এটা গেঞ্জীৰ সাধু…(প্ৰদ্যুতজ্যোতি শইকীয়া)

**প্ৰথম দেখাতেই…….( প্ৰথম দিন )**

খানাপ্ৰা ..খানাপ্ৰা….. |তিনিচুকীয়াৰ পৰা আহি থকা বাছখনৰ হেন্দিমেনৰ “চৰ্টকাট” চিঞৰত সাৰ পালে অনুপমে | অনুপম , পেশাত চিকিত্‍সক | চিকিত্‍সক হ’লেও সাহিত্য সংস্কৄতিৰ চৰ্চাত ৰাপ বেছি | নাট্যদল এটাৰ লগত দিলীলৈ যোৱাৰ উদ্দ্যেশে সকলোকাম পেলাই গুৱাহাটীলৈ আগমন | খানাপাৰাৰ অভাৰব্ৰীজৰ তলত গাড়ীৰপৰা নামিয়েই অনুপমে ফোন লগালে বন্ধুবৰ জ্যোতিলৈ | জ্যোতি, জ্যোতি প্ৰকাশ নাথ ৰিপেয়াৰ এণ্ড মেইনটেনেন্স ইঞ্জিনিয়াৰ , ইমট্ৰনিকছ | যদিও জ্যোতি প্ৰকাশ বয়সত এবছৰৰ ডাঙৰ তথাপি অনুপমৰ লগত বন্ধুত্বৰ সম্বন্ধহে বেছি |
” ক’ত আছে আপুনি ?” জ্যোতি প্ৰকাশক সুধিলে অনুপমে |
“তুমি ডাইৰেক্ট ৰিহাৰ্চেললৈ যোৱা ” অন্য কথাৰ অৱতাৰণা নকৰি জ্যোতিয়ে উত্তৰ দিলে |
“অ কে ” কথা নবহলাই আগবাঢ়িল অনুপম | জানে সি | জ্যোতিৰ সময় নাই | আকৌ এবাৰ নতুনকৈ লোৱা নকিয়া আশা ম’বাইলটো পেন্টৰ পকেটৰ ভিতৰত ভেৰভেৰাই উঠিল | আকৌ জ্যোতিৰ ফ’ন |
“গণেশগুৰিলৈ আহি যোৱা | ম‍ই গৈ আছো ”
অনুপমে দেৰি নকৰি চিটিবাছ এখনত বহি পৰিল | পুৰণি ইঞ্জিনৰ চিটিবাছখন লাহে লাহে আগবাঢ়িল | গণেশগুৰিত নামি চিগাৰেট এটা জ্বলাই বেপেৰুৱা ষ্টাইল এটাত টান দি অনুপমে অপেক্ষা কৰিলে জ্যোতিলৈ | অনুপমক হতভম্ব কৰি হঠাতে পাছফালৰ পৰা আদবয়সীয়া মহিলা এগৰাকীয়ে মাত দিলে তাক ,
“দাদা , আপী এটা দিম নেকি ? ”
চক খাই উঠিল অনুপম | মহিলাগৰাকীৰ পাছফালে ৰৈ থকা ১৮-১৯ বছৰীয়া ছোৱালী দুজনীলৈ চালে সি | সিহঁতেও বৰ আশাৰে চাই আছে তালৈ | কিজানি ৰাতিৰ ভাত সাঁজৰ যোগাৰ একমাত্ৰ অনুপমেই কৰি দিব পাৰে | পিঁত্‍ পিঁত্‍ পিঁত্‍ | চিন্তা কৰা সময় নিদি জ্যোতি প্ৰকাশে মটৰ চাইকেলৰ হৰ্ণ বজালেহি | বাইকত উঠিবৰ সময়ত অনুপমৰ ছোৱালীদুজনী ৰৈ থকা ঠাই টুকুৰাৰ ওপৰৰ গছত বান্ধি ঠোৱা চৰকাৰী প্ৰচাৰ পত্ৰিকাখনত চকু পৰিল | ” এনৰেগা – সকলোৰে বাবে কৰ্ম , এন আৰ এইচ এইম -সকলোৰে বাবে স্বাস্থ্য | হোঃ | কিবা অস্বাভাৱিক হুমুনিয়াহ এটা ওলাল অনুপমৰ |
জ্যোতি প্ৰকাশৰ বাইকৰ এক্সিলেটৰত টান পৰিল | অনুপমহঁত আখৰাগৄহ পালোগৈ | আগৰেপৰাই ডাইৰেক্টৰ ছাৰ ব্যস্ত | আখৰা প্ৰায় শেষ হওঁ হওঁ অৱস্থা | চিনাকি হ’ল অনুপম | আগৰ বাৰৰ ছোৱালীজনী নাই | নতুন এগৰাকী অভিনেত্ৰী | চকুৱে চকুৱে পৰিল অনুপমৰ | মুখখন ঘূৰাই দিলে তেখেতে | হোঃ | বৰ ভেম দেখোন | অনুপমে মনে মনে কৈ উঠিল | ডাইৰেক্টৰ ছাৰে চিনাকি কৰি দিলে সকলোৰে লগতে | প্ৰায়বোৰেই চিনাকি মুখ | অভিনেত্ৰীৰ লগতো চিনাকি হ’লো | গায়ে গাৰিয়ে অনুপমৰ স্বাস্থ্যৰ একেবাৰে সমান অভিনেত্ৰীগৰাকী | “এয়া নিজৰা ” | নমষ্কাৰ দিলে অনুপমে | কিন্তু প্ৰতি নমষ্কাৰ নাহিল | ৱাহ | ভেমেই ভেম | অলপ সময়ৰ ৰিহাৰ্চেলৰ পাছত পাছদিনা চাৰে পাঁচবজাত ৰাজধানী এক্সপ্ৰেছত লগ হোৱাৰ শপত বাক্য পাঠ কৰোৱাই ডাইৰেক্টৰ ছাৰে বিদায় ল’লে | সদ্য চিনাকি মুখখনিয়েও পুৰণি স্প্লেণ্ডাৰ এখনৰ পাছত বহি এফুট দূৰত্ব ৰাখি বিদায় ল’লে | কথাটো অনুপমৰ চকুৰ পৰা সাৰি নগ’ল | মানে বয়ফ্ৰেণ্ড আছে চাগৈ ???? প্ৰশ্নবোধক দুটামান মুৰৰ ভিতৰত ৰাখি জ্যোতিদাৰ লগত ৰুমলৈ পোনাল অনুপম |

**ঝক ঝক ঝক ৰেলগাড়ী …..চলে মোৰ বুকুতে (২য় দিন )**

তৰা নৰা চিঙি কোনোমতে ৰাজধানী ধৰিলে জ্যোতি আৰু অনুপমে | উঠিয়েই সাৱধানী চাৱনি অনুপমৰ | কেনেবাকৈ… ক’ৰবাত ..নহ’লে কোনোখিনিত বা ক’ত আছে ? ডাইৰেক্টৰ ছাৰৰ উষ্ম আদৰণি “বোপাইহঁত , উঠিব পাৰিলি ? আহ আহ ” | কেৰাহিকৈ চালে অনুপমে | ক’লা টি চাৰ্টেৰে সেইগৰাকীয়েই হয় | হয় হয় , তেখেতেই | মুখ ধুৰাই দিলে তেওঁ | কোনে গুৰুত্ব দিয়েহে | মুখৰ ভিতৰতে ভোৰভোৰালে অনুপমে | শিল্পী দ’লটোৰ অভিভাৱক সকলৰ লগত চিনাকি হো্ৱাত ব্যস্ত হ’ল অনুপম | ছাৰেই অনুপমক চিনাকি কৰি দিলে ” এয়া আমাৰ নিজৰাৰ মাক ” | নমষ্কাৰ | এইবাৰ মাকৰ ফালৰ পৰা নমষ্কাৰ আহিল | আকৌ এবাৰ কেৰাহিকৈ চকু পৰিল অনুপমৰ | উপায় নাই ডেকা ল’ৰাৰ চকু | যাব‍ই | ৰাজধানী আগবাঢ়িল | লগতে দলটোৰ ফুৰ্তি ফাৰ্তাও |
মাজতে নাট্যদলৰ লগত অহা খুড়াৰ অনুপমক উদ্দেশ্যি “কামোৰ” সূচক বাক্যবাণ
” হ’ৰা ডাক্তৰ পোৱালি , স্বাস্থ্য পাতি অকণমান ভাল কৰা ”
“অকলে ৰন্ধা বঢ়া কৰি খাওঁ , ক’ত স্বাস্থ্য ভাল হ’ব খুড়া ? ” উত্তৰ দিলে অনুপমে |
“এগৰাকী গোটাই লোৱা | লাগে যদি আমিয়েই যোগাৰ কৰি দিওঁ ? ” নিজৰাৰ ফালে চাই অনুপমক উদ্দেশ্যি খুড়াৰ প্ৰশ্নসূচক বাক্য |
“পিছে স্বাস্থ্য হ’বলৈ হ’লে মাছ মাংস খাব লাগিব নহয় | ৰান্ধিব জানে বা নাজানে ৰাইজে ? ” খেলি থকা ২৯ জাপৰ পৰা “কুৰি এটা উলিয়াই দি অনুপমে খুৰাক সুধিলে |
“আমাৰ ছোৱালীয়ে মাছ মাংস নাখায় দেই ” খুৰাৰ ক্ষীপ্ৰ উত্তৰ |
“নাখালে কি হ’ব ? ৰান্ধি দিবটো পাৰিব ” এইবাৰ নিজৰাৰ মাকেহে মোৰ মুখৰ পৰা কাঢ়ি উত্তৰটো দিলে |
উত্তৰ শুনিয়েই লগত অহা সকলোৱে একেলগে হাঁহি দিলে | এটা ৰসৰ সুৰ বৈ গ’ল | খেলি থকা ২৯ জাপৰ একেবাৰে শেষৰ বাজীটো ৰঙৰ ৭ এটা মাৰি ৫ ফুটা কাটি আনিলে অনুপমে | অনুপমহঁতৰ ফালে ৰঙা দু্ফুটা ওলাল | বিজয়ৰ হাঁহি | চলন্ত ৰেলত ২৯ খেলাৰ মজাই বেলেগ | কেৰাহিকৈ আকৌ এবাৰ চালে অনুপমে নিজৰালৈ | নিজৰাৰ মুখত কিবা মিচিকিয়া হাঁহি এটা দেখিলে সি | হাঁহি এটা খেলি গ’ল তাৰ মুখত |

পিছে হাঁহিৰ জোৱাৰ বেছি সময় নিটিকিল | কিবা ৰোষ লাগি নিজৰা কম্পাৰ্টমেন্টৰ ওপৰৰ বিচনালৈ গ’ল | ৰাতিলৈকে ভাত নাখালে হেনো | নিজকে কিবা দোষী দোষী লাগিল অনুপমৰ | কিজানি তাৰ লগত জোকোৱাৰ বাবেই ভাত নোখোৱাকৈ আছে নেকি বাৰু ? ছেঃ | কাকো ক’বও নোৱাৰে কথাটো সি | ছোৱালীয়ে ইমান অভিমান কৰা প্ৰথম দেখিলে সি | অলপ পাছতহে গম পালে সি আছল কথাটো | তাৰ বাবে নহয় | নাটকৰ কিবা কথা লৈহে তেৰা ৰোহঘৰত সোমাইছে | ৱাহ ইমান অভিমান | নাপায় দেই | ৰাতিলৈ চেতন ভগত্ক সাৰথি কৰি শুই গ’ল অনুপম |

**আনে যোৱা বাটেদি নোযোৱা ছোৱালীজনী (৩য় দিন )**

ৰাতিপুৱাই শুই উঠি ব্ৰেকফাষ্ট কৰাৰ লগে লগেই অনুপমে কেৰাহীকৈ চালে নিজৰালৈ | আকৌ এবাৰ | নাই উঠাই নাই | কুম্ভকৰ্ণ নিদ্ৰা নে এতিয়াও অভিমানে আৱৰি আছে ? ইমান সময় ছাগৈ পেটৰ কেচু কুমতি কেইটাও হাংগাৰ ষ্ট্ৰাইক চলাইছে যেন পাইছো |
১২ টা বাজিল | লান্স আহিল | কিন্তু নিজৰা তেতিয়াও নানামিল | ১ টা বাজিল | তামাম | এতিয়াও নাই নমা দেখোন | ৰোহ ভাঙিল ১.৩০ মানতহে | হওক তেও | ২টামান বজাত সকলো গৈ দিল্লী পালেগৈ | প্লেটফৰ্মৰ পৰা চিধাই শংকৰদেৱ ভৱন | আমাৰ ৰুমৰ কাষতেই পৰিল নিজৰাৰ ৰুম | তাকো অনুপমহঁতৰ “বাথৰুমেই” ব্যৱহাৰ কৰিবলগীয়া হ’ল | সকলোৰে গা ধোৱা হোৱাৰ পাছত আৰামত অনুপমে গা ধুবলৈ বুলি বাথৰুমত সোমায়েই দেখিলে কাৰোবাৰ কাপোৰ অলপ থোৱা আছে | তাৰ কাষতে নিজৰ টাৱেলখন ৰাখি ব্ৰাছ কৰাত লাগিল অনুপম | এনেতে ধমধমাই সোমাই আহিল নিজৰা | অনুপমৰ টাৱেলখন দেখিয়েই চীত্‍কাৰ কৰি উঠিল তাই |
“এই মাত্ৰ খালি দেখিছিলোহে | কোনোনো আকৌ কাপোৰ ৰাখিলে, মানুহবোৰযে আৰু… ”
“মোৰেই কাপোৰ , আপুনি ইচ্ছা কৰিলে গা ধুই ল’ব পাৰে ” কৈয়েই তাৱেলখন ল’বলৈ আগবাঢ়িলো |
“মোৰ কিন্তু দেৰি হ’ব , কৈ থ’লো ” নিজৰাৰ দৄঢ় উত্তৰ |
” জানো, ছোৱালীবোৰৰ দেৰি লাগে গা ধুওঁতে ” ভিজা মেকুৰীৰ দৰে নিজৰ ৰুমলৈ ঘুৰি আহিল অনুপম |
“কি হ’ল ? গা নুধুলা যে ? ” জ্যোতিয়ে সুধিলে | অনুপমে কথাটো ক’লে | ঢেকঢেকাই হাঁহি উঠিল জ্যোতি |
তাৰ পাছত দুই এটা কথাৰ অৱতাৰণা | আবেলিৰ সময় আগবাঢ়িল | অনুপমহঁতৰ লগত থকামখাই উদ্ধাৰ কৰিলে কথা এটা | নিজৰাৰ বাথৰুমলৈ যোৱাৰ অত্যাধিক প্ৰৱণতা আছে | আছলতে মেনিয়া  | দেখিয়েই থাকোঁ বাথৰুমত |

আবেলিলৈ কালিলৈ অনুষ্ঠিত হ’বলগীয়া নাটকৰ বিষয়ে অনুপম আৰু ডাইৰেক্টৰ ছাৰে কথা পাতিলে | তাৰ পাছত সকলো ওলাই গ’ল | ফুৰিবৰ বাবে | ৰাতি হোৱালৈকে অনুপম আৰু নিজৰাৰ মাজত আকস্মিকভাৱে ১০ -১৫ বাৰমান মুখামুখি আৰু কথা বতৰাও হ’ল | (ৰাইজ মন কৰিব দেই , ১০ -১৫ বাৰমান আকস্মিক ভাৱে :P) | ৰাতি ভাত খাই শুৱৰ হ’ল | ছেঃ | ইমান সুবিধা পাইয়ো নাম্বাৰটোহে লোৱা নহ’ল | অনুপমে নিজকে ১০বাৰমান ধিক্কাৰ দি শুই থাকিল | কালিলৈ নাটক |

**দেৱতাইও নুবুজিলে তোমালোকৰ মন (৪ৰ্থ দিন)

ৰাতিপুৱা ব্ৰেকফাষ্ট একেলগে হোৱাৰ পাছত ওলাই গ’ল অভিভাৱকৰ ষ্টাফটো | মহিলা সমিতিসহিতে | লগতে নিজৰাও | কেৰাহিকৈ অনুপমলৈলৈ চাই গ’ল | অৰ্থটো হ’ল , পাৰিলে ওলোৱা | কিন্তু ডাইৰেক্টৰ ছাৰৰ কঢ়া নিৰ্দেশ | জ্যোতি আৰু অনুপম নাটকৰ মঞ্চলৈ সকলোৰে আগতে যাব লাগিব | ওলাবিহঁক | গতিকে ঘুৰা মেলা বন্ধ |

২টামান বজাতেই যাত্ৰা আৰম্ভ কৰিলে অনুপমহঁতে | মাতাহৰি অডিটৰিয়াম | দিল্লী | লগত নাট্যদলটিও | বহুত চেট আপ কৰিব লাগিব হেনো | আগতেই ৰাওনা সেই কাৰণে | কিবা এগালমান লেকচাৰ চলি আছে | অনুপম গ্ৰীণৰুমলৈ আগবাঢ়িল | নাটক আৰম্ভ হ’বলৈ এতিয়াও এঘণ্টা বাকী | দ্ৰেছিং চলি আছে | অনুপমে সকলোৰে লগতে সাৱ্ধানেৰে নিজৰালৈও চালো | কোনেও যাতে গম নাপায় | কিবা এটা অশান্তিত ভুগি থকা যেন লাগিল | কি হয় হৈ থাকক | তাৰ কি আহে যায় ? এনেকোৱা এটা ভাৱত সি ওলাই আহিল | কাম আছে | নাটকৰ পত্ৰিকাসমূহ বিতৰণ কৰিব লাগে দিল্লীবাসী দৰ্শকৰ মাজত | কৰ্ম‍ই ধৰ্ম | লাগি গ’ল সি | ঘামেৰে জুৰুলা হ’ল সি | এ চিডাল হেনো চলা নাই অডিটৰিয়ামত | বডি স্প্ৰে পলাই ফাট মাৰিলে তাৰ শৰীৰ পৰা | ভাগৰে জোগৰে সি গ্ৰীণ ৰুমৰ ফালে খোজ দিলে | কিন্তু ৰাস্তাতে ভেটিলে নিজৰাই |
“তোমাৰ গেঞ্জীটো মোক নাটক কৰাৰ বাবে দিবানে ? ” নিজৰাৰ এটা খাৰাং খাৰাছ অনুৰোধ | হতভম্ব হ’ল অনুপম | হাতৰ পৰা বাকীথকা পত্ৰিকাকেইখন সৰি পৰিল |
“দিবানে ?” আকৌ প্ৰশ্ন নিজৰাৰ |
“মো..মো..মো…মোৰ গেঞ্জীটো লেতেৰা গোন্ধাই আছে ” আছৰিত আৰু আৱেগিক হ’লে অনুপমে অলপ খোনাকৈ কথা কয় |
“চলি যাব | দিবানে তুমি? ম‍ই কাপোৰ আনিবলৈ পাহৰিলো ” আকৌ অনুৰোধ নিজৰাৰ |
দি দিলে সি | সাত পাঁচ নুগুনি দি দিলে | যি হয় দেখা যাব | গেঞ্জীটো খুলি থাকোঁতেই গম পাইছিল সি | কিমান যে দুৰ্গন্ধ বাহিৰ হৈছে তাৰ পৰা | কাপোৰ সলাই আকৌ আহিল নিজৰা | এইবাৰ আঙুঠিটোও গুজি দিলে তাৰ হাতত | ক’বলৈ নাপাহৰিলে তাই “চম্ভালি ৰাখিবা | মায়ে দিয়া এইটো “| এঘন্টাৰ পাছত নাটক শেষ হ’ল | দৰ্শকৰ হাত তালি | ৰুমলৈ বুলি খোজ ল’লে সকলোৱে | শেষ ৰাতি | শংকৰদেৱ ভৱন | কালিলৈ নাট্য দলটি যাবগৈ | ডাৰেক্টৰ ছাৰ , জ্যোতি প্ৰকাশ আৰু কেইজনমান থাকিব | মিটিং আছে |ৰাতি আকৌ বাথৰুমৰ মুখ ধোৱা ঠাই টুকুৰাত মুখামুখি হ’ল নিজৰা আৰু অনুপম |
“ঘৰটোৰ ওপৰত এখত খোলা চাদ আছে | জানানে তুমি ? জোনাক চাব পাৰি |” দুআষাৰমান কথা পতাৰ আশাৰে প্ৰস্তাৱসূচক তথ্যসঞ্চিত প্ৰশ্ন এটা আগবঢ়ালে অনুপমে |
“চাব পাৰি ” নিজৰাৰ উত্তৰ |
সিহঁত দুইটাই কথা পাতিলে | ওপৰলৈ নগ’ল | কৰিডৰতে কথা পাতিলে | নিজৰাৰ নাম্বাৰটো ল’লে অনুপমে | ৯৫…….. | বয়ফ্ৰেণ্ড নাই বুলি জানি এটা হাঁহি ওলাই গ’ল মোৰ মুখৰ পৰা |
“গেঞ্জীটো দিয়া | ” তাইক অনুপমে গেঞ্জীটো ঘূৰাই খুজিলে |
“কালিলৈ দিম ” খুব শান্তভাৱে ক’লে তাই |
১২মান বজাত শুবলৈ গ’ল সি | মেচেজ এটা দিও বুলি নিজৰাৰ নাম্বাৰত গুড নাইট বুলি মেচেজ এটা এৰিলে | মেচেজ নট চেণ্ডিং | ৰোমিং নাই ছাগৈ | শুই থাকিল সি | কালিলৈ সকলোকে দ্ৰপ কৰিব লাগিব | সপোনত কিবা কিবি এসোপা দেখিল সি | কোৱাটাৰটো ভালকৈ সজাই থোৱা | পুৱা শুই উঠি গৰম ভাত | লগত সুন্দৰভাৱে ৰন্ধা তাৰ প্ৰিয় বৰালিৰ টেঙাজোল | কিন্তু খাবলৈ লওঁতেই থালখন তলত সৰি পৰিল | ধমধমাই সাৰ পালে সি | ধেত্‍ তেৰি , সপোনহে | মনে মনে হাঁহি এটা মাৰি শুই গ’ল সি |

**আজি বিদায়ৰ দিন…(৫ম তথা শেষ দিন )**

ৰাতিপুৱা দেৰিকৈ উঠিল অনুপম | ১০টাই বাজিল | নাটকৰ দলটোক এৰিব লাগিব | নিজৰাও যাব | সকলো উঠি ব্ৰেক ফাষ্ট কৰিবলৈ গ’ল | বিচনাতে পৰি অকলে অকলে কিবাকিবিবোৰ ভাবি আছিল সি | দুৱাৰত নক পৰিল | নাটকৰ খুৰা হ’ব ছাগৈ | “কাম ইন ” | দুৱাৰখন ঠেলি নিজৰা সোমাই আহিল | হাতত অনুপমৰ গেঞ্জীটো | শুই থকাৰ পৰাই গেঞ্জীটো ল’লে সি | তাই উভতি খোজ ল’লে | আকৌ এবাৰ ঘুৰি চালে
“ৰাতিপুৱা দেৰিলৈকে শুৱাটো বেয়া ” তাই কৈ গ’ল |
অনুপম একে জাপেই উঠিল বিচনাৰ পৰা | গেঞ্জীটো গুন্ধি চালে সি | কিবা এটা ভাল গোন্ধাই আছে | মানে ভালকৈয়েই ধুই দিলে তাই | আজিলৈকে ইমান ভালকৈ নিজেই ধুই পোৱা নাই | আকৌ এবাৰ গুন্ধি চালে সি | মানুহবোৰে কিয় বিয়া পাতে আজিহে গম পালে সি | গেঞ্জীটোৱে যেন বিয়া পতাৰ সকলো কাৰণ বখানি আছিল | টাৱেলখনলৈ বাথৰুমলৈ ওলাল সি | ম’বাইলটোত গান এটা লগাই ল’লে “হামকো প্যাৰ হোৱা ….. পেহলি বাৰ হোৱা ” | “ৰেডি” চিনেমাৰ গান | অনুপমৰ ব্যক্তিগত ভালপোৱা গান | গানটো বাজি থাকোঁতেই অনুপম আকৌ মুখামুখি হ’ল নিজৰাৰ স’তে | আকৌ ভুৱন ভুলোৱা হাঁহি এটা | ৰৈ দিলে সি |
“ব্ৰেকফাষ্ট কৰিলানে ? ” নিজৰাৰ প্ৰশ্ন |
“নাই কৰা ” সপ্ৰতিভ উত্তৰ এটা দিলে সি |
“ম‍ই গৈ আছো |আহি যোৱা ” নিজৰাই প্ৰস্তাৱ দিলে |
গুলী মাৰা মুখ ধোৱা , গা ধোৱা | ব্ৰেকফাষ্ট আগত | ডাঙৰ ডাঙৰ মানুহবোৰে গা-মুখ ধোৱাৰ আগতেই চাহ-ভাত খাই লয় | অনুপমে লৰ ধৰিলে কেণ্টিনলৈ | তাইও এমোকোৰা হাঁহিৰে অনুপমৰ লগত খোজ দিলে কেণ্টিনৰ ফালে | অনুপমৰ ম’বাইলত বাজি থকা গানটো গুনগুনালে নিজৰাই ” হামকো প্যাৰ হোৱা… ” |
একেলগে নিজৰাহঁতক থ’বলৈ ওলালো | প্লেটফৰ্ম পালোগৈ | নিজৰাক ট্ৰেইনত উঠাবলৈ চাঞ্চ নাপালো | শেষৰ প্ৰশ্নটো এৰিলো
“ফেচবুক আছেনে ?”
“আছে ” তাই মুৰ দুপিয়ালে | ডাইৰেক্টৰ চাহাবৰ কেঞা চকু | ততাতৈয়াকৈ গাড়ীত উঠি নাটকৰ অন্য কামৰ বাবে এন এচ ডিলৈ ওলাল অনুপম | দিনটো বাগৰিল | ৰাতি আহিয়েই ককায়েকক ফ’ন কৰিলে অনুপমে ” মোক নেট পেক আৰু ফুল টক টাইম এটা সোমোৱাই দেচোন |ইয়াত ৰিচাৰ্ঝ কৰিব পৰা নাই ” | পাঁচ মিনিটৰ পাছতেই ৰিচাৰ্জ আহিল | নিজৰাৰ নাম্বাৰত ফ’ন লগালে সি | কম্পিউটাৰ ভয়চ এটা ভাহি আহিল ” দ্যা নাম্বাৰ ইউ হেভ ট্ৰাইয়িং ইজ নট এভেইলেবল | প্লিজ চেক ডা নাম্বাৰ ….”
ফেচবুক পকালে অনুপমে | নিজৰা বৈদ্য চাৰ্চিং | পাই গ’ল | প্ৰফাইলটো পালে সি | এবাউট বোলা ভাগটোত চকু ফুৰালে অনুপমে ” নিজৰা বৈদ্য ইন এ ৰিলেচনচিপ ৱিথ ভাৰ্গৱ…….” | অনুপমৰ বুকুখনৰ ক’ৰবাত বিষাই গ’ল |
বেক গ্ৰাউণ্ডত জ্যোতিৰ ম’বাইলত গান এটা বাজি আছিল ” তোনে মেৰে জানা …. ইশ্চক তেৰা …দৰ্দ তেৰা…. এম্পটিনেছ ….”
এটা এটা খণ্ড অনুপমৰ আগলৈ আহি থাকিল…..সিহঁহত দুটা গায়ে গাৰিয়ে সমান…….গেঞ্জীটো ভালকৈয়ে ফিটিং হ’ল তাৰ মানে …..মেচেজ নট চেন্দিং ………দ্যা নাম্বাৰ ইজ নট এভেই………জ্যোতিদাকো কথাটো ক’ব নোৱাৰে সি…….. অনুপমে পিন্ধি থকা গেঞ্জীটোলৈ চালে | হয় সেইটো গেঞ্জীয়েই | গেঞ্জীটো এটা সাধু হৈ ৰ’ল | এটা গেঞ্জীৰ সাধু |

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments