জ্ঞান বিজ্ঞান আৰু ভগৱান (উজ্বল ফুকন)

জ্ঞান বিজ্ঞান আৰু ভগৱান


উজ্বল ফুকন

 

 

 

“আলিবাটটোৰ এটা পাৰে তাই আৰু আনটো পাৰে মই। বাৰে বাৰে চাই আছে তাই। মইও চাই আছোঁ একেৰাহে। অহা যোৱা কৰি থকা গাড়ী মটৰবোৰে আমাৰ দৃষ্টিক যেন বাধা দি ৰাখিব পৰা নাছিল।
“হয় তাইয়েই হয়।” মই যেন আৰু মনটোক বুজাব নোৱাৰিলোঁ। আলিবাটটোৰ কাষতে বাইকখন পাৰ্ক কৰি ইটো পাৰলৈ যাবলৈ লৈও ৰৈ গ’লোঁ মই। মোক হতবাক কৰি গাড়ী মটৰৰ মাজেৰে তাই আহি মোৰ কাষ পালেহি। মই হেলমেটটো তেতিয়াও খোলা নাছিলোঁ।
তাই মোৰ চকুলৈ একেৰাহে চাই আছিল। তাইৰ দৃষ্টি পানী বিচাৰি মাটি খান্দি সোমাই যোৱা ব’ৰৱেলৰ মেছিনটোৰ দৰে লাগিল। তাই যেন মোৰ চকুৰ গভীৰতাত পুৰণি মৰম বিচাৰি সোমাই গৈ আছে। গাড়ী মটৰ আৰু মানুহৰ চিঞৰৰ মাজতো আমি একো শুনা নাছিলোঁ।
যদিও কাৰো মুখৰ পৰা এটা শব্দও ওলোৱা নাছিল। কিন্তু যেতিয়া শব্দই দিশ হেৰুৱাই তেতিয়া নৈঃশব্দই বহু কথা কৈ যায়। লাহে লাহে তাইৰ চকু যোৰ ৰঙা হৈ আহিল। তাইৰ চকুপানীয়ে তাইৰ জীৱনৰ ভুল বোৰ কৈ গ’ল। কিন্তু তাইৰ চকুত পানী দেখি মোৰ ওঁঠৰ চুকত এটা হাঁহি বিৰিঙি উঠিল। তাত মোৰ একো ভুল নাই। মনলৈ বহুদিনৰ আগতে কোৱা তাইৰ সেই কথাষাৰ আকৌ দৌৰি আহিল ‘তুমি ভুল কৰিছা। মই তোমাক কেতিয়াও তেনেকৈ ভবা নাই।’ আজি মোৰ ওঁঠৰ চুকত লাগি ৰোৱা সৰু হাঁহিটোৱে যেন তাইক কৈ গ’ল ‘মই ভুল কৰা নাছিলোঁ। মোৰ প্ৰেমক প্ৰত্যাখান কৰাটো তোমাৰ ভুল আছিল।’ তাই হয়তো মোৰ হাঁহিৰ ভাষা বুজি পালে। চকুৰ পানী মোহাৰি তাই আলিবাটৰ সিটোপাৰে থকা বাচ ষ্টপটোলৈ আগবাঢ়িল। ট্ৰেফিক চিগনেলৰ লাইটটো তেতিয়াও ৰঙা হৈ জিলিকি আছিল। জিলিকি আছিল তাইৰ শিৰৰ সেন্দুৰখিনি আৰু মোৰ হৃদয়ৰ ৰঙাখিনি।” ৰণে মাজে মাজে আঙুলিৰ ফাঁকত ওলমি থকা চিগাৰেটটোক শুহি শুহি কথাখিনি কৈ গ’ল।
“প্ৰভু, কোনোবাই ঘাটে ঘাটে পানী খায়। সৌৱা চা, আকাশত উৰিছে প্ৰেমিক চৰাই।” মৃদুৱে হাঁহি হাঁহি কলে।
“তই মোক ক’ৰ ঘাটে ঘাটে পানী খোৱা দেখিলি অ’। জীৱনত মাত্ৰ এটা ঘাটতে পিছলি পৰিছিলোঁ। তাৰপিছত ঘাট দেখিলেই দুখোজ পিছুৱাই আহোঁ।” ৰণে মৃদুলৈ চাই ক’লে।
“তই সেইদিনাৰ পিছত আজিহে লগ পাইছ নেকি তাইক?” ৰাজে কথাটো সলনি কৰি সুধিলে।
“বিশ্বাস বুজিছ বিশ্বাস। এবাৰ হেৰাই গ’লে আৰু ঘুৰি নাহে। তাই মোৰ চকুত জীৱনত কিবা এটা কৰিব পাৰিম বুলি বিশ্বাস দেখা পোৱা নাছিল। সেইদিনাৰ পিছত আজিহে লগ পাইছোঁ তাইক। তাইক দোষ নিদিওঁ। হয়তো তাই ভাবিছিল মই তাইৰ আগত একোৱেই নহয়। মোতকৈ বহুত ভাল ল’ৰা তাই জীৱনত লগ পাব। সেইটো সকলোৱে ভাবে। আমিও ভাবো এটা সুযোগ হেৰুৱালে আন এটা সুযোগ আহিব বুলি। কিন্তু সেইটো সুযোগ সকলোৱে নাপায়।” ৰণে ক’লে।
“ডেয়াৰ ইজ এ থীন লাইন বিটৱিন এ ভাল ল’ৰা এণ্ড বাল ল’ৰা।” মৃদুৱে ভালুকৰ তেজ অলপ গিলি মাত লগালে।
“তাইৰ চকুত দেখা দিয়া ভাল ল’ৰাটো আমাৰ চকুত ভাল ল’ৰা নহ’বও পাৰে। আগতে মই কৈছিলোঁ তহঁতক আজি আকৌ মনত পেলাই দিছোঁ ‘ সৰুতে ঐচ্ছিক গণিতৰ দুটা শব্দ মনত পৰেনে? ‘সংহতি’ আৰু ‘সংগ্ৰহ’। ভাল ল’ৰাৰ সংহতি নাথাকে কাৰণ এজনে ভবা ভাল ল’ৰাজন আন জনৰ বাবে বেয়াও হব পাৰে। ভাল ল’ৰাৰ সংগ্ৰহ থাকে তাকো এজন ব্যক্তি সাপেক্ষে।” মৃদুৱে জ্ঞান দিব ধৰিলে। ভালুকৰ তেজ সোমালে সি যে কেনেকৈ ইমান জ্ঞানী হৈ পৰে ৰাজ আৰু ৰণে আজিও বুজি নাপালে।
“তই আকৌ ঐচ্ছিক গণিত লৈছিলি বুলি অলপ বেছি দেখাই থাক। মই অষ্টম শ্ৰেণীত সংস্কৃত লৈছিলোঁ। ‘টি টচ অন্টি’ মুখস্থ কৰিব নোৱাৰি চিধাই নৱম শ্ৰেণীত আকবৰৰ ৰাজসভাত মানে বুৰঞ্জীৰ শ্ৰেণীত বহিলোঁগৈ” ৰণে ক’লে।
স্কুলৰ কথাবোৰ নুলিয়াবিচোন বেছিকৈ। বাৰু এইবোৰ বাদ দে। অলপ আগতে যে কৈছিলি ‘বিশ্বাস’ শব্দটো। ৰণ, তই ভগৱান বিশ্বাস কৰনে?” মৃদুৱে স্কুলৰ দিনৰ লাহন চাৰৰ কপৌচেলোৱা কেইটা মনত পেলাই ৰণলৈ চাই সুধিলে।
“সঁচা কথা ক’বলৈ গ’লে আজি মই বিশ্বাস শব্দটোও বিশ্বাস নকৰোঁ।” ৰণে কলে।
“আৰু যদি বিশ্বাস শব্দটো নামৰ পাছপিনে থাকে। যেনে সীমা বিশ্বাস। মোৰ ঘৰৰ কাষৰ ল’ৰা এটাৰ নাম আছিল ‘অপাৰ বিশ্বাস’। পিছত শুনিলোঁ কিবা চুৰি কে’চত ফচিল তেখেত।” ৰাজে হাঁহি হাঁহি মাত লগালে।
“বাৰু ৰাজ, তই ভগৱান বিশ্বাস কৰনে?” ৰণে এইবাৰ বলটো ৰাজলৈ ঠেলি দিলে।
“মই এটা অদ্ভুত শক্তিক বিশ্বাস কৰো যি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰি আছে। সেয়া মোৰ বাবে ভগৱান। আৰু জন্মসূত্ৰে মই হিন্দু সেয়েহে হিন্দুৰ ভগৱানক বিশ্বাস কৰোঁ। ধৰ্মান্ধ নহয় কিন্তু অবিশ্বাসীও নহয়।” ৰাজে ক’লে।
“কিন্তু এই বিশ্বাসৰ কোনো ভিত্তি নাই।” ৰণে ৰাজলৈ চাই ক’লে।
“ঠিক আছে। মানি লৈছোঁ তোৰ কথা। তই ৰংঘৰ বা তলাতল ঘৰ বিশ্বাস কৰনে? আহোম ৰজা আছিল বুলি বিশ্বাস কৰনে?” ৰাজে ওলোটাই সুধিলে ৰণক। “কিয় নকৰিম। সেইবোৰ আছিলেই। নহ’লে মৈদাম, দৌল দেৱালয় এইবোৰ ক’ৰপৰা আহিলনো?” ৰণে গৌৰৱেৰে ক’লে।
“মই যদি কওঁ সেইবোৰ আহোম ৰজাই সজা নাছিল। তই ক’বি মোৰ প্ৰমাণ আছে। হয় নে নহয়? কি প্ৰমাণ? বুৰঞ্জী?” ৰাজে সুধিলে।
“অ’ বুৰঞ্জী। সকলো লিখা আছে তাত” ৰণে ক’লে।
“মানে তই বুৰঞ্জী বিশ্বাস কৰ। কামাখ্যা মন্দিৰটো কোনে সাজিছিল জাননে? আৰু তেজপুৰৰ মহাভৈৰৱ মন্দিৰটো?” ৰাজে আকৌ সুধিলে ৰণক।
“সেইবোৰ বুৰঞ্জীৰ বাহিৰত।” ৰণে ক’লে।
“কিয়? সেইবোৰৰ বিষয়েও লিখা আছে। বুৰঞ্জীৰ বাহিৰত বুলি কৈ তই পলাই যাব নোৱাৰ। সেইবোৰ নিজে নিজে হোৱা বস্তু নহয়। ৰামায়ণ মহাভাৰত এই গ্ৰন্থবোৰৰ বিষয়ে তোৰ কি মত? তই নামান নাই কিন্তু কোনোবাইটো এইবোৰৰ লিখি থৈ গৈছিল। আৰু তাত লিখা কথাবোৰৰ প্ৰমাণ লাহে লাহে ওলাই আছে। সাগৰৰ তলিত দ্বাৰকাৰ অস্তিত্বক তই নুই কৰিব নোৱাৰ। আৰু এটা কথা সৌ সিদিনালৈ অসম মুলুকক ভাৰতৰ বাকী অংশই জংঘল বুলিয়েই ভাবি আছিল। তেন্তে ভাবচোন মণিপুৰৰ নিচিনা এখন ট্ৰাইবেল ৰাজ্যত কিয় বিষ্ণুৰ ইমান উপাসনা হয়।” ৰাজে ক’লে।
“বৈষ্ণৱ ধৰ্ম বিশ্বাস কৰে মণিপুৰত” ৰণে ক’লে।
“বাৰু তই মহাপুৰুষ দুজনাক মান নে নামান? নে সেই দুজনৰ অস্তিত্বৰ ওপৰতো তই সন্দেহ প্ৰকাশ কৰ?” ৰাজে ৰণক আকৌ সুধিলে।
“পাগলামী প্ৰশ্ন কিয় কৰ? মহাপুৰুষ দুজনাৰ অসমীয়া সমাজত অৱদান আৰু তেওঁলোকে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক বিশ্বাস নকৰাৰ প্ৰশ্নই নাহে” ৰণে ক’লে।
“মানে তই মহাপুৰুষ দুজনাক বিশ্বাস কৰ কিন্তু তেওঁলোকৰ বিশ্বাসক বিশ্বাস নকৰ?” ৰাজে আকৌ সুধিলে।
“মানে?” ৰণে আচৰিত হৈ সুধিলে।
হঠাৎ দুয়োটাৰ কথা শুনি মৃদুৱে হাঁহি উঠিল।
“হাঁহিছ কিয়?” ৰণে মৃদুলৈ চাই সুধিলে।
তহঁতৰ কথা শুনি মোৰ স্কুলৰ দিনৰ বন্ধু এটালৈ মনত পৰি গ’ল। ক্লাচত চাৰে বুজাই আছিল ‘ a>b,b>c তেন্তে a>c হব।’ এটা উদাহৰণ দিবলৈ ক’লে তাক। তাৰ উত্তৰটো আছিল ‘চাৰ আপুনি আপোনাৰ ছোৱালী জনীক ভাল পাই। মই আপোনাক ভাল পাওঁ। তেন্তে মই জানো আপোনাৰ ছোৱালী জনী ভাল নাপাওঁ।” মৃদুৱে আকৌ হাঁহিব ধৰিলে।
ৰণে পোন্দোৱাকৈ মৃদুলৈ চাই ৰাজক কথাটো শেষ কৰিবলৈ ক’লে।
ৰাজে আকৌ আৰম্ভ কৰিলে ” দুয়োজনা মহাপুৰুষে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। মানে তেওঁলোকে বিষ্ণুৰ উপাসক। অৰ্থাৎ ভগৱান বিষ্ণুৰ অস্তিত্ব আছে। এতিয়া মই “ৰিভাৰ্চ ইঞ্জিনীয়াৰিং ব্যৱহাৰ কৰি কওঁ যদি তেন্তে কথাটো এনে হব। তই বিষ্ণুক বিশ্বাস কৰ তেন্তে তই বিষ্ণুৰ এক অৱতাৰ কৃষ্ণকো বিশ্বাস কৰিব লাগিব। আৰু যদি কৃষ্ণ আছিল তেন্তে কৃষ্ণৰ নাতি অনিৰুদ্ধও আছিল। আৰু উষা অনিৰুদ্ধৰ প্ৰেমো তেন্তে মিছা নাছিল। যদি উষা আছিল তেন্তে বাণৰজাও আছিল আৰু বাণৰজাৰ দিনৰ মহাভৈৰৱ মন্দিৰটোৱে আজিও তাৰ সাক্ষ্য বহন কৰি আছে।”
“মানে কথাটো এনেকুৱা। যদি কুকুৰৰ নেজডাল আছে তেন্তে কুকুৰটোৰ পাছপিনটো আছে। যদি পাছপিনটো আছে তেন্তে পাছপিনটোৰ পৰা ওলোৱা সামগ্ৰীখিনি ৰখা পেটটোও আছে। যদি পেটটো আছে তেন্তে পেটলৈ যোৱা আহাৰ খাবলৈ মুখখন আছে। মানে কুকুৰৰ পিছফালটো আছে যদি কুকুৰৰ মুখো আছে। ঠিক বুজিছোঁ নে ৰাজ? মোৰ কিয় জানো ভালুক অলপ কম হ’ব কম হ’ব লাগি আছে।।” মৃদুৱে সৰুপানী চুবলৈ উঠি যাওঁতে এটা অদ্ভুত ভংগীৰে দুয়োটালৈ চাই কৈ গ’ল।
সিহঁতে সি যোৱাৰ ফালে চাই হাঁহিব ধৰিলে।
মৃদুৱে তৰ্কৰ যুদ্ধখনত আৰু অলপ জুই লগাই বাথৰুমৰ পৰাই চিঞৰিলে “ৰাজ তই জ্যোতিষ বিশ্বাস কৰনে?”
“একেবাৰে নকৰা নহয়। কিয় সুধিলি?” ৰাজে সুধিলে।
“মানে বিজ্ঞানে বিশ্বাস নকৰেতো সেই কাৰণে সুধিলোঁ।” মৃদুৱে বাথৰুমৰ পৰা ওলাই ৰণলৈ চাই হাঁহি হাঁহি ক’লে
“মইও নকৰোঁ বিশ্বাস জ্যোতিষ। বিশ্বাস কৰিবলগীয়া একো তথ্য প্ৰমাণ নাই।” ৰণে এইবাৰ বিজ্ঞানৰ ওপৰত বহি ল’লে।
“বাৰু তহঁতে জাননে বাতৰিৰ শেষৰ ফালে দিয়া বতৰৰ বতৰা কেনেকৈ দিয়ে? মানে ‘মনছুন প্ৰেদিকশ্যন’ কেনেকৈ কৰে। বতৰ বিজ্ঞানী সকলে বহুত দিনৰ বা বছৰৰ ডাটা পৰীক্ষা নিৰীক্ষা কৰি অনাগত দিনৰ বতৰৰ সম্ভাৱনীয়তাৰ বিষয়ে কয়। বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় ‘ডাটা মাইনিং’। কিন্তু এই অনুমান সদায় জানো শুদ্ধ হয়। সৌ সিদিনা অসমত ‘মহাসেন’ নামৰ ধুমুহা আহিব বুলি সতৰ্ক বাণী বাতৰিত আহিছিল যদিও মহাসেনৰ কোনো উমঘাম দেখা নগ’ল। সঠিক অনুমান কৰাত বিজ্ঞানো এতিয়ালৈ সম্পূৰ্ণ সফল হব পৰা নাই। একেধৰণে জ্যোতিষ শাস্ত্ৰক পৌৰাণিক ‘ডাটা মাইনিং’ বুলি ভাবিব পাৰি। তেওঁলোকেও হয়তো বহুত মানুহৰ ডাটা (জন্মৰ সময়, গ্ৰহৰ অৱস্থান) আদি পৰীক্ষা কৰি তেওঁলোকৰ জীৱনৰ ডাটা সংগ্ৰহ কৰি ৰাখিছিল। সেই সংগৃহীত দাতাৰ ওপৰত ভিত্তি কৰি হয়তো জ্যোতিষ শাস্ত্ৰ তৈয়াৰ কৰিছিল যাৰ জৰিয়তে কাৰোবাৰ ভৱিষ্যৎ অনুমান কৰিব পৰা যায়। কাৰোবাৰ হয়তো মিলি যায় আৰু কাৰোবাৰ নিমিলে। কিন্তু কোনো বিষয় গভীৰ ভাবে নজনাকৈ তাৰ ওপৰত মন্তব্য দিব নোৱাৰি” ৰাজে ক’লে।

ৰাজে মৃদুলৈ চালে। সি বহুত কিবা বুজি পোৱাৰ ভাৱ ধৰি অহৰহ ভালুকৰ তেজ পিয়াত ব্যস্ত। অলপ সময়ৰ পিছত সি আকৌ বাথৰুমৰ ফাললৈ উঠি গ’ল। জ্যোতিষ বিদ্যাৰ ডাটা মাইনিং হওক বা বিজ্ঞানৰ ডাটা মাইনিঙেই হওক এটা কথা মই বুজি পাইছোঁ “দুটা ভালুকৰ তেজ পিলে মৃদুএ চাৰিবাৰ সৰুপানী চুবলৈ যায়।” ৰণে ৰাজলৈ চাই ক’লে।
দুয়োটাই মৃদু যোৱাৰ ফালে চাই হাঁহিব ধৰিলে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments