গাইনেকোমেষ্টিয়া: পুৰুষক অস্বস্তিত পেলোৱা এবিধ ৰোগ (ডা° ভূপেন শইকীয়া)

গাইনেকোমেষ্টিয়া: পুৰুষক অস্বস্তিত পেলোৱা এবিধ ৰোগ

swasthyo

১৬ জুলাইৰ চীন দেশৰ  ইংৰাজী পিপলচ ডেইলি অনলাইন সংবাদপত্ৰত  প্ৰকাশিত এটি বাতৰিয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ বাতৰিটো হ’ল – এজন ২৬ বছৰীয়া চীনা যুৱকৰ দুয়োটা স্তনৰ আকাৰ বাঢ়ি মহিলাৰ দৰে হৈছে৷ তেওঁ নিয়মীয়াকৈ ভক্ষণ কৰি অহা কুকুৰাৰ মাংসৰ পৰা অহা হৰম’নৰ প্ৰভাৱত এনে হৈছে বুলি চিকিৎসকে অনুমান কৰি তেওঁক মাংস খাবলৈ বাৰণ কৰি ফলমূল আৰু শাক পাচলি বেচিকৈ খাবলৈ পৰামৰ্শ দিছে৷ ভাৰতবৰ্ষৰ যোৱা দুদিনৰ কেইবাখনো প্ৰমূখ বাতৰিকাকতত এই সংবাদটো প্ৰকাশিত হোৱা বহুতৰ চকুত পৰিছে নিশ্চয়৷ আজিৰ  স্বাস্থ্যকথাত আলোচনাৰ বিষয় বস্তু মই বাচি লৈছোঁ – গাইনেকোমেষ্টিয়া৷

গ্ৰীক শব্দ গাইনেকৰ অৰ্থ হ’ল মহিলা আৰু মেষ্টিয়াৰ অৰ্থ হ’ল স্তন৷ গতিকে গাইনেকোমেষ্টিয়া হ’ল পুৰুষৰ বক্ষৰ এনে অৱস্থা য’ত পুৰুষৰ স্তনৰ আকাৰ বাঢ়ি মহিলাৰ স্তনৰ দৰে ডাঙৰ হবলৈ ধৰে৷ এনে অৱস্থা পুৰুষৰ এটা নাইবা দুয়োটা স্তনৰে হব পাৰে৷ শৰীৰৰ এনে বিসংগতিয়ে পুৰুষজনক  বেচ অস্বস্তিত পেলাব পাৰে আৰু তেওঁ দুঃচিন্তাগ্ৰস্তহৈ মানসিকভাবে ভাগি পৰিব পাৰে৷ একেষাৰে ক’বলৈ হ’লে গাইনেকোমেষ্টিয়া হ’ল হৰম’নৰ  বিসংগতিৰ ফলত হোৱা পুৰুষৰ এক ৰোগ য’ত পুৰুষৰ শৰীৰত থকা ইষ্ট্ৰ’জেন নামৰ স্ত্ৰী হৰম’নে পুৰুষ  হৰম’নৰ এণ্ড্ৰজেনক চেৰাই সক্ৰিয় ভূমিকা লয়৷ সচৰাচৰ একে সময়তে আমাৰ দেহত এক সন্তুলিত পৰিমাণত এই দুয়োবিধ হৰম’ন উপস্থিত থাকে৷

মানুহৰ  শৰীৰৰ তিনিটা পৰ্য্যায়ত স্বাভাবিকভাবে গাইনেকোমেষ্টিয়া  দেখা দিব পাৰে৷ ১)  ৬০ৰ পৰা ৯০শতাংশ নৱজাতক শিশুৰ জন্মৰ লগে লগে পুত্ৰ সন্তানৰ ২ৰ পৰা ৪সপ্তাহলৈ বৰ্ধিত আকাৰৰ স্তন দেখা যাব পাৰে৷ মাতৃ গৰ্ভৰ ইষ্ট্ৰ’জেন  হৰম’ন  প্লেচেণ্টাৰ মাধ্যমেৰে  সন্তানৰ শৰীৰত প্ৰৱেশ কৰাৰ ফলত এনে সাময়িক গাইনেকোমেষ্টিয়া দেখা দিব পাৰে৷ ২) ৭০শতাংশ কৈশোৰৰ ১২ৰ পৰা ১৪বছৰ বয়সত  দেখা দিয়া সাময়িক গাইনেকোমেষ্টিয়া ১৮মাহৰ পৰা দুবছৰ পৰ্য্যন্ত থাকিব পাৰে৷ হৰম’নৰ সন্তুলন লগে লগে বক্ষ ক্ৰমশঃ  স্বাভাবিক অৱস্থালৈ ঘূৰি আহে৷ ৩) বাৰ্ধক্যজনিত সাময়িক গাইনেকোমেষ্টিয়া – ৫৫বছৰৰ পৰা ৭৫ বছৰৰ পুৰুষৰ এনে হব পাৰে৷ এক তৃতীয়াংশ বয়সিয়াল লোক এনে অৱস্থাৰ মাজেদি যায়৷

এক সমীক্ষামতে জীৱনকালত এক তৃতীয়াংশ পুৰুষে গাইনেকোমেষ্টিয়াত ভোগে৷ প্ৰায় সকলো গাইনেকোমেষ্টিয়া নিৰীহ হলেও ইয়াৰে এক শতাংশ কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়৷ কেতিয়াবা বক্ষত খহু হলেও গাইনেকোমেষ্টিয়া বুলি ভুল ধাৰণা হব পাৰে৷ কিন্তু খহুৰ লগত সাধাৰণতে জ্বৰ-বিষ থাকিবই৷ গাইনেকোমেষ্টিয়া হলে নিপলৰ তলৰ বক্ষৰ আকাৰ ২ চেণ্টিমিটাৰ বা ততোধিক হব পাৰে৷ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি গাইনেকোমেষ্টিয়াক চাৰিটা ষ্টেজত ভগাব পাৰি৷ কম পৰিমাণৰ পুৰুষৰ বংশগতিৰ কাৰণত  গাইনেকোমেষ্টিয়া হয়৷ কদাচিত গাইনেকোমেষ্টিয়াৰ একো কাৰণ বিচাৰি পোৱা নাযায়৷

 

গাইনেকোমেষ্টিয়া প্ৰস্ফুটিত  হোৱাৰ আন কিছুমান কাৰণ হ’ল :  নানাবিধ দৰব (১০ৰ পৰা ২৫ শতাংশলৈকে) উদাহৰণ – এণ্টিবায়টিক-মেট্ৰনিডাজল, এণ্টিফাংগেল- কিটকনাজল, এণ্টি এচিডিটিৰ দৰব-চিমেটিডিন,অমিপ্ৰাজল, এণ্টিটিবি- আইচনিয়াজাইড,  এণ্টিভাইৰেল, এণ্টিকেঞ্চাৰ,  এইডচ প্ৰতিৰোধক, হৃদৰোগৰ দৰব – যেনে ডিগস্কিন, মিথাইলডোপা, এম্লডেপিন, ভেৰাপ্ৰমিল, নিফেডেপিন, স্পাইনোলেক্টন,  চিকিৎসাত ব্যৱহৃত নানাবিধ হৰম’ন, থিয়োফাইলিন,ৰেচপিডন, ডায়েজেপাম আৰু নানাবিধ এণ্টিডিপ্ৰেচেণ্ট দৰব৷

কিছুমান ক্ৰনিক ৰোগ বিশেষকৈ লিভাৰ আৰু কিডনিৰ অসুখত, লিম্ফমা, পুষ্টিহীনতা আদিত গাইনেকোমেষ্টিয়া দেখা দিব পাৰে৷

হিৰইন, মেৰিজুৱানা আদি ড্ৰাগছ আৰু মদে গাইনেকোমেষ্টিয়া সৃষ্টি কৰে৷ অবেচিটি আৰু অতিমাত্ৰা ষ্ট্ৰেচ গাইনেকোমেষ্টিয়াৰ কাৰক বুলি চিনাক্ত হৈছে৷ চাবোন,পাৰফিউমত থকা লেভেন্দাৰো গাইনেকোমেষ্টিয়াৰ  কাৰক হব পাৰে৷

থাইৰইডৰ সক্ৰিয়তা, টেষ্টিজৰ টিউমাৰ, এড্ৰিনেলিনৰ টিউমাৰ, পিটিউটেৰিৰ টিউমাৰ, হাওঁফাওঁৰ টিউমাৰ, প্ৰষ্টেটৰ টিউমাৰ আদিও  গাইনেকোমেষ্টিয়াৰ কাৰক বুলি প্ৰমাণিত হৈছে৷

গাইনেকোমেষ্টিয়াৰ চিনাক্তকৰণ  সাধাৰণতে জটিল নহয়৷ ৰোগীৰ ইতিহাস কাৰণ উদ্ধাৰ কৰিবৰ বাবে ভালদৰে লোৱাটো অতীৱ প্ৰয়োজনীয়৷ প্ৰকৃততে গাইনেকোমেষ্টিয়া হৈছেনে মাত্ৰ স্তনত চৰ্বিহে জমা হৈছে সেয়া চিকিৎসকে স্পৰ্শ কৰিয়েই ঠাৱৰ কৰিব পাৰে৷ যি কোনো সন্দেহ নিৰাময়ৰ বাবে মেম’গ্ৰাফী, আলট্ৰচন’গ্ৰাফী, চিটিস্কেন বা এম.আৰ.আই কৰিব পাৰি৷ বিভিন্ন হৰম’ন যেনে প্ৰলেক্টিন, ইষ্ট্ৰ’জেন, টেষ্টষ্টেৰন আদিৰ পৰীক্ষা প্ৰয়োজন সাপেক্ষে কৰা যায়৷ নিডল বায়’প্সি কৰি স্তনৰ আকৃতিৰ বুজ লব পাৰি৷

আগতেই কোৱা হৈছে গাইনেকোমেষ্টিয়া এটা বা দুয়োটা স্তনৰে হব পাৰে৷ স্তনৰ বৰ্ধিত আকাৰে ৰোগীক লজ্জাৱনত কৰাৰ ওপৰিও  কেতিয়াবা কিছু পৰিমাণে বিষো অনুভৱ হব পাৰে৷  স্তনাগ্ৰ বা নিপলেদি গাখীৰ জাতীয় দ্ৰব্য বা সামান্য ৰক্তিম পানীও কেতিয়াবা নিৰ্গত হব পাৰে৷ কিছুমান ৰোগীৰ কাষলতিৰ তলত গাঙঠিও উঠে৷

গাইনেকোমেষ্টিয়াৰ প্ৰসংগত  ক্লিনফেল্টাৰ চিনড্ৰমক জানক৷ ই হ’ল এবিধ জেনেটিক ব্যাধি৷ প্ৰতি ৬৫০জন পুৰুষৰ ভিতৰত এজনৰ এই বিসংগতি থাকিব পাৰে৷ এনেলোকৰ জিনত এটা অতিৰিক্ত x ক্ৰম’জম থাকে – সেয়ে  ইয়াক XXY- চিনড্ৰমো বোলে৷ সাধাধাৰণতে এনে  ৰোগীৰ ৮০শতাংশৰ গাইনোকোমেষ্টিয়া থাকে৷ পুং জননাংগ অবিকশিত হয় আৰু এওঁলোকৰ অধিকাংশৰে প্ৰজনন ক্ষমতা নাথাকে৷

 

চিকিৎসা – কিছুমান ৰোগীৰ বাবে কাউঞ্চেলিঙেই যথেষ্ট৷ দৰব বা আন কটা-চিঙা চিকিৎসাৰ সকলো ৰোগীৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়৷ নিয়মিত দৌৰা, ওজন উঠোৱা, পুচ-আপ, স্কিপিং, সাঁতোৰ, যোগাসন গাইনোকোমেষ্টিয়া ৰোগীৰ বাবে উপযোগী প্ৰমাণিত হৈছে৷  আৰম্ভণিতে  কিছুমান গাইনোকোমেষ্টিয়া ৰোগীয়ে ব্যায়াম কৰোতে ‘মে’ল টাইপ ব্ৰা’ সাময়িকভাবে ব্যৱহাৰ কৰিবলগীয়া হব পাৰে৷ খাদ্যৰ দিশত এনেলোকে বেছি ফল মূল, শাকপাচলি আৰু প্ৰচুৰ পানী সেৱন কৰিব লাগে৷

 

দুবছৰৰ ওপৰকাল কষ্টদায়ক গাইনোকোমেষ্টিয়াত ভোগা ৰোগীক টেমফিস্কেন নামৰ  এণ্টি-অষ্ট্ৰিজেন দৰব দি নাইবা এনাষ্ট্ৰজল ঔষধৰে  চিকিৎসাৰ বাবে নিৰ্বাচিত কৰিব পাৰি৷ এনাষ্ট্ৰজলে ইষ্ট্ৰ’জেন হৰম’নৰ উৎপাদনত বাধা প্ৰদান কৰে৷ আন একাংশক প্লাষ্টিক চাৰ্জনে কচমেটিক চাৰ্জাৰীৰ বাবে বাচনি কৰে৷ টেষ্ট’ষ্টেৰনৰ অভাৱত ইৰেক্টাইল ডিচফাংচনত ভোগা ৰোগীক টেষ্টষ্টেৰন হৰমোন দি চিকিৎসা কৰিবলগীয়া হয়৷

মোখানিত এটা কথা নিলিখিলে বিষয়টো হয়তো কিছু পৰিমাণে অপূৰ্ণ হৈ ৰ’ব৷ যোৱা কিছুদিনৰ পৰা ব্যক্তিগত অভিজ্ঞতা, চেমিনাৰত  লগ হোৱা চিকিৎসক বন্ধুৰ মতামত আৰু সংবাদপত্ৰত প্ৰকাশিত বিশিষ্ট চিকিৎসকৰ মতামতৰ পৰা এটা কথা  অনুমান কৰিব পাৰিছো যে দিনক দিনে গাইনেকোমেষ্টিয়া হোৱা লোকৰ সংখ্যা বাঢ়ি আহিব ধৰিছে৷ ইয়াৰ কাৰণ হয়তো খাদ্যাভাস, পৰিৱৰ্তিত জীৱলশৈলী আৰু অপৰিকল্পিতভাবে ব্যৱহাৰ হোৱা নানাবিধ ঔষধি৷ এই বিষয়টোৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়োজন হয়তো আছে৷

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!