ঘিলামৰীয়ানী নমৰে – অনুপমা বৰগোহাঁই

গল্পটোৰ আজি জন্ম হ’বনে? হয়তো হ’ব৷ কিন্তুু জীয়াই থাকিবনে? কিমান কেইটা বিফল ৰ্গভধাৰণ – অহেতুক প্ৰসৱ যন্ত্ৰণাত ছটফট কৰিব লগা হৈছিল তাই৷ ষোল্লটা বিফল ৰ্গভধাৰণ, অহেতুক যন্ত্ৰণা! ইমান বছৰে তাই সকলোবোৰ প্ৰসৱ বেদনাৰ বিষ দাঁত মুখ কামুৰি সহ্য কৰি গৈছিল৷ প্ৰসৱ বেদনাত চিঞৰ বাখৰ কৰাটোও যে এক লজ্জাজনক কথা৷ বহুত গুপুত – গুপুত কথা এইবোৰ৷ বাহিৰত ধুনীয়া সৰল শান্ত সৌমতাৰ পোচাক পিন্ধা মানুহজনে তাইক যে এনেদৰে বহুবাৰ গল্প এটা ধাৰণ কৰিবলৈ বাধ্য কৰিছে কোনেনো ভাবিব পাৰে! সোতৰ নম্বৰবাৰৰ বাবে তাইক পুনৰ গল্প এটা ধাৰণ কৰিবলৈ বাধ্য কৰিলে অজলা সুন্দৰ মানুহজনে৷ এই বয়সত তাইৰ শৰীৰ আৰু আত্মাই ইমান বেদনা সহ্য কৰিবলৈ বৰ কষ্ট পাইছে৷ সেয়ে আজি মাজে মাজে বিকট চিঞৰ একোটাহঁত মাৰিছে তাই৷ তাইৰ চিঞৰত সহজ সৰল ধুনীয়া মানুহজনৰ খং আৰু লাজত মুখ ৰঙা পৰি যোৱাটো কোনেও নেদেখিলেও সেই জন্ম হ’বলৈ লোৱা গল্পটোৰ চৰিত্ৰবোৰে দেখিছে৷ বিকট চিঞৰ মৰা মানুহজনীৰ মুখখন গাৰু এটাৰে প্ৰচণ্ড জোৰেৰে হেঁচা মাৰি দিলে তেওঁ৷ মানুহজনীৰ চিঞৰটোৰ শব্দ মানুহজনৰ কাণত অলপ কমকৈ পৰিছে৷ উস অলপ ৰক্ষা! শব্দ বৰ বেয়া পায় তেওঁ! কৰবাত কোনোবাই লাহেকৈ গুণগুণালে, কোনোবাই নাচিবৰ বাবে ভৰিত জুনুকা পিন্ধিলে মানুহজনৰ জুই যেন খং উঠে৷ বিশেষকৈ মানুহজনীয়ে যদি শব্দ কৰি হাঁহে, কাৰোবাৰ লগত যদি তাই জোৰেৰে কথা পাতে – মানুহজন এটা অগ্নিপিণ্ড হৈ পৰে৷ শব্দ বেয়া পোৱা মানুহজনক এই সাধাৰণ মানুহজনীয়ে এনেদৰে প্ৰদূষিত কৰে! তেওঁ আহৰণ কৰা এটি সম্পত্তিহে মাথোঁ তাই৷ তাই হ’ল নাৰী – তেওঁৰ ভাষাত মাইকীমানুহ৷ মাইকীমানুহে অৰ্থ উপাৰ্জন কৰা, নিজৰ সুখ, সন্তুষ্টি, বৌদ্ধিক বিকাশৰ বাবে অনুশীলন কৰা এইবোৰ কথাত মন দিব নালাগে৷ সকলোকে নীৰবে আলপৈচান কৰি সন্তুষ্ট কৰিব পাৰিলেহে মাইকীমানুহে হাঁহি মাৰিব লাগে৷ তেনে মাইকী মানুহেই সতী, সাবিত্ৰী ঘৰৰ লখিমী৷ অতি কষ্টৰে খং সম্বৰণ কৰি মানুহজনীক তেওঁ বুজায়: চোৱা জান, লাউ যিমান ডাঙৰ হ’লেও পাতৰ তলত থাকে ৷ পাতৰ কাম হ’ল লাউটোক সুৰক্ষা দিয়া, খাদ্যৰ যোগান দিয়া৷ লাউটোৱে গছজোপাক সুৰক্ষা দিয়াৰ, খোৱা বোৱাৰ যোগান দিয়াৰ কোনো প্ৰয়োজন নাই৷ লাউবোৰ মানুহে খাবলৈয়ে সৃষ্টি হৈছে৷ নিজক আনৰ বাবে সৰ্মপণ কৰি আনৰ উদৰ তৃপ্তি কৰি লাউটোৱে তাৰ সৃষ্টিৰ সাৰ্থকতা পায়৷ “
: কি সুন্দৰ যুক্তি৷ কিন্তুু মইনো লাউ কেনেকৈ হলো বুলি তাই প্ৰশ্ন কৰিলেই মানুহজনৰ শান্ত শীতল ৰূপ পলকতে একুৰা প্ৰচণ্ড জুইলৈ পৰিৰ্বতন হৈ পৰে৷ এই জুইৰ উত্তাপে মানুহজনীক ভম ভমকৈ পুৰে৷ কোনেও নেদেখে এই জুই৷ কোনেও নাপায় এই জুইৰ উত্তাপ! কিন্তুু মানুহজনীৰ ৰ্গভত ধাৰণ হোৱা কেতিয়াও জন্ম নোহোৱা গল্প একোটাৰ চৰিত্ৰ কিছুমানে সকলো দেখি থাকে৷ মিঠা মুখৰ সৰল মানুহজনৰ এই ৰূপ সিহঁতি আচৰিত হৈ চাই থাকে৷ এটা চৰিত্ৰই ভাবে: “যৌৱনত কিতাপ আৰু কল্পনাৰ জগতত বিহাৰ কৰি আমি বিভিন্ন মানুহ, তেওঁলোকৰ সামগ্ৰিক জীৱন ৰ্চচা সৰ্ম্পকে যি ভাববিলাসী আদৰ্শ লোক বুলি গঢ় দি লওঁ – সি যে অতি কল্পনাসম্ভূত আৰু বায়বীয় সেয়া হয়তো লাহে লাহে এনেকৈয়ে অনুভূত হয়৷ “ আন এটা চৰিত্ৰই তাইক কাণে কাণে কয়: “ কল্পনাৰ আতিশায্যত আমি প্ৰায়েই এটা সময়ত জীৱনক এক তীব্ৰ উত্তেজনাময় জুৱাখেল হিচাপে লওঁ৷ আৰু তাৰ চৰম ফলাফল এনেবোৰ দহন৷ সেয়ে মনে মনে সহ্য কৰি থাকা৷ এনে সময়তো কিছুমান চৰিত্ৰই তাইক নীৰবে আলফুলে শান্তি আৰু সহনশীলতাৰ শীতল বা দি থাকে৷ কিছুমান চৰিত্ৰই কিন্তুু তাইক অহৰহ ভৎসৰ্না কৰে৷ এৰা, কিয় বা নকৰিব ভৎসৰ্না! দেউতাক মাকে তাইক কৈছিল: ’ সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ৷ ’ সেই কথাই তাইক মনোকষ্ট দিছিল তেতিয়া৷ প্ৰতিবাদ কৰি কৈছিল ক’তনো অসমান দেখিলা? যিদৰে টকাই সকলো নহয় সেইদৰে মেধাই জীৱনৰ সকলো নহয়! সকলো মেধাবী ব্যক্তি যে প্ৰজ্ঞাশীল নহয় সেই কথা তাই তেতিয়া জানিছিল৷ কিন্তুু প্ৰজ্ঞাশীল ব্যক্তিহে মেধাবী হয় এতিয়া তাই উপলব্ধি কৰিছে৷ কিন্তুু তাইৰ গল্পৰ চৰিত্ৰ কিছুমানে এই উপলব্ধিটো অসত্য বুলি কয়৷ মানুহজন বিশেষ মেধাবী নাছিল যদিও প্ৰজ্ঞাশীল বুলি তাই ভাবিছিল৷ সেয়ে হয়তো তাই মানুহজনৰ বাবে নিজৰ সকলো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল৷ সৰুৰে পৰা উপন্যাস গল্প পঢ়ি পঢ়ি সপোনকোমল হোৱা তাইৰ মনটোৱে মানুহজনৰ ঘৰত প্ৰথম ভৰিটো থৈয়েই উচপ খাই উঠিছিল৷ তাইৰ মনত মানুহজনে শ্ৰদ্ধাৰ সৌধ বনাই দিয়া কেইবাজনো নৰ নাৰীয়ে দাঁত নিকটাই তাইক আফলিয়াই ধৰিছিল – প্ৰথম নিশাই৷ তেওঁলোকৰ দৃষ্টিত তাইৰ স্পষ্টবাদী মাক – দেউতাক আছিল – অহংকাৰী, আত্মগৌৰবী৷ সেয়ে তাইক তেওঁলোকে সেইদিনাই মাক-দেউতাক হালক মৃত বুলি স্বীকাৰ কৰি ল’বলৈ জোৰ কৰিছিল৷
: ’আজিৰ পৰা তোমাৰ অহংকাৰী মাৰ বাপেৰহাল মৰিল বুলি ধৰি লোৱা৷ সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ বুলি শপত খোৱা৷ তেতিয়াহে তোমাক আমাৰ ঘৰৰ বোৱাৰী বুলি গ্ৰহণ কৰিম৷ ’
মানুহজনৰ ডাঙৰ ককায়েকে দুৰোল খোৱা জিভাৰে তাইৰ চকুলৈ নোচোৱাকৈ কৈছিল সিদিনা৷
তাই মান্তি নোহোৱাত এগৰাকীয়ে মানুহজনৰ ঘৰত তৈয়াৰ কৰা সাজ পানী অলপ জোৰ কৰি তাইৰ মুখত ঢালিবলৈ চেষ্টা কৰি কৈছিল –
: ’সেই অহংকাৰী ঘৰে ঘৰত সাজ পানী এটোপা বনোৱা দূৰৰ কথা – কিনা পানী এটোপাও নাৰাখে হেনো! আমি গলেও সাজ পানী খাবলৈ নিদিওঁ বুলি কৈছে৷ ’
: ’ তুমিটো বহুত শিক্ষিত ছোৱালী৷ সকলো জানি বুজিয়েই আমাৰ ল’ৰাৰ লগত বিয়া সোমাইছা৷ আমাৰ ঘৰৰ পৰম্পৰা তুমি ৰাখিব লাগিব৷ ’– পুনৰ কৈছিল বিয়াৰ আগতে তাইৰ চকুত শ্ৰদ্ধাৰ দৌল বান্ধি দিয়া মানুহজনৰ আন এজন ককায়েকে৷
তাইৰ মনত মানুহজনৰ ঘৰখনৰ প্ৰতি লৈ থকা শ্ৰদ্ধাৰ দৌলটো হুৰমুৰাই খহি পৰোঁতেই ক্ষীণ প্ৰতিবাদী স্বৰ এটা লৈ তাইৰ মানুহজন উপস্থিত হৈছিলেহি৷ মানুহবোৰে পিছত চাই লম তোক ৰহ! – এনে ভাব এটাৰে তাইক এৰি দিছিল – মানুহজনৰ হাতত৷ সেই মানুহসকলৰ আগত নিজকে তিৰুতা সেৰুৱা সাজিবলৈ বিচৰা নাছিল মানুহজনে সেয়ে সকলোৰে সন্মুখত তেওঁ তাইকো মৃদু ধমকৰ সুৰত কৈছিল — ইমান সৰু কথা এটাত ইমান হুলস্থল কিয় কৰিব লাগে?
অলপ হলেও সুখী হৈছিল সেই সকল মানুহ৷ হওক তেওঁ – ই এতিয়াও পুৰুষ হৈ আছে! পুৰুষ – পুৰুষৰ দৰে হব লাগে৷ নিজৰ মাজতে কথাবোৰ কৈ কৈ মানুহবোৰ আঁতৰি গৈছিল৷
এদিন মানুহজনে তাইক সেই মানুহসকলৰ পৰা কায়িক ভাবে বহুত দূৰৈত লৈ আনিলে৷ আচলতে সেইসকল মানুহৰ বহুবোৰ স্বাৰ্থলিপ্ত কথা, কামত অতিষ্ঠ হৈছিল তেওঁ৷ তাইৰ মাক – দেউতাককো শ্ৰদ্ধা ভক্তি দেখুৱাইছিল মানুহজনে৷ তাই সুখী হৈছিল৷ তাইৰ মাক -দেউতাকো সুখী হৈছিল৷ তাইৰ সুখত সুখী হৈয়েই চকু মুদিছিল মাক -দেউতাকে৷ মানুহজনীয়ে এদিনলৈয়ো মাক -দেউতাকক জানিবলৈ নিদিলে যে তাই হাঁহিবলৈ খুজিলে, অলপ সময় নিজ মনেৰে আকাশত উৰিব খুজিলে মানুহজনে তাইৰ ভৰি দুটাত গধুৰ শিকলি এডাল বান্ধি দিয়ে৷ পুৰুষ হোৱাৰ দম্ভৰে, গৃহ, অন্ন, বস্ত্ৰৰ যোগান দিয়া মালিক হোৱাৰ গৰ্বৰে তাইৰ চাৰিওফালে এক উতপ্ত ধুঁৱলী কুঁৱলীৰ পৰিৱেশ সৃষ্টি কৰি দিয়ে৷ তাই উৰিব নোৱাৰা হৈ পৰে৷ তাই ’আকাশখন দেখা নাই’ বুলি কলে মানুহজন আৰু উগ্ৰ হৈ পৰে৷
: ’ তোমাৰ দৰে ইমান মুকলি আকাশৰ তলত কোন নাৰী থাকিবলৈ পাৰিছে হে ৷ মইহে ভুল কৰিলোঁ – মাইকী মানুহক ইমান মুকলি কৰি দিয়াটোৱেই ভুল হল মোৰ! ’ মানুহজনে আটাহ পাৰি তাইক কয়৷
মাইকী মানুহ শব্দটো মানুহজনে তাইৰ আগত যিমান ঘৃণাৰে উচ্চাৰণ কৰে সিমান ঘৃণা কিন্তুু মানুহজনৰ বাহিৰত দেখা পোৱা নাযায়৷ আচৰিত আৰু স্তব্ধ হৈ জীৱনৰ এটা খোজ আগবঢ়াব লৈ তাই ৰৈ যায়৷ উৰিবলৈ মেলি দিয়া পাখি দুখন পুনৰ জপাই দিয়ে৷ সকলোবোৰ জানিও তাই মানুহজনৰ সাময়িক ভাল ব্যৱহাৰত অতিমোহিত হৈ অনুৰাগৰঞ্জিত ভাবাবেগেৰে তেওঁৰ নামত ভাল লগা ছবি এখন সজোৰে বহুৱাই লয়৷ মানুহজনৰ ওপৰত নানান ভাললগা গুণ আৰোপ কৰে৷ খন্তেক সুখী হয় তাই – মানুহজনো সুখী হয়৷ কিন্তুু খন্তেকৰ বাবেহে৷ মানুহজন পুনৰ অতিষ্ঠ হয়৷ বাস্তৱৰ সামান্য আলফুল খুন্দা এটা লাগিলেই মানুহজনৰ ভিতৰৰ উগ্ৰ পুৰুষ ৰূপটো প্ৰকট হৈ উঠে৷ মানুহজনক লৈ আৰোপ কৰা ধাৰণাবোৰ যে কিমান ভ্ৰান্ত, অতিৰঞ্জিত সেই কথা অনুধাৱণ কৰি দুখে তাইৰ আমঠু পৰ্যন্ত দহি পেলায়৷ মাজে মাজে ভাবে – মাত্ৰাধিক কল্পনাবোধে হাত ভৰি বান্ধি অথৰ্ব কৰা এটা জড় ভৰত তাই৷ সেই জড় ভৰতৰ পেটত ধাৰণ হোৱা গল্প একোটাহঁতে প্ৰসৱ হ’বৰ বাবে উচপিচ লগায়৷ দাঁত মুখ জোৰেৰে কামুৰি সেই প্ৰসৱ যন্ত্ৰণা তাই মাথোঁ সহ্য কৰি যায়৷
কেনে হ’ল হেঁতেন বাৰু তাইৰ সেই গল্পবোৰ! হয়তো হ’লহেঁতেন সেই গল্পবোৰো একোটাহঁত জল-লিপি৷ সত্তৰ দশকত হোমেন বৰগোঞিয়ে লেখা উচ্চস্তৰৰ মানৱীয় গল্পটোৰ দৰেই! সেই গল্পটোৱে কৈছিল:
… মাক বাপেকৰ ঘৰত যজ্ঞেশ্বৰৰ ঘৈণীয়েকৰ নিশ্চয় কিবা এটা নাম আছিল, কিন্তুু জীয়াৰী জীৱনৰ লগতে সেই নামটোও তাই মাকৰ ঘৰতে চিৰকাললৈ এৰি থৈ আহিব লগা হ’ল৷ গাঁৱৰ বোৱাৰীবোৰক সাধাৰণতে কোনেও নাম কাঢ়ি নেমাতে, সিহঁতৰ যে এদিন একোটা নাম আছিল সেই কথাও মানুহে একেবাৰে পাহৰিয়েই যায়৷ সিহঁতৰ পৰিচয় সাধাৰণতে অমুকৰ ঘৈণীয়েক, তমুকৰ মাক, বা নিজৰ নিজৰ ওপজা গাঁৱৰ নাম অনুসৰি অমুক-গঞানী, তমুক গঞানী ইত্যাদি৷ যজ্ঞেশ্বৰৰ ঘৈণীয়েকৰ ঘৰ ঘিলামৰাত৷ সেই কাৰণে তাৰ ঘৈণীয়েকৰ নতুন নাম হল – ঘিলামৰীয়ানী৷ জীয়াৰী অৱস্থাত তাইৰ যে বেলেগ কিবা নাম আছিল সেই কথা বোধহয় যজ্ঞেশ্বৰে নিজেও নেজানে৷
বিয়াৰ প্ৰায় পাঁচ বছৰৰ পিছত ঘিলামৰীয়ানী হঠাৎ এদিন প্ৰসৱ যন্ত্ৰণাত মৰি থাকিল৷ . . . . .
.. ঘিলামৰীয়ানীৰ প্ৰসৱ যন্ত্ৰণাৰ সময়ত উপস্থিত থকা তিৰোতাসকলে তামোলৰ সেলেঙি লগাই নিজৰ নিজৰ প্ৰসৱৰ অভিজ্ঞতা পৰস্পৰকে ক’বলৈ ধৰিলে৷ আলোচনাই লাহে লাহে বিশেষৰ পৰা সাধাৰণলৈ গতি কৰিলে৷ প্ৰসৱ যন্ত্ৰণাৰ সূত্ৰ ধৰি আটাই কেইজনীয়ে এই সিদ্ধান্তত উপনীত হ’ল যে তিৰোতা হৈ জন্ম লোৱাটোৱেই আচলতে কোনোবা জন্মৰ মহাপাপৰ পৰিণাম৷ . . . . .

তাই অসহ্য বেদনাৰ পিছতো জন্ম দিব নোৱাৰা গল্পবোৰে সমাজত কেৱল আবেগ আৰু কৰুণাৰ সৃষ্টি কৰাৰ বাহিৰে কি কৰিব পাৰিলেহেঁতেন বাৰু? মানুহৰ চকুলো, সমবেদনা, প্ৰতিবাদ আৰু বহু সমাজ সংস্কাৰ হোৱাৰ পিছতো এই কুৰি শতিকাতো হাজাৰজন শিক্ষিত যজ্ঞেশ্বৰে কথাৰে, কামেৰে, ব্যৱহাৰেৰে বিয়াৰ পিছত একোজনীহঁত ঘিলামৰীয়ানী সৃষ্টি কৰি আছে৷ বহুতো শিক্ষিত তিৰোতা ঘিলামৰীয়ানীৰ দৰেই মৰি গৈছে৷ নাই, তাই এনেকুৱা এটা গল্প প্ৰসৱ নকৰে৷ চকুলোৰে ঘিলামৰীয়ানীক জীয়াই তুলিব নোৱাৰে৷ যজ্ঞেশ্বৰৰ মানসিকতাকো বিশেষ সলনি কৰিব নোৱাৰে৷
যন্ত্ৰণাত চিঞৰিব নিদিলেও মানুহজনে তাইৰ চকু কেইটা বন্ধ কৰি দিব পৰা নাছিল৷ ধূমায়িত হৈ থকা ঠেক সৰু প্ৰসৱ ৰুমটোৰ পৰাই তাই খুলি থোৱা খিড়ীকি খনেৰে আলফুলে নিজহাতে গঢ় দিয়া বাহিৰৰ বাগিছাখনলৈ চালে৷ জীৱনৰ কোনোবা এটা হতাশ হৈ পৰা ক্ষণতে তাইৰ হাতত সুহৃদয় বান্ধৱী এজনীয়ে গুজি দিছিল এটি বোধিদ্ৰুমৰ বীজ৷ অতি সযতনে, বিশ্বাসেৰে তাই ৰূপন কৰা সেই বোধিদ্ৰুম জোপা তাইৰ অজানিতেই লহপহকৈ বাঢ়ি আহিছে৷ তাই ভাবিলে এই বুধিদ্ৰুমৰ ছাঁত আউজি লৈয়ে তাই গল্পটোক ডাঙৰ দীঘল কৰিব৷ যিটো গল্পই কেৱল তাইকেই নহয়, তাইৰ দৰে বহুতো নাৰীক ঘিলামৰীয়ানিৰ ৰূপত মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিব, সাহস দিব – আশ্ৰয় দিব৷ গল্পটোক তাই স্নেহৰ মাজেৰে অবান্তৰ ইচ্ছাৰ মুক্তি ঘটাবলৈ শিকাব৷ গল্পটোৱেও ডাঙৰ হৈ মানুহক শিকাব পাৰিব যে প্ৰত্যেক মানুহ নিজেই নিজৰ আশ্ৰয়প্ৰাৰ্থী হ’ব লাগে৷ নিজৰ মাজত কোনো ধুমুহা বানপানী আৰু ভূমিকম্পই বুৰাব নোৱাৰা দ্বীপ এটা সৃষ্টি কৰবিলৈও গল্পটোৱে সকলোকে সমল দিব৷ সহজ, সৰল যেন লগা কুৰি শতিকাৰ যজ্ঞেশ্বৰ নামৰ শিক্ষিত মানুহজনে গাৰুৰে তাইৰ মুখত হেঁচা মাৰি থাকোঁতেই জন্ম দিলে গল্পটোক৷ গল্পটোলৈ কেৰাহীকৈও নোচোৱাকৈ মানুহজন আঁতৰি গ’ল তাইৰ ওচৰৰ পৰা৷ তাই লাহেকৈ বিছনাখনৰ পৰা উঠি সাৱধানে গল্পটো আৰু তাইৰ মাজত লাগি থকা নাড়ীডাল কাটিলে৷ গল্পটোক ধোৱাই পখলাই বিছনাত থলে৷ আৰু নিজেও ভালদৰে গাটো ধুই এখন নতুন কপাহী গেৰুৱা শাৰী গাত মেৰিয়াই লৈ গল্পটোক লৈ বুধিদ্ৰুমৰ তললৈ খোজ দিলে৷
( অন্ত )

One thought on “ঘিলামৰীয়ানী নমৰে – অনুপমা বৰগোহাঁই

  • September 2, 2016 at 2:26 pm
    Permalink

    Golpotu pori bohulo obigota hl

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!