গ্ৰন্থ সমালোচনা: কায়কল্প আৰু ছিলিকনৰ বুদ্ধ – দেৱাশ্ৰী বৰগোহাঁই

অসমীয়া সাহিত্যৰ জগতখনত কল্পবিজ্ঞান তথা বিজ্ঞান ভিত্তিক গ্ৰন্থৰ সংখ্যা নিচেই সীমিত৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সমাজলৈ পৰিবৰ্তনৰ জোঁৱাৰ আনিলেও আমাৰ লেখক সকলক প্ৰভাৱান্বিত কৰিব পৰা নাই যেন ভাৱ হয়৷ হয়তো পাঠকৰ ৰুচিবোধো ইয়াৰ অন্য এক কাৰণ হ’ব পাৰে৷ অৱশ্যে সীমিত হ’লেও অৱদান উল্লেখযোগ্য৷ তাৰ মাজৰে দুখন গ্ৰন্থৰ বিষয়ে চমুকৈ আপোনালোকলৈ আগবঢ়ালো৷

কায়কল্প….. ২০০৮ বৰ্ষৰ ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সৰস্বতী সন্মানপ্ৰাপ্ত গ্ৰন্থ ড০ লক্ষ্মীনন্দন বৰাদেৱৰ কায়কল্প৷ গ্ৰন্থখনৰ আধাৰ হৈছে ভাৰতত অতীতৰ পৰা চলি অহা কায়কল্প চিকিৎসা৷ পুনৰ্যৌৱন লাভ, যৌৱনক বিলম্বিত কৰা আৰু আয়ুৰ্বৃদ্ধিৰ অৰ্থাৎ কায়কল্পৰ প্ৰচেষ্টা সুদূৰ অতীতৰ পৰাই সকলোৰে বাবে কৌতূহলৰ বিষয়৷ এই কৌতূহলে কায়কল্পৰ মুখ্য চৰিত্ৰ ড০ অনুজ কৃপালনিকো বশ কৰিছে৷ ইয়াত ইন্ধন যোগাইছে পত্নী নয়না নাৰ্লিকাৰৰ ব্যভিচাৰ আৰু জীৱনৰ বিয়লিবেলাত পুনৰ লগ পোৱা পূৰ্ব প্ৰেয়সী অজন্তা দীক্ষিতৰ বিগত যৌৱনে৷ পত্নীৰ দ্বাৰা প্ৰবঞ্চিত বিশ্ববিখ্যাত বহুৰাষ্টীয় প্ৰতিষ্ঠান “ভিভিয়ান ইণ্টাৰনেচনেল”ৰ আণৱিক জীৱবিদ্যা শাখাৰ মুৰব্বী ড০ অনুজ কৃপালনি উভতি আহিছে ভাৰতলৈ৷ ভাৰতত বৈজ্ঞানিক বিপ্লৱৰ সূচনা কৰি প্ৰতিষ্ঠা কৰিছে ভাৰত বিজ্ঞানাগাৰ৷ এই অনুষ্ঠানে তেওঁক দিছে বিভিন্ন বঁটা প্ৰশষ্ঠিৰ লগতে প্ৰচুৰ অৰ্থ৷ কিন্তুু এইবোৰে সন্তুষ্ট কৰিব পৰা নাই ড০ কৃপালনিক৷ প্ৰতিশোধৰ অগনিয়ে বাৰে বাৰে তেওঁক দহন কৰিছে৷ পুনৰ্যৌৱন উদ্ধাৰৰ প্ৰচেষ্টাত নিজকে বিলীন কৰিছে৷ অধ্যয়ন কৰিছে বহু পৌৰাণিক ভাৰতীয় আয়ুৰ্বেদ তথা যোগ শাস্ত্ৰ, ভ্ৰমণ কৰিছে বহু দুৰ্গম অঞ্চল৷ তেওঁৰ এই প্ৰচেষ্টাই সফলতা লাভ কৰিছে সিদ্ধপুৰুষ অমেৰন্দ্ৰ ব্ৰহ্মচাৰীৰ সহযোগিতাত৷ উদ্ভাৱন কৰিছে কায়কল্প-২৫ নামেৰে পুনৰ্যৌৱন লাভৰ ঔষধ৷ কিন্তুু প্ৰকৃতিৰ নিয়ম উলঙ্ঘা কৰা জানো সম্ভৱ৷ প্ৰকৃতিৰ নিয়ম উলঙ্ঘা কৰাৰ ফল ভয়াবহ৷ শেহত সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে ড০ কৃপালনিয়ে আৰু সেয়ে কায়কল্প-২৫ ৰ ব্যৱসায়িক ৰূপ দিবলৈ অমান্তি হৈছে৷ প্ৰকৃতিয়ে নিজ কাৰ্য্য সুচাৰুৰূপে চলাই নিছে৷
মূলত বিজ্ঞানভিত্তিক উপন্যাস যদিও উপন্যাসখনৰ বুকুলৈ প্ৰেমৰ জোঁৱাৰ আহিছে৷ আশা আকাংক্ষাই পোখা মেলিছে৷ দূখে আহি দুচকু সেমেকাইছে৷ লগতে আহিছে সংঘাত৷ সংঘাতৰ চূড়ান্তৰূপ হিচাপে আৱিষ্কাৰ হৈছে কায়কল্প-২৫৷ মানৱীয় প্ৰমূল্যবোধবোৰ সুন্দৰভাৱে অংকিত হৈছে কায়কল্পত৷ আধুনিক বিজ্ঞান জগতৰ বহুখিনি দিশ সামৰিলৈ সেইয়া সুন্দৰভাৱে উপস্থাপন কৰিছে লেখকে৷ উচ্ছল যৌৱানাকাঙ্খাই দুৰন্ত গতি প্ৰদান কৰা জ্যোতি প্ৰকাশনৰ পৰা প্ৰকাশিত কায়কল্প অসমীয়া বিজ্ঞানভিত্তিক উপন্যাস জগতলৈ সুন্দৰ বৰঙনি৷

অসমীয়া কল্পবিজ্ঞান জগতখনলৈ এক সুন্দৰ সংযোজন হ’ল চাকিল জামালৰ চিলিকনৰ বুদ্ধ৷ উপন্যাস খনৰ মূলাধাৰ হৈছে চাইব’ৰ্গ৷ উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে উদ্যোগপতি টেড টাৰ্নাৰৰ বিলুপ্ত স্মৃতি পুনৰুদ্ধাৰৰ আঁচনিৰে৷ টেড টাৰ্নাৰৰ জীৱনৰ পৰা বিলুপ্তি ঘটা কিছুমান মুহূৰ্তৰ স্মৃতিৰ পুনৰুদ্ধাৰৰ দায়িত্ব অৰ্পন কৰা হৈছে ছেনজ’ছত থকা কৃত্ৰিম বুদ্ধিমত্তাৰ বৈজ্ঞানিক প্ৰতিষ্ঠান এমৰয় আৰু এমৰয়ৰ পৃষঠপোষকতাত ভাৰতৰ মুম্বাইস্থিত টিকটেকক৷ স্মৃতিৰ পুনৰুদ্ধাৰ কাৰ্য্যত নিয়োজিত প্ৰফেছৰ কালিংঘাম, ছানন আৰু অমিত পানিকেৰৰ দ্বাৰা নিৰ্মিত চিলিকনৰ কোৱাণ্টাম চিপ এটাক কেন্দ্ৰ কৰি আগবাঢ়ি গৈ থাকে উপন্যাসখন৷ চিলিকনৰ কৃত্ৰিম মগজু তৈয়াৰৰ আশাশুধীয়া প্ৰচেষ্টাৰ সুন্দৰ বৰ্ণনাৰে উপন্যাসৰ কাহিনীভাগ সাবলীলভাৱে আগবঢ়াই নিয়াত লেখক সফল হৈছে৷ সমান্তৰালভাৱে উপস্থাপিত হৈছে টেড টাৰ্নাৰৰ জীৱন কাহিনী৷ ছল্টলেক অঞ্চলৰ পৰা হাতত মাত্ৰ কেইটামান ডলাৰলৈ অহি বিশ্ববিখ্যাত উদ্যোগপতি ৰূপে নিজক প্ৰতিষ্ঠা কৰাৰ কাহিনী৷ বিজ্ঞানী, প্ৰযুক্তিবিদ কেইজনৰ প্ৰচেষ্টাত চিপটোৱে প্ৰাণ পাইছে৷ চিকিৎসকে পৰীক্ষা নিৰীক্ষাৰ অন্তত চিপটো প্ৰতিষ্ঠা কৰিছে টেড টাৰ্নাৰৰ মগজুত৷ টাৰ্নাৰে ঘূৰাই পাইছে পুৰণিদিনৰ সুৱাস৷ উপন্যাসখনত বৰ্ণিত বিজ্ঞানৰ বহু কথাই উপন্যাসখনক অনন্য মাত্ৰা প্ৰদান কৰিছে৷
উপন্যাসখনৰ বুকুলৈ অহা প্ৰেমৰ পছোৱাজাকে, বহুজাগতিক প্ৰতিষ্ঠানত সংস্থাপনৰ অনিশ্চিয়তা, চক্ৰান্ত ষড়যন্ত্ৰ, বিৰহে উপন্যাসখনক সজীৱতা প্ৰদান কৰিছে৷ মাহেকীয়া বিজ্ঞানভিত্তিক আলোচনী জিলিঙনিৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশিত চিলিকনৰ বুদ্ধক প্ৰকাশ কৰি উলিয়াইছে জিজ্ঞাস প্ৰিণ্টাছ এণ্ড পাব্লিছাৰ্ছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!