গ্ৰন্থ আলোচনাঃ ( অনামিকা বৰুৱা )

 

গল্প সংকলন: সীমন্তিনী ।

লেখিকা: মঞ্জু বৰা ।

প্ৰথম প্ৰকাশ: ২০১০ ।

প্ৰকাশক: পূৰ্বাঞ্চল প্ৰকাশ ।

মূল্য: ১৫০.০০ টকা ।

লেখিকাৰ কথাৰেই:-নাৰী-পুৰুষৰ সম্পৰ্কটোৱেই পৃথিৱীৰ আটাইতকৈ আদিম সম্পৰ্ক—এতিয়া আহি যিটো সম্পৰ্কই এটা অতিকে জটিল ৰূপ লৈছেহি ।  মানুহ যিমানেই শিক্ষিত হৈছে, চোকা মগজুৰে জটিল চিন্তাশক্তিৰ অধিকাৰী হৈছে- সিমানেই তেওঁলোকৰ চালচলন তথা মনঃস্তত: দুৰ্বোধ্য হৈ পৰিছে ।  পৰিবৰ্তিত সময়ত নাৰী সুশিক্ষিতা হৈ আত্ম সংস্থাপিত হ’লেও শাৰীৰিক আৰু মানসিকভাৱে সৰহসংখ্যকেই এতিয়াও নিৰ্যাতিতা ।  কোনোবাই এই নিৰ্যাতন নীৰৱে মানি লৈছে, কোনোবাই ইয়াৰ পৰা উদ্ধাৰ পোৱাৰ আশাত ভুল পথো বাচি লৈছে আৰু কোনোবাই খুব সূক্ষ্ম ভাবে সুস্থ আৰু পৰিকল্পিত উপায় অৱলম্বন কৰি নিজকে সকলো ধৰণৰ নিৰ্যাতন, অন্যায়, অবিচাৰৰ পৰা মুক্ত কৰোৱাই মুকলি আকাশৰ তলত পুৰুষৰ সৈতে সমানে বিচৰণ কৰিবলৈ সক্ষম হৈছে ।  কিন্তু এই শাৰীৰিক আৰু মানসিক অৱস্থানৰ উৰ্দ্ধতো মানুহৰ অন্য এখন জগত আছে ।  যিখন জগত দৈনন্দিন লাভ-লোকচান বা পোৱা-নোপোৱাৰ স্থূল হিচাপ-নিকাচেৰে পৰিচালিত নহয় ।  ই হ’ল হৃদয়ৰ জগত ।  যিকোনো এগৰাকী নাৰীৰ হৃদয়ৰ নিৰ্ভিত  কোণত কেতিয়া কি ভাব-অনুভূতিয়ে উকি মাৰে, তেওঁ প্ৰেম আৰু হৃদয়ৰ তাড়নাত কেনে পন্থা আঁকোৱালি লয় ইত্যাদিৰে আজিৰ শিক্ষিত নাৰীসকলৰ মানসিকতা অধ্যয়ন কৰিলে আশ্চৰ্য অথবা বিস্ময়ত অভিভূত হ’ব লগা হয় ।

 

সৰ্বমুঠ চৈধ্যটা গল্প সন্নিবিষ্ট আছে ইয়াত:-

 

১) সীমন্তিনী,

২) নৈমিত্তিক-প্ৰলয়,

৩) বৃন্দাবনত নুশুনি বাঁহীৰ মাত,

৪) অপৰোক্ষ অনুভৱ,

৫) সূত্ৰ ভঙাৰ সূত্ৰ,

৬) প্ৰতিবিম্ব,

৭) এজন প্ৰেমিকৰ সন্ধানত,

৮) শূন্যত ওলমা সময়,

৯) গোলকীয় দ্বন্দ,

১০) গৃহ প্ৰৱেশ,

১১) স্ত্ৰীত্ব,

১২) ৰূপান্তৰ,

১৩) নজ্বলিল সাঁজৰ তৰা,

১৪) দিনান্তত মাধৱীলতা ।

 

প্ৰতিটো গল্পতেই এক সুকীয়া স্বাদ আৰু মনস্তত্ত্বৰ বিশ্লেষণ আছে ।  উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পাছতো, স্বাৱলম্বিতাৰে নিজৰ ভৰিত নিজে থিয় দিয়াৰ পাছতো, নিজৰ গৰিমাৰে নিজে মহিমামণ্ডিত হোৱাৰ পাছতো কোনোবাখিনিত আজিও ৰিক্ত হৈ ৰয় নাৰী ।  কিহে পূৰ্ণ কৰে মানুহক? নাৰী কি ? এটা মন ? এটা আত্মা? নে এটা শৰীৰ ? কিমানখিনিলৈকে হৃদয়ৰ স্পন্দনৰ ধ্বনি অনুৰণিত হয় ? পায়নে হৃদয়ে স্বীকৃতি ? হয়নে সপোন সঁচা ? পাৰিনে বন্ধন খুলি উৰি যাব আকাশ ধিয়াই ? পাৰি জানো মন গ’লেই খহাই দিব অপ্ৰাপ্তিৰ পাহাৰ ? সহজ জানো খোজ দিয়া অচিন বাটেৰে ? কোনে জানে কি আছে তাত!

 

নাৰীৰ বিপৰীতে পুৰুষসকল সকলো দিশতেই স্বাধীন ।  শাৰীৰিকভাৱে তেওঁলোক স্বাধীন ।  কাৰণ প্ৰকৃতিয়েও তেওঁলোকক এনেকৈয়ে সৃষ্টি কৰিছে যে যিবোৰ প্ৰাকৃতিক কাৰণত নাৰীয়ে অশেষ য্ন্ত্ৰণা ভুগিব লগা হয় ।  সময় বিশেষে কলঙ্কৰ বোজাও কঢ়িয়াব লগা হয় ।  সেইবিলাক শাৰীৰিক যন্ত্ৰণা তথা লাঞ্ছনাৰ পৰা পুৰুষসকল প্ৰায় মুক্ত ।  তাৰোপৰি সামাজিক নীতি-নিয়ম, চাল-চলন, লোকাচাৰ-পৰম্পৰা ইত্যাদি অতীজৰে পৰা পুৰুষৰ দ্বাৰাই নিৰ্দ্ধাৰিত হৈ আহিছে বাবে জীৱনৰ বাটত কোনো স্তৰতে তেওঁলোকে উজুটি খাব লগা নহয় ।  তাৰ বিপৰীতে নাৰীয়ে কিন্তু সেই নীতি-নিয়ম, লোকাচাৰ-পৰম্পৰা আদি আখৰে আখৰ পালিব লগা হয় ।  হয়তোবা কেতিয়াবা শাৰীৰিক তথা মানসিক কষ্টৰ মাজেদি বলপূৰ্বক ভাবেও ।  তথাপিও মানৱ সভ্যতাৰ ক্ৰমবিকাশত সমানে অংশীদাৰ হৈ এগৰাকী নাৰীয়ে এজন পুৰুষৰ সৈতে সংসাৰ পাতে ।  সময়ত তেওঁৰেই সন্তান গৰ্ভত ধাৰণ কৰি সমাজ তথা পৰিয়ালক আগুৱাই নিয়াৰ এক গৌৰৱৰ ভাগীদাৰ হয় ।  এগৰাকী সধবা নাৰীয়ে পুত্ৰ-কন্যা-স্বামী সমন্বিতে সমাজত এক বিশেষ স্থান লৈ গৌৰৱপূৰ্ণ অস্তিত্বৰ দাবীদাৰ হ’ব পাৰে ।  কিন্তু তথাপিও নাৰীৰ মনত সেই চিৰন্তন ক্ষোভ কিয় ? কিয় তেওঁ ক্লান্তি আৰু নিঃসংগতাত ভোগে যেতিয়া তেওঁৰ স্বামী পৰগামী হয় ? হৃদয়ৰ নে সন্মানৰ নে নিজ গৰ্ব খৰ্ব হোৱাৰ অপমানত? পুৰুষৰ সমানে দায়িত্ব পালন কৰিও কিয় এগৰাকী নাৰীয়ে সমাজত পুৰুষৰ সৈতে সম অধিকাৰ লাভ নকৰে ? কিয় বহুত উচ্চ শিক্ষিতা নাৰী বিবাহোত্তৰ কালত একান্ত নিজা এক পৰিচয় লাভৰ বাব হাহাকাৰ কৰিব লগা হয় ? সৃষ্টি কৰ্মত ব্ৰতী হৈয়ো নাৰী পুৰুষৰ দ্বাৰা লঘু প্ৰতিপন্ন হ’ব লগা হয় ।  কৰ্মক্ষেত্ৰতেই হওক বা আন ঠাইতেই হওক পুৰুষ সততাই নাৰীৰ শৰীৰটোৰ প্ৰতি আকৰ্ষিত হয় আৰু সুযোগ পালেই শোষণ কৰিবলৈ আৰম্ভ কৰে ।  এই প্ৰশ্নবোৰ হয়তো সদায়েই থাকি যাব যেতিয়ালৈ নাৰীয়ে পুৰুষৰ লগত সমান অধিকাৰ লৈ নিৰ্ভয়ে নিঃসংকোচে ঘৰ সংসাৰৰ দায়িত্ব পালনৰ ক্ষেত্ৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক বিচৰণ কৰিব নোৱাৰিব ।

 

’সীমন্তিনী’ৰ গল্পকেইটা প্ৰান্তিক, বিস্ময় আদি আলোচনীৰ পাতত ইতিপূৰ্বে প্ৰকাশ পাইছিল যদিও আশা কৰোঁ সংকলনখন পঢ়ি পাঠকে পুনৰ উৎকৃষ্ট গল্প কেইটাৰ সোৱাদ ল’ব ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments