সাহিত্য একাডেমী বঁটা বিজয়ী গীতা উপাধ্যায়ৰ সৈতে অন্তৰংগ আলাপ

 

সাহিত্য ডট্ৰ্গ: আপোনাৰ সৰুকালৰ কথাৰে আৰম্ভ কৰোঁ…

গীতাপাধ্যায়: মোৰ জন্ম ১৯৩৯ চনত৷ মাজগাঁও নামৰ গাঁও এখনত৷ আমাৰ গাঁওখন বৰ্তমানৰ শোণিতপুৰ জিলাত৷ এই ঠাইখিনি আগৰ অবিভক্ত দৰং জিলাৰ অন্তৰ্গত৷  আমাৰ গাঁওখনৰ কাষতেই এসময়ত শংকৰদেৱেও কিছু সময়ৰ বাবে হেনো বাস কৰিছিল বুলি সকলোৱে কৈছিল। মই তাৰে বালিকা বিদ্যালয়ত পঢ়িছিলোঁ। বিহালী হাইস্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি সেই শিক্ষানুষ্ঠানৰ পৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হওঁ। মই ১৯৫৫ চনত মেট্ৰিক পাছ কৰিছিলোঁ। তাৰ পিছত সন্দিকৈ মহাবিদ্যালয়ত ইণ্টাৰমিডিয়েট (আজিকালিৰ উচ্চতৰ মাধ্যমিক) পঢ়িবলৈ যাওঁ। তেতিয়া অইন শিক্ষানুষ্ঠানত গাৰ্লছ হোষ্টেল নাছিল। ঘৰৰ মানুহে বিশেষকৈ মাহঁতে হোষ্টেলত থকাৰ পোষকতা কৰিছিল। তেতিয়াৰ দিনত অসমৰ একমাত্ৰ সন্দিকৈ কলেজতহে গাৰ্লছ হোষ্টেল আছিল। সেয়ে ময়ো তালৈকে গ’লোঁ৷ এক প্ৰকাৰে সেয়া মোৰ বাবে ভালেই হ’ল। সন্দিকৈ কলেজৰ হোষ্টেলত সমগ্ৰ অসমৰৰ ছোৱালীবোৰৰ সৈতে চিনাকি হোৱাৰ সুযোগ লাভ কৰিলোঁ। শিলচৰ, কাছাৰ, শদিয়া, ধুবুৰী, মঙ্গলদৈ, নগাঁও, লক্ষীমপুৰ আদি প্ৰায় সকলো ঠাইৰে ছোৱালীবোৰৰ লগত বন্ধুত্ব গঢ় লৈ উঠিল। তেতিয়াৰ দিনত ঘৰৰ বাহিৰত বিশেষকৈ কলেজত পঢ়িবলৈ বহু কম ছোৱালী ওলাই আহিছিল। বি এ পাছ কৰাৰ পিছত এদিন মোৰ মামাক লগ পালোঁ। তেখেত শ্বিলঙত ডাঙৰ-দীঘল হোৱা, কিন্তু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰা লোক আছিল। সেই সময়তে নেপালত এক ডাঙৰ আন্দোলন হৈছিল। সেই আন্দোলনৰ ফলস্বৰূপে নেপালৰ ৰজা কৈৰালাই ভাৰতত আশ্ৰয় লৈছিল। মোৰ মামায়ো সেই আন্দোলনত যোগদান কৰিছিল। তাৰ পাছলৈ নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল। তেখেত বহু পঢ়া-শুনা কৰা লোক আছিল। তাৰ পিছত তেখেতে তাত পৰিবহন বিভাগৰ সচিব হিচেপে নিযুক্তি পালে। এদিন মামাই মোক মাতিলে –‘এটা কাম কৰা৷ তুমি নেপাললৈ ফুৰিবলৈ নাহা কিয়?’ মোৰো ভালেই লাগিল। তেতিয়ালৈ নেপাললৈ যোৱাও নাছিলোঁ। তাত গৈহে গম পালোঁ, তেওঁলোকে নতুনকৈ এটা বিভাগ খুলিছে। পৰ্য্যটন বিভাগ। মামাই মোক সুধিলে- ‘চাকৰিত জইন কৰিবা নেকি?’। মই ভাবিলোঁ ভালেই হ’ল। এতিয়া চাকৰিয়ে কৰি চাওঁচোন। (হাঁহি-হাঁহি)। চাকৰিও ভালেই আছিল। তাত মই এবছৰ চাকৰি কৰিলোঁ । বৰ ‘এডভেন্সাৰাচ’ চাকৰি। মোক ‘ট্যুৰিষ্ট অফিচাৰ’ৰ পদত নিযুক্তি দিছিল। সেইসময়ৰ নেপাললৈ বিদেশী ৰাজ-আলহী আহিলে, তেওঁলোকক এয়াৰপোৰ্টৰ পৰা আদৰি আনিব লাগে। তেওঁলোকৰ থকা-খোৱা আদিৰ ব্যৱস্থা কৰিব লাগে। সেই সময়তে মই বহুতো ব্যক্তিৰ সান্নিধ্য পাইছিলোঁ। সেইছোৱা সময়তে জাপানৰ ৰাজকুমাৰীকো লগ পাইছিলোঁ। কিন্তু মোৰ সেই সময়ত মাত্ৰ বিছ বছৰ বয়স আছিল। মোৰ ককা আছিল এসময়ৰ স্বাধীনতা সংগ্ৰামী। মই নেপাললৈ ফুৰিবলৈ গৈ চাকৰি কৰা কথাটোত ককাই খুউব বেয়া পালে। তেওঁ ঘৰৰ সকলোকে মোক সোনকালে মাতি আনিবলৈ কৈ থাকে। ককাৰ মতে নেপাল হ’ল অজান্তিমুলুক। তেওঁৰ মতে, তাত থাকিলে কোনদিনা কি হয় একো ঠিক নাই, কোনদিনা জেলত ভৰাই দিয়ে তাৰো একো ঠিক নাই। তেতিয়াৰ দিনত যোগাযোগৰ বাবে টেলিগ্ৰাম চলিছিল। মাৰ ‘চিৰিয়াছ’ অসুখ হোৱা বুলি কৈ মোক এবাৰ ঘৰলৈ লৈ আহিল। তাৰ পাছত আৰু যোৱা নহ’ল৷ কিন্তু চাকৰিটো খুব ভাল চাকৰি আছিল। সেই সময়তে দিল্লীলৈ আমাক আনি প্ৰশিক্ষণ আদিৰো ব্যৱস্থা কৰিছিল। পিছে চাকৰি বাদ দি ঘৰলৈ ঘূৰি আহিব লগা হ’ল৷ ঘৰলৈ আহি এইবাৰ এম এ-ৰ বাবে নামভৰ্তি কৰিলোঁ। এম.এ পাছ কৰোঁতে সেয়েহে মোৰ এক-ডেৰবছৰমান পলম হ’ল।

 

সা অ: এম এ ক’ত পঢ়িলে?

গী উ: মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰিলোঁ। ৰাজনীতি বিভাগত ৷ মই ১৯৬৪ চনত পাছ কৰিলোঁ। সেই সময়ত অসমৰ নেপালী সমাজৰ পৰা এম এ পাছ কৰা মই প্ৰথম আছিলোঁ। সেয়েহে এজন সাংবাদিকে খবৰটো মোৰ ফটোৰ সৈতে নিউজ পেপাৰত দি দিলে। মোৰ বান্ধৱী এগৰাকী শিৱসাগৰ কলেজত আছিল। আমি একেলগে পঢ়িছিলোঁ। তেওঁৰ নাম মীৰা কটকী। তেওঁ মোক এদিন চিঠি দি মাতিলে- ‘তুমি ইয়ালৈ গুচি আহা। আমাৰ কলেজতে চাকৰি কৰিব পাৰিবা।’ তেতিয়া কলেজত শিক্ষকতা কৰা মহিলাৰ সংখ্যা বহুত কম আছিল। সেই সময়ত তাত তেওঁ অকলেই আছিল কিজানি। পিছত আৰু এগৰাকী আমাৰ লগলৈ আহিছিল৷ তেখেতৰ নাম অনিমা ভড়ালী। তেখেতে পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়তো শিক্ষকতা কৰিছিল। তেখেত অৱশ্যে এতিয়া ঢুকাল। তেনেকৈ খবৰ পাই মই চাকৰিত যোগদান কৰিবলৈ গ’লোঁ। আমাৰ কলেজত তেতিয়া এনচিচি আছিল। তেতিয়া সেইবোৰ কামতো নিজকে জড়িত কৰিছিলোঁ। শিৱসাগৰ কলেজত মই প্ৰায় ত্ৰিছ বছৰ চাকৰি কৰিলোঁ। সেই সময়ত আমি অলপ ‘এডভেন্সাৰাচ’ ধৰণৰ আছিলোঁ। নানান ধৰণৰ কামত আগ-ভাগ লৈছিলোঁ। আমাৰ ক্লাব এটাও আছিল তাত। ‘SUDASA’ ক্লাৱ। আমি পাঁচ-ছজনীমান শিক্ষয়িত্ৰী আছিলোঁ। আমাৰ সকলোৰে নাম আৰু উপাধিৰ প্ৰথম আখৰকেইটাৰে ক্লাবটোৰ নামকৰণ হৈছিল। সেই সময়ত আমাৰ কলেজৰ বহু কেইজন সহকৰ্মী অসমৰ বিখ্যাত সাহিত্যিক আছিল; লীলা গগৈ, ইমৰাণ শ্বাহ আদি। সেয়ে তাত এক সাংস্কৃতিক পৰিৱেশ বিৰাজ কৰিছিল। মই তাত থাকোঁতেই ‘এন ফ্ৰাংকৰ ডায়েৰী’ অনুবাদ কৰিছিলোঁ। তেতিয়া এন ফ্ৰাংকৰ দেউতাকো জীৱিত আছিল। তেখেতৰ লগত চিঠিৰে যোগাযোগ কৰি অনুমতি লৈছিলোঁ। ‘এন ফ্ৰাংকৰ ডায়েৰী’ কিতাপখনৰ নাট্যৰূপো কৰা হৈছিল। আমি কলেজৰ সহকৰ্মীসকলে মিলি সেই নাটকখন কৰিছিলোঁ। নাট্যৰূপো মইয়েই দিছিলোঁ।

 

স অ: সেয়া কোন চনৰ কথা?

গী উ:  সেয়া ১৯৭০-৭১। বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ৰ কথা। সেই সময়ত আমি ‘চেৰিটি শ্বো’ কৰিছিলোঁ। যি পইছা গোট খাইছিল আমি প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ পঠিয়াই দিছিলোঁ। তেনেকৈ সেইবোৰ কামত জড়িত হৈ আছিলোঁ। শিৱসাগৰত আহোম ৰাজত্বৰ সময়ৰ বহুতো ঐতিহাসিক স্মৃতিচিহ্ন আছে। ভূৱন সন্দিকৈ বুলি এজন বুৰঞ্জীবিদ আছিল৷ তেখেতৰ তত্ত্বাবধানত আমি সেইবোৰ দৰ্শন কৰিছিলোঁ। তেতিয়াই ‘এন ফ্ৰাংকৰ ডায়েৰী’ অনুবাদ কৰিলোঁ। লগতে আন আন কামবোৰতো হাত দিলোঁ।

 

স অ: আপুনি কলেজৰ চাকৰি পৰা কেতিয়া অৱসৰ গ্ৰহণ কৰিলে?

গী উ: ১৯৯৯ চনত মই অৱসৰ গ্ৰহণ কৰিলোঁ। বহুত বছৰ হ’ল। প্ৰায় ১৮ বছৰ হৈ গ’ল (হাঁহি-হাঁহি)।

 

স অ: অৱসৰৰ পিছৰ জীৱনচোৱাত সাহিত্যৰ বাহিৰে আন কি কি কামত ব্যস্ত আছে? সাহিত্যৰ বিষয়ে আমি অলপ দেৰিকৈ কথা পাতিম৷

গী উ: অৱসৰৰ পিছত মই নিজৰ গাঁৱলৈ গৈছিলোঁ। তাত তেতিয়া মোৰ মা জীৱিত আছিল। মা ঢুকোৱাৰ পিছত ইয়ালৈ (তেজপুৰ) আহিলোঁ। নিকট সম্পৰ্কীয় বুলিবলৈও তেতিয়া কোনো নাছিল। বহুতেই মোক ইয়াত নিচিনে। লাহে-লাহে সকলোৰে লগত চা-চিনাকি হ’ল। মেল-মিটিঙবোৰলৈ যোৱা আৰম্ভ কৰিলোঁ। অৱসৰ লোৱাৰ আগতে মই ইয়াতে এটা NGO কৰিছিলোঁ (তেজপুৰৰ চানমাৰিত)। সেৱা সাধনা নাম দিছিলোঁ। তেতিয়াই কিবা এটা কৰিম বুলি ভাবিছিলোঁ। মোৰ অনাথ আশ্ৰম এখন খোলাৰ খুউৱ ইচ্ছা আছিল। গাঁৱতে খুলিম বুলি ভাবিছিলোঁ। কিন্তু তাৰ পৰিৱেশে মোক নিৰুত্সাহ কৰিলে। চিকিৎসালয়খনো আনকি মোৰ গাঁৱৰ পৰা পাঁচ মাইল দূৰত আছিল। চিকিৎসাৰ সুবিধা নথকাকৈ এনে ধৰণৰ প্ৰচেষ্টা হাতত লোৱাত বহু অসুবিধা হয়। অনাথ আশ্ৰম নহ’ল যদিও কিন্তু ‘সেৱা-সাধনা’ৰ কাম চলি আছে। বিভিন্ন সামাজিক কাম হাতত লৈ আছোঁ। চৰকাৰৰ পৰা কোনো সাহায্য নোলোৱাকৈ ব্যক্তিগত প্ৰচেষ্টাতে চলাই নি আছোঁ। সদ্যহতে ‘Juvenile Justice Board’ ৰ লগত জড়িত হৈ কিছুমান কাম কৰি আছোঁ। ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ অপৰাধৰ বাবে এখন বেলেগ আদালত থাকে। সেই আদালতৰ কাম-কাজৰ সৈতেও মই বৰ্তমান জড়িত হৈ আছোঁ৷ ইয়াৰ উপৰি জ্ঞানদীপ নামৰ পুৰণা ক্লাব এটা আছে, সাহিত্য সভাৰ কাম-কাজৰ সৈতেও কিছু পৰিমাণে জড়িত হৈ আছোঁ, তেজপুৰ ইউনিভাৰছিটিৰ লগতো জড়িত হৈছোঁ, বহুবোৰ নতুন নতুন দায়িত্ব আহিছে৷

 

স অ: সাহিত্যৰ জগতখনৰ প্ৰতি আপোনাৰ আকৰ্ষণ কেনেদৰে হ’ল?

গী উ : মই মোৰ দেউতাৰ পৰা সাহিত্যৰ জগতখনৰ প্ৰতি অনুপ্ৰাণিত হৈছিলোঁ৷ মোৰ দেউতা এগৰাকী অনুবাদক আছিল৷ দেউতাই খুব কিতাপ পঢ়িছিল৷ বিশেষকৈ পশ্চিমীয়া সাহিত্যৰ প্ৰতি তেখেতৰ বৰ আগ্ৰহ আছিল৷ তেখেতে বহু ৰচনা নেপালীলৈ অনুবাদ কৰিছিল৷ তেখেতে শ্বেক্সপীয়েৰৰ তিনিখন নাটক অনুবাদ কৰিছিল৷ তেখেতে ১৯৫০ চনত জুলিয়াছ ছিজাৰখন প্ৰকাশ কৰিছিল৷ তেতিয়া আমি সৰু৷ দেউতাই অনুবাদ কৰে আৰু পঢ়ি শুনায়৷  দেউতাৰ অনুবাদৰ প্ৰথম শ্ৰোতা হ’ল মোৰ মা৷  প্ৰথমে মোৰ মাক শুনায় ৷ আমাৰো শুনি ভাল লাগে৷  শ্বেক্সপীয়েৰৰ প্ৰকাণ্ড ভলিউমটো দেখি আমি বিস্মিত হৈছিলোঁ আৰু সেই ভলিউমটোৰ পৰা অনুবাদ কৰা কথাবোৰ ভাঙি বুজি পোৱাকৈ অনুবাদ কৰা কথাটোৱে আমাক বিস্মিত কৰিছিল৷ দেউতাই কৰা কামটোৱে মোক অনুপ্ৰাণিত কৰিছিল৷ মই ‘এন ফ্ৰাংকৰ ডায়েৰী’খন অনুবাদ কৰাৰ কথাটোত এনেবোৰ বহু কথাই অনুপ্ৰণিত কৰিছিল৷

 

স অ: সেই অনুবাদখনেই আপোনাৰ সাহিত্যিক জীৱনৰ এক ‘টাৰ্ণি পইণ্ট’ হিচাপে পৰিগণিত হ’ল নেকি?

গী উ : সেইটো হয়৷ কিন্তু তাৰ আগতে মই ১৯৬৫-৬৬  মানত ভানুভক্তৰ ৰামায়ণখন অনুবাদ কৰিছিলোঁ৷  তেতিয়া আমাৰ কলেজৰ কমন ৰূমটো সকলো শিক্ষকৰ ‘কমন’ আছিল৷ আজিকালিৰ দৰে বেলেগ বেলেগ বিভাগৰ বেলেগ বেলেগ কমনৰূমৰ দৰে নাছিল৷ সেই সময়ৰ কমনৰূমটোত বীৰেণ বৰকটকী, লীলা গগৈ, ইমৰান শ্বাহ, যোগেন চেতিয়া, পৰাগ চলিহা, ৰীতা বৰা আদি কলেজৰ শিক্ষকসকল আহি বহে৷ সেই কোঠাটোত এখন দীঘল মেজ আছিল৷ তাতে আমি আজৰি সময়ত কিতাপ, বাতৰি কাকত পঢ়িছিলোঁ৷ তেতিয়া অসমৰ বহু নেপালী মানুহে ভানুভক্ত জয়ন্তী পাতে৷  পেপাৰতো এই বিষয়ে বাতৰি ওলায়৷  মোকো সকলোৱে সোধে, এই যে ভানুভক্ত জয়ন্তী, এইটো কি? আমাক ভানুভক্তৰ বিষয়ে অলপ কওঁকচোন৷ তেতিয়া মই মুখেৰেই অলপ অলপকৈ ভানুভক্তৰ বিষয়ে বুজাই দিওঁ; তেখেত এনেকুৱা আছিল, ৰামায়ণ অনুবাদ কৰিছিল ইত্যাদি৷ যোগেন চেতিয়া ছাৰ সেই সময়ৰ সাহিত্য সভাৰ সম্পাদক আছিল৷ তেখেতেই মোক এবাৰ ক’লে যে আপুনি এটা ভানুভক্তৰ বিষয়ে প্ৰবন্ধ লিখক৷ মই এটা প্ৰবন্ধ লিখি দিলোঁ৷ সেইখন সাহিত্য সভাৰ বাৰ্ষিক আলোচনীত প্ৰকাশ হৈছিল৷ তাৰ পাছত তেখেতসকলে মোক ক’লে যে আপুনি ভানুভক্তৰ ৰামায়ণ অনুবাদ কৰক, আমি সাহিত্য সভাৰ তৰফৰ পৰা প্ৰকাশ কৰি উলিয়াম৷ ঠিক তেতিয়াই মই ভানুভক্তৰ ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰা আৰম্ভ কৰিলোঁ৷ তেতিয়া ছন্দৰ বিষয়ে সিমান নাজানিছিলোঁ, সেয়ে মই গদ্যতেই এইখন অনুবাদ কৰিলোঁ৷ অনুবাদ কৰাৰ পাছত সাহিত্য সভাই সেইখন প্ৰকাশো কৰিলে৷ সেইবছৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সভাপতি আছিল৷

 

সা অ : আপুনি এতিয়ালৈকে বিভিন্ন বঁটা লাভ কৰিছে৷ সাহিত্য একাডেমী, সাহিত্য একাডেমী অনুবাদ বঁটা, অসমৰ প্ৰবীণা শইকীয়া বঁটা ইত্যাদি৷ এই বিষয়ে আপোনাৰ অনুভৱ কওকচোন ৷ এই স্বীকৃতি অলপ দেৰীকৈ অহা যেন নালাগেনে?

গী উ : নহয়, মই লিখা-মেলাৰ আৰম্ভই দেৰিকৈ কৰিছোঁ৷ গতিকে হয়তো সেয়াও হ’ব পাৰে৷

 

সা অ : কিন্তু আপুনি প্ৰায় ১৯৭০ চন মানতেই ‘এন ফ্ৰাংকৰ ডায়েৰী’খন অনুবাদ কৰিছিল৷ তাৰো বহু আগতেই ভানুভক্তৰ ৰামায়ণখনো অনুবাদ কৰিছিল…

গী উ : ‘এন ফ্ৰাংকৰ ডায়েৰী’খনৰ অনুবাদ শেষ কৰি ১৯৭১ ত নেপালী ভাষাত প্ৰথমে প্ৰকাশ কৰিছিলোঁ৷ ১৯৭৬ চনতহে অসমীয়াখন প্ৰকাশ হৈছিল৷

 

সা অ : তাৰ মানে নেপালী ভাষাৰ অনুবাদখন আগতে প্ৰকাশ হৈছিল?

গী উ : হয়৷ মই অসমীয়া আৰু নেপালী,  দুয়োটা ভাষাতেই একেলগে অনুবাদ কৰা আৰম্ভ কৰিছিলোঁ৷ মই ইৰাংজীৰ পৰা অনুবাদ কৰোঁতে দুয়োটা ভাষাতেই একেলগে অনুবাদ কৰা হৈছিল৷ অসমীয়াখন প্ৰকাশ কৰোঁতে অলপ পলম হ’ল৷ কাৰণ সেইখন প্ৰকাশন পৰিষদে প্ৰকাশ কৰিম বুলি ক’লে, গতিকে কিছুমান ফৰমেলিটি কৰোঁতে কৰোঁতে দেৰী হৈ গ’ল৷ নেপালীখন মই নিজেই প্ৰকাশ কৰিলোঁ৷ গতিকে সকলোবোৰ লাহে লাহে গৈ আছে, একো আক্ষেপ নাই৷

 

সা অ : আপোনাৰ সাহিত্য একাডমী বঁটা পোৱা শেহতীয়া কিতাপ ‘जन्मभूमि मेरो स्वदेश’খনৰ বিষয়ে কওকচোন৷ এই কিতাপখন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত বিষয়ৰ বুলি জানো৷ এই কিতাপখনত নায়কৰ মুখত এটা বৰ সুন্দৰ বাক্য দিয়া আছে যে, “মই ভাৰতীয়, ভাৰততে থাকি জন্ম লোৱা এজন ভাৰতীয় মানুহ৷ মই নেপালৰ মানুহ নহওঁ, মোৰ প্ৰথম চিনাকী ভাৰতীয়৷

গী উ : এই কিতাপখন  মোৰ ককাৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস৷ ককাৰ জীৱনক লৈয়েই মই এইখন লিখিছোঁ৷  মই সৰুৰে পৰাই দেখি আহিছোঁ যে স্বাধীনতা সংগ্ৰামৰ দিনত আমাৰ ঘৰলৈ বহু মানুহ আহিছিল৷ সেই সময়ৰ সকলোবোৰ ডাঙৰ-ডাঙৰ নেতাই আমাৰ ঘৰত ভিৰ কৰি থাকে। সকলোৱে আমাক চিনি পায়। মোৰ ডাঙৰ বাইদেউৰ নাম আছিল ৰূপা। সকলোৱে আমাৰ ঘৰলৈ আহি মোক আৰু মোৰ বাইদেউকেই বিচাৰে। তেওঁলোকৰ আলপৈচান ধৰিব লাগে। সেই সময়ত বিহালী মৌজাৰ অঞ্চলসমূহলৈ যাবলৈ হ’লে আজিকালিৰ দৰে গাড়ী-মটৰ নাছিল, তেতিয়া বেছিভাগ ঠাইলৈ হাতীত উঠিহে যাব লগা হৈছিল৷ আমাৰ ককাৰ হাতী আছিল, তাতেই স্বাধীনতা সংগ্ৰামীসকলে উঠি উঠি বিভিন্ন ঠাইলৈ গৈছিল৷ মোৰ জন্ম ১৯৩৯ ত৷ গতিকে স্বাধীনতাৰ সংগ্ৰামখনৰ ১৯৪২-৪৩-ৰ কথাবোৰ মোৰ ইমান বেছি মনত নাই৷  ১৯৪৫-৪৬ পৰাহে কিছু কথা মনত আছে৷ মাহঁতকে ধৰি ঘৰৰ সকলোৱে সেই সময়ত সমদল কৰি সকলো থানালৈ পতাকা উত্তোলন কৰিবলৈ ওলাই গৈছিল৷ ময়ো লগতে গৈছিলোঁ৷  স্বাধীনত সংগ্ৰামীসকলো আমাৰ ঘৰলৈ আহে, আলোচনাবোৰ হয়৷ ককাৰ কথাবোৰে সকলোকে অনুপ্ৰাণিত কৰে, সেয়াও মনত আছে৷

মই কলেজত কাম কৰাৰ সময়তে ঘৰলৈ আহিলে ককাৰ কিছুমান কথা নোট কৰি লৈছিলোঁ৷ ককাই বহু কথা কৈ গৈছিল যে আমি এনেধৰণেৰে বৃটিছৰ সৈতে সংগ্ৰাম কৰিছিলোঁ৷ এনেদৰে আন্দোলন কৰিছিলোঁ৷ ককাই স্বাধীনতাৰ পাছৰ কালছোৱাৰ কথা-কাণ্ডকলৈ সিমান সন্তুষ্ট নাছিল৷ বহু মানুহৰ স্বাৰ্থপৰতা দেখি মনত দুখ পাইছিল৷ স্বাধীনতা সংগ্ৰামীসকলকো বহুতেই পাহৰি যোৱা কথাবোৰে মনত ক্ষোভ জন্মাইছিল৷ সেই কথাবোৰ মই নোট কৰি গৈছিলোঁ৷

বহুদিন পাছত, ৰিটায়াৰ কৰাৰ পাছতো, ইতিমধ্যে মই বহু কিবাকিবি লেখাৰ পাছতো, এদিন সেইখিনি লেখা মোৰ চকুত পৰিল৷ মই ভাবিলোঁ এইখিনি কথা অলপ জুকিয়াই মেলি লিখাটো সমীচিন হ’ব৷ সেই সময়ছোৱাৰ কথা লিপিবদ্ধ কৰাটো গুৰুত্বপূৰ্ণ বুলি ভাবি মই লিখা আৰম্ভ কৰিলোঁ৷ ককাই মোক সঁচা কাহিনী এটা শুনাইছিল৷ সেই সময়ৰ পুলিছ কমিশ্যনাৰজনে ককাক মাতি নি কৈছিল যে আপুনিতো নেপালৰ মানুহ৷ নেপালৰ নাগৰিক৷ আপুনি আন্দোলনত যোগদান কৰি নিজকে ধবংস কৰিবলৈ ওলাইছে কিয়? বৃটিছক সহায় কৰক, মই যি লাগে তাকেই দিম, লিখিত আকাৰতে দিম৷ এইবুলি কমিশ্যনাৰে কাগজ কলম লৈ বহি তেখেতক প্ৰলোভিত কৰিবলৈ চাইছিল৷ সেই সময়ত নেপালৰ বহু লোক ইংৰাজৰ বন্ধু আছিল৷ তেতিয়া ককাই কৈছিল যে মোৰ পুৰ্বপুৰুষ নেপালৰ হ’ব পাৰে কিন্তু মই নেপাল দেখা নাই, যোৱাও নাই, মই ভাৰতীয়হে৷ মোৰ জন্মভূমি হ’ল ভাৰত, মোৰ স্বদেশ ভাৰত৷ গতিকে স্বদেশৰ যি আন্দোলন সেয়া মোৰো আন্দোলন৷ মই মহাত্মা গান্ধীৰ ভাৰতীয় কংগ্ৰেছ কেতিয়াও ত্যাগ নকৰোঁ৷ এনেকৈ তেখেতে একেধৰণৰ বহু প্ৰলোভন কেইবাবাৰো প্ৰত্যাখ্যান কৰিছিল৷

 

সা অ : তাৰমানে এয়া সঁচা ভাষ্য আছিল? উপন্যাসখনত বৰ্ণনা কৰা ভাষ্যখিনি সঁচা আছিল?

গী উ : একেবাৰে সঁচা, তেখেতৰ মুখৰ ভাষ্যখিনিয়ে মই উপন্যসখনত দিছোঁ৷

 

সা অ : অসমীয়া আৰু নেপালী দুয়োটা ভাষাতেই আপুনি এতিয়ালৈকে লিখি আহিছে৷ এই বিষয়ে আপোনাৰ অলপ জনাওকচোন৷

গী উ : আমাৰ ইয়াত বেছিভাগ নেপালী মানুহেই অসমীয়া পঢ়ে৷ মাধ্যমটো অসমীয়া যে! অৱশ্যে নেপালী সাহিত্যৰ প্ৰকাশক বৰ কম৷ এতিয়া অৱশ্যে কিছুমান প্ৰকাশকে নেপালী সাহিত্য প্ৰকাশ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে৷ কিছুমান প্ৰকাশকে আকৌ পইছালৈহে কিতাপ প্ৰকাশ কৰিব খোজে৷ কথাটো তেনেকুৱাই৷ এতিয়া অৱশ্যে নেপালী ভাষাতো বহু ভাল লেখক ওলাইছে৷

 

সা অ : অনুবাদ সাহিত্য বিষয়ক কথা এটা সোধোঁ৷ অনুবাদ সাহিত্যক বহুতেই বহুসময়ত নীৰস সাহিত্য বুলি ক’ব খোজে৷ মূল ৰচনাৰ আচল ৰসটো অনুবাদত ফুটাই তোলাটো বৰ কঠিন বুলিও বহুতেই কয়৷ এই ক্ষেত্ৰত আপুনি নতুন প্ৰজন্মৰ অনুবাদকসকলক উদ্দেশ্যি কিবা ক’ব নেকি?

গী উ : যদি আক্ষৰিক অনুবাদ কৰা হয়, তেতিয়া অনুবাদ নীৰস হোৱাটো স্বাভাৱিক কথা৷  আক্ষৰিক অনুবাদৰ কথাবোৰ ডকুমেণ্ট বা সাংবিধানিক কথাবোৰতহে প্ৰযোজ্য হয়৷ আইন আদালতৰ কাম-কাজবোৰত আক্ষৰিক অনুবাদ হোৱাটো দৰকাৰ, নহ’লে এটা শব্দৰ সামান্য ইফাল সিফাল হ’লেও বহু পয়মাল ঘটিব পাৰে৷

কিন্তু সাহিত্যৰ ক্ষেত্ৰত আক্ষৰিক আনুবাদ গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ সাহিত্যৰ ক্ষেত্ৰত পাঠকৰ বা গ্ৰহণীয় কথাবোৰ সঠিকভাৱে প্ৰকাশ কৰাটোহে ভাল বুলি মই ভাবোঁ৷ আক্ষৰিক অনুবাদ আৰু অৰ্থৰ অনুবাদ বা ভাবৰ অনুবাদৰ পাৰ্থক্য আছে৷ মূল ভাষাৰ পৰা অৰ্থখিনি একে ৰাখি যদি মই নিজৰ ভাষাত অনুবাদ কৰোঁ তেতিয়া সেইটোহে শুৱলা হ’ব আৰু পাঠকৰ বাবেও পঠনীয় হ’ব৷ কেতিয়াবা লেখাৰ ধাৰাটো অনুধাৱন কৰাটোও প্ৰয়োজনীয় কথা৷

 

সা অ : অসমীয়া সাহিত্যৰ বহুকেইটা যুগ পাৰ হ’ল৷ প্ৰাচীন, জোনাকী, ৰামধেনু, আধুনিক, উত্তৰ আধুনিক যুগ ইত্যদি৷ বৰ্তমান যুগৰ লেখকসকলৰ লেখাসমূহৰ বিষয়ে আপোনাৰ মতামত কি?

গী উ : বৰ্তমান অসমীয়া সাহিত্যিকসকলে লেখাৰ ক্ষেত্ৰত বহু নতুন নতুন প্ৰয়োগ কৰিছে৷ নতুন প্ৰয়োগ অৱশ্যেই কৰিবই লাগিব৷ কিন্তু লক্ষণীয়ভাৱে বহু সময়ত কিবা এটা লেখাৰ বাবে যি অধ্যয়নৰ প্ৰয়োজন হয় লেখকসকলে সেই ক্ষেত্ৰত মনোযোগ দিয়া দেখা নাযায়৷ কিবা এটা লিখিবলৈ হ’লে কিতাপ পঢ়াটোও বৰ দৰকাৰী কথা৷ ইয়াৰ উপৰি আমি অনুবাদ কিতাপো পঢ়িব লাগিব৷ বিশ্বসাহিত্য অধ্যয়ন কৰাও বৰ দৰকাৰী কথা৷ বিশ্ব সাহিত্যৰ কথা জানিবলৈ হ’লে অনুবাদ সাহিত্য পঢ়াটোও দৰকাৰী৷ বিশ্ব সাহিত্যত কি হৈ আছে, কেনেধৰণৰ সৃষ্টি হৈ আছে সেয়াও জনাটো দৰকাৰ৷ কিন্তু মই এটা কথা দেখিছোঁ যে আমাৰ অসমত লেখকতকৈ এতিয়া লেখিকাৰহে যুগ চলিছে৷  সাম্প্ৰতিক সময়ত বহুকেইগৰাকী ভাল লেখিকা ওলাইছে৷ যথেষ্ট কষ্ট কৰি অধ্যয়ন কৰি লেখা লেখিকাকো দেখা পাইছোঁ৷ নৱপ্ৰজন্মৰো বহুকেইগৰাকী উচ্চমানৰ লেখিকা ওলাইছে৷ কবিতাৰ ক্ষেত্ৰতো বহু পৰীক্ষা-নিৰীক্ষা দেখা পোৱা গৈছে৷

 

সা অ :  কবিতা অনুবাদৰ ক্ষেত্ৰত আপোনাৰ মতামত কি বাৰু?

গী উ : বহুতেই কয় যে কবিতাৰ অনুবাদ সম্ভৱ নহয়৷ কবিতা অনুবাদৰ ক্ষেত্ৰত বহুতেই ক’ব খোজে সেয়া ‘transcreation’ হৈ যায়৷ কবিতা অনুবাদ কৰিলে লেখকৰ সেয়া নিজৰ সৃষ্টি হৈ যায় বুলি কোৱা হয়৷ কবিতা অনুবাদ কৰিলে অনুবাদকৰ নিজাকৈ বেছি স্বাধীনতা নাথাকে৷ কিন্তু মূল ৰচনাৰ লগত সংগতি থকাটো অপৰিহাৰ্য৷  ৰবীন্দ্ৰনাথৰ গীতাঞ্জলীৰ ক্ষেত্ৰতো কোৱা হয় যে গীতাঞ্জলীখনৰ ইংৰাজী অনুবাদত ভাৰতীয় আধ্যাত্মিকতা ভালকৈ ফুটি উঠা নাছিল৷ পশ্চিমীয়া দেশৰ মানুহে ভাৰতীয় আধ্যাত্মিকতাৰ বিষয়ে জ্ঞাত নোহোৱাকৈ অনুবাদ কৰাৰ বাবে সেয়া হৈছিল, এতিয়া অবশ্যে নতুনকৈ অনুবাদ হৈছে য’ত ভাৰতীয় আধ্যাত্মিকতাৰ কথাখিনি পৰিস্ফুট হৈছে৷ সেই বাবেই কবিতাৰ অনুবাদ কঠিন বুলি কোৱা হয়৷

 

সা অ : আপোনাৰ ব্যক্তিগত সাহিত্য চৰ্চাৰ কথালৈ আকৌ আহিছোঁ৷ আপুনি বৰ্তমান কেনেধৰণৰ সাহিত্য সৃষ্টিৰ কামত ব্যস্ত আছে আৰু লগতে আপোনাৰ কোন কেইখন কিতাপ অনুবাদ কৰিবলৈ মন আছে সেই বিষয়ে অলপ ক’ব নেকি?

গী উ : এতিয়া মই মোৰ আত্মজীৱনীখন লিখিম বুলিয়েই ভাবি আছোঁ৷ আৰম্ভ কৰিছোঁ৷ ৰবীন্দ্ৰনাথৰ গল্পও মই বৰ ভাল পাওঁ৷ প্ৰকাণ্ড ভলিউম এটাও অনাইছিলোঁ৷ তাৰ কেইটামান বিশেষ গল্প অনুবাদ কৰিবলৈ মন আছে৷ ‘হাৰ্পাৰ লী’ৰ ‘To kill a mocking bird’খন এতিয়ালৈ অনুবাদ হৈছে নে নাই নাজানো৷ এইখন কিতাপ অনুবাদ কৰিবলৈ মোৰ বৰ ইচ্ছা আছে৷ এতিয়া লেখা-মেলা কৰিবলৈ অলপ অসুবিধা পাওঁ৷ আগতে নিশাৰ সময়চোৱাতেই বেছিভাগ লেখা-মেলা কৰিছিলোঁ৷ পিছে এতিয়া মোৰ চকুৰ অলপ অসুবিধা৷ নিশা লেখা-মেলা কৰা অসুবিধা হয়৷ সেয়ে এতিয়া দিনৰ ভাগতেই লিখোঁ৷ যিমান দিন জীয়াই আছোঁ চকুটো বচাই ৰাখিম বুলিয়েই ভাবিছোঁ৷  (হাঁহি)

সা অ : আকৌ অনুবাদৰ কথালৈ আহোঁ৷ অসমত অনুবাদ সাহিত্য চৰ্চাৰ বিষয়ে আপোনাৰ মতামত কি?

গী উ : অনুবাদ হৈছে৷ অসমীয়া সাহিত্যৰ বহু ভাল অনুবাদ হৈছে৷ অসমৰ কথা ক’বলৈ গ’লে অসমৰ প্ৰাচীন সাহিত্যৰ প্ৰায় সকলোখিনিয়েই অনুবাদ সাহিত্য৷ ক’বলৈ গ’লে ৰামায়ণ, মহাভাৰতৰ দৰে epic বোৰৰ দেশৰ বহু ভাষালৈ অনুবাদ হৈছিল৷ অসমো তাৰ ব্যতিক্ৰম নাছিল৷ ভাৰতীয় সকলো ভাষাতেই ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্য দুখনৰ প্ৰভাৱ আছে৷ সেই দুয়োখন গ্ৰন্থকেই ভঙাই বিভিন্ন ধৰণৰ পুথি লেখা হৈছে৷ তেনেদৰে অসমীয়া ভাষাতো ইয়াৰ চাপ পৰিছে৷ শংকৰদেৱকে ধৰি বহুজনৰ আধ্যাত্মিক অনুবাদৰ চৰ্চা ৰামায়ণ, মহাভাৰতৰ অনুবাদেৰেই আৰম্ভ হৈছিল৷

 

সা অ : আপুনি যোৱা কেইবাটাও দশকজুৰি অসমীয়া সাহিত্যৰ সৈতে জড়িত হৈ আছে৷ অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত হোৱা পৰিবৰ্তনবোৰ নিজে প্ৰত্যক্ষ কৰিছে৷ আপোনাৰ মতে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখন ভাল দিশলৈ নে বেয়াৰ ফালে ঢাল খাইছে?

গী উ : বেয়া বুলি ক’লে নিৰাশাবাদী হোৱা যায়৷ কিন্তু আমি সৰু থাকোঁতে যি কিতাপ পঢ়াৰ পৰিবেশ আছিল বৰ্তমান সেয়া নাই৷ আমি সৰু থাকোঁতে, মেট্ৰিক পাছ কৰাৰ আগতে বহু কিতাপ পঢ়িছিলোঁ৷ বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিলোঁ৷ হিন্দী, বঙালী কিতাপো যথেষ্ঠ পঢ়িছিলোঁ৷ মোৰ দেউতাই যথেষ্ট ইংৰাজী কিতাপ পঢ়িছিল বাবে আমাৰো সেই কিতাপবোৰ পঢ়িবলৈ ইচ্ছা গৈছিল৷ শ্বেক্সপীয়েৰৰ বহু নাটক পঢ়িছিলোঁ; আৰু এখন কিতাপ আছিল, ভিক্টৰ হুগোৰ ‘লা মিজাৰেবল’৷ দেউতাই আমাক সকলোকে সেই কিতাপখন পঢ়ুৱাইছিল৷ মোৰ ডাঙৰ ভাইটিৰ এতিয়াও সেই কিতাপখনৰ বহুকেইটা ‘ক’টেশ্যন’ মুখস্থ আছে৷ তেওঁ পেছাত ইঞ্জিনীয়াৰ আছিল৷ এতিয়া ৰিটায়াৰ কৰিলে৷

কথাটো হ’ল, যে সেই সময়ত হাতত অহা প্ৰতিখন কিতাপেই পঢ়িবলৈ ইচ্ছা গৈছিল৷ সেই সময়ত জনপ্ৰিয় পা-ফু চিৰিজ, বা এনেধৰণৰ চিৰিজবোৰৰ সকলো কিতাপ পঢ়িছিলোঁ৷ বিচাৰি বিচাৰি কিতাপ পঢ়োঁ৷ সেই সময়ৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰে মিলি লাইব্ৰেৰীও পাতিছিল৷ নিজে পঢ়া কিতাপবোৰো ভালকৈ জমা কৰি থওঁ৷ আনকো পঢ়িবলৈ দিওঁ৷

এতিয়া সেই বস্তুটো নাই৷ কাৰণটো হ’ল আজিকালি কম্পিউটাৰ, ম’বাইল এইবোৰতেই বহু তথ্য পোৱা যায়৷  কিতাপ পঢ়া উৎসাহ আৰু আগ্ৰহো অলপ কমি গৈছে৷ এতিয়া ভাষাৰ সংকট আহিছে বুলি বহুতেই কয়৷ কিন্তু তথাপি মই ভাবোঁ যে শেষত গৈ আমি সকলোৱে নিজৰ ভাষাটোকেই আঁকোৱালি ল’ব লাগিব৷ মাইকেল মধুসূদন দত্তৰ দৰেই৷ তেওঁ প্ৰথমে চাহাব আছিল৷ ইংৰাজী কিতাপ পঢ়ে, ইংৰাজী ভাষা কয়, মানে তেওঁ হেনো চিন্তাও ইংৰাজীতে কৰিছিল৷ পিছে শেষত গৈ সেইজন মানুহেই ‘মেঘনাদ বধ’ কাব্য লিখিলে৷ ‘মেঘনাদ বধ’ৰ দৰে বেংগলী সাহিত্যৰ এক অনুপম কাব্য ৰচনা কৰিলে৷ এটা সময়ত আমাৰো তেনেধৰণৰ অনুভৱ এটা আহিব বুলি মই ভাবোঁ৷ মই নিজেও গৰীয়সী বা এনে আলোচনীবোৰতো পাওঁ যে অসমত এতিতা যথেষ্ট ভাল লেখক ওলাইছে, তেখেতসকলে চৰ্চা কৰে৷ বিশেষকৈ নতুন প্ৰজন্মৰো বহু লেখক ওলাইছে৷ এইটো এক আশাৰ ৰেঙণি বুলিয়েই ক’ব লাগিব৷

 

সা অ : আপুনি ‘কাৰেঙৰ লিগিৰী’ৰ অনুবাদৰ বাবে সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰিছিল৷ এই বিষয়ে কওকচোন৷

গী উ : মই ২০১২ চনত সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰিছিলোঁ৷ ‘কাৰেঙৰ লিগিৰী’ৰ নেপালী ভাষালৈ কৰা অনুবাদৰ বাবে মোক এই বঁটাৰ বাবে মনোনীত কৰা হৈছিল৷ কাৰেঙৰ লিগিৰী নাটকখন মই নেপালী ভাষালৈ অনুবাদ কৰিছিলোঁ৷ এই নাটকখনৰ কাঞ্চনমতী চৰিত্ৰটোৱে মোক বৰকৈ আকৰ্ষণ কৰিছিল৷ সেই আকৰ্ষণ বাবেই মই এইখন নেপালী ভাষালৈ অনুবাদ কৰাৰ বাবে বাচি লৈছিলোঁ৷

 

সা অ : আপোনাৰ সামাজিক জীৱনটোৰ বিষয়ে বহুতেই জানে কিন্তু আপোনাৰ ব্যক্তিগত জীৱনটোৰ বিষয়ে আমি বিশেষ নাজানো৷ শিৱসাগৰ কলেজত অধ্যপনা কৰাৰ দিনৰে পৰা আপুনি সামাজিক কামত জড়িত৷ পিছে আপোনাৰ নিজৰ বিষয়ে আমাৰ বহুতৰে জানিবলৈ ইচ্ছা হয়৷

গী উ : মোৰ ব্যক্তিগত জীৱন বুলি একো নাই৷ মোৰ জীৱনটো এখন খোলা কিতাপ৷ বিয়া পতা নাই৷  কাৰো সৈতে প্ৰেমো হোৱা নাছিল৷ মোৰ জীৱনত প্ৰেমৰ ধাৰণাটো অলপ বেলেগ৷ মোৰ প্ৰেম কোনো ব্যক্তি বিশেষৰ বাবে নাছিল, সকলোৰে প্ৰতি মোৰ ভালপোৱা আছিল৷ মোৰ তেনেকৈ বিয়াত বহাৰো কোনো ইচ্ছা নাছিল৷ আমাৰ সময়ত এখন পুৰুষতান্ত্ৰিক সমাজ আছিল৷ সেই সময়ৰ সমাজখনত পুৰুষসকলৰহে কথা চলিছিল৷ আমাৰ নিজৰ ইচ্ছা বা নিজৰ মতে একো কাম কৰিব নোৱাৰোঁ৷  নিজৰ মতে একো সিদ্ধান্ত ল’ব নোৱাৰোঁ৷ সেই কথাটো মই ভাল পোৱা নাছিলোঁ৷ সেইকাৰণে ভাবিলোঁ যে মই অকলেই থাকিম৷ মোৰ জীৱনত মোৰ চিন্তাৰ স্বাধীনতা থকাটো বিচাৰিছিলোঁ৷ সেয়ে কলেজত পঢ়া দিনৰ পৰাই মই অৰ্থনৈতিকভাৱে স্বাবলম্বী হ’বলৈ চেষ্টা কৰিছিলোঁ৷

ইয়াৰ উপৰি সমাজৰ বাবে কৰা কামৰ মাজেৰেই মই জীয়াই থাকিবলৈ বিচাৰিছিলোঁ৷ মোলৈ বহুতৰে পৰা বিয়াৰ প্ৰস্তাবো আহিছিল৷ পিছে মই নিজেই সকলোবোৰ প্ৰত্যাখ্যান কৰিছিলোঁ৷ সেইবোৰ কথা লৈ এতিয়া কোনো আক্ষেপ নাই, মনত কোনো গ্লানিও নাই৷

 

সা অ : অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰবহমান ধাৰাৰ বিষয়ে আপোনাৰ মত কি? অতীজৰে পৰা অসমীয়া সাহিত্য লুইতৰ দৰে প্ৰবাহমান হৈ আহিছে৷ পিছে অসমীয়া সাহিত্যক বাহিৰলৈ উলিয়াই নিবলৈ হ’লে অসমীয়াৰ পৰা আন ভাষালৈ কৰা অনুবাদৰো দৰকাৰ আছে৷ আপুনি এই বিষয়ত কি ক’ব খোজে?

গী উ : অসমীয়া সাহিত্যৰ ধাৰাৰ মাজত ইতিমধ্যে বহু জাতি-উপজাতিৰ কথা সংপৃক্ত হৈছে৷ অসমীয়াৰ পৰা ইতিমধ্যে আন ভাষলৈ অনুবাদো হৈছে৷ কীৰ্তনখনো অনুবাদ হৈছে৷ ইয়াৰ উপৰি শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজিও বাহিৰলৈ উলিয়াই নিয়াটো দৰকাৰ৷ যিখিনি আধ্যাত্মিক চিন্তাধাৰৰ কিতাপ সেইখিনিৰো অনুবাদ হোৱাটো দৰকাৰ৷ ইয়াৰ উপৰি নিৰুপমা বৰগোঁহাইয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনক লৈ লিখা কিতাপখনৰ দৰে কিতাপ অনুবাদ হোৱাটো বিচাৰোঁ৷ কাৰণ এনেধৰণৰ কিতাপবোৰৰ অনুবাদৰ জড়িয়তে সেই সময়ৰ অসমীয়া সমাজখনৰ বহু কথা বিশ্বৰ পঢ়ুৱৈসকলে জনাটো দৰকাৰ৷

এক কথাত অনুবাদে দুটা ভাষা আৰু অঞ্চলৰ মাজত একতাৰ বান্ধোন গঢ়ি তুলিব পাৰে৷ সামাজিক সাহিত্য, চিন্তাক প্ৰতিফলিত কৰে আৰু অসমীয়া ভাষাৰ কেনেধৰণৰ বিকাশ হৈছিল তেনে কথা বিশ্বই বুজি পৰাকৈ অনুবাদ হ’ব লাগে৷ অসমীয়া সাহিত্যৰ সৰ্বভাৰতীয় স্তৰত অনুবাদৰ প্ৰয়োজন আছে৷

 

সা অ : আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।

গী উ : আপোনালোক সকলোকে মই শুভেচ্ছা জনালোঁ আৰু সাহিত্য ডট অৰ্গৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ৷

☆★☆

 

One thought on “সাহিত্য একাডেমী বঁটা বিজয়ী গীতা উপাধ্যায়ৰ সৈতে অন্তৰংগ আলাপ

  • June 5, 2017 at 11:31 am
    Permalink

    লিখনীতো পঢ়ি সচাঁকৈয়ে বাইদেউৰ বিষয়ে বহুত নজনা কথা জানিলো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!