এডমিনগিৰি !! – জ্যোতিৰূপম দত্ত

বহুদিন আগতে ন’কিয়াৰ এক-এক-শূন্য-শূন্য মডেলৰ সাধাৰণ ম’বাইল এটাৰেই সকলো চম্ভালি লৈছিলো৷ ক’লা-বগা স্ক্ৰীণৰ ফোনটোত আশী নব্বৈটা নম্বৰ থকা ফোনবুক এখন৷ বহু সময়ত ‘মিছকল’ৰ জৰিয়তেই বহু কাম হৈ গৈছিল৷ দুশৰীয়া এছএমএছ এটা কৰিবলৈকো ডেৰশবাৰমান ম’বাইলৰ চাবি টিপিব লগা হৈছিল৷ ম’বাইলত বিনোদনৰ নামত সাপ এডালেৰে ক’লা কিবা এটা টুকুৰিয়াই থাকিলে নেগুৰডাল দীঘল হৈ যোৱা খেলা এটাহে আছিল৷

বছৰচেৰেক পাছতেই এণ্ড্ৰইড ফোন আহিল৷ অৰকুটেৰে আৰম্ভ হোৱা সামাজিক নেটৱৰ্কিঙৰ আহিলা হিচাপে ফেচবুক, টুইটাৰ, হোৱাটছএপো আহিল৷ এইবোৰ আহিয়েই চাৰিওফালে ৰজনজনাই দিলে৷ ময়ো যুগৰ লগতেই উটি-ভাঁহি গলো৷ কিতাপ পঢ়া সময়খিনি, গান শুনা সময়খিনিও ম’বাইলটোকেই দি দিলো৷ এইবোৰৰ কুচকাৱাজবোৰো লাহে লাহে বুজি পোৱা হলো৷ নামে-বেনামে বহুকেইটা একাউণ্ট খুলি পেলালো৷ বেনামী একাউণ্টকেইটাও বৰ কামত আহে দেই! নিশা দেহাত পিৰপিৰণি উঠিলেই সেউজীয়া চাকি জ্বলি থকা ভদ্ৰ-মহিলা, গাভৰু বিচাৰি ফুৰো৷ কাৰোবাক গুৱালগালি দিবলৈকো কামত আহে৷ কেতিয়াবা গছত গৰু উঠা, অদ্ভুত, মিছা কথা বা উৰাবাতৰি বিয়পাবলৈকো এইকেইটা ব্যৱহাৰ কৰা হয়৷

মিছা কলে কি হ’ব, হাতত লাখটকীয়া স্মাৰ্টফোন লৈ থাকিও আমি এতিয়ালৈ স্মাৰ্ট হ’ব পৰাগৈ নাই এথোন! কোনোবাই কিবা এষাৰ কলেই চিধাই বিতৰ্কহে খুঁচৰি ফুৰো৷ কাউৰীয়ে কাণখন নিলে বুলি কোৱা মাত্ৰকে কাউৰীৰ পিছে পিছে দৌৰ দিয়াৰ দৰেই সচাঁ-মিছাৰ বাচ বিচাৰ নকৰি উৰাবাতৰি বিলাই ফুৰো৷ কাজিয়া ভাঙিবলৈ নহয়, হাতৰ স্মাৰ্টফোনকেইটা এতিয়া কাজিয়া লগাবলৈহে বেছি কামত আহে৷ দুৰৈত থকা বাপেক-মাকক পষেকত এষাৰ মাত দি নোপোৱা কেইটাইও ঘণ্টাৰ পাছত ঘণ্টা ধৰি স্মাৰ্টফোনতেই পৰচৰ্চা-পৰনিন্দাৰ চৰ্বিত-চৰ্বনত ব্যস্ত থকা দেখা পোৱা যায়৷ কিছুবছৰ আগলৈকে মিলি-জুলি থকা একেটা চুবুৰীতে এতিয়া খেলেপ্ৰতি একোটাকৈ নামঘৰ, মন্দিৰ হোৱাৰ দৰেই ইয়াতো আঁহফলা ৰাজনীতিৰ কাৰবাৰ চলে৷ সন্দেহৰ জুইত ঘিঁউ ঢালিবলৈ মোৰ দৰে বহুকেইজন দুতলীয়া প্ৰকৃতিৰ লোক থাকেই৷ ম’বাইলটো বিনোদনৰ আহিলা নহৈ যেনিবা যুদ্ধাস্ত্ৰহে হ’লগৈ৷ যুদ্ধৰ অস্ত্ৰ হিচাপে বৰ্শা-হেংদাং-বৰটোপৰ দৰকাৰ নাই, এটা নিমাখিত স্ক্ৰীণশ্বটেই যথেষ্ঠ৷

সময়ৰ শৰ সময়ত মৰাৰ দৰেই সময়ৰ ‘পোষ্ট’ সময়ত দি, সাধাৰণ কথা এটাকেই বিতৰ্কৰ মাজলৈ নি এসময়ত ফেচবুক বা হোৱাটছএপৰ ৰাজ্যখনত প্ৰভাৱ বিস্তাৰ কৰি পেলালো৷ এইবোৰ কৰি মেলিয়েই নিজৰ শিয়াল-বিধি কামত লগাই মোৰ লগতে ৰাউচি জুৰিব পৰাকৈ কেইটামান শিয়াল পণ্ডিতকো মোৰ ফলীয়া কৰি লবলৈ বেছি দিন নালাগিল৷ মোৰ প্ৰতিটো কথাতেই হয়-হয় কৰা, কথাবোৰ দ’কৈ ভাবি-গুণি নাচাই মোৰ প্ৰতিটো কথাতেই মুৰ দুপিওৱা, হাতে হাতে স্মাৰ্টফোন লৈ থকা অজগৌকেইটাক পাই মই ভালেই পালো৷ কিবা বিতৰ্কিত কথাত এইসৱ দুধৰ্ষ ‘কী-বৰ্ড’ যোদ্ধাই খাৱন-শোৱন বাদ দি মোৰ হৈ এঘড়ী কিয়, একেৰাহে এসপ্তাহলৈ যুঁজিব পাৰে৷ পিছে কিবা বিপদ–আপদৰ সময়ত এইকেইজনৰ কাৰোৱেই নোম-নেগুৰ বিচাৰি নোপোৱাটো একেবাৰে খাটাং! মোৰ বাবে চ’ছিয়েল-মিডিয়াত ‘জান’ পৰ্য্যন্ত দিব পৰা এনে যুদ্ধংদেহী বীৰ-পুংগৱসকলৰ পৰা বিপদৰ সময়ত এবটল তেজ বিচাৰি নাপাও বুলিও মই জানো অৱশ্যে৷

বহু ছদ্মবেশী যুদ্ধত যুঁজি যুঁজি এসময়ত কেইটামান বিয়াগোম ফেচবুক আৰু হোৱাটছএপ গ্ৰুপৰ এডমিনৰ পদত অধিষ্ঠিত হলো৷ মোৰ গুৰুত্ব আৰু বেছি হ’ল৷ মোৰ দৰে মাখি মৰা কেৰাণীৰ চাকৰি এটা কৰি থকা কেলেহুৱা এটাৰ কপাল ফুলিল৷ এইখিনিতে কোনোবা মহাপুৰুষ এজনে কোৱা কথা এটা মনলৈ আহিছে – ‘ফেচবুক-হোৱাটছএপৰ এডমিন মানেই হ’ল জিলা এখনৰ দায়িত্বত থকাৰ দৰে বিষয়া এজন (!)৷ এডমিনৰ ক্ষমতা অপাৰ, সীমাহীন সামৰ্থ৷’ ময়ো সেই আপ্তবাক্যশাৰীকেই আওঁৰাই এডমিনৰ দায়িত্ব ললো৷ মানে মোৰো কামে কাজে ‘এডমিনগিৰি’ আৰম্ভ হৈ গ’ল৷

হোৱাটছএপ গ্ৰুপকেইটিত এডমিনৰ বিশেষ কাম নাই৷ কাৰোবাক গোটত ভৰ্তি কৰোৱা আৰু কেতিয়াবা বাহিৰ কৰাৰ বাহিৰে হোৱাটছএপত বেছি ‘এডমিনগিৰি’ নচলে৷ এডমিনৰ কামৰ ভিতৰত পুৱাই পুৱাই ফুল-তৰা-দুৰ্গা-হনুমান-ৰাম-ৰহিম-যীশুৰ ফটো থকা ‘গুডমৰ্ণিং’ মেচেজ এটা দিয়া, দুপৰীয়া ‘কোকা-কোলা নাখাবা-বিহ আছে’ বুলি দিয়া মেচেজ এটা, আবেলিৰ সময়ত চাৰ্কাছৰ সিংহৰ জাঁপ-ভগৱানে গাখীৰ খোৱা-কুকুৰ এটাই নাচি নাচি থকা–মেকুৰীয়ে ফ্ৰিজ খোলা ধৰণৰ ভিডিঅ’ এটা, গধুলি চীনা সামগ্ৰী ব্যৱহাৰ কৰাৰ বিপক্ষে প্ৰধানমন্ত্ৰীয়ে কোৱা বুলি একমিটাৰমান দীঘল পোষ্ট এটা, ৰাতিলৈ অশ্লীল কৌতুক এটাৰ লগতে ‘গৰম’ ফটো এখন আপলোড কৰিলেই ‘এডমিন’ৰ চাকৰিটো বাচি থাকে৷ এই আটাইবোৰ আপডেটৰ এটাও নিজে লিখা বা নিজে তৈয়াৰ কৰাৰ দৰকাৰ নপৰে৷ ‘মাৰ্কেট মে নয়া হ্যে, জল্ডি ফৰৱাৰ্ড কৰো !!’, এনে টাইপৰ বহু আপডেট আহিয়েই থাকে৷ ইটো গ্ৰুপৰ পৰা সিটোলৈ ‘ফৰৱাৰ্ড’ কৰি দিলেই কাম হৈ যায়৷ ময়ো তাকেই কৰি থাকো৷ অগত্যা কিবা এটা লিখিব লগা হলে RIP, HBD, LOL জাতীয় দুই এটা কথা টাইপ কৰিলেই কাম শেষ!

পিছে ‘এডমিনগিৰি’ৰ আচল মজাটো ফেচবুকতহে আছে৷ ফেচবুকত এই কামটোত অপাৰ স্বাধীনতা৷ ফেচবুক গ্ৰুপৰ এডমিনে মন গলেই কাৰোবাক গোটলৈ আদৰিব পাৰে, গোটৰ বাহিৰো কৰিব পাৰে, কমেণ্ট ডিলিট কৰিব পাৰে, পোষ্ট ডিলিট কৰিব পাৰে, পোষ্ট এপ্ৰোভ কৰিব পাৰে, মানে বহু ক্ষমতা৷ ময়ো এডমিনৰ পদ পায়েই এই কামটোত পুৰাদমে লাগি গলো৷ এইটো কামত জিলা-ৰাজ্য-ৰাষ্ট্ৰ শাসন কৰাৰ দৰেই আনন্দৰ অনুভৱ হ’ল৷ বহুকেইটা দহজনীয়া হোৱাটছএপৰ গ্ৰুপৰ পৰা শতেক-হাজাৰজন সদস্য থকা বহুকেইটা ফেচবুক গ্ৰুপৰ এডমিন বুলি অলপ অচৰপ গপ হোৱাটো স্বাভাৱিক৷ কাজেই কেৰাণীৰ কামকাজতকৈ ‘এডমিনগিৰি’ত বেছিকৈ মনোনিবেশ কৰিবলৈ ললো৷

গোটৰ মজিয়ালৈ আহিব খোজা সদস্যসকলৰ বায়’ডাটা চাই চাই আদৰণি জনোৱা বা থিয় গোৰ এটা সোধাই গোটৰ বাহিৰ কৰা কামটোও অৱশ্যে বৰ উজু নহয়৷ কিছুমান আগ্ৰহী লোকৰ আবেদন নাকচ কৰি মই ধমকিও খাবলগীয়া হৈছে৷

সিদিনাৰ কথা৷

■ ‘ছাৰ, আছেনে ?’ ৷ দুপৰীয়া সময়তে টুপুককৈ ম’বাইলত এছ এম এছ এটা পালো ৷

■ ‘মোক চিনি পাইছেনে? মই বন্দনা৷ অনিল কলিতাৰ জীয়েক৷’

■ ‘অ’ অ’ চিনি পাইছোঁ৷’, মই কলো৷ চিনি নোপোৱাৰ প্ৰশ্নই নুঠে৷ বাপেক-মাকৰ বিয়াও খাই পাইছোঁ৷

■ ‘মই কেতিয়াবাই ৰিকুৱেষ্ট পঠিয়ালো, কিয় এড কৰা নাই বাৰু ?’

■ ‘অ, সেইটোহে কথা, বাৰু মই চাই দিম দেই !’, এইবুলি শলাগি থলো৷

অলপ সময় পাছত ম’বাইল খুলি গোটলৈ ‘জইনিং ৰিকুৱেষ্ট’ পঠিওৱা তালিকাখনত ছোৱালীজনীৰ নাম বিচাৰোহে বিচাৰো, সেই নামৰ কোনোৱেই নাই৷ আধাঘণ্টা বিচাৰি বিচাৰি হায়ৰাণ হৈ আকৌ ফোন লগালো –

■ ‘হেৰি নহয়, তোমাৰ একো ৰিকুৱেষ্ট পোৱা নাই দেখোন ? পঠিয়াইছিলা নে?

■ ‘অ’, কালিয়েই পঠিয়াইছিলো, এতিয়ালৈ একো খবৰেই নাই দেখোন !’

মই আকৌ এবাৰ সুধিলো, ‘বহু বিচাৰিলো, বন্দনা কলিতাৰ নামত মই হলে একো দেখা নাই৷’

■ ‘অ’, মানে মই এঞ্জেল বেবী বুলিহে ফেচবুকত আছো, ৰঙা ফুল এটা প্ৰফাইল ফটোখনত লগাই থৈছো৷ দেখা নাই নেকি?’

কি কম আৰু !! বহুতৰে প্ৰফাইল ফটোত মাৰাডোনা, কৰীণা কাপুৰ, মৌ-মাখি, ফুলকবিৰ ফটো, কোনোবাই আকৌ ফটোখনতে লিখি দিয়ে – ফটোখন চুৰি হৈছে !! তাৰ উপৰিও নামবোৰো আমাৰ ইয়াৰ চলন্তি নামবোৰৰ দৰে নহয়৷ বেছিভাগ নামেই এঞ্জেল তুলতুলী, কণ্ঠিৰাম ৰোমিঅ’, মই এটা নষ্ট ল’ৰা, মই এটা মস্ত ল’ৰা, অঘৰী মানুহ, ঘোৰাবাঁকৰ পোৱালি, বিশ্ব বিজয়ী ন-জোৱান এনেকুৱা ধৰণৰ৷

গোটত কাজিয়া-পেচালো চলি থাকে৷ ঘৰৰ সমুখৰ ভঙা পথটোৰ বিষয়ে চৰকাৰক আপত্তি দিবলৈ অনলাইনত হলেও দুলাইন লিখিবলৈ টান পোৱা মানুহেও ঘণ্টাৰ পাছত ঘণ্টা ধৰি ‘মাংস’ৰ বিষয়ে এহালিচা লিখি কাজিয়া কৰিব পাৰে৷ বাটে-পথে সেমেনা-সেমেনিকৈ ভয়ে ভয়ে ঘূৰি ফুৰা পাৰচৰাইৰ কলিজাধাৰীসকলো ম’বাইল বা কম্পিউটাৰৰ ‘কী-বৰ্ড’খন পালেই সিংহৰ কলিজা থকা ‘কী-বৰ্ড’ বীৰ হৈ পৰে৷ দৰদাম কৰিবলৈ যাওঁতে দেছুৱালী দোকানীৰ ধমকি খাই সুৰসুৰকৈ নেগুৰ পেলাই চৰা-দামতেই চাউল-পাত কিনি অনা এইসকলেই আকৌ ফেচবুকত দুকুৰি মানুহৰ সতে সমানে সমানে একেসময়তে মুখ পাতি কাজিয়া কৰিবও পাৰে৷ পিছে গোটৰ মজিয়াত কাজিয়া-পেচাল হ’লেই আমাৰ ‘এডমিনগিৰি’ দেখুওৱাৰ সুযোগ আহে৷ সৰুতে কিবা কথাত কাজিয়া লাগিলেই ‘মা-দেউতা ! এইফালে চোৱাচোন৷ ই বেয়া কথা কৈছে!’ বুলি অভিভাৱকক লগাই দিয়াৰ দৰেই কাজিয়া লাগিলেই ‘এডমিন’ক কাজিয়াৰ স্থলীলৈ মাতি কাজিয়া ভাঙিবলৈ লগাই দিয়া হয়৷ এইখিনিয়েই বৰ বেয়া সময়৷ পথৰ কাজিয়া-পেচাল ভাঙিবলৈ গৈ নিজেও দুই-এথাপৰ খোৱাৰ দৰেই ইয়াতো মাত মাতিবলৈ গৈ কোনোবা এডমিন এজনে দুই এষাৰ গালি-শপনি নোখোৱাকৈ ঘূৰি অহা ৰেকৰ্ড আজিলৈকে নাই৷

পিছে এই কাজিয়াবোৰেই পিছে এডমিনৰ ক্ষমতা ব্যৱহাৰ কৰাৰ সুযোগ উলিয়াই দিয়ে৷ এডমিনৰ ক্ষমতা ব্যৱহাৰ কৰি থিতাতে বিচাৰ কৰি থিতাতেই ৰায় দি দোষী সদস্যক গোটৰ পৰা বাহিৰ কৰি বাঃ বাঃ লোৱাৰ সুযোগ মই পিছে সতকাই এৰি নিদিও৷ বিচাৰৰ বেছিভাগ ৰায়েই পক্ষপাতিত্বমূলক হয়৷ গোটৰ হেভীৱেইট সদস্যসকলক হাতৰ মুঠিত ৰাখিলে মোৰেই মংগল, গতিকে বিচাৰৰ ফলাফল তেৰাসৱৰ পক্ষতেই দি মই নিষ্কণ্টক হৈ থাকো৷ হওতে সকলো গোটৰে নামত বিয়াগোম সংবিধান এখন আছে, পিছে কামতহে নাই৷ যাৰ যি মনলৈ আহে সেয়াই কৰা হয়৷ দেশৰ আইন-কানুন সলনি কৰিব পৰা ক্ষমতাৰ অধিকাৰী মন্ত্ৰী-বিধায়কসকলে নিজৰ ইচ্ছামতে নিজৰ দৰমহা বঢ়াই লোৱা দৰে আমি এডমিনসকলেও নিজৰ কথাকেই আইন বুলি ধৰি লও৷ নিয়ম-নীতি মানি চলিবলৈ কাৰ আহৰি আছে বাৰু? গতিকে বিচাৰ প্ৰক্ৰিয়াত অপৰাধী হিচাপে চিহ্নিত হোৱাকেইজনক লগে লগে আঁতৰোৱা হয় বা সেইসকল নিজেই আঁতৰি গৈ আন প্ৰতিদ্বন্দী গোটৰ শৰণাপন্ন হয়৷ আঁতৰি যোৱাকেইজনৰ বহুতেই মনে মনে বহি থকা ভকত নহয়, গতিকে বাহিৰলৈ গৈয়েই গুৱালগালিৰে গোটৰ কথা ৰৌ-জাল বৌজাল কৰি দিয়ে৷ হাতনি পেৰাত আটকীয়া হিচাপে থকা দুই এপদ স্ক্ৰীণশ্বটজাতীয় অস্ত্ৰ থাকিলেতো কথাই নাই৷ অৱশ্যে এওঁলোকৰ পিছে পিছে ঘূৰি ফুৰা মোৰো চোৰাংচোৱাই ডাঁৰৰ বাতৰি ডাঁৰে দি থাকে৷ এনেবোৰ সময়তেই বেনামী একাউণ্টকেইটাৰ সদ্ব্যৱহাৰ হয়৷ ৰাইজেও বোকা-চটিওৱা খেলখন বাৰুকৈয়ে উপভোগ কৰে৷

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল গোটৰ মজিয়ালৈ প্ৰকাশৰ বাবে অহা লেখাবোৰ বাচি বাচি এপ্ৰ’ভ বা প্ৰকাশ কৰা৷ লেখাবোৰো বিবিধ প্ৰকাৰৰ৷ কিছুমানে একোটা লেখা অশেষ কষ্টৰে তথ্য-সমল যোগাৰ কৰি শুদ্ধকৈ লিখি গোটলৈ প্ৰেৰণ কৰে, কিছুমানে আকৌ সেইটোকে ধুনীয়াকৈ ‘কপি-পেষ্ট’ কৰি আন গোটত দি বাঃ বাঃ লয়৷ মুঠতে সকলোৱে ব্যস্ত হৈ থাকে, আমাকো ব্যস্ত কৰি ৰাখে৷ পোষ্ট এপ্ৰ’ভ কৰাবলৈ ক’ত যে মান-অভিমান, কাবৌ কাকূতি!

‘এপ্ৰভেল’ৰ বিজুতিৰ কথা এটা কওঁ৷ সিদিনা বোৱাৰী পুৱাতেই কাষৰে বৰুৱা খুড়া আহি মোৰ ঘৰত হাজিৰ৷ চকু মোহাৰি বিছনাৰ পৰা উঠি আহিলো৷ আথে-বেথে খুড়াক বহিবলৈ দি সুধিলো –

■ ‘কওকচোন খুড়া, কি সকামত ইমান পুৱাই আহিলে?’

■ ‘হেৰা, মোক এটা সহায় কৰি দিব লাগে৷ ল’ৰাটোৱে বিএ পাছ কৰি এনেয়ে ঘৰতে বহি আছে৷ চাকৰি-বাকৰি বিচাৰিবলৈ এলাহ, ঘৰৰ দুই এটা কাম-বনো কৰিব নোখোজে৷ সিদিনা মোক কলে যে সি হেনো কিবা বিজনেছ কৰিব৷ তোমাৰ কথাও ক’লে৷ এই বিজনেছটোত তুমিহে হেনো তাক সহায় কৰিবা পাৰিবা৷ সেই বাবেই তোমাৰ ওচৰলৈ আহিছো৷ সি আকৌ দুপৰীয়া একমান বজাতহে বিছনাৰ পৰা উঠে নহয়৷ সেয়ে ময়েই আহিলো৷’

■ ‘মই কি সহায় কৰিব পাৰিম বাৰু ? সি কি বিজনেছ কৰিব খুজিছে?’

■ ‘ফেচবুকৰ বিজনেছ৷ তুমিয়েই হেনো আজিকালি ফেচবুকৰ মেইন মানুহ৷ তোমাৰ ‘এপ্ৰভেল’ নহলে হেনো ফেচবুকৰ ফাইলেই নলৰে৷ তুমি তাৰ বিজনেছৰ ফাইলটো চাই-মেলি এপ্ৰ’ভ কৰি দিলে বৰ ভাল হয়৷ ময়ো অলপ উদ্ধাৰ পাব পাৰো৷’

মই একো বুজি নাপালো৷ আকৌ এবাৰ সুধিলো –

■ ‘আপোনাৰ ল’ৰাই কি ফাইলৰ কথা কৈছিল বাৰু?’

■ ‘সি তোমালৈ তাৰ নতুন বিজনেছৰ ফাইল এটা পঠিয়াব, তুমি এপ্ৰ’ভ কৰি দিবা দেই! নামটো এই কাগজখনতেই লিখি দিছে৷’

কাগজখন পঢ়িলো ৷ ‘অনলাইন বিজনেছ৷ চেম্পকেশ্ব !!’

খুড়াক কেনেবাকৈ বুজাই বঢ়াই পঠিয়ালো৷ এইবোৰ এপ্ৰোভ কৰি মই নিজেই এডমিনৰ চাকৰিটো খালেহে হ’ব!

কিছুমানে নিশা দুই-তিনিমান বজাত কিবা একলম লিখি এপ্ৰ’ভেলৰ বাবে পঠিয়াই দি পুৱা পাঁচ নৌ বজাতেই হাহাকাৰ লগাই দিয়ে৷ এপ্ৰ’ভ কৰোতে ইমান দেৰী কিয়? এডমিনসকল ইমান লেহেম কিয়? মুঠতে নানা অভিযোগ৷ আমি এডমিনসকল যেন ফেচবুকৰ দৰমহাখোৱা কৰ্মচাৰীহে৷ নিশা দুই বজাত দুটা পক্ষৰ দুৰ্বাদল কাজিয়া ভাঙি পুৱা পাঁচ বজাত প’ষ্ট এপ্ৰ’ভ কৰাটোকেই এডমিনসকলৰ নিত্য-নৈমিত্তিক কাম! ৰাইজৰ টকাৰে মোটা অংকৰ দৰমহা লৈ ‘এডমিনগিৰি’ কৰা বুলি ভবা মানুহো বহু আছে৷ চিনাকী দুই এজনে দমো দিয়ে, ‘বেছি নেদেখুৱাব, এনেকুৱা ‘এডমিনগিৰি’ সহ্য নকৰো৷ মোৰো মানুহ আছে, আপোনাৰ স্ক্ৰীণশ্বট মই পাই গৈছো!”

সকলোতে ‘এডমিনগিৰি’ অৱশ্যে নচলে! সিদিনা অফিচত নিজৰ চকীত আৰামকৈ বহি ম’বাইল চলাই আছিলো৷ গোটত নতুনকৈ অহা পাখৰী এজনীৰ লেখা এটা ‘এপ্ৰোভ’ কৰি তাইলৈ মেচেজ লিখি আছিলো৷ এইখন জগতত নতুন ধুনীয়া লেখিকাসকলক উৎসাহ জনোৱাৰ নামত অলপ অচৰপ কিবা কিবি চলিয়েই থাকে৷ এয়া কোনো নতুন কথা নহয়৷ মেচেজটো আধা লেখা হওতেই মোৰ ওপৰৱালা বিষয়াজনে মাতি পঠিয়ালে৷ পিছে অফিচৰ বহু গণ্ডগোলীয়া কাৰবাৰত ‘বছ’ৰ সৈতে মোৰ সনা-পিটিকা আছেই৷ এইজনাৰ বহু কেলেংকাৰীৰ গোপন কথাও মোৰ নখদৰ্পণত৷ গতিকেই সিমান চিন্তা নাই৷ তথাপিও সামান্য শংকাৰে কোঠালৈ সোমাই গলো৷

কোঠাটোত সোমোৱা মাত্ৰকে ‘বছ’ৰ গলগলীয়া মাতৰ প্ৰশ্নবানৰ সন্মুখীন হলো-

■ ‘কি হে এইবোৰ? কি চলি আছে?’

মোৰ মূৰটো ঘুৰোৱা যেন লাগিল৷ মোৰ দৰে ‘বছ’ৰো কিবা ফেক একাউণ্ট আছে নেকি ? আজিকালি বহুতেই বিপৰীত লিংগৰ নামত একাউণ্ট খুলি লীলা চলাই থাকে! মোৰ অজ্ঞাতে ‘বছে’ও মই অপ্সৰা কেইজনীমানক নিশাৰ বেলিকা দিয়া ‘উৎসাহজনক’ কথা-বাৰ্তাৰ ৰঙীন স্ক্ৰীণশ্বট সংগ্ৰহ কৰিলে নেকি ?

■ ‘আপোনাৰ বিষয়ে বহুতৰে মুখত ক’মপ্লেইন শুনিছো৷ আগতে আপুনি এনে নাছিল দেখোন! বাৰু বাদ দিয়ক৷ ইমানগাল পেণ্ডিং কৰি কিয় থৈ দিছে? আনকি মই নিজে পঠোৱাটোও আপুনি পেলাই থৈ দিছে!’

ময়ো সেপ ঢুকি উত্তৰ দিলো – ‘মানে ছাৰ, যোৱানিশা নেটৱৰ্ক ভাল নাছিল, তথাপিও কেইজনমানক ‘ইন’ কৰিলো৷ আজি পুৱাই সকলো পেণ্ডিং পোষ্ট এপ্ৰ’ভ কৰিলো৷ মাত্ৰ এটা লেতেৰা ভিডিঅ’ আছিল৷ সেইটোহে ডিলিট কৰিছিলো!’

কি জানো মনলৈ আহিল, ক’ব নোৱাৰাকৈয়েই মুখেৰে ওলায়েই গ’ল –

■ ‘ছাৰ! সেইটোৱেই আপোনাৰ আছিল নেকি ?’

অলপ সময় ধৰি বিজুলী-ঢেৰেকণি-আগ্নেয়গিৰিৰ উদ্গীৰণ-ভূমিকম্প সকলো অনুভূত হ’ল৷ ‘বছে’ ফাইলৰ কথাহে কৈছিল, পিছে মই ইয়াতো  ‘এডমিনগিৰি’ চলালো !!

★★★

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments