজগ আনি তাৰ গাত ঢালি দিলে৷ জন্ম হোৱাৰে পৰা গাত পানী লাগিবলৈ নিদিয়া ফচং পানীৰ স্পৰ্শ পাই জাপ মাৰি উঠি ভঁৰালত সোমাল গৈ৷ তাত গৈ সি আকৌ লুটি খাই পৰিল৷ লগতে নিজৰ দশাৰ কথা ভাবি তাৰ চকুৰ পৰা ধাৰাসাৰে চকুপানীও ওলাবলৈ ধৰিলে৷

সকলোৰে আগত ভয়ত অচেতন হৈ পৰা বাবে ফচঙে কান্দিছিল নে ? নহয়৷ ফচং ভয়ত অচেতন হৈ পৰা নাছিল৷ আচলতে তাৰ ভাগ্যই বেয়া আছিল নহ’লে জানো ইমান দিনে সি আশাপালি থকা চোৰ কেইটা আজি আহে নে! যি কেইটা চোৰ সিহঁতৰ গোহালিলৈ অহাটো সি কামনা কৰিছিল সেই কেইটাক আজি সিয়েই ধৰাই দিলে৷ ইয়াতকৈ দুখৰ কথা কিবা হ’ব পাৰে নে? পিছে ফচং এইবাবেও অচেতন হৈ পৰা নাছিল৷ ফচং অচেতন হৈছিল বেলেগ এটা কাৰণত, সম্পূৰ্ণ বেলেগ কাৰণত৷

ফচঙে যেতিয়া কজলাৰ চকুত জলকীয়া কেইটা সানিবলৈ লৈছিল ঠিক তেতিয়াই তাৰ দৰেই আহি চোৰ কেইটাও কজলাৰ কাষ পাইছিলহি৷ দুই পক্ষই নিজৰ লক্ষ্যত ইমান মগ্ন হৈ পৰিছিল যে ইটোৱে সিটোৰ উপস্থিতিৰ কথা গমেই নাপালেই৷ আৰু ফচঙে জলকীয়া সানিবলৈ হাতোৰা দঙাৰ সময়তেই চোৰ এটাৰ খোজ ফচঙৰ নেজত পৰে৷ ফচঙৰ নেজত কোনোবাই গচকিব! ইমান সাহ! সকলো কথা পাহৰি ফচং চিঞৰি উঠিছিল মানে একপ্ৰকাৰে দম দি উঠিছিল৷ ফচঙৰ সেই দমত চোৰ কেইটাই ভয় নাখালেও কাষতে শুই থকা কলজাই ভয় খাই এনে এটা জাপ মাৰিল যে তাৰ এটা ঠেং আহি ফচঙৰ হাতোৰাত পৰিলহি৷ যান্ত্ৰণাত ততা-ভুকুতা খাই ফচঙে হাতত থকা জলকীয়া কেইটা মুখত ভৰাই টেঁটুফালি চিঞৰি উঠিছিল৷ তাৰ সেইবাৰৰ চিঞৰত পখৰা আৰু তাৰ লগৰবোৰ পাইছিলহি আৰু চোৰ কেইটাক ধৰিছিলহি৷ কৌতুহল, প্ৰশংসা আদিত সকলো মচগুল হৈ থাকোঁতে ফচং পৰি আছিল হাতোৰাৰ বিষ আৰু জলকীয়াৰ পোৰণিত প্ৰায় অৰ্ধ-চেতন হৈ! যি বা গিৰিহঁতে দেখিলে তেৱোঁ পানীহে ঢালিলে!! কথাবোৰৰ ভাবি ভাবি ফচং উচুপি উঠিল৷
এসপ্তাহৰ পাছত ঘৰৰ পাছফালে থকা গেজেপনি মৰা বাঁহনি খনত জীৱ জন্তুৰ সভা বহিল৷ বনৰজা হৈ সভাত সভাপতিৰ আসন শুৱনি কৰা জহামাল এটাই এসোপা মান প্ৰশংসা কৰি বীৰ পুৰস্কাৰ হিচাপে পখৰাৰ ডিঙিত সিংহৰ নখৰে সজা মালা এডাল পিন্ধাই সেই অঞ্চলৰ নেতা পাতি দিলে৷ ভগাহাড় জোৰা লগোৱা লতা এডাল হাতোৰাত মেৰাই লৈ অদূৰৰ গছ এডালৰ তলত বহি থকা ফচঙে জহামালটোৱে কোৱা শুনিলে-
যিহেতু ফচঙেও এইক্ষেত্ৰত চিঞৰ দুটা মাৰি পখৰাক সহায় কৰিছিল, সেইবাবে বনৰজাৰ তৰফৰ পৰা এই শিয়ালৰ দাঁত দুটা ফচঙক নিচুকনি বঁটা হিচাপে দিয়া হৈছে৷ ফচং আগবাঢ়ি আহ! ফচং ক’ত ? ফচং ফচং….!!!

 

############################

ফচঙৰ বিদেশ যাত্ৰা

 

বাঘে ঘাঁহ খোৱা ধৰণৰ কথা জানো কেতিয়াবা ঘটিব পাৰে ! নাই ,কেতিয়াও তেনে ঘটনা ঘটিবই নোৱাৰে । বাঘে বাৰু মাংস এৰি ঘাঁহ খাব নে ? নাখায় ,কেতিয়াও নাখায় । পিছে পখৰাহঁতৰ ঘৰখনত বাঘে ঘাঁহ খোৱা দৰেই  এজাক বতাহ বলিছে ! বতাহজাক আন কাৰো গাত লগা নাই, লাগিছে ফচংৰ গাত । ফচং হেনো বিদেশলৈ ফুৰিবলৈ যাব ! কি যে আচৰিত কাণ্ড নহয় নে ?

পখৰাৰ মতে ফচং বাউলা হ’ল । এইবাৰহে যদি তাৰ গতি লাগেগৈ । বগী বুঢ়ীয়ে আকৌ পেতেৰ পেতেৰ কৈ গালি অলপেই পাৰিছিল-কি নোহোৱা নুপজা কথা ক’বলৈ আহিছ ফচং ? মেকুৰী আৰু ‘বিদ’শ’ যাত্ৰা !! ‘পিথৱী’খন ভাগি পৰা নাই কিয় তোৰ মূৰত !

-চুপ থাক বুঢ়ী হাঁহ । নিজেতো এই গঁৰালটো আৰু বাৰী চুকৰ খালটোৰ বাহিৰে আন একো নেদেখাকৈয়ে মৰিবি ,আনকো তেনেকৈ মৰাটো বিচাৰ ?

ফচঙে বগী বুঢ়ীৰ কথা শুনি বাৰুকৈয়ে বুঢ়ীক দম এটা দিলে ।  যিমান হ’লেও ঘৰৰে সদস্য ,সেইবাবেই পখৰাই তাৰ গাত বিদেশ ভ্ৰমণৰ ভূতটো কেনেকৈ লাগিল সেয়াই জানিবলৈ চেষ্টা কৰিলে । কেইবাদিনো খুচৰি থকাৰ পাছত এদিন সকলোৱে একেলগে বহি থাকোঁতে ফচঙে লাজ লাজ ক’লেগৈ যেনিবা ।

ঘৰত একো খাবলৈ নাপায় সিদিনা ফচঙ বাৰী পাছফালে থকা ডাঙৰ পুখুৰীটোৰ পাৰতে চৰাই জুমি আছিল । তেতিয়াই দুজনী পানী কাউৰীয়ে বিদেশৰ কথা পতা শুনিলে হেনো । পানী কাউৰী দুজনীৰ লগৰীয়া কেইজনীমান বিদেশৰ ধুনীয়া ঠাইৰ পৰা ইয়ালৈ ফুৰিবলৈ আহিছে হেনো ! সিহঁতৰ মুখত বিদেশৰ ঠাই ,বিদেশৰ মানুহবোৰৰ জীৱ জন্তুৰ প্ৰতি থকা মৰম স্নেহ ,বিদেশত পোৱা ভিন ভিন খাদ্যৰ কথা শুনি ফচঙৰ মনটো গৈ তেতিয়াই বিদেশ পালেগৈ । তাতে এনেকুৱা দিনত বিদেশত বোলে জীৱ-জন্তুবোৰৰ মাজত কিবা প্ৰতিযোগিতাও পাতে । আৰু সেই প্ৰতিযোগিতাবোৰত বিজয়ী হোৱাবোৰক বিভিন্ন লোভনীয় উপহাৰ দিয়াৰ লগতে এটা সম্মানীয় পদপীও দিয়ে । ফচঙৰ দৰে ইমান টেঙৰ আৰু বলবান মেকুৰী এটাই এনে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিব সেয়াটো হ’বই নোৱাৰে ।  মুঠতে ফচং বিদেশলৈ যাবই যাব । আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ীও হ’ব !

-বিদেশত যদি সৱ ইমানেই ভাল তেতিয়াহ’লে সিহঁতি আমাৰ ইয়ালৈ কিয় আহিছে ?

জেতুকীয়ে কঁঠাল পাত এখিলা চোৱাই চোৱাই ঠাট্ৰাৰে ফচঙক সুধিলে ।

-জেতুকী তই ছাগলী যি ছাগলীয়েই হৈ আছ । কেতিয়াবা মুৰটো খুটুৱাবিচোন । সিহঁতি ইয়ালৈ ফুৰিবলৈহে আহিছে । থাকিবলৈ অহা নাই নহয় কিবা ।

ফচঙে পোন্দোৱাকৈ জেতুকীক উভতি ধৰিলে ।

-বাৰু বাৰু সেইবোৰ বাদ । কাজিয়া পেঁচাল পাছতো কৰিব পাৰিবি । ই যাম বুলি ভাবিছে যেতিয়া যাবই । আমি বোৰে ঘৰৰ সদস্য হিচাপে ইয়াক কি সহায় কৰিব পাৰোঁ তাকেহে কৰা উচিত ।

পখৰাই ঘৰৰ মূৰব্বীৰ দৰে কোৱা কথাখিনি ফচঙে সিমান ভাল নাপালেও মুৰ জোকাৰি জোকাৰি সকলোৰে ফালে আশাৰে চালে । পখৰাক চৰ কেইটামান বিদেশৰ পৰা আহিও শোধাব পৰা যাব । এনেও বিদেশ ফুৰি অহাৰ পাছত সিয়েই ঘৰৰ ৰজা হৈ পৰিব । বিদেশ ফুৰি, প্ৰতিযোগিতাত জিকি অহা তাৰ দৰে পাহুৱাল বোন্দাটোক সকলোৱে ৰজা বুলি নাভাবি এই ঘৰৰ চাৰি সীমাৰ বাহিৰে বাহিৰত নেজ পেলাই থোৱা ভতুৱা টোক ৰজা বুলি ভাবিব নে আৰু । তেতিয়াই তাৰ দাদাগিৰিৰ মজা উলিয়াই দিব । ফচঙে নিজকে ৰজাৰৰ ৰূপত কল্পনা কৰি সপোনত উটি ভাহি যাব খুজোঁতেই পখৰাই মাতিলে

-ফচং কি হ’ল ক আক ..আমি কোনে কি কৰিব লাগিব ?

এইটোৰ পৰা সপোনো দেখিব নোৱাৰি । খকা-মকা খাই ফচঙে মাত লগালে

-মোক প্ৰথম সহায়টো লাগে ৰংমনৰ পৰা ।

ফচঙে কাষতে বহি থকা ভাটৌ ৰংমনৰ ফালে চাই ক’লে । তাৰ কথা শুনি ৰংমনে ৰিণীকিলৈ চালে । ঘৈণীয়েকৰ অনুমতি নোলোৱাকৈ ফচঙক সহায় কৰাটো ৰংমনে সপোনতো ভাবিব নোৱাৰে । ফচঙে তাইক যিমান হে আমনি কৰি থৈছে । ৰিণীকীয়ে আক তাই যেন কাৰো কথা শুনাই নাই তেনে ভাৱত ঠেঙটো চাফা কৰি আছে । ফচঙে অলপ সময় দুয়োটাৰে ৰেহ ৰূপ চালে । তাৰ পাছত ৰংমনৰ কাণত ফুচফুচাই কিবা এটা ক’লে । ৰংমনৰ মুখ উজ্জ্বলি উঠিল । ঘৈণীৰ কথা কোনে শুনে তেনে ভাৱত সি ঘোষণা কৰিলে

-মই ফচঙক সহায় কৰিবলৈ সাজু !

ৰিণিকী আচৰিত হৈ গ’ল । তাৰ পাছত ‘আহ আজি বাহলৈ ,তোৰ পাখী ডাল ডাল কৰিম’-তেনে ভাবেৰে ৰংমনলৈ চাই ভুৰুংকৈ উৰা মাৰি গ’ল ।

এইদৰেই সকলোৱে নিজে বলে পৰা মতে ফচঙক সহায় কৰিবলৈ গাত ল’লে ।

 

পিছদিনা দুপৰীয়া ৰংমনক লৈ ফচং ঘৰৰ বুঢ়া আমডালত কেঁকো-জেঁকোকৈ উঠিল গৈ । ৰংমনৰ মনটো সিমান ফৰকাল নহয় । কালিৰে পৰা ৰিণিকীৰ গালি শুনি আছে । তাতে আজি ফচঙে যিটো সহায় কৰিবলৈ ক’লে সেইটোও বৰ বিপদজনক ।

-চাবি কেনেবাকৈ ইয়াৰ পৰা পৰিলে কঁকাল মোচোকা খাই তোৰ বিদেশ যাত্ৰা বিচনাতে হ’বগৈ ।

ৰংমনে ফচঙক সকীয়াই দিলে । ফচঙেও ভয়তে আমজোপাৰ পচা ডাল এটাত যিমান পাৰি সিমান জোৰেৰে নখ বহুৱাই খামোচি বহি ৰ’ল ।

-ককাই ,অ’ ফেঁ কাই ।

আমজোপাৰ ধোন্দ এটাৰ কাষত ৰৈ ৰংমনে যিমান পাৰে সিমান মিহি মাতেৰে মাতিলে ।

-গছত নলগা কোন অ’ এইটো ভৰ দুপৰীয়াখন টোপনি খতি কৰিবলৈ আহিছে যে …একেটা আঁচোৰেই মুখখন কঁঠালৰ দৰে কৰি পেলাম চিনি পোৱা নাই বাপ্পেকে । গৈছ নে ভালে ভালে ইয়াৰ পৰা…

ধোন্দৰ পৰা ওফৰি অহা গালি খিনি শুনি ৰংমনে লগে লগে নিজৰ মুখ চুই চালে ,কঁঠালৰ দৰে হ’লে কেনেকুৱা লাগিব বাৰু ! তাৰ পাছত ফচঙলৈ চালে । ফচঙে তেতিয়া ইংগিতেৰে কাষতে থকা কণমানী টোপোলাটোলৈ দেখুৱাই দিয়াত ৰংমনে কাঁহ এটা মাৰি গলাটো চাফা কৰি আগতকৈ মিহি মাতেৰে মাতিলে

-ফেঁ কাই,মই ৰংমনহে । বৰ বিপদত পৰিহে আপোনাৰ কাষ চাপিছোঁ । দয়া কৰি দৰ্শন দিয়কচোন ।

এইবাৰ ৰংমনৰ বুধিয়ে কাম দিলে । চকু কেইটা এনেই ইফালে সিফালে ঘুৰাই পকাই ফেঁচা এটা ওলাই আহিল ।

-ক কি কাম আছে ,সোনকালে ক ।

-কাম মানে ঠিক মোৰ নহয় এই ফচংৰহে ।

ৰংমনে  ফচঙক কাষলৈ আহিবলৈ ইংগিত দি ক’লে । ফচঙৰ নামটো শুনাৰ লগে ফেঁচা গৰগৰাই উঠিল ।

-ফচং..সেই শনিপাতটো মোৰ ঘৰৰ আগত কি কৰিছে ! হাতেৰে ধৰিব পৰা হ’লে তাৰ চকু ফুটুৱাই দিলোঁহেঁতেন । ক’ত আছে সি, ধৰি আনচোন, তাক মাৰিয়েই পেলাও ।

দিনকণা ফেঁচাই এনেই ইফালে-সিফালে ডেউকাৰে গছৰ ডালতে কোবাই কোবাই সুধিলে । ফেঁচাৰ মতি গতি দেখি দুয়োটাই বহুত ভয় খালে যদিও ৰংমনে সাহস গোটাই পুনৰ ক’লে

-ফেঁ ককাই ,অলপ ধৈৰ্য ধৰাচোন । তাৰ কুকৰ্মৰ ফল সি নিজেই পাব । ভগৱানে সকলো দেখি আছে নহয় ।

– ধৈৰ্য ,কোন সতৰে ধৰো কচোন । সদায় দিনত সপোন দেখোঁ তাৰ চকু ফুটুৱা । মোৰ কনমানী পোৱালী দুটা আউবেলি সি কেনেকৈ মাৰিছিল চবেই জানইচোন তাৰ পাছতো মোক ধৈৰ্য ধৰিবলৈ কৱ ।

-ককাই আপুনি হ’ল স্বয়ং বনৰ ৰজাদেউৰ সোঁহাত । আপোনাৰ দৰে গুণি জ্ঞানী জীৱই ফচঙৰ দৰে সামান্য জীৱৰ ওপৰত এনেকৈ খঙ কৰিলে শোভা নাপায় নহয় ।

ফেঁচাক বুজনি দিয়াৰ চলেৰে ৰংমনে যেন ফচঙৰ ওপৰত থকা ক্ষোভ খিনি উজাৰি দিছে  ফচঙৰ তেনে যেনেই লাগিল । তথাপি সি সিহঁতৰ কাণ্ড মনে মনেই চাই থাকিল । তাৰ স্বাৰ্থ জড়িত নথকা হ’লে কেতিয়াবাই ইহঁত দুটাৰ প্ৰাণ ল’লেহেঁতেন । এতিয়া উপায় নাই । এবাৰ বিদেশ ভ্ৰমণৰ পৰা আহি লোৱাৰ  পাছত ইহঁতৰ পানী খুৱা পুখুৰীটোও বিহ মিলাই দিব সি । সেই হিন্দী চিনেমাৰ খলনায়কবোৰে কোৱাৰ দৰে জীনা হাৰাম কৰি দিব ।

বহু দেৰি বুজনি দিয়াৰ পাছত ফেঁচা শান্ত হ’ল । ইতিমধ্যে ৰংমনে ফেঁচাক তোষামোদৰে বুৰাই পেলাইছিল ।

-বাৰু ক মই তোৰ বিদেশ যাত্ৰাত কি সহায় কৰিব পাৰোঁ ?

ফেঁচাৰ প্ৰশ্নত অলপ সাহস পাই প্ৰথমবাৰৰ বাবে ফচঙে মাত লগালে ।

-দেউ , আপুনি হ’ল স্বয়ং ভগৱানৰ বাহন । আমাৰ দৰে জীৱ-জন্তুৰ  বাবে আপুনি একপ্ৰকাৰৰ ভগৱানেই । তাতে বনৰজা নামতহে ,সকলোখিনিচোন আপোনৰ মতেই হয় বুলি আমি জানো নহয় ।

ফচঙৰ কথা শুনি ৰংমনৰ চকু ডাঙৰ হৈ গ’ল । দগাবাজটোৱে ইমান তেলাব পাৰে ।

-বাৰু বাৰু আচল কথাটো কচোন ।

ফেঁচাই সুখী সুখী ভাবেৰে সুধিলে

-দেউ,বিদেশ যাত্ৰাৰ বাট পথত একেবাৰে বিপদ মুক্ত নহয় । বিভিন্ন জীৱ জন্তুৱে বিভিন্ন সময়ত আক্ৰমণ কৰিব পাৰে । গতিকে আপুনি যদি কেনেবাকৈ বনৰজাৰ পৰা পত্ৰ এখন লিখাই আনিব পাৰে যে মোৰ ভ্ৰমণত সকলো বন্য আৰু ঘৰচীয়া প্ৰাণীয়ে বন্য প্ৰাণী আইন ১০০০৪ দফা অনুসৰি মোক সহযোগ কৰি মোক আক্ৰমণ কৰিব নোৱাৰিব বুলি তেতিয়াহে মোৰ এই যাত্ৰা সফল হ’বগৈ । দেউ ,এই ৰংমনৰ ডেউকাৰ শপত খাই কৈছোঁ মই মৰালৈকে আপোনাৰ ধৰুৱা হৈ থাকিম ।

ফচঙে ৰংমনলৈ চকু টিপিয়াই কাকূতি মিনতি কৰিলে । ৰংমন থতমত খাই গ’ল ,শপত খাবলৈ ই আৰু বস্তু নাপালে ।

অলপ সময় কিবা কিবি ভবাৰ পাছত ফেঁচাই মাত লগালে

-হ’ব বাৰু । তই কালিলৈ ৰাতি আহি লৈ যাবি । এতিয়া যা । ৰাতি দৰবাৰত মই কথাটো উলিয়াম ।

ফচঙে উকি এটাই মাৰিব খুজিছিল, ৰংমনে ঠেলা মাৰি দিয়াতহে মনে মনে ৰ’ল । ৰংমনৰ ঠোঁটৰ কাষত কালিয়েই কাণে কাণে দিম বোলা বাদামৰ টোপোলাটো দি সি জাপ মাৰি আঁতৰি গ’ল । ৰংমনেও বাদাম কেইটা লৈ বাহলৈ উৰা মাৰিলে । ৰিণিকীৰ ঠেহ ভাঙিব লাগিব ।

 

ফেঁচাই কথামতেই এদিনৰ পাছত শিলিখা ছালৰ পত্ৰ এখন ফচঙক দিলে । ফচঙে পত্ৰখন চালে বনৰজাৰ নখৰ ছাব বৰ সুন্দৰকৈ বহুৱাই দিছে । তাৰ মনটো ভাল লাগি গ’ল ।

এটা সপ্তাহৰ ভিতৰত প্ৰয়োজনীয় সকলোখিনি যা-যোগাৰেই হৈ গ’ল । বাঁহনি চুকৰ বুঢ়া ফেঁচুটোৱে দিন বাৰ গণনা কৰি শুভ দিন এটাও বাচি দিলে । বিস্কুট দুখন চুৰ কৰি টুকলু নামৰ গিনিপিগটোক দিয়াত সি বস্তু ভৰাই নিবলৈ সৰু মোনা এটা কুটি কুটি সাজি দিলে । বগী বুঢ়ীয়ে তাইৰ পাখী এখিলা দিলে ,বাটত কাণ খজুৱাবলৈ ! চাটৰিয়ে কণী এটা দিলে ,ক’ৰবাত কাৰোবাৰ সৈতে সলাই লৈ কিবা খাবলৈ । জেতুকীয়ে ক’ৰবাত আঘাত পালে লগাবলৈ বন দৰব কেইবিধ মান আনি দিলে ।  পখৰাই নিজৰ সকলোকে বন্ধুকে ফচঙৰ যাত্ৰাৰ কথা জনাই তাক আমনি নকৰিবলৈ অনুৰোধ জনালে । এদিন পখৰাৰ সকলো বন্ধু লগ হৈ যিমান পাৰি সিমান জোৰেৰে ৰৌ ৰৌৱাই আঁতৰৰ কুকুৰ বিলাকক অনুৰোধ কৰিলে ।

আৰু এদিনৰ পাছতে ফচঙে তাৰ যাত্ৰা আৰম্ভ কৰিব । তাৰ গাত যেন ব’হাগ বিহুহে লাগিছে এনেকৈ নাচি বাগি ইফালে সিফালে ঘুৰি ফুৰিবলৈ ধৰিলে । এটা দিন,এটা মাত্ৰ দিন আছে তাকো নাযায় নুপুৱায় যেন লাগিছে তাৰ ।

-তই বোলে বিদেশলৈ যাবি ?

ইচাট বিচাট কৰি ঘুৰি ফুৰোঁতে ফচং গৈ গোহালিত সোমাল গৈ । ক’লীয়ে তেতিয়া খেৰ খাই আছিল । তাক দেখি আথে-বেথে সুধিলে । ক’লীক দেখি জানো ফচঙৰ কি  দেও ওকালে  আনকালৰ দৰেই কথা নাই বাৰ্তা নাই ক’লীৰ গালত ঠাচ কৰে চৰ এপাট শোধাই দাঁত কেইটা নিকটাই হাঁহি হাঁহি সুধিলে

-গৰুৰ জাত । আদা বেপাৰীক জাহাজৰ খবৰ কেলৈ লাগে হয় নে । আৰু এপাট চৰ লাগে …

ফচঙে নিজৰ হাতোৰাখন দেখুৱাই সুধিলে । যাত্ৰাৰ স্বাৰ্থত বহুদিন কাকো চৰিয়াবলৈ নাপায় তাৰ মনটো ভাল লগা নাছিল । আজিহে যেন ভাল লাগিল ।

ইফালে চৰ খাই ক’লী মুখৰ ৰঙ আৰু ক’লা হৈ পৰিল । খঙত তাই বান্ধি থোৱা এৰাল দাল চিঙিবলৈ চেষ্টা কৰিলে ।

-ল আৰু এপাট খা..

ক’লীক ঠাচ কৈ আৰু এপাট চৰ শোধাই তাইৰ এৰালে ঢুকি নোপোৱা দূৰত্ব বহি ফচঙে পেট পেলাই পেলাই পাৰেমানে হাঁহিলে ।

-বেঙে মুতা কজলাৰ দৰে হ’লিচোন ঐ ক’লী মাই ? আজি তোৰ গালত ক্ৰিকেট নে  সেই খেলটো খেলটো খেলোঁ দে,কালিলৈ পৰা বহুদিন নাপামেই নহয় ।

কথাষাৰ কৈ সুবিধা বুজি ফচঙে ক’লীক আকৌ এপাট চৰ শোধালে । বেচেৰি ক’লীয়ে গৰগৰাই থকাৰ বাহিৰে একোৱেই কৰিব পৰা নাই ।

-তোৰ মানুহটো ক’ত গ’ল ক’লীমাই…কজলা ক’ত গ’ল ?আজি তাৰ গালতো ক্ৰিকেট খেলিবলৈ ইমান মন আছিল..

-মই তোৰ পাছফালেই আছোঁ দগাবাজ । তই যদি ক্ৰিকেট খেলিব জান মই ফুটবল খেলিব জানো চা…

ফচঙে মাতষাৰ শুনি ভয়ে ভয়ে মুৰ ঘুৰাই চাবলৈ নাপালেই কজলাই পাছ ঠেং দুয়োটাৰে মৰা লাথ টোত বতাহত ওপঙি উঠিল । ওপঙি উঠা ফচঙলৈ চাই ক’লীয়ে চকুপানী মচি লাজ লাজকৈ ক’লে

-এইয়াহে আচল খেল । তুমি কিন্তু দেশৰ হৈ ফুটবল খেলিব পাৰিবা দেই ।

কথাষাৰ শুনি কজলাই গৌৰৱেৰে হাঁহি এটা মাৰিলে ।

ইফালে মাটিত পৰাৰ আগতেই ফচঙে অনুমান কৰি ল’লে তাৰ কিমান ডাল হাড় ভাগিব পাৰে ! আৰু তাৰ যে  বিদেশ যাত্ৰা ইয়াতেই অন্ত পৰিল সেয়াও ভাল দৰে অনুমান কৰিলে ।

 

ধুপুচ…মেউউউউউউউউউউ

 

One thought on “ফচঙৰ প্ৰতিশোধ আৰু ফচঙৰ বিদেশ যাত্ৰা (- মাধুৰীমা ঘৰফলীয়া)

  • May 23, 2015 at 11:09 am
    Permalink

    Comment text..বা ধুনিয়া লাগিল !

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!