ভণ্ড গুৱাহাটী বিশ্ব-বিদ্যালয়, নতুন উপাচাৰ্য আৰু ৰজনীকান্ত -(আশিক জামান)

ভণ্ড গুৱাহাটী বিশ্ব-বিদ্যালয়, নতুন উপাচাৰ্য আৰু ৰজনীকান্ত

– আশিক জামান

 


প্ৰখ্যাত শিক্ষাবিদ মৄদুল হাজৰিকাক গুৱাহাটী বিশ্ব-বিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিয়োগ কৰাৰ পিছত, বহুতৰে মনত নতুন আশাৰ সঞ্চাৰ হোৱা পৰিলক্ষিত হৈছে| ভাল কথা, আশা কৰিব লাগে| কিন্তু গুৱাহাটী বিশ্ব- বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে মই দাঠি কব পাৰো যে, যদি অমৰ্ত্য সেনৰ দৰে ন’বেল বঁটা বিজয়ী ব্যক্তিত্বকো গুৱাহাটী বিশ্ব-বিদ্যালয়ৰ উপাচাৰ্য নিয়োগ কৰা যায়,  একো উন্নতি নহয়|  অৰ্ধ-শতিকা যোৰা দুৰ্নীতি, স্ব্জনতোষণ আৰু জাত-পাতৰ দৰে নিকৃষ্ট কৰ্ম আৰু চিন্তাই, নতুনত্বৰ সকলো পথ বন্ধ কৰি পেলাইছে,  গুৱাহাটী বিশ্ব-বিদ্যালয় হৈ পৰিছে কেৱলমাত্ৰ প্ৰমান-পত্ৰ প্ৰদানকাৰী এখন অনুষ্ঠান|

যি কোনো শিক্ষানুষ্ঠানৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰধান নেতৃত্ব লয় সেই অনুষ্ঠানৰ শিক্ষক সমাজ, যি অনুষ্ঠানৰ সৰহভাগ শিক্ষক নিজেই আহিছে দুৰ্নীতি আৰু স্ব্জনতোষণৰ জখলা বগাই,  তেওঁলোকৰ পৰা উন্নয়ন আশা কৰাটো এক মৰীচিকা|  কেৱল শৈক্ষিক নহয় এনে ভণ্ড, দুৰ্নীতিপৰায়ণ তথাকথিত শিক্ষকৰ দ্বাৰা বিশ্ব-বিদ্যালয়খনৰ সামগ্ৰিক চৰিত্ৰৰো স্খলন ঘটিছে|  উদাহৰণ স্বৰূপ,  দুবছৰমান পূৰ্বে এটা বিভাগৰ মূৰব্বী অধ্যাপকজনে নিজৰে ছাত্ৰীৰ লগত নিজৰে কাৰ্য্যলয়ত অবৈধ যৌণ সম্পৰ্কত লিপ্ত হৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰিছিল| প্ৰ্তিটো বিভাগতে এনেকুৱা লম্পট চৰিত্ৰৰ ভণ্ড শিক্ষক যে এতিয়াও আছে সেয়া যি কোনো ভূ-ৰখা ব্যক্তিয়ে কব পাৰিব| বিভিন্ন সময়ত বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে এনেকুৱা অবৈধ সম্পৰ্কৰ দ্বাৰা যোগ্য ছাত্ৰ-ছাত্ৰীক বঞ্চিত ফাৰ্ষ্ট ক্লাছ/ন’ৰ্মচ আদি পোৱাৰ অভিযোগ উঠিছে |

গুৱাহাটী বিশ্ব-বিদ্যালয়ত এবাৰ যদি কিবা উপায়ে শিক্ষকতাৰ ’চাকৰী’ত ’সোমাব’ পৰা যায়, তেনেহলে মৃত্যুলৈকে ’অৱসৰ’ৰ কোনো ধাৰণা নাই|  ইউ.জি.চি য়ে কোনো শিক্ষক অৱ্সৰ গ্ৰহন কৰাৰ পিছত নতুন শিক্ষক তেওঁৰ স্থানত নিয়োগ কৰাৰ ক্ষেত্ৰত যদি কোনো ’প্ৰ্ছিডিউৰেল ডিলে’ হয় তেন্তে অৱসৰ গ্ৰহন কৰা শিক্ষকজনক সাময়িক ভাবে এক্সটেনশ্বন দিয়ে| কিন্তু গুৱাহাটী বিশ্ব-বিদ্যালয়ত এই সাময়িক ব্যৱস্থাটোক এক অধিকাৰত পৰিণত কৰিছে|  অৱসৰ গ্ৰহন কৰাৰ পিছত যেতিয়ালৈকে তেওঁৰ ল’ৰা/ছোৱালী/বোৱাৰী প্ৰ্য়োজনীয় চাৰ্টিফিকেট সংগ্ৰহ কৰি দুৰ্নীতি আৰু স্ব্জনতোষণৰ পিছ্দুৱাৰেদি উক্ত পদত মকৰল নহয় চলি থাকে এই অনন্ত এক্সটেনশ্বন|  কিছুমান সদাশয় ব্যক্তিয়ে আকৌ গুৱাহাটী বিশ্ব-বিদ্যালয়খনক নিজৰ পৈতৃক সম্পত্তি বুলি ভাবে, ককাদেউতাৰ দিনৰ পৰা কোনো এক বিভাগত তেনেকুৱা ব্যক্তিৰ বংশৰ কাৰণে চাকৰিৰ স্বত্ব আছে। এই দুৰ্নীতি আৰু স্বজনতোষণৰ কাৰণে একেখিনি বস্তাপচা চিন্তা আৰু শিক্ষণ পদ্ধতি, একে ধৰণৰ মূল্যায়ন আৰু মানদণ্ড বিৰাজ কৰিছে,  যাৰ কাৰণে নতুন চিন্তা, নতুন পদ্ধতি,  নতুন শিক্ষণ শৈলীৰে প্ৰশিক্ষিত, পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা মেধাৱী অসমীয়া যুৱ শিক্ষক সকলক গুৱাহাটী বিশ্ব-বিদ্যালয়ে আকৰ্ষণ কৰিবলৈ ব্যৰ্থ হৈছে|  এনেকুৱাও হৈছে বুলি অভিযোগ আছে যে, ভাৰতৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তথা শিক্ষকতা কৰা, আৰু ইউৰোপৰ বিশ্ব-বিদ্যালয়ত শিক্ষকতাৰ বাবে আমন্ত্ৰণ পোৱা প্ৰাৰ্থীক বঞ্চিত কৰি, বিভাগীয় মূৰব্বীৰ ভাতিজা ছোৱালীক ’মকৰল’ কৰা হৈছে|

শিক্ষকৰ স্থানত এনেকুৱা দুৰ্নীতি পৰায়ণ তথা ভণ্ড ’চাকৰিয়াল’ সকলৰ বাবে আজি লৈকে গুৱাহাটী বিশ্ব-বিদ্যালয়ত কোনো মানসম্পন্ন গৱেষণা নহ’ল অথচ এখন বিশ্ব-বিদ্যালয়ৰ প্ৰধান কামেই হ’ল গৱেষণা, পাছ ছাৰ্টিফিকেট দিয়া নহয়|  হাইপ’থেটিকেল ছায়েন্স বা আন ব্যৱহাৰিক বিষয়সমূহ বাদেই দিলো,  কিন্তু অসমৰ আৰ্থ-সামাজিক দিশত আজিলৈ লেখত ল’বলগা কোনো এক গৱেষণা হৈছে নে ? অসমৰ বানপানী,  অসমৰ গোষ্ঠি সংঘাত,  আত্ম্নিয়ন্ত্ৰণ আন্দোলন,  বৃহত নদী-বান্ধ অথবা আটাইত্কৈ জলন্ত অবৈধ প্ৰবজন লৈ আজি লৈকে কিবা মানসম্পন্ন গৱেষণা হৈছে?  গৱেষণা এই বিশ্ব-বিদ্যালয়ত এটা চাৰ্টিফিকেটৰ বাহিৰে আন একো নহয়, যি চাৰ্টিফিকেট দেখুৱালে NET পৰীক্ষা দিব নালাগে|

কিছুদিন আগত গুৱাহাটী বিশ্ব-বিদ্যালয়ত আজিলৈকে কাক আৰু কি বিষয়বস্তুৰ ওপৰত গৱেষণা কৰাৰ কাৰণে ডক্টৰেট উপাধি দিয়া হৈছে তাৰ এখন বিশ্ব-বিদ্যালয়ে নিজেই যুগুত কৰা তালিকাত চকু ফুৰাই আচৰিত হৈছিলো,  এজন ব্যক্তিক ডক্টৰেট উপাধি দিয়া হৈছে যাৰ গৱেষণাৰ বিষয়বস্তু হ’ল – Adjustment Problems in the Boys Hostels of Guwahati University !!! আচৰিত নহ’ব, এতিয়াও বাকী আছে| এই নতুন দিগন্ত উন্মোচন কৰা গৱেষণাৰ ১০-১২ বছৰ মান পিছত আন এজনক আকৌ ডক্টৰেট উপাধি দিয়া হৈছে আৰু এই জন মহান গৱেষকৰ গৱেষণাৰ বিষয়বস্তুহ’ল -Adjustment Problems in the Girls Hostels of Guwahati University !!!

মৃদুল হাজৰিকা কিয়,  স্বয়ং ৰজনীকান্ত ডাঙৰীয়া দেৱও গুৱাহাটী বিশ্ব-বিদ্যালয়ক ৰক্ষা কৰিব নোৱাৰিব|

 

2 thoughts on “ভণ্ড গুৱাহাটী বিশ্ব-বিদ্যালয়, নতুন উপাচাৰ্য আৰু ৰজনীকান্ত -(আশিক জামান)

  • September 17, 2013 at 6:04 pm
    Permalink

    Adjustment Problems in the Boys Hostels of Guwahati University এইখন সঁচাকৈ আছেনেকি? কোনে কাৰ তত্ত্বাৱধানত কৰিছিল ?

    Reply
  • August 16, 2018 at 12:06 am
    Permalink

    সচাঁ‌কৈ এনেকুৱা নেকি ???? যদি সচাঁ‌কৈ এনেকুৱা হয় মই কি আশা কৰি তাত পঢ়িবলৈ যাম???

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!