গণ্ডগোল (বি.জে. ৰঞ্জন )

নিশ্চিত হ’লোঁ পৰিৱেশ বেচ কিছু দিনলৈ এনেকুৱাই হৈ থাকিব। দায়িত্বও মোৰ পাৰ্ট-টাইমৰ পৰা গৈ ফুল-টাইমত পৰিব বুলি প্ৰায় খাটাং হৈ পৰিছে। পুৰণা অভিজ্ঞতা- ভুল হ’বই নোৱাৰে। গাঁওৰ ঘৰৰ পৰা মাক লৈ অনা হ’ল। বহুত দিন আগতে ‘বুক’ কৰি থৈ দিছিলোঁ বাপ্পেকে, অকণ হেহো-নেহো কৰিলেও মাই না কব নোৱাৰিলে। মা অসুখীয়া হৈছে। নোৱাৰে আগৰদৰে। তথাপি যিখিনি কৰে বহুত সহায় হয় মোৰ। জানো, ইয়াত থাকি মায়ে সিমান ভাল নাপায়। হ’লেও নিৰুপায়। মায়ে বুজে। ল’ৰাৰ দুখ বুজি ভাল নাপালেও কিছুদিন থাকি যায়।

সমস্ত গণ্ডগোলৰ উৎস দুটা।

প্ৰথম- ঘৰত বন কৰা ছোৱালীজনী অলপতে নিজৰ ঘৰলৈ গুছি গ’ল।

দ্বিতীয়- মানুৰ পৰীক্ষা।

প্ৰথমটো যেনতেন কিন্তু দ্বিতীয়টো মাৰাত্মক। এই কেইদিন পৰীক্ষা শেষ নোহোৱালৈ ৰীমাকতো মাতিবও ভয় লগা হৈ থাকিব।

কেইমাহ আগেতে এদিন সুৰজিত আহিছিল। ৰাতি থাকিম বুলি ক’লে। চাহ খাই থাকোতে সি সুধিলে-“কিয় ইমান নিমাওমাও পৰিৱেশ অ’?”

জেঠীৰ ল’ৰা সুৰজিত। বয়সত মোতকৈ অলপ ডাঙৰ।

ক’লোঁ-“পৰীক্ষা, মানুৰ।”

-“পৰীক্ষা? কি পৰীক্ষা?”

-“ক্লাছ এক্সাম, জানই দেখোন আজিকালি কিমান কম্পিটিচন।” সি এনে এক ধৰণৰ হাঁহি মাৰিলে যে নাচাওঁ বুলিয়ো ভয়ে ভয়ে ৰীমাৰ মুখলৈ চাই দেখোঁ তেওঁৰ মুখ ৰঙা পৰি গৈছে।

পেপাৰ এখন পাৰি টেবুলত আলুগুটিকেইটা আৰু কটাৰিখন ৰাখিলোঁ। দেখিয়ে সি ঠিয় হ’ল। হঠাৎ বোলে তাৰ মনত পৰিল লগৰ এজনে বৰ জোৰকৈ মাতি আছে। সি আৰু নৰ’ল, ৰাতি নাহে বুলি কৈ থৈ গ’ল। জানো- টিভি চিভি বন্ধ কৰি, ফুচফুচাই কথা পাতিব পৰা মানুহ সুৰজিত নহয়।

পিছত ৰীমাই ক’লে- “কি মানুহ, হাঁহিবলৈ আহে। এই কাৰণে সেই অৱস্থা।”

সুৰজিতৰ অৱস্থা? ভালেইতো। বুজিবলৈ সময় লাগিল। অ’, হয় মনত পৰিল, যোৱাবাৰ তাৰ ল’ৰাৰ দুখনমান পেপাৰত বেক লাগি এবছৰ নষ্ট হৈছিল। তাকেই বুজালে নেকি ৰীমাই! কথা দীঘল কৰিবলৈ মন নগ’ল। মিহিকৈ ক’লোঁ- “হেৰি কৰা নহ’লে। মানুৰ ওচৰলৈকে যোৱা। কালিৰ দৰেই চিম্পল কৈ ৰান্ধি থম দিয়া, নে কি?”

মানুৰ ৰূমলৈ যাওতে তেওঁ কৈ গ’ল- “কাম কৰি থাকোতে কিন্তু টিভি নাচাবা। আৱাজ গ’লে ডিষ্টাৰ্ব হয়।”

ছোৱালী এজনীৰ খবৰ পোৱা গৈছে। লংকেশ্বৰহঁতৰ গাঁওৰ। নগৰৰ পৰা বাৰ কিলোমিটাৰমান ভিতৰৰ। যাওঁ যাওঁ বুলি অফিচ, ঘৰ ইত্যাদি বাৰ-কুৰিটা লেঠাত পৰি যাব পৰা নাই। আজি অফিচৰ পৰা আহি সন্ধিয়া ঘৰ সোমাওতে ৰীমাই ক’লে-“অকৰ্মণ্যৰো বহুত জাত আছে দেখিছোঁ। তোমাৰ দ্বাৰা নহ’ব, ওলোৱা, একেলগে যাওঁ। যি মানুহ- কাক কি ক’ব লাগে তাকেই নাজানে।”

দায়িত্বৰ সুৰ এটা পাৰেমানে ফুটাই তুলি ক’লোঁ- “মানু! উমমম্, পাৰিব জানো তাই অকলে?”

ৰীমাই ক’লে- “পাৰিব, মা আছেই। এঘন্টাত ঘূৰি আহিম, ব’লা। উ-উ, তাৰাতাৰি কৰা।”

মানুক কেতিয়া কি কি যোগান ধৰিব লাগিব, আমি নথকা এইখিনি সময়ত মাই যে একেবাৰেই টিভি নাচাব, মানুৰ কাষতে বিচনাত ‘চাবধান’ হৈ ৰৈ থাকিব, ইত্যাদিবোৰ বুজাই ৰীমা মই ঘৰৰ পৰা ওলাওতে এন্ধাৰে হ’ল। মানুক লৈ ৰীমাৰ অতিপাত চিন্তা। মানু তেনেই সৰু ছোৱালী যেন হৈ আছে। পানী এগিলাচো বাকী খাব নাজানে। একমাত্ৰ ছোৱালী আমাৰ। মৰম-আদৰত ডাঙৰ হৈছে। মাকে তাইৰ পঢ়া, কেৰিয়াৰক লৈয়ে সব সময় ব্যস্ত। ফলাফলো পাইছে সেইমতে। মানুৱে মেট্ৰিকত ডিষ্টিংচন লৈ পাছ কৰিছে। অৱশ্যে ৰীমাই ৰিজাল্টটো ভাল নাপালে। মনে মনে যে তেওঁ মানুৱে স্থান এটা পাব বুলি আশা কৰি আছিল ৰিজাল্টৰ দিনাহে গম পালোঁ। উফ্, ৰিজাল্ট দিয়াৰ দিনটো, কি যে অৱস্থা! লুকাই লুকাই কান্দিলে কেইবাবাৰো ৰীমাই। মাকৰ চলচলীয়া চকু দেখি মানু গহীন হৈ গ’ল নিজে। শেষত মনোমতী পেহী আহি অলপ পৰিৱেশটো বদলাই দিয়াতহে ৰক্ষা!

-“বাপু, আইটুৰ ৰিজাল্ট কি-হো?”

গম্ভীৰ মুখবোৰ দেখি পেহীৰ মুখখনো শুকোৱা যেন লাগিছিল। ক’লোঁ-“মোটামুটি হৈছে পেহী। ডিষ্টিংচন পাইছে। মানে আৰু অলপ ভাল….।” ৰীমাৰ চকুৱে চকুৱে পৰিল, মুখখন এন্ধাৰ-মুন্ধাৰ, তেওঁ চকু বেলেগ পিনে ঘূৰাই দিলে। মাকে পঢ়াইছিল, ছোৱালীয়ে পঢ়িছিল, ৰিজাল্ট ভাল নহ’ল, মোৰ কি দায়?

মানুহে সুধিব- তুমি কি কৰিছিলা তেন্তে?

মই কি কৰিম? মই পাণ ৰুইছিলোঁ আকৌ (মানে পান কৰিছিলোঁ মনে মনে গেৰেজত, নিষ্ঠাৰে- ফেন্টাৰ বটলত), কওক মোৰ কি দায়?

পেহীয়ে বুজি নাপাই সুধিলে- “হাঁ? কি হৈছে? ভালকৈ বুজি নাপাও, ফাচ পাইছে নে তাই?”

-“হয় পেহী ফাৰ্ষ্ট ডিভিজন পাইছে।”

-“এহ্! আমাৰ গাঁওৰ ৰাজ্যৰ ল’ৰা-ছোৱালীমখাই ফেল মাৰিছে। তহঁতে আকৌ ফাচ পায়ো কন্দা-কটা কৰি আছ। যা যা, মিঠাই আনগৈ।”

ৰীমাৰ মুড বহুদিনলৈ অফ হৈ আছিল। তেওঁৰ মুড-অফ হ’লে মোৰ মহা বিপদ। কাম বাঢ়ে। সিদিনা গৈছিল হে মেট্ৰিকটো, আহিলেই নে আকৌ এটা ফাইনেল। খাটি আছোঁ- ভগৱান, এইবাৰ যেনতেন মনে বিচৰা ৰিজাল্টটো কৰি দিয়া ছোৱালীজনীৰ।

ৰীমা এইবোৰত প্ৰেক্টিকেল। তেওঁ কয়- “ভগৱানে ৰিজাল্ট ভাল কৰি নিদিয়ে, পঢ়িব লাগিব, কষ্ট কৰিব লাগিব।”

লংকেশ্বৰহঁতৰ গাঁও পোৱাৰ আগেয়ে এওঁলোকৰ মাহীয়েক এজনীৰ ঘৰ। হাইৱেৰ কাষতে। ৰীমাক সুধিলোঁ- “মাহীৰ ঘৰত সোমাবা নেকি?”

ৰীমাই চকু ঘোপা কৰি দিলে- “পগলা নেকি? পৰীক্ষা যে পাহৰিলাই?”

হয়ো, বহুত কথাই মই পাহৰি যাওঁ। কি যে হৈছে মোৰ মাথাটোত! ৰীমালৈ মৰমেৰে চালোঁ- এওঁৱো মোৰ দৰে হোৱা হ’লে কি যে হ’লে হয় আমাৰ সংসাৰ!

লংকেশ্বৰ ঘৰত আছিল। হাতত লেম এটা লৈ ওলাই আহিল।

-“আহা দাদা, আহক-আহক বৌ। ইচ ইচ, বৰ কষ্ট হ’ল আপোনালোকৰ। সোমাই আহক ভিতৰলৈ। চাও মাজনী।” বহিব দিলে কোঠালি এটাত। বহিলোঁ। খেৰৰ ঘৰ।

লংকেশ্বৰ- স্বৰ্ণলংকাৰ অধিপতি ঈশ্বৰ। লেমৰ পোহৰত এনে লাগিল এয়াই যেন অভাৱৰ শেষ ছবি, ইয়াতকৈ আৰু নাই, থাকিব নোৱাৰে। নিলাজ দৈন্যতাখিনি কম পোহৰৰ মাজেৰেও সৰকি আহি জলজলকৈ চকুত পৰিল। লংকেশ্বৰে উৎসাহতে হাহাকাৰ এখনে লগাই দিলে প্ৰায়।

আমি বোলো একো নালাগে, নাখাওঁ, চাহ খায়েই আহিছোঁ- সি নেৰে, কিয় নাখাব, খাবই লাগিব, খালেও খাব লাগিব। লংকে কাষত মুঢ়া পাৰি বহিল। ৰীমালৈ চাই কবলৈ ধৰিলে- “বৌ, দাদাহঁতৰ ঘৰৰ লগত বাপ্পাঐ আমাৰ বহু পুৰণা সম্পৰ্ক।”

মুহূৰ্ত্ততে লংকেশ্বৰে অতীতত ডুব মাৰিলে। বংশগতভাৱে চিনাকি। দেউতাই বোলে কোনোবা যুগত সহায় কৰিছিল লংকেশ্বৰৰ দেউতাকক। টকা-পইচা দি বোলে ফাৰ্নিচাৰৰ দোকান এখন পাতি দিছিল। দোকানো দোকান, কি মাৰ-মাৰ চলিছিল তেতিয়াই! সেই যে জুই লাগিল দোকানত, লংকেশ্বৰ তেতিয়া ক্লাচ ফাইভত নে পঢ়াই বাদ দিছিল- বা তেনেকুৱাই কিবা এটা (লংকেক সেইটো ভাবিবলৈ আজিও এক মিনিটমান লাগিল), বজাৰতে নে ঘৰতে আছিল সেই সময়ত- অলপ যেন পাহৰিছে, দুৰ্গা- দাদিয়ে বোধহয় প্ৰথম জুই লগা খবৰটো দিছিল (এইটোতো এক মিনিট)……. বাকীৰ হিচাব-চুক্তিপত্ৰ একো নাবাচিল, সব শেষ হৈ গ’ল, তাৰ পিছতেই কেনা লগা আৰম্ভ হৈ গ’ল, কিমান বাকী ফাঁকি হৈ গ’ল…. ইত্যাদি, লংকেশ্বৰৰ মুখত অনৰ্গল অতীত বৰ্ণনা। দেউতাৰ সহায়ৰ কৃতজ্ঞতাৰ সোঁত উত্তৰাধিকাৰী সূত্ৰে আহৰণ কৰা লংকেশ্বৰৰ মুখেৰে সুযোগ পালেই ফৰফৰাই ওলাই আহিব বিচাৰে। আজিও ব্যতিক্ৰম নহ’ল, ৰেকৰ্ডখন বজাইহে চাৰিলে সি।
ৰীমাই আমনি পাইছিল। কথাৰ মাজতে কৌশলেৰে সুধিলে- “তোমালোকৰ এওঁ ক’ত, দেখা নাই যে?”

-“এওঁ নাই ৰব, কাষৰ এঘৰৰ নামলৈ গৈছে। আহিবৰ হৈছেই। নহয় মাজনী?”

ভিতৰৰ পৰা উত্তৰ আহিল- “ও, নাম ভাগিবৰ হৈছে।”

আমি যোৱা উদ্দেশ্যৰ কথা জানি লংকেশ্বৰে ক’লে- “অহ্-হো, ৰূপকান্তই ক’লে তেন্তে তোমাক ছোৱালীজনীৰ কথা? চেহ! ছোৱালীজনী আছিল হে দাদা। দুদিন আগেয়ে গুৱাহাটীৰ মানুহ এঘৰে লৈ গ’ল। কামত বৰ ভাল আছিল হ’লে। কেইদিনমান আগেয়ে গম পোৱাহেতেন।”

এওঁ ক’লে- “গুৱাহাটীত কিমান দিয়ে তাইক? সুধি চাবাচোন, আমি পাঁচশ বেছি দিম।”

লংকেশ্বৰ চিন্তাত পৰিল।

ৰীমাই ক’লে- “মোৰ কলেজত চাকৰি। এওঁৰো অফিচ। মানুৰ- আমাৰ ছোৱালীজনীৰ পৰীক্ষা আৰম্ভ হ’বই। পঢ়া- শুনাও দেখাব লাগে তাইক। টকা যিমান বিচাৰিলেও ৰাজী আছোঁ। ছোৱালীজনীক আনি দিয়া যেনেকৈ হলেও।”

ৰীমাই মোলৈ চালে। তেওঁ কথা কৈ যাওতে পাহৰিয়ে গৈছিলোঁ যে ময়ো দুষাৰি কোৱা উচিত। চকুৰ ইংগিত পাই লৰালৰিকৈ ক’লোঁ- “হয় হে লংকে, তুমিয়ে যি কৰা আৰু। বৰ সহায় কৰা হ’ব। কেইমাহমানলৈ হলেও অন্ততঃ আনি দিয়া এজনী ভাই। ছোৱালীজনীৰ ইফালে পৰীক্ষা- একেবাৰে ফাইনেল। পিতাকক বুজাই চাবাচোন, পইচা বেছি পালেনো কেলেই নথ’ব?”

লংকেশ্বৰে দুৰৱস্থাটো বুজা যেন লাগিল। আশ্বাসৰ সুৰত সি ক’লে- “তোমালোকে চিন্তা নকৰিবা দাদা, তাই নাহিলেও বেলেগ এজনী যেনেকৈ হলেও বিচাৰি দিমেই তোমালোকক।”

ভিতৰলৈ চাই লংকেশ্বৰে মাত দিলে- “মাজনী।”

ৰীমাই চকীৰ পৰা উঠাৰ উপক্ৰম কৰিলে- “যাও যাও, দেৰীয়ে হ’ল। ছোৱালীজনীৰ পৰীক্ষা আৰম্ভ হ’ব পৰহিৰ পৰা, তাইৰ লগতে লাগি থাকিব লাগে যে, আজিকালি কিমান টান হৈছে পঢ়া-শুনাবোৰ।”

লংকেশ্বৰে ক’লে- “ৰ’ব বৌ, কিনো দেৰী হৈছে? গাড়ীত আহিছে, পতককৈ পাই যাব।”

ভিতৰৰ পৰা ছোৱালী এজনী ওলাই আহিল, হাতত ট্ৰে। প্লেটত খোলাচপৰীয়া পিঠা আৰু চাহ। ৰীমাই খালী চাহকাপ লৈ ক’লে- “তোমাৰ পৰিবাৰক লগ নাপালোঁ। তেওঁক লৈ আহিবাচোন আমাৰ ঘৰলৈ। পুৰণি মানুহ, চিনাকি থাকিব লাগে।” মই চাহত মন দিলোঁ, চাহকাপ ভাল হৈছিল। পিঠাও বৰ সোৱাদ লগা হৈছিল। আৰু এখন খাবলৈ মন আছিল, ৰীমাৰ ঘোপা চাৱনি দেখি সেই আশা বিসৰ্জন দি পিঠাৰ সোৱাদটো জিভাত অনুভৱ কৰি ক’লোঁ- “চাহকাপ ভাল লাগিল দেই। ৰ’বা, এইমাত্ৰ সেইজনী তোমালোকৰে ছোৱালী নহয়নে? বৰ কাজী ছোৱালীহে, তায়ে চাহ নকৰিলে জানো? চাও মাতাচোন মাতা। চোৱাচোন, কথা পাতি থাকোতে মাতেই দিয়া নহ’ল তাইক।”

ফ্ৰক পিন্ধা, ক্ষীণ চেহেৰাৰ লংকেশ্বৰৰ ছোৱালী মাজনী ওলাই আহিল।

-“নমস্কাৰ।”

-“কি নাম তোমাৰ?”

-“অনন্যা ডেকা।”

-“ধুনীয়া চাহ খুৱালা আইজনী।” ছোৱালীজনীয়ে লাজ লাজ কৈ হাঁহিলে।

-“পঢ়ি আছা নহয়?”

দেউতাকে মাত দিলে- “অ’ পঢ়ি আছে, তাইৰো পৰীক্ষা নহয়।”

-“কি পৰীক্ষা?”

-“হায়াৰ চেকেণ্ডেৰী।” মাজনীয়ে উত্তৰ দিলে।

-“আৰ্টচ?”

-“হয়।”

-“ইয়ে, একেই দেখোন। পৰহিলৈ ইংলিছ আছে নহয়?” ৰীমাই অলপ আগবাঢ়ি গৈ সুধিলে। মাজনীয়ে মূৰ দুপিয়ালে। লংকেশ্বৰে ক’লে- “জানাইতো দাদা মোৰ কথা। কোনোমতে কলেজলৈ গৈ আছে আৰু। টাওনত পঢ়াবলৈ শক্তি নাই। ওচৰৰে ভেনচাৰ কলেজখনত দিছোঁ। পঢ়াত বেয়া নাছিল পিছে। মেট্ৰিকতো ভালেই হৈছিল। বেচেৰীয়ে কাম-বন কৰিয়ে যি পঢ়িছে আৰু।”

-“মেট্ৰিক কেনে হৈছিল মাজনী?”

মাজনীয়ে উত্তৰ দিলে- “ডিষ্টিংচন পাইছিলোঁ।”

-“ডি-ষ্টিং-চ-ন! লে-লে-টাৰ পা-পা-পাইছিলা?” ৰীমাৰ চকুকেইটা ডাঙৰ হৈ পৰিছে, চকুত বিস্ময়।

-“অ’ পাঁচখনত পাইছিলোঁ।”

লংকেশ্বৰে গৰ্বৰ সুৰত ক’লে- “পঢ়াৰ নামত একো দিব পৰা নাই মই। তাতে মাককো কাম-বনত সহায় কৰিব লাগে তাই। পঢ়া-শুনাবোৰ আমি একো বুজিয়ে নাপাও, তাই নিজেই যি পাৰে পঢ়িছে।”

পদূলিত কাৰোবাৰ মাত শুনা গ’ল। মাজনীয়ে ক’লে- “মা আহিল।”

সোমাই আহিয়ে লংকেশ্বৰৰ ঘৈণীয়েকে হুৰা-মূৰা এখন লগাই দিলে- “আই-ঔ, আপোনালোক আহিছে। নামলৈ গৈছিলোঁ, গমেই পোৱা নাছিলোঁ। চাহ-তাহ কিবা খোৱা হ’ল নে? আহক, ক’ত যায়, বহক, প্ৰসাদ খাই যাব, ঐ মাজনী, পানী আনচোন।”

ৰীমাই দৌৰাদৌৰি ভাৱত ক’লে- “বহু সময় বহিলোঁ, চাহো খালোঁ, বহিলে আৰু দেৰী হৈ যাব। তোমালোক আহিবা এদিন।”

লংকেশ্বৰে ঘৈণীয়েকক ক’লে- “যাওক দিয়া, ছোৱালীজনীৰো বোলে পৰীক্ষা আছে।”

ৰীমাই উচপিচাই ক’লে- “পৰীক্ষাৰ কথা নাই বাৰু সিমান। টাওনত এটা কাম আছে, সোনকালে যাব লাগে।”

গাড়ী চলাই গৈ আছোঁ। ৰীমাৰ মাত নাই, মুখমণ্ডল চিন্তাত বিভোৰ। গান এটা বজাব লওতে খপ্-কৈ টেপটো বন্ধ কৰি দিলে।

মাত বোল বন্ধ কৰি গৈ থাকিলোঁ। ছোৱালী বিচাৰি এনেয়ে কষ্ট খাব অহা যেন হ’ল নেকি। ইফালে ৰীমা নোহোৱাকে মানুৱে বা কি পঢ়িছে! গাড়ীৰ স্পীড বঢ়াই দিলোঁ।

হঠাত ৰীমাই মাত দিলে- “মাহীহঁতৰ ঘৰত সোমাম। তাত ৰখাবা।”

-“পৰী…?”

-“হ’ব, বৰ চিন্তা কৰি দেখাব নালাগে। মা আছে, পাৰিব তাই পঢ়িব।”

গাড়ীখন পাৰ্কিং কৰি ভাবিলোঁ- কেলেই ৰীমাই টাওনত কাম থকা বুলি কৈছিল? দেৰী হ’ব বুলি ভয় কৰি নেকি? লংকেশ্বৰৰ ঘৰত বহিলে দেৰীয়ে যদি হয়, ইয়াত আকৌ মাহীয়েকৰ ঘৰত সোমাল কিয়? যাহ, যি হওক নহওক, এওঁৰ মুডটো ভাল হৈ থাকিলেই ৰক্ষা। মুড-অফ হ’লে মোৰ কিমান টনাটনি লাগে মইহে জানোঁ!

মাহীৰ ঘৰত সোমাই হঠাতে পৰীক্ষাটোলৈ খং উঠি আহিল। মৰা- পৰীক্ষাডাল! পৰীক্ষা নাথাকিলে লগততো মানুও আহিলেহেঁতেন। মাহীৰ ঘৰতে ৰাতিৰ সাজ ……. কিমান দিন যে ভালকৈ, মনৰ পচন্দৰ এসাঁজ খাব পোৱা নাই! মাহীহঁতৰ ড্ৰয়িং ৰূমৰ ৱালত থকা গনেশ বাবাৰ ফটোখনলৈ চাই মনে মনে প্ৰাৰ্থনা কৰিলোঁ- বাবা, পৰীক্ষাটো ভালে কুশলে, সোনকালে পাৰ কৰি দিয়া আৰু – ওঁম বাবা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments