হেয়াৰ কাট: সুস্মিতা দাস

দেউতাই চুলি কটোৱা চেলুনখনত যেতিয়া “বাতি কাট” নতুবা “বয়জ কাট” দি হাতৰ মুঠিত ” স্বাদ” চকলেট লৈ ঘৰ পাওঁ, ওৰেটো বাট ভাবি আহো, কোনটো এংগলৰ পৰা বাৰু মোক ধুনীয়া দেখিছে ? তিনিটা দেওবাৰ ভালে ভালে পাৰ হয়, চতুৰ্থটো দেওবাৰে ৰক্ষা নাই , চুলিখিনি

কটাবই লাগিব | বুজি নাপাওঁ, পৃথিৱীৰ কোনখন সংবিধান নতুবা ধৰ্মগ্ৰন্থত লিখা আছে যে দেউতাই চুলি কটোৱাৰ দিনা পুতেক জীয়েকেও কটোৱাব লাগিব ? অলিখিত নিয়ম, নামানিলে যেন প্ৰলয় আহিব ! অৱশ্যে প্ৰক্ৰিয়াটোৰ কিছূ সুবিধাও নোহোৱা নহয়-

১) মূৰৰ ওকণিৰ সংখ্যা ১০০ৰ পৰা ৫০লৈ হ্ৰাস পায় লগে লগেই আৰু

২) পঢ়া নোৱাৰিলে স্কুলত ছাৰ বাইদেউৱে চুলিত ধৰি টানিব নোৱাৰে |

এইখিনিতে এটা কথা ঠিক যে আমাৰ বয়সৰ প্ৰায় সকলো ছোৱালীয়ে তিনিটা দেওবাৰেহে চুলিখিনি দীঘল কৰাৰ সুযোগ পাইছিল | চতুৰ্থ দেওবাৰে জাল্লাদ নাপিত্টোৱে চুলিখিনিত “ডিজাইন” দিয়ে | আজিকালি প্ৰায়ে মনলৈ আহে, ল’ৰা হোৱা হ’লে পাক্কা “মৰমৰ দেউতা”ৰ বিপুলৰ নিচিনাকৈ নাপিতটোক ময়ো “ডিজাইন” দেখুৱালো হয় |

সি যি কি নহওক, ” মিলিটাৰী টাইপ” ঠগ নোহোৱা চুলি লৈ দুখে বেজাৰে পঞ্চম শ্ৰেণীমান পালো | নানা তৰহৰ সঁচা-মিছা কথা কৈ পাঁচমাহমান চুলিখিনি নকটাকৈ আছিলো | কিমান যে বাহানা ! মনত মৰিলে হাঁহি উঠে | আইজনীয়ে “লেডিচ পাৰ্লাৰ”ত “ব্লাণ্ট কাট ” দিয়ে | কাণৰ তলৰ পৰা কান্ধলৈকে চুলিখিনি গোলকৈ কাটি, সন্মুখৰ চুলিখিনি এটা চকু ঢাক খোৱাকৈ কাটি দিয়ে | সৰু ছোৱালীৰ পপুলাৰ হেয়াৰ কাট | মৰম লাগে |

চুলিখিনি দীঘল কৰিছিলো ” লেডিছ পাৰ্লাৰত” ব্লাণ্ট কাট দিবলৈ | পাৰ্লাৰত হেনো ডাঙৰ ডাঙৰ আইনা থাকে | পিছফালে চুলিখিনি ডাঙৰ আইনাত চাব পাৰি | পাৰ্লাৰত চুলি কটালে হেনো গা নুধুলেও হয় | আইজনীয়ে কয় | মাক কুটুৰি থাকো পাৰ্লাৰলৈ নিবলৈ | নাই, পাত্তা নিদিয়ে | দুখ লাগি যায় | চুলিখিনি দীঘল হৈ পিঠি পাৰ হ’ল | মায়ে দেওবাৰে দিনত ধুই দিয়ে আৰু ৰাতি চেপচেপিয়াকৈ নাৰিকল তেল ঘঁহি দিয়ে | আইজনীয়ে কয়, চুলিত তেল ঘঁহি ৰাতিটো থৈ দি পিছদিনা চেম্পুৰে ধুই দিলে চুলি মিহি আৰু চিকচিকিয়া হয় টিভিত দেখুওৱাৰ দৰে | হ’বও পাৰে | তাই বহুত জানে এইবোৰ কথা, শিকি লৈছে বায়েকৰ পৰা ।

এদিন দেওবাৰে দুপৰীয়া ভাত খাই কিবা এটা পঢ়ি আছিলো | মায়ে আহি ক’লে যে এক্সপাৰ্ট নাপিত এজন আহিছে, তেওঁ হেনো একদম ব্লাণ্ট কাট দিব জানে, পাৰ্লাৰৰ নিচিনা | মই নামানো, মায়ে নেৰে | মই নাছোৰবান্দা পাৰ্লাৰতহে কটাম, মায়ে ফুচুলালে, একদম পাৰ্লাৰ টাইপ কাটি

দিব | ওলাই গ’লো | চকুত অযুত সপোন | মায়ে পাৰি দিয়া পীৰাখনত বহিলো | কেঁচী চলিল | মতা মানুহৰ চুলি কটা নাপিত | গৰুৱে তহিলং কৰা খেতিডৰাৰ দৰে চুলিকোচা কৰি নাপিতটো পলাল | বাওঁফাল চুটি, সোঁফাল দীঘল হৈ ৰ’ল চুলিকোচা | চিঞঁৰি চিঞঁৰি কান্দিলো গোটেই

আবেলিটো | ৰাতি মা-দেউতা কাকো নামাতিলো | ভাতো নাখালো |

পিছদিনা সোমবাৰ | স্কুল যাব ওলালো | দেউতা আহিল কাষলৈ, হাতত কেঁচী লৈ | চুলিখিনি সমান কৰি দিব হেনো | অনুমতি দিলো, উপাই নাই, নহ’লে স্কুল যাব নোৱাৰো, এনেহেন আপচু চেহেৰা লৈ | দেউতাই খাস্তাং কৰিলে চুলিখিনি | দেখিবলৈ কিবা ছাৰ আইজাক নিউটন টাইপ হ’লো দেখিবলৈ | নাপিতে চুটি কৰা চুলিখিনি আৰু চুটি হৈ গ’ল | কান্দি কান্দি স্কুল গ’লো সিদিনা ।

. মঙলবাৰে চুলি কটাব নাপায় | বুধবাৰে মায়ে ওস্তাদি মাৰিব আহিল | কাণৰ বহু ওপৰলৈ কাটি বহু সময়লৈ চেষ্টা কৰিলে ব্লাণ্ট কাট দিবলৈ, কাষেৰেও নগ’ল । আইজনী, বুমণি, পিংকি, ৰূপ্ম, গৌতম চুনু, চুনা, বুলি চবেই হাঁহিলে সিদিনা গধূলি খেলিবলৈ যাওতে, মৰি যাও মৰি যাও ফিলিং আহিছিল সঁচাকৈয়ে ।

শুকুৰবাৰে পিছবেলা মায়ে সকলোৱে মিলি খাস্তাং কৰা চুলিকোচা প্ৰপাৰ হেয়াৰ কাট দিয়াবলৈ পাৰ্লাৰ এখনলৈ লৈ গ’ল | পাৰ্লাৰৰ বাইদেউজনীয়ে আধাঘণ্টামান ডাক্টৰে ৰোগী পৰীক্ষা কৰাৰ দৰে চুলিখিনি চালে | ভাবিলে চাগৈ ক’ৰ পৰা আৰম্ভ কৰো কাটিবলৈ ! শেষত বাতি কাট জাতীয় কিবা এটা কৰি এৰিলে চুলিখিনি | দুখ লাগি গ’ল | আইঔ মোৰ ব্লাণ্ট কৰাৰ হেঁপাহটো ! আজিও অনুভৱ কৰো সেইদিনা বুকুখন বৰ বেয়াকৈ বিষাইছিল । বৰ অসহনীয় আছিল সেই বিষ । প্ৰথম প্ৰেমত পৰি প্ৰেমিকে ৰামঠগন দি গুছি যোৱা টাইপ অসহনীয় দুখ ।

সপ্তম শ্ৰেণীত উঠিহে ধুনীয়া হেয়াৰ কাট এটা লৈছিলো, “ষ্টেপ কাট”, ওখ ছোৱালীক হেনো ভাল দেখি, আইজনীয়ে কৈছিল…. !

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments