শীতৰ গঙাচিলনী – গীতালি বৰা

শীতৰ গঙাচিলনী

জীৱনত নাই এটি ঘৰ

মৃত্যুত নাই এটি কবৰ৷
(জাপানী হাইকু)

‘ক’লা, খীণ, দড়িয়া মানুহজন কালি সন্ধিয়ালৈকে এই বিনন্দীয়া পৃথিৱীৰ অংশ আছিল৷ ’ বাক্যটো এনেদৰে ভাবি পুনৰ শুদ্ধকৈ বাক্যটো ভাবিবলৈ যত্ন কৰিলে ৰাধেশ্যামে৷ কুৎসিৎ, অপাংক্তেয় বস্তুবোৰ আচলতে বিনন্দীয়া পৃথিৱীৰ অংশ নহয়৷ জোনৰ গাত থকা তুলসীৰ দৰে ইহঁত ধুনীয়া ধৰাৰ গাৰ এটি এটি আপচু ‘দাগ’হে৷
এই যে মৰাশটো ফুটপাথত মলিয়ন বগা চাদৰ এখনৰ তলত যি পৰি আছে, এই মৰাশটোও বিনন্দীয়া পৃথিৱীৰ গাৰ দাগ এটা৷ আনকি যেতিয়া ই মৰাশ নাছিল, আছিল মন্দিৰৰ সন্মুখৰ ফুটপাথত ভিক্ষাপাত্ৰ আগত লৈ বহি থকা ক’লা, খীণ, দঢ়িয়া মানুহ এজন তেতিয়াও ই আছিল দাগ এটা কাপোৰৰ দাগৰ দৰে যাক ‘ভেনিশ্ব’ পাউডাৰ দি নোহোৱা কৰিব পৰা নাযায়৷

অফিচৰ ব্যস্ততাৰ মাজে মাজে তললৈ ভুমুকিয়াই থাকিল ৰাধেশ্যামে৷ ফুল-তুলসী-মালা লৈ অগণন ভক্ত মন্দিৰলৈ আহিছে৷ ফুটপাথত শায়িত মৰাশটোৰ কাষেৰে ভগৱানৰ ওচৰলৈ নিজ নিজ প্ৰাৰ্থনা লৈ অগ্ৰসৰ হৈছে অগণন ভক্ত৷ আৰু মন্দিৰৰ অলেশ প্ৰজ্বলিত বন্তিৰ পৰা, ধূপ-ধুনা প্ৰাৰ্থনা আৰু টিলিঙাৰ মংগলময় শব্দৰ পৰা মাত্ৰ কেইহাতমান দূৰত এটা মৰাশ পৰি আছে৷ ৰাধেশ্যামে মন্দিৰত বাস কৰা ধূপ-ধুনা, পূজা-অৰ্চনাৰ প্ৰলোভনত ভোল যোৱা শিলৰ ঈশ্বৰক বৰ বেছি বিশ্বাস নকৰে৷ এই যে ঈশ্বৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ যদিহে ভাল-বেয়া নিৰ্বিশেষে তেওঁ ভক্তক তুষ্ট কৰে, তোষামোদত প্ৰলোভিত হোৱা সাধাৰণ ক্ষমতাশালী মানুহ এজনতকৈ তেওঁক পৃথক কৰিব পৰা যাব কিদৰে মানুহৰ নিভৃতত প্ৰতিনিয়ত অনুৰণিত হোৱা আৰ্তস্বৰ যি চিনি নাপায়, মানুহৰ অসহায়তা আৰু শ্ৰান্তিক যি উপলব্ধি কৰি উপশম নকৰে, তেওঁ পূজ্য ঈশ্বৰ হ’ব কিদৰে?
ঈশ্বৰে নাজানিছিলনে এনে এক মৃত্যুসম বিপন্ন জীৱনৰ যে কোনো প্ৰয়োজন নাছিল ৰাধেশ্যামৰ? এয়া কি ঈশ্বৰৰ ইচ্ছা নাছিল৷ পিতৃ-মাতৃৰ আদিম লালসাৰ পৰিপুষ্টিৰ পৰিণতিত পৃথিৱীৰ পোহৰলৈ সৰকি পৰিছিল অভিশপ্ত ৰাধেশ্যাম৷ সোণবৰণীয়া আছিল শৈশৱৰ কেইটিমান দিন যেতিয়ালৈকে ৰাধেশ্যামে বুজা নাছিল কি এক ভৱিষ্যতে অপেক্ষা কৰি আছে৷
বুবু-বাবাকৈ ৰাষ্ট্ৰ হৈ গৈছিল কথাবোৰ৷ একো দোষ নকৰাকৈয়ে তলমুৱা হৈ খোজ কাঢ়িবলৈ লৈছিল ৰাধেই, অৰ্থাৎ ৰাধেশ্যাম৷ আধা বুজা সত্য এটাৰ অচিলাত খেলিবলৈ যাওঁতে লগৰবোৰে চিঞৰিছিল৷ স্কুলত লগৰবোৰে সংগ নিদিয়া হৈছিল৷ স্কুলৰ পৰা নাম কটাই ঘৰতে ৰাধেশ্যামক পঢ়িবলৈ লগাই দিছিল দেউতাকে৷
মাক-দেউতাকৰ স্নেহ আৰু অন্তৰ্দ্বন্দ্ব্ক ৰাধেই বুজিছিল৷ কিন্তুু সি মানুহৰ সন্মুখত ওলালে সংকুচিত হৈ পৰা মাকৰ ক’লা পৰা মুখৰ ছবিখনে কাঁইটৰ দৰে ৰাধেৰ মনত আঁচোৰ বহুৱাইছিল৷ আনকি কোনো সুহৃদ আত্মীয়ৰ সন্মুখত কান্দোনত কেতিয়াবা ভাগি পৰিছিল মাক৷
‘… নমৰাও হ’ল৷ নিজেও ভুগিব, আমাকো ভোগাব জীৱনটো…’ মাকে বিনাইছিল৷
সেয়াও ঠিকে আছিল৷ কিন্তুু শৈশৱ-কৈশোৰৰ সন্ধিক্ষণত যেতিয়া ভৰি থ’লে, দেউতাকে বিচৰাৰ দৰে পেণ্ট-ছাৰ্ট পিন্ধি চুলি চুটিকৈ কাটিবলৈ আৰু মন নোযোৱা হ’ল শ্ৰীমান ৰাধেশ্যামৰ৷ বায়েকে আটোমটোকাৰিকৈ পিন্ধা ফুলাম স্কাৰ্ট-টপ এযোৰ অথবা চাদৰ-মেখেলা এযোৰ পিন্ধি দুডালকৈ বেণী গুঁঠিবলৈকে তীব্ৰ ইচ্ছা গ’ল ৰাধেৰ৷
ঘৰৰ ভিতৰত অলপ সময় অকলে থকাৰ সুযোগ পালেই নিজৰ সাজোন-কাচোনৰ চখ পূৰাবলৈ তৎপৰ হৈ উঠিছিল ৰাধে৷ ঊৰ্ধ্বাংগ উন্মুক্ত কৰি খুটিয়াই চাইছিল নিজৰ শৰীৰ৷ নাই৷ বায়েক পদ্মাৰ দৰে বুকুত দুটা চম্পাকলি গজি উঠা নাই তাৰ৷ আনকি পদ্মাৰ দৰে লনি আৰু লাস্যময়ো নহয় শৰীৰ৷ বহল হৈ পৰা কান্ধ, চহাই থোৱা পথাৰৰ দৰে সমান বুকুৱে স্পষ্ট কৰি দিয়ে বায়েকৰ লগত থকা ৰাধেৰ শৰীৰী পাৰ্থক্যক৷ কিন্তুু মুখখন একেই বৈ পৰা চেলাউৰি, ভিজা, ৰক্তিম ওঁঠ, হাঁহো হাঁহো কৰা চকুৰ নীলাভ মণি৷
আৰু মনটো?
দুখন ৰুমাল বুকুত গুঁজি লয় ৰাধেশ্যামে৷ বায়েকৰ ব্ৰেচিয়াৰ পিন্ধি ঘূৰি ঘূৰি চায় নিজকে৷ ৰঙা-ক’লা ফুলাম স্কাৰ্ট-টপ পিন্ধে, ওঁঠত লিপষ্টিক লয়৷ টিকটিকিয়া ৰঙা নেইল পলিচেৰে বোলাই পেলায় বগা-গুলপীয়া নখ৷ ক’লা ঊৰ্ণা এখনেৰে মূৰ ঢাকি নিজকে চাই শ্ৰীমান ৰাধেশ্যাম সন্তুষ্ট হয়৷ কি নাম দিব পৰা যায় আইনাৰ ভিতৰত থকা সৌজনী গাভৰুক? নিজকে নিজে সোধে ৰাধেশ্যামে৷
ৰাধা ৰাধা ৰাধা আইনাত প্ৰতিবিম্বিত নিজৰ ৰূপকে উকিয়াই মাতি ব্যাকুল হৈ উঠে ৰাধেশ্যাম৷
ক্ৰমশঃ ৰাধেশ্যাম গোঁৱাৰ হৈ উঠিছিল৷ কান্ধৰ তললৈকে বৈ পৰা কেঁকোৰা চুলিখিনিক মাক-দেউতাকৰ অনেক শাও-শপনি সহিও কাটিবলৈ অস্বীকাৰ কৰিছিল ৰাধেই৷
পেণ্ট-ছাৰ্টৰ পৰিৱৰ্তে পিন্ধিবলৈ আৰম্ভ কৰিছিল জিনছ পেণ্ট আৰু কূৰ্তা৷ জোতাৰ পৰিৱৰ্তে কোলাহপুৰী ছেণ্ডেল পিন্ধিছিল৷ হাত আৰু ডিঙিত ওলমাই লৈছিল চিত্ৰ-বিচিত্ৰ মণি-মুকুতা৷ ফুটা কৰা কাণৰ লতিত ৰূপৰ দুল পিন্ধিছিল৷ ওখ, হটঙা শৰীৰ, বহল কান্ধ আৰু গলগলীয়া মাতৰ ৰাধেশ্যামৰ প্ৰকৃত পৰিচয় মানুহৰ সন্মুখত এই বেশভূষাই স্পষ্টকৈ তুলি ধৰিছিল৷ যদিও ইয়াৰ ফলত ৰাধেশ্যামক চহৰখনৰ মানুহে চিৰিয়াখানাৰ জন্তুৰ দৰে চাবলৈ আৰম্ভ কৰিছিল, ৰাধেশ্যাম নিজে সুখী হৈছিল৷

‘এয়াই মই৷ ’
আইনাৰ সন্মুখত থিয় দি বাৰে বাৰে নিজকে চাই পতিয়ন গৈছিল ৰাধে৷
দেউতাকে ৰাধেৰ লগত কথা পতা বন্ধ কৰিছিল৷ মাকে অৱহেলাৰে কোঠাত সজাই থোৱা ঠাণ্ডা ভাত গৰাহে গৰাহে মুখত ভৰাই থাকোঁতে ৰাধেশ্যামৰ চকু কেতিয়াবা সেমেকি উঠিছিল৷ তথাপি, তথাপি মাক-দেউতাক, বায়েকৰ সন্তুষ্টিৰ বাবে নিজৰ মন-আত্মাক পুৰুষৰ পোছাক পিন্ধাই মানুহৰ সন্মুখত অসত্য এটাক স্থাপন কৰিবলৈ ৰাধেশ্যাম সন্মত হ’ব পৰা নাছিল৷
এইবোৰ ব-হু-ত দিনৰ আগৰ কথা৷ যেতিয়া মনলৈ আহে, ধুমুহা-বৰষুণে ধুই নিয়া গছ-গছনিৰ দৰে অস্পষ্ট-উদভ্ৰান্ত মুদ্ৰাত বিনাব খোজে সেই ছবিবোৰে৷
ইয়াৰ পাছৰ ছবিবোৰ আপাততঃ স্পষ্ট৷ পৰীক্ষা বা ইণ্টাৰভিউ দিবলৈ, কোনো ক’ৰ্চত ভৰ্তি হ’বলৈ নামভৰ্তি কৰাৰ সময়ত থমক খাই ৰৈ থাকে ৰাধেশ্যামে৷

Nationality– Indian

Religion– Hindu

Male/Female-? ? ?

তেনেহ’লে পৃথিৱীৰ সকলো দুৱাৰ কেৱল পুৰুষ অথবা নাৰীৰ বাবেহে খোলা আছে? ৰাধেহঁতৰ বাবে সকলো কপাট বন্ধ !ঈশ্বৰ নাই
বন্ধুৰ দৰে, ওঁহো, ঈশ্বৰৰ দৰে হাত আগবঢ়াই দিছিল যুৱৰাজে৷ যুৱৰাজ গ্ৰীক দেৱতাৰ দৰে সুন্দৰ-সুঠাম এজন পুৰুষ৷ মানৱাধিকাৰ সম্পৰ্কীয় কিবা এক বিষয়ত পি এইচ ডি কৰি থকা যুৱৰাজে সমান্তৰালভাৱে কম্পিউটাৰ ক’ৰ্চ এটাতো নামভৰ্তি কৰিছিল৷ একেটা ক’ৰ্চত এডমিছন ল’বলৈ যোৱা ৰাধেক এডমিছন দিয়াৰ সময়ত হেঁহো-নেহো কৰিছিল কৰ্মচাৰীজনে৷ তেওঁৰ সন্দেহমিশ্ৰিত কৌতুকভৰা চাৱনি আৰু ৰাধেৰ মাজত ঢাল এখনৰ দৰে থিয় দিছিলহি যুৱৰাজ৷ যুৱৰাজৰ চকুত অৱজ্ঞা অথবা পুতৌ নাছিল৷ সেয়েহে কিজানি ৰাধে আৰু যুৱৰাজৰ মাজত একেলগে কম্পিউটাৰ ক’ৰ্চ কৰি থকাৰ সময়ছোৱাত বন্ধুত্বৰ সম্পৰ্ক এটা সহজেই গঢ়ি উঠিল৷
কিন্তুু… বন্ধুত্ব
যুৱৰাজৰ বহল বুকু, পেশীবহুল শৰীৰ, চকুৰ গভীৰতা, মূলতঃ যুৱৰাজৰ পৌৰুষ আৰাধনাৰ সম্পদ হৈ উঠিল ৰাধেশ্যামৰ৷ মিহি চেলাউৰি ব্লেডেৰে চুঁচি মিহি কৰিলে ৰাধেই৷ ওঁঠত বুলালে গোলাপী লিপষ্টিক৷ চকুলৈ আনিবলৈ চেষ্টা কৰিলে লোহাৰ কটাৰীৰ দৰে সেই শাণিত কটাক্ষ, যি যুগে যুগে পুৰুষক প্ৰলোভিত কৰি সলনি কৰিছে পৃথিৱীৰ বুৰঞ্জী৷ ৰাধেৰ খোজতো এক আৰোপিত ছন্দ দেখা গ’ল৷ কিন্তুু যুৱৰাজে চাইছিল জানো সেই প্ৰয়াস! যুৱৰাজৰ চকুত জানো অহৰহ ওলমি থকা নাছিল দেৱাংগনা, তাৰ নৃত্যপটিয়সী প্ৰেয়সীৰ মুখ
!
‘এয়া দেৱাংগনা’ ইনষ্টিটিউটৰ সন্মুখৰ পদপথত যুৱৰাজে এদিন ৰাধেক চিনাকি কৰাই দিছিল দেৱাংগনাৰ স’তে৷
আস সেয়া যেন এক দেৱী প্ৰতিমাহে৷ নিপুণ খনিকৰে গঢ়া মূৰ্তিৰ দৰে সুগঢ়ি শৰীৰ, উন্নত বক্ষ, কঁকাল চোওঁ চোওঁ কৰা ঈষৎ ৰঙচুৱা চুলি, কুণ্ডত কটা চকু-মুখ-নাক, পৰিমিত উচ্চতা৷
কোঁচ খাই গৈছিল ৰাধেশ্যাম৷ কি কৰা যায় এতিয়া বুকুত নধৰা হোৱা ভালপোৱাখিনিক লৈ৷ কেতিয়াবা বুজিবনে যুৱৰাজে৷ ৰাধেশ্যামক সহজভাৱে ল’ব পৰা নাছিল দেৱাংগনাই৷ সোনকালে যুৱৰাজক লৈ আঁতৰি গৈছিল৷
… আৰু ইয়াৰ কেইদিনমানৰ পাছত জৰজৰকৈ সৰা বৰষুণে চহৰখনক পখালি থকাৰ সময়ত যুৱৰাজে ৰাধেক এটা প্ৰস্তাৱ দিছিল৷
ভবাৰ অৱকাশ নাছিল৷ ৰাধেতো নৈ নহয় যি দুপাৰ সুজলা কৰি কুলু কুলু শব্দৰে সাগৰত মিলি যোৱাৰ সপোন দেখিব ৰাধেৰ শৰীৰ গেদ কঢ়িওৱা নৰ্দমা এটা নাথাকক কলধ্বনি, দুপাৰো সুজলা নহওক, সাগৰে যদি দুহাত মেলি বুকুলৈ মাতে, সেয়াতো স্বৰ্গই
বিজুলী-ঢেৰেকনিয়ে আকাশ ভাঙিব খুজিছিল৷ লোড শ্বেডিঙত ডুবিছিল নিশাৰ নগৰী৷ বৰষুণৰ ডোঙা খচকি বিজুলীয়াই থকা আকাশৰ তলেৰে এনিশাৰ বাবে যুৱৰাজৰ ফ্লেটলৈ গুচি গৈছিল ৰাধেশ্যাম৷
শৰীৰ পিষ্ট হৈছিল ৰাধেৰ, হয়তো নিৰ্মমভাৱে৷ কিন্তুু উজানৰ মাছৰ দৰে খলবলাই উঠিছিল হৃদয়৷ গেদ কঢ়িওৱা নৰ্দমা এটাক আশ্চৰ্য স্পৰ্শৰে ধন্য কৰিছিল যুৱৰাজে৷ ৰাধে ধন্য হৈছিল৷ যিমানবাৰ এই শৰীৰী খেলাৰ পুনৰাবৃত্তি হৈছিল, সিমানবাৰেই মন-প্ৰাণেৰে ৰাধেশ্যাম ‘ৰাধা’ হৈ উঠিছিল৷ আৰু যুৱৰাজ যেন শ্যাম বৃন্দাবনৰ সেই পৰমাকাংক্ষিত পুৰুষ৷
এদিন যুৱৰাজৰ কোঠাত সেই আদিম খেল দুয়োৰে শৰীৰ উদ্দাম, ঘৰ্মাক্ত, ক্ৰমাৎ তৃপ্ত আৰু অকস্মাৎ দুৱাৰত কাৰোবাৰ আঙুলিৰ টোকৰ টক্‌ টক্‌ টক্‌৷ ‘হয়তো বাট ভুল কৰা আনৰ আলহি৷ ’ এই ভাবেৰে দুৱাৰ খোলা যুৱৰাজৰ দুচকু বিস্ফোৰিত হৈ গ’ল সন্মুখত দেৱাংগনা৷
তাৰ পাছত আৰু হেজাৰ চেষ্টা কৰিও যুৱৰাজক লগ পাব নোৱাৰিলে ৰাধেই৷ যুৱৰাজৰ ঠিকনা সলনি হৈছিল৷ কান্দি কান্দি বাউলি হোৱা বিৰহিনী ৰাধাক নিজৰ বুকুতে সামৰি-সুতৰি লৈ ফুৰিলে ৰাধেশ্যামে৷
তাৰ কেইদিনমানৰ পাছতে ঘটিছিল সেই ঘটনাটো৷ বায়েক পদ্মাৰ বিয়াৰ কথা-বতৰা চলিছিল৷ কইনা চাবলৈ অহা দৰাৰ মাকে পদ্মাৰ মাকক সুধিলে
‘আপোনাৰ ল’ৰা-ছোৱালী? ’

‘পদ্মা আৰু তাইতকৈ ডেৰ বছৰৰ সৰু ভায়েকটো৷ ’
অপ্ৰস্তুত মাকে খৰধৰকৈ উত্তৰটো সামৰিলে৷
কাষৰ কোঠাৰ পৰা হুৰমুৰকৈ ওলাই আহিল ৰাধে৷ পিন্ধনত বগা ছিল্কৰ ছেলোৱাৰ-কামিজ৷ চুলি বেণী গুঁঠা৷ ওঁঠত লিপষ্টিক৷ চকুত কাজল৷
‘মা, মই ক্লাছলৈ যাওঁ…৷ ’ গলগলীয়া মাতেৰে মাকক মাত লগাই, বহি থকা আলহীক হতভম্ব কৰি কঁকালত লহৰ তুলি গুচি গৈছিল ৰাধে৷
পদ্মাৰ বিয়াখন ভাগিছিল৷ কঁকালৰ বেল খুলি চোতালত বাগৰি পৰা ৰাধেক অচেতন হৈ নপৰালৈকে কোবাইছিল দেউতাকে৷
এসপ্তাহৰ পাছত মাকে দিয়া টকা দহ হেজাৰ হাতত লৈ ৰে’লত উঠিছিল ৰাধে৷ লক্ষ্য দিল্লী৷
… তেওঁলোকৰ নিজস্ব এখন জগত আছিল৷ হটঙা শৰীৰত পিন্ধা উজ্জ্বল ৰঙাৰ ফুলাম শাৰীবোৰ, দীঘল চুলিত মেৰিয়াই লোৱা ফুল, নাকফুলি, কাণফুলি, হাতৰ বালা আৰু বেপৰোৱা এক জীৱন৷ পৰস্পৰৰ প্ৰতি তেওঁলোকৰ স্নেহ আৰু কৰুণা আছিল অপাৰ৷ নাচ-গান কৰি বা ডকা-হকা দি কৰা ৰোজগাৰ সমূহীয়াভাৱে খৰচ কৰা হৈছিল৷ সৰু-সুৰা দোকান দিও বহুতে জীৱিকা উলিয়াইছিল৷
ওপজা মাটিলৈ বহুদিনৰ মূৰত উভতি অহা প্ৰবাসী আত্মীয়ৰ দৰে ৰাধেশ্যামক তেওঁলোকে আৱৰি ধৰিলে৷ পুৰুষ আৰু নাৰীৰ পৃথিৱীখনৰ প্ৰতি তেওঁলোকৰ ক্ষোভ আছিল৷ সেয়েহে মহানগৰৰ মাজত থাকিও সুকীয়া আত্মাৰে জীৱন্ত আছিল তেওঁলোকৰ দুনীয়া৷ সুকীয়া সূৰ্যৰ পোহৰ পৰিছিল তাত৷ সুকীয়া বতাহ বলিছিল৷ সেই সুকীয়া পৃথিৱীত নিজকে স্বাধীন যেন লাগিছিল ৰাধেৰ৷ শাৰী পিন্ধি, বেণীত ফুল আঁৰি, চকুত কাজল বুলাই ৰাধেশ্যাম ‘ৰাধা’ হৈছিল আৰু যুৱৰাজৰ বিৰহত আপোনমনে বিনাইছিল শ্যাম শ্যাম শ্যাম…
ৰেহমান ওৰফে ৰেহানা আছিল সেই গলিৰ সকলোৰে ‘মউচী’৷ ৰাধেশ্যামক তেওঁৰ মাকৰ মৰম দিছিল৷ চুলিত আঙুলি বুলাই বুজাইছিল এই বেৰহম দুনিয়াত তোৰ মা-বাপ-ভাই-বহিন কোনো নাই৷ আদমি আৰু ঔৰত সুকীয়া জাত৷ সিহঁত তোৰ মা-বাপো হ’ব নোৱাৰে৷ দুৱাৰে দুৱাৰে ঠ’কৰ খোৱাৰ মন নাই যদি ইয়াতে থাক৷ ম’জ-মস্তি কৰ আপনি মৰ্জি চে জী৷
সেই ৰেহানা মউচী ঢুকাইছিল৷ কান্দোনত ভাগি পৰিব খুজিছিল ৰাধে৷ ভাবিছিল সকলোৱে হিয়া ধুনি কান্দিব৷ কিন্তুু ছবিখন আছিল বিপৰীতধৰণৰ৷ টিক্‌টিক্‌কৈ ৰঙা পৰিছিল শাৰী পিন্ধা হটঙা অৱয়ববোৰৰ চকু৷ গলগলীয়া মাতেৰে তেওঁলোকে গালিৰ দৰে কিবা বিৰবিৰাইছিল৷
প্ৰাৰ্থনা নাছিল, হিয়া উবুৰিয়াই কোনেও কন্দা নাছিল৷ আৰু যেতিয়া অন্তিম সৎকাৰৰ বাবে লৈ যোৱা হৈছিল ৰেহানা মউচীৰ নশ্বৰ দেহ, জোতা-চেণ্ডেলেৰে তেওঁলোকে প্ৰহাৰ কৰিছিল শটোত৷ পাছত ৰাধেশ্যামে বুজিছিল সেয়াই নিয়ম আছিল সেইখন পৃথিৱীৰ৷ অৰ্থ আছিল ‘মৰিলি মুক্তি পালি৷ লাঞ্ছনা-গঞ্জনা সহিবলৈ মুনীহ আৰু তিৰোতাৰ এই পৃথিৱীত পুনৰ যাতে জনম নল’ৱ৷ ’
সেইদিনা পুৱতি নিশালৈকে ৰে’লৰ চিৰিত মুখ গুঁজি বহি আছিল ৰাধে৷ ভৱিষ্যতলৈ চাব খুজিছিল বেঙা মেলি৷ জোতা-চেণ্ডেলৰ প্ৰহাৰত সম্পন্ন হ’বলগীয়া নিজৰ অন্তিম যাত্ৰাৰ কপ্লছবিয়ে ঠক্‌ঠক্‌কৈ কঁপাই পেলাইছিল ৰাধেৰ শৰীৰ৷ আৰু পূবে ধলফাট দিবৰ সময়ত কোনোবা এজনে আগবঢ়াই দিছিল ৰাধেৰ ফালে এশটকীয়া নোট এখন৷ হয় হয়৷ তিৰোতা বা মুনিহ নোহোৱা ৰাধেৰ শৰীৰতো আছিল কোনোবা মানুহৰ লালসাক চৰিতাৰ্থ কৰিব পৰা কিবা এটা৷ নোটখন খামুচি লৈ ৰাধেশ্যামে নিজৰ শৰীৰ আৰু আত্মাক এটা সৰল ময়লা শৰীৰৰ তলত পিষ্ট হ’বলৈ এৰি দিছিল৷
কিছুদিনৰ পাছত দগ্ধাত্মা আৰু ভগ্ন শৰীৰ লৈ ৰাধেশ্যাম ওপজা চহৰখনলৈ উভতি আহিছিল৷ বহু কষ্টৰ শেষত কম্পিউটাৰৰ অসমাপ্ত শিক্ষাৰে অফিচ এটাত ডাটা এণ্ট্ৰি কৰাৰ চাকৰি এটাৰ যোগাৰ হৈছিল৷ মাক-দেউতাকৰ ইচ্ছাৰ সাঁচত নিজকে এৰি দি জীৱনৰ স’তে আপোচ কৰি লৈছিল বাবেই আৰু মুনিহ আৰু তিৰোতাৰ পৃথিৱীত নিজৰ অপাংক্তেয় স্থিতিক বৰ্তাই ৰাখিবলৈ যত্ন কৰিছিল৷
সূৰ্য অস্ত গৈছে৷ দূৰৰ নীলা পাহাৰৰ সিপাৰৰ পৰা উঠি আহিছে দ্বিতীয়াৰ জোন৷ সেই জোনটোকো এতিয়া কুঁৱলী আৰু ডাৱৰে ঢাকি ধৰিছে৷
বিষাদৰ এখন আলোৱান লৈ মুজুৰা মাৰি থকা চহৰখনক অচিনাকি যেন লাগিছে ৰাধেশ্যামৰ৷ মৃতদেহটো এতিয়াও ফুটপাথতে পৰি আছে৷ তাৰ কাষতে শুকান পাতেৰে ইটাৰ চৌকা জ্বলাই ৰাতিৰ সাঁজ ৰন্ধাৰ ব্যৱস্থা কৰিছে কেইজনমান অঘৰী ভিক্ষাৰীয়ে৷ যেন মৃত্যু আৰু জীৱন যুঁজৰ এক অনাবিল সহাৱস্থান৷
মন্দিৰত ভক্তৰ সংখ্যা কমিছে৷ হয়তো শিলৰ ঈশ্বৰে এতিয়া জিৰণি লৈছে৷ পূজা-অৰ্চনাত তৃপ্ত ঈশ্বৰৰ চকুৰ পতা এতিয়া কিজানি ক্লান্তিত জাপ খাব ধৰিছে৷
কাষৰ পাৰ্কত প্ৰেমিক-পখীবোৰৰ ভিৰ বাঢ়িছে৷ চহৰৰ পৰিশ্ৰান্ত মলিন চেহেৰাৰ বিপৰীতে ইহঁতবোৰ সতেজ, তজবজীয়া৷ ফুটপাথবাসী অঘৰী মৃতক এজনৰ বাবে মুহূৰ্তৰ বাবেও থমকি ৰোৱাৰ সময় এওঁলোকৰ নাই৷
ৰাধেশ্যাম ব্যথিত হয় তেনেহ’লে কোনেও এটুপি চকুলো নোটোকাকৈ, এগছিও চাকি নজ্বলোৱাকৈয়ে সম্পন্ন হ’ব শটোৰ বিদায় যাত্ৰা? তেনে এক অভিশপ্ত অন্তিম যাত্ৰাৰ বাবেও লাগিব বহু সময়৷ মিউনিচিপালটিৰ চাফাই কৰ্মীয়ে আহি উঠাই নিনিয়ালৈকে, অথবা কোনো সমাজসেৱী সংস্থাই সৎকাৰৰ ব্যৱস্থা নকৰালৈকে কিজানি এনেদৰেই অৱহেলিত হৈ পৰি থাকিব শটো৷
নে এনেদৰেই এসময়ত মৃতদেহটো পচিবলৈ ধৰিব ৰাতিৰ সাঁজ খাই শুবলৈ লোৱাৰ সময়ত ফুটপাথৰ আনবোৰ অঘৰী ভিক্ষাৰীয়ে মনত পেলাব তেওঁলোকৰ এজনৰ প্ৰাণহীন শৰীৰ পচিব লাগিছে … শটোৰ পৰা নিৰ্গত দুৰ্গন্ধই কিজানি সিহঁতৰ চিন্তাক জোকাৰি যাব প্ৰত্যেকেই সন্মুখলৈ চাই দেখিব নিজৰ অভিশপ্ত ভৱিতব্যক মৃত্যুৰ বাবে অশ্ৰু নহয়, বিদায় বন্তি নহয়, সিহঁতৰ বুকুত কিজানি জ্বলি উঠিব ক্ষোভৰ জুই৷ তাৰ দহনত সিহঁতে বাৰু মৃত হিজৰাৰ অন্তিম বিদায়ৰ দৰে এক দৃশ্যৰ অৱতাৰণা কৰিব নেকি জোতা-চেণ্ডেলেৰে প্ৰহাৰ কৰিব শটোক কৈ উঠিব ‘মৰিলি মুক্তি পালি৷ বিনন্দীয়া পৃথিৱীৰ ‘দাগ’ হৈ পুনৰ যাতে জনম নল’ৱ’
এটা প্ৰাচীন দালানৰ তৃতীয় মহলাত কম্পিউটাৰৰ কাম সামৰি ঘৰলৈ যাবলৈ লৈও ৰৈ গ’ল ৰাধেশ্যাম৷ শটো আৰু ৰাধেৰ মাজত যদিও আছিল ব্যৱধান এটা ব্যস্ত পদপথ, এটা নৰ্দমা, ভেঁকুৰিব ধৰা এখন ৱাল, তেনেদৰে, তেনেদৰেই যেন নিজকে সেই শটোৰ ৰখীয়াৰ ভূমিকাত অৱতীৰ্ণ কৰালে ৰাধেশ্যামে৷
মহানগৰীৰ অস্পষ্ট হৈ অহা আকাশৰেখাত এটা গঙাচিলনী উৰি থাকিল…৷

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
হেমেন বৰি
4 years ago

অপূৰ্ব

অপ্ৰমাদী
4 years ago

ভাল লাগিছে পঢ়ি ।

Anonymous
4 years ago

Bar val lagil aponar galpa parhi…..