গোলকীকৰণ, পুঁজি কেন্দ্ৰীভূতকৰণ আৰু উচ্চশিক্ষা (ইন্দুকল্প শইকীয়া)

কেতিয়াবা কিছুমান সৰু সৰু কথা ইজন সিজনৰ লগত আলোচনা কৰি গৈ থাকোঁতে ইটো কথাৰ লগত সিটো কথা মিলি কিছুমান ভয়ংকৰ কথা ওলাই পৰেগৈ যিবোৰ সাধাৰণতে আমি কল্পনা নকৰিছিলোঁ৷ এই কথাবোৰ যদিওবা ১০০ শতাংশই শুদ্ধ নহ’ব পাৰে কিন্তু এনে নোহোৱাৰ অৱকাশ সম্পূৰ্ণ নুই কৰি কোনেও নোৱাৰে৷
আকৌ ঘুৰি গৈছোঁ মাজতে সিদিনা Oxafam নামৰ সংস্থাটোৱে প্ৰকাশ কৰা এক তথ্যলৈ৷ তেওঁলোকে প্ৰতিবছৰে পৃথিৱীৰ ধনী মানুহবোৰৰ এখন তালিকা আৰু সম্পত্তিৰ এক আভাস প্ৰস্তুত কৰে৷ তেওঁলোকে প্ৰকাশ কৰা এই বছৰৰ তালিকা মতে ৬২ জন মানুহৰ সম্পত্তি পৃথিৱীৰ বাকী আধা মানুহৰ সম্পত্তিৰ সমান আৰু সিমান সংখ্যক সম্পত্তি ২০১০ চনত ৩৮৮ জন মানুহৰ মাজত আছিল৷ ২০১৬ চনত একেই গতি থাকিলে,মাত্ৰ ১% মানুহে পৃথিৱীৰ বাকী আধা জনসংখ্যাৰ সমান সম্পত্তি অধিকাৰ কৰিব পাৰিব৷ অৰ্থাৎ ধনী মানুহবোৰ ধনী হৈ হৈ গৈ আছে আৰু পুঁজি কেন্দ্ৰীভূতকৰণৰ এক বিশাল আয়োজন চলিছে সেই সকলৰ মাজত৷ তাৰ ফলস্বৰূপে কি হৈছে? সৰ্বত্ৰ দেখা দিছে ভীষণ পুঁজি সংকত৷ সকলো চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে খৰছ কমোৱাৰ নামত হকে-বিহকে সাধাৰণ কৰ্মচাৰীৰ সুবিধা সমূহ কৰ্তন কৰিব ধৰিছে, চৰকাৰে বহুক্ষেত্ৰত আওপকীয়াকৈ বিভিন্ন চৰকাৰী উদ্যোগক বেচৰকাৰী সংস্থাক গটাই দিছে ইত্যাদি ইত্যাদি৷
এই কথাখিনি মূৰত ঘুৰি থকাৰ মাজতেই আহিল হাইদৰাবাদৰ ৰুহিত ভেমুলা আৰু জে.এন.ইউ.ৰ কানহায়া লালৰ ঘটনা৷ যদিওবা ডাঠি ক’ব নোৱাৰো, এই দুইটা ঘটনাই ওপৰৰ “পুঁজি কেন্দ্ৰীভূতকৰণ”ৰ লগত আওপকীয়াকৈ জড়িত হৈ আছে৷ দৰাচলতে যদিওবা দুইটা ঘটনাৰ সৃষ্টিৰ উৎসৰ লগত পুঁজি কেন্দ্ৰীভূত হোৱাৰ কোনো সম্পৰ্ক নাই, কিন্তু দুয়োখন চৰকাৰী বিশ্ববিদ্যালয়ত এনে ঘটনা হোৱাই এক বিশেষ ইংগিত বহন কৰে৷
আমি সকলোৱে জানো যে ১৯৯৪ চনত গঠিত হোৱা ৰাষ্ট্ৰীয় মূল্যাংকন আৰু কৃতিত্ব নিৰ্ণয় সমিতিয়ে(NAAC) যিকোনো চৰকাৰী বিশ্ববিদ্যালয় তেওঁলোকে দিয়া নিম্নতম মৰ্য্যদা অৰ্জন কৰিবলৈ সমৰ্থ নহ’লে সেই বিশ্ববিদ্যালয় বন্ধ কৰি দিব পাৰে৷ এই NAAC নামৰ সংস্থাটো চৰকাৰে গঠন কৰিছিল আমেৰিকাৰ ‘কমিছন অন্ ইনষ্টিটিউচন অৱ্ হায়াৰ এডুকেশ্বন’ নামৰ এক সংস্থাৰ হাতপুথিৰ আৰ্হি অনুসৰি৷ এই সকলো সংস্থাৰেই এটাই মত আছিল উচ্চ শিক্ষাত এখন ৰাষ্ট্ৰৰ খৰছৰ অংশ নিয়ন্ত্ৰণ কৰা৷ তেওঁলোকৰ মতে উচ্চশিক্ষা এক অগুণসম্পন্ন খৰছ আৰু ই সৰ্ব্বসাধাৰণৰ বাবে নহয়, কেৱল উচ্চবিত্তৰ বাবেহে৷ প্ৰাথমিক শিক্ষাইহে প্ৰকৃততে এখন দেশৰ উন্নয়নত সহায় কৰে৷ গতিকে NAAC কো চৰকাৰে এনে এক প্ৰতিষ্ঠানৰূপে গঢ় দিলে যে ই এখন বিশ্ববিদ্যালয় বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত সকলো ব্যৱস্থাই গ্ৰহণ কৰিব পাৰিব৷ এইক্ষেত্ৰত বেচৰকাৰী শিক্ষানুষ্ঠান গঢ় দিয়াত চৰকাৰে অধিক গুৰুত্ব দিব আৰু চৰকাৰী বিশ্ববিদ্যালয়লৈ অনুদান তথা বিভিন্ন সুবিধা সমূহ লাহে লাহে কমাই আনিব৷
এতিয়া ১৯৯৪ চনতে গঠন কৰা NAACয়ে, ইমান দিনলৈ সকলো চৰকাৰী বিশ্ববিদ্যালয় বন্ধ কৰাত সফল নহ’ল কিয়? ইয়াৰ কাৰণ চৰকাৰসমূহে জনমতৰ ভয়ত এনে এক সিদ্ধান্ত শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা নাই৷ কিন্তু প্ৰায় সকলো ঠাইতেই বেচৰকাৰী বিশ্ববিদ্যালয়ৰ মানদণ্ডৰ প্ৰতি জনতাক পতিয়ন নিওৱাত সফল হৈছে৷ এইয়া বি.জে.পি., কংগ্ৰেছ অথবা আন কোনো দলীয় চৰকাৰ বুলি নহয়, সকলো দলেই এই ক্ষেত্ৰ ভিতৰি সহমত প্ৰকাশ কৰিয়েই “নাক”ক গঠন কৰিছিল যদিওবা সময়ে সময়ে হোৱা পৰিস্থিতিত জনতাক আভুৱা ভাৰিবলৈ ইটো দলে আনটোক এক নাটকীয় শ্লোগান দিয়া দেখা যায়৷ ২০০৮ চনৰ বিশ্বজুৰি হোৱা অৰ্থনৈতিক মন্দাৱস্থাত যদিওবা ভাৰত সাংঘাতিক ভাৱে ক্ষতিগ্ৰস্ত হোৱা নাছিল, কিন্তু এখন উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে আন আন ৰাষ্ট্ৰৰ ওচৰত থকা কৰৰ বোজাৰ বাবে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত চাপ বাঢ়িবলৈ ধৰিলে৷ ইয়াৰ লগে লগে উচ্চশিক্ষাৰ লগতে বেচৰকাৰী কৰণৰ পৰিকল্পনা থকা আন আন প্ৰতিষ্ঠানসমূহৰ (যেনে বিদ্যুত,ডিজেল,সাৰ ইত্যাদি) বেচৰকাৰীকৰণ আৰম্ভ কৰা হ’ল৷ চৰকাৰী উচ্চশিক্ষাৰ প্ৰতিষ্ঠান সমূহ যিহেতুকে আবেগিক ভাৱে এখন দেশৰ জনতাৰ লগত জড়িত হৈ থাকে, সেয়ে এনে অনুষ্ঠানৰ বেচৰকাৰী কৰণত কোনোতো দলেই আগ্ৰাসী হৈ আগবাঢ়ি নাহিল, কিন্তু এই অনুষ্ঠান সমূহৰ শিক্ষাৰ মানদণ্ড হ্ৰাস কৰাত চেষ্টাৰ ত্ৰুটি কৰা নহ’ল৷ লগতে বৰ্ত্তমান সংঘটিত হোৱা জে.এন.ইউ.ৰ দৰে ঘটনাৰ বাবে খাপ পাতি ৰোৱা হ’ল আৰু এনে ঘটনা সমূহক বিষয় হিচাপে লৈ বিভিন্ন বেমেজালিৰ সৃষ্টি কৰি শিক্ষাৰ্থী তথা অভিভাৱকক এই সমূহ বিশ্ববিদ্যালয়ৰ প্ৰতি এক নেতিবাচক ভাৱ সৃষ্টি কৰাৰ প্ৰয়াস কৰাই থকা হ’ল৷
এই সমূহ কাৰ্য্যকলাপত কানহায়া অথবা ভেমুলা এক “উৎস” মাত্ৰ য’ত ভেমুলাৰ দৰে দুৰ্ভগীয়া ছাত্ৰই মৃত্যুক সাৱটি লয় আৰু কানহায়াৰ দৰে সৌভাগ্যশালী ছাত্ৰৰ বাবে জনতাৰ নেতা হিচাপে প্ৰতিষ্ঠিত কৰাৰ সুযোগ আহি যায়৷ এনে নাটকীয় পৰিস্থিতিক অধিক নাটকীয় কৰি তুলিবলৈ সষ্টম হৈ থাকে সংবাদ-মাধ্যমসমূহ৷ তেওঁলোকৰ বাবেও বেপাৰ কৰাৰ এক সুৱৰ্ণ সুযোগে হাতত দেখা দিয়ে আৰু বিভিন্ন ৰাজনৈতিক প্ৰেক্ষাপটক সংগী কৰি এনে ঘটনা সমূহক জনতাৰ সহায়েৰে অধিক আকৰ্ষণীয় কৰি তোলে৷ এই গোটেই ঘটনাসমূহ কৰ্পৰেট,সংবাদ মাধ্যম আৰু ৰাজনৈতিক দল সমূহৰ অংকৰ হিচাপত চলি থাকে য’ত মাথো ফিৰিঙতি পেলাই থৈ যায় কোনো সাধাৰণ জনতাই৷
শেষত এই গোটেই ঘটনাসমূহ সৰু সুৰাকৈ আলোচনা কৰি থাকোঁতেই গম পালো চেন্নাইত প্ৰতিষ্ঠিত তিনিখনকৈ সকলোৰে শীৰ্ষত থকা বেচৰকাৰী বিশ্ববিদ্যালয় আৰু এখন পঞ্চতাৰকা যুক্ত হোটেলৰ কিছু আঁৰৰ কাহিনি৷ এসময়ৰ চেন্নাইৰ মুখ্যমন্ত্ৰী এম.জি.আৰ.ৰ চাৰিজন ভৃত্য অথবা সহজ ভাষাত ‘প্ৰাইভেট গুণ্ডা’ আছিল৷ এম.জি.আৰ. যি অনুষ্ঠানলৈকেই নাযাও তেওঁলোক চাৰিওজন দুফালে দুজনকৈ যোৱা দেখা গৈছিল আৰু যিকোনো অপৰাধ বা বেআইনী কামৰ বাবে তেওঁলোকক নিয়োজিত কৰা হৈছিল৷ এক কথাত তেওঁলোক এম.জি.আৰ.ৰ ভৃত্য আছিল৷ কথাতে কয় ‘ৰজাই ভাল দেখে যাক, ভেটিও নেলাগে তাক’ এই বাক্যশাৰী এই চাৰিওজন ভৃত্যৰ লগত আখৰে আখৰে ফলিয়াইছিল৷ এম.জি.আৰ.ৰ মৃত্যুৰ আগে আগে খুব বেয়া অৱস্থা হৈছিল৷ বৃক্ক অচল হৈ পৰা বাবে বিভিন্ন সমস্যাই দেখা দিছিল যিটো সময়ত এই চাৰিজন ভৃত্যৰ বাদে একেবাৰে ওচৰত খুব কম মানুহ আছিল৷ তাৰে এজনে তেওঁৰ সকলো মল-মূত্ৰও ধুই মেলি চাফা কৰি দিছিল৷ সেইজন বিশেষ ভৃত্যক তেওঁ এক বিশাল মাটি টোকন হিচাপে উপহাৰ দিছিল য’ত ভৃত্যজনে এখন হোটেল সাজিছিল আৰু পিছলৈ সেইখন এক আন্তৰ্জাতিক হোটেল কোম্পানীৰ পঞ্চতাৰকা হোটেললৈ পৰিৱৰ্তিত হৈছিল৷ বাকী তিনিজন ভৃত্যকো তেওঁ একেদৰেই কিছু কিছু মাটি দান কৰিছিল য’ত বৰ্ত্তমান দুখন চেন্নাইৰ সকলোতকৈ নামজ্বলা ইঞ্জিনীয়াৰিং কলেজ আছে আৰু আন এখন হৈ আছে ‘মেডিকেল কলেজ এণ্ড হস্পিতেল৷’ মুঠৰ ওপৰত ক’বলৈ গ’লে চেন্নাইৰ বেচৰকাৰী খণ্ডটো সম্পূৰ্ণ ভাৱে এওলোক কেইজনে নিয়ন্ত্ৰণ কৰি আছে৷ এই ব্যৱসায় সূচাৰু ৰূপে চলি থাকিবলৈ তেওঁলোকে ভিন ভিন ৰাজনৈতিক দলৰ সদস্য নাইবা নিজেই একোটা ৰাজনৈতিক দল গঠন কৰি সমাজ সেৱাৰ কাম কৰাৰ এক নিদৰ্শন দেখুৱাই আছে৷
মুঠৰ ওপৰত চৰকাৰ, ছাত্ৰনেতা, ক’ৰ্পৰেটৰ মালিক অথবা ৰাজনীতিকৰ ভৃত্যক বাদ দি সাধাৰণ জনতাৰ ভৱিষ্যত এই হিচাপে চালে বিৰাতেই ভয়ংকৰ৷ ইয়াত কোনটো দল অথবা কোনটো সংগঠন জড়িত হৈ আছে তাৰ ওপৰত একো নিৰ্ভৰ নকৰে৷ কিয়নো পুঁজি কেন্দ্ৰীভূতকৰণে সকলোকে বিৱশ কৰি আহিছে, বাকী থকাখিনিৰ ওপৰত ওপৰ মহলত খোৱা কামোৰা লাগিছে৷ তাৰ বাবে যাৰেই যি ইচ্ছা সেই হিচাপেই নিজৰ নাটকৰ উপস্থাপন কৰি জনতাক বিভ্ৰাট কৰিছে আৰু নিজকে প্ৰতিষ্ঠাপিত হোৱাৰ সপোন ৰচিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!