কবিতাই প্রাণ লোৱা 'অঘৰী প্রেমীক' ফেডেৰিক' গাৰ্থিয়া লৰ্কাৰ -(ৰক্তিম গোস্বামী)

(কাব্য সাহিত্য বিশেষ)
কবিতাই প্রাণ লোৱা অঘৰী প্রেমীকফেডেৰিকগাৰ্থিয়া লৰ্কা
জীৱন আৰু কবিতাত জাতীয় চেতনাবোধ
–  ৰক্তিম গোস্বামী
 
 
“Then I realized I had been murdered.
They looked for me in cafes, cemeteries and churches
…. but they did not find me.
They never found me?
No. They never found me.”
 
(Poet in New York (1939), Garcia Lorca)
 
‘মই কবি, মোক তেওঁলোকে কেতিয়াওঁ হত্যা নকৰে।’ এই বিশ্বাসেৰে জীয়াই থকা স্পেইনৰ প্রখ্যাত কবি গাৰ্থিয়া লৰ্কাক বধ্যভূমিলৈ চোঁচোৰাই নি হত্যা কৰা হৈছিল ফেচিষ্ট শাসকৰ দ্বাৰা। শিশুসুলভ এইজনা মাটিৰ সুৱাসেৰে সশোভিত কবিয়ে ২৯ বছৰ বয়সতো নিজৰ বিষয়ে কৈছিল ‘ I have always been a child’. লৰ্কায়ে স্পেইনৰ মাটিক, স্পেইনৰ চহা মানুহখিনিক নিজৰ কবিতাৰ মাধ্যমেৰে দিয়া মৰম আৰু তাৰ বিনিময়ত স্পেইনৰ কৃষক- বনুৱাৰ হৃদয়ত লাভ কৰা অফুৰন্ত মৰম আৰু আদৰেই হৈছিল লৰ্কাৰ জীৱনৰ কাল। বন্ধুৰ দ্বাৰা পোৱা বিপদৰ আগজাননীকো প্রত্যাখ্যান কৰি এই মৰমৰ তাগিদাতেই সৃষ্টি কৰি গৈছিল সাধাৰণ শ্রমজীৱী মানুহৰ ঘৰ্মাক্ত দেহাৰে সুৱাসিত এটাৰ পিছত আনটো যুগজয়ী কবিতা।
 
লৰ্কাৰ ১৮৯৯ত গ্রানাডাৰ দাঁতিকাষৰীয়া এখন সৰু গাঁৱত এটি কৃষিজীৱী পৰিয়ালত জন্ম হৈছিল আৰু সেয়ে পৰিয়াল প্রদত্ত হিচাপে পাইছিল মাটিৰ মাহাত্ম্যক উপলব্ধি কৰিব পৰা, চঁহা জীৱনত নিজকে প্রতিবিম্বিত কৰিব পৰা এখন নিখূট হৃদয়। লৰ্কাৰ জীৱন বসন্তবোৰ পাৰ হৈছিল প্রকৃতিৰ অতুলনীয় সৌন্দৰ্য্যৰ মাজত। আনহাতে একে প্রকৃতিৰ বুকুতে সকলো স্তৰৰ মানুহৰ নিধন যজ্ঞ চলাইছিল অত্যাচাৰী শাসকীয় ফ্রাংক’ বাহিনীয়ে। সেয়ে লৰ্কাৰ কবিতাত যিদৰে প্রকৃতিৰ বিনন্দীয়া উপাদানে ৰহণ চৰায় ঠিক সেইদৰে আনফালে বিষাদৰ ৰং সানে নিপীড়িত সকলৰ অসময়ত বৈ অহা তেজৰ বন্যাৰ শোক, যন্ত্রণাৰ আস্ফালনে। লৰ্কাৰ কবিতাৰ এক প্রধান উৎস হৈছে মানব প্রীতি। কিন্ত এই প্রীতিয়ে সাম্যবাদী ৰাজনৈতিক পোছাক পিন্ধা নাছিল। লৰ্কাৰ সৰলতাই লৰ্কাৰ শক্তি আছিল। এই শক্তিৰ আধাৰতে লৰ্কায়ে সপোন দেখিছিল ফ্রাংক’ বাহিনী মুক্ত এখন স্পেইনৰ য’ত থাকিব কেৱল মানুহৰ শৌৰ্য্য । লৰ্কাৰ মাটিৰে সুৱাসিত সহজ সৰল কবিতাবোৰে স্পেইনৰ কৃষক- বনুৱা, সহজ সৰল চহালোকসকলৰ হৃদয় সহজতে চুব পাৰিছিল কাৰণ তাত প্রতিফলিত হৈছিল তেওঁলোকৰেই জীৱনগাঁথা। লৰ্কা হৈছিল খেতিয়ক ৰাইজৰ মৰমৰ ফেডেৰিক’।
 
লৰ্কাৰ প্রথম কাব্য সংকলন ‘লিব্র’ ডে প’এমাছ’ খন প্রকাশ হয় ১৯২১ চনত। কিন্তু তেওঁৰ ২য় গ্রন্থ ‘ৰ’মানথেৰ গিটান’ (জিপচী বেলাড) ১৯২৮ চনত প্রকাশ পোৱাৰ লগে লগেই তেওঁৰ যশস্যা সমগ্র বিশ্বৰ স্পেনীচ ভাষিক লোকসকলৰ মাজত বিয়পি পৰে। তেওঁৰ এই কাব্য সংকলনখনৰ মাথো ৮ বছৰতে ৭ তা সংস্কৰণৰ পুণঃমুদ্রণ হোৱাতো সমগ্র বিশ্বতে লৰ্কাৰ কাব্যিক জনপ্রিয়তা প্রাপ্তিৰ এক সাক্ষী। স্পেইনৰ গ্রামাঞ্চলৰ জীবন্ত চিত্রণ, লোক সংস্কৃতি, নিৰ্যাতিতৰ যন্ত্রণা, দূখীয়াৰ দূখ, এখন নতুন স্পেইনৰ সপোনবোৰে লৰ্কাৰ বৈচিত্রময় গীতিধৰ্মী কবিতাবোৰক এক অনন্য মাত্রা প্রদান কৰাৰ লগতে আন আন সমসাময়িক স্পেনীচ কবিসকলৰ পৰা লৰ্কাৰ সৃষ্টিক সুস্পষ্টভাবে পৃথক কৰে। দক্ষ পিয়ান’বাদক লৰ্কাৰ কবিতাবোৰ লাহে লাহে হৈ পৰিছিল স্পেইনৰ জনগনৰ চেতনাৰ প্রতীক যি প্রতক্ষ্যভাবে শংকিত কৰিছিল ফ্রাংক’ক। শিশুসুলভ লৰ্কা কিন্তু এইবোৰ ভয়-সংশয়ৰ পৰা নিজকে মুক্ত কৰি চিৰদিন ব্যস্ত হৈ আছিল কবিতা লিখা, ছবি অঁকা,আবৃত্তি কৰা, গীত গোৱা অথবা পিয়ান’ত বিথ’ফেনৰ সুৰৰ লহৰ তোলাত।
 
স্পেইনক গৃহ যুদ্ধই সম্পূৰ্ণ গ্রাস কৰাৰ তিনিদিন পূৰ্বে কিউবা আৰু যুক্তৰাষ্ট্র ভ্রমণৰত লৰ্কা মাদ্রিদলৈ উভতি আহিছিল আৰু কিছুপৰ পিছতেই ‘university student theater company’ ৰ পৰিচালক হিচাপে নিযুক্তি লাভ কৰে আৰু স্পেইনৰ সামাজিক আৰু সাংস্কৃতিক দিশটোৰ লগত ওতঃপোতভাবে জড়িত হৈ পৰে। এইসময়ছোৱাতে লৰ্কায়ে নিজৰ নাটক দলটিৰ লগত স্পেইনৰ বহু ভিতৰুৱা অঞ্চল ভ্রমণ কৰে আৰু ৰাইজক বহু ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ধ্যান ধাৰণাৰ বিষয়ে অবগত কৰে, যিবোৰ আছিল ফ্রাংক’ৰ ৰাজনৈতিক স্বাৰ্থৰ সম্পূৰ্ণ বিৰোধী। ফলশ্রুতিত জাৰি হ’ল লৰ্কাৰ মৃত্যুৰ পৰোৱানা। মাদ্রিদৰ পৰা নিজ জন্মভূমি গ্রানাডালৈ যাওঁতে কৰায়ত্ত কৰা হ’ল লৰ্কাক। সামাজিক ন্যায়ৰ কথা কোৱা, সাধাৰণ জনতাৰ কন্ঠক কবিতাৰে ঝংকাৰিত কৰা এজন সৰল, শিশুসুলভ কবিক ফ্রাংক’ বাহিনীয়ে বধ্যভূমিলৈ চোঁচোৰাই নি নিৰ্মমভাবে গুলীয়াই হত্যা কৰে। কোৱা হয় ১৯৩৬ চনৰ ১৯ আগষ্টত লৰ্কা আৰু তেওঁৰ কমৰেড বন্ধুসকলক শাৰীৰিক নিৰ্য্যাতন চলাই, তেওঁলোকে নিজেই খন্দা গাতত গুলীওৱাৰ পিছত পুতি থোৱা হৈছিল। ‘সমকামী’তাক লৰ্কাক হত্যাৰ কাৰণ হিচাপে প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হ’ল। পুৰি পেলোৱা হৈছিল তেওঁৰ সকলো কিতাপ। নিষিদ্ধ হৈছিল লৰ্কাৰ জীৱনৰ অথবা কবিতাৰ মুকলি চৰ্চা।
 
কেৱল ৩৮বছৰ জীয়াই থকা লৰ্কাৰ চমু জীৱন কালত প্রকাশ হৈছিল মুঠ ১০ খন কাব্য সংকলন। মৃত্যুৰ পিছত প্রকাশ পাইছিল আন দুখন কবিতা পুথি। চিৰ সুবিধাবাদী, ক্ষমতালিপ্সু শাসকদলে লৰ্কাৰ শৰীৰটিক নিধন কৰিলে কিন্তু লৰ্কাৰ কাব্যিক, মুক্তিকামী সত্তা চিৰ প্রবাহমান। স্পেইনত, সমগ্র বিশ্বত যেতিয়ালৈকে শ্রমজীবী, কৃষক-বনুৱাসকল থাকিব তেতিয়ালৈকে থাকিব লৰ্কাৰ কবিতাৰ গুণগুণনি এজাক বতাহৰ দৰে স্বস্তিৰ নিশ্বাস হৈ ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments