ফ্ৰণ্টফুটত….. – পিনাক পি বৰুৱা

Free retro clipart illustrations at http://www.ClipartOf.com/নিশা প্ৰায় তিনি বাজোঁ বাজোঁ, চাৰি নম্বৰ হোষ্টেলৰ ভিতৰচ’ৰা অস্বাভাবিক ভাবে নিমাওমাও। বতাহে বজোৱা সুঁহুৰিৰ বাদে অন্য শব্দ শুনিবলৈ নাই। শীতৰ প্ৰকোপত হোষ্টেলৰ আশে-পাশে থকা হাবিৰ ফৰিঙকেইটাও আজি নিশ্চুপ। জালুকবাৰীৰৰ ফালে শীতৰ মাত্ৰা গুৱাহাটীৰ অন্য অঞ্চলতকৈ এনেও অলপ বেছি। তাতে আজিৰ দৰে মৃদু বতাহ বলি থাকিলেতো ক’বই নালাগে। দুই-তিনিখন কম্বল গাত লৈ টোপনিৰ কোলাত পৰি চিন্তামুক্ত হোৱাৰহে কথা। পিছে এনে অনুপ্ৰাণিত পৰিস্থিতিটো উদিত্যই ল’ব পৰা নাই টোপনিৰ আমেজ। এবাৰ দুৱাৰখনৰ ফালে মুখ দি চাইছে, এবাৰ পকীবেৰৰ ফালে, এবাৰ ওপৰলৈ মুখ কৰিছে এবাৰ তললৈ, কিন্তু কামত অহা নাই। যিমানে টেবুলত থকা ঘড়ীটোৰ কাঁটাকেইডাল ঘূৰিবলৈ ধৰিছে সিমানে নতুন নতুন চিন্তাই তাৰ মনত অশান্তিৰ শিপা ৰুব ধৰিছে – কাইলৈ কি হ’ব? টোপনি ক্ষতি হৈচোন আৰু অসুবিধা হ’ব মনোযোগ দিয়াত? কাইলৈও বিফল হ’লে বৰ বেয়া লাজ পাম কিন্তু। দুটামানেতো কৌতুক কৰা আৰম্ভ কৰিছেই মোৰ বিফলতাৰ ওপৰত। তাতে গধূলি হৈ যোৱা মিটিংখনত সৌৰভদাৰ কথাৰ পৰা বুজিব পাৰিছোঁ যে কাইলৈয়ে মোৰ শেষ সুযোগ। কাইলৈ কিবা এটা কৰিব নোৱাৰিলে দুনাই হয়টো কোনোদিনে আৰু সুযোগ নাপাম। হোষ্টেলৰ বাকী চিনিয়ৰবোৰটো মোক বাদ দিয়াৰ পক্ষতে আছিল, একমাত্ৰ সৌৰভদাৰ বাবেই এটা সুযোগ পাইছোঁ। কাইলৈ বিফল হ’লে সৌৰভদাৰ আগতো বৰ লাজ পাম’।–ইত্যাদি চিন্তাই উদিত্যৰ মন অশান্ত কৰি ৰাখিল বহু পৰ।
যোৱা চাৰি বছৰধৰি হোষ্টেলৰ চাৰিৰ ক্ৰিকেট দলৰ অপেনাৰৰ ৰূপত খেলি অহা বিশ্বজিত শ্যাম পাছ কৰি ওলাই যোৱাৰ পাছত হোষ্টেলৰ বাসিন্দাসকল এক প্ৰকাৰৰ সমস্যাতে পৰিছিল। বিশ্বজিতৰ কথাই বেলেগ আছিল, আউত নহওঁ বুলি ভাবিলে তেওঁক আউট কৰিব পৰা বলাৰ মহাবিদ্যালয়ত নাছিল। যোৱাবাৰ হোষ্টেলক চেম্পিয়ন কৰাত তিনিটা শতৰাণেৰে তেওঁৰ অবদান আছিল বিশেষ। দলৰ আনজন অপেনাৰ প্ৰাঞ্জলৰ সৈতেও বিশ্বজিতৰ সমন্বয় আছিল অতি ভাল। সেয়ে সকলোৱে ভাবিছিল তেওঁৰ বিকল্প সহজে পোৱা নাযাব’ বুলি। পিছে বিকল্প ওলাল, মহাবিদ্যালয় সপ্তাহ আৰম্ভ হোৱাৰ এক মাহে পূৰ্বে নতুন অপেনাৰ বিচাৰি আৰম্ভ হোৱা অনুশীলনত দ্বিতীয় ষান্মাসিকৰ উদিত্যই সকলোকে প্ৰভাবিত কৰিলে। তাৰ ৰক্ষণ-কৌশল দেখি প্ৰায় সকলোৱে এটাই কথা ভাবিছিল- পৰবৰ্তী চাৰি বছৰলৈ অপেনাৰ এজন পাই গৈছে হোষ্টেলে। দ্বিতীয় ষান্মাসিকৰ একমাত্ৰ ল’ৰা হিচাপে দলত সুযোগ পাই উদিত্যৰো বুকু ফুলি উঠিছিল, একে ৰাতিৰ ভিতৰতে হোষ্টেলৰ নিজৰ ষান্মাসিকৰ ল’ৰাবোৰৰ মাজত সি হৈ পৰিছিল নায়ক।
পিছে নায়কত্ব বেছি দিন নচলিল, লীগৰ প্ৰথম খেলৰ প্ৰথম বলতে উদিত্যৰ মিড’ল ষ্টাম্প তিনি লুটি খাই বাগৰি পৰিল। তীব্ৰ বেগত অহা ৰঙা বলটো কেতিয়া পেড আৰু বেটৰ মাজেৰে সৰকি গ’ল সি তৎ ধৰিবই নোৱাৰিলে। “একো নাই, একো নাই,” “বলটো ভাল আছিল”- ইত্যাদি বাক্যৰে দলৰ সকলোৱে তাক অনুপ্ৰেৰণা দিলে উভতি যোৱাৰ পাছত। পিছৰখন খেলত সি সাবধানেৰে আৰম্ভ কৰিলে ইংনিছ, পিছে তিনিটা বল খেলি চতুৰ্থ বলটোৰ ফালে বেট আগবঢ়াওতেই বলে বেটৰ কাষত চুমা খাই সোমালগৈ প্ৰথম শ্লীপৰ কোলাত। পাঁচ চেকেণ্ডমান ক্ৰীজতে স্থিৰ হৈ থাকি সি উভতি আহিল নিৰাশ মনেৰে। দলৰ বাকীসকল বহি থকা স্থানৰ কাষতে থকা ব্লেকবৰ্ডত প্ৰথম ষান্মাসিকৰ এজনে নতুনকৈ চকেৰে স্ক’ৰ লিখিলে, ০/১।তৃতীয় খেলত অধিনায়ক সৌৰভৰ নিৰ্দেশত উদিত্যৰ বিপৰীতে প্ৰাঞ্জল সন্মুখীন হ’ল প্ৰথম বলৰ। পিছে এই পৰিবৰ্ত্তনৰ ফলতো ভাগ্যৰ উদয় নহ’ল উদিত্যৰ, ব্যক্তিগত পাঁচ ৰাণ হওঁতেই এটা বলে খুন্দিয়ালেহি ষ্টাম্পৰ ঠিক সন্মুখত থকা তাৰ বাঁওভৰিৰ পেডত। বলাৰজনে চিঞৰি উঠিল, আম্পায়াৰে দাঙিলে আঙুলি, স্কৰ-১৩/১। চতুৰ্থ খেলৰ পূৰ্বে যি হ’লে হওঁক ভাবি মাৰমুখী বেটিং কৰিব যাওঁতে বেটখনেই উফৰি পৰিল ষ্টাম্পৰ ওপৰত। হিট ৱিকেট, স্কৰ-১১/১।
“অ’, ই তাৰমানে কেনেকৈ কেনেকৈ আউত হ’ব পাৰি অভিজ্ঞতা লৈ আছে” “পিছৰখনত ৰাণ-আউট হ’ব চাই থাকিবি, সেইটোৱেই বাকী আছে”-ইত্যাদি বাক্যৰে আদৰণি জনোৱা হ’ল উভতি আহি বেটখন দলিয়াই দিয়া উদিত্যক।
চাৰিটামান বজাত টোপনি যোৱা উদিত্যৰ কোঠাৰ দুৱাৰত পুৱা সাতমান বজাত টোকৰ পৰিল। “অই উদিত্য, উঠ, সৌৰভ দাই মাতিছে তোক”। উদিত্যই ততাতৈয়াকৈ মুখ-হাত ধুই সৌৰভৰ কোঠাত উপস্থিত হ’লগৈ। “সৌৰভ দা, মাতিছিলে বোলে?”-দুৱাৰদলিৰ পৰা সি সুধিলে। “অ শুন, আমি যে কৈ থাকোঁ শ্যাম দাৰ কথা, তেওঁ ফোন কৰিছিল। শনিবাৰে অফিচ বন্ধ থাকে বাবে খেল চাব আহিব বুলি কৈছে। গতিকে আজিও যদি বেয়া খেল বৰ বেয়া গালি দিব শ্যাম দাই। মোৰ সলনি কি ল’ৰা দলত সুমুৱালি বুলি, বুজিলি? গতিকে যিমান মনোযোগ দিব পাৰ সিমান মনোযোগেৰে বল চাবি আজি আৰু তোক মই আগতেও কৈছোঁ যে তোৰ কাম মাত্ৰ বলটো পুৰণা হোৱালৈকে ক্ৰীজত থকা। গতিকে লাষ্ট খেলৰ দৰে মূৰ্খামি কৰিলে মোৰ পৰাও গালি খাবি কিন্তু কৈ দিছোঁ।এতিয়া যা, ব্ৰেকফাষ্ট কৰি সাজু হ সোনকালে।”
ন বজাৰ লগে লগে সকলো আহি খেলপথাৰত উপস্থিত হ’লহি। কুঁৱলিৰ চাদৰে বেলিৰ পোহৰ পৰিব দিয়া নাই অঞ্চলটোত। খেলপথাৰৰ বনবোৰত লাগি থকা নিয়ৰৰ টোপালবোৰ জিলিকি উঠিছিল। মধ্যক্ৰমৰ বেটছমেনৰ দৃঢ়তা আৰু বলাৰৰ সুন্দৰ প্ৰদৰ্শনৰ ফলত ছেমি-ফাইনেলত উপনীত হোৱা চাৰি নম্বৰ হোষ্টেলৰ বাবে বাকীচোৱা পথ আছিল অতি জটিলতাৰে ভৰা। ছেমি-ফাইনেলৰ প্ৰতিপক্ষ এক নম্বৰ হোষ্টেলৰ বেগী বলাৰকেইজন মহাবিদ্যালয় বিখ্যাত। এতিয়ালৈকে হৈ যোৱা খেলবোৰৰ ভিতৰত সৰ্বাধিক উইকেট দখলকাৰীৰ শাৰীৰ প্ৰথম পাঁচজন বলাৰৰ ভিতৰত তিনিজনেই হোষ্টেল একৰ, তাৰে এজনে অসমকো প্ৰতিনিধিত্ব কৰিছে কোনো এক প্ৰতিযোগিতাত। কি যে হ’ব আজি!-বুলি ভাবি বেটখন বতাহতে ঘূৰাই থকা উদিত্যৰ দিশত সৌৰভ আৰু আন এজন যুবক আগবাঢ়ি আহিল। সেইজনেই আছিল বিশ্বজিত শ্যাম, হোষ্টেলৰ পুৰণা ফটোত উদিত্যই দেখিছে তেওঁক।
: উদিত্য, এইজনেই শ্যাম দা।– সৌৰভে চিনাকী কৰাই দিলে। উদিত্যিই কৰমৰ্দন কৰিবলৈ হাতখন আগবঢ়ালে।
: কি হে ভাইটি, ফৰ্ম বৰ বেয়া চলিছে বুলি শুনিলোঁ।–বিশ্বজিতে ক’লে।
: হয় দাদা। অবস্থা বৰ বেয়া।
: আগতে খেলি পাইছনে নাই চিলাই বল?
: খেলিছোঁ, স্কুলৰ হৈ অপেনিংও কৰিছিলোঁ। এতিয়া পিছে বহুত দিন খেলা নাই কাৰণেই চাগে ভাল প্ৰদৰ্শন কৰিব পৰা নাই। কিবা অলপ টিপচ দিয়ক দাদা, আপোনাৰ বেটিঙৰ বিষয়ে বহুত শুনিছোঁ।
: এহ: ইমানো ভাল খেলুৱৈ নহয় অ’ মই; যে কিবা টিপচত তোৰ ফৰ্ম ঘূৰি আহিব। পিছে মই মোৰ পদ্ধতিটোকে কৈ দিব পাৰোঁ তোক, বাকী খেলপথাৰত কিমান সফল হয় সেইটো তোৰ ওপৰত।
: কওকচোন।
: চাওঁ, বেটখন দে মোক। (উদিত্যই হাতত লৈ থকা বেটখন আগবঢ়াই দিলে।) শুন এতিয়া, প্ৰধান কথাটো হ’ল যে আমাৰ কলেজৰ পিটছবোৰত বল বৰ বেছি বাউন্স নকৰে যদিহে বলাৰজন বৰ ওখ-পাখ নহয়। গতিকে যিমান পাৰ ফ্ৰণ্টফুটত খেলাৰ চেষ্টা কৰিবি(বেটখন আৰু বাঁওভৰিটো আগুৱাই নি তেওঁ ক’লে)। মোৰটো প্ৰত্যেক বলতে বাঁওভৰিটো আগবঢ়াই নিয়াৰ এক প্ৰবনতাই আছিল। তয়ো চেষ্টা কৰিবি, যদি বলটো বহুত আগত মানে শ্বৰ্টপিটছত পৰা যেন দেখ লগালগ বেকফুটত আহি যাবি আৰু সময়ত আহিব নোৱাৰিলেও বেটখন ঢিলাকৈ ধৰি বলতো ৰখাই দিবি, তেতিয়া বেটত লাগি ওপৰলৈ উঠি যোৱাৰ সম্ভাবনা নাথাকে আৰু বেগীবলাৰবোৰৰ বল যিমানে আগত খেলিবি সিমানে চুইঙৰ পৰা বাচিবি, বুজিলি?
: বুজিছোঁ। মই আকৌ বিপৰীতটো কৰোঁ, বেকফুটত খেলি বেছি ভাল পাওঁ। সেয়ে বল বেছি বাউন্স নকৰিলে অসুবিধা পাওঁ। আমাৰ হোষ্টেলৰ পকা পিটছখনত সেয়ে ভালেই খেলোঁ, ইয়াতহে বিপদত পৰোঁহি। আজি পিছে আপুনি কোৱাৰ দৰেই কৰিম।
খেলপথাৰৰ সোঁমাজত ইতিমধ্যে টছ সম্পন্ন হৈছে, হোষ্টেল একে প্ৰথমে বলিং কৰিব।
: ভালকে খেলিবি, হোষ্টেলৰ ইজ্জতৰ কথা আছে আৰু জিকিলে পাৰ্টি মই দি আছোঁ ৰাতিলৈ।– বিশ্বজিতে উদিত্যৰ লগতে দলৰ বাকীসকলোকে উদ্দেশ্যি ক’লে।
কুঁৱলিয়ে সেমেকাই ৰখা পৰিবেশৰ মাজতে খেল আৰম্ভ হ’ল আৰু প্ৰথম বাৰৰ বাবে এই প্ৰতিযোগিতাত কিবা এটা বেলেগ হ’ল। উদিত্যৰ সলনি এইবাৰ প্ৰাঞ্জল প্ৰথমে আউট হ’ল। প্ৰথম অভাৰৰ তৃতীয় বলটোৱে বতাহতে দিশ সলাই উফৰাই নিলে তাৰ লেগ ষ্টাম্প, স্কৰ-০/১। ফৰ্মত থকা সৌৰভ সোমাই আহিল পৰবৰ্তী বেটছমেন হিচাবে। “সাংঘাটিক চুইং হৈ আছে বল”-উদিত্যই তাক ক’লে। সংযমেৰে সৌৰভে ইংনিছ আৰম্ভ কৰিলে কিন্তু অভাৰৰটোৰ শেষ বলটোত পুনৰ এক অঘটন ঘটিল, সৌৰভৰ ভৰিৰ মাজেৰে সৰকি পুনৰ বলে উফৰাই নিলে ষ্টাম্প, স্কৰ-০/২। একে অভাৰতে দুজনকৈ ফৰ্মত থকা বেটছমেন হেৰুৱাই হোষ্টেল চাৰিৰ শিবিৰ প্ৰায় নিস্তব্ধ হৈ পৰিল। “শেষ”, “ৰ ৰ অসীম থকালৈকে আশা আছে”। ষষ্ঠ ষান্মাসিকৰ অসীম হ’ল বৰ্ত্তমানলৈকে প্ৰতিযোগিতাৰ সৰ্বাধিক ৰাণ কৰোঁতা বেটছমেন। এতিয়ালৈকে প্ৰতিযোগিতাত মাত্ৰ এবাৰ আউট হোৱা অসীমৰ ওপৰতে দলৰ সকলো আশা নিৰ্ভৰশীল।
দ্বিতীয় অভাৰৰ প্ৰথম বলটো খেলিবলৈ সাজু হোৱা উদিত্যই অলপ সকাহ পাইছিল মনত উইকেট দুটা যোৱাৰ ববে, আজিও বেয়া খেলিলে অন্তত সি অকলশৰীয়া নহয়। এইবুলি ভাবি প্ৰথম বলটোৰ দিশত বেটখন আগবঢ়াওঁতে বলে অলপৰ বাবে বেটত চুমা নোখোৱাকে পাৰ হৈ গ’ল উইকেটকীপাৰৰ হাতলৈ। বুকু চিৰিং কৈ মাৰিলে তাৰ, কি কৰিছে সি এইবোৰ। আজি ভাল খেলিবয়ে লাগিব, হেৰুৱা সন্মান ঘূৰাই আনিবলৈ আজিতকৈ ভাল পৰিস্থিতি নাপায়-সি মনতে ভাবিলে আৰু বিশ্বজিতৰ উপদেশটোলৈ মনত পেলালে। দ্বিতীয় বল লৈ বলাৰ আগবাঢ়ি থকাৰ সময়তেই সি মনত থিৰাং কৰিলে কি কৰিব।সোঁভৰিটো অলপ পিছলৈ নি সি বাঁওভৰিটো আগলৈ মেলি দিলে বলটোৰ দিশত, দৃষ্টি স্থিৰ বলৰ সৈতে। বলে আহি লম্বভাবে খুন্দিয়ালেহি বেটৰ সোঁমাজত। কিবা হেৰুৱা বস্তু ঘূৰাই পোৱা যেন লাগিল তাৰ। পিছৰ বলটোৰ বাবেও সি একেদৰেই তৈয়াৰ হ’ল, ভৰি আৰু বেট আগবঢ়াই বতাহতে দিশ সলোৱা বলটোক সি স্পৰ্শ নকৰাকৈ যাব’ দিলে উইকেটৰক্ষকৰ হাতলৈ।অভাৰটোত কোনো ৰাণ নহ’ল যদিও উদিত্যৰ আত্মবিশ্বাস বঢ়োৱাত বহুত সহায় কৰিলে। আজি আউট নহওঁ বুলি মনতে থিৰাং কৰি ল’লে সি। লাহে লাহে ইংনিছ আগবাঢ়িল, আঠ অভাৰ পৰ্যন্ত আৰু কোনো বেটছমেন আউট হোৱা নাছিল যদিও হোষ্টেল একৰ শংকাবোৰ আঁতৰ হোৱা নাছিল। কাৰণটো আছিল দলৰ অতি কম ৰাণ-ৰেট, আঠ অভাৰত স্কৰ অছিল ১২/২। অসীমে খেলি আছিল তেৰটা বলত আঠ ৰাণ কৰি আৰু উদিত্যই খেলি আছিল ঊনত্ৰিশটা বলত তিনি ৰাণ কৰি। “উদিত্য ষ্ট্ৰাইক ৰ’টেট কৰি যাবি” “ৰাণ লাগে, ৰাণ লাগে” বাহিৰৰ পৰা মাত আহিল। বাৰ অভাৰৰ পাছতে থোৱা পানীখোৱা বিৰতিৰ সময়তো প্ৰথম ষান্মসিকৰ এজনে একে সংবাদকে লৈ আহিল। “অসীম দা, অলপ মাৰি খেলিব কৈছে সৌৰভ দাই আৰু উদিত্য, তোক যিমান পাৰি ষ্ট্ৰাইক অসীম দাক দিব কৈছে”।
কুঁৱলীৰ চাদৰ আঁতৰি বেলিৰ পোহৰে প্ৰথমবাৰলৈ স্পৰ্শ কৰিলেহি খেলপথাৰৰ মাটি। লাহে লাহে আঁতৰিছিল নিয়ৰৰ জিলিকনি, লগতে আঁতৰিছিল নতুন বলৰ ওপৰত থকা চমকো। দহ অভাৰলৈকে সাবধানেৰে খেলি অসীমে আক্ৰামণাত্মক হোৱাৰ সিদ্ধান্ত ল’লে মনতে। অফ ষ্টাম্পৰ বাহিৰেদি অহা এঘাৰ অভাৰৰ দ্বিতীয় বলটোৰ ওপৰত এক প্ৰচণ্ড প্ৰহাৰ পৰিল। স্কোৱাৰ পইণ্টৰ ওপৰেদি বল পাৰ হৈ গ’ল সীমাৰেখাৰ বাহিৰলৈ। অতপৰে নিস্তব্ধ হৈ থকা হোষ্টেল চাৰিৰ শিবিৰ উত্তেজিত হৈ পৰিল। “বঢ়িয়া” “আৰু লাগে” “আহি গৈছে”। অভাৰৰ শেষ বলত পুনৰ এবাৰ ঘূৰিল অসীমৰ বেট, বলাৰৰ সোঁফালেদি বল পাৰ হৈ গ’ল সীমাৰেখাৰ বাহিৰলৈ। উত্তেজনা দুগুণে বাঢ়িল। অভাৰটোৰ শেষত অসীম উদিত্যৰ কাষলৈ আহিল, “এক ৰাণ এটা লৈ মোক দে।”
উদিত্যই সকলো দিশে চালে, কভাৰ আৰু ফাইন লেগত খেলুৱৈ নাই। সি সাজু হ’ল, দ্ৰুত গতিত বলাৰজন আগবাঢ়ি আহিল। বলাৰৰ হাতৰ পৰা ওলাই মাটি স্পৰ্শ নকৰাকৈ বল আহি থাকিল উদিত্যৰ দিশত। ভৰি আগবঢ়াই বলৰ দিশ সলালে বেটেৰে, বল কভাৰৰ দিশত আগবাঢ়ি গ’ল আৰু লং অফৰ খেলুৱৈজনে আয়ত্ব কৰাৰ আগতে দুয়ো বেটছমেনে স্থান সলালে নিজৰ। উদিত্যৰ অলপ খং উঠিল দুৰ্বল বলটোত মাত্ৰ এক ৰাণ লোৱাৰ বাবে। সি বেটখন অলপ খঙত মাটিত মৰা দেখি অসীমে, “একো নাই একো নাই, এনেকৈয়ে খেল”-বুলি কৈ আকৌ সাজু হ’ল।
বিশ অভাৰলৈকে অসীমে উদিত্যৰ সহযোগত সুন্দৰ ভাবে আগবঢ়াই লৈ গ’ল ইংনিছ। ১২/২-ৰ পৰা বিশ অভাৰত স্কৰ হ’লগৈ ৯৫/২। ইয়াৰ মাজতে পোন্ধৰতম অভাৰৰ চতুৰ্থ বলটোত এক ৰাণ লৈ অসীমে নিজৰ অৰ্ধশতকো সম্পন্ন কৰে। “অন্তিম দহ অভাৰত কমেও আশী ৰাণ লাগিব’ আৰু তইও অলপ হাত খোল।”-বিশ অভাৰৰ শেষত অসীমে উদিত্যক ক’লে।
অতপৰে দৈৰ্য্য ধৰি থকা উদিত্য সাজু হ’ল পৰবৰ্তী বলৰ বাবে। প্ৰথম অভাৰতে দুটা উইকেট লোৱা বলাৰজন দৌৰি আহিল, উদিত্যই ভৰি আগবঢ়াই বলটো আগত পৰা দেখি লগালগ পিছুৱাই আহিল। তাৰ বুকুৰ দিশত উঠি অহা বলটো সি ফাইনলেগৰ দিশত পঠিয়াই দিলে বেটৰ সহায়ত। তীব্ৰ বেগত আগবাঢ়ি যোৱা বলটো ৰখোৱাত ব্যৰ্থ হ’ল দৌৰি যোৱা খেলুৱৈ দুজন। জপিয়াই উঠিল উদিত্যৰ লগৰখিনি।“বঢ়িয়া” “আহি গৈছে, আহি গৈছে।”এক সপ্তাহৰ মূৰত আজি ভালকৈ মৰা হাঁহি এটা দেখা পোৱা গ’ল উদিত্যৰ চেহেৰাত। পিছে কাম এতিয়াও বহুত বাকী আছিল, নিজকে পুনৰ সংযমিত কৰিলে আৰু পিছৰ বলটোত এক ৰাণ লৈ স্থান সলালে উদিত্যই। অসীমেও থিৰাং কৰিয়ে লৈছিলে এতিয়াৰ পৰা সকলো বলতে আক্ৰামাত্মক হ’ব বুলি। অভাৰৰ শেষ দুটা বলতে আহিল চাৰি ৰাণকৈ, এটা বল গ’ল কভাৰৰ দিশত আৰু আনটো ফাইন-লেগত।
তীব্ৰ গতিত ৰাণৰ সংখ্যা বাঢ়ি গ’ল, সমান্তৰাল ভাবে বাঢ়িল হোষ্টেল একৰ শিবিৰৰ উত্তেজনা। অসীমে পয়সত্তৰটা বলত আঠানব্বৈ ৰাণ কৰি থাকোঁতে উত্তেজনা চৰমসীমা উপনীত হ’লগৈ। পৰবৰ্ত্তী বলটো সাৱধানেৰে লংঅনৰ দিশত খেলি এক ৰাণ লৈ আনটো মূৰত উপস্থিত হওঁতেই বলে ষ্টাম্পত খুন্দিয়াই পুনৰ আঁতৰি গ’ল অফচাইডে থকা খালী স্থানৰ দিশত। দুয়ো পুনৰ দৌৰ মাৰিলে বিপৰীত দিশত, অসীমে বেটখন ওপৰলৈ দাঙি আনন্দত জপিয়াই উঠিল, জপিয়াই উঠিল বাহিৰতো বহুকেইজন। উদিত্যই সাবটি ধৰি অভিনন্দন জনালে অসীমক।
ইংনিছ সমাপ্তিৰ দিশত আগবাঢ়িছিল আৰু বাহিৰৰ পৰা বিপুল আবেদন আহিছিল চাৰি আৰু ছয়ৰ।বিচৰা মতেই হৈছিল কাম। কিন্তু বেছি সময় আঠাইশতম অভাৰৰ চতুৰ্থ বলত ছয় ৰাণ যোগ কৰাৰ চেষ্টাত বলটো উঠাই দিলে অসীমে লং-অফৰ দিশত। পিছে সীমাৰেখাৰ এক মিটাৰ মান আগতেই বলে গতি হেৰুৱাই মাটিলৈ নামি আহিল আৰু আশ্ৰয় ল’লে সেই স্থানত ৰৈ থকা খেলুৱৈজনৰ হাতত, স্কৰ-১৪৭-৩। ছয়াষীটা বলত এশ আঠ ৰাণ কৰি ইংনিছ সামৰিলে অসীমে, উদিত্যই খেলি আছিল চৌসত্তৰটা বলত তেত্ৰিছ ৰাণ কৰি। শেষ দুই অভাৰত ছয় চাৰি মৰাৰ দায়িত্ব পৰিল উদিত্যৰ কান্ধত, পৰবৰ্ত্তী বলত প্ৰচণ্ড জোৰেৰে বেট ঘূৰাবলৈ সি সাজু হ’ল। বলে বেটৰ ওপৰচোৱাত লাগি উৰি গ’ল উইকেটৰক্ষকৰ ওপৰেদি চাৰি ৰাণৰ বাবে।“আহিলেই হ’ল ৰাণ” “ঘূৰাই থাকা গদা”। ইংনিছৰ অন্তিম বলটোৰ বাবে উদিত্য সাজু হ’ল, প্ৰবল নিবেদন আহিল ছয় ৰাণৰ। সি ফ্ৰণ্টফুটত আহি উঠাই দিলে বল লং-অনৰ সীমাৰেখাৰ ওপৰেদি, সি বতাহতে ঘোঁচা এটা মাৰিলে আনন্দত। দলৰ মুঠ ৰাণ হ’লগৈ ১৬২-৩।
বলিঙৰ ভৰষাতে জিকি অহা হোষ্টেল একৰ বেটিং আছিল তুলনামূলক ভাবে দূৰ্বল, প্ৰথম কেইঅভাৰমান উইকেট নোযোৱাকৈ পাৰ হৈছিল যদিও ৰাণৰ গতি আছিল বহুত কম। পাছলৈ প্ৰয়োজনীয় ৰাণ-ৰেটৰ লগত ইংনিছৰ ৰাণ ৰেট মিলাবলৈ গৈ কেইবাটাও উইকেট হেৰুৱালে হোষ্টল একৰ দলে। মাজ বাটতে কঁকাল ভগাৰ পাছতো শেষলৈও মূৰ দঙাত ব্যৰ্থ হ’ল দল আৰু শেষ হাঁহি মাৰিলে হোষ্টেল চাৰিৰ দলে। সকলোৱে অসীমক অভিনন্দন দিলে আৰু শেষলৈকে আউট নোহোৱা উদিত্যৰো ভূয়সী প্ৰশংসা কৰিলে। ফাইনেল অহা দেওবাৰে প্ৰতিবেশী হোষ্টেল দুইৰ লগত; মাজত আৰু এক সপ্তাহ বাকী।
************
হোষ্টেল জীবনৰ প্ৰথম কেইটাদিন সহজ-সৰল স্বভাবৰ উদিত্যৰ বাবে অতি দুৰ্বিসহ আছিল। আগষ্টৰ গেলা গৰমত দিনে-ৰাতিয়ে পিন্ধিবলগীয়া হোৱা দীঘল হাতৰ চাৰ্ট আৰু ফৰ্মেল পেণ্টে দিছিল প্ৰথম যন্ত্ৰণা। তাৰ উপৰি আছিল চিনিয়ৰৰ অসহ্যকৰ অত্যাচাৰ। হোষ্টেলত প্ৰবেশ কৰাৰ দিনাই তাৰ হাতত পৰিছিল হোষ্টেলৰ বিভিন্ন তথ্য সংযুক্ত এখন দস্তাবেজ, এক সপ্তাহৰ ভিতৰত মুখস্থ কৰিব লাগিব সকলো নৱাগতই। তদুপৰি জানিব লাগিব সকলো চিনিয়ৰৰ নাম, কোঠাৰ সংখ্যা আৰু তেওঁ কোন ষান্মাসিকত পঢ়ে। কিন্তু এইখিনি জানিলেও অত্যাচাৰৰ পৰা বাচি যাব নোৱাৰি, “ক’ আমাৰ দত্ত চাৰৰ গাড়ীৰ নাম্বাৰ কিমান?” “কলেজলৈ উঠি যোৱা বাটত চিৰি কেইটা আছে?” উত্তৰ-“নাজানো দাদা” শুনিয়েই গৰজি আহে সোধাজন, “নাজান’? কি জান’ তেন্তে? কাইলৈ চাই আহিবি, নহ’লে…….”
গধুলি ছয় বজাৰ আগে আগে সকলো নৱাগত আহি হোষ্টেলত সোমোৱাৰ নিয়ম। সেই সময়ৰ পৰাই আৰম্ভ হোৱা অত্যাচাৰ অব্যাহত থাকে ৰাতি দুটা তিনিটালৈ। ইমান পলমকৈ শোৱাৰ পাছত পাছদিনা আকৌ পুৱাতে উঠিব লাগে হোষ্টেলৰ পৰা দীপৰ বিলৰ পাৰলৈকে দৌৰ লগাবলৈ। ইমান কষ্টৰ মাজত ৰাতি দুই তিনি ঘণ্টা শুই পাছদিনা শ্ৰেণীকোঠাত মনোযোগ দিব পৰাকৈ শক্তি আৰু নাথাকে। কেইটামানতো প্ৰথম বেঞ্চত বহিয়েই টোপনি যায়। চাৰিটা বজাত ক্লাচ শেষ হোৱাৰ পাছত ছয় বজাৰ আগতে ছাত্ৰাবাসত সোমাই কোনেও নিজে বিপদ মাতি নানে। পিছে বাহিৰত কোনো কাম নথকাকৈ ঘূৰি থাকি ধৰা পৰিলেও বিপদ আহে। উদিত্যই সেয়ে ক্লাচ শেষ হোৱাৰ পাছত শ্ৰেণীকোঠাতে এঘুমটি মাৰি লয় হোষ্টেললৈ যোৱাৰ পূৰ্বে। কেইবাদিনো তাক চকীদাৰে জগাইছেহি টোপনিৰ পৰা। তেনে দিনবোৰৰ মাজৰে এটা দিনৰ কথা………
আনদিনাৰ দৰে সিদিনাও বহী-কিতাপ বেগত ভৰাই বেগটো গাৰু কৰি ল’লে উদিত্যই। শূন্য কোঠাটোৰ প্ৰথমখন বেঞ্চত পৰি ৰৈছিল কোনোবাই এৰি যোৱা সেউজীয়া ৰঙৰ ছাটি এটা। ছাতিটো সি চিনি পাইছিল, কাৰণ ছাতিৰ গৰাকী নিতৌ ৰাতিপুৱা যেতিয়া শ্ৰেণীকোঠাত প্ৰবেশ কৰে তেতিয়া আনবোৰ ল’ৰাৰ লগতে তাৰো চকু স্থিৰ হৈ গতি কৰে ছাটিৰ গৰাকীৰ খোজৰ সৈতে। নামটো সি নাজানে, পিছে জানিবলৈ বহুত ইচ্ছা মনত। হোষ্টেলৰ জ্বালা-যন্ত্ৰণাবোৰ খাই অৱস্থাহীন হৈ নথকা হ’লে চাগে’ ভালদৰে চিনাকী হোৱাৰ চেষ্টা এটা চলালেহেঁতেন। পিছে বুটাম চিগি যোৱা মলিয়ান চাৰ্ট পিন্ধি আৰু তেনে সাহস নহয়। হোষ্টেলৰ কথা মনত পৰি একে কোবেই ঘূৰি আহিল তাৰ মন আকৰ্ষণৰ পৃথিবীৰ পৰা।
মাকলৈ সিদিনা বৰকৈ মনত পৰিছিল তাৰ। মনৰ পৰ্দাত ভাহি আহিছিল প্ৰথমবাৰৰ ববে ঘৰৰ বাহিৰত থাকিবলৈ পঠিওৱাৰ মুহূৰ্তই সেমেকাই তোলা মাকৰ গালখন। সেমেকিছিল তাৰো গাল, মাকৰ কোলাত শুই উচুপিবলৈ সেইদিনাৰ সমান পূৰ্বে কেতিয়াও ইচ্ছা যোৱা নাছিল। সি উচুপি থাকিল এখন কোমল হাতৰ স্পৰ্শ তাৰ পিঠিত নপৰালৈকে। মূৰ দাঙি সি দেখা পাইছিল সেউজীয়া ছাতিটো হাতত লৈ তাৰ নিচেই কাষত থিয় হৈ থকা ছাতিৰ গৰাকী।
: হোষ্টেলত খুব ৰেগিং কৰিছে নেকি?-চেহেৰাটোৰ দৰেই ধুনীয়া তাইৰ মাত।
: নাই, মনটো অলপ বেয়া লাগিছিল।– গালখন মোহাৰি মোহাৰি সি ক’লে।
: ইয়াতে কি সদায় শুই থাকা নেকি ক্লাচ শেষ হোৱাৰ পাছত?
: প্ৰায়েই, গধুলি হোৱাৰ আগতে যাওঁ আৰু হোষ্টেললৈ। তোমাৰ নামটো কি?-ঘপককৈ সি শুধি পেলালে মনে বিচৰা প্ৰশ্নটোৰ উত্তৰ।
: কাবেৰী, তোমাৰ?
: উদিত্য। ইয়াতে কেনেকুৱা লাগিছে?
: ইমান ভাল লগা নাই, পিছে লাহে লাহে ভাল লগা হ’ব বুলি আশা কৰিছোঁ। তুমিও দুখ কৰি নাথাকিবা এনেদৰে, ৰেগিং পিৰিয়দ শেষ হ’লে চব ভাল ল’গা হ’ব চাবা। মোৰ দাদাও ইয়াতে পঢ়া, ২০০৮ পাছ-আউট। দাদাই কৈছে পিছত এই দিনকেইটালৈ খুব মনত পৰে আৰু হাঁহি উঠে। হোষ্টেল জীবনৰ প্ৰথম দিনকেইটাই আৰু শেষ দিনকেইটাই হেনো প্ৰায় সকলোৰে চকুপানী উলিয়াই দিয়ে। প্ৰথম দিনকেইটাৰ কথা বাৰু বুজিছোঁ, পিছে শেষ দিনকেইটাৰ অনুভব কেনে হ’ব ধৰিব পৰা নাই এতিয়াই।
: থিকেই কৈছা, এতিয়াতো এই চাৰিটা বছৰ কেতিয়া শেষ হ’ব যেন হে লাগিছে। কিন্তু সকলোৱে কোৱা শুনো যে হোষ্টেল জীবনৰ অনুভবেই বোলে বেলেগ। ইয়াতো চিনিয়ৰবোৰে কৈ থাকে, এই চাৰিটা বছৰেই আনন্দ কৰি ল আৰু তাৰ পিছত জীৱন জটিল হৈ পৰিব। আশা কৰোঁ কথাবোৰ শুদ্ধ হওঁক।
: হ’ব, নিশ্চয় হ’ব। পিছে আজি কিয় কান্দি আছিলা? নে সদায় কান্দি থাকা ইয়াত অকলে অকলে?
: নাই অ’, আজি মা লৈ বৰ মনত পৰিছিল।-সি লাজ লাজ কৈ ক’লে।
: আই অ’ দেহি।
কাবেৰীৰ বেগত থকা মবাইল ফ’নটো বাজি উঠিল, উত্তৰ দিয়া বুটামটো টিপি তাই লগে লগে কলে,
: ৰ’বা ৰ’বা গৈ আছোঁ।–বুলি কৈ তাই সংযোগ বিচ্ছিন্ন কৰিলে।
: মোৰ লগৰকেইজনী মোৰ বাবে ৰৈ আছে বুলি পাহৰি গৈছিলোঁ, যাওঁ দিয়া এতিয়া। তুমিও বলা এতিয়া।
: তোমালোকৰ হোষ্টেলত ম’বাইল ৰাখিব দিয়ে নেকি লগত?- সি একেলগে বাহিৰলৈ ওলাই আহোঁতে সুধিলে।
: অ দিয়ে, তোমালোকৰ নিদিয়ে নেকি?
: নাই, মই লোকেল গাৰ্জেনৰ ঘৰত থৈ আহিলোঁগৈ। এটা সহায় কৰিব পাৰিবানেকি?
: কি কোৱাচোন।
: ফ’ন এটা কৰিব পাৰিম নেকি?
: মালৈ?
: অ’।
: নিশ্চয়, লোৱা।
দুবাৰমান ৰিং হোৱাৰ পাছত উদিত্যৰ মাকে ফ’নটো উঠালে।
: হেল্ল’।
: হেল্ল’, মা। কি কৰিছা?
: বাবা? মই টি ভি চাই আছিলোঁ। কাৰ ফ’নৰ পৰা কৰিছ?
: বন্ধু এজনৰ। ঘৰত ভালনে সকলোৰে।
: অ ভালেই, তোৰ ভাল? হোষ্টেলত কিবা অসুবিধা পাইছ নেকি?
: নাই নাই, একো অসুবিধা নাই পোৱা।– কওঁতে গধুৰ হৈ পৰিল তাৰ মন। চকুৰ পৰ্দাত পুনৰ ভাহিল এক জিলিকনি।
: কিবা অসুবিধা হ’লে জনাবি আৰু পইচা-পাটি আছেনে লগত?
: আছে আছে।
: হোষ্টেলৰ খানা-পিনা ভালনে? যৰ-তৰ বস্তু নাখাবি আৰু পানীও ফিল্টাৰৰ পৰাহে খাবি, বুজিছ?
: বুজিছোঁ, খানা-পিনাও থিকে আছে, চিন্তা নকৰিবি। এতিয়া ৰাখোঁ দে।–বুলি কৈ ফ’নটো কাটি সি উচুপি উঠিল। তাৰ অবস্থা দেখি জিলিকিছিল কাবেৰীৰো দুচকু।
: ইছ্ ইমান ডাঙৰ ল’ৰা, এনেকৈ কান্দে নেকি বাৰু! তাকো আজি চিনাকী হোৱা ছোৱালী এজনীৰ সন্মুখতে।–বুলি কৈ তাই উদিত্যৰ গালৰ পৰা মোহাৰি আনিলে এটোপাল চকুলো। পলকতে সকলো দুখ-কষ্ট মোহাৰি নিলে  তাইৰ হাতখনে। সি চাই ৰ’ল তাইৰ ফালে থৰ লাগি। হাঁহিটো আঁতৰি গহীন হৈ পৰিল তাইৰ চেহেৰাৰ ভাব।
: যাওঁ দিয়া এতিয়া।–বুলি কৈ ফ’নটো লৈ তাই আঁতৰি গ’ল। সি চাই ৰ’ল, অলপ দূৰলৈ গৈ তাই ঘূৰি চাই আগবঢ়ালে এটা মিচিকিয়া হাঁহি। সি যেন জানিছিল তেনে হ’ব। চিনেমাৰ দৃশ্যৰ দৰে মুহূৰ্ত্তটোক হাত দাঙি বিদায় জনাই উদিত্য আঁতৰি আহিল।
ঠিক দুই সপ্তাহৰ পাছত ১৪ আগষ্টৰ ৰাতি উদিত্যহঁতে স্বাধীনতা পালে। দেহৰ পৰা আঁতৰিল ফৰ্মেল সাজ-পোছাক, আঁতৰিল ম’বাইল লগত ৰখাৰো প্ৰতিবন্ধকতা। পাছদিনাই সি তাৰ লোকেল গাৰ্জেনৰ ঘৰৰ পৰা লৈ আনিলেগৈ তাৰ ম’বাইল আৰু লেপটপ। প্ৰধান উদ্দেশ্য কাবেৰীৰে সৈতে বন্ধুত্বৰ সম্পৰ্ক আগুৱাই নিয়াৰ। ইয়াৰ পূৰ্বৰ কেইদিনো দেখা পালেই হাই হেল্ল’ আদান-প্ৰদান চলি আছিল পূৰ্ণগতিত। পিছে ক্লাছত সকলোৰে আগতে কথা পাতিবলৈ অসুবিধা, লগৰবোৰে সুযোগ পালে তিলটোকে তাল কৰি পেলাব।
ৰাতিপুৱাতে প্ৰেৰণ কৰা বন্ধুত্বৰ প্ৰস্তাব ৰাতিলৈ গ্ৰহণ কৰিলে কাবেৰীয়ে, ফেচবুকৰ নীলা ৰঙৰ মাজত জিলিকি উঠিল ৰঙা ৰঙৰ অধিসূচনা।
: ইমান দেৰি কৰিলা যে এক্সেপ্ট কৰোঁতে?-উদিত্যই সুধিলে।
: মই ইমান ফেচবুকত অনলাইন নাথাকোঁ যে, তুমি কি অপেক্ষা কৰি আছিলা নেকি?
: অ’। সিদিনা প্ৰথম লগ পাই ভাল লাগিছিল বাবে মন গৈ আছিল পুনৰ ভালদৰে কথা পাতিবলৈ।
: নতুনকৈ চিনাকী হোৱা মানুহৰ লগত কথা পাতি মোৰো ভাল লাগে, পিছে কেবল বন্ধু হিচাবেহে দেই। বেলেগ কিবা হ’ব বুলি আশা কৰিছা যদি আগতেই কৈ দিছোঁ দেই মই উপলব্ধ নহয় বুলি। চিধাচিধি কৈ দিয়াৰ বাবে বেয়া নাপাবা।
: বেয়া নাই পোৱা কিন্তু অলপ আচৰিতহে হৈ হ’লোঁ। মোৰ কথাৰ পৰা তুমি মোৰ বেলেগ কিবা উদ্দেশ্য আছে যেন অনুভব কৰিছিলা নেকি?
: নাই কৰা, কিন্তু প্ৰায়বোৰ ল’ৰাই বন্ধু হোৱাৰ আঁৰত একেটা উদ্দেশ্যই লৈ ফুৰে যে মনত। পিছত গম পালে বেয়া লাগে সেয়ে আগতেই কৈ দিলোঁ। বেয়া নাপাবা তুমি।
: নাই পোৱা, ময়ো এই হৃদয়ৰ জটিলতাবোৰৰ আঁতৰি থাকিব বিচাৰোঁ। সহজ-সৰল অকলশৰীয়া জীৱনেই ভাল।
: বাঃ সাহিত্যিকৰ দৰে কথা কোৱাচোন, লিখা-মেলা কৰা নেকি?
: সৰুতে আছিল অভ্যাস, এতিয়া ইমান ৰাপ নাই। খেলা-ধুলা কৰিহে বেছি ভাল পাওঁ।
: কি খেলা?
: ক্ৰিকেট। স্কুলৰ হৈ খেলিছিলোঁ, এতিয়া পিছে বহু দিন খেলা নাই। ইয়াতে খেলিম সুযোগ পালে।
: ময়ো ভাল পাওঁ ক্ৰিকেট খেল চাই। মোৰ দেউতাতো সাংঘাটিক ফেন। খেল পালে একো নালাগে আৰু।
………..
কথাৰ মালা গুঠি থাকিল দুয়ো এনেদৰেই। দিন বাগৰিল, বাঢ়িল বন্ধুত্বৰ গভীৰতা। তুমি-তামাবোৰ তইলৈ ৰুপান্তৰিত হ’ল। মাজতে এদিনাখন ৰুমমেট বিকাশে লগ-আউট নকৰাকৈ এৰি যোৱা উদিত্যৰ লেপটপত আবিস্কাৰ কৰিলে কাবেৰী-উদিত্যৰ ফেচবুকৰ বাৰ্ত্তালাপবোৰ। লগে লগে গৰম খবৰ বিয়পি পৰিল হোষ্টেলত।
“পানী আন, পানী আন” “পাৰ্টি ,পাৰ্টি” –চিঞৰি চিঞৰি এজাক লৰা সোমাই আহিল উদিত্যৰ কোঠালৈ। দুটামানে হোষ্টেলৰ পাকঘৰৰ পৰা বেয়া হোৱা দাইল-ভাজি আনি পানীৰ লগত মিহলি কৰিলে উদিত্যৰ কোঠাৰ বাহিৰত। “উলিয়াই আন তাক বাহিৰলৈ” “ৰুমৰ পৰা ওলাই আহ’ সোনকালে, ভিতৰখন লেতেৰা কৰিবৰ মন নাই।” হুলস্থূল লগাই থকা জাকটোক বুজাবলৈ বহুত কষ্ট হ’ল উদিত্যৰ। বহুপৰ লাগিল সিহঁতক বুজাবলৈ যে কাবেৰী আৰু সি ভাল বন্ধুহে মাত্ৰ, সিহঁতে ভবাৰ দৰে একো হোৱা নাই দুয়োৰে মাজত। লাহে লাহে শান্ত হ’ল ৰাইজ, দুটামানে পিছে শেষলৈকে মান্তি নহ’ল। “ল’ৰা এটা আৰু ছোৱালী এজনী ভাল বন্ধু কেতিয়াও হ’ব নোৱাৰে, মই নামানো” “পাৰে, যদি ছোৱালীজনী দেখাত বেয়া হয় বা তাইৰ যদি ইতিমধ্যে কোনো বয়ফ্ৰেণ্ড আছে” “কিন্তু ইহঁতৰ ক্ষেত্ৰতটো এনে নহয়, গতিকে এদিন নহয় এদিন পানী ঢালিবলগীয়া হ’বই” “হ’ব’ হ’ব’ এটা চেমিষ্টাৰ গৈছেহে, চব হ’ব।”
প্ৰথম ষান্মাসিক বাগৰি দ্বিতীয় ষান্মাসিকত ভৰি দিলে উদিত্যহঁতে। আহিল সি বাট চাই থকা দিনবোৰ, ক্ৰিকেটৰ দিন। অনুশীলনত ভাল প্ৰদৰ্শন কৰি হোষ্টেলৰ দলত অপেনাৰ হিচাবে স্থান পালে উদিত্যই। পিছে প্ৰদৰ্শন হে কৰিব নোৱাৰিলে আশা কৰা মতে। প্ৰথম চাৰিখন খেলত বেয়াকৈ ব্যৰ্থ হোৱাৰ পাছত ছেমি-ফাইনেলত পঞ্চাছ ৰাণ কৰি হেৰুৱা সন্মান অলপ ঘূৰাবলৈ সফল হ’ল। বাকী ৰ’ল হোষ্টেল দুইৰ বিৰুদ্ধে থকা দেওবাৰৰ ফাইনেলখন। তাৰ ঠিক দুদিন আগত মানে শুকুৰবাৰে ঘটিল আৰু এটা উল্লেখনীয় ঘটনা।
প্ৰথম ক্লাছটো শেষ হওঁ হওঁ, অথচ কাবেৰী আজি আহি পোৱাহি নাই। সদ্যহতে ক্লাছ খতি নকৰা কাবেৰী সিদিনা কিয় নাই অহা বুলি ভাবি উদিত্যৰ মনটো উগুল-থুগুল লাগি থাকিল। ক্লাছটো শেষ হোৱাৰ লগে লগে সি কাবেৰীৰ ৰুমমেট ৰশ্মিৰ কাষ চাপিল।
: তোৰ ৰুমমেট নাই অহা কিয় অ’ আজি?
: আহা নেদেখি চিন্তা হৈছে নেকি?
: এহ্ ক না।
: শুই উঠাই নাই মই আঁহোতে, ৰাতি কাৰোবাক গালি দি আছিল নেকি ফ’নত, টোপনিৰ জালত ভালকৈ ধৰিব নোৱাৰিলোঁ।
: ঠিক আছে-বুলি কৈ উদিত্য বাহিৰলৈ ওলাই আহিল।
কেইবাবাৰো ৰিং কৰাৰ পাছতো কাবেৰীয়ে ফ’নটো নধৰিলে। সি পুনৰ চেষ্টা কৰিলে কিন্তু লাভ নহ’ল। মনটো তাৰ অসংখ্য ধাৰণাৰে ভৰি পৰিল। ৰাতি কাৰ লগত কথা পাতিছিল কাবেৰীয়ে? তাই কিবা লুকুৱাইছে নেকি তাৰ পৰা! কিন্তু কিয়? এবাৰ হোষ্টেললৈকে গৈ খবৰ এটা লৈ আহেগৈ নেকি? নাই নাই সেইটো অলপ বেছি কৰা হ’ব, বন্ধু হিচাবে ফ’ন এটা কৰি খবৰ এটা কৰাটোৱেই যথেষ্ট।–ইত্যাদি কথাবোৰ মনত পাগুলি থাকোঁতেই তাৰ ম’বাইলটো বাজি উঠিল।
: হেল্ল’ ফ’ন কৰিছিলি? মই উঠিছোহে মাত্ৰ। ক্লাছ হৈছেনে?
: হৈ আছে, নাহ নেকি আজি?
: যাম ৰ’। ৰাতি বহুত দেৰিকৈ শুলোঁ কালি, গাটো কিবাকিবি লাগি আছে।
: কিবা হ’ল নেকি ৰাতি, ৰশ্মিয়ে কৈছিল কাৰোবাক খুব গালি দি আছিলি বোলে ফ’নত?
: তাই শুনিলে নেকি? মই গৈ কমগৈ ৰ’। এতিয়া ক’লে আকৌ মূৰটো গৰম হ’ব।
চতুৰ্থ ক্লাছটো শেষ হোৱাৰ পাছত কাবেৰী আহি পালেহি। গোটেই ছোৱালীকেইজনীয়ে তাইক আবৰি ধৰিলে “কি হ’ল?” “কি হ’ল?” বুলি। কাবেৰীয়ে বিৰক্তি পাইছিল, উদিত্যৰ ফালে চাই মিচিকিয়া হাঁহি এটা মাৰিছিল।
ক্লাছবোৰ শেষ হোৱাৰ পাছত কাবেৰীক লগ ধৰিবলৈ ভিৰ ভাঙি উদিত্য আগবাঢ়িল, সি আহি আছে বুলি অনুভৱ কৰি তাইও গতি মন্থৰ কৰি দিছিল খোজৰ।
: কি হ’ল ক’ এতিয়া?
: কেণ্টিনলৈ ব’ল, বৰ ভোক লাগিছে মোৰ।
চিংৰা এটা এটা সমুখত লৈ দুয়ো বহিল একেখন টেবুলতে।
: ক’ এতিয়া।–উদিত্যই কলে।
: ক’ মানে এটাই বৰ অশান্তি কৰি আছে আজি কেইবাদিন ধৰি।
: কোনে?
: আমাতকৈ দুই বছৰ চিনিয়ৰ,দুই নাম্বাৰ হোষ্টেলৰ, নামটো প্ৰহ্লাদ।
: কাণফুলি পিন্ধে নেকি? দেখাত অলপ গুণ্ডা টাইপ।
: অ’ অ’, সেইটোৱেই।
: কৰিছে কি?
: ফাৰ্ষ্ট চেমত থাকোতেই সি মোক ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল।চিনিয়ৰ দেখি বিশেষ একো নাভাবি মই এক্সেপ্ট কৰিলোঁ। তাৰ পিছত তাৰ হাই হেল্ল আৰু কিবা কিবি প্ৰশ্নবোৰ আহিবলৈ আৰম্ভ হ’ল। মোৰ বয়ফ্ৰেণ্ড আছে নে নাই? মই কেনেকুৱা ল’ৰা বিচাৰোঁ–ইত্যাদি ইত্যাদি। প্ৰথমে দুই এটা উচিত বুলি ভবা প্ৰশ্নৰ উত্তৰ দিছিলোঁ যদিও পিছলৈ একেবাৰেই বাদ দিলোঁ। আজিকালিতো ফেচবুক বাদেই দিছোঁ। পিছে দুই সপ্তাহমান আগতে ক’ত জানো সি মোৰ ফ’ন নাম্বাৰটো পালে! প্ৰথমে মই ধৰা নাছিলোঁ অচিনাকী নাম্বাৰ দেখি, পিছে বাৰে বাৰে কৰি থকাৰ পিছত এবাৰ ধৰিলোঁ আৰু বিপদটো নিজে চপাই ল’লোঁ। প্ৰথমবাৰ প্ৰেমৰ প্ৰস্তাব দিওঁতে নাকচ কৰাৰ পিছতো অঁকৰাৰ দৰে লাগি থাকিল মোৰ পাছত। দিনে-নিশাই ফ’ন, মেচেজ দি অশান্তি কৰি থাকিল মোক। কালিতো মদ খাই ৰাতি এটামান বজাত ফ’ন কৰি অতি থাৰ্ড ক্লাচ ডায়লগ কিছুমান মাৰি আছিল “তুমি মোৰ নহ’লে আন কাৰো হ’ব নিদিওঁ”-ধৰণৰ। মোৰ খং উঠিলত হকে বিহকে খুব গালি দিলোঁ।
: তই আগতে কোৱা নাই কিয়?
: ক’লে নো কি কৰিবি? আৰু দিগদাৰ দিলে আমাৰ হেড চাৰকে লগাম। বাহঁতেও তাকেই কৰিবলৈ কৈছে।…….এতিয়া পিছে যাওঁ ব’ল ইয়াৰ পৰা।
: কিয়? চিংৰাটো নাখালিয়েইচোন, আকৌ বোলে ভোক লাগিছে।
: নহয় অ’, কামোৰটো এইফাললৈ আহি আছে।
উদিত্যই ঘুৰি চাবলৈ লওঁতেই প্ৰহ্লাদ আহি সিহঁত বহি থকা টেবুলত চকী টানি বহি ল’লে।
: ই কোন হয় তোমাৰ?-প্ৰহ্লাদে সুধিলে।
: কিয় লাগে? ভালে ভালে যাওঁক ইয়াৰ পৰা। ন’হলে কথা বেয়া হ’ব।
: কেনেকৈ যাম ডিয়েৰ, তুমি চুম্বকৰ দৰে টানি থাকা হৈছা যে মোক। ইয়াক যাব কোৱা, তোমাৰ দৰে ধুনীয়া ছোৱালী এজনী ইমান কেটেং মেটেং ল’ৰা এটাৰ লগত থাকিলে শোভা নিদিয়ে।
: কি অসভ্য হে আপুনি, যাবলৈ ক’লে বুজি নাপাই নেকি?-উদিত্যই ক’লে। লগে লগে প্ৰহ্লাদ গৰজি উঠিল।
: ঐ, চাল্লা ছেকেণ্ড চেমৰ পোৱালি ইমান দম।–বুলি গৈ গুৰিয়াই দিলে সি উদিত্যৰ গাত। চকীৰ সৈতে সি ঢলি পৰিল মাটিত। সকলোৰে দৃষ্টি তাৰ ফালে গ’ল, দৃষ্টি গ’ল অলপ আঁতৰত বহি চাহ খাই থকা চিভিলৰ শইকীয়া চাৰৰো।
: অই কোন এইটো? কি গুণ্ডামি কৰিবলৈ আহিছ ইয়াত। গেট আউত অফ হিয়েৰ।
প্ৰহ্লাদৰ লগতে কাবেৰী আৰু উদিত্যও ওলাই আহিল বাহিৰলৈ, শইকীয়া চাৰে ঘটনাটো চাবলৈ ভিৰ কৰা বাকী সকলোকে খেদি পঠিয়ালে। উদিত্যই কাবেৰীক তাইৰ হোষ্টেলত এৰি নিজৰ হোষ্টেল পোৱাৰ আগতেই খবৰ জুইৰ দৰে বিয়পি পৰিল। হোষ্টেল চাৰিৰ বহুতো ল’ৰাই হাতত হকী ষ্টিক, ক্ৰিকেটৰ ষ্টাম্প লৈ হোষ্টেল দুইৰ আগত জুম বান্ধিলহি। “উলিয়াই আন তাক বাহিৰলৈ” “সৰু ল’ৰা পাই গুণ্ডামি কৰিব আহিছ”। প্ৰহ্লাদ আহি চোঁচা মাৰি গ’ল জাকটোৰ ফালে, বিপৰীত দিশৰ পৰা দুজন মান জঁপিয়াই পৰিল তাৰ গাত। অলপ লপা-থপা হোৱাৰ পাছত দুয়ো হোষ্টেলৰ অষ্টম ষান্মাসিকৰ ছাত্ৰসকলে কাজিয়াখন ভঙাৰ চেষ্টা কৰিলে। পিছে উত্তেজনা অব্যাহত থাকিল। ক্ৰিকেটৰ ষ্টাম্প, আঠুৱা লগোৱা মাৰি লৈ হোষ্টেলটোৰ বাসিন্দা সকলো ওলাই আহিল বাহিৰলৈ।“আজিটো এগোৰহে মাৰিছোঁ, আকৌ সন্মুখলৈ আহিলে চেহেৰাৰ নক্সা সলাই দিম তাৰ। প্ৰহ্লাদৰ ৰাষ্টা কাটি ভোল কৰিলে সি”–প্ৰহ্লাদে চিঞৰি উঠিল। “ঐ”-উচ্চ স্বৰত প্ৰত্যুত্তৰ আহিল বিপৰীত দিশৰ পৰা। পুনৰ যুযুধান হ’ল দুই ফৈদ। অতপৰে দূৰৈত ৰৈ প্ৰত্যক্ষ কৰি থকা সৌৰভ ভিৰ ফালি মাজত আহি থিয় হ’লহি। গহীন গম্ভীৰ স্বভাবৰ সৌৰভক কলেজত সকলোৱে সন্মানৰ দৃষ্টিৰে চায় । পূৰ্বে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰূপে কাম কৰা সৌৰভ কথাতো আছিল পাকৈত।
: চা, ছোৱালীৰ কাৰণেই মহাভাৰত; ছোৱালীৰ কাৰণেই ৰামায়ণ, এতিয়া কাষতে থকা হোষ্টেল দুখনৰ মাজতো সেই একেই কাৰণতে কাজিয়া লাগিলে বৰ লাজৰ কথা হ’ব। সদায় দেখি থকা, আবেলি একেলগেই খাবলৈ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments