গানে কি আনে -(ডা° উদ্দীপ তালুকদাৰ)


 

মই গানৰ সাংঘাতিক ‘ফেন’ নহয়। মাত্ৰ গান শুনো মাজে মাজে। সা-ৰে-গা-মা-বোৰ মূৰৰ ওপৰেদি যায়, ডিঙিত ভুলটো একো সুৰ নাবাজে। কেনেকুৱা গান শুনি ভাল পাওঁ, তাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা আজিলৈ মই নিজেই পোৱা নাই। কিছুমান গানৰ সুৰটো ভাল লাগে, কিছুমানৰ কথা। কিছুমানৰ আকৌ দুয়োটাই। কেতিয়াও ভবাও নাই কোনটো গান কিয় শুনি ভাল লাগে? ভাল লগাৰো কোনো নিৰ্দিষ্ট শৈলী নাই। এইমাত্ৰ যদি “সন্ধ্যা যেতিয়া তুলসীৰ তল” শুনি আছোঁ, তাৰ পাছতেই হয়তো ঝেং ঝেংকৈ আৰম্ভ হৈছেঃ ডেডী মুঝছে বোলা! আৰু মোৰ দেখোন দুয়োটাই ভাল লাগে। মোৰ এই খেলি-মেলি সংগীত প্ৰেমৰ মাজতো কেইটামান গান শেষ নকৰাকৈ প্ৰায়েই নেৰোঁ, সেইকেইটা গানে এনে কিবা এটা আনি দিয়ে, যাৰ বাবে মই শেষ নকৰাকৈ নেৰোঁ।

 

প্ৰথম কি গান শুনিছিলোঁ মনত নাই। মনত নথকা দিনত হেনো মোৰ প্ৰিয় গান আছিলঃ মেৰে প্যাৰে বাচ্চো, মেৰে পাছ আও। আজি দুবছৰ মান আগতেহে মায়ে ভেদটো ভাঙিছে। তাৰ পাছত আকৌ শুনি মই আকৌ ভাল পাইছোঁ। কিয়? নাজানো! সৰু থাকোঁতে ঘৰত থকা টেপ-ৰেক’ৰ্ডাৰটোত প্ৰায়ে বাজিছিল ভূপেন হাজৰিকাৰ গান। সেয়ে ভূপেন হাজৰিকাৰ কেইটামান গান মনত ৰৈয়েই আছে। ভূপেন হাজৰিকাৰ কেবাটাও গানেই প্ৰিয়। তাৰ ভিতৰত আটাইতকৈ প্ৰিয় গানটো কিজানিঃ ‘প্ৰতিধ্বনি শুনো মই’। এই্ গানটোৰ লয়-টোত এনেকুৱা মাদকতা আছে যে অলপ পাছতেই সি আপোন-পাহৰা কৰি তোলে। পাছলৈ যেতিয়া আকৌ শুনিলোঁ, গানটোৰ পাহাৰখন, হেজাৰ চিঞৰবোৰ আটাইবোৰেই নিজা নিজা অৰ্থ লৈ খেলি-মেলি কৰিবলৈ ধৰিলে। তাৰ পাছত গানটোৰ মাদকতা আৰু সলনি হ’ল। ভূপেন হাজৰিকাৰে ‘সাগৰ সংগমত’ গানটোৱে আকৌ আনি দিয়ে এক আচৰিত শক্তি, তেনেকৈ বুকু ভৰায় যাই ‘শীতৰে সেমেকা ৰাতি’য়ে। ভূপেন হাজৰিকাৰ গানৰ কবিতাই যিদৰে উদ্বাউল কৰে, তেনেকৈ জয়ন্ত হাজৰিকাৰ ‘মায়াময় ৰূপালী জোনাক’, আৰু ‘সুৰাত মগনে’ জয়াল কৰি তোলে মনৰ হাবিখন। ‘সুৰাত মগন’ৰ আৰম্ভণিৰে ‘হামিং’খিনিৰ দৰে ‘Haunting’ সংগীত খুব কমেই আছে কিজানি।

 

দুই হাজৰিকাৰ মাজতে ক’ৰবাত খোপনি পুতি বহি আছে আকৌ ‘দিপালী বৰঠাকুৰ’। দিপালী বৰঠাকুৰে গোৱা গানবোৰ বোধকৰো ঘাইকৈ তেখেতৰ সৰল অথচ সুগভীৰ গায়কীৰ বাবেই বুকুত বিন্ধি যায়। ‘চেনাই মই যাওঁ দেই’-ৰ বিৰহৰ বেদনা বুজিবলৈ গানটো দুবাৰ শুনাৰ প্ৰয়োজন নাই। তেনেদৰে শুনি ভাল লগা কেবাটাও গান আছে ৰমেন বৰুৱা-দ্বীপেন বৰুৱা যুটিৰ। দ্বীপেন বৰুৱাৰ দৰে চিৰ-প্ৰেমিক কণ্ঠস্বৰ খুব কম আছে কিজানি। তেওঁৰ মাতটো যেন এক দুষ্ট মৰমৰ ভঁৰাল।

 

তাৰ পাছত হঠাতে উদয় হ’ল জিতুল আৰু জুবিন। জিতুল সোণোৱালৰ গানে হঠাতে এখন নতুন সুৰৰ পৃথিৱীৰ সন্ধান দিলে, আৰু তাৰ পাছত জুবিন গাৰ্গে। জুবিন গাৰ্গৰ কেবাটাও গান সদায়ে মনত থাকিব। গুণগুণায়ো থাকিম। জুবিন গাৰ্গৰ কণ্ঠস্বৰৰ এক আচৰিত গুণ আছে যে প্ৰতিটো গানৰ কথাৰ লগত তেওঁৰ কণ্ঠ অসাধাৰণ ভাৱে সন্তলিত হয়। কেতিয়াও নালাগে যে তেওঁ চিঞৰ-বাখৰ কৰিছে, বা প্ৰকাশ-ভংগীত উজুটি খাইছে। সেইবাবেই হয়তো জুবিনে বৰগীত গালেও হিট, প্ৰেমৰ গীত হ’লেতো কথাই নাই। কিন্তু জুবিনৰ কণ্ঠৰ মাদকতা মোৰ বাবে পূৰ্ণ প্ৰতিফলিত হয় হীৰেণ ভট্টাচাৰ্যৰ ৰচনাত। ‘নেজানো মন দোলে’ আৰু ‘গানে কি আনে’ এই দুটা গানত ভাৱ-প্ৰকাশৰ তেনে গধুৰতা কিজানি নাই, কিন্তু অকল সুৰৰ মায়াজাল আৰু ৰহস্যময়ী গীতি-কাব্যই দুয়োটা গানকে চিৰকাললৈ অমৰ কৰি ৰাখিব। জুবিনৰ পাছৰ অংগৰাগ মহন্তৰ গানতো আছে অসাধাৰণ নতুনত্ব। লোক-সংগীতক তেওঁ উলিয়াই আনি নিজস্ব শৈলীত অতি মনোমোহাকৈ পৰিৱেশন কৰিলে। অংগৰাগ মহন্তই গোৱা গানৰ ভিতৰত ‘বৈঠা মাৰো’, ‘সন্ধ্যা যেতিয়া নামে’-তকৈ মোৰ বেছি প্ৰিয় ‘ধনচেং’। ‘ধনচেং’ গানটোৰে অংগৰাগে বিহুৰ এক পাহৰিব ধৰা ৰূপ পুনৰ উলিয়াই আনিলে।

 

অৱশ্যে অসমীয়া গানৰ মাজতে হঠাতে সমগ্ৰ ভাৰতকে জোকাৰি গ’ল এ.আৰ. ৰহমানৰ ‘চিন্না চিন্না আশি’য়ে। সম্পূৰ্ণ নতুন সুৰ আৰু লয়ৰ এই গানটোৰ আৱেদন প্ৰথম দিনা গানটো শুনাৰ সময়তহে অনুভৱ কৰিব পাৰি। তাৰ পাছতে ৰহমানৰ গান ‘উৰ্বশী উৰ্বশী’ মোৰ চিৰকালৰ প্ৰিয় গানবোৰৰ এটা! কিয় সুধিলে মোৰ হাতত কোনো উত্তৰ নাই। সম্ভৱতঃ সুন্দৰ কবিতাৰে সমৃদ্ধ গানক হঠাতেই অৰ্থহীন শব্দৰে গাঁঠি দি প্ৰচলিত ধাৰণাৰ তীব্ৰ বিৰোধ কৰা বাবেই এই গানটো মোৰ প্ৰিয় হৈ ৰ’ল। হয়তো মোৰ বয়সো সেই সময়ত তেনে এক ধাৰণাৰ বশৱৰ্তী আছিল যাৰ কাৰণে এই গানটোৱে মনত বিশেষ দাগ কাটি গ’ল। ৰহমানৰ বাহিৰেও হিন্দী গানৰ ভিতৰত প্ৰথম অৱস্থাত মহেশ ভাটৰ আশিকী-ৰ ‘শ্বাসো কি জৰুৰত হে জৈছে’ গানটো, পাছলৈ অলপ পুৰণি গান শুনিবলৈ আৰম্ভ কৰাত কিশোৰ কুমাৰৰ ‘আ চলকে তুঝে মে লেকে চলো’ গানটো প্ৰিয় হৈ ৰ’ল। আচৰিত ধৰণে মহম্মদ ৰফীৰ গানবোৰ মই কেতিয়াও ভাল নাপালোঁ। বিশেষকৈ তেখেতৰ দুখৰ গানবোৰ মই বেয়াই পাওঁ। হঠাতে ভাল লগা গান হ’ল নিতীন মুকেশৰ ‘শো গেয়া য়ে জাহাঁ’। গানটোত দুখক আঁকোৱালি লৈ জীৱন যুদ্ধত ব্ৰতী হোৱাৰ মেছেজটোৰ বাবেই কিজানি মোৰ আটাইতকৈ প্ৰিয়। নিতীন মুকেশৰ কণ্ঠও গানটোত সুন্দৰকৈ মিলি পৰিছে। বৰ্তমানৰ চুফী শৈলীৰ গানবোৰ মোৰ অতি প্ৰিয়। গানত আত্মাক বিচৰাৰ প্ৰয়াসত চুফী শৈলীৰ বাহিৰে বাকীবোৰ তেনেই নিষ্প্ৰভ যেন বোধ হয়। এনে গানৰ ভিতৰত যোধা-আকবৰৰ ‘খাজা মেৰে খাজা’ অতি প্ৰিয়। গানটোৰ শেষলৈ যেন সুৰ-ভগৱান চব একে হৈ যায়।

 

হিন্দী গানৰ ভিতৰত হঠাতে একো একোটা গান এনেই প্ৰিয় হৈ যায় মোৰ। তাৰ ভিতৰত ইস্কিয়া-ৰ ‘দিল তো বাচ্চা হে জী’ গায়কীৰ সৰলতাৰ বাবে, আৰু ৰাব্বি ছেৰগীলৰ ‘জিন্হে নাজ হে’ মাজতে উন্নিছ-টো উনৈছবাৰ গোৱাৰ বাবে। এজন মানুহক ঊনৈছটা গুলী মৰা বুলি ক’লে সিমান একো অনুভৱ নহয়। কিন্তু ঊন্নিছ-ঊন্নিছ-ঊন্নিছ… বুলি ঊনৈছবাৰ ক’লে বুজা যায়, এজনক ঊনৈছটা গুলী মৰাটো কিমান নৃশংস। এনে সম্পৰীক্ষাৰে গান এটা শ্ৰোতাৰ হৃদয়লৈ সুমুৱাই দিয়াৰ প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়।

 

ইংৰাজী গান আগতে সিমান প্ৰিয় নাছিল। ইংৰাজী গান বিশেষকৈ হেভী মেটেল-ৰপৰা প্ৰথম আৰম্ভ কৰিলে বিপদ আছে। কিন্তু মাজতে মোৰ লগৰ এজনে কেইটামান নিজৰ পছন্দৰ গান দিলে। তাত আছিল Eagles-ৰ ‘Love will keep us alive’, Air Supply-ৰ Power of love, Scorpion-ৰ Wind of Change আদি গান। প্ৰতিটো গানেই অবিস্মৰণীয়। Love will keep us alive-ৰ কবিতা, Power of love-ৰ সংগীতে আপোনাক বেলেগ এটা স্তৰলৈ লৈ যাব পাৰে। Wind of change-ৰ সুৰক স্বৰ্গীয় বুলিলেও বঢ়াই কোৱা নহয়। এইখিনিতে আৰম্ভ হোৱাৰ পাছত লাহেকৈ আগবাঢ়িলোঃ Deep purple, Led Zeppelin আৰু Pink Floyd-লৈ। ৰক- বুলিলে আমাৰ বহুতেই নাক কোঁচায়। Child in time, Smoke in the water, Another brick in the wall আদি গানবোৰ সংগীতৰ পৰম শক্তিৰে সমৃদ্ধ। সমগ্ৰ বান্ধোন ছিঙি আত্মাক পূৰ্ণ মুক্ত কৰাৰ প্ৰয়াস এই গানবোৰত বিদ্যমান। ৰক-সংগীতকাৰসকলে সংগীতক প্ৰায় পূজাৰ পৰ্যায়লৈ লৈ গৈছিল। সেয়ে অতি উচ্চ-গ্ৰামৰ সংগীতেৰে এক ‘সন্মোহিত অৱস্থা’ লাভ কৰাৰ প্ৰয়াস দেখা যায়। ৰক অত্যন্ত শক্তিশালী। ৰক সংগীতে শুনোতাক জোৰ কৰি সংগীত শুনাবলৈ যত্ন কৰে। সেই কাৰণেই বোধকৰো বহুতেই ৰক সহ্য কৰিব নোৱাৰে। Roger Waters-ৰ Amused to death ইয়াৰ মেছেজৰ বাবে মোৰ বিশেষ প্ৰিয়। মাজতে আমাৰ চুবুৰীয়া বংগৰ ৰক-বেণ্ড ‘মাহিনেৰ ঘোৰাগুলি’ৰ ‘পৃথিৱীটা নাকি ছোট হতে হতে’ হঠাতে ভাল লাগি যোৱা গান। একেটা গানৰ সুৰৰ ওপৰত আধাৰিত গেংগষ্টাৰ ছবিত জেম্ছৰ ‘ভিগী ভিগী সি হে ৰাতে’ যদি শুনিছে, তেন্তে গান এটাক কেনেকৈ নষ্ট কৰিব পাৰি তাৰ উদাহৰণ আপুনি দেখি থৈছে। টিভি-ইণ্টাৰনেটৰ বহুল প্ৰচলনে ধীৰে ধীৰে গ্ৰাস কৰি অহা মানৱতাৰ ওপৰত ৰচিত মূল গীতটো সময়তকৈ প্ৰায় তিনিটা দশক আগবঢ়া।

 

তাৰ মাজতে আছে কেইটামান অতি প্ৰিয় গান, জাংগল বুক বোলছবিৰ ‘Look for the bare necessities’। ইয়াৰ উ্পৰিও Queen-ৰ Bohemian Rhapsody-ৰ বিভিন্নতা আৰু ৰহস্যময়ীতা, আৰু একেদৰে একেটা গোটৰে I want to break free. দুয়োটা গানেই এক বহুমাত্ৰিক অভিজ্ঞতাৰ আকৰ। ইংৰাজী গান বুলি নাক কোঁচোৱাৰ আগতে এই গানকেইটা শুনি চাবই চাব। অ’ মাজতে এখন ছবিৰ এটা জাপানী গান হঠাৎ প্ৰিয় হৈ পৰিল। (ছবিখন ইংৰাজীত চাইছিলোঁ। কিন্তু গানটো ভাল লগা কাৰণে ইউটিউবত জাপানীটো বিচাৰি উলিয়ালোঁ, সেইটো আৰু ভাল লাগিল।) ট’ন’ৰি ন’ ট’ট’ৰ’ নামৰ ছবিখনৰ শীৰ্ষ-সংগীত একে নামৰ গানটোত শৈশৱ বিমল ৰহস্যৰ অবিমিশ্ৰিত আমেজ আছে। ছবিখনৰ লগত গানটো শুনিব পাৰিলে আটাইতকৈ ভাল। শিশুগীতৰ ভিতৰত আন এটা পছন্দৰ গীত হৈছে ‘মক্ৰী’ ছবিখন ‘উংগলি দবাকৰকে আংগুঠা বনা দুংগী’ গানটো।

 

সংগীতৰ জ্ঞান মোৰ তেনেই তথৈবচ, মই আগতেই কৈ থৈছোঁ। এই গানকেইটাৰ ওপৰত মোৰ মন্তব্য নিজৰ অভিজ্ঞতাৰ বিৱৰণ মাত্ৰ। আন এজনে সম্পূৰ্ণ বিপৰীত মত পোষণ কৰিব পাৰে। আপোনাৰলোকৰো ভাল লগা গানৰ বিষয়ে অলপ বহলাই লিখকচোন। পঢ়িবলৈ ভাল লাগিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!