গালো বালো সকলো আলু (উজ্জ্বল ফুকন)

“চাহকাপৰ ৰং একেই আছে। কিন্তু জীৱনৰ ৰংবোৰহে হঠাত সলনি হ’ল।” ৰাজে হাতত থকা চাহ কাপলৈ চাই ভাবিলে।
ভৰি কেইটা মুঢ়াটোত ৰাখি বাতৰি কাকতখন হাতত লৈ চিন্তা কৰি থকা ভাৱ দেখুৱাই সি মাজে মাজে চাহকাপত শোহা মাৰি আছে। বিয়াৰ তাৰিখটো নঙলা জপিউৱা দি জাপ মাৰি পাৰ হৈ অহাৰ পিছৰে পৰা দায়িত্ব হঠাতে বাঢি যোৱা যেন পাইছে সি।
আজিকালি কিছুমান গধুৰ বাক্য মনত ৰাখি থৈছে সি। ল’ৰাৰ পৰা পুৰুষ হোৱাৰ পিছত গহীন হ’ব লাগে বোলে। গধুৰ গহীন আলোচনাবোৰত সি সততে প্রয়োগ কৰা কিছুমান বাক্য(?) হ’ল ‘নৈতিক অধঃপতন’ ‘চিন্তাশক্তি লোপ’ ‘নিকৃষ্ট মনোবৃত্তি’ ‘বিত্তীয় লাভালাভ’ ‘ৰাজনৈতিক সংঘাত’ ইত্যাদি। মেছিৰ পাছবোৰৰ দৰে নাছি ফুৰা মনটো হঠাতে এনেকৈ ৰাজ-নৈতিক মেৰপাকত বান্ধ খাই পৰিব বুলি সি কেতিয়াও ভবা নাছিল। সমস্যাটো হৈছে হঠাতে অবিবাহিত গ্রুপটোৰ পৰা ওলাই আহি বিবাহিত সমাজত মিলিব লগা হোৱাটো। কেনেকৈ সংসাৰ চলাব পাৰি? কি কি সমস্যা হ’ব? লং টাৰ্ম বেনিফিটৰ কাৰণে ক’ত ইনভেষ্ট কৰিব লাগে এইবোৰ শুনি শুনি এৰি অহা দিনবোৰ কিমান চিন্তামুক্ত আছিল সি ভাবি থাকিল।

“পেজ ৩ চা। কি মূৰটো চাই আছ প্রথম পৃষ্ঠাত।” হঠাত বেয়া ৰাজটোৱে মাত লগালে ভিতৰৰ পৰা।
“নৈতিক অধঃপতন হব তোৰ। তই এতিয়া ৰাজ-নৈতিক জ্ঞান থকা ব্যক্তি হব লাগিব। প্রথম পৃষ্ঠা ভালকৈ বুজিহে বেলেগ পৃষ্ঠালৈ যাবি।” ভাল ৰাজেও বুজাব ধৰিলে।
“এতিয়াও ছোৱালী চাবলৈ এৰা নাই” বাতৰিকাকতৰ প্রথম পৃষ্ঠাৰ চুক এটাত জিলিকি থকা শাৰীৰ বিজ্ঞাপনৰ মডেল এজনীলৈ আঙুলিয়াই ৰিয়াই ক’লে।
“ক’ত ছোৱালী চোৱা দেখিলা হে? কাইলৈ ভাৰত বন্ধ হ’ব নে নহয় তাকে চাই আছোঁ।” ৰাজে খঙত ক’লে।
“বন্ধ লৈ ইমান কি ভাবিব লাগে। কাইলৈ নহয় যদি বেলেগ এদিন হ’ব। বন্ধৰনো কি আকাল। দহটা পাবত গজা সংগঠনে বিছটা বন্ধ দিব।” ৰিয়াই গহীনত কলে।
“অসম বন্ধ নহয়। এইটো ভাৰত বন্ধ। আৰু তুমি অসমত নাই এতিয়া যেতিয়াই তেতিয়াই বন্ধ পাবলৈ। পাহৰি নাযাবা।” ৰাজে ৰিয়াক খোঁচ এটা মাৰি ক’লে।
হঠাত চকুকেইটা চলচলীয়া হৈ আহিল ৰিয়াৰ। হয়তো মাকলৈ মনত পৰিল।
“শেষ..কিয় যে ওলাল এই শব্দকেইটা মুখৰপৰা। এই ফটা মুখখনৰ পৰা উদ্ধাৰ কৰা প্রভু।” ৰাজে জিভাখন কামূৰি মনৰ ভিতৰতে ভোৰভোৰালে।
“এইখন লোৱা। আৰু লৈ আহিবা সকলো। একো পাহৰি নাযাবা। বন্ধ হ’লে দোকান খোলা নাথাকিবও পাৰে কাইলৈ।” ৰিয়াই বজাৰৰ লিষ্টখন ৰাজৰ হাতত গুজি দিলে।
‘চাহপাত চেনি হালধি .. পিয়াঁজ আলু’ ৰাজে ওপৰে ওপৰে লিষ্টখনত চকু ফুৰালে। “ঠিক আছে। অফিছৰপৰা আহোঁতে লৈ আহিম।” কথাটো কৈ ৰাজ অফিছৰ বাবে সাজু হবলৈ উঠি গ’ল।
লেপটপৰ বেগটোতে থেছি থেছি বজাৰ কৰা বেগটো ভৰাই দিলে ৰিয়াই। ৰাজে কেৰাহিকৈ চাই ভাবিলে ‘জীৱনটোৱে বেয়াকৈ ইউ(U) টাৰ্ণ ল’লে।’
ৰিয়াক যিমান পাৰে মৰম লগাকৈ হাঁহি এটা উপহাৰ দি লেপটপটো কান্ধত লৈ অফিছলৈ ওলাই গ’ল ৰাজ। লাষ্ট এনেকৈ সি কেতিয়া হাঁহিছিল ঠিক মনত পেলাব নোৱাৰিলে।
“আজি আকৌ মেনেজাৰৰ লগত হাইকৰ মিটিং হব পাৰে। কি লীলা দেখুৱাই বা সেইজনীয়ে।” ৰঙা লাইট জ্বলি থকা চিগনেল এটাত বাইকখন ৰখাই ভাবিলে ৰাজে।
কাষতে ধুনীয়া ছোৱালী এজনী বেলেগ এখন বাইকৰ পিছপিনে বহি আছে। সেঁওতাত বহুদেৰি চালেহে ৰে’ড চিগনেলটো দেখা পায়। তাইৰ ফালে কেৰাহিকৈ চাওঁতে চালকে পোন্দোৱাকৈ চালে ৰাজলৈ। বিয়াৰ আগতে হোৱা হ’লে তাক খং উঠাবলৈ বিভিন্ন অজুহাত উলিয়াই কেইবাবাৰো চালে হয়। কিন্তু এতিয়া সি তাৰ চাৱনিৰ অৰ্থ বুজি পায়। মনে মনে সি ক’লে ‘আমি একেখন নাৱৰে যাত্রী।’
“টিটিটইইইইইইট টিটিটিইইইইট” পিছপিনৰ পৰা এটাই হৰ্ণ বজাই উৰুৱাই নিয়া যেন কৰোঁতেহে ৰাজে দেখিলে যে চিগনেলটো খুলিছে।
অফিছ পাই কাম আৰম্ভ কৰাৰ অলপ পিছতেই মেনেজাৰে মাত লগালে “Raj, are you free? Can we have a one to one meeting now?”
“Sure” ৰাজে সঁহাৰি দি ভাবিলে ‘হাইকৰ মিটিঙলৈ মাতিলে না বুলি জানো কোনোবাই কয়।’
অলপ সময়ৰ পিছত মেনেজাৰ আৰু ৰাজ মিটিং ৰূমত মুখামুখিকৈ বহিল। গোটেই বছৰটো ৰৈ থাকে ৰাজ এই সময়খিনিৰ কাৰণে।
“Okay, you did a splendid job this year. I got great feedback from client about your work. Thank you. But as you know company is not doing well” মেনেজাৰে কৈ গ’ল।
“why are you talking about company. It’s not a one to one with the company. It’s one to one with me. Discuss how I performed last year and on the basis of that you have to give me the hike. Let me know if I am wrong in any point” ৰাজে ক’লে।
” That’s fine but hike depends on company’s performance as well. I don’t say you will not get hike. You will get but it may be minimal.” মেনেজাৰে কলে।
“okay. What is the price of potato per kg in the market today”- ৰাজে মেনেজাৰক সুধিলে।
“that is none of my business. I am not concerned of all these. Why are you asking me?” মেনেজাৰে সুধিলে।
“you should not care for all these because you do not belong to middle class. Your servant may be aware of all these. Ask me about the price of potato?” ৰাজে ক’লে।
“Now what does that mean? So you want me to leave all my work and increase my general knowledge on potato. Okay, you tell me the price of potato today.”
মেনেজাৰে অলপ খঙেৰে ক’লে।
“34 per kg. Now tell me what was the price of potato last year?” ৰাজে আকৌ সুধিলে।
“I don’t know and I don’t care” মেনেজাৰে কলে।
“15-20 Rs per kg” ৰাজে ক’লে।
“okay. Now what is the point?” মেনেজাৰে সুধিলে।
“Potato got hike of 40 to 50% and after doing all that ‘splendid work’ in your words I will get a minimal hike. in other words I am not even a potato, right?” ৰাজে উত্তৰ দিলে।
“I will talk to you later”- মেনেজাৰে তালৈ নোচোৱাকৈ উত্তৰ দি উঠি গ’ল।
ৰাজে অকলে বহি মুখ টিপি হাঁহি থাকিল। সিও জানে হাইক ভুলতো এইবাৰ নিদিয়ে। কিন্তু তথাপি ডাইলগ দুটামান দি চালে যদি হয় হওক কিবা এটা।
“মই কি আলুও নহয় নেকি?” ৰাজে অসমীয়াতে কৈ হাঁহিলে।
কথাটো কৈ তাৰ দেউতাকলৈ মনত পৰিল। দেউতাকে প্রায়ে কয় “আলুৰ নিচিনা হবলৈ চেষ্টা কৰিবি যাতে নিজস্বতা নেহেৰুওৱাকৈ সকলোৰে লগত মিলি যাব পাৰ।”
আজি তাৰ চিঞৰি চিঞৰি ক’ব মন গৈছে “দেউতা মই আলু হব নোৱাৰিলোঁ।”
হাইকৰ নামত ঘূৰণীয়া আলু এটা লৈ সি ঘৰলৈ উভটিল।
দুৱাৰখন খুলিয়েই ৰিয়াই সুধিলে “আলু আনিলা নে?”
তাইৰ হাতত থকা আঙ্কল চিপ্‌ছৰ পেকেটটোলৈ চাই সি ক’বও নোৱাৰা হ’ল মোকে খোৱা বুলি কাৰণ হাইকে বুজাই দিলে যে আজিৰ তাৰিখত আলু তাতকৈ বহুত ওপৰত।
“নাই পাহৰিলোঁ।” ৰাজে লাহেকৈ ক’লে।
“গালো বালো খুলাকটি তাল”- ৰিয়াই ক’লে।
“আজি গালো বালো সকলো আলুহে” ৰাজে মনৰ ভিতৰতে উত্তৰ দিলে।

( লেখাটোৰ কিছু অংশত ইংৰাজী ব্যৱহাৰ কৰিবলগীয়া হৈছে পৰিবেশ তথা পৰিস্থিতিৰ খাতিৰত, তাৰ বাবে দুঃখিত।)

One thought on “গালো বালো সকলো আলু (উজ্জ্বল ফুকন)

  • March 15, 2013 at 7:12 am
    Permalink

    Bhall lagil . sundor hoise .

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!