গৰখীয়া (ইন্দিৰা দিগন্ত)

সোঁৱেবাৱে অসমীয়া গাঁওকেইখনৰ মাজতে টকৌডুবি গাঁওখন৷ মছজিদটোৰ কাষতে আকৌ দুঘৰমান অসমীয়াও৷ এবছৰ, দুবছৰ নহয়; সেই তাহানিৰ আজোককাহঁতৰ দিনৰ পৰাই এই গাঁওখনৰ মানুহবোৰে অসমীয়া মানুহকেইঘৰক খেতিখোলাৰ লগতে ঘৰুৱা কামকাজত সহায় কৰি দি আহিছে৷

আজিৰপৰা প্ৰায় ২০২৫ বছৰমান আগলৈকে গাঁওবোৰৰ পুৱাৰ ছবিখন কেনে আছিল এবাৰ মনত কৰকচোন৷ প্ৰত্যেকৰ ঘৰতে এগোহালি গৰু আৰু সেইবোৰক চৰাবলৈ নিবলৈ একোটাকৈ গৰখীয়া৷ গৃহিণীগৰাকীয়ে নিজৰ লৰাছোৱালী কেইটাক স্কুললৈ খুৱাই মেলি টিফিন একোটা দি পঠোৱাৰ দৰে গৰখীয়াটোকো খুৱাই মেলি দুপৰীয়া খাবলৈ বুলি কিবা অলপ টোপোলা বান্ধি দিছিল৷

গৰখীয়া লৰাবোৰৰ প্ৰায়বোৰেই আছিল টকৌডুবিকে কৰি আন অনাঅসমীয়া গাঁওকেইখনৰ৷ নামতহে অনাঅসমীয়া, হাড়ে হিমজুৱে এওঁলোক অসমীয়াই৷ প্ৰায়বোৰ গৃহস্থই আগ্ৰহী গৰখীয়া লৰাটোক নিজৰ সন্তানক গধূলি পঢ়োৱা সময়খিনিত অসমীয়া বৰ্ণমালা আৰু নেওতা শিকাইছিল৷

উৰুকাৰ ভোজ, ঘৰৰ সকামনিকাম, বিহু আৰু আন উৎসৱবোৰত ঘৰৰ লৰাছোৱালীবোৰৰ মাজৰে এটা হৈ পৰিছিল গৰখীয়া লৰাবোৰ৷ ভাদমাহৰ কোনোবা এটা দিনত নামঘৰত গৰখীয়া সবাহো পতা হৈছিল৷

অতীজৰে পৰা পালন কৰি আহা সাতদিনীয়া বহাগৰ বিহুটোৰ প্ৰথম দিনটো আমি পালন কৰোঁ গৰু বিহু হিচাপে৷ গৰুৰ লগত গৰখীয়াৰ ওতঃপ্ৰোত সম্পৰ্ক৷ গৰু বিহুৰ দিনা মাহঁতক গৰখীয়া লৰাটোক বিহুৱানৰ লগতে নতুন কাপোৰ কানিও দিয়া দেখিছিলোঁ৷

ইতিমধ্যে ভাবিছে কিজানি এইজনীয়েগৰখীয়াশিৰোনাম দিয়া বাবে পঢ়িবলৈ ললো পাছে এইবোৰ গল্পও নহয়, ৰচনাও নহয় বেবেৰিবাংহে দেখোন৷ ৰব পঢ়িলেই যেতিয়া এতিয়া এটা সঁচা ঘটনাৰ (দুৰ্ঘটনা) কথা বৰ্ণনা কৰোঁ

আব্দুল আৰু মোতালি দুয়ো সতীয়া ভাই৷ বয়স ১০১১ মান হব৷ দুয়ো দুঘৰৰ গৰখীয়া৷ গৰু বিহুৰ দিনা দুয়োটাই গৰুক গাধুওৱা হোৱাৰ পাছত জাজলপান খাই ওলাই গল৷ সেইদিনা গৰখীয়া লৰাবোৰৰ অঘোষিত কৰ্ম বিৰতি৷ কাজেই চুবুৰীৰৰ পাঁচটা মানে লগলাগি হুঁচৰি গোৱাটোকে ঠিক কৰিলে৷ মোতালি বোলাটো আছিল মস্ত টেঙৰ৷ সি প্ৰস্তাৱ দিলে মানুহৰ ঘৰে, ঘৰে নাগাও বেছি পইচা নুঠে তাতকৈ বল মেইন ৰাস্তালৈ যাওঁ৷ তাত অহাযোৱা কৰা গাড়ীবোৰ ৰখাই হুঁচৰি গাম আৰু পইচা খুজিম৷ আটাইকেইটা বীৰ পুৰুষ হুঁচৰি গাবলৈ গল৷ গৃহস্থ বা আন কোনেও গমেই নাপালে৷

এঘণ্টামান পাছত কোনোবা এটাই আহি খবৰ দিলে বাছ এখনে হুঁচৰি গাই থকা লৰা দুটাক মহতিয়াই থৈ গল৷ আব্দুল আৰু মোতালিৰ অকাল মৃত্যুত সেইদিনা চুবুৰীটোৰ কাৰোৰে ঘৰত চৌকা নজলিল৷ সেইবাৰ বিহুত আমাকো ঘৰৰ মানুহে হুঁচৰি গাবলৈ অনুমতি নিদিলে৷ তাৰে কেইটামান বছৰৰ পাছত প্ৰায়বোৰৰে ঘৰত গৰু আৰু গৰখীয়া লুপ্ত হৈ পৰিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!