ফ’ৰলেন : আকাশী বুঢ়াগোহাঁই

যোগেশ্বৰ শইকীয়াই আগফালৰ বাৰান্দাৰ বেতৰ চোফাখনতে বহি পুৰণি ঘৰটোৰ লঠঙা ৰডকেইদাল চাই চাই নিজৰ মাজতে বুৰ গল৷ আজিহে যে অকল এনে হৈছে তেনে নহয়৷ ঘৰটো ভাঙিব লোৱা দিনাৰ পৰাই পুৱা গধুলী সেই চোফাখনতে বহি ঘৰতোলৈ চাই চাই নিজৰ লগতে বহু কথা পাতে তেওঁ৷ জীৱনৰ কথা৷ সেই যে বেৰ খহি লঠঙা ৰডবোৰে ডিঙি ককাল বেকাঁ কৰি থিয় দি আছে সেই ঘৰটোৰ কথা৷ তাত গৌৰৱেৰে পাৰ কৰি অহা ১৩ টা বছৰৰ কথা৷

১৭ বছৰৰ আগেয়ে যোগেশ্বৰ শইকীয়া গাৱৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিঁৰ এই ভেটীটোলৈ উঠি আহিছিল, মাক ঢুকোৱাৰ পাছত৷ চহৰত মাটি কিনিব পৰাকৈ ধনৰ বেগ গধুৰ নাছিল তেওঁৰ৷ সেয়ে অলপ আচুতীয়াকৈ ২ কঠা ৩ লোচা মাটি কিনিছিল৷ গাঁৱত থাকি যে তেওঁ বেয়া পাইছিল তেনে নহয়৷ গাৱৰ পৰা চহৰৰ স্কুললৈ অহা যোৱা কৰিবলৈ লৰা ছোৱালী হালৰ কষ্ট হৈছিল৷ অকল লৰা ছোৱালী হালৰহে নে, তেওঁৰোতো অফিচ অহা যোৱা কৰোতে কষ্ট হৈছিল৷ গাৱৰ ৰাষ্টা বাৰিষাৰ দিনত একাঠু বোকা হৈছিল৷ সেই কেইটা দিনত লৰা ছোৱালী কেইটাৰ স্কুল প্ৰায়ে খতি হৈছিল৷ ঘৈনীয়েকে জোৰ কৰি মাটিটুকুৰা কিনাইছিল৷ মাক ঢুকুৱাৰ পাছত নতুন ভেটীলৈ উঠি আহে মানে পুতেকে হাইস্কুল পাৰ কৰিছিল৷

পোনে আহি কেচাঁকৈ দুকোঠালী সাজি মোৰটো গুজি লৈহে পকী ঘৰটোৰ কাম আৰম্ভ কৰিছিল তেওঁ৷ সাউতকৈ পকী ঘৰ এটা সাজি সোমাব পৰা অবস্থা নাছিল তেতিয়া৷ এটা দৰমহাৰে জিৰাই শতাই বনাওতে ঘৰ হয়গৈ মানে লাগিল ৪ বছৰ৷ সেই ঘৰটো বনাওতে যোগেশ্বৰ শইকীয়াৰ টকা যিমান লাগিল, তাতোকৈ বেছি লাগিল তেওঁৰ শাৰিৰিক মানসিক কষ্ট৷ অকল নিজেই নহয় লৰা ছোৱালী কেইটাকো লগালে বেৰত পানী মৰা, বেৰত চূণ দিওঁতে পকাত পৰা চূণ মোচা৷ মাকে হকা বাধা কৰে, বাপেকে বোলে কৰক ঘৰটো হোৱাৰ পাছত সিহঁতেও গৌৰৱ কৰিব পাৰিব এইটো ঘৰ আমি লাগি ভাগি বনোৱা৷ ৪ বছৰৰ মূৰত যেতিয়া ঘৰটো হলগৈ যোগেশ্বৰ শইকীয়াই ঘৰটোৰ লগতে নিজেও বুকু পোন কৰি ৰল৷ কষ্টৰ ধনেৰে বনোৱা ঘৰ তেওঁৰ৷ ঘৰ লোৱা দিনা ওচৰৰ চুবুৰিয়াৰ লগতে অফিচ আৰু গাৱৰ মানুহক মাতি একঠা খুৱালে৷ সকলোৱে ঘৰ চাই শলাগিলে বোলে শইকীয়াই বৰ আটুম টুকাৰিকৈ ঘৰটো ললে৷ সেই ঘৰটো তেওঁৰ গৌৰৱ আছিল৷ এতিয়া নাই৷ ফৰলেনে মোহাৰি পেলালে৷

৫ বছৰমান আগেয়ে এদিন তেওঁ অফিচতে গম পাই আহিল বোলে হাইৱে ফ’ৰলেন হব৷ হাইৱে দাতিঁৰ ঘৰ সব ভাঙা যাব৷ সেইদিনা ৰাতি তেওঁৰ পেটলে ভাতে নগল৷ ঘৈণীয়েকে জকজকাই উঠিল বোলে অফিচটোত বাৰে ভচহু কথা এসোপা শুনি আহিব আৰু ভাত পানী এৰিব৷ বেমাৰত পৰিলে মোক নাটানিব৷ কেইদিনৰ পাছত কথাটো লাহে লাহে পাহৰি আহিল তেওঁ৷ কিন্তুু সেই শান্তি ষ্ঠায়ী হবলে নাপালে৷ আকৌ গম পালে ঘৰ যোৱাটো বোলে খাটাং৷ এইবাৰ খবৰটো আনিল মানুহজনীয়ে৷ ওচৰৰ ঘৰৰ গগৈৰ খুলখালীয়েকে ভিনিয়েকক খবৰটো দিছে৷ খুলখালীয়েক বোলে সেইবোৰতে কাম কৰি আছে৷ এইবাৰ শইকীয়াৰে নহয় শইকীয়ানীৰো মনৰ খুটা লৰিল৷ মানুহ দুটা জোপোকা মাৰিল৷ কিন্তুু সদায়টো জীৱন তেনেকে নচলে৷ সময়ৰ কথা সময়ত দেখা যাব বুলি নিজৰ মনবোৰক বুজাই ললে৷ ঘৰলৈ অহা ভাল খবৰবোৰে মনবোৰ মুকলি কৰি পেলালে৷ পুতেক দীপকৰ চাকৰি হল, জীয়েক তুলিকাই এম এ পাছ কৰিল, পুতেকলৈ বোৱাৰী আনিল৷ তাৰ মাজতে তেওঁ অবসৰো ললে৷ ব্যস্ততাৰ মাজতে আপদীয়া চিন্তাটোৱে লুকা ভাকু খেলি থাকিল৷

ফ’ৰলেনৰ মানুহে আহি যেতিয়া ঘৰ গছ গছনিৰ জৰীপ কৰি নি পাব লগা টকাৰ হিচাপটো দিলে ঘৰৰ সকলো সুখী হল৷ সুখী হব নোৱাৰিলে শইকীয়াহে৷ সেই টকাত যে তেওঁৰ গৌৰৱৰ বেচা কিনা হল৷ টকা পোৱাৰ পাছতে তেওঁ বনোৱা পিছফালৰ হেপাহঁৰ বাৰীখনতে আন এটা ঘৰ উঠিল, এইবাৰ আগৰ দৰে শামুকীয়া গতিতো নহয়, তেওৰ পচন্দতো নহয়৷ ডাঙৰকৈ বাৰী এখন বনোৱাৰ হেপাহঁতে তেওঁ ঘৰতো আগলৈ বনাইছিল, এতিয়া তেওঁ ভাবে ঘৰতো যদি তেতিয়াই অলপ পিছলৈ বনালহেতেন৷ পুতেকে আগৰতোতকৈ ডাঙৰকে আৰু আধুনিক কিটিপ লগাই নিজৰ পচন্দেৰে বন্ধাইছে নতুন ঘৰ৷ শইকীয়াই সেইফালে বৰকৈ চকু দিয়া নাই, চকু দিছে পুৰণাটোতহে৷ বনাবৰ সময়তো তেওঁ লগে ভাগে আছিল, ভাঙিবৰ সময়তো লগ এৰা নাই তেওঁ৷ ১৩ টা বছৰে চাঁ দিলে তেওঁৰ পৰিয়ালটোক, এতিয়া দুটা টকা পালে বুলিয়েই তেওঁ লগ এৰি দিবনে৷ এদিন দুদিনকৈ ঘৰটোেৰ বেৰবোৰ খহিল, লগতে খহিল যোগেশ্বৰ শইকীয়াৰ বুকুখনো৷ মাজে মাজে নিজহাতে লগোৱা আম নাৰিকল কেইজোপাৰ ওচৰত ৰৈ লাগ বান্ধ নোহোৱা কথা পাতিল৷ দুদিনমানৰ পাছত সেইকেইজোপাও কটা যাব৷ এদিন দুদিনকৈ নতুন ঘৰটোৱে মুৰ তুলি উঠিব৷ মানুহে কব সেইটো যোগেশ্বৰ শইকীয়াৰ ঘৰ৷ লগতে কব ফৰলেনত পোৱা টকাৰে বনোৱা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!