গৰম বন্ধৰ এদিন – সুনীল দত্ত

ৰাতিপুৱা ভালকৈ পোহৰ নহওঁতেই খকমকাই উঠিলোঁ৷ উঠিয়েই ঢেখালৰ(ঢেঁকীশাল)খুটাত বান্ধি থোৱা কুকটো(খালৈ)কঁকালত বান্ধি লৈ হনহনাই বাৰীৰ মাজৰ লুংলুঙীয়া ৰাস্তাটোৰে পথাৰলৈ বাট পোনালো৷ ছয়খন জাল পাতি থোৱা আছে৷ চাৰিখন পুঠিলাঙি আৰু দুখন কাঁৱৈলাঙি জাল৷ গৈ পাওঁতে দেৰি হ’লে বেলেগে জাল চোৱাৰ সম্ভাৱনা থাকে৷ এফালৰ পৰা জালকেইখন চাই যাবলৈ ধৰিলোঁ৷ ইছ, এইখন কেঁকোৰাই তেনেই কাটিলে৷ ডাঙৰ গৰৈ দুটাও কেঁকোৰাই খাইছে৷ মূৰ দুটাহে জালত পাক খাই আছে৷ ঔ আই! এইডাল চোন ঢোৰাসাপ৷ জালখন একেবাৰে মেৰিয়াই ধৰিছে৷ ইয়াত এৰুৱাই থাকিলে দেৰি হ’ব৷ ঘৰতেই পাকবোৰ ভাঙিব লাগিব পিছত৷ এইখন ঘৰলৈকে লৈ যাওঁ এতিয়া৷ মেম্বৰে সাজি দিয়া কুকটোৰ আধালৈকে কাঁৱৈ, গৰৈ, শিঙি, মাগুৰ, পুঠি, চেং, তুৰি, শিঙৰা, খলিহনা আদি মাছেৰে ভৰ্তি হৈছে৷ লৰালৰিকৈ দমকলৰ ওচৰৰ কৰ্দৈৰ গছডালত ঢোৰাসাপ লাগি থকা জালখন ওলোমাই থৈ বাৰান্দাত কুকটো থ’লো৷ চোতালৰ পৰাই মাক চিঞৰিলোঁ-“বাৰান্দাত কুকটো থৈছো মা৷”

লৰালৰিকৈ স্কুলৰ ফিল্ডৰ ফালে শিলগুটি দিয়া গড়কাপ্টানি পথটোৰে দৌৰিলোঁ৷ আজি দেৰিয়েই হ’ল চাগে’! ফিল্ড গৈ দেখিলো যে দেৰি হোৱা নাই৷ খেল আৰম্ভই হোৱা নাই৷ চুবুৰীৰ ল’ৰাবোৰে ৰাতিপুৱাই ফুটবল খেলোঁ৷ দহ বছৰীয়া কঙ্কণৰ পৰা আৰম্ভ কৰি পয়ত্ৰিশ বছৰীয়া বুবুললৈকে৷ বুবুল আৰু পৰীক্ষিতৰ লগত কোনেও লাগিব নাযায়৷ ভৰিৰ হাঁড়বোৰ লোৰ দৰে টান৷ লাগিবলৈ গ’লে লাগিব যোৱাজনৰ ভৰিতেই গুৰিয়ায়৷ ফলত দুদিনমান খোৰাই থাকিব লাগে৷ খেল শেষ হোৱাৰ পিছত পশু চিকিৎসালয়ৰ সন্মুখত থকা ৰাইজৰ পুখুৰীত সাঁতুৰিবলৈ নামো৷ সাহসীবোৰে সাঁতুৰি পুখুৰী ইপাৰ সিপাৰ হয়৷ আমি ওচৰতেই হাত ভৰি আঁচাৰি থাকো৷ বুবুলক “পানীলাউ“আৰু পৰীক্ষিতক “পাউ“ বুলি সকলোৱে এবাৰকৈ হ’লেও জোকাওঁ৷ বিনিময়ত অশ্ৰাৱ্য গালি গালাজেৰে কাণ শাত পেলাওঁ৷ ঘৰ আহি পায়েই চাংগোহালিৰ পৰা গৰুবোৰ নমাই ডাঙৰ থালীটোত পানী খাবলৈ দিলোঁ৷ জালখনৰ পৰা ঢোৰাসাপডাল এৰুৱালো৷ হাত মুখ ধুই পাকঘৰত সোমালোঁ৷ কাঁহৰ বাতিটোত এবাতি চাহ আৰু দুখন ডাঙৰ খোলাচপৰীয়া পিঠা মায়ে আগবঢ়াই দিলে৷ মকমকাই খোৱা আৰম্ভ কৰিলোঁ৷ মায়ে মাত লগালে-“আজি পেক দিব৷ দুখন হাল আৰু চাৰিজনী ৰোৱনী আহিব৷ কাম কৰিবলৈ দুজন মানুহো আহিব ভোজকুছিৰ পৰা৷ নাৰিকল চাৰিটা কাটি দিবি৷ টেকেলী পিঠা বনাব লাগিব৷ আৰু আজি প্ৰথম গোচা দিব লাগিব তই, গতিকে সোনকালে পথাৰলৈ যাগৈ।“

মায়ে উলিয়াই দিয়া নতুন আঢ়ৈহতীয়া গামোচাখন পিন্ধি পথাৰ পালোগৈ৷ পূবফালৰ চুক এটাত সেৱা জনাই গোচা দিলোঁ৷ আজি মোৰ বাৰ বাজিব৷ গোচা দিয়া মানুহজনে সন্ধিয়া নোহোৱালৈকে শুব নোৱাৰে৷ যদিহে শোৱে তেন্তে নতুনকৈ গোচা দিয়া কঠীয়াবোৰো বাগৰি পৰে বুলি বিশ্বাস কৰে৷ দুপৰীয়া গন্ধচানা আৰু দুধকচুৰ আঞ্জা ৰান্ধি খাবলৈ দিয়া হয়৷ পথাৰৰ পৰা ঘৰলৈ আহি ওচৰৰ দুঘৰমানৰ ঘৰত পাক মাৰিলোঁ বৰলৰ বাহ বিচাৰি৷ আজি বুঢ়াৰদলত বৰশী বাবলৈ যোৱাৰ কথা আছে৷ শেষত কান্দুৰ কাকাহঁতৰ ঘৰত টোপেৰে ভৰ্তি হৈ থকা খুদ বৰলৰ বাহ এখন পালোঁ৷ ঘৰলৈ আহি নাৰিকল কেইটা কাটি দিলোঁ৷ পথাৰত সকলোকে খোলাচপৰীয়া পিঠা আৰু চাহ দি আহিলোঁ৷ ন মান বজাত ঘৰলৈ আহিলোঁ৷ মায়ে ইতিমধ্যে পটাত কালাৰ দালি বটিছিল৷ আলুপিটিকা আৰু দালিবটাৰে ভাত খাই পাপলিক মাতিলোঁ৷ আজি পাপলিৰ লগত বৰশী বাবলৈ যোৱাৰ কথা৷ মোনা এখনত কাগজত বান্ধি ছাই অলপ, পানীৰ বটল এটা, গামোচা এখন, কটাৰী এখন আৰু সৰু বটল এটাত কলাখাৰ অলপ ভৰাই ল’লোঁ৷ বুঢ়াৰদললৈ একঁকাল পানী ভাঙি যাব লাগে৷ প্ৰকাণ্ড প্ৰকাণ্ড পানীজোকবোৰে ধৰিলে সেইবোৰক এৰুৱাবলৈ কলাখাৰ আৰু তেজ বন্ধ কৰিবলৈ ছাই ব্যৱহাৰ কৰোঁ৷ কঁকালত কুকটো বান্ধি লৈ তাতে বৰলৰ বাহখন ভৰাই ল’লো৷ কান্ধত বৰশীৰ চিপটো ওলোমাই হাতত মোনাখন লৈ বুঢ়াৰদললৈ আগুৱালোঁ৷

লাহে লাহে পানী ভাঙি বুঢ়াৰদল পালোঁ৷ পশ্চিমৰ পাৰটোত উঠি ল’লো৷ সাৱধানেৰে ভৰি দুখন পৰীক্ষা কৰিব ধৰিলোঁ৷ আজি বেছি জোকে ধৰা নাই৷ কলাখাৰৰ বটলটোত আঙুলি জুবুৰিয়াই লৈ জোকবোৰৰ মুখত লগাই দিলোঁ৷ থলথলকৈ সৰি পৰিল জোকবোৰ৷ জোকে খোৱা ঠাইবোৰৰ পৰা তেজ ওলাব ধৰিছে৷ ছাই অলপ উলিয়াই তেজ ওলোৱা ঠাইবোৰত সানি দিলোঁ৷ লাহে লাহে তেজ ওলোৱাটো বন্ধ হ’ব৷ অলপ মেটেকা আঁতৰাই বৰশী টোপাবলৈ দুটুকুৰা ঠাই উলিয়াই ল’লোঁ৷ পাপলিয়ে লৈ যোৱা জাইমলেৰ(আমৰলি পৰুৱা)টোপ অলপ ছটিয়াই দিলোঁ৷ মাছে টপটপাই খাব ধৰিলে টোপবোৰ৷ ক’লা কচু এডাল কাটি লৈ দুটা প(পুঙা)বনাই ল’লোঁ৷ বৰশী বোৱা আৰম্ভ কৰিলোঁ৷ বৰলৰ টোপত কাঁৱৈ মাছ টপটপাই আহে৷ মজলীয়া আকাৰৰ কাঁৱৈ মাছবোৰে দুয়োৰে কুকত জপিয়াব ধৰিলে৷ দূৰৰ ৰাস্তাত বাছৰ হৰ্ণ শুনিলোঁ৷ বুজিলো যে চাৰে এঘাৰ বাজিল৷ চাৰে এঘাৰ বজাত ’অংকুৰ’নামৰ কেণ্টাৰ বাছখন নলবাৰীৰ পৰা আহি পায়৷ পথাৰলৈ চাহ নিবৰ হ’ল৷ নহ’লে মাৰ গালি খাব লাগিব৷ লৰালৰিকৈ পাপলিক তাতে এৰি ঘৰমুৱা হ’লোঁ৷ ঘৰ পাই কুকটো বাৰান্দাত থৈ জোকবোৰ আঁতৰালো৷ ডাঙৰ কেটলী এটাত মায়ে চাহ চেকি দিলে৷ চৰিয়া দুটাত টেকেলী পিঠাকেইটা ভৰাই দি গামোচাৰে মোনাৰ দৰে বান্ধি ল’লোঁ৷ গুজুংগুজুংকৈ এহাতত চাহৰ কেটলী আৰু আনখন হাতত পিঠাৰ চৰিয়া লৈ পথাৰলৈ আগুৱালোঁ৷ আমাৰ কঠীয়াতলিখন ওখ আৰু ডাঙৰ৷ সীমাত গছ কিছুমান আছে৷ তাৰেই গছ এডালৰ তলত কেটলী আৰু চৰিয়া থৈ ৰোৱনী আৰু হালুৱৈক ৰিঙিয়াই মাতিলোঁ৷ হাল ৰখাই হালুৱৈ আৰু ৰোৱা এৰি ৰোৱনী কঠীয়াতলিত উঠিল৷ লাহে লাহে হাঁহি ধেমালি কৰি চাহ জলপান খাবলৈ ধৰিলে৷ এইখিনি সময়তে মই অলপ কঠীয়া তুলিব ধৰিলোঁ৷ কঠীয়া উঘালি লৈ গোৰোহাত চটপ চটপকৈ কোবোৱাৰ লগে লগে কঠীয়াৰ শিপাত লাগি থকা মাটিবোৰ ছিটিকিব ধৰিলে৷ জলপান খোৱা সামৰি সকলো কামে কাজে লাগিল৷ বাচনবোৰ সামৰি ময়ো ঘৰমুৱা হ’লো৷ লগত লৈ আহিলো ৰোৱনীয়ে তুলি থোৱা এমুঠি কলমৌ শাক আৰু কচুৰ থোঁৰ৷

ঘৰত বস্তুখিনি চমজাই দি মাৰ্বলৰ টেমাটোৰ পৰা বিশটামান মাৰ্বল জেপত ভৰাই ভোলাহঁতৰ বগৰীৰ তল পালোগৈ৷ ইতিমধ্যে খেল চলিয়েই আছিল৷ ময়ো গৈ তাতে ভাগ ল’লোঁ৷ হে ভগৱান৷ আজি মোৰ লাকী ডাইনটো আনিবলৈ পাহৰিলোঁচোন! বেলেগ ডাইন এটাৰেই খেলিবলৈ ধৰিলোঁ৷ পংকজহঁতৰ ঘড়ীটোত চালোঁ, দুই বাজি গৈছে৷ ভাত খাবলৈ ঘৰ পালোগৈ৷ ভাত খাবলৈ বহি আজিও খং উঠিল৷ টেঙাৰ আঞ্জা খাই বেয়া পাওঁ৷ গৰৈ মাছেৰে আজিও অমৰাৰ আঞ্জা ৰান্ধিছে৷ বাকীবোৰ পিছে বেয়া নাপাওঁ৷ লোৰ কেঁৰাহীত জলকীয়া সৰহকৈ দি অলপ কলাখাৰ ছটিয়াই ৰন্ধা কচুৰ থোঁৰ, কলমৌ শাক ভাজি, বাৰিষা লগা ৰঙালাউ আৰু আলুৰে ৰন্ধা কাঁৱৈ মাছ, জাবৰাং দি ৰন্ধা মাহৰ দালি আৰু গোটা ধনীয়া বটি ৰন্ধা মাগুৰ মাছৰ আঞ্জা৷ এপেট গিলি পিছফালে লিচুৰ তলত বহিলোঁ৷ ইতিমধ্যে ৰোৱনী আৰু হালুৱৈও আহি পাইছে ভাত খাবলৈ৷ অলপ জিৰাই শতাই কণক জেঠাহঁতৰ বাৰীৰ পিছফালৰ ভিঠালৈ ফুটবল খেলিবলৈ গ’লোঁ৷ বৰষুণৰ পানীবোৰ ভিঠাটোৰ অ’ত ত’ত জমা হৈ বোকা হৈছে৷ লাহে লাহে আটাইবোৰ ল’ৰাই বোকাৰে লুতুৰি পুতুৰি হ’লোঁ৷ আন্ধাৰ হোৱাৰ লগে লগে বাৰীৰ খালটোত আটাইবোৰ ল’ৰা জপিয়াই পৰিলোঁ৷ বোকাবোৰ আঁতৰাই চাফ চিকুণ হৈ ঘৰাঘৰি গ’লোঁ৷

আজি অম্বু আতাহঁতৰ ঘৰত নাম আছে৷ আঠমান বজাত ভোৰতালৰ মাত শুনাৰ লগে লগে আতাহঁতৰ ঘৰ গৈ ওলালোঁ৷ আজি লোহিতকা পাঠক৷ অইনদিনাৰ দৰে আজিও গুণা মেম্বৰ আৰু বুবুলে থিয় দিছে৷ মেম্বৰে থিয় দিলে নামৰ মজাই বেলেগ হৈ যায়৷ হাত, কঁকাল ঘূৰাই যিটোহে ভংগীমা দিব! উৎসাহত আমি সৰুবোৰেও পালিৰ লগত চাপৰি বজাওঁ৷ চাপৰি নিমিলিলে এটা নাম এৰাৰ লগে লগেই কণ্ঠিকাই গালি ধৰে৷ “বনমালী এ ৰাম“বোলা নামটো গোৱাৰ লগে লগেই স্ফূৰ্তি লাগি যায়৷ এইটো গোৱা মানেই নাম শেষ হ’ব৷ নাম শেষ হয়৷ গাজি, কল, লাৰু বিলোৱা আৰম্ভ কৰে৷ বুটবোৰ হাতত লৈ লুকাই চুৰকৈ দলিয়াদলি কৰোঁ৷ বুবুলৰ মূৰত যদি মই দলিওৱা বুট এটা পৰে, বুবুলে উমেশক বুট দলিওৱা বুলি ধৰে৷ কাজিয়াবোৰ চাই আমি মুখৰ ভিতৰতে খুকখুকাই হাঁহো৷ এটা সময়ত বিলনিয়াৰে আঁঠু লৈ সেৱা কৰাৰ পিছতেই সকলো ঘৰাঘৰি হ’লোঁ৷

নামৰ পৰা গৈ থাকোতেই উমেশ মামাই জোৰা(জোঁৰ)কাটিবলৈ যাবলৈ লগ ধৰিলে৷ লৰালৰিকৈ নাকে মুখে ভাতকেইটা গুজি উমেশ মামাৰ ঘৰ ওলালোঁ৷ চাইকেলৰ টায়াৰ এটা চুটিকৈ কাটি লোৱা সৰু বাঁহ এডালত বান্ধি লৈ জলাই লৈছে৷ মোক টায়াৰটো লবলৈ দি তেওঁ চাইকেলৰ স্প’কেৰে বনাই লোৱা কচডাল ল’লে৷ আমি গৈ তাৰিৰ ওচৰৰ পথাৰ পালোগৈ৷ মই পোহৰ দেখুৱাইছোঁ, তেওঁ মাছ খুঁচিছে৷ তিনিডাল ডাঙৰ কুচিয়া আৰু দুটা মাগুৰ খোঁচা গৈছে ইতিমধ্যে৷ হঠাৎ অহা প্ৰচণ্ড বৰষুণজাকে টায়াৰৰ জুইকুৰা নুমুৱাই পেলালে৷ দুয়ো তিতি জুৰুলি জুপুৰি হ’লোঁ৷ বিজুলীৰ পোহৰৰ মাজে মাজে দৌৰি দৌৰি কিবাকৈ ঘৰ পাই দীঘল উশাহ এটা ল’লোঁ৷ ভৰি হাত ধুই পিছদিনাৰ পৰিকল্পনাবোৰ কৰি কৰি বিছনাত উঠিলোঁ৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!