পৰিত্ৰাণৰ দিশে ফচং আৰু ফচঙৰ পৰিবৰ্তন(-মাধুৰীমা ঘৰফলীয়া)

বন শিক্ষা আইন আৰু ফচং (-মাধুৰীমা ঘৰফলীয়া)

 

পৰিত্ৰাণৰ দিশে ফচং 

– মাধুৰীমা ঘৰফলীয়া

জেঠ মাহ । প্ৰচণ্ড গৰম । জীৱ-জন্তুবোৰে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ নিজৰ কৌশল অৱলম্বন কৰিছে । বগীবুঢ়ীয়ে সপৰিয়ালে বাৰীকাষৰ পুখুৰীৰ পানী ঘোলা কৰিছে । চাটৰিয়েও বাই ভনীৰ সৈতে পুখুৰীটোৰ পাৰতে থকা আমজোপাৰ তলতে জিৰণি লৈছে । পুখুৰী পাৰটোৰ পৰিবেশ ঠাণ্ডা হোৱাৰ উপৰিও সেইঠাইত জিভা উলিয়াই পখৰা বহি আছে বাবে বগীবুঢ়ী আৰু চাটৰিহঁতেও কাউৰী শেনৰ ভয়ৰ পৰা মুক্ত হৈ শান্তিৰে জিৰণি ল’ব পাৰিছে ।
-কিয়াক কিয়াক কিয়াক..কোনোবা আহিছে কোনোবা আহিছে…

আমজোপাৰ কাষতে থকা তামোলজোপাৰ পৰা টিয়াক শালিকাই টেঁটুফালিলে । সকলো সষ্টম হৈ উঠিল । চাটৰীয়ে নিজৰ দুদিনীয়া পোৱালীকেইটা লৰালৰিকৈ বুকুৰ মাজত ভৰাই ল’লে । পখৰাই কাণকেইখন থিয় কৰি বুকু ফিন্দাই ইফালে সিফালে চালে । দূৰৈত কংকালৰ দৰে কিবা এটা আগবাঢ়ি অহা দেখি তেতিয়াও টেঁটুফালি থকা টিয়াকক পখৰাই ধমক সোধালে
-তোৰ মাইকটো বন্ধ কৰিলিনে ! ঘৰৰ জন্তু এটা দেখিলেও যদি এনেকৈ চিঞৰি মাৰ কেনেকৈ হ’ব ? মিছাতে টোপনিটো ভাঙিলি ।
ধমক খাই টিয়াক সুৰসুৰকৈ বাহত সোমালগৈ । চাটৰিয়েও দীঘল উশাহ এটা লৈ পোৱালী কেইটা বুকুৰ পৰা উলিয়াই দিলে । যোৱাবাৰ তাইৰ চাৰিটা পোৱালী কাউৰীয়ে নিলে গতিকে আজিকালি তাই বিৰাট সাৱধান ।
কংকালটো আহি পুখুৰী পাৰ পালেহি । তাৰ পাছত লাহেকৈ হামি এটা মাৰিলে
মেআআআআআআআআআওওওওওওওও !!!
-বৰ টোপনি ধৰিছে অ’ বুলি পখৰাৰ কাষতে কংকালটো অৰ্থাত ফচং শুই পৰিল ।
কথাটো ভাবিলে আচৰিত নালাগে নে বাৰু ? লাগেতো । শিক্ষকৰ চাকৰি পাই লোদোৰ-পোদৰ হৈ পৰা ফচং কেনেকৈ কংকাল এটাৰ দৰে হৈ পৰিল !! জেতুকীৰ মতে প্ৰশিক্ষক খেক বান্দৰৰ প্ৰশিক্ষণত ফচং ইমান অত্যাচাৰৰ সমুখীন হৈছে যে সি দিনক দিনে বোন্দা মেকুৰীৰ পৰা এন্দুৰলৈ পৰিবৰ্তন হৈছে । জেতুকীয়ে বহুবাৰ হেনো বেতৰ আঘাতত আঘাতপ্ৰাপ্ত হোৱা ফচঙৰ আঘাতত বন ঔষধ লগাই দিছে ।
ফচঙে আজিকালি পাঠশালাতো মন দি একো নপঢ়ায় । নগ’লে নহয় বাবেহে পাঠশালালৈ যায় । প্ৰায়ে তাৰ ইটো সিটো অসুখ হৈ থাকে । তাতে ভূতৰ ওপৰত দানহ পৰাদি বন শিক্ষা আইনৰ আকৌ এটা আইন বলবৎ হ’ল বোলে কোনো শিক্ষকে মাহেকত চাৰিদিনতকৈ বেছি পাঠশালা খতি কৰিব নোৱাৰিব । প্ৰশিক্ষণটো এদিনো খতি কৰিব নোৱাৰিব । মুঠতে শিক্ষকৰ চাকৰিটো ফচঙৰ বাবে এতিয়া ডিঙিত পিন্ধি লোৱা দোণটোৰ দৰেই হৈ পৰিছে । প্ৰতিদিনে প্ৰতি পলেই সি ভাবি থাকে কেনেকৈ চাকৰিটো এৰিব পাৰে । বিশেষ কাৰণ নহ’লে বনৰজাই চাকৰিৰ পৰা অব্যাহতি নিদিয়ে । কোনোবা এঠাইৰ এটাই বোলে এৰিব খুজিছিল ৰজাই হেনো তাক মাৰি শটো শগুনক খাবলৈ দিলে । তেতিয়াৰ পৰা চাকৰি এৰাৰ কথা ভাবিবলৈও ফচঙৰ ভয় লাগে আনহাতে চাকৰি নেৰিলেও তাৰ জীৱন শেষ হোৱাৰ উপক্ৰম হৈছে ।
এদিন মনৰ দুখৰ কথা লগৰ এটাৰ সৈতে ভাগ বতৰা কৰোঁতেই সি ফচঙক বঢ়িয়া বুধি এটা দিলে । বুধিটো শুনি ফচঙৰ নিজলৈকে খঙ উঠি গ’ল । ইমানদিনে সি এইটো কথাকে ভাবিব পৰা নাছিল নে ! লগৰটোৱে ঠিকেই বুধি দিছে , এই দুৰ্দশাৰ পৰা ফচঙক যদি এই সময়ত কোনোবাই বচাব পাৰে সেয়া তাইয়েই । তাইৰ সমান বুধিয়ক এই অঞ্চলত কোনোৱেই নাই বুলি সকলোৱে কয় । তাই পাৰিবই । মাথো এতিয়া এটাই অসুবিধা হৈছে যে ফচঙে কেইবাৰো তাইক হুদু খেদা দি থৈছে । তাই জানো সেইবোৰ পাহৰি তাক সহায় কৰিব !
লগৰটোৱে তাৰো উপায় দিলে । উপায়টো মনপুত হোৱাত ফচঙ লৰালৰিকৈ তাইৰ ঘৰৰ ফালে আগবাঢ়িল । তাইৰ ঘৰৰ কাষ পাই ৰিঙিয়াই মাতিলে
-লাহৰী বাই ,অ’ লাহৰী বাই ….
সাতবাৰ মান মতাৰ পাছত ধপধপাই ঢোঁৰা-কাউৰী এজনী আহি ফচঙৰ সমুখৰ চাপৰ গছডালত পৰিলহি ।
-মোক কিয় মাতি আছ ডকাইত ? তই মোক মাতিবলৈ ইমান সাহস ক’ৰ পৰা পালি ? মোৰ ঘৰৰ কাষৰ পৰা আঁতৰ হলিনে নে তোৰ চকু কেইটা চান কাঢ়ি পোৱালীকেইটাক খাবলৈ দিওঁগৈ ।
চকু কঢ়াৰ কথা কোৱাত ফচঙে লগে লগে হাতোৰা কেইখন চকুৰ আগত ৰাখিলে । এইজনীৰ একো ঠিক নাই কাঢ়ি নিবও পাৰে । তাতে প্ৰতি আক্ৰমণ কৰিবলৈ সি এতিয়া আগৰ দৰে শক্তিশালীও নহয় ।
-তোৰ ভাল নে ? এইবাৰ কেইটা পোৱালী উলিয়ালি ? পোৱালী কেইটা চাগৈ তোৰ দৰেই ধুনীয়া ন ?
-তেল মাৰিব নালাগে আচল কথা ?
ফচঙৰ তোষামোদত লাহৰী একেবাৰেই সন্তুষ্ট নহ’ল ।
-তোৰ বাবে কিবা এটা আনিছোঁ অ’ । ল হো ..
তোষামোদে কাম নকৰাত ফচঙে শেষ বাণ পাট এৰিলে আৰু লাহেকৈ মৰা কুকুৰা পোৱালী এটা উলিয়াই লাহৰীৰ সমুখত ৰাখিলে । পোৱালীটো দেখি লাহৰীৰ খঙ ৰাগ লগে লগে শেষ হৈ গ’ল । সাউতকৈ পোৱালীটো থপিয়াই নি গছৰ ডাল এটাত তুলি থ’লেগৈ । তাৰ পাছত লাহেকৈ সুধিলে
-এতিয়া তোৰ উদ্দেশ্য ব্যাখ্যা কৰিবি নে ?
কথাবোৰ নিজৰ মাজতে গোপন ৰাখিবলৈ বুলি দুয়োটাই বনদেৱতাৰ শপত খাই লোৱাৰ পাছত ফচঙে নিজৰ উদ্দেশ্যৰ কথা ক’লে । ফচঙৰ কথা শুনি লাহৰীয়ে অলপ সময় কিবা কিবি ভাবি ক’লে
-চা ফচং এইটো ইমান সহজ কথা নহয় যে মই তোক বুধি এটা দিম আৰু তই সেই বুধি মতে কাম কৰি নিজৰ চাকৰিটো ডিঙিৰ পৰা আঁতৰাব পাৰি । এনে বুধি ভাবিবলৈ অলপ সময় লাগিব বুজিছ ,সময় লাগিব ।
-লাহৰী বাই তই সময় ল বাৰু । মাথো বেছি সময় নল’বি কাৰণ সেই ৰাক্ষস বান্দৰটোৰ অত্যাচাৰত মই কিমান দিন জীয়াই থাকিম ঠিক নাই ।
ফচঙে ঘঁৰিয়ালৰ চকুপানী অলপ উলিয়াই ক’লে । লাহৰীয়ে পিছে এইবাৰো ফচঙৰ চকুপানীক গুৰুত্ব নিদি ক’লে
-তই কালিলৈ এই সময়তে আহিবিচোন । মই ভাবোঁ বাৰু । আৰু শুন মই তোৰ কথা ভাবি থাকিলে মোৰ পোৱালী কেইটাৰ পেট নভৰিব নহয় ,গতিকে পেট কোনে ভৰাব লাগিব বুজিছই নহয় ।
কথাষাৰকৈ কুকুৰা পোৱালীটো লৈ লাহৰী বাহলৈ বুলি উৰা মাৰিল । লাহৰীক উদ্দেশ কৰি ভোৰভোৰাই ফচঙো তাৰ পৰা গুছি আহিল ।
পিছদিনা সময়মতেই কুকুৰা পোৱালী এটা লৈ ফচং লাহৰীৰ ঘৰৰ কাষত উপস্থিত হ’ল । লাহৰীয়ে যেন তালৈকে বাট চাই আছিল । ভুৰুংকৈ উৰা মাৰি আহি কুকুৰা পোৱালীটো নি বাহত থৈ আহিল । তাৰ পাছত ফচঙৰ কাষত ৰৈ বৰ চিন্তিত ভাবেৰে ক’লে
-কালিৰে পৰা মই ভাবিয়ে আছোঁ জা’ন..
-কিবা উপায় পালিনে ?
ফচঙে বৰ আশাৰে সুধিলে ।
-উপায় এটা পাইছোঁ ।
-কি ?
-তই আনক দেখুৱাই দুটামান বেয়া কাম কৰিব লাগিব । বেয়া কাম কৰা জীৱ-জন্তুক বোলে বন শিক্ষা আইন অনুসৰি শিক্ষক হিচাপে ৰাখিব নোৱাৰে ।
-বেয়া কাম !! বেয়া কামচোন মই কৰিয়েই থাকোঁ । তেনেকুৱাই কিবা এটা নে ?
-ওহো সেইবোৰ কৰিলে নহ’ব । তইনো এতিয়ালৈকে যিবোৰ বেয়া কাম কৰিছিল সেইবোৰ বেয়া কামে বন আইন ভংগ কৰা নাছিল । এইবাৰ বেয়া কাম কৰিব লাগিব বন আইন ভংগ কৰাৰকৈ ।
বন আইন ভংগ কৰিব লাগিব বুলি শুনি ফচংৰ পেটতে হাত ভৰি লুকাল । ফচঙে যে ভয় খাইছে সেইটো ধৰিব পাৰি লাহৰীয়ে তাৰ পিঠিত ভৰিৰে থপৰিয়া ক’লে
-চা ফচং কিবা এটা পাবলৈ হ’লে কিবা এটাতো কৰিবই লাগিব নহয়জানো । আৰু তোকটো মই বহুত ডাঙৰ কিবা এটা কৰিবলৈ বুধি নিদিওঁ । তই এনেকুৱা এটা আইন ভংগ কৰিবি যে তোৰ সেই দোষৰ শাস্তি তই প্ৰশিক্ষণত এদিনত পোৱা শাস্তিৰ সমান হয় । ফলত কি হ’ব তই এদিন শাস্তি অলপ খাই চিৰদিনৰ বাবে তোৰ সেই শিক্ষকৰ শাস্তিটোৰ পৰা পৰিত্ৰাণ পাবি । ইয়াৰ পাছতো যদি তই মোৰ বুধিটোক উপযুক্ত বুলি ভবা নাই তেতিয়াহ’লে মোৰ উপায় নাই । তই বেলেগ কাৰোবাৰ কাষ চাপি চাব পাৰ ।
লাহৰীৰ শেষৰ কথাখিনি শুনি ফচং খকমকাই উঠিল । কোনোমতে এটা বুধি পাইছে ,সেইটো বুধি সি হেৰুৱাব নোখোজে । পাছত যি হয় দেখা যাব । এদিনৰ বাবেহে…
-বাই মই তোৰ মতেই কৰিম । এতিয়া ক মই কেনেকৈ বন আইন ভংগ কৰিম ?
-সেইটো মই এতিয়াও ভাবিবই পৰা নাই । তই কালিলৈ আকৌ আহিবি । অ’ তই দিয়া কুকুৰা পোৱালীটো খাই মোৰ পোৱালীকেইটাই বৰ ভাল পাইছে । মই সিহঁতক কৈছোঁ তই আৰু এটা পোৱালী আনিবি বুলি ।
ফচঙক একো কোৱাৰ সুবিধা নিদি লাহৰী উৰি গুছি গ’ল । ৰাক্ষস ক’ৰবাৰ বুলি ফচঙো সেই ঠাইৰ পৰা আঁতৰি আহিল ।
তৃতীয় দিনা সেই একে দৃশ্য । ফচঙে অনা কুকুৰা পোৱালীটো নি লাহৰীয়ে নিজৰ বাহত থৈ আহি তাৰ কাষত বহি গহীনাই ক’লে
-তহঁতৰ ঘৰৰ কাষৰ পুখুৰীটোৰ পাৰত থকা আমজোপাৰ খোৰঙত ফেঁচা এহালে নতুনকৈ পোৱালী উলিয়াইছে ন ?তই ধোন্দটোলৈকে উঠিব পাৰ নে ?
-উলিয়াইছে ! আৰু সিমানখিনি গছৰ ওপৰলৈ মই উঠিব পাৰোঁ । কিন্তু তাৰ পৰা কি হ’ল ? তোৰ পোৱালীৰ এতিয়া ফেঁচাৰ পোৱালী খাবলৈ মন গ’ল নেকি ?
বিৰক্তিৰে ফচং চিঞৰি উঠিল ।


-ধেত ! ফেঁচাৰ মাংস খাই নেকি ? আমাক কিবা তই ৰাক্ষস বুলি ভাবিছ নেকি !
মুখ ফুটাই নক’লেও ফচঙে মনে মনে ভাবিলে –এনে কিবা পালে নাখাব তাই ।
-তহঁতবোৰে দুপৰীয়া সেই আমজোপাৰ তলতেই ঘুমটি মাৰ হবলা ।
লাহৰীয়ে আকৌ সুধিলে । ফচঙৰ খঙ উঠি আহিছিল যদিও শান্তভাৱেই মূৰ দুপিয়ালে ।
-শুন কালিলৈ তহঁতৰ ঘৰৰ সকলোবোৰে জিৰণি লৈ থাকোঁতে সকলোৰে সমুখতে তই ফেঁচাৰ পোৱালী কেইটা গছৰ পৰা তললৈ পেলাই দিবি । পাৰিলে ফেঁচাকো দুচৰমান দিবি ।
বুধিটো শুনি ফচঙৰ জীউটো উৰি যোৱা যেন লাগিল । কিহে পাইছিল তাক এইজনীৰ বুধি ল’বলৈ । এইবাৰ সি মাতষাৰ দমাই ৰাখিব নোৱাৰিলে
-তই মোক শগুনৰ খাদ্য হোৱাটো বিচাৰিছ নেকি ? ফেঁচাক দুচৰ দিয়াটো বাৰু কোনো ডাঙৰ কথা নহয় কিন্তু বিনা কাৰণত লোকৰ পোৱালী মাটিলৈ পেলাই হত্যা কৰিলে বনৰজাই মোক জীয়াই ৰাখিব নে ? তাকো সকলোৰে সমুখত !
-তোক পোৱালী মাৰিবলৈ কোনে কৈছে ! হেৰৌ এলাইবাদু মেকুৰী ,আমজোপাৰ তলতে পুখুৰীটো নাই জানো । পোৱালী কেইটা পানীলৈ দলি মাৰি দিবি । পোৱালী নমৰে কিন্তু আনৰ জীৱনক কোনো কাৰণ নোহোৱাকৈ বিপদত পেলোৱাৰ বাবে তোক দোষী সাব্যস্ত কৰিব । আৰু মই যিমান দূৰ জানো তেনে দোষৰ বাবে তোক এদিনৰ বাবে ৰ’দত বান্ধি থ’ব আৰু তোৰ পিঠিত বেতৰ দহ কোব দিব ।
-আৰু তেনে দগাবাজ জন্তুক কোনেও শিক্ষকৰ দৰে মহান পদত থকাটো নিবিচাৰিব নহয় জানো লাহৰী ? ৱাহ বঢ়িয়া বুধি লাহৰী !
ফচঙৰ উল্লাস দেখি লাহৰীয়ে হাঁহিলে । ফচঙক শুভকামনা জনাই তাই নিজৰ বাহলৈ উৰা মাৰিল । ইফালে ফচঙৰ গা সাতখন আঠখন হৈ পৰিল । সময়বোৰ তাৰ বাবে নাযায় নুপুৱাই যেন লাগিল । পিছদিনা প্ৰশিক্ষণৰ সময়ত খেক বান্দৰে তাৰ পিঠিত কেইবা কোবো দিলে যদিও তাৰ আনকালৰ দৰে দুখ নালাগিল । তাৰ মন প্ৰাণ সেই সময়ত দুপৰীয়া সময়কণ অহালৈ বাট চাই আছিল ।
দুপৰীয়া হ’ল । ভবা মতেই সকলোবোৰ হৈ গ’ল । পুখুৰী কাষৰ পৰিবেশটো টিয়াক আৰু পখৰাহঁতৰ চিঞৰ-বাখৰে গমগমাই উঠিল । কোনেও টলকিব পৰা আগতেই ফচঙে ফেঁচাহালক দুচৰমান দি পোৱালী কেইটা পানীলৈ দলিয়াই দিলে । ভাগ্য পানীত তেতিয়া বগীবুঢ়ীহঁতে সাঁতুৰি আছিল । ককবকাই থকা পোৱালী কেইটা লৰালৰিকৈ সিহঁতে পিঠিত তুলি ল’লে । কোনোবাই গৈ বনৰক্ষী হেপাক খবৰ দিলে । হেপাই কেইবাটাও ৰক্ষী লৈ ফচঙক বনৰজাৰ কাষলৈ ধৰি লৈ গ’ল ।
জীৱনত প্ৰথমবাৰৰ বাবে ফচঙে বনৰজাক ইমান কাষৰ পৰা দেখিলে । হেপাই বনৰজাক সকলো কথা বিৱৰি ক’লে । সি যে সেই অঞ্চলৰ শিক্ষক সেই কথাটোও ক’বলৈ নাপাহৰিলে । সাক্ষী হিচাপে মাতি পঠোৱা পখৰা, চাটৰিহঁতেও একেখিনি কথাকেই ক’লে । বনৰজাই কথাবোৰ মন দি শুনিলে আৰু মন্ত্ৰী শিয়ালক মাতি আনি লগে লগে ফচঙৰ নামটো শিক্ষকৰ তালিকাৰ পৰা বাদ দিবলৈ ক’লে আৰু ফচংক এটা দিন ৰ’দত বান্ধি ৰাখি পিঠিত সাত বেত কোব দিবলৈ আদেশ দিলে ।
সমুখত ভয় কৰা যেন দেখুৱালেও ভবাতকৈ শাস্তি কম হোৱা দেখি ফচঙৰ বিৰাট ভাল লাগিল । ৰক্ষা তেও গলগ্ৰহ এটাৰ পৰা বাচিল ।
বনৰজাই বিচাৰ সভাৰ পৰা যাবলৈ লৈছিহিলে তেনেতে জিলী এজনী তালফাল কৰি ওলালহি । তাইক দেখি বনৰজা আকৌ বহি পৰিল । বহিবই লাগিব কাৰণ জিলীজনী হৈ সেই অঞ্চলৰ চোৰাংচোৱা । তাই বা কি খবৰ আনিছে তাকে শুনিবলৈকে ৰজা ৰৈ গৈছিল । জিলীজনীয়ে ৰজাৰ কাষলৈ গৈ ৰজাৰ কাণে কাণে যিষাৰ কথা ক’লে সেইয়া শুনি ৰজাই গোঁজৰ মাৰি উঠিল । গোঁজৰণি শুনি ফচঙৰ জীউ ওলাই যোৱাৰ দৰে হ’ল । কিয়নো জিলীজনীয়ে বনৰজাৰ কাণত মনে মনে কথা কৈছিল যদিও জিলীৰ স্বভাৱসিদ্ধ মাতৰ বাবে সেয়া গুপুতে কোৱা কথা হৈ নাথাকিল । বিচাৰ সভাত থকা সকলোৱেই কথাখিনি শুনিলে । কথাখিনি শুনি সকলোৰে নোম দাং খাই উঠিল ।
জিলীজনীয়ে কৈছিল যে কালি বনৰজাৰ আগত পৰা নতুন গোচৰটোৰ অপৰাধীক তাই বিচাৰি পাইছে । গোচৰটো দিছিল চাটৰিয়ে । কোনো অঘটনৰ উমান নোপোৱাকৈ তিনিটাকৈ পোৱালী হেৰুৱাত তাই দূত জহামালৰ যোগেদি ৰজাৰ কাষত গোচৰ দিছিল । তিনিটা পোৱালী হেৰুৱাটো সিমান ডাঙৰ কথা নহয় ডাঙৰ কথা হৈছে হেৰাইছে কেনেকৈ সেইটো নাজানিলে বাকী পোৱালীবোৰ ডাঙৰ কৰাটোৱেই কঠিন হৈ পৰিব পাৰে । সেইবাবে বগীবুঢ়ীৰ সৈতে পৰামৰ্শ কৰি তাই গোচৰ দিছিল । আৰু আজি চোৰাংচোৱা জিলীয়ে সেইটো গোচৰৰেই অপৰাধীক বিচাৰি পাইছে । পোৱালী কেইটা বোলে ফচঙে ধৰিছিল ! কেইবাজনী পখিলাই বোলে ফচঙক পোৱালী ধৰি মৰা দেখিছিল !
ফচঙে পোৱালী কেইটা ধৰিছিল বোলা শুনি চাটৰি পাগলৰ দৰে তাক মাৰিবলৈ খেদি আহিল । ফচঙে নিজ পক্ষ সমৰ্থন কৰি কিবা এটা কম বুলি মুখ খুলিছিল যদিও বনৰজাই গোঁজৰণি এটা মাৰি তাক পোৱালী ধৰাটো সঁচা নে বুলি বুলি সোধাত সি ভয়ে ভয়ে মুৰ দুপিয়াই কিন্তু বুলি কিবা এটা ক’ব খুজিছিলহে বনৰজাই নিজৰ প্ৰকাণ্ড হাতোৰাখনেৰে আসনতে কোব এটা সোধাই সভা গমগমাই যোৱাকৈ ক’লে
-আমিবোৰে ইটোৱে সিটোক খায়েই জীয়াই থাকো । সেয়াই নিয়ম । কিন্তু নিয়মৰ বিপৰীতে, নিজৰ সকলো খাদ্য অভাৱ নোহোৱাৰ পাছতো যদি কোনোবাই আনৰ জীৱন লয় সেয়া বন আইনৰ মতে এটা বিৰাট ডাঙৰ অপৰাধ । ফচঙে তেনে এক অপৰাধেই কৰিছে । এনে অপৰাধৰ বাবে চৰম শাস্তি বিহা হয় যদিও যিহেতু ফচং শিক্ষকৰ দৰে এক মহান বৃত্তিত জড়িত আছিল সেইবাবে তাক চৰম শাস্তি নিদিওঁ । সেইবুলি ক্ষমাৰ দৃষ্টিৰেও চোৱা নহ’ব । আজিৰ পৰা ঠিক এবছৰলৈকে ফচঙে নিজৰ অঞ্চলটো অকলেই সদায় চাফ-চিকুণ কৰিব লাগিব আৰু প্ৰতিদিনে ৰজাঘৰীয়া মাছৰোকাৰ সৈতে মাছ ধৰিবলৈ যাব লাগিব ! যদি দিনে দুজনীকৈ মাছ ৰাজকোষত জমা দিব নোৱাৰে তাৰ পিঠিত দহবেত কৈ কোব দিবলৈ আদেশ দিলোঁ । হয় দিনে দুজনী মাছ ধৰি দিব নহয় দিনে দহবেতকৈ কোব খাব । ইয়াক এতিয়াৰ পৰাই কামত লগাগৈ ।
বনৰজাৰ আদেশ শুনি বনৰক্ষী হেপাকেইটাই ফচঙক সভাৰ পৰা ঠেলি ঠেলি আঁতৰাই নিবলৈ লাগিল । ইফালে শাস্তিৰ পৰিণাম শুনি অৰ্ধচেতনৰ দৰে হোৱা ফচঙে ইফালে সিফালে মূৰ ঘুৰাই ক’ৰবাত লাহৰীক দেখা পাই নেকি চালে । লাহৰীক নেদেখি চিঞৰি চিঞৰি বনৰজাক কাকূতি কৰিবলৈ ধৰিলে
-দেউতাঈশ্বৰ ক্ষমা কৰক, ক্ষমা কৰক । মেকুৰীয়ে পানীত মাছ ধৰিবলৈ যাব এনে কোন-কাহানিও নেদেখা নুশুনা শাস্তি নিদিব !!! দেউতা ঈশ্বৰ মিয়াউউউউউউউউউউউউউউউউউউউউউউউউউউউ
মিয়াউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউ

#######################################################################################################

ফচঙৰ পৰিবৰ্তন

 

-এখন হাবিত এজন বনৰজা আছিল । বনৰজাজনৰ এডাল নেজ আছিল । সি সেইডাল নেজেৰে গাত পৰা মহ-মাখি খেদাইছিল । এদিন…

-দদাই এইটো সাধু যোৱা সপ্তাহত দহবাৰ শুনিছিলোঁ । বেলেগ এটা ক ।

সাধু কৈ থকা ফচঙক বাধা দি বগীবুঢী নাতি এটাই পেতপেতাই উঠিল । ফচঙে তালৈ ঘোপাকৈ চাই ডবিয়াই উঠিল

-হুহ ! কামৰ নামত এতিয়ালৈকে মোৰ এডালো পকা নোম এডালো উঘালিব পৰা নাই তাক হেনো নতুন সাধু শুনাব লাগে । নতুন সাধু শুনিবলৈ মন আছে যদি তহঁতে মোৰ গাত কিমান নোম আছে হিচাপ কৰি দে । হিচাপ দিবি মই সাধু ক’ম । কিন্তু ভুল হিচাপ দিলে আকৌ ঘুৰাই হিচাপ কৰিব লাগিব কিন্তু ।

ফচঙৰ কথা শুনি সাধু শুনি থকা হাঁহ পোৱালী আৰু কুকুৰা পোৱালীকেইটাই লৰালৰিকৈ মাটিত আঁক মাৰি মাৰি তাৰ নোম হিচাপ কৰিবলৈ লাগিল । ইফালে নোমবোৰ লিৰিকি-বিদাৰি থকাৰ বাবে ফচঙৰ টোপনি আহি গ’ল । সি ঠেং কেইটা মেলি আৰামত পোৱালীবোৰৰ মাজত শুই পৰিল ।

ফচং সলনি হ’ল । এইবাৰ সঁচাই ফচং সলনি হ’ল । দুবছৰৰ আগতে চাটৰিৰ পোৱালী মৰাৰ অপৰাধত এবছৰ দিন শাস্তি খোৱাৰ পাছতেই ফচং সলনি হৈ গ’ল । এতিয়া ফচঙে আগৰ দৰে অঘাইতং কামবোৰ কৰি নাথাকে । মিছা কথা নকয় । কাকো আমনিও নকৰে । পাৰিলে সহায়হে কৰে । চাটৰিহঁতৰ পোৱালীবোৰ আৰু বগীবুঢ়ীৰ বংশৰ পোৱালীবোৰে ফচঙক নগুৰ-নাকতি কৰি ফুৰে কিন্তু ফচঙে একো নকৰে । প্ৰায়ে দুপৰীয়া সিহঁতক নিজৰ পকা নোম উঘালিবলৈ দি সাধু শুনাই । পোৱালীবোৰে বিৰাট উপভোগ কৰে । চাটৰিহঁতেও অলপ সময় শান্তিৰে পাৰ কৰে । কাৰণ ফচঙৰ কাষত থাকিলে পোৱালীবোৰক কাউৰী শেনে নিব নোৱাৰে সেয়া খাটাং । তাতে পোৱালীবোৰে ফচঙক ভালো পাই । বগীয়ে বুঢ়ীয়ে আগৰ দৰেই এতিয়াও কয় বেচেৰা ফচংটোক ইমান বেছি শাস্তি নিদিয়া হ’লেও হৈছিল পাই । তাক কিবা ভূতে পাইছিল বাবেহে সি তেনেকুৱা বেয়া কাম কৰিছিল । যিমান হ’লেও সি আমাৰ ঘৰৰে সদস্য । তাৰ অন্তৰখন তেনেই চাফা । মই জানো নহয় ।

বুঢ়ীৰ কথা শুনিলে আনকি চাটৰিয়েও হয় হয় বুলি শলাগ লয় ।

ফচং এতিয়া সকলোৰে মৰমৰ । তাৰ বাবেও মাছ আৰু ঘৰৰ নিগনি কেইটাৰ বাহিৰে সকলো মৰমৰ ।

এবছৰীয়া শাস্তিয়ে ফচঙক সলনি কৰি দিলে । শাস্তিয়ে ঠিক নহয় শাস্তি খাই থকা সময়খিনিত আনবোৰ জীৱৰ পৰা পোৱা সহযোগিতাইহে ফচঙৰ এঙাৰৰ দৰে ক’লা অন্তৰখন ধুই বগা কৰি দিলে ।

শাস্তিৰ প্ৰথম সময়খিনিত ফচঙক দেখিলেই সকলোৱে থু পেলাইছিল । কিন্তু ৰজাঘৰীয়া মাছৰোকাৰ সৈতে পানীত নামি মাছ ধৰিব নোৱাৰা অপৰাধত সদায় বেতৰ কোব খোৱা ফচঙলৈ পাছত সকলোৰে দুখ লাগিবলৈ ধৰিলে । মাছৰোকাকেইটাই নিজৰ মাজতে আলোচনা কৰি গোপনে ফচঙক সদায় তাৰ ভাগৰ ধৰিবলগীয়া মাছ দুজনী ধৰি দিবলৈ  আৰম্ভ কৰিলে । পখৰাহঁতেও যিমানপাৰে নিজৰ অঞ্চলটোক চাফাকৈ ৰাখিবলৈ চেষ্টা কৰিলে যাতে অঞ্চল চাফা কৰোঁতে ফচঙৰ বেছি সময় নালাগে । কেতিয়াবা কোনোবাই কোনোবাই তাৰ বাবে খোৱা বস্তুও গোটাই থৈ দিয়ে । ইমান ডাঙৰ অপৰাধ এটা কৰাৰ পাছতো সকলোৱে এনেকৈ সহায় কৰা দেখি ফচঙৰ অন্তৰে কান্দি উঠিল । সি তেতিয়াই শপত খালে জীৱনত আৰু কেতিয়াও বেয়া কাম নকৰে । যিমান যি হ’লেও ভাল বোন্দা হৈ থাকিব ।নিজৰ গাত আৰু দাগ লাগিবলৈ কেতিয়াও নিদিয়ে ।

-দদাই নোম হিচাপ কৰি হৈ গ’ল । এতিয়া সাধু ক ।

বগীবুঢ়ীৰ অঘাইতং নাতিটোৰ মাতত চিলমিলকৈ টোপনিত থকা ফচং সাৰ পাই গ’ল । জড়তা ভৰা মাতেৰেই ক’লে

-কিমান পালি ?

ফচঙে ভাবিছিল সিহঁতে যিটো সংখ্যা ক’ব সি সেইটো ভুল বুলি কৈ আকৌ নোমবোৰ লিৰিকি-বিদাৰি হিচাপ কৰিবলৈ ক’ব । কিন্তু বগী বুঢ়ী অসুৰ নাতিটোৱে যিটোহে উত্তৰ দিলে তাৰ টোপনি ভাঙি গ’ল ।

-কিমান বুলি ক’লি ?

-বৰ আমজোপাত যিমান পাত আছে সিমান !

-বৰ আমজোপাত কিমান পাত আছে ?

-সেইটো আক আমি কেনেকৈ জানিম ! তোৰ প্ৰতিডাল নোমৰ বিপৰীতে আমি এখিলাকৈ পাত ধৰি গৈছিলোঁ । ভুল হৈছে যদি আমজোপাৰ পাতবোৰ নিজেই হিচাপ কৰি চা গৈ যা ।

অসুৰ হাঁহপোৱালীটোৰ উত্তৰ শুনি ফচঙৰ মুখ মেল খাই গ’ল । তাৰ পাছত হাঁহি হাঁহি ক’লে

-ঘৰলৈ অহা আলহীৰ ভোজ নহ’লে তই খাটাং আইতাৰৰ দৰেই এযুগ জীয়াই থাকিবি বোপাই ।  বাৰু নতুন সাধু শুন…

দিনবোৰ এনেদৰেই পাৰ হৈ গৈ থাকিল । আৰু ফচঙৰ কাষত সাধু শুনা পোৱালীৰ সংখ্যাও বাঢ়ি গৈ থাকিল । এতিয়া সদায় দুপৰীয়া পুখুৰীৰ পাৰত থকা আমজোপাৰ তলত বহি ফচঙে সাধু কয় । হাঁহ পোৱালী ,কুকুৰা পোৱালীকেইটাৰ বাহিৰে চুবুৰীয়া চৰাই পোৱালীবোৰেও সাধু শুনে । সাধু শুনি সোপাই কেতিয়াবা স্ফূৰ্তিতে জঁপিয়াই । কেতিয়াবা একেটা সাধুকে কৈ থাকিলে ফচঙক গালিও পাৰে । আকৌ ফচঙক তোষামোদ কৰে । ফচঙে মাথো সকলোবোৰ উপভোগ কৰে ।

পিছে দিন সদায় একেভাগেই নাযায় । পোৱালীবোৰক সাধু শুনাই থাকোঁতেই এদিন উৎফুল্লিত হৈ পখৰা  ফচংৰ কাষলৈ আহিল ।

-পাখৰু কি হ’ল ইমান আনন্দ যে ?

ফচঙে পখৰাৰ আপাদমস্তক লক্ষ্য কৰি সুধিলে ।

-আনন্দ মানে তোৰ বাবেই আনন্দ লাগিছে ।

-মোৰ বাবে ! মোৰ বাবে আক কিয় ?

ফচং আচৰিত হৈ গ’ল ।

-আমাৰ বনৰজাৰ পুতেকৰ যে বহুদিনৰ পৰা গা বেয়া হৈ আছে তই শুনিছনে বাৰু ?

-শুনিছোঁ । এদিন বোলে অকলে চিকাৰ কৰিবলৈ গৈ বনৰীয়া গাহৰি এটা ধৰিব খুজিছিল,গাহৰিটোৱে হেনো উভতাই যুৱৰাজকহে ভালকৈ চৰ কেইটামান শোধাই পঠালে । বনৰজাই বোলে সেই গাহৰিটো এতিয়া ক’ত আছে তাৰ খবৰ আনি দিব পৰাটোক মুখ্যমন্ত্ৰী পাতিব বোলে !

-তই ঠিকেই শুনিছ ফচং । কিন্তু এটা কথা শুনা নাই হ’বলা সামান্য এটা গাহৰিৰ পৰা চৰ খোৱাৰ পাছত যুৱৰাজ  লাজতে নে কিবা চক নে সেইটো পাই মাতবোল নাইকিয়া হৈ পৰিল । না কথা কয়, না খঙ কৰে । একদম ৰোহঘৰত সোমাল ।

-এইটো কথা মই অলপ অলপকৈহে শুনিছিলোঁ । বেচেৰা যুৱৰাজটোলৈ বেয়া লাগে দেহি  । কিন্তু যুৱৰাজ ৰোহঘৰত সোমোৱাৰ সৈতে মোৰ বাবে আনন্দ কিয় কৰিব লগা হ’ল পাখৰু ?

-আনন্দ কৰিব লগা বিষয় আছে বাবেহে আনন্দ কৰিছোঁ । বনৰজাই যোৱা মাহত ঘোষণা কৰিছিল যিয়ে যুৱৰাজক আগৰ অৱস্থালৈ ঘুৰাই আনিব পাৰিব তাক বোলে বনৰজাৰ বিশেষ দূতৰ বাব দিব । বহুত জীৱ-জন্তু আহিল ,বহুতেই নিজৰ মতে চেষ্টা কৰিলে পৰা নাই ।

-তাৰ পৰা !!

পখৰাৰ কথা শুনি ফচঙে অলপ সষ্টম হৈ সুধিলে ।

-তাৰ পৰা মানে পৰহি কোনোবা চৰায়ে বোলে বনৰজাৰ আগত তোৰ কথা ক’লেগৈ । তইযে চবৰে পোৱালীবোৰক ইমান ধুনীয়াকৈ সাধু কৈ কৈ ওমলাই থাক সেইটো গুণ গালেগৈ । কথা শুনি ৰজাই তোক মাতি পঠাইছে । কি’জান তোৰ সাধু শুনি যুৱৰাজ ঠিক হয়েই !

পখৰাৰ কথা শুনি ফচং ঠাইতে জঁপিয়াই উঠিল । তাৰ পাছত মিউ মিউ কৰি পখৰাৰ ঠেঙত পৰাৰ দৰেই পৰি কাকূতি কৰি উঠিল ।

-পখৰা মোক বচা ,মোক বচা ঐ । এবছৰীয়া শাস্তি শেষ হোৱা কিমান দিননো হৈছে । আৰু শাস্তি খালে মই সিফলীয়াই হৈ পৰিম অ’ । পোৱালীহঁতক এনে সাজি সাজি কোৱা সাধুবোৰে যুৱৰাজ যে ঠিক নহয় সেয়া খাটাং মই কিন্তু ঠিক হৈ যাম,সিপুৰীৰ বাবে । পখৰা মোক বচা ।

ফচংৰ আকস্মিক প্ৰতিক্ৰিয়াত পখৰা প্ৰথমে আচৰিত হৈছিল যদিও অলপ পাছতে হো-হোৱাই হাঁহি উঠিল । তাৰ হাঁহি শুনি ফচং ৰৈ গ’ল । প্ৰশ্নবোধক দৃষ্টিৰে সি পখৰালৈ চালে । হাঁহি সামৰি পখৰাই ফচঙৰ পিঠিত থপৰিয়া ক’লে

-ভয় কৰিব লগীয়া একো কথা নাই অ’ । যুৱৰাজক ভাল কৰিব নোৱাৰিলেও ৰজাই কাকোৱে শাস্তি দিয়া নাই । সকলোকে পুতেকক ভাল কৰিবলৈ চেষ্টা চলোৱাৰ বাবে উপহাৰহে দিছে বোলে । তই নোৱাৰিলেও উপহাৰহে পাবি । আৰু যদি কেনেবাকৈ যদি পাৰ…ভাব তেতিয়া তই ক’ৰ বোন্দা গৈ ক’ৰ পাবিগৈ ….

আগৰ দৰে হৈ থকা হ’লে পখৰাই দেখোৱা এই সপোনটোৰ কথা ভাবি ফচঙৰ গা সাতখন-আঠখন হৈ পৰিলহেঁতেন । কিন্তু এতিয়া আৰু তাৰ আগৰ দৰে উচ্চাকাংক্ষা নাই সেইবাবেই পুনৰ পখৰা ওচৰত কেও-মেও কৰি উঠিল ।

-ফচং মই পৰাহ’লে তোৰ অনুৰোধটো ৰাখিলোঁহেঁতেন কিন্তু মই একো কৰিব নোৱাৰোঁ । আদেশ আহিছে ৰজাৰ পৰা । তাতে আগবঢ়াই নিবলৈ সৌ দুটা আহিলেই ।

ফচঙে পখৰাই আঙুলিয়াই দিয়াৰ ফালে চালে, হলৌ বান্দৰ তিনিটা হালি-জালি তাৰ ফালে আহি আছে । সি ততা-ভুকুতা খাই পলাবলৈ চেষ্টা কৰিছিল যদিও বান্দৰ কেইটা তাক ধৰি লৈ গ’ল ।

মিয়াউ মিয়াউ……চিঞৰেৰে আম তলখন খলকনি লাগি গ’ল ।

পাছৰ দুটাদিন ফচংৰ কোনো খবৰ নাই । পখৰাই গোন্ধ লৈও একো খবৰ উলিয়াব পৰা নাই । তৃতীয় দিনা খবৰ আহিল যুৱৰাজৰ বেমাৰ ভাল হৈ গ’ল ! ভাল কৰিলে ফচঙে !! অঞ্চলৰ সকলোৰে মন উলাহত উথলি উঠিল । ঘৰৰ এটি সদস্য ৰজাৰ বিশেষ দূত হ’ব ইয়াতকৈ আৰু ভাল কথা কিবা হ’ব পাৰেনে বাৰু ! কিন্তু ফচং ক’ত গ’ল ! এই সুখৰ সময়ত সি ক’ত লুকাল ! তেনেতে ঘৰৰ মূধচৰ পৰা অহা পুৰণি চিনাকী চিঞৰ এটা শুনি সকলোৱে সেইফালে দৌৰি আহিল । ওপৰৰ দৃশ্য দেখি সকলো অবাক !

 

জোৰ-জবৰদস্তিকৈ ধৰি নিয়া ফচঙক ৰজাৰ আদেশত মন মাৰি শুই থকা যুৱৰাজৰ কাষত থিয় কৰাই দিওঁতে সি থক-থককৈ কঁপি আছিল । কি সাধু শুনাম কি নুশুনাম বুলি ভাবি থাকোঁতেই যুৱৰাজে তালৈ চকু মেলি চোৱাত সি একো পাতনি নেমেলাকৈ ভয় খাই সাধু ক’বলৈ লাগি গ’ল ।

এবাৰ এঘৰ মানুহৰ ভঁৰালত ধান দেখি ঘৰচিৰিকা এজাকে ভাবিলে এই গোটেই ভঁৰাল ধান যদি সিহঁতি চুৰ কৰি লৈ যায় সিহঁতে গোটেই জীৱনটো বহি বহিয়ে খাবলৈ পাব । পৰিকল্পনাটো মনঃপুত হোৱাত সিহঁতে গোটেই ভঁৰালটোৰ ধান চুৰ কৰিবলৈ লাগি গ’ল । প্ৰথমে মতা কেইটা এটা এটাকৈ ধান নিলে, তাৰ পাছত মাইকীবোৰে ,আকৌ মতাবোৰে ,আকৌ….

প্ৰায় দুঘণ্টামান এইদৰে মতা কেইটা নিলে আকৌ মাইকী কেইজনীয়ে নিলে বুলি একেৰাহে কৈ থকাৰ পাছত যুৱৰাজে হামি এটা মাৰি বহিলৈ তাৰফালে চালে । যুৱৰাজৰ তীক্ষ্ণ চাৱনীত ভয় খাই ফচঙে আৰু খৰকৈ একেখিনি কথাকে ক’বলৈ ধৰিলে । তেনেকৈ এখনমান তামোল খোৱা পৰ যোৱাৰ পাছত যুৱৰাজে লাহেকৈ মাত লগালে

-তাৰ পাছত ?

যুৱৰাজৰ মাতষাৰ শুনি ফচঙৰ জীউটো ঘুৰি অহা যেন লাগিল । মাত মাতিছে মানে ভাল হৈছে চাগৈ । তাকে ভাবি উল্লাসিত হৈ ফচঙে উত্তৰ দিলে

-তাৰ পাছতোনো কি হ’ব যুৱৰাজ । সামান্য ঘৰচিৰিকা কেইটামানে এভঁৰাল ধান ইমান সোনকালে কঢ়িয়াব পাৰিব জানো । গতিকে সিহঁতে কঢ়িয়াই থাকিল । এবাৰ মতা কেইটাই আকৌ মাইকীকেইজনীয়ে । আকৌ…

ফচঙৰ কথাষাৰশুনি যুৱৰাজৰ জানো কি হ’ল বিৰাট জোৰেৰে গোজৰ এটা মাৰি ফচঙৰ গাত জঁপিয়াই পৰিল । ভাগ্য সেইসময়তেই বনৰজা তাত উপস্থিত হৈছিলহি । তেওঁ লৰালৰিকৈ যুৱৰাজক আঁতৰাই আনিলে নহ’লে ফচং সেইফালে আধ্যা পৰিছিল ।

-বোপাই সি তোৰ বেমাৰ ভাল কৰিবলৈহে আহিছিল ।

সিংহৰ স্বাভাৱিক খঙেৰে গোজৰ মাৰি থকা পুতেকক আনন্দমনেৰে শান্ত কৰিবলৈ চেষ্টা কৰি বনৰজাই ক’লে ।

-পিতাদেউ মই গাহৰি চৰ খাইও নিজৰ ওপৰত ইমান অতিষ্ঠ হোৱা নাছিলোঁ যিমান ইয়াৰ সাধু শুনি হলো । ইয়াক এতিয়াই মোৰ কাষৰ পৰা লৈ যাওক নহ’লে মই মাৰিয়েই পেলাম ।

যুৱৰাজৰ কথাশুনি অৰ্ধচেতন ফচংৰ জীউ উৰি যোৱা যেন লাগিল । ৰজাই পহৰীয়া বান্দৰ দুটাক ইংগিত দিয়াত সিহঁতি ফচঙক ধৰি বৈদ্যৰ কাষলৈ । তিনিদিন ফচং অচেতন হৈ পৰি থাকিল । আজি চেতনা ঘুৰাই পোৱাত ৰজাঘৰীয়া পহৰীয়াদুটাই চাঙী এখনত তুলি তাক ঘৰত থৈ গ’লহি ।

আৰু এতিয়া সেইটো ফচঙকে দেখি বিস্ময়ত সকলোৰে মুখ মেল খাই গৈছে । ৰাজবৈদ্যই ঔষধ হিচাপে যেনিয়ে-তেনিয়ে গছৰ লতা আৰু ছাল এসোপা বান্ধি কিম্ভূত-কিমাকাৰ ৰূপ দিয়া  ফচং নামৰ বোন্দাটোৰ শৰীৰটোৱে কাকোৱে গুৰুত্ব  নিদি  মূধচত শুই শুইয়ে গোৱাল গালি পাৰি থাকিল ।

…সেইজনী কোন চৰাই আছিল যিজনীয়ে ৰজাক গৈ মোৰ কথা কৈছিল …তাইক পালেই…আৰু এই সোপাক আজিৰ পৰা মই সাধু কম ৰহ…ৰং চোৱা দগাবাজহঁত আঁতৰি গৈছ নে ! মোৰ শ্বহীদ হোৱা প্ৰতিডাল নোমৰ শপত তহঁত সোপাৰে যদি জীৱন লটিঘটি কৰিব নোৱাৰোঁ মোৰ নাম ফচং নহয় ।

মেৱাউউউউউউউউউউউ

মেৱাউউউউউউউউউউউউ

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments