হৈমন্তীৰ সন্ধানত – (আশিক জামান)

ashiq zaman_hoimonti_bhinnswadহৈমন্তী আছিল মোৰ প্ৰথম স্কুলীয়া বন্ধু, বন্ধু বুলিয়ে কৈছোঁ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ ক-মানত লিংগ বিভেদৰ জ্ঞান বিশেষ নাছিল বা প্ৰয়োজন হোৱা নাছিল। আচলতে বন্ধু বুলি কলে অলপ ভুল কোৱা হ’ব- তাই আছিল আমাৰ স্কুলীয়া জীৱনৰ প্ৰথম গৰাকী ডন আৰু আমি আছিলোঁ তাইৰ হিন্দীত যাক কয় চেলা। তাই ক্লাছৰ আন-ডিস্পুটেড চৰ্দাৰ হোৱাৰ মূল কাৰণ আছিল দুটা – এক, স্কুলৰ একেবাৰে ওচৰতে তাইৰ ঘৰ যদিও বয়সত তাই আছিল আমাৰ দুগুণ। দুই, হৰিজন সম্প্ৰদায়ৰ হৈমন্তীৰ শাৰীৰিক গঠনো আছিল বলিষ্ঠ আৰু তাইৰ সুঠাম হাতৰ ঔকিল যাৰ পিঠিত পৰিছে, তেনেকুৱা ভাগ্যৱান ব্যক্তি যে তাইক আজীৱন মনত ৰাখিব সেই কথা আমি ডাঠি ক’ব পাৰোঁ, কাৰণ তাইৰ সেই বিধ ঔকিলৰ কাৰণেই আজি ইমান বছৰ পিছত আপোনালোকে এই লিখা পৰি আছে। যাহওক, আমাৰ লগত হৈমন্তীৰ প্ৰথম ’মোলাকাত’ হিন্দী ফিল্মৰ দৰে অতি নাটকীয় ভাৱেই হৈছিল। স্কুলৰ প্ৰথম দিন, বিভিন্ন ভয় শংকা লৈ হাতত কুঁহিপাত আৰু ছিলেট এখন লৈ আগবাঢ়িছোঁ, আমাৰ জেষ্ঠ ভাতৃ বন্ধু সহকাৰে আমাক ক-মানৰ শ্ৰেণীকোঠাত লৈ গ’ল। তেতিয়া লৈকে শিক্ষক আহি পোৱা নাই। সমস্যা এটা হ’ল যে, ক-মানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কোনো ডেস্ক-বেঞ্চ নাই, ছাত্ৰ-ছাত্ৰীয়ে ঘৰৰ পৰা বস্তা লৈ আহে আৰু মাটিত পাৰি লৈ পাঠ গ্ৰহণ কৰে। পাঠ গ্ৰহণ মানে হ’ল ছাৰে ছিলেটত অ-আ, ক-খ লিখিব দিয়ে আমি লিখোঁ, তাৰ মাজতে খেলা, মাৰপিট, পানী খাবলৈ যোৱা, ’বাহিৰ’ লৈ যোৱা সকলো বোৰ কাম চলি থাকে, এটা সময়ত ছাৰ ব’ৰ হৈ গলে বাহিৰত জাৰুল গছৰ তলত আমাক চক্ৰকাৰে বহাই লৈ আৰম্ভ কৰে নেওতা পাঠ। নেওতা পাঠটো অতি মজাৰ- নাজানিলেও মুখ লৰাই থাকিলই হ’ল ছাৰে ধৰিব নোৱাৰে। কিন্তু কেতিয়াবা ধৰা পৰিলে বেতৰ কোবত পিঠি-হাত ৰঙা হৈ যায়। যিকি নহওক এতিয়া আমাক বহিব দিয়ে কত – জেষ্ঠ ভাতৃৰ বন্ধু এজনে স্কুলৰ পিছফালে পৰি থকা সৰু কাঠ এচটা আনি দিলে, আমি সেই কাঠকে ইটা সহযোগে এক পীৰাৰ ৰূপ দি অতি আনন্দ মনে শিক্ষা জীৱনৰ পাতনি মেলিলোঁ। কিন্তু বহু আনন্দৰ নিচিনা সেই প্ৰাথমিক আনন্দও আছিল ক্ষন্তেকীয়া ! হঠাৎ আমাৰ আগত আহি থিয় দিলে ফুলন দেৱী, ভয়ে ভয়ে ওপৰলৈ চোৱাৰ লগে লগে আমালৈ আহিল এক কাঢ়া নিৰ্দেশ – উঠ, এইটো পীৰাত মই বহিম ! আমি ভয় খালো ঠিকেই কিন্তু বিনা যুদ্ধে সূচ্যগ্ৰ মেদিনী এৰি দিবলৈ ৰাজী নহ’লোঁ- এয়াই আছিল জীৱনৰ এক ডাঙৰ ভুল কাৰণ আদেশ অমান্য কৰাৰ লগেলগেই পিঠিত পৰিল এক প্ৰচণ্ড ঔকিল -মোটামুটি পিঠি বেঁকা কৰি কিছু দেৰি উশাহ বন্ধ কৰি থাকিব লগা হ’ল। আৰু এটা ঔকিল মিছাইল ৰেডি কৰাৰ আগতে আমি পীৰা এৰি দি পিঠিৰ পীড়াৰ পৰা নিজকে ৰক্ষা কৰিলোঁ। ক্লাছৰ বাকী ছাত্ৰ-ছাত্ৰীৰ চকুত ভয় আৰু আমাৰ প্ৰতি অৱজ্ঞাৰ এক মিশ্ৰিত অনুভূতি দেখা পালো, কিন্তু প্ৰতিবাদ বা সহানুভূতিৰ কোনো চিহ্ন কতো পৰিলক্ষিত নহ’ল। উপায় নাপাই সেই ঠাইতে থিয় হৈ থাকিলোঁ বুকুত ছিলেট আৰু কুঁহিপাত সাৱটি। কিন্তু অলপ দেৰি পিছত সহানুভূতি আহিল এক আচৰিত চুকৰ পৰা – স্বয়ং হৈমন্তীৰ পৰা। ফটকৰে উঠি গৈ নিজৰ বস্তাখন আনি ধুনীয়া কৈ পীৰাৰ কাষতে পাৰিলে তাই, আৰু অতি আচৰিত ভাৱে আমাক বহিব কলে তাত। আমি আচৰিত হ’লো যদিও ঔকিলৰ ভয়ত বিনা বাক্যে বহি গ’লো। আমাৰ ফালে এবাৰ চাই হাঁহি এটা দি প্ৰকাৰন্তৰে বন্ধুত্ব কৰিব বিচাৰিলে, কিন্তু আমি পাত্তা নিদিলোঁ। অলপ পিছত তাই সৰু চাৰিটা কাঠি আনি মজিয়াত হানি তাৰ ওপৰত আমাৰ ছিলেট থোৱাৰ এটা ধুনীয়া চাং বনাই দিলে – বাহ কি মজা। বাকী লৰা-ছোৱালীৰ চকুত ঈৰ্ষা। ’এতিয়া তোমাৰো পীৰা হল’ বুলি আমাক ভাল লগাবলৈ হৈমন্তীয়ে চেষ্টা কৰিলে। আমি হা-না একো নকলো -আৰু ঠিক তেতিয়াই হৈমন্তীয়ে এটা মাষ্টাৰ ষ্ট্ৰোক দিলে -আমালৈ মৰমৰে আগুৱাই দিলে প্লাষ্টিকৰে মেৰাই থোৱা কাঠৰ চামুচত তেতেলীৰ মিঠা চাটনি। জিভাত পানী, মুখত হাঁহি আৰু বন্ধুত্ব পাক্কা। ইয়াৰ পিছত হৈমন্তীৰ একনায়কত্ববাদত চলিল আমাৰ জয়যাত্ৰা। লগত যোগ দিলে বাবু আৰু ৰাজু – হৈ গ’লো -দি ফেন্টাষ্টিক ফ’ৰ। মুঠতে, অতি কম সময়ৰ ভিতৰত আমি হৈ গলো ক্লাছৰ সৰ্বে-সৰ্বা। যাক ইচ্ছা চুলিত টানিব পাৰি, যাক ইচ্ছা লেং মাৰিব পাৰি, কাৰোবা বুট ভজা, কাৰোবাৰ মিঠা বগৰীত ‘হাফ্টা’ ল’ব পাৰি -কোনোবাই এই দমন নীতিৰ প্ৰতিবাদ কৰিলে দৌৰি গৈ হৈমন্তীৰ শৰণাপন্ন আৰু প্ৰতিবাদকাৰীৰ পিঠিত অৱধাৰিত ভাৱে হৈমন্তীৰ ঔকিল!

তিনিবছৰ মান আমাৰ লগত পঢ়িলে তাই, তাৰ পিছত ফেইল কৰিলে। যদিও আমি অংক দেখুৱাই, বানান দেখুৱাই তাইক পাৰোঁ মানে সহায় কৰাৰ চেষ্টা কৰোঁ, হৈমন্তী পঢ়াত অলপ দুৰ্বল আছিল। তাৰোপৰি ঘৰৰ ডাঙৰ হোৱা কাৰণে ঘৰৰ কামতো সহায় কৰিব লাগে। বহুদিন ৰাজহুৱা ড্ৰেইন চাফা কৰি থকা তাইৰ দেউতাক ইটো সিটো আগুৱাই দি সহায় কৰা দেখিছোঁ। তেনেকুৱা অৱস্থাত আমাক দেখিলে অলপ লাজ কৰে, ভালকৈ মাতিব নোখোজে, আমি মনে মনে ক্ষুন্ন হওঁ। ফেইল কৰাৰ পিছত লাহে লাহে তাই স্কুললৈ অহাটো কমাই দিলে। যিদিনা আহে এগাল বগৰি বা আমৰা বা জলফাই লৈ আহে, আমি চাৰিটাই লগে ভাগে খাওঁ। সিদিনা স্কুলৰ পৰা পানী খাবলৈ গৈ ঘুৰি নাহোঁ, কেতিয়াবা জুট-মিলৰ মৰাপাটৰ দমত ওলমি টাৰ্জান-টাৰ্জান খেলো, কেতিয়াবা জিঞ্জিৰাম নদীৰ বালিত খেলিব যাওঁ, আৰু কেতিয়াবা সন্যাসী মন্দিৰত লাড়ু খাব। পিছদিনা মাষ্টৰৰ মাৰ খাওঁ।

বহুদিন তাই নাহিলে, কেতিয়াবা আমি তাইৰ ঘৰলৈ যাওঁ। প্ৰথম বাৰ ঘৰলৈ গৈ গম পাইছিলোঁ যে সিহঁত খুব দুখীয়া আৰু তাইৰ মাকৰ বেমাৰ। গ’লে আমাক তাই খুব খাতিৰ কৰে, কিবা-কিবি খাব দিয়ে, এবাৰ তাই নিজে চাহ কৰি খুৱালে, আমি আচৰিত হ’লোঁ। উভতি অহাৰ পথত ৰাজুয়ে ক’লে -’হৈমন্তী কিবা বেলেগ হৈ গৈছে। আমাতকৈ বহুত ডাঙৰ’। আমিও কথাটো অনুভৱ কৰিলোঁ। প্ৰথম বাৰৰ কাৰণে অনুভৱ হ’ল আমাৰ এগৰাকী বন্ধুক আমি হেৰুৱালোঁ বুলি। ’দি ফেন্টাষ্টিক ফ’ৰ’ ৰ পৰা আমি হৈ গলো – থ্ৰী মাস্কেটিয়াৰ্ছ !

প্ৰাথমিক স্কুলৰ ডেওনা পাৰ কৰি আমি বেলেগ স্কুললৈ গ’লো। নতুন স্কুল, নতুন পৰিবেশ, নতুন বন্ধু – পুৰণা স্কুলৰ বহু বস্তু পাহৰিলোঁ, হৈমন্তীকো। সিহঁতৰ ঘৰৰ ফালে কাম নাথাকে কাৰণে যোৱা নহয়, গতিকে তাইক লগ পোৱাও নহয়, আৰু সচাঁ কথা ক’ব গ’লে, আমাৰ পৃথিৱী তেতিয়া যিটো কক্ষপথত ঘূৰিবলৈ আৰম্ভ কৰিছে তাৰ বহু যোজন মাইলৰ ভিতৰত তেতিয়া হৈমন্তীৰ অস্তিত্ব নাই, প্ৰয়োজনো নাই। সপ্তম শ্ৰেণী মানত থাকোঁতে এদিন হঠাৎ হৈমন্তীৰ দেউতাকক দেখিলো, আমাৰ ঘৰত, বাহিৰত থিয় হৈ আম্মাৰ লগত কথা পাতি আছে। আম্মাই কিছু টকাও দিয়া দেখিলো। কিয় আহিছিল বুলি সোধাত কলে- ৰামাচিচৰ ছোৱালীজনীৰ বিয়া, সাহায্য বিচাৰি আহিছিল। আমাৰ লেট্ৰিন সিয়ে ছাফা কৰি থাকে, সেয়ে অলপ সাহায্য দিলোঁ। তাৰমানে হৈমন্তীৰ বিয়া, ইমান কম বয়সত? বিয়া বুলি কলে মোৰ এনে ভালেই লাগে, কিন্তু হৈমন্তীৰ বিয়াৰ খবৰটো ভাল নে বেয়া ধৰিব নোৱাৰিলোঁ। ইয়াৰ পিছত হৈমন্তী বিষয়ক কোনো কথা বা আলোচনা কতো শুনা নাই, মুঠতে মোৰ স্কুল জীৱনৰ প্ৰথম বন্ধু গৰাকী এনেকৈ স্মৃতিৰ পৰা হেৰাই গল।

২০১০ চন। স্থান ফাৰবেছগঞ্জ, বিহাৰ। ভাৰত-নেপাল সীমান্তৰ এক উল্লেখযোগ্য ঠাই। ট্ৰেইনিঙৰ কাৰণে আহিছোঁ – আমি পাঁচজন ট্ৰেইনী অফিচাৰ। স্থানীয় বিষয়া সকলে আমাৰ থকা-খোৱাৰ পাৰে মানে যত্ন লৈছে, গেষ্ট হাউছৰ অৱস্থা বিহাৰৰ হিচাপত খুব ভাল। ব্ৰিটিছ যুগত বনোৱা গেষ্ট হাউছ যদিও নতুন কনষ্ট্ৰাকচন কৰিছে। বহু পুৰণা প্ৰকাণ্ড প্ৰকাণ্ড আম গছ আছে, তাৰ তলত ঘাঁহনি এডৰা। সেই ঘাঁহনিতে চকী লৈ বহি আছোঁ চাহৰ অপেক্ষাত, পুৱা ৯টা মান বজাত। আজি এই চহৰত শেষ দিন, এনেকুৱা পুৰণা চহৰত আহিলে মোৰ কবিতা লিখিব মন যায়। এই বোৰ বেবেৰিবাং চিন্তা কৰি থাকোঁতে, হঠাৎ আগ ফালৰ পৰা এজন ল’ৰা মোক উদ্দেশ্যি চিঞৰি উঠিল – আৰে দাদা তুই এতে? বিহাৰৰ পাণ্ডৱ-বৰ্জিত ঠাইত বহি গোৱালপৰীয়া ভাষা শুনি আছোঁ, মস্তিষ্কই কিছু দেৰি প্ৰচেছ কৰিবই নোৱাৰিলে। উত্সুকতাৰে চালো,  ‘মুই ৰাম খিলোৱান, ফুলবাৰীৰ, মেটৰ পট্টি ’। নামটোৰে চিনিব নোৱাৰিলোঁ যদিও, মুখখন চিনি পালোঁ। এনেকুৱা দুৰ্গম, অচিনাকি ঠাইত হঠাৎ কোনোবা চিনাকি মানুহৰ মাতে যে কেনেকুৱা আত্মীয়তা আনি দিব পাৰে সেয়া কেৱল অনুভৱ কৰা সকলেহে বুজিব। ‘তই কি কৰি আছো ইয়াত? আহ, আহ বহচোন ইয়াত’। তেওঁ কলে যে, তেওঁলোকৰ গৃহ-জিলা পূৰ্ণিয়া ইয়াৰ পৰা বেছি দূৰ নহয় আৰু তাৰ ভিনদেৱে এইটো গেষ্ট হাউছতে চুইপাৰৰ চাকৰি কৰে। মই ক’লো – ৱাহ!, ভাল কথা, আমাৰ নিজৰে মানুহ আছে ইয়াত। ইটো-সিটো কথাৰ পিছত সি কলে “দাদা, আপুনি এতিয়া ইমান ডাঙৰ অফিচাৰ, মোকো ক’ৰবাত চাকৰি এটা লগাই দিয়ক না, মই মেট্ৰিক লৈকে পঢ়িছোঁ। আপুনি IAS পৰীক্ষা পাছ কৰোঁতে আমি ইমান ফূৰ্তি কৰিছোঁ, আপোনাৰ দেউতাই আমাক মিঠাই খুৱাইছিল। আপোনাৰ কথা মই আমাৰ বাইদেউকো কৈছোঁ, তাই কয় আপুনি বোলে তাইৰ লগত একেলগে পঢ়িছিল।” অলপ আচৰিত হ’লো – তোৰ বাইদেউ কোন অ’? উত্তৰ আহিল -“হৈমন্তী, আপুনি চিনি পাব নে নাই বা”। হৈমন্তী?? তাইৰ বিয়া ইয়াতে হৈছে নেকি? মোৰ স্কুলীয়া দিনৰ প্ৰথম বন্ধু গৰাকী ইয়াতে আছে আৰু মই ইমান দূৰ আহি মাত এষাৰ দি নাযাম নে? ‘হৈমন্তীৰ ঘৰ কিমান দূৰ? বলচোন চাই আহো তাইক।’ ৰাম খেলোৱানে খুব হুলস্থুল কৰি লৈ গ’ল।

গেষ্ট হাউছৰ ওচৰৰ বস্তিত ঘৰ, মাটিৰ কিন্তু পৰিপাটি কৈ ৰাখিছে। পদুলিত এজোপা ৰক্তজৱা গছ। ৰাম খেলোৱানে চিঞৰ-বাখৰ আৰম্ভ কৰিলে, প্লাষ্টিকৰ চেয়াৰ এখনো আনি দিলে। দুজন সৰু ল’ৰা মাটিত বহি খেলি আছিল, উঠি আহি আমাক আচৰিত হৈ চাই আছিল, আমি হাঁহিলে সিহঁতেও হাঁহে। ৰাম খেলোৱানে আমাক জনালে যে, হৈমন্তীয়ে অলপ লাজ কৰি আছে ওলাবলৈ, শুনি আমিও অলপ লাজ পালোঁ। ইতিমধ্যে হৈমন্তীৰ গিৰিয়েক আহি উপস্থিত হ’ল, ৰাম খেলোৱানে আমাৰ কথা কোৱাত ভয়ত নে ভক্তিত নাজানো আমাৰ ভৰিৰ ওচৰতে বহি দিলে, আমি মানা কৰিলোঁ কিন্তু নুশুনিলে, হয়তো বিহাৰৰ সামন্তবাদী সামাজিক পৰিবেশত এয়াই সামাজিক আচৰণ। গিৰিয়েকৰ আদেশত অৱশেষত হৈমন্তী ওলাই আহিল, লাজত মুখ তল কৰি, কোলাত পোনা এটা লৈ। হৈমন্তী এতিয়া এক মহিলা, তিনিটা সন্তানৰ মাক, হৰিজন সম্প্ৰদায়ৰ আন মহিলাৰ দৰে পুষ্টিহীনতাত ভোগা, বয়সতকৈ বৃদ্ধা এগৰাকী তিৰোতা। আমাৰ বন্ধু, আমাৰ গ্ৰুপৰ অধিনায়ক, ঔ কিলৰ সুবাদত আমাৰ ৰক্ষা কৰ্তা হৈমন্তী জনীৰ কোনো চিহ্ন বিচাৰি নাপালোঁ। আমি দুই এটা কথা সুধিলোঁ, উত্তৰ দিলে বিহাৰী ভাষাত। ৰাম খেলোৱানে জনালে যে বিয়াৰ পিছত আৰু কেতিয়াও ফুলবাড়ী নোযোৱা হৈমন্তীয়ে এতিয়া বিহাৰী ভাষাৰ বাহিৰে আন একো বুজি নাপায়। ল’ৰা দুজনৰ হাতত দুশ টকামান দি আমি বিদায় ল’লো। ৰাম খেলোৱানে গেষ্ট হাউছলৈ আগুৱাই দিলে।

আবেলি আমি ফাৰবিছগঞ্জৰ পৰা কাটিহাৰলৈ ৰাওনা হ’লোঁ। স্ক’ৰপিয় গাড়ীখন যেতিয়া গেষ্ট হাউছৰ পৰা ওলাই সেই বস্তিৰ কাষেদি যাব ধৰিলে, যিমান দেৰি লৈকে পাৰি আমি হৈমন্তীৰ ঘৰখনলৈ চাই থাকিলোঁ – কিজানি শৈশৱত হেৰুওৱা সেই হৈমন্তীজনীক ক’ৰবাত দেখা পাওঁ… ঔকিল এটা দাঙি খঙত ক’ব- আচাৰ খিনি খা বুলি কৈছোঁ !!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক