হাঁহ বিচাৰি (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

hah bisari‘ঘৰলৈ আহি হাঁহ-কোমোৰাৰে জুতি লগাই এসাঁজ যদি নাখালিয়েই, তেন্তে খালি কি? কাইলৈ ওলাবি বজাৰলৈ, আনিম এটা’- ৰিণ্টুৱে মিহিকৈ দিয়া ‘জেক’টো খাই পাছদিনা পুৱাই দুয়ো ওলালোঁ হাঁহ বিচাৰি। শুকুৰবৰীয়া হাটত এটাও হাঁহ নেদেখিলোঁ। খবৰ লোৱাত এজনে আমাক হাঁহৰ সন্ধান কৰিবলৈ ‘এড্ৰেছ’ এটি দিলে। টাউনৰ পৰা প্ৰায় ছয়-সাত কিলোমিটাৰ আঁতৰৰ গাঁও এখনত। ৰিণ্টুৰ পুৰণা ছেন্ট্ৰ’খনতে উঠি আগবাঢ়িলোঁ আমি।

হাই-ৱে’ৰ পৰা নামি গাড়ী চলিল সৰু ৰাস্তা এটাৰে প্ৰায় চাৰি কিলোমিটাৰ। মূল পথৰ পৰা সৰু বাট এটাৰে আকৌ গ’লোঁ কিছুদূৰ। আগনিশাৰ ধাৰাসাৰ বৰষুণে বোকাময় কৰা ভিতৰুৱা গাঁৱৰ ৰাস্তাটোত মাজে মাজে ছেন্ট্ৰ’ৰ চকা চাৰিটাই ‘নাযাওঁ যা আগলৈ..কি কৰিবি কৰ’ বুলি অভিমান ভৰা খং দেখুৱাবলৈ চেষ্টা কৰিছে।

আমাৰ লেহেমীয়া গতিৰে আগবাঢ়া গাড়ীৰ পিছে পিছে গাঁৱৰ এজাক সৰু ল’ৰা-ছোৱালীয়ে দৌৰা আৰম্ভ কৰিলে। দুজনমান অঘাইটঙে আমাৰ গাড়ীক পিছ পেলাই মুখ বেঁকা কৰি হাঁহি যেন কৈ গৈছে-‘কি গৰুগাড়ী চলাইছ?’

এটা সময়ত আমি বুজাই দিয়ামতে মানুহ এঘৰৰ বাটত ৰ’লোঁ। খবৰ লৈ গম পালোঁ যে যিকেইটা হাঁহ আছিল, পুৱাতে কোনোবা বেপাৰীয়ে কিনি লৈ গ’ল। বাহিৰত ৰৈ থকা কণমানিহঁতৰ জাকটোৱে ‘হাঁহ বিচাৰি আহিছে, হাঁহ..টাউনৰ পৰা’ বুলি চিঞৰিলে। সেই চিঞৰ শুনি ওচৰৰ ঘৰবোৰৰ পৰা দুই-এজনে আমালৈ চালে। ‘বাপ ৰে, টাউনৰ পৰা হাঁহ বিচাৰি আহিছে..কি মৰ খক ও’-তেওঁলোকৰ দুচকুত যেন তেনে এক ভাব ফুটি উঠিছে। মই পেটটো যথাসম্ভৱ ভিতৰলৈ নিবলৈ চেষ্টা কৰিলোঁ। ৰিণ্টুৱেও কৰিলে। বৃথা চেষ্টা তাৰ।

এজন চেঙেলীয়াই আমাক ওচৰৰে ঘৰ এটা দেখুৱাই কাণে কাণে ক’লে-‘তাত হাঁহ পাব যাওঁক, বাহিৰৰপৰা চিঞৰি সুধিব আছে নে নাই’। আমিও তাৰ কথামতে গৈ ঘৰটোৰ বাহিৰৰ পৰা মাত লগালোঁ-‘ও বোলো হাঁহ আছে নে?’

ভিতৰৰপৰা গলগলীয়া মাতেৰে কোনোবাই চিঞৰিলে-‘কোন হাৰামীয়ে হাঁহ বিচাৰি আহিছে..দুটুকুৰা কৰোঁ ৰ…’। আমি দৌৰা-দৌৰিকৈ বাহিৰলৈ ওলালোঁ। বাহিৰত ল’ৰা-ছোৱালীজাঁকৰ অট্টহাস্য। ওচৰতে ৰৈ থকা ডেকা এজনে ক’লে-‘সেইটো ঘৰত হাঁহ আছে। পিছে টাউনৰপৰা হাঁহ বিচাৰি এজনে মাহেকে-পষেকে আহি তাৰ তিৰীটোকে লৈ গ’ল এদিন পলুৱাই। তেতিয়াৰ পৰাই সি আধ‌া-পাগল হ’ল।….আপোনালোকে সৌটো ঘৰলৈ যাওঁক। তিতকিহঁতৰ ঘৰ। তাত হাঁহ পাবই’।

আমি ওচৰতে থকা ‘তিতকি’ৰ ঘৰলৈ ঢাপলি মেলিলোঁ এইবাৰ। টাউনৰ ধূলিয়ে বগা কৰি পেলোৱা গাড়ীৰ পিছৰ আইনাখনত কোনোবা এজনে ধূলিৰ ওপৰত হাতেৰে ডাঙৰকৈ লিখিছেই-‘হাঁহ’!

‘তিতকি আছে? হাঁহ বিচাৰি আহিছিলোঁ’- আমাৰ কথা শুনি যিজন তিতকি ওলাই আহিল তেওঁৰ বয়স আশীৰ ঊৰ্ধ। সুন্দৰ চেহেৰাৰ হাঁহ এটা আমাৰ সন্মুখত হাজিৰ কৰালে।

‘দাম তিনিশৰ এটকাও কম নহয় কিন্তু’ – এই বুলি তিতকি ভিতৰলৈ গ’ল। ৰিণ্টুৱে ওচৰতে ৰৈ থকা আইতাগৰাকীক সৈমান কৰাই দুশটকা দি হাঁহটো বান্ধি গাড়ীত উঠি ষ্টাৰ্ট দিলে। দেখিলোঁ সেই তিতকি বুঢ়াই আইতাগৰাকীৰ হাতৰপৰা পইচাখিনি লৈ চিঞৰ-বাখৰ আৰম্ভ কৰিছে।

‘ঐ সেই দুটাক ধৰ..পইচা কম দি পলাইছে।…চোৰ ক’ৰবাৰ…’। তিতকিৰ মাতটোৱে গাড়ীৰ গ্লাছ অতিক্ৰমি আমাৰ কাণত আঘাট কৰিলেহি। কোনোবা এজনে পিছৰ আইনাখনত ‘হাঁহ’ৰ পিছত যোগ দিলে ‘চোৰ’, ‘হাঁহ চোৰ’! ৰিণ্টুৱে গাড়ীখন ফুল স্পীডত চলোৱাৰ মিহিকৈ চেষ্টা এটা দিলে। তিতকি বুঢ়াৰ চিঞৰ কমাই নাই। ল’ৰা-ছোৱালীৰজাঁকটোৱে কিৰিলি পাৰিছে। বিহুসুৰীয়া সুৰত গাইছে-‘হাঁহ চোৰ যায় আগে, আমি যায় পিছে’। মই গাড়ীখন ৰখাবলৈ কৈ জাঁকটোৰ মাজৰ এজনক মাতি টকা এশ উলিয়াই তিতকি’ক দিবলৈ ক’লোঁ। ৰিণ্টুৱে গাড়ী দৌৰালে।

‘হে: হে: হাঁহ বিচাৰি আজি নিজকে একদম ‘চৌহান’ৰ দৰে লাগিল ও’- ৰিণ্টুৱে ক’লে।

‘কোন চৌহান?’- মই সুধিলোঁ ।

‘সেই যে গাড়ী চোৰ!’

‘হা: হা: তেনেহ’লে মই কি ৰুমী?’- হাঁহিলোঁ মই। পিছৰ আইনাত একা-বেঁকা আখৰেৰে জিলিকি আছিল-‘হাঁহ চোৰ’!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments