সৰু-সৰু ঘটনা [১ম খণ্ড] ( নিতুল বৰা )

 

প্ৰত্যেক মানুহৰ ল’ৰালি কালৰ কিবা নহয় কিবা মধুৰ স্মৃতি,আমোদজনক ঘটনা থাকেই, তাকে কিছুসংখ্যকে প্ৰকাশ কৰে আৰু কিছু সংখ্যকে লাজ-সংকোচ ভাৱৰ বাবে, মানুহে শুনিলে কি বুলিব বুলি ভয়তে প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। মোৰো শৈশৱ, ল’ৰালি কাল পঢ়াশুনা-খেতিপথাৰ, লগৰীয়াৰ লগত মাৰ্বল, ভেটাগুটি বা টাংগুটি আদি নানা খেলধেমালিৰ লগতে মধুৰ কিছুমান আমোদজনক ঘটনাৰে ভৰা আছিল। এই ঘটনাবোৰৰ সোৱাদ মাজে সময়ে মোৰ সৰু-সৰু ঘটনাৰ মাজেৰে ৰাইজক দি আহিছো। আজিও তাৰেই এটি সৰুঘটনাৰ কথা লিখিছো……………

ল’ৰালিতে নানা ধেমালিৰ মাজতে কিছুমান দুষ্টামিও কৰিছিলো, এদিনৰ কথা, তেতিয়া মোৰ বয়স মাত্ৰ ১৪ কি ১৫ বছৰ মান আছিল বোধ হয়। দুপৰীয়া ঘৰত মই অকলে আছো, মা-দেউতা গাঁৱৰ সেৱা এটিলৈ গৈছিল। সেইদিনা ময়েই ঘৰ ৰখীয়া হৈ আছিলো, মায়ে দহাই দহাই কৈ গৈছিল—বাৰীঘৰৰ ফালে চকু ৰাখিবি, উদঙিয়া গৰু সোমাই গোটেইখন যাতে তহিলং নকৰে।

ময়ো মাৰ কথা মনত ৰাখি আগফাল পিছফাললৈ মাজে সময়ে চকু ৰাখিছো। বাৰীৰ পিছফালৰ জপনাখন ভালকৈ জপাই থৈছো, আগফালৰ নঙলা কেইডাল এবাৰ গৈ চাই আহিছো, সকলো ঠিকেই আছে। সেয়ে ভাবিলো গা-টোকে ধুই লোৱা যাওঁক, কিছুসময়ৰ পিছত গা-টো ধুই ভিতৰলৈ সোমাই আহি এহাতত গামোচা খন লৈ গা মচি মচি ভিতৰ সোমাইছো, এনেতে বাৰীত শুকান গছপাতৰ খৰখৰণি,মেৰমেৰণি শুনিলো, ভাবিলো জেওঁৰা ভাঙি সোমাল চাগৈ কাৰোবাৰ গৰু, মনতে ভোৰভোৰালো, এই চবৰ পৰা শান্তি নাই আৰু, কিমান খেদি থাকিম, হুহ বোলো— গৰু পুহিছে চম্ভালিব নোৱাৰিলে কাটি খাই পেলালেই হল। (সচৰাচৰ মনলৈ অহা খঙৰ ভমকত ওলোৱা এটা গোৱাল গালি) গেঞ্জিটোত হাতকেইটা সুমুৱাই তললৈ টানি টানি শোৱা কোঠালীৰ খিড়িকীৰ কাষলৈ গৈ জুমি চাই দেখো কথা সৰ্বনাশ, সেইটো গৰু নহয়। দিন-দুপৰতে চোৰ, তাকো প্ৰাপ্তবয়স্ক ওচৰ-চুবুৰীয়া সেইটো পটাগুটি দেদাইটি দেখোন। আমাৰ বাৰীৰ হেণ্ডালিত দীঘল দীঘলকৈ ওলমি থকা লাও কেইটালৈ চুপে-চাপে ইফালে সিফালে চাই হাত মেলিছে, যেন সেই দুটা দেদাইটিৰ হাত নহয়, লেলিহান জিভাহে। পাৰিলে যেন গোটে গোটে গিলাৰ মনহে।

চেহ কথা বিষম দেখোন, কি কৰা যায় এতিয়া, মই যদি মাত দিওঁ দেদাইটিয়ে লাজ পাই যাব। আৰু লাও কেইটা নাইকিয়া হলে মায়ে আহি পিঠি ফালিব। ১৫ চেকেণ্ডমান ভাবিলো, এহ দেদাইটিয়ে এইবয়সত দিনতে চুৰ কৰিবলৈ যদি লাজ পোৱা নাই,মইনো মাত দিবলৈ কিহৰ লাজ, তাতে আনৰ ভুলৰ কাৰণে ঘৰত ঔকিল খাবলৈ নাই, এইবুলি খিড়িকীৰেই মাত লগালো-

:-বোলো দেদাইটি হয়নে! দিনদুপৰতে নাপাই আৰু দেই, হাত মেলিব নালাগে এই দিনদুপৰতে…….!লাগে যদি মোক কওঁক এটা দিম নহয়, কিন্তু এনেকৈ বেয়া দেখি নহয়।
:-দেদাইটিয়ে এমেনা-সেমেন কৰিলে! এহ নহয় ঔ, মই মানে চাইছিলোহে লাওকেইটাত বৰলে বিন্ধিছে নেকি..?
:-সেইকেইটা মই আৰু মায়ে দিনে তিনি চাৰিবাৰ চায়েই আছো, আপুনি নাচালেও হব দিয়ক।
:-হে হে হে বুলি কৈ লাহে লাহে যিবাটেৰে আহিছিল সেইবাটেৰে খোজ ল’বলৈ ধৰিলে।
পুনৰ মাত লগালো……
:-হেৰি নহয়, জেওৰাখনৰ সূচী কেইডাল ওপৰলৈ উঠাই থৈ যাব দেই, নহলে আকৌ এইবাৰ খুৰিটিও সোমাবহি পাৰে নহয়। হে হে হে কৈ হাঁহি হাঁহি কথা কেইষাৰ আনমানুহ হোৱা হলে কাটি কাটি সোমালে হেতেন দেহত কিন্তু দেদাইটিয়ে ইকানে সুমুৱাই যে সিকানে উলিয়াই দিব সেইটো জানো তেওঁৰ স্বভাৱ। দেদাইটিৰ হাতখন আগৰ পৰা অল লৰ। সুযোগ-সুবিধা পালে ৰাতিও চিপৰাং মাৰিবলৈ আগে পিছে গৈছিল বুলি শুনিছিলো।

দেদাইটি সেইদিনালৈ আৰু দেখা নাপালো………………….গ’ল কথা গুচিল, ময়ো পাহৰিলো। প্ৰায় ৪,৫ মাহমান পাৰহৈ গ’ল। দেদাইটিয়েও লাজমান কাটি কৰি মোক য’তে দেখে মাতষাৰ দিয়া হল। ময়ো সহাৰি দিও।

আন এদিনাৰ কথা, সেইদিনাও ঘৰত মই আৰু ভাইটিহে আছিলো, মা-দেউতা ডাক্তৰৰ ঘৰলৈ গৈছিল। ঘৰৰ টিঙৰ ওপৰত গছৰ পাত জমা হোৱা বাবে হাতত বাঢ়নী এডাল লৈ ওপৰত উঠি চাফা কৰি আছিলো, ঠিক ৯ মান বাজিছে পুৱা। বান্দৰৰ উত্পাত বাবে মোৰ লগত অনবৰতে কেটেপা এডাল আৰু পকেটত মাৰ্বল কেইটামান থাকেই। বহুসময় টিঙৰ ঢৌৰ ফাকৰ জাৱৰ চাফা কৰি ভাগৰি টিঙৰ ওপৰতে বহি পৰিলো। কিছু সময়ৰ পিছত দেখিলো সেই একেই দেদাইটি আমাৰ বাৰীৰ জেওঁৰাখন বেঙা মেলি পাৰহৈ আহিছে, মই লৰ-চৰ নকৰাকৈ চাই আছো। ইফালে সিফালে চুচুক-চামাককৈ চাই এখোজ দুখোজকৈ আগুৱাই আহিল হেণ্ডালি খনৰ ফালে। উৱাদিহ ল’লে ঘৰত কোনোবা আছেনে নাই, সন্তৰ্পণে এহাত মেলি ইফালে সিফালে পুনৰ চালে, লাও এটাত হাত দিছেহে, তেনেতে দেদাইটি অহা দেখি পাঙি থকা বুদ্ধিটো প্ৰয়োগ কৰাৰ সঠিক সময় সমাগত। কিবা কয় নহয় বোলে সময়ৰ শৰ সময়ত মাৰিবা, ময়ো তাকে কৰিলো।

হাতত থকা কেটেপা খন লৈ পকেটৰ পৰা সাউতকৈ মাৰ্বল এটা উলিয়াই লাওগছজোপাত থকা কুনকুনি বৰ’লৰ বাহটোলৈ বুলি পোনাই গাৰজোৰে মাৰ্বলটো এৰি দিলো, কেইচেকেণ্ডৰ ভিতৰতে গৈ বৰ’লৰ বাহটোত লাগিল, হো-হোঁৱাই বৰ’ল কেইফালে উৰিবলৈ ধৰিলে, কাষতে দেদাইটিক পাই বৰ’লবোৰে আগুৰি ধৰিলে। দেদাইটিয়ে খালে ঔ মৰিলো ঔ বুলি দেদাউৰিয়াই কো-কোৱাই যাবলৈ ধৰিলে, মই তেতিয়া মাত লগালো টিঙৰ ওপৰৰ পৰা—

:-বোলো দেদাইটি, কি হ’ল নো..?? কিবা দেওভূটে পালে নেকি..?
মুখেৰে একো নামাতি, মোৰ ফালে পোন্দোৱাকৈ চাই মাথো কৈ গ’ল-তোক চাই লম বাপ্পেকে।
মই হাঁহিত ৰব পৰা নাছিলো, ভিতৰৰ পৰা ভাইটিয়ে আহি সুধিলে-
:-দাদা, কি হ’ল অ, কোনে খালেঔ মৰিলোঔ বুলি চিঞৰিছে..?
ভাইটি ঘটনাৰ আদ্যপান্ত কলো, সিও খুব হাঁহিলে। বোলে চোৰকে মোৰে পালে আজি। মই বোলো হয় দে………তথাপিও লাজ হোৱা নাই মানুহটোৰ।
এনেয়ে কয়নে—বোলে……

চোৰে নেৰে চোৰ পৰকিতি,
কুকুৰে নেৰে ছাই,
যাৰ যি পৰকিতি আছে
মৰিলেও লগতে যায়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments